নেৰুডাৰ কবিতা (মূল: পাবলো নেৰুডা; অনুবাদ: কিশোৰ কুমাৰ দাস)
১
বয়সৰ মালিতা
বয়সক মই বিশ্বাস নকৰোঁ
সৰু বুঢ়া মানুহবোৰে কঢ়িয়াই ফুৰে দুচকুত
এক শিশু
আৰু শিশুয়ে সময়ত নিৰীক্ষণ কৰে আমাক জ্ঞানৰ প্ৰাচীন চকুৰে
জুখিমনে আমি জীৱনটোক মিটাৰ, কিলোমিটাৰ কিম্বা মাহত?
আহিলোঁ কিমানদূৰ জন্মৰ পৰা?
কিমানদূৰ তুমি ঘূৰি ফুৰিবা
অইনে এই খোলাটোত ঘূৰি ফুৰাৰ সলনি আমি যেতিয়া কবৰত জিৰণি লম?
মুনিহ, তিৰোতা
যিসকলে ব্যৱহাৰ কৰিছে তেওঁলোকৰ শক্তি, ক্ষমতা, খং, ভালপোৱা, মৰম
যিসকলে জীয়াই আছে সঁচাকৈয়ে
আৰু তেওঁলোক বুজিব পৰা ক্ষমতা পৰিপক্ক
সময়ৰ মাপনীৰ নোজোখাই ভাল এইবোৰ
এটি খনিজ
এটি সৌৰ চৰাই, এটি ফুল নাইবা অইন কিবা কিন্তু এটা জোখ-মাখ হ’ব নোৱাৰে
সময়, ধাতু নাইবা চৰাই, দীঘল নেজীয়া চৰাই
মানুহৰ জীৱনটোৰ জড়িত হৈ বৰষাই দিয়ে পুষ্পবৃষ্টিৰে আৰু উজ্বল পানী নাইবা লুপ্ত ৰশ্মিৰে
এতিয়া সময় হ’ল
তোমাক এৰিবলৈ
সাঁচি থলো চন্দুকত
আৰু এতিয়া মই মাছ ধৰিবলৈ যাওঁ
দীঘল বৰশীটোৰে সৈতে
অস্তগামী সময়ৰ মাছ!
২
বিকিৰিত পোহৰৰ মালিতা
গছজোপাৰ তলত পোহৰ পৰিছে
নিগৰিত হৈছে পোহৰ সুউচ্চ স্বৰ্গৰ পৰা
সেউজ জোপোহাটোৰ পৰা বিকিৰিত পোহৰ পাতবোৰত প্ৰতিফলিত হৈছে
আৰু সৰি পৰিছে স্বচ্ছ বালিৰ দৰে
পৰিস্ফুট হৈ উঠিছে এটা ফৰিঙৰ মাত
পৃথিৱীখনেই যেন পানী ভৰ্ত্তি এটা গিলাছ।
৩
প্ৰেম
নাৰী, তোমাৰ সন্তান হৈ পান কৰিব বিচাৰোঁ তোমাৰ বুকুৰ কুঁৱাটোৰ গাখীৰ
চুই চাব বিচাৰোঁ তোমাক
অনুভৱ কৰিব বিচাৰোঁ
আৰু পাবলৈ বিচাৰোঁ নিচেই ওচৰতে
তোমাৰ সোণালী হাঁহি আৰু স্ফটিকীয় মাতটোৰে সৈতে
অনুভৱ কৰিব বিচাৰোঁ তোমাক মোৰ সিৰে সিৰে যিদৰে নদীৰ ঢৌত বৈ থাকে ভগৱা
আৰু ধূলি আৰু চূণশিলাৰে সৃষ্ট দুখ ভৰা হাড়ৰ মাজত হ’লেও আদৰ কৰিব বিচাৰোঁ তোমাক
আৰু চাব বিচাৰোঁ কোনো দুখ নোপোৱাকৈ দুৰাচাৰীসকলৰ মুক্তি পোৱাটো
কেনেকৈ ভাল পাব পাৰোঁ তোমাক
হে নাৰী, কেনেকৈ ভাল পাব পাৰোঁ তোমাক আন কাৰোৰে ভালপোৱাৰ লগত তুলনা কৰিব নোৱাৰাকৈ
মৃত্যু ওচৰত তথাপিও ভাল পাওঁ তোমাক
আৰু বহুত বহুত ভাল পাওঁ তোমাক।
৪
যদি ভগৱান থাকে মোৰ কবিতাত
অ মোৰ কুকুৰটো
যদি ভগৱান থাকে মোৰ কবিতাত
ময়েই ভগৱান
যদি থাকে ভগৱান তোমাৰ দুখভৰা চকুত
তুমিয়েই ভগৱান
আমাৰ এই বিশাল পৃথিৱীখনত আৰু কোনো নাই
যিয়ে মূৰ দোৱাব আমাৰ দুয়োৰে ওচৰত।