বিজ্ঞান-প্ৰযুক্তি

নেনো সাৰ : কৃষিক্ষেত্ৰত নতুন দিগন্ত উন্মোচনৰ সম্ভাৱনা (প্ৰিয়াংশু প্ৰসাদ)

প্ৰাগৈতিহাসিক কালৰে পৰা মানুহৰ সমাজখনৰ বিৱৰ্তনৰ সমান্তৰালভাৱে কৃষি-প্ৰযুক্তি আৰু কৃষি কৌশলৰো বিকাশ হৈ আহিছে। এই প্ৰসংগত আমি এটা সহজ উদাহৰণলৈ লক্ষ্য কৰিব পাৰোঁ। মাটিত সাৰ প্ৰয়োগৰ ইতিবাচক দিশবোৰৰ কথা বহু যুগৰ আগতেই মানুহে অনুধাৱন কৰিছিল তেওঁলোকৰ প্ৰত্যক্ষ অভিজ্ঞতাৰ পৰা। অতীজত মূলতঃ জীৱ-জন্তু আৰু উদ্ভিদেই আছিল তেনে সাৰৰ উৎস। তেওঁলোকে লক্ষ্য কৰিছিল যে মাটিত প্ৰাণী বা উদ্ভিদজাত তেনে সাৰৰ প্ৰয়োগ কৰিলে শস্যৰ বিকাশ আৰু বৰ্দ্ধন, উৎপাদন আৰু ফচলৰ গুণগত মান বহুগুণে বাঢ়ি যায়। কালক্ৰমত তেনে প্ৰাণী বা উদ্ভিদজাত সাৰৰ প্ৰয়োগ পৰম্পৰাগত কৃষি পদ্ধতিৰ এটি অংগাংগী দিশ হৈ পৰিল। এইদৰে সাৰ প্ৰয়োগ কৰাৰ পদ্ধতিটো মানৱ-ইতিহাসৰ সুদীৰ্ঘ কাল ধৰি চলি থাকিল। কিন্তু সময়ৰ লগে লগে—নানান সামজিক কাৰকৰ প্ৰভাৱৰ বাবে—খেতি-পথাৰৰ পৰা অধিক উৎপাদনৰ বাবে হেঁচা পৰিবলৈ ধৰিলে। জনসংখ্যা বৃদ্ধি, পুঁজিবাদৰ বিকাশ, কৃষিভিত্তিক বাণিজ্যৰ বিস্তাৰণ আদি তেনে আৰ্থ-সামাজিক কাৰণৰ উদাহৰণ। তেনে হেঁচাৰ পৰিপ্ৰেক্ষিততেই সংঘটিত হৈছিল সেউজ বিপ্লৱ। সেউজ বিপ্লৱৰ সময়ৰ পৰাই আধুনিক কৃষি পদ্ধতিত ৰাসায়নিক সাৰৰ প্ৰয়োগ অপৰিহাৰ্য পৰিল। কৃষিৰ ক্ষেত্ৰত সেই অভূতপূৰ্ব পৰিৱৰ্তনৰ প্ৰাৰম্ভিক বছৰবোৰত দ্ৰুত যান্ত্ৰিকীকৰণ ঘটিছিল আৰু নতুন প্ৰযুক্তিয়ে শস্যৰ উৎপাদন বৃদ্ধি কৰাত সন্দেহাতীতভাৱে সহায় কৰিছিল। তাৰ ফলত নিঃসন্দেহে কৃষিজাত দ্ৰব্যৰ উৎপাদন বাঢ়িছিল, বেপাৰ-বাণিজ্যৰো প্ৰসাৰ ঘটিছিল, কিন্তু তাৰ লগে লগে কিছুমান ভয়াবহ নেতিবাচক দিশে মানৱ-সমাজত—লগতে আমাৰ গ্ৰহটোৰ সামগ্ৰিক প্ৰাকৃতিক পৰিৱেশতো—ভূমুকি মাৰিবলৈ আৰম্ভ কৰিলে। মাটিৰ পুষ্টিগত গুণৰ দ্ৰুত অৱনমন, শস্যৰ ৰোগ আৰু কীট-পতংগৰ প্ৰতিৰোধ ক্ষমতা হ্ৰাস, আৰু পৰিৱেশ-প্ৰদূষণ আদি হ’ল তাৰ সুস্পষ্ট উদাহৰণ।

এইখিনিতে আমি পৰিস্থিতিটোৰ জটিলতাৰ দিশটোলৈ লক্ষ্য কৰিব পাৰোঁ। এটা গৱেষণালব্ধ পূৰ্বানুমানে দেখুৱাইছে যে ২০৫০ চনলৈ, পৃথিৱীত প্ৰায় ৯৬০ কোটি লোক থাকিব আৰু সেই বিপুল সংখ্যক মানুহক খাদ্য যোগান ধৰিবলৈ উপলব্ধ কৃষিযোগ্য ভূমিৰ ওপৰত পৰা চাপ কল্পনাতীত হৈ পৰিব। কিন্তু সমস্যাটো হৈছে, বৰ্তমানে বিদ্যমান হৈ থকা কৃষি-প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে লাভ কৰিব পৰা কৃষি-উৎপাদনে তাৰ সৰ্বোচ্চ বিন্দু স্পৰ্শ কৰিছে।  সহজ কথাত, কৃষি-উৎপাদন আজি এনে এক পৰ্যায়ত উপনীত হৈছে, যিটো পৰ্যায়ত প্ৰচলিত প্ৰযুক্তিৰ জৰিয়তে আৰু অধিক উৎপাদৰ আশা প্ৰায় অসম্ভৱ হৈ পৰিছে। সেয়েহে, বহনক্ষম কৃষিৰ বাবে উন্নত, নতুন নতুন, অত্যাধুনিক কৃষি-প্ৰযুক্তিৰ উদ্ভাৱন আৰু সেইসমূহৰ ব্যৱহাৰ কৰাটো হৈছে সময়ৰ আহ্বান।

এইটো দিশত—নতুন প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত—নেনো টেকন’লজীয়ে নতুন দিগন্ত উন্মোচন কৰাৰ সম্ভাৱনা কঢ়িয়াই আনিছে। এই নতুন প্ৰযুক্তিৰ এটা দিশ সাৰ প্ৰয়োগৰ দিশতো সম্পৰ্কিত হৈ আছে। নেনো টেকন’লজীৰ জৰিয়তে সাৰ প্ৰয়োগৰ সুবিধা আৰু কাৰ্যকৰিতা বহুত, লগতে আহুকাল যথেষ্ট কম। কৃষিক্ষেত্ৰত নেনো প্ৰযুক্তিৰ প্ৰয়োগ এক আশাব্যঞ্জক পদ্ধতিৰ আগমণ বুলি গণ্য কৰা হৈছে। নেনো প্ৰযুক্তিয়ে পৰম্পৰাগত উৎপাদন প্ৰণালীবোৰক অতি উন্নত কৃষি পদ্ধতিলৈ ৰূপান্তৰিত কৰাৰ সম্ভাৱনা আছে। তাৎপৰ্যপূৰ্ণ কথা, নেনো প্ৰযুক্তিয়ে অধিক দক্ষ পদ্ধতিৰ বিকাশৰ সৈতে সংগতি ৰাখি পৰিৱেশ সংৰক্ষণৰ দিশটোতো গুৰুত্ব আৰোপ কৰে। পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত নেনো সাৰ এক গুৰুত্বপূৰ্ণ বিকাশ হ’ব পাৰে কিয়নো সেইবোৰ পৰম্পৰাগত সাৰৰ তুলনাত কম পৰিমাণত প্ৰয়োগ কৰিব পাৰি।

এইখিনিতে প্ৰশ্ন উঠিব, নেনো টেকন’লজীনো কি? ইয়াৰ উত্তৰত বহুতো জটিল কাৰিকৰী আৰু বৈজ্ঞানিক দিশ সাঙোৰ খাই আছে। তেনেবোৰ জটিলতালৈ নগৈ, আমি ইয়াত থোৰতে মাত্ৰ দুটিমান কথা উনুকিয়াবলৈ চেষ্টা কৰিম। সহজ কথাত, নেনো টেকন’লজী হৈছে পাৰমাণৱিক আৰু আণৱিক স্কেলত পদাৰ্থৰ হেৰফেৰ কৰাৰ অধ্যয়ন। সাধাৰণতে নেনো প্ৰযুক্তিৰ পৃথিৱীখন ১-ৰ পৰা ১০০ নেনোমিটাৰলৈ সীমাৰ মাজত অৱস্থান কৰে। এইটো সীমাৰ ভিতৰত নেনো পদাৰ্থবোৰৰ গাঁঠনি সিহঁতৰ মূল পদাৰ্থবোৰৰ পৰা পৃথক, আৰু সিহঁতৰ ভৌতিক আৰু ৰাসায়নিক গুণাগুণো বেলেগ। এই নেনো টেকন’লজীৰ প্ৰয়োগ কৰিয়েই প্ৰস্তুত কৰা হয় নেনো সাৰ। স্বাভাবিকতেই তেনে নেনো সাৰক নেনোমিটাৰ স্কেলতহে পৰিমাপযোগ্য সামগ্ৰী হিচাপে সংজ্ঞায়িত কৰা হয়।

নেনো সাৰত বিবিধ মেক্ৰো আৰু মাইক্ৰ নিউট্ৰিয়েণ্ট থাকিব পাৰে, যিবোৰ নিয়ন্ত্ৰিত মাত্ৰাত মাটি বা শস্যলৈ যোগান ধৰা যায়। প্ৰস্তুতকৰণৰ প্ৰকাৰ অনুসৰি নেনো সাৰক তিনিটা শ্ৰেণীত শ্ৰেণীবদ্ধ কৰা হৈছে। সেইকেইটা হ’ল:-

১. নেনোস্কেল সাৰ : নেনো পদাৰ্থৰ ৰূপত থকা এইবিধ নেনো সাৰত শস্যৰ পৰিপুষ্টিৰ উপাদান, অৰ্থাৎ বিবিধ পোষক দ্ৰব্য থাকে।

২. নেনোস্কেল এডিটিভ সাৰ : পৰম্পৰাগত সাৰৰ সৈতে পৰিপূৰক নেনো মেটেৰিয়েলৰ সংমিশ্ৰণ ঘটাই এইবিধ নেনো সাৰ প্ৰস্তুত কৰা হয়।

৩. নেনোস্কেল আৱৰণ সাৰ: এইবিধ নেনো সাৰ পৰম্পৰাগত সাৰক নেনো কণাৰে বা নেনো ফিল্মেৰে আবৃত কৰি প্ৰস্তুত কৰা হয়।

ইফকো নেনো ইউৰিয়া (IFFCO Nano Urea) হৈছে ভাৰত চৰকাৰৰ দ্বাৰা এতিয়ালৈকে অনুমোদিত একমাত্ৰ নেনো সাৰ। সাধাৰণভাৱে কোৱা হৈছে যে এবটল নেনো ইউৰিয়া এবস্তা ইউৰিয়াৰ সমকক্ষ। নেনো ইউৰিয়াত ৪.০% নাইট্ৰজেন থাকে (w/v)।

এইখিনিতে কৃষকৰাইজে নিশ্চয় প্ৰশ্ন কৰিব, নেনো ইউৰিয়াৰ প্ৰয়োগ কেনেদৰে কৰিব লাগিব? তেনে ব্যৱহাৰৰ কোনবোৰ আনুষংগিক দিশত গুৰুত্ত্ব প্ৰদান কৰা যুগুত? এই সন্দৰ্ভত অতি চমুকৈ আমি এইকেইটি দিশ উল্লেখ কৰিছোঁ:-

১. এক লিটাৰ পানীত ২-৪ মি:লি: নেনো ইউৰিয়া মিহলি কৰিব লাগে আৰু ইয়াৰ সক্ৰিয় বিকাশ পৰ্যায়ত শস্যৰ পাতত স্প্ৰে কৰিব লাগে।

২. উত্তম ফলাফলৰ বাবে দুবাৰ স্প্ৰে কৰিব লাগে। প্ৰথমটো স্প্ৰে কৰিব লাগে শস্যৰ শাখা-প্ৰশাখা (টিলাৰিং / ব্ৰান্সিং) ওলোৱা সময়ত (গজাৰ ৩০-৩৫ দিন পিছত বা সংৰোপণৰ ২০-২৫ দিন পিছত। দ্বিতীয়টো কৰিব লাগে প্ৰথমটোৰ ২০-২৫ দিন পিছত বা ফুল ফুলিব লোৱাৰ আগে আগে।

৩. পাতত স্প্ৰে কৰাৰ সময়ত উন্নত মানৰ স্প্ৰেয়াৰ ব্যৱহাৰ কৰিব লাগে।

৪. যদি নেনো ইউৰিয়া স্প্ৰে কৰাৰ ১২ ঘণ্টাৰ ভিতৰত ডাঙৰ বৰষুণ হয়, তেনেহ’লে স্প্ৰেৰ পুনৰাবৃত্তি কৰিব লাগে।

৫. মাটিত যোগান ধৰা নাইট্ৰজেনৰ প্ৰথম পালিটো বন্ধ কৰিব নালাগে। পিছৰ পৰ্যায়ত ব্যৱহাৰ কৰা ইউৰিয়া পৰিহাৰ কৰি নেনো ইউৰিয়াৰ ব্যৱহাৰ কৰা উচিত। শস্য, শস্যৰ ম্যাদ আৰু সামগ্ৰিক নাইট্ৰজেনৰ প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰি নেনো ইউৰিয়াৰ স্প্ৰেৰ সংখ্যা বৃদ্ধি বা হ্ৰাস কৰিব লাগে। এইক্ষেত্ৰত কৃষি বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয় কথা।

সামৰণিত ক’ব পাৰি যে নেনো প্ৰযুক্তি ব্যৱহাৰ কৰি সাৰ-সামগ্ৰী উন্নত কৰাৰ জৰিয়তে শক্তি, অৰ্থনীতি আৰু পৰিৱেশৰ ক্ষেত্ৰত সুদূৰপ্ৰসাৰী ইতিবাচক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। তাৰ লগে লগে অৱশ্য আমি মনত ৰাখিব লাগিব যে নেনো প্ৰযুক্তিৰ বিভিন্ন দিশ এতিয়াও গৱেষণাৰ আৱৰ্ততেই আছে, তাৰ সৈতে আছে বহুতো সমাধান কৰিবলগীয়া প্ৰশ্ন। বিশেষজ্ঞৰ মতামত নোলোৱাকৈ নেনো সাৰৰ অবাধ আৰু নিয়ন্ত্ৰণহীনভাৱে ব্যৱহাৰ কৰিলে হিতে বিপৰীত হোৱাৰ আশংকা প্ৰকট হৈ পৰিব বুলিও বহুতেই মত প্ৰকাশ কৰিছে। এইসমূহ দিশ সতৰ্কতাৰে পৰ্যালোচনা কৰা উচিত।

Leave a Reply

Your email address will not be published. Required fields are marked *