ন-আকাশৰ জোন— (অংগনা ভট্টাচাৰ্য্য)
কাতিৰ সেমেকা ৰাতি। তাতে ঘনঘোৰ এন্ধাৰ। জাংফাইৰ দুগালত চকুপানীৰ বৰফ। বহুপৰ হ’ল। ফটা চাদৰেৰে মেৰিয়াই লোৱা তাইৰ বাচাটোৰ সাৰ-সুৰ নাই। তীৰকঁপে উঠা তাৰ জ্বৰত পৃথিৱী লৰিছিল। জ্বৰৰ প্ৰকোপত আধাফুটা মাতেৰে সি মাকক বিনাইছিল–
“আই, মোৰ ভোক লাগিছে অ’। এচপৰা ভাত দে।”
জাংফাইৰ উকা হাইহালত শূন্যতাৰ এন্ধাৰ। ক’ৰ পৰা আহিব লখিমীৰ প্ৰসাদ?
“শুই থাক মোৰ বাচা। এটোপা পানীকে মুখত দে। পুৱাৰ পোহৰ পৰিলেই দুখুনী আয়ে তোৰ বাবে আনিব আহাৰ। পেটৰ জুই নুমাব। কমিব জ্বৰ।”
জাংফাইৰ বুকুত আজি হিমাচল পাহাৰ। জ্বৰীয়া কানাইক সাৱটি কঁপা-কঁপা মাতেৰে গালে তাই ঘুমটিৰ গান।
“ঘুমটি আহ অ’ মোৰ সোণাই। ৰাতিৰ এন্ধাৰ আঁতৰিলেই দেখিবি সেলেঙি পোহৰৰ। দৰৱে গুচাব জ্বৰ। ফল দিম, গাখীৰ দিম,পাবি ভোকৰ ভাত।”
কিন্তু নিশাটোহে বৰ দীঘল হৈছিল। ভোকৰ ভাতলৈ ৰ’বলৈ কানাইৰো সময় নাছিল। চকুদুটা মুদি সি নকৰিলে মেলিবৰ মন। মাকৰ গান শুনি তাৰ যে শুবলৈহে মন।
জাংফাইৰ মনৰ আক্ৰোশে মনৰ ভিতৰতে কৰিলে আস্ফালন–
“নালাগে দে কাৰোবাৰ অপঁইতা ভাত।
বাৰীৰ অভিমানী ফল। বৰ-বৰ মানুহৰ পুখুৰীৰ মাছো নাখাওঁ, মঙহো নাখাওঁ, নাখাওঁ মুখৰ তিতা মাত। শোষণ আৰু শাসনহে আমাৰ কপালৰ দাম, কিমান দিনলৈকেনো কোনে কিমান ৰাজনীতিৰ বজাৰ কৰিব পাৰে, তাকেহে চাবলৈ পাম। সকলো সময়ৰ গান। সকলো সময়ৰ গান।”
মাকৰ চেঁচা কোলাত কানাইৰ শুন-নুশুন বিলাপ। সিতো নাজানে, পংগু মহাৰজাৰ সোণৰ বজাৰত এচপৰা ভাতৰ যে কিমান দাম! সোণে সোণ কিনে, ৰূপে ৰূপ বিলায় আৰু দৰিদ্ৰ নিষ্পাপ জনতাৰ মুখত হায় হায় নাম। ৰজাই দিলেহে পাবি, বিলালেহে খাবলৈ পাবি এগৰাহ বালিৰ ভাত। আইনাৰ ৰাজসভাত হাত দুখনৰ নাই যে কোনো কাম। সততা আৰু সাহসৰ নাই যে কোনো দাম।
উফ্ উফ্। সময়ৰ কূটিল হাঁহিত ৰজনী হাৰিছিল। জাংফাইৰ বুকুৰ জোনাক শুদা পেটেৰেই মাকৰ কোলাত চিৰদিনলৈ শুই পৰিছিল।
দুঃসহ,অসহ্যকৰ, নিষ্ঠুৰ এছোৱা সময়ৰ জয় হৈছিল।
জাংফাইৰ কোলাৰ কানাইক সাৱটি ল’বলৈ দুখীয়া পিতাকৰ সাহস নাছিল। দুবাহুত বল থাকিলেও মনৰ শকতিতো নাছিল!
জাংফাইৰ শিল-চকুলৈ ভয়ে-ভয়ে তেওঁ চাইছিল। উফ্। এয়া কি? এয়াতো একুৰা জুই! ৰঙা আঙঠা হেন দুচকু লৈ এইবাৰ জাংফাই কঁপিছিল। তাইৰ কঁপনিত পৃথিৱীয়েও ভয়তে নিঃসাৰে ৰৈছিল। ভ্ৰষ্টাচাৰ আৰু ভণ্ডামিৰ গোলামবোৰে নিজৰ পেটতে হাত-ভৰি লুকুৱাব খুজিছিল।
জাংফাইয়ে হাজাৰজনী কানাইৰ মাকৰ কলিজা পিন্ধি দুচকুৰ বৰফ মৰা সমাজখনলৈ দলিয়াই চিঞৰি উঠিছিল–
নতুন সমাজ এখন নতুনে সজাব। আঁৰিব আকাশত ৰঙা বেলি। ৰজা-মহাৰজাৰ দপদপনিত নুঠিব এই সমাজ কঁপি৷ মানুহৰ বাবে মানুহে সজা এই সমাজত নাথাকিব জনতাৰ শ্ৰেণী। ধনীৰ দুলাল আৰু দুখীয়াৰ জোনেও একেলগে হ’ব ডাঙৰ, যাব পঢ়াশালিলৈ, খাব পেট ভৰাই ৰাইজৰ ভঁৰালৰ ধান। ডাঙৰ মানুহ নহ’লেও সমাজৰ বাবে নিজকে কৰিব অৰ্পণ, নতুন চিন্তাৰে কাটিব বাট, ন-ন শইচেৰে পথাৰ ভৰিব, ভৰিব ৰাইজৰ মন। সততাৰ বিৰুদ্ধে থিয় হোৱাজন মহাৰজা হ’লেও হেলাৰঙে দাঙিব হেংদান। আৰু তেতিয়ালৈ–
“বাচা, তই টোপনি যা।
নতুন সূৰুযে ন-পোহৰ ননালৈকে তই বাচা টোপনি যা। মৰা সমাজখনৰ মিছা প্ৰলাপ চাবলৈ তই যে নাথাকিলি বাচা, তাকে লৈ ময়ো আৰু দুখ নকৰোঁ যাহ।”
জাংফাইৰ দুচকুৰ পোহৰত নতুনকৈ দেখা পোৱা বাটটোত তেতিয়া কেইবাগৰাকীও কানাইৰ মাক-পিতাকে খোজ থৈছিল…
(১৯৫৩ চনতে ড° ভূপেন হাজৰিকাই সৰ্বহাৰাৰ দুখ-দৰ্দশাক উপজীব্য হিচাপে লৈ ৰচনা কৰা বিখ্যাত গানটোৰ আধাৰত চুটিগল্পটো ৰচনা কৰা হৈছে।)