নাজিম হিকমতৰ প্ৰতিবাদী সত্তা আৰু কবিতা-(ৰুমা অধিকাৰী)
নাজিম হিকমতৰ জন্ম তুৰস্কৰ ইস্তানবুলত এটি সম্ভ্ৰান্ত পৰিয়ালত ১৯০২ চনৰ ১৫ জানুৱাৰিত হয়। সংগ্ৰাম-মুখৰ এই কবিয়ে কেৱল কবিতাই নহয় , উপন্যাস, নাটক, প্ৰৱন্ধ আদিৰে প্ৰগতিশীল সাহিত্যৰ ভঁৰাল চহকী কৰিছে। বিভিন্ন ভাষালৈ তেওঁৰ ৰচনাৰাজি অনুবাদ হৈছে।
নাজিম হিকমত কেৱল তুৰস্কৰ কবি হৈ থকা নাছিল, তেওঁ সমগ্ৰ সংগ্ৰামী মানুহৰ বুকুৰ আপোন আছিল।
সমাজতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে কৰা সংগ্ৰামত এই বিদ্ৰোহী কবিয়ে আগভাগ লোৱাৰ বাবে চৰকাৰে তেওঁক কেইবাবাৰো জেইললৈ পঠিয়ায়। বছৰৰ হিচাপত মুঠ ছাপন্ন (৫৬) বছৰ তেওঁ কাৰাবাস খাটিছিল।
ৰাছিয়াৰ কবি কনস্তান্তিন ছিমোনভে হিকমতৰ বিষয়ে এনেদৰে মন্তব্য দিছিল, “যদিও তেওঁ তুৰ্কী আছিল কিন্তু আন জাতি-গোষ্ঠীৰ বিষয়ে কেতিয়াও বিৰূপ মতামত দিয়া নাছিল। তেওঁ আছিল এজন প্ৰকৃত কমিউনিষ্ট , সেয়ে অন্য কোনো ভাবাদৰ্শৰ ব্যক্তিৰ লগত কথা-বতৰা হওঁতে কেতিয়াও কটু-বাক্য প্ৰয়োগ কৰা নাছিল, কাৰণ নাজিম হিকমতে বিশ্বাস কৰিছিল যে কমিউনিজমেই শেষ পৰ্যন্ত মানৱজাতিৰ ভৱিষ্যত।”
মুক্ত চিন্তাৰ পাঠকৰ বাবে নাজিম হিকমতৰ কেইটিমান কবিতাৰ অনুবাদ আগবঢ়ালোঁ।
১) বিদায়
বিদায়
……সতীৰ্থ মোৰ
#……….বিদায় !
মই বুকুৰ মাজত,
.….তোমালোকক লগত লৈ ওলালোঁ,
লৈ ওলালোঁ মোৰ অন্তৰৰ অন্তঃস্থলত
………..অন্তৰৰ সংগ্ৰামত।
বিদায়
…………সতীৰ্থ মোৰ
…………বিদায়!
ছবিত অঁকা চৰাইবোৰৰ দৰে
সাগৰৰ পাৰত শাৰী পাতি ৰৈ
…….ৰুমাল জোকাৰি জোকাৰি বিদায় দিবলৈ নাহিবা,
…………মই এয়া নিবিচাৰোঁ।
চুলিৰ আগৰ পৰা ভৰিৰ নখৰ আগলৈকে
মই মোৰ বন্ধুৰ দৃষ্টিৰ পোহৰত নিজকে চাওঁ
.
হে মোৰ সুহৃদ
…….সংগ্ৰামৰ সতীৰ্থ
………..কৰ্মৰ লগৰী মোৰ
………………কমৰেড
…….নিৰৱেই বিদায় জনোৱা মোক
যামিনীয়ে দুৱাৰত ওলোমাব বৃহৎ তলা
সময়ে খিৰিকিত গুঁঠিব জাল
আৰু মই মুক্তকন্ঠে গাম কাৰাগাৰৰ গীত
…………………………….সংগ্ৰামৰ গীত ।
আমি পুনৰ মিলিত হ’ম
…………………বন্ধু মোৰ
হ’বই মিলন আমাৰ
আকৌ একেলগে উদিত সূৰ্যৰ ফালে চাই
হৃদয়ৰ গভীৰৰ পৰা হাঁহিৰ ঝংকাৰ তুলিম
যুঁজ দিম একেলগে
.
হে মোৰ সুহৃদ
…….সংগ্ৰামৰ সতীৰ্থ মোৰ
………………..মোৰ কৰ্মৰ লগৰী
………………… কমৰেড
………………..বিদায়।
২) প্ৰশ্ন হ’ল
সসাগৰা পৃথিৱীৰ সম্পদেও সিহঁতৰ তৃষ্ণা দূৰ কৰিব নোৱাৰে
বিচাৰে আৰু অধিক সম্পদ
সিহঁতৰ এই অগাধ সম্পদৰ বাবে
……… হত্যা কৰা হ’লেও
……………..তুমি মৰিলেও
…………………….একো হীনডেঢ়ি নহয় তাত।
ওঁহো, এই কথা কিন্তু কাহানিওস্বীকাৰ নকৰে সিহঁতে
লঠঙা গছৰডালত ওলমাই দিয়ে
………….ৰঙ-বিৰঙৰ পোহৰৰ মালা
গোকাট মিছা কথাবোৰকে সজাই-পৰাই সিহঁতে আলিবাটত দৌৰায়
নেজবোৰ সিহঁতৰ ৰাংপতাৰেমেৰিওৱা।
সিহঁতে জনতাৰ মাজত নিজৰ ফটাঢোল বজায়
তম্বুৰ ভিতৰত ব্যাঘ্ৰমানৱ , মৎসকন্যা, মুণ্ডহীন মানুহ
বেঙুনীয়া চুটিচুটি পোছাকেৰেৰচীৰ ওপৰেৰে খোজ কাঢ়ে বাজিকৰৰ দলে
সিহঁতৰ মুখত তৰপে তৰপে নানা ৰহণ বোলোৱা
প্ৰশ্ন একেটাই
তুমি প্ৰতাৰিত হ’বা
………….নে, নোহোৱা
যদি তুমি প্ৰতাৰিত নোহোৱা, তুমি জীয়াই থাকিবা ।
যদি তুমি প্ৰতাৰিত হোৱা, মৃত্যু তোমাৰনিশ্চিত।
সিহঁত শত্ৰু
সিহঁত শত্ৰু বাৰ্সাৰ শিপিনি ৰেজেপৰ
শত্ৰু সিহঁত কাৰাবুক কাৰখানাৰ ফিটাৰ শ্ৰমিক হাচানৰ
সিহঁত শত্ৰু দৰিদ্ৰ খেতিয়কৰ জীয়ৰী মাটচেৰ
শত্ৰু সিহঁত চহা ছুলেমানৰ
সিহঁত তোমাৰ শত্ৰু, সিহঁত মোৰো শত্ৰু
সিহঁত প্ৰতিজন প্ৰাজ্ঞ মানুহৰ শত্ৰু
মোৰ দেশৰ মাটিতেই সিহঁতৰ বসবাস
প্ৰিয়ে মোৰ, মোৰ জন্মভূমিৰো শত্ৰু সিহঁতেই।
.
প্ৰিয়তমা মোৰ , সিহঁত আমাৰ আশাৰ
আমাৰ আকাংক্ষাবোৰৰো শত্ৰু
সিহঁত শত্ৰু বোৱঁতী জলধাৰাৰ
ফলৰ ভৰত দোঁখোৱা বৃক্ষৰো শত্ৰু সিহঁত
.
মৃত্যুৱে সিহঁতৰ কপালত তাৰ চিহ্ন আঁকি দিছে
ক্ষয় যোৱা দাঁত আৰু গলিত শৰীৰেৰে
সিহঁতে মাটি ল’ব
পলায়ন কৰিব।
.
চেনেহী মোৰ , তুমি বিশ্বাস ৰাখা যে
এই অপৰূপ দেশত
স্বাধীনতাই মুকলিকৈ বিচৰণ কৰিব,
গৰিমাৰ সাজেৰে
শ্ৰমিকৰ কেঁচা ঘামৰ গোন্ধ লগা পোছাকেৰে
.
খোজ দিব।