নিবন্ধবিজ্ঞান-প্ৰযুক্তি

বিজ্ঞানৰ সোণালী ইতিহাস: শতবৰ্ষত নিল্‌চ ব’ৰৰ পৰমাণু আৰ্হি — (ড° পৱন কুমাৰ চহৰীয়া)

তাৰকাখচিত ৰাতিৰ আকাশৰ বিশালতাই অনাদি কালৰে পৰা মানুহৰ মন যেনেকৈ বিস্ময়াভিভূত কৰি আহিছে ঠিক একেদৰেই ক্ষুদ্ৰাতিক্ষুদ্ৰৰ কল্পনাইও মানুহক নানা প্ৰশ্নৰে জোকাৰি আহিছে। আমি কিহেৰে গঠিত, পদাৰ্থ ভাঙি গৈ থাকিলে অৱশেষত কি পোৱা যাব, সেই অৱশেষৰ ধৰ্ম আৰু আচৰণ কেনেকুৱা, এইবোৰ মানুহৰ মনত উদয় হোৱা চিৰন্তন প্ৰশ্ন। এই প্ৰশ্নৰ উত্তৰ বিচাৰোতে বিচাৰোতে মানুহে আৱিস্কাৰ কৰিলে পৰমাণু, পৰমাণুগৰ্ভ, প্ৰট’ন, নিউট্ৰন, ইলেক্ট্ৰন, কোৱাৰ্ক আদি কৰি এটাৰ পাছত এটাকৈ পদাৰ্থৰ বিভিন্ন স্তৰ। বিজ্ঞানৰ প্ৰতি অলপ হ’লেও আকৰ্ষণ থকা প্ৰত্যেক মানুহৰে আজি এইবোৰ চিনাকি শব্দ। পদাৰ্থৰ পাৰমাণবিক গঠন সম্পৰ্কে মানুহে আহৰণ কৰা জ্ঞান যিসকল বিজ্ঞানীৰ হাতত ঠন ধৰি উঠিছিল তাৰ ভিতৰত অন্যতম আছিল ডানিচ পদাৰ্থবিদ নিল্‌চ ব’ৰ (জন্ম:১৮৮৫-মৃত্যু:১৯৬২)। আজিৰ পৰা এশ বছৰ আগতে ১৯১৩ চনত নিল্‌চ ব’ৰে এক বিপ্লৱী ধাৰণাৰে পৰমাণু গঠনৰ যি আৰ্হি দাঙি ধৰিছিল আজি এশ বছৰ পাছতো পাৰমাণৱিক গঠন অধ্যয়নত সেইটোৱেই আমাৰ মূল ভেটি হৈ আছে, যদিওবা তাত বহুতো সংশোধনী কৰিব লগা হৈছে। সেই বিপ্লৱৰ শতবৰ্ষত আজি সকলোৱে সেই মহান বিজ্ঞানীগৰাকীক আৰু তেওঁৰ অৱদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে।
পৰমাণু বা এটমৰ ধাৰণা দুহাজাৰ বছৰতকৈও অধিক পুৰণি। খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতাব্দীতে ভাৰতীয় ঋষি কনদ মুনিয়ে পদাৰ্থৰ গঠনত এটম বা পৰমাণুৰ ধাৰণাৰ অৱতাৰণা কৰিছিল। খ্ৰীষ্টপূৰ্ব তৃতীয়-চতুৰ্থ শতিকাত গ্ৰীক দাৰ্শনিক ডেমক্ৰিটাছ আৰু তেওঁৰ গুৰু লিউচিপ্পাচেও পৰমাণু বা এটমৰ ধাৰণা দিছিল। কিন্তু ইয়াৰ পাচত প্ৰায় দুহাজাৰ বছৰ ধৰি এই ধাৰণা সুপ্ত হৈ থাকিল। পশ্চিমীয়া জগতৰ চিন্তাধাৰাত প্লেটো আৰু এৰিষ্টটলৰ প্ৰভাৱ ডেমক্ৰিটাছৰ ধাৰণা প্ৰচাৰ নোহোৱাৰ এটা প্ৰধান কাৰণ আছিল।
ডেমক্ৰিটাছ-লিউচিপ্পাচে আগবঢ়োৱা পৰমাণুৰ ধাৰণাত ঈশ্বৰৰ কোনো স্থান নাছিল কাৰণে প্লেটো আৰু এৰিষ্ট’টলে তাক সমৰ্থন কৰা নাছিল। তদুপৰি এই ধাৰণা কেৱল দাৰ্শনিক চিন্তাৰ পৰা উদ্ভূত আছিল, ইয়াত পৰীক্ষা-নিৰীক্ষা আৰু গণিতৰ স্থান নাছিল। প্ৰায় দুহাজাৰ বছৰ পাছত উনৈছ শতিকাৰ আৰম্ভণিতে ১৮০৩ চনত ইংৰাজ ৰসায়নবিদ ডেল্টনে প্ৰথম বৈজ্ঞানিক পদ্ধতিৰে পদাৰ্থৰ পৰমাণু তত্ব আগবঢ়ায়। ডেল্টনৰ মতে সকলো পদাৰ্থৰ শেষ গঠন হৈছে পৰমাণু, বেলেগ বেলেগ মৌলৰ পৰমাণু বেলেগ বেলেগ আৰু পৰমাণু অবিভাজ্য। ডেল্টনৰ অবিভাজ্য পৰমাণুৱে প্ৰায় এশবছৰ ৰাজত্ব কৰিলে। ১৮৯৭ চনত আন এজন ইংৰাজ পদাৰ্থবিদ জে জে থমচনে ইলেক্ট্ৰন আৱিস্কাৰ কৰি স্পষ্টকৈ প্ৰমাণ কৰিলে যে পৰমাণু অবিভাজ্য নহয়, ইলেক্ট্ৰন নামৰ এক আধানযুক্ত ক্ষুদ্ৰ কণিকা ইয়াৰ অংশবিশেষ।গতিকে ইলেক্ট্ৰনক পৰমাণুৰ অংশ কৰিবলৈ এটা নতুন আৰ্হিৰ প্ৰয়োজন হ’ল আৰু থমচনে এই নতুন আৰ্হিৰ এক প্ৰস্তাৱ আগবঢ়ালে। থমচনে গোটেই পৰমাণুটো প্লাম আৰু পুডিঙৰ লগত ৰিজালে। পৰমাণুটো যেনিবা পুডিং আৰু সেই পুডিঙত প্লাম খোচ খাই থকাৰ দৰে ইলেক্ট্ৰনবোৰ তাত খোচ খাই থাকে। থমচনে নাম দিলে ইয়াৰ প্লাম-পুডিং মডেল। অসমীয়াত আমি ইয়াক পায়স-খিচমিচ মডেল বুলিও ক’ব পাৰোঁ, পায়সখিনি যেনিবা পৰমাণুৰ মূল অংশ আৰু খিচমিচবোৰ হ’ল ইলেক্ট্ৰন। কিন্তু যিমানেই আকৰ্ষণীয় নহওক কিয় কোনো আৰ্হিকেই পৰীক্ষাগাৰত প্ৰমাণ নোহোৱালৈকে সঁচা বুলি গ্ৰহণ কৰিব নোৱাৰি।
উনৈছ শতিকাৰ শেষভাগ আৰু কুৰি শতিকাৰ আৰম্ভণিতে ইংলেণ্ডত বিজ্ঞান অধ্যয়নৰ যি এক প্ৰতিযোগিতামূলক পৰিৱেশ বিৰাজ কৰিছিল সেই পৰিৱেশত থমচনৰ মডেল পৰীক্ষা দ্বাৰা ভুল বুলি প্ৰমাণ হ’বলৈ বেছি দিন নালাগিল। মানচেষ্টাৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক লৰ্ড ৰাডাৰফৰ্ড আৰু তেওঁৰ সহযোগী ছাত্ৰ মাৰ্চডেন আৰু গেইগাৰে অতি পাতল সোণৰ পাতৰ ওপৰত খুব শক্তিশালী আলফা কণিকা (দুই ধনাত্মক আধানযুক্ত আৰু হাইড্ৰ’জেনতকৈ চাৰিগুণ গধূৰ হিলিয়ামৰ পৰমাণুগৰ্ভ )ৰ ৰশ্মিৰে আঘাত কৰি দেখিলে যে তেওঁলোকৰ পৰীক্ষাৰ ফলাফলে থমচনৰ আৰ্হিক কোনোমতেই সমৰ্থন নকৰে। থমচনৰ আৰ্হি সঁচা হ’লে সকলোবিলাক আলফা কণিকাই সোণৰ পাতখন ভেদ কৰি পাৰ হৈ যাব লাগে। কিন্তু তেওঁলোকে দেখিলে যে অতি কম সংখ্যক, প্ৰায় কেবা হাজাৰৰ ভিতৰত এটা বা দুটা কণিকা পাতখনত খুণ্ডা খাই যোৱা বাটেৰে উভটি আহে। আমি হোৱাহেঁতেন ক’লো হয়, হ’ব দে ইমান হাজাৰৰ ভিতৰত এটা বা দুটাহে উভতিছে, একো নহয়। কিন্তু ৰাডাৰফৰ্ডৰ দৰে বিজ্ঞানীৰ কাৰণে সেইটো আছিল এক পৰম বিস্ময়কৰ খবৰ। প্ৰথম মাৰ্চডেনে আহি তেওঁক খবৰটো দিওঁতে তেওঁ যি এক শিহৰণ অনুভৱ কৰিছিল সেই শিহৰণ হেনো ৰাডাৰফৰ্ডৰ গোটেই জীৱনজুৰি আছিল। ৰাডাৰফৰ্ডে এই পৰীক্ষা ব্যাখ্যা কৰিবৰ কাৰণে ১৯১১ চনত পৰমাণুৰ এক নতুন আৰ্হি আগবঢ়ালে। থমচনে ভবাৰ দৰে ইলেক্ট্ৰনবোৰ পৰমাণুত খোচ খাই নাথাকে, এটা কেন্দ্ৰীয় ভৰৰ চাৰিওফালে কিছুমান কক্ষপথত ইলেক্ট্ৰনবোৰ অবিৰাম গতিত ঘূৰি থাকে, যেনেকৈ সূৰ্যৰ চাৰিওফালে গ্ৰহবোৰে পৰিভ্ৰমণ কৰি থাকে। এই কেন্দ্ৰক তেওঁ নাম দিলে নিউক্লিয়াচ, য’ত পৰমাণুৰ প্ৰায় আটাইখিনি ভৰেই থাকে। আপাতত: নিজৰ পৰীক্ষাৰ ফল ব্যাখ্যা কৰিব পৰাকৈ ৰাডাৰফৰ্ডে এটা সমাধান উলিয়ালে হয়, কিন্তু এটা সমস্যা সমাধান কৰি তেওঁ ইয়াতকৈ এক ডাঙৰ সমস্যাৰ গৰাহত পৰিল।
সমস্যাটো হ’ল, ধ্ৰুপদী পদাৰ্থবিজ্ঞানৰ প্ৰতিষ্ঠিত নিয়মমতে এটা আধানে একাবেকা বাটেৰে গতি কৰিলে অৰ্থাৎ ত্বৰিত হ’লে সি শক্তি বিকিৰণ কৰে। এয়া এক প্ৰমাণিত নিয়ম, ইয়াৰ ব্যতিক্ৰম তেতিয়ালৈ বিজ্ঞানীয়ে ক’তো দেখা নাছিল। আধানৰ এই ধৰ্মৰ কাৰণেই ৰেডিঅ’ যোগাযোগ ব্যৱস্থা সম্ভৱ হৈছে, ৰেডিঅ’ ট্ৰেন্সমিটাৰে বিদ্যুৎ-চুম্বকীয় তৰংগ বিকিৰণ কৰে আধানৰ অহা-যোৱা ত্বৰিত গতিৰ কাৰণেই। গতিকে নিউক্লিয়াচৰ চাৰিওফালে বৃত্তীয় কক্ষত ঘূৰি ফুৰা ইলেক্ট্ৰনটোৱেও শক্তি বিকিৰণ কৰিব লাগিব আৰু ফলত অতি কম সময়ৰ ভিতৰতে শক্তি শেষ হৈ নিউক্লিয়াচত আহি ধুপুচকৈ পৰি যাব। লগে লগে ৰাডাৰফৰ্ডৰ মডেল শেষ! কিন্তু তেওঁৰ পৰীক্ষাৰ ফলাফল মতে ইলেক্ট্ৰনবোৰ নিউক্লিয়াচৰ পৰা বহু আঁতৰত থাকিবই লাগিব। ৰৈ থাকিবও নোৱাৰে কাৰণ তেতিয়া ধনাত্মক নিউক্লিয়াচে টানি আনিব। গতিকে কক্ষপথত ঘূৰি থাকিবই লাগিব। এফালে ধ্ৰুপদী পদাৰ্থবিজ্ঞান আৰু আনফালে ৰাডাৰফৰ্ডৰ পৰমাণুৰ সুস্থিৰতা, এটা ধৰিলে আনটো এৰিব লাগে। কিন্তু এটাও এৰা সম্ভৱ নহয়। পদাৰ্থবিজ্ঞান এক ভীষণ সংকটত উপনীত হৈছিল। এনেকুৱা এক সন্ধিক্ষণত ১৯১২ চনৰ মাৰ্চ মাহত মানচেষ্টাৰত উপস্থিত হৈছিলগৈ ডেনমাৰ্কৰ ছাব্বিশ বছৰীয়া যুৱক নিল্‌চ হেনৰিক ব’ৰ। মানচেষ্টাৰলৈ যোৱাৰ আগতে কিছুদিন তেওঁ থমচনৰ তলত কেমব্ৰিজত কেভেণ্ডিজ লেবৰেটৰীত গৱষণা কৰিছিল আৰু তাৰ আগেয়ে ১৯১০ চনত কোপেনহেগেন বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থবিজ্ঞানত ডক্টৰেট লৈছিল। ডক্টৰেটৰ বিষয়বস্তু আছিল ধাতুৰ পাতত থকা ইলেক্ট্ৰনৰ ধৰ্ম। এই গৱেষণা গ্ৰন্থত তেওঁ হেনো ইলেক্ট্ৰন সম্বন্ধীয় এনেকুৱা কিছুমান প্ৰশ্নৰ অৱতাৰণা কৰিছিল যে পৰীক্ষক মণ্ডলীয়ে মৌখিক পৰীক্ষাৰ সময়ত তেওঁক এটাও প্ৰশ্ন সুধিবলৈ সক্ষম নহ’ল। গতিকে ইতিমধ্যে ব’ৰৰ মন ইলেক্ট্ৰন আৰু পৰমাণুৰ অনেক প্ৰশ্নই অশান্ত কৰি তুলিছিল। ৰাডাৰফৰ্ডৰ সংস্পৰ্শত আহি সেই প্ৰশ্নবোৰ আৰু ঘনীভূত হ’ল। ইংলণ্ডত মুঠ এবছৰ থাকি ১৯১২ চনৰ জুলাইত তেওঁ কোপেনহেগেনলৈ উভটি আহিল, কিন্তু লগত লৈ আহিল সেই সমাধান কৰিব নোৱৰা সমস্যাৰ সমাধানৰ এক বীজ। মানচেষ্টাৰত থাকোঁতেই তেওঁ বুজিছিল যে এই সংকটৰ পৰা উদ্ধাৰ পাবলৈ আৰু ৰাডাৰফৰ্ডৰ নিউক্লিয়াৰ পাৰমাণবিক আৰ্হিক প্ৰতিষ্ঠা কৰিবলৈ এক মৌলিক পৰিবৰ্তনৰ কোনো বিকল্প পথ নাই। “It was clear and, that was the point about the Rutherford atom, that we had something from which we could not proceed at all in any other way than by radical change.” ইতিমধ্যে যদিও মেক্স প্লাংকে ১৯০০ চনত কোৱাণ্টাম ধাৰণাৰ জন্ম দিছিল আৰু আইনষ্টাইনেও ১৯০৫ চনত ইয়াক ব্যৱহাৰ কৰি আলোকবৈদ্যুতিক ঘটনাৰ ব্যাখ্যা কৰিছিল, বিজ্ঞানীমহলে কিন্তু কোৱাণ্টাম তত্বক তেতিয়ালৈ খুব ভাল দৃষ্টিৰে চোৱা নাছিল। উল্লেখযোগ্য যে ব’ৰে নোৱেল পুৰস্কাৰ পাইছিল বহু পাছত ১৯২২ চনত আৰু আইনষ্টাইনে পাইছিল ১৯২১ চনত। আনকি মেক্স প্লাংকে নিজেও ইয়াক প্ৰকৃতিৰ নিয়ম বুলি পতিয়ন যোৱা নাছিল। ব’ৰে অতি সাহস আৰু অন্তৰ্দৃষ্টিৰে এই কোৱাণ্টাম তত্বৰ ব্যৱহাৰ কৰি ১৯১৩ চনত পাৰমাণবিক গঠনৰ এক বৈপ্লৱিক আৰ্হি দাঙি ধৰিলে। তেওঁৰ এই আৰ্হিত ইলেক্ট্ৰনে নিউক্লিয়াচৰ চাৰিওফালে এনেকুৱা কিছুমান বৃত্তাকাৰ পথত ঘূৰি ফুৰে য’ত ই বিকিৰণ নকৰে, অৰ্থাৎ ইমান দিনে সঁচা বুলি প্ৰমাণ হোৱা পদাৰ্থবিজ্ঞানৰ নিয়ম ই মানি চলিব নালাগে। কথাটো এনেকুৱা, ঘৰত এটা নিয়ম, বাহিৰত এটা নিয়ম। কেনেকৈ পৰমাণুৱে পোহৰ অথবা আন বিদ্যুৎ-চুম্বকীয় তৰংগ বিকিৰণ কৰে তাৰো এক ব্যাখ্যা আগবঢ়ালে। ব’ৰে গণিতৰ সহায়ত হিচাপ কৰি উলিওৱা হাইড্ৰ’জেনৰ বৰ্ণালীৰ তৰংগবোৰ পৰীক্ষাৰ পৰা পোৱা মানৰ লগত সুন্দৰভাৱে মিলি গ’ল। মুঠতে ব’ৰে ৰাডাৰফৰ্ডৰ আৰ্হিক এক স্থায়ী ৰূপ দিলে।
এইটো ঠিক যে ব’ৰৰ আৰ্হি এক পূৰ্ণাংগ তত্ব নাছিল। হাইড্ৰ’জেনৰ বাহিৰে বাকী মৌলৰ গঠন আৰু বৰ্ণালী ই ব্যাখ্যা কৰিব পৰা নাছিল। ব’ৰে নিজেও বুজিছিল যে এইটো মাত্ৰ এটা জুমুঠিহে। পাছত ইয়াৰ বহুতো সংশোধনী কৰিব লগা হ’ল আৰু প্ৰকৃতপক্ষে আজিও এই সংশোধনী প্ৰক্ৰিয়া অব্যাহত আছে। কিন্তু সেই সময়ত ই ইমানেই আগবঢ়া আৰু ক্ৰান্তিকাৰী আছিল যে বেছিভাগ বিজ্ঞানীয়েই ইয়াক সত্য বুলি গ্ৰহণ কৰিব পৰা নাছিল। আনকি বহুতো বিজ্ঞানীয়ে এনেকুৱাও মন্তব্য কৰিছিল যে, ব’ৰৰ এইবোৰ প্ৰলাপ যদি সঁচা বুলি প্ৰমাণিত হয় তেওঁলোকে পদাৰ্থবিজ্ঞান পঢ়াই বাদ দিব। অট’ ৰবাৰ্ট ফ্ৰিক নামৰ অষ্ট্ৰিয়ান পদাৰ্থবিদ এজনে কৈছে, “That picture was so unorthodox at the time that a number of physicists… had sworn to give up physics if that nonsense (Bohr’s atomic model) was true.”। স্বয়ং ৰাডাৰফৰ্ডো এই বিষয়ত সন্দিহান আছিল। ব’ৰৰ তত্ব প্ৰকাশ হোৱাৰ পাছতেই তেওঁ মন্তব্য কৰিছিল, “ব’ৰৰ অৱদান আকৰ্ষণীয় আৰু গুৰুত্বপূৰ্ণ, কিন্তু এতিয়াই ইয়াক সঁচা বুলি ক’ব নোৱাৰি। কোৱাণ্টাম ধাৰণা ব্যৱহাৰ কৰিব গৈ তেওঁ এক বিপদত পৰিল, কাৰণ তেওঁৰ তত্বত পৰমাণুৰ ভিতৰত অনবৰতে এনেকুৱা কিছু ঘটনা ঘটি থাকে যাক প্ৰচলিত কোনো গণিতেই বুজাব নোৱাৰে।” সঁচা, যি প্ৰমেয়ৰ ওপৰত ব’ৰৰ তত্ব গঠন হৈছিল তাৰ ভিত্তি পদাৰ্থবিজ্ঞানৰ কোনো মৌলিক নীতি নাছিল। এয়া আছিল প্ৰকৃতিৰ নিয়ম সম্বন্ধে তেওঁৰ এক গভীৰ অন্তৰ্দৃষ্টি, এক বুদ্ধিদীপ্ত পূৰ্বানুমান। কেৱল নিল্‌চ ব’ৰৰ দৰে মনীষাৰ ক্ষেত্ৰতহে এনেকুৱা সম্ভৱ। আইনষ্টাইনে শেষৰ বয়সত ব’ৰৰ এই অৱদান সুঁৱৰি কৈছিল, “That this insecure and contradictory foundation (of physics in the early part of the 20th century) was sufficient to enable a man of Bohr’s unique instinct and tact to discover the major laws… appeared to me like a miracle and appears to me as a miracle even today. This is the highest form of musicality in the sphere of thought.” পৰমাণু আৰু পদাৰ্থবিজ্ঞানৰ বিষয়ে গভীৰ উপলব্ধিৰ ফলত স্বত:স্ফূৰ্তভাৱে সৃষ্টি হোৱা ই যেন এক সংগীতৰ ধ্বনি। এই সংগীতময়তা ব’ৰৰ সকলোবোৰ চিন্তাধাৰাতে বিদ্যমান আছিল।
ব’ৰৰ পাৰমাণবিক আৰ্হিৰ প্ৰায় বাৰ তেৰ বছৰমান পাছতহে কোৱাণ্টাম বিজ্ঞানৰ মূল নীতিসমূহ উদ্ভাৱন হৈছিল কেইজনমান ত্ৰিশঅনুৰ্দ্ধ ডেকা বিজ্ঞানীৰ হাতত। কিন্তু তেতিয়াও ইয়াৰ ব্যাখ্যাক লৈ সকলো বিজ্ঞানী বিমোৰত পৰিছিল, সকলোবিলাক যেন কিবা খেলিমেলি, বিশৃংখল ধাৰণাৰ সমষ্টি। তেতিয়াও ব’ৰে পৰিপূৰক নীতি (principle of complementarity) নামৰ এক নতুন ধাৰণাৰ সহায়ত এই খেলিমেলিৰ অন্ত পেলাইছিল আৰু কোৱাণ্টাম বিজ্ঞানৰ ব্যাখ্যাক প্ৰায় বেছিভাগ পদাৰ্থবিজ্ঞানীৰ গ্ৰহণযোগ্য কৰি এক সুদৃঢ় গঢ় দিছিল। ব’ৰৰ যুক্তিৰ আগত আইনষ্টাইনও শেষত বিষাদমনেৰে নিশ্চুপ হ’ব লগা হৈছিল। ব’ৰৰ “পৰিপূৰক নীতি”ৰ দৰ্শন ইমান গভীৰ আৰু বিশাল আছিল যে পৰমাণুৰ জগতৰ পৰিধি ভাঙি ই জীৱবিজ্ঞান, ৰাজনীতি, সমাজনীতি, মনোবিজ্ঞান আদি জ্ঞানৰ সকলো বিভাগতে এক আহিলা হৈ পৰিছিল।
নিল্‌চ ব’ৰৰ মাক আছিল ইহুদী। সেয়েহে অৰ্দ্ধ ইহুদী হোৱা সূত্ৰে নিল্‌চ ব’ৰো জাৰ্মান নাজী বাহিনীৰ ৰোষত পৰিছিল। হিটলাৰে যেতিয়া ডেনমাৰ্ক দখল কৰে তেতিয়া কোনোমতে ব’ৰে পৰিয়ালসহ দোভাগ ৰাতি মাছমৰীয়াৰ নাৱেৰে পলাই গৈ চুইডেন পাইছিল। তাৰ পৰা যুদ্ধৰ বোমা কঢ়িওৱা ইংলণ্ডৰ এক বিমানত পলাই ইংলণ্ড হৈ আমেৰিকা পাইছিল আৰু নিজৰ বিজ্ঞানী পুত্ৰ আগে’ নিল্‌চ ব’ৰ (Aage Niels Bohr) সহ মানহাট্টান প্ৰকল্পত যোগদান কৰিছিল। তেওঁৰ এজন পুত্ৰ আগে’ নিল্‌চ ব’ৰেও দেউতাকৰ দৰে পদাৰ্থবিজ্ঞানত নোৱেল পুৰস্কাৰ লাভ কৰিছিল। যদিও মানহাট্টান প্ৰকল্পত পৰিস্থিতিয়ে যোগদান কৰিবলৈ বাধ্য কৰিছিল যুদ্ধৰ পাছত বেছিভাগ সময়ে নিল্‌চ ব’ৰে পাৰমাণবিক মৰণাস্ত্ৰৰ বিপক্ষে জনমত গঢ়াৰ কামত নিয়োগ কৰিছিল আৰু বিভিন্ন দেশত এই উদ্দেশ্যে ভাষণ প্ৰদান কৰিছিল। তেনেকুৱা এক উদ্দেশ্যতে মৃত্যুৰ মাত্ৰ দুবছৰ আগতে ১৯৬০ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ আমন্ত্ৰণক্ৰমে তেখেত ভাৰতলৈও বক্তৃতা দিবলৈ আহিছিল। সেই ভ্ৰমণৰ মনপৰশা কথা এটা হ’ল যে প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে হেনো গোটেই সময়ছোৱা তেওঁৰ লগতে থাকি কলকাতা, দিল্লী, আগ্ৰা, কানপুৰ আদি ঠাইলৈ তেওঁক লৈ গৈছিল। এজন মহান বিজ্ঞানী আৰু তেওঁৰ অৱদানক সঁচা অৰ্থত সন্মান জনাব জনা আমাৰ প্ৰধানমন্ত্ৰী বোধকৰোঁ নেহৰুৱেই আছিল।
ভাৰতৰ পৰা ঘূৰি যোৱাৰ দুবছৰ পাছত ১৯৬২ চনত কোপেনহেগেনত এই মহান বিজ্ঞানীজনৰ মৃত্যু হয়। তেওঁৰ অৱদান আমাৰ সভ্যতাৰ এক এৰাব নোৱৰা অংগ হিচাপে চিৰস্মৰণীয় হৈ থাকি যাব ।

Leave a Reply

Your email address will not be published. Required fields are marked *