কেন্দ্ৰীয় নিবন্ধ

শিক্ষাব্যৱস্থা আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০-( বিশ্বজিৎ বৰা)

পৰাগ দাসে ১৯৯০ চনৰ ৮ আগষ্টত বুধবাৰ পত্ৰিকাত লিখিছিল:

“দীৰ্ঘকালীন যিকোনো সংগ্ৰামৰ ক্ষেত্ৰতে মানৱ সম্পদ উন্নয়নৰ আশাশুধীয়া প্ৰচেষ্টাই সফলতাৰ মূল আধাৰ হিচাপে চিহ্নিত হৈ আহিছে। এপিনে যিদৰে জনগণৰ আকুণ্ঠ সমৰ্থনেই ৰাষ্ট্ৰযন্ত্ৰৰ অসীম শক্তিৰ বিৰুদ্ধে আমাৰ একমাত্ৰ শক্তিৰ আধাৰ, আনপিনে আকৌ প্ৰচলিত ঘূণে ধৰা প্ৰক্ৰিয়া এটাক ওফৰাই নতুন সমাজ এখন গঢ়াৰ ক্ষেত্ৰতো মূল চালিকা শক্তি সৰ্বসাধাৰণ ৰাইজৰ মাজৰ পৰাই অহাটো নিশ্চিত কৰিব লাগিব। আৰু, সেইবাবেই মানৱ সম্পদৰ উন্নয়ন আৰু বিকাশ এনে সংগ্ৰামৰ এক অপৰিহাৰ্য অঙ্গ বুলি স্বীকৃত হৈ আহিছে। প্ৰচলিত শিক্ষা ব্যৱস্থাটোত নিজকে উটি ভাহি যাবলৈ এৰি দি স্থিতাৱস্থাৰ সমৰ্থনকাৰী শ্ৰেণী একোটালৈ পৰ্যবসিত হোৱাটোকে আমি মানৱ সম্পদৰ উন্নয়ন বুলি ক’ব বিচৰা নাই, বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ মাজেৰে লোভনীয় চৰকাৰী চাকৰি পোৱাটোৱেই মানৱ সম্পদৰ উন্নয়নৰ মাপকাঠি বুলিও আমি বিশ্বাস নকৰোঁ। কিন্তু দেশ আৰু সমাজৰ প্ৰয়োজনত মনৰ দিগন্তৰ সম্প্ৰসাৰণ আৰু বুদ্ধি-বৃত্তিৰ বিকাশৰ বাবে যি সুপৰিকল্পিত শিক্ষা আৰু চিন্তা-চৰ্চাৰ পৰিবেশৰ প্ৰয়োজন, সেই পৰিবেশকে আমি লাহে লাহে ধ্বংস কৰি অনাৰ কথাটোৱে যে এক অন্ধকাৰময় ভৱিষ্যতৰহে ইঙ্গিত বহন কৰিছে, নতুন পুৰুষ চামে সেই কথা উপলব্ধি কৰাটো এতিয়া অতিকৈ জৰুৰী হৈ পৰিছে।”

বৰ্তমানৰ নব্যউদাৰবাদী উপভোক্তা সমাজৰ শিক্ষাব্যৱস্থাৰ এক বিশেষ চৰিত্ৰ হৈছে শিক্ষাব্যৱস্থাৰ মানদণ্ড নিম্নকৰণৰ জৰিয়তে সকলো পৰ্যায়তে শিক্ষিতৰ overproduction, অৰ্থাৎ অতি-উৎপাদন কৰা যাতে এক শ্ৰমৰ বৃহৎ reserve army, অৰ্থাৎ অতিৰিক্ত বাহিনীৰ সৃষ্টি হয়। এনে পৰিস্থিতিত কৰ্মসংস্থাপন এক অতি-প্ৰতিযোগিতাত্মক দুষ্প্ৰাপ্য পণ্য হৈ পৰাৰ ফলত কৰ্মসংস্থাপনৰ নিৰাপত্তাহীনতাৰ সৃষ্টি হয় আৰু সকলো শ্ৰেণীৰ শ্ৰমিকৰ মাজত কোনোধৰণৰ solidarity, অৰ্থাৎ একতা গঢ় লৈ উঠাটো প্ৰায় অসম্ভৱ হৈ পৰে। কাচিৎ তেনে একতা গঢ়ি উঠিলেও সি ক্ষণস্থায়ী হয় অথবা সাময়িক বা হ্ৰস্বকালীন লক্ষক লৈহে গঢ়ি উঠে যি সামগ্ৰিক ব্যৱস্থাটোৰ একো হানি কৰিব নোৱাৰে। এই সদাবৰ্ধিত কৰ্মসংস্থাপনৰ নিৰাপত্তাহীনতাৰ ফলত ভুক্তভোগী ব্যক্তিৰ গোটেই ভৱিষ্যত অনিশ্চয়তাৰে ভৰি পৰাৰ লগতে ই তেওঁক এনে শোষণকেন্দ্ৰিক পৰিস্থিতিৰ বিৰুদ্ধে সামূহিকভাৱে এক ৰাজনৈতিক সংগ্ৰাম গঢ়ি তুলিবলৈ বা তেনে এক সংগ্ৰামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈও পদে পদে বাধা দিয়ে। ফলস্বৰূপে শ্ৰমিকৰ শোষণ চৰম হৈ পৰাৰ লগতে শাসন ব্যৱস্থাও বাধাহীনভাৱে চলি থাকে। (এই প্ৰসংগত ১৯৯৭ চনত প্ৰকাশিত পিয়েৰ বৰ্ডিউৰ “Job Insecurity Is Everywhere Now” শীৰ্ষক ৰচনাখন দ্ৰষ্টব্য)।

আমাৰ দেশত অনাগত দুই দশকৰ বাবে দেশৰ শিক্ষাব্যৱস্থাৰ ৰূপৰেখা প্ৰস্তুত কৰিবলৈ অতি চতুৰালিৰে যুগুতোৱা আৰু ক’ভিড-১৯ মহামাৰীয়ে দেশ জুৰুলা কৰি ৰখাৰ সময়তে ৰাষ্ট্ৰীয় কেবিনেটে অনুমোদন জনোৱা নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ হৈছে এই উদ্দেশ্যৰে, অৰ্থাৎ শিক্ষাৰ মানদণ্ড নিম্নকৰণৰ জৰিয়তে শিক্ষিতৰ অতি-উৎপাদন কৰি শাসকশ্ৰেণীৰ কাৰণে শাসন আৰু শোষণ দুয়োটাই নিৰ্বিৰোধে সম্ভৱ কৰি ৰাখিবলৈ যুগুতোৱা এক নীতি। ইয়াক শিক্ষা নীতি বুলি ক’ব নোৱাৰি, কিয়নো ই হৈছে এক ঔদ্যোগিক নীতি, যাৰ জৰিয়তে শিক্ষা এক পণ্য আৰু শিক্ষানুষ্ঠান আনুষ্ঠানিকভাৱে ব্যক্তিগত ঔদ্যোগিক প্ৰতিষ্ঠানত পৰিণত হ’ব। ই হৈছে শিক্ষাব্যৱস্থাৰ ব্যক্তিগতকৰণৰ জৰিয়তে সাৰ্বজনীন শিক্ষাব্যৱস্থাৰ মূৰত শোধোৱা এক মাধমাৰ আৰু ভাৰতৰ দৰে এখন কল্যাণকামী ৰাষ্ট্ৰৰ স্বৰূপ সলনি কৰাৰ প্ৰয়াস। কল্যাণকামী ৰাষ্ট্ৰৰ স্বৰূপ ধ্বংস কৰাৰ ফলত উদ্ভৱ হোৱা নিৰাপত্তাহীনতাকে ruling ideology, অৰ্থাৎ শাসকীয় মতাদৰ্শই আমাক এক নতুনকৈ প্ৰাপ্ত স্বাধীনতাৰ সুবিধা বুলি বেচিবলৈ প্ৰয়াস কৰে। তাৰ সপক্ষে যুক্তিটো হ’ল এনেধৰণৰ: তুমি যে বছৰি বছৰি চাকৰি সলনি কৰিব লাগে, তাক এক দীৰ্ঘম্যাদী আৰু সুৰক্ষিত স্থায়ী চাকৰিৰ বাধ্যবাধকতাৰ পৰা মুক্তি হিচাপে গণ্য নকৰা কিয়, যাৰ ফলত তুমি বাৰে বাৰে নিজকে reinvent, অৰ্থাৎ পুনৰুদ্ভাৱন কৰাৰ সুবিধা লাভ কৰা আৰু তোমাৰ ব্যক্তিসত্তাৰ সুপ্ত প্ৰতিভা বিকশিত কৰিব পাৰা?

আমি ইতিমধ্যেই দেখিছো যে সাম্প্ৰতিক পুঁজিবাদী ব্যৱস্থাটোত শিক্ষাৰ উদ্দেশ্য কিদৰে জ্ঞান অৰ্জনৰ পৰিৱৰ্তে দক্ষতাৰ বিকাশ, অৰ্থাৎ শিক্ষাক দক্ষতা-ভিত্তিক কৰি তুলি শিক্ষানুষ্ঠানবোৰক ৰাজনৈতিকভাৱে চিন্তা কৰিবলৈ অসমৰ্থ বা সামাজিক-ৰাজনৈতিক বুজন-বিহীন যন্ত্ৰমানৱ উৎপাদন কৰা কাৰখানাত পৰিণত কৰিবলৈ ব্যাপক প্ৰয়াস চলাই থকা হৈছে। ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০-ৰ নিম্নোক্ত বাক্যশাৰীতে এই শিক্ষা নীতিৰ আঁৰৰ মূল উদ্দেশ্য লুকাই আছে: “A holistic and multidisciplinary education, as described so beautifully in India’s past, is indeed what is needed for the education of India to lead the country into the 21st century and the fourth industrial revolution” (১১.৪, পৃষ্ঠা ৩৭)। অৰ্থাৎ একবিংশ শতিকাত চতুৰ্থ ঔদ্যোগিক বিপ্লৱৰ দিশে ভাৰতক আগবঢ়াই লৈ যোৱাৰ উদ্দেশ্যে এই নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি যুগুতোৱা হৈছে। উল্লেখযোগ্য যে ‘চতুৰ্থ ঔদ্যোগিক বিপ্লৱ’, এই খণ্ডবাক্যৰ জনক হৈছে World Economic Forum বা বিশ্ব অৰ্থনৈতিক মঞ্চৰ প্ৰতিষ্ঠাপক ক্লাউছ শ্বোৱাব। সেয়ে চতুৰ্থ ঔদ্যোগিক বিপ্লৱৰ দিশে ভাৰতক আগবঢ়াই লৈ যাবলৈ যুগুতোৱা ৰাষ্ট্ৰীয় শিক্ষা নীতি পৰিচালিত হ’ব বৃহৎ পুঁজিপতি গোষ্ঠীৰ স্বাৰ্থত। পুঁজিবাদী শাসন-শোষণ ব্যৱস্থাটো নিৰ্বিৰোধে চলি থাকিবলৈ সামাজিক-ৰাজনৈতিকভাৱে চিন্তা কৰিব পৰা শ্ৰমিক বা নাগৰিক নালাগে, লাগে শাসক-শোষকপক্ষক প্ৰশ্ন কৰিবলৈ অসমৰ্থ অথচ দক্ষ যন্ত্ৰমানৱ-সদৃশ শ্ৰমিকহে। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ একমাত্ৰ লক্ষ্যই হৈছে এনে শ্ৰমিকৰ অতি-উৎপাদন। অৱশ্যে এক দশকতকৈও অধিক আগতেই উচ্চ শিক্ষাৰ ষান্মাসিককৰণৰ জৰিয়তে ফাষ্ট ফুড-সদৃশ ফাষ্ট এডুকেশ্যন আনুষ্ঠানিকভাৱে বিলি কৰাৰ পথ মুকলি কৰি আৰু শিক্ষাৰ্থীৰ বৌদ্ধিক, সাংস্কৃতিক আৰু আনুভূতিক অন্বেষণ, আত্ম-আৱিষ্কাৰ আৰু বিকাশৰ ক্ষেত্ৰত হেঙাৰৰ সৃষ্টি কৰি এই অনুশীলন ইতিমধ্যেই আৰম্ভ কৰা হৈছে।

শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ ‘আত্ম-নিৰ্ভৰ’ ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ human capital, অৰ্থাৎ মানৱ পুঁজিয়ে যিকোনো মূল্যৰ বিনিময়ত নিজকে অনবৰতে upgrade, অৰ্থাৎ বজাৰৰ চাহিদা অনুযায়ী বিকশিত কৰি থাকিব লাগিব। নব্যউদাৰবাদী মুক্ত বজাৰৰ ৰূঢ় প্ৰতিযোগিতাত টিকি থাকিবলৈ শ্ৰমিকে পূৰ্বে আহৰিত দক্ষতাৰ বিকল্প (substitute) বা পৰিপূৰক (supplement) হিচাপে সময়ে সময়ে নতুন দক্ষতা আহৰণ কৰি থাকিব লাগিব। সেয়েহে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ উদ্দেশ্যই হৈছে মানৱ পুঁজিৰ দক্ষতা বিকাশ। আনহাতে, যিহেতু কৰ্মৰত শ্ৰমিকৰ কাৰণে মহাবিদ্যালয়-বিশ্ববিদ্যালয়ত শাৰীৰিকভাৱে উপস্থিত থাকি শ্ৰেণীকোঠাত শিক্ষাগ্ৰহণ কৰা অসম্ভৱ, সেয়ে ‘ডিজিটেল ইণ্ডিয়া’-ৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত অনলাইন শিক্ষাৰ ওপৰতো সমানেই গুৰুত্ব দিয়া হৈছে। কিন্তু অনলাইন শিক্ষাৰ কাৰণে প্ৰয়োজনীয় technological capital, অৰ্থাৎ প্ৰযুক্তিগত পুঁজি (পৰিকলন যন্ত্ৰ, স্মাৰ্টফোন, ইণ্টাৰনেট সংযোগ, ইত্যাদি) দেশৰ প্ৰত্যেক শিক্ষাৰ্থীয়ে কিদৰে যোগাৰ কৰিব সেই সন্দৰ্ভত এই শিক্ষা নীতি নীৰৱ।

ৰাজহুৱা শিক্ষাব্যৱস্থাৰ ভিত্তি হৈছে আমাৰ সমাজব্যৱস্থাত বৰ্তমানেও বিদ্যমান এক ঐতিহাসিক দোষৰ শুধৰণিৰ প্ৰয়াস। এই ঐতিহাসিক দোষৰ কাৰণেই আজিও সমাজৰ গৰিষ্ঠসংখ্যক লোকেই unprivileged, underprivileged, আৰু dispossessed, অৰ্থাৎ সুবিধা-বঞ্চিত, স্বল্পসুবিধাপ্ৰাপ্ত, আৰু অধিকাৰচ্যুত। এই ঐতিহাসিক দোষৰ কাৰণেই ৰাজহুৱা শিক্ষাব্যৱস্থাৰ জৰিয়তে সমাজৰ প্ৰত্যেকৰে বাবেই উচ্চ মানসম্পন্ন শিক্ষাৰ সুলভ ব্যৱস্থা কৰাটো ৰাষ্ট্ৰৰ দায়িত্ব যাতে সমাজৰ সুবিধা-বঞ্চিত, স্বল্পসুবিধাপ্ৰাপ্ত, আৰু অধিকাৰচ্যুতসকলে privileged, অৰ্থাৎ সুবিধাভোগীসকলৰ সমানেই সমমানৰ শিক্ষা লাভ কৰে। এই দায়িত্ব নাগৰিকৰ ব্যক্তিগত নহয়। অনলাইন শিক্ষা আৰু ব্যক্তিগতকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে ‘বিশ্বগুৰু’ ভাৰত ৰাষ্ট্ৰই কেৱল এই গুৰুদায়িত্বৰ পৰা গা এৰা দিয়াই নহয়, আওপকীয়াকৈ এই ঐতিহাসিক দোষক বৈধ বুলিহে প্ৰমাণিত কৰিব খুজিছে।

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ হৈছে ৰাজহুৱা শিক্ষানুষ্ঠান, বিশেষকৈ চৰকাৰী মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ ধাৰণাটোৰ ওপৰতে এক দীৰ্ঘ-পৰিকল্পিত পোনপটীয়া আক্ৰমণ। সাৰ্বজনীন শিক্ষাব্যৱস্থাক নব্যউদাৰবাদী শিক্ষাব্যৱস্থালৈ ৰূপান্তৰ কৰাৰ ভিন ভিন পদ্ধতিবোৰ – বাজেট বা চৰকাৰী নিধি কৰ্তন কৰি শিক্ষানুষ্ঠানবোৰক লাভাৰ্জন-কেন্দ্ৰিক প্ৰতিষ্ঠানত পৰিণত হ’বলৈ বাধ্য কৰা; কৰ্মসংস্থাপনৰ নিৰাপত্তাবিহীন অস্থায়ী সাময়িক বা অংশকালীন আৰু ঠিকাভিত্তিক বা তদৰ্থ চাকৰিৰ বৰ্ধিত হাৰ; পাঠ্যসূচী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত শিক্ষক-অধ্যাপকৰ ক্ষমতা হ্ৰাস বা কৰ্তন কৰা; শিক্ষক-শ্ৰমিকৰ ওপৰত প্ৰশাসনিক আৰু পেশাগত বোজা বঢ়াই দিয়া যি পোনপটীয়াকৈ বা আওপকীয়াকৈ বৌদ্ধিক বিকাশৰ লগতে ব্যক্তি-স্বাধীনতাৰ পৰিপন্থী; শিক্ষাগ্ৰহণ আৰু শিক্ষাদান দুয়োক্ষেত্ৰতে ব্যাঘাত জন্মোৱা অসমানুপাতিকভাৱে বৃহৎ শ্ৰেণীবোৰ; শাসক-শোষকগোষ্ঠীৰ স্বাৰ্থ উদঙাই দিব পৰা বা তেনে সম্ভাৱনা বহন কৰা কিছুমান বিশেষ পাঠ্যক্ৰম বা পাঠ আঁতৰাই দিয়া, ইত্যাদি – কাৰ্যৰূপায়ণ কৰাৰ প্ৰক্ৰিয়া বিগত দশকৰ আৰম্ভণিৰ পৰাই যুদ্ধং দেহি মনোভংগীৰে ব্যাপকভাৱে আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে ইয়াকে সুনিশ্চিত কৰা হৈছে যে আগন্তুক সময়ত দেশৰ ৰাজহুৱা শিক্ষাব্যৱস্থাৰ নাকী যাতে কেৱল পুঁজিপতি গোষ্ঠীয়ে ধৰি থাকিব পাৰে।

তদুপৰি, নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আওতাত শিক্ষাখণ্ডৰ লগত জড়িত বিভিন্ন মন্ত্ৰণালয়, যেনে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা মহিলা আৰু শিশু বিকাশ বা বিত্ত মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী, বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী, নীতি আয়োগৰ উপাধ্যক্ষকে ধৰি চৰকাৰে উচিত বিবেচনা কৰা অন্যান্য জ্যেষ্ঠ আমোলা-প্ৰশাসকক লৈ দেশৰ প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত ২০–৩০ গৰাকী সদস্যৰে ৰাষ্ট্ৰীয় শিক্ষা আয়োগ (RSA) নামৰ এক সৰ্বোচ্চ সংস্থা গঠিত হ’ব। আনহাতে ৰাষ্ট্ৰীয় শিক্ষা আয়োগ নিযুক্তি সমিতি (RSAAC)-ত থাকিব প্ৰধানমন্ত্ৰী, দেশৰ মুখ্য ন্যায়াধীশ, লোকসভাৰ অধ্যক্ষ, সংসদৰ বিৰোধী পক্ষৰ নেতা আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী। ইয়াত শিক্ষাব্যৱস্থাৰ মূল অংশীদাৰসকলৰ কোনো প্ৰত্যক্ষ ভূমিকা নাথাকে। ইয়াৰ জৰিয়তে শৈক্ষিক ব্যৱস্থাটোৰ আমূল পৰিৱৰ্তন ঘটাই গোটেই ব্যৱস্থাটোকে পোনপটীয়াকৈ ৰাজনীতিবিদ, আমোলা-প্ৰশাসকৰ অধীনলৈ অনা হ’ব, যি পুঁজিপতি গোষ্ঠীৰ স্বাৰ্থতে শিক্ষাখণ্ডক ব্যৱহাৰ কৰিব। এই ব্যৱস্থাৰ আঁৰৰ উদ্দেশ্য হৈছে মতাদৰ্শগতভাৱে শাসনাধিষ্ঠিত ৰাজনৈতিক দলৰ স্বাৰ্থ অনুসৰি শিক্ষাব্যৱস্থা পৰিচালিত কৰা।

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০-ত ২০০৯ চনৰ শিক্ষাৰ অধিকাৰ আইনৰ আওতাত উচ্চতৰ মাধ্যমিক (১৫-ৰ পৰা ১৮ বছৰ) পৰ্যন্ত বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাক এক অধিকাৰ হিচাপে বিবেচনা কৰাৰ বিষয়েও কোনো উল্লেখ নাই। উল্লেখনীয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ পূৰ্বৰ খচৰাবোৰত এই উদ্দেশ্যৰে ২০০৯ চনৰ শিক্ষাৰ অধিকাৰ আইনখন পৰ্যালোচনা কৰি সংশোধন কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল। কিন্তু শেষত কেবিনেটত গৃহীত ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০-ৰ পৰা এই প্ৰস্তাৱ বাদ দিয়া হয়।

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০-ৰ আওতাত শিক্ষাখণ্ডৰ ব্যক্তিগতকৰণৰ সবাতোকৈ বিৰূপ প্ৰভাৱ পৰিব মহাবিদ্যালয়-বিশ্ববিদ্যালয় পৰ্যায়ৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত। অদূৰ ভৱিষ্যতে এনে এক পৰিস্থিতিৰ সৃষ্টি হ’বগৈ যে উচ্চ শিক্ষা কেৱল ধনী শ্ৰেণীৰ privilege, অৰ্থাৎ বিশেষাধিকাৰ হৈ পৰিব।

অৱশ্যে বৰ্তমানেও আমাৰ শিক্ষাব্যৱস্থা ঘাইকৈ সমাজত বিদ্যমান অসমতা-বৈষম্যৰ পুনৰুৎপাদন অব্যাহত ৰখাৰ উদ্দেশ্যৰেই পৰিকল্পিত। অসমান বা বিষমমাত্ৰিক সমাজব্যৱস্থাৰ পুনৰুৎপাদনত উচ্চ শিক্ষাৰ প্ৰত্যক্ষ ভূমিকা আছে। শিক্ষাখণ্ডত নিপীড়িত আৰু পিছপৰা শ্ৰেণীৰ কাৰণে সংৰক্ষণৰ ব্যৱস্থা থকা সত্ত্বেও সুবিধা-বঞ্চিত আৰু স্বল্পসুবিধাপ্ৰাপ্তসকল বিশ্ববিদ্যালয় ব্যৱস্থাৰ পৰা প্ৰায় সম্পূৰ্ণৰূপেই বাহিৰত বা এই ব্যৱস্থাৰ দ্বাৰা প্ৰায় সদায়েই উপেক্ষিত যাৰ কাৰণ বুজিবলৈ তেওঁলোক অসমৰ্থ; আৰু তেওঁলোকৰ এই অসমৰ্থতা হৈছে তেওঁলোকক বাহিৰত ৰখা বা উপেক্ষা কৰা এই বিশ্ববিদ্যালয় ব্যৱস্থাৰে এক কাঠামোগত পৰিণাম। সেয়ে তেওঁলোকৰ কাৰণে সামাজিক আৰু সাংস্কৃতিক পুঁজি সঞ্চয়নৰ জৰিয়তে সুবিধাভোগীসকলৰ সমকক্ষ হৈ উঠাটো অসম্ভৱ। শৈক্ষিক ব্যৱস্থাটোৰ এনে কাঠামোগত সামাজিক অসমতা-বৈষম্য দূৰ কৰিবলৈ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত কোনো আঁচনি বা পৰিকল্পনা নাই। বৰং এই নীতি হৈছে সুবিধা-বঞ্চিত আৰু অধিকাৰচ্যুতসকলৰ সামাজিক-সাংস্কৃতিক হীনমন্যতাক বৈধ কৰাৰহে এক সুচতুৰ প্ৰয়াস।

পুঁজিবাদী ব্যৱস্থাত আনুষ্ঠানিক শিক্ষাব্যৱস্থা কেতিয়াও শ্ৰম-বজাৰৰ প্ৰভাৱৰ পৰা মুক্ত হ’ব নোৱাৰে। এনে শিক্ষাব্যৱস্থা সদায়ে বজাৰ-কেন্দ্ৰিক হ’বলৈ বাধ্য য’ত শিক্ষাও এক পণ্য মাথোন। সময় সাপেক্ষে শ্ৰম-বজাৰৰ চাহিদা অনুসৰি education-factory, অৰ্থাৎ শিক্ষা-কাৰখানাত বিশ্ববিদ্যালয় পৰ্যন্ত বিভিন্ন পৰ্যায়ত বিভিন্ন দক্ষতা-সম্পন্ন শ্ৰমিক উৎপাদন কৰা হয়। এই কাৰখানাত শিক্ষাৰ্থী আৰু শিক্ষাদাতাকে ধৰি বিভিন্ন ক্ষেত্ৰত বিভিন্ন ব্যক্তি স্থায়ী আৰু অস্থায়ী শ্ৰমিক হিচাপে কৰ্মৰত। এই কাৰখানাৰ পৰা দুই ধৰণৰ পণ্য উৎপাদিত হয়: ১) জ্ঞান, যি বিদ্যায়তনিক আলোচনাচক্ৰ-সভা-সমিতি আৰু কিতাপ, গৱেষণা পত্ৰকে আদি কৰি বিভিন্ন ধৰণৰ প্ৰকাশনৰ জৰিয়তে বেচা হয়; আৰু ২) শ্ৰমিক, যি শিক্ষানুষ্ঠানৰ পৰা ওলাই শ্ৰম-বজাৰৰ যিকোনো খণ্ডত নিজৰ শ্ৰম বেচিবলৈ বাধ্য হয়। শিক্ষালাভৰ পৰ্যায় আৰু অৰ্হতাৰ ভিত্তিত শ্ৰম-বজাৰত এনে শ্ৰমিকৰ স্থিতি নিৰ্ধাৰিত হয়। ইয়েই হৈছে আনুষ্ঠানিক শিক্ষাব্যৱস্থাৰ ভৌতিক পৰিণাম। এইক্ষেত্ৰত শিক্ষাৰ আন এক গুৰুত্বপূৰ্ণ চৰিত্ৰও উন্মোচিত হয়: এহাতে যদি শিক্ষা হৈছে এনে এক কৰ্ম যি আৰম্ভণিৰে পৰা শেষলৈকে শিক্ষাৰ্থীৰ ওপৰত জাপি দিয়া হয়, আনহাতে শিক্ষা নিজেই এনে এক পণ্য যি উপভোগ কৰি শিক্ষাৰ্থীয়ে শ্ৰম-বজাৰত নিজৰ স্থিতি দখল কৰিব পাৰে। এইদৰেই শিক্ষা-কাৰখানা education-shop, অৰ্থাৎ শিক্ষা-দোকানো হৈ পৰে। এনে শিক্ষাব্যৱস্থাত শিক্ষাৰ্থী কেৱল পৰিক্ষাৰ্থী হৈ পৰাৰ লগতে শিক্ষক-অধ্যাপক হৈ পৰে আলোচনাচক্ৰ আৰু কিতাপ বা গৱেষণা পত্ৰ প্ৰকাশনৰ লগতে পদোন্নতিৰ পাছত দৌৰা যন্ত্ৰবৎ শিক্ষাকৰ্মী। এনে পৰিস্থিতিত শিক্ষাৰ কি স্থিতি হ’ব পাৰে সেয়া সহজেই অনুমেয়।

শেষ অৰ্থত আনুষ্ঠানিক শিক্ষাব্যৱস্থা হৈছে এক ideological state apparatus, অৰ্থাৎ মতাদৰ্শগত ৰাষ্ট্ৰযন্ত্ৰ। এইক্ষেত্ৰত ৰাজহুৱা বা ব্যক্তিগতৰ মাজৰ পাৰ্থক্য অপ্ৰাসংগিক, কিয়নো ই হৈছে বুৰ্জোৱা আইনৰ আভ্যন্তৰীণ এক প্ৰভেদসূচক বৈশিষ্ট্যহে যি বুৰ্জোৱা আইনৰ কৰ্তৃত্ব থকা ক্ষেত্ৰবোৰতহে বৈধ। মতাদৰ্শগত ৰাষ্ট্ৰযন্ত্ৰই মূলতঃ মতাদৰ্শৰ জৰিয়তে ‘কাম’ কৰে, যেতিয়ালৈকে সেই মতাদৰ্শ পোনপটীয়াকৈ বা আওপকীয়াকৈ বা বিভিন্ন অন্তৰ্বিৰোধ সত্ত্বেও শাসকীয় মতাদৰ্শ, অৰ্থাৎ শাসকশ্ৰেণীৰ মতাদৰ্শৰ অধীনত থাকে। শিক্ষাই হৈছে পুঁজিবাদী ব্যৱস্থাৰ সবাতোকৈ প্ৰভাৱশালী মতাদৰ্শগত ৰাষ্ট্ৰযন্ত্ৰ। শিক্ষাৰ জৰিয়তেই পুঁজিবাদী ব্যৱস্থাই প্ৰাক-প্ৰাথমিক পৰ্যায়ৰ পৰাই (ঘৰত আৰু শিক্ষানুষ্ঠানত) বিভিন্ন ধৰণে শাসকীয় মতাদৰ্শৰ বীজ সিঁচি পৰ্যায়ক্ৰমে উৎপাদনৰ সম্পৰ্কবোৰৰ পুনৰুৎপাদন অব্যাহত ৰাখি শ্ৰেণী-বিভক্ত সমাজ ব্যৱস্থাৰ ধাৰাবাহিক পুনৰুৎপাদন নিশ্চিত কৰে। কিন্তু, সাধাৰণতে শিক্ষাক যিহেতু মতাদৰ্শ-বহিৰ্ভূত এক নিৰপেক্ষ ব্যৱস্থা বুলি গণ্য কৰা হয়, সেয়ে সাধাৰণ দৃষ্টিত ই সহজে ধৰা নপৰে (এই প্ৰসংগত ১৯৭০ চনত প্ৰকাশিত লুই এলথুজাৰৰ “Ideology and Ideological State Apparatuses”–শীৰ্ষক ৰচনাখন দ্ৰষ্টব্য)।

আনহাতে শিক্ষাই হৈছে শাসকীয় মতাদৰ্শৰ বিৰুদ্ধে যুঁজাৰো এক অন্যতম প্ৰভাৱশালী অস্ত্ৰ। শিক্ষাৰ জৰিয়তেই শাসকীয় মতাদৰ্শৰ কূট-কৌশল বুজি পোৱাৰ সুবিধা লাভ কৰিব পাৰি, মতাদৰ্শৰ দুৰ্বোধ্যতা দূৰ কৰি আৰু বিশ্বাসৰ ৰহস্য ভেদ কৰি শোষণ-দমনমূলক শাসকীয় মতাদৰ্শৰ বিৰুদ্ধে এক সামূহিক অৱস্থান গ্ৰহণ কৰিব পাৰি। শাসক-শোষকপক্ষৰ দৃষ্টিত ইয়েই হৈছে প্ৰচলিত শিক্ষাব্যৱস্থাৰ ‘দুৰ্বলতা’। সেয়েহে শাসকীয় মতাদৰ্শৰ বিৰুদ্ধে থিয় দিবলৈ যি সামান্যতম space বা সুবিধা শিক্ষাৰ জৰিয়তে লাভ কৰাৰ ব্যৱস্থা আছিল, সেয়াও ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০-ৰ জৰিয়তে আনুষ্ঠানিকভাৱে নিঃশেষ কৰি পেলোৱাৰ ব্যৱস্থা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *