নৱ-ডাৰউইনবাদ -(ড° ভুবন চন্দ্ৰ চুতীয়া)
ডাৰউইনৰ প্ৰাকৃতিক নিৰ্বাচন মতবাদ এটা যুক্তি সংগত আৰু বিশ্বাসযোগ্য মতবাদ হিচাপে বিজ্ঞান সমাজে গ্ৰহণ কৰে যদিও ইয়াকে কেন্দ্ৰ কৰি ন-ন ৰূপত তৰ্ক-বিতৰ্ক আৰু সমালোচনা আজিও শেষ হোৱা নাই। সেইটো যিয়েই নহওক, এটা কথা স্বীকাৰ কৰিব লাগিব যে ডাৰউইনবাদে জন সমাজৰ মাজত ভীষণ বিপ্লৱৰ সূচনা কৰিছে আৰু সেই শতাব্দীৰ সাহিত্যত, সমাজত আৰু ৰাজনীতিত মানুহৰ চিন্তাধাৰাত তেওঁৰ এটা বিৰাট প্ৰভাৱ বিদ্যমান হৈছিল ।
ডাৰউইনৰ পৰৱৰ্তী কালত জীৱ বিজ্ঞান সমন্ধে জ্ঞানৰ পৰিসৰ বহুতো সমৃদ্ধ হৈছে। আধুনিক ক্ৰম-বিৱৰ্তনবাদী সকলে যি তত্ত্ব স্বীকাৰ কৰি লৈছে তাৰ লগত ডাৰউইনৰ মূল বক্তব্যৰ কিছু মিল থাকিলেও ই অবিকল অনুসৰণ নহয়। পিছৰ পৰ্য্যায়ত জীৱ বিজ্ঞানৰ নানান নতুন তথ্য আৱিষ্কাৰৰ পোহৰত ডাৰউইন তত্ত্বৰ সংশোধন প্ৰয়োজন অনুভূত হৈ পৰে। এই সংশোধিত ডাৰউইনবাদক বহুতে নৱ-ডাৰউইনবাদ আখ্যা দিয়ে। ওৱাইসমেনে (১৮৯৩ খ্ৰীঃ) এই মতবাদক কঠিন সমালোচনা কৰি এটা তত্ত্ব প্ৰচলন কৰে। ওৱাইসমেনৰ দ্বাৰা প্ৰৱৰ্তিত এই মতবাদো নৱ-ডাৰউইনবাদ বুলি অভিহিত হয়।
ওৱাইসমেনৰ নৱ-ডাৰউইনবাদ, আধুনিক সংশোধিত ডাৰউইনবাদ আৰু মূল ডাৰউইনবাদৰ পৰা সম্পূৰ্ণ স্বতন্ত্ৰ। এই কাৰণে বিৱৰ্তন সমন্ধে আধুনিক মতবাদটোকে উপযুক্তভাৱে সংশ্লেষণবাদ (Synthetic Theory of Evolution) বা জৈৱিক মতবাদ (Biological Theory of Evolution) বোলা হয়, কাৰণ এই মতবাদ জীৱ-বিজ্ঞানৰ বিভিন্ন শাখা যেনে – জিনীয় বিজ্ঞান, শ্ৰেণী বিন্যাস বিজ্ঞান, তুলনামূলক অংগ সংস্থানিক গীন, প্ৰত্মবিদ্যা, ভ্ৰূণ বিদ্যা, পৰিৱেশ বিজ্ঞান, জৈৱ ৰসায়ন ইত্যাদিৰ পৰা লব্ধ নতুন তথ্য আৰু আৱিষ্কাৰৰ সংশ্লেষণ।
নৱ-ডাৰউইনবাদ বা সংশ্লেষণবাদ ডাৰউইনৰ পৰৱৰ্তী বিৱৰ্তনবাদীসকলে যেনে ডবঝানস্কি ( ১৯৩৭-১৯৫১ ), হাক্সলী ( ১৯৪২ ), ফিশাৰ ( ১৯৩০ ), ষ্টেবিন্স ( ১৯৫০ ), মায়াৰ ( ১৯৬৩,১৯৭৮,১৯৮২ ), হ্যালডেন( ১৯৩২) আদিৰ গৱেষণা আৰু চৰ্চাৰ পৰিণতি লাভ কৰিছে। হ্যালডেনে কৈছিল যে ডাৰউইন জীৱিত থাকিলে এই ভিন্ন ক্ষেত্ৰৰ নৱ আৱিষ্কাৰৰ পৰিপ্ৰেক্ষিতত তেওঁ নিজেই নিজৰ মতবাদ সংশোধন কৰিলেহেঁতেন।
নৱ ডাৰউইনবাদ বা সংশ্লেষণবাদ প্ৰধানকৈ জিনীয় বিবিধতা, উৎপৰিৱৰ্তন, পৃথকীকৰণৰ আৰু প্ৰাকৃতিক নিৰ্বাচনৰ ওপৰত প্ৰতিষ্ঠিত। ‘জিন’ৰ উপস্থিতিৰ অংক ( Gene Frequency ) পৰিৱৰ্তনেই হৈছে জিনীয় বিবিধতা ( Genetic Variation ) আৰু আধুনিক বিৱৰ্তনবাদীসকলৰ মতে এই জিনীয় বিবিধতাই হৈছে বিৱৰ্তনৰ আধাৰ। হাৰ্ডি-ওয়েনবাৰ্গ সূত্ৰ অনুযায়ী মেণ্ডেলীয়ান প্ৰক্ৰিয়াটো হৈছে ৰক্ষণশীল। জিনৰ উপস্থিতিৰ অংক প্ৰতিটো জিনতে একেধৰণে থকা হেতুকে প্ৰাণী গোষ্ঠীৰ জিন ভাণ্ডাৰৰ (Gene Pool) গঠন বিন্যাস অপৰিৱৰ্তনশীল (Stable) থাকে। কিন্তু বিৱৰ্তনৰ অৰ্থই হ’ল পৰিৱৰ্তন। জিনৰ উপস্থিতিৰ অংকৰ পৰিৱৰ্তন নহ’লে ক্ৰম বিৱৰ্তন সম্ভৱ নহয়। আধুনিক জীৱ বিজ্ঞানীসকলে জানে যে উৎপৰিৱৰ্তন (Mutation) আৰু মিয়োসিস পদ্ধতি কোষ বিভাজনৰ সময়ত (যৌন প্ৰজননৰ ক্ষেত্ৰত) জিনৰ পুনৰ্বিন্যাসৰ (Recombination) ফলতেই বংশানুক্ৰমিক বিবিধতা বা প্ৰকৰণৰ উৎপত্তি হয়। উৎপৰিৱৰ্তন আকৌ দুই প্ৰকাৰৰ- জিন উৎপৰিৱৰ্তন (Gene Mutation) আৰু ক্ৰ’ম’জমীয় উৎপৰিৱৰ্তন (Chromosomal Mutation)। কিন্তু বিবিধতাৰ উৎপত্তি সমন্ধে ডাৰউইন সম্পূৰ্ণৰূপে অজ্ঞ আছিল। ডাৰউইনৰ পৰৱৰ্তীকালত বিৱৰ্তনবাদী আৰু জীৱবিজ্ঞানীসকলে নৱডাৰউইনবাদত পৰীক্ষালব্ধভাৱে প্ৰতিপন্ন কৰে যে জিনীয় বিবিধতাই হৈছে বিৱৰ্তনৰ আধাৰ। এই জিনীয় বিবিধতা আকৌ প্ৰাণীগোষ্ঠীৰ মাজত জিন উৎপৰিৱৰ্তন, ক্ৰম’জমীয় উৎপৰিৱৰ্তন, জিনৰ পুনবিন্যাস, সংকৰণ, প্ৰব্ৰজন আৰু জিনৰ প্ৰবাহ, জেনেটিক ড্ৰিফট, প্ৰতিষ্ঠাতা নীতি (Founder Principle) আদি কাৰকৰ বাবে সংগঠিত হয় ।
নৱ ডাৰউইনবাদীসকলৰ মতে আধ্যাত্মিক, শৰীৰ বৃত্তীয় বা ভৌগলিক আদি কাৰকৰ বাবে এক প্ৰাণীগোষ্ঠী বা জীৱগোষ্ঠী বিভিন্ন প্ৰাণীগোষ্ঠীলৈ পৃথকীকৰণ হয় আৰু ইয়ে বিৱৰ্তনৰ অন্যতম কাৰণ। বিভিন্ন প্ৰকাৰৰ ভৌগলিক কাৰক যেনে – পাহাৰ-পৰ্বত, নদ-নদী, মহাসাগৰ আদিৰ ফলত পৃথকীকৃত হৈ অতি ওচৰ সম্পৰ্কীয় প্ৰজাতিসমূহৰ মাজত সংকৰণত বাধা প্ৰদান কৰে আৰু শৰীৰ বৃত্তীয় কাৰক সমূহেও প্ৰজাতিসমূহক এককভাৱে বৰ্তি থকাত সহায় কৰে। এই সকলোবোৰ প্ৰাণী গোষ্ঠীসমূহৰ প্ৰজনন বিচ্ছিন্নতাৰ আধাৰ হয়।
নৱ-ডাৰউইনবাদত প্ৰাকৃতিক নিৰ্বাচনক বিৱৰ্তনৰ এক অন্যতম আধাৰ হিচাপে প্ৰতিপন্ন কৰিবৰ বাবে বিৱৰ্তনবাদী আৰু জীৱ বিজ্ঞানীসকলে বিভিন্ন ধৰণে পৰীক্ষালব্ধ যুক্তি আগবঢ়াইছে। নৱ-ডাৰউইনবাদে সকলো গতিশক্তি যেনে বাস্তব্য আৰু জীৱিত কাৰকসমূহ আৰু সিহঁতৰ কাৰ্য ধাৰা সামৰি লৈছে যিবোৰে জীৱ গোষ্ঠীসমূহৰ কেনেকৈ আৰু কোনটো দিশত পৰিৱৰ্তন সম্ভৱ সেইটো নিৰূপণ কৰে। কিন্তু প্ৰাকৃতিক নিৰ্বাচনৰ মূল কথা হ’ল যোগ্যতমৰ উদ্বৰ্তন। চিৰ প্ৰচলিত পুৰাতন নীতি অনুসৰি পৰিৱেশৰ প্ৰাকৃতিক নিৰ্বাচন শক্তিসমূহ আৰু এই শক্তিবোৰ সচৰাচৰ প্ৰত্যক্ষভাৱে জেনোটাইপৰ (Genotype) ওপৰত ক্ৰিয়া কৰে। কিন্তু আধুনিক মত অনুসৰি পৰিৱেশে কেৱল মাত্ৰ প্ৰাকৃতিক নিৰ্বাচন শক্তি সমূহকেই নিয়ন্ত্ৰিত নকৰে। ই জেনোটাইপৰ সহায়ত ফেনোটাইপ (Phenotype) সৃষ্টি কৰে আৰু প্ৰাকৃতিক নিৰ্বাচনেই ফেনোটাইপৰ ওপৰত কাৰ্য কৰে, জেনোটাইপৰ ওপৰত ইয়াৰ প্ৰভাৱ গৌণ। মায়াৰ আৰু হেনচন (Hanson,1981) আদিয়ে এই আধুনিক মতক সমৰ্থন কৰিছিল। একে দৰে হ্যাল্ডেন, কেটওয়েল আৰু ফোৰ্ডে (Ford,1971) বিৱৰ্তন, প্ৰাকৃতিক নিৰ্বাচনৰ ফলতেই উৎপত্তি হয় বুলি ইণ্ডাষ্ট্ৰিয়াল মেলানিজম (Industrial Melanism) ৰ উদাহৰণ দাঙি ধৰিছে। মানুহৰ হস্তক্ষেপত পৰিৱেশ পৰিৱৰ্তিত হ’লে কি ধৰণে প্ৰাণীগোষ্ঠীৰ গঠনো বদলি হৈ যায়, নতুন অভিযোজনৰ উৎপত্তি হয়, ইণ্ডাষ্ট্ৰিয়াল মেলানিজমৰ ক্ষেত্ৰত ই সুন্দৰকৈ ৰূপায়িত হৈছে। অৰ্থাৎ পৰিবেশনৰ পৰিৱৰ্তনৰ সৈতে প্ৰাকৃতিক নিৰ্বাচনৰ ফলত যেতিয়া সহায়ক জীনৰ সংখ্যা বৃদ্ধি ঘটে তেতিয়া নতুন অভিযোজন উৎপত্তি হয় আৰু এনে ধৰণৰ নিৰ্বাচনক দিক্মূখী নিৰ্বাচন বোলা হয়। মায়াৰ মতে (Mayr, 1978 ) প্ৰাকৃতিক নিৰ্বাচনৰ মাধ্যমত বিৱৰ্তন দুুুটা চাপত অগ্ৰসৰ হয়। প্ৰথম চাপত, উৎপৰিৱৰ্তন আৰু জিনৰ পূৰ্ণবিন্যাসৰ সময়ত বিৱৰ্তন সৃষ্টি হয়। দ্বিতীয় চাপত, প্ৰাকৃতিক নিৰ্বাচনত এইবোৰক প্ৰয়োজন অনুসৰি অদল-বদলৰ দ্বাৰা প্ৰাণীয়ে নিজে উপযোগী কৰি ল’ব। অৰ্থাৎ বিবিধতা আৰু উৎপৰিৱৰ্তন আধাৰ হিচাপে ব্যবহৃত প্ৰাকৃতিক নিৰ্বাচন হৈছে এক সৃজনশীল প্ৰক্ৰিয়া।
প্ৰাকৃতিক নিৰ্বাচনৰ ওপৰত ভিত্তি কৰি ডাৰউইনৰ পৰৱৰ্তীকালত যি নৱ-ডাৰউইনবাদ বা সংশ্লেষণবাদ গঢ়ি উঠিছে, সাম্প্ৰতিক কালত ইয়াৰ ওপৰত সমালোচনা অব্যাহত আছে। বহুতো ক্ৰমবিৱৰ্তনবাদীয়ে উল্লেখ কৰে যে আলোচনাবোৰ উপযুক্ত প্ৰমাণ ভিত্তিক নহয় আৰু এই সমন্ধে দৃষ্টিভংগী পৰিৱৰ্তনৰ প্ৰয়োজন আছে ।