নক্ষত্ৰৰ নাৰ্চাৰি আৰু আমাৰ শিপাৰ সন্ধান ।। ড০ পবন কুমাৰ চহৰীয়া
নক্ষত্ৰ সৃষ্টিৰ কাৰণে সেই উপাদানবোৰ, মানে আণৱিক গেছ আৰু ধূলিকণাবোৰ নীহাৰিকাই ক’ৰপৰা পালে? এই বিষয়ত জ্যোতিৰ্বিদসকলৰ মতভেদ আছে। ঠিক এটাই উৎস আছে বুলিও জ্যোতিৰ্বিদসকল একমত নহয়। ইয়াৰ কেইবাটাও সম্ভাৱনীয় উৎস হ’ব পাৰে ।। মুক্ত চিন্তা, দশম বছৰ, দ্বিতীয় সংখ্যা, চেপ্টেম্বৰ, ২০২৪ ।।
নক্ষত্ৰৰ জন্ম আৰু মৃত্যু মহাবিশ্বৰ এক বিৰামবিহীন ঘটনা। স্থানান্তৰত আমি উল্লেখ কৰিছিলোঁ মহানাদ বা বিগ বেঙৰ পাছত কিদৰে এক কোৱাণ্টাম পৰিঘটনাই ব্ৰহ্মাণ্ডত প্ৰথম নক্ষত্ৰ আৰু নক্ষত্ৰপুঞ্জৰ জন্মৰ পাতনি মেলিছিল। মহানাদৰ পাছতে, পাছত মানে কেইবা মিলিয়ন বৰ্ষৰ পাছত সৃষ্টি হ’বলৈ ধৰা সেইবোৰ আছিল প্ৰথম প্ৰজন্মৰ নক্ষত্ৰ। জ্যোতিৰ্বিজ্ঞানীৰ ধাৰণা যে প্ৰথম প্ৰজন্মৰ নক্ষত্ৰসমূহৰ ইতিমধ্যে মৃত্যু হ’ল। তথাপিও জেম্ছ ৱেব টেলিস্কোপত কিছু অতিৰিক্ত যন্ত্ৰ-পাতিৰ সংযোগেৰে এই প্ৰথম প্ৰজন্মৰ নক্ষত্ৰৰ সন্ধান কৰিব পৰা ব্যৱস্থাও তেওঁলোকে কৰিছে। কিন্তু এতিয়ালৈ প্ৰথম প্ৰজন্মৰ নক্ষত্ৰৰ কোনো সন্ধান পোৱা নাই। মানুহৰ দৰেই জন্ম হ’লেই নক্ষত্ৰ এদিন মৃত্যুমুখত পৰে। কিন্তু নক্ষত্ৰৰ সেই মৃত্যুৱে নতুন নক্ষত্ৰৰ জন্মৰ কাৰণে যোগাৰ-পাতি দি যায়। সেয়েহে আজিও নতুন নতুন নক্ষত্ৰৰ জন্ম হৈয়েই আছে আৰু কিছুমান এই মুহূৰ্ততো মৃত্যুমুখত পৰিয়ে আছে। এয়া সৃষ্টি আৰু ধ্বংসৰ এক চক্ৰবৎ খেলা। কোনোবাটো নক্ষত্ৰই গোটেই বিশ্বব্ৰহ্মাণ্ডকে জনাই এক প্ৰচণ্ড বিস্ফোৰণৰে ভয়াবহ মৃত্যুক আকোৱালি লৈছে, কোনোবাটোই আকৌ নীৰৱে বিদায় লৈ আমাৰ দৃষ্টিৰ বাহিৰ হৈছে। কাৰ মৃত্যু কেনেকুৱা এইবোৰ নিৰ্ভৰ কৰিছে জন্মতে কোনে কিমান শকত হৈ জন্মগ্ৰহণ কৰিছে তাৰ ওপৰত, অৰ্থাৎ নক্ষত্ৰটোৰ আদিম ভৰৰ ওপৰত। সূৰ্যৰ ভৰৰ আঠ–দহগুণ বা ততোধিক ভৰৰ নক্ষত্ৰবোৰ মাত্ৰ কিছু মিলিয়ন বৰ্ষৰ পাছতে প্ৰচণ্ড বিস্ফোৰণ হৈ মৃত্যুমুখত পৰে, সেইবোৰৰ জীৱন ক্ষন্তেকীয়া। যিবোৰৰ ভৰ কম, অৰ্থাৎ সূৰ্যৰ ভৰতকৈ কিছু কম বা কিছু বেছি, সেইবোৰৰ আয়ুসকাল দীঘলীয়া। বহু বিলিয়ন বছৰ (১ বিলিয়ন=১০০কোটি) ধৰি তেনেকুৱা নক্ষত্ৰই পোহৰ বিলাই থাকিব পাৰে। আমাৰ সূৰ্য তুলনামূলকভাৱে দীঘলীয়া আয়ুসকালৰ; ইতিমধ্যে প্ৰায় পাঁচ বিলিয়ন বছৰ অতিক্ৰম কৰি যৌৱন পাৰ হৈ জীৱনৰ মাজভাগত আহি উপস্থিত হৈছে, আৰু পাঁচ বিলিয়ন বছৰ এনেদৰেই থাকিব। সূৰ্যটো এক মধ্যমীয়া আকাৰৰ নক্ষত্ৰ; সূৰ্যতকৈ ডাঙৰ আৰু সৰু মিলাই আমাৰ হাতীপটি তাৰকাৰাজ্যত বিশ হাজাৰ কোটিতকৈও অধিক নক্ষত্ৰ আছে। তাৰে কিছুমান শৈশৱত, কিছুমানে শৈশৱ পাৰ হৈ কৈশোৰত, কিছুমান তগমগীয়া যৌৱনত, কিছুমান আদহীয়া, কিছুমান মৃত্যুশয্যাত আৰু আন কিছুমানে ঠিক এই মুহূৰ্তত জনম লভিব গৈ আছে। ক’ত, কেনেকৈ বাৰু জন্ম হৈ আছে এই নক্ষত্ৰবোৰৰ? বেলেগ তাৰকাৰাজ্যৰ কথা বাদ দি কেৱল আমাৰ হাতীপটি তাৰকাৰাজ্যত থকা এটা মাত্ৰ তেনেকুৱা অঞ্চলৰ কথাহে ইয়াত উল্লেখ কৰিম।
শীতকালি উত্তৰ গোলাৰ্ধৰ আকাশত অতি সহজতে দেখা পোৱা কালপুৰুষ নক্ষত্ৰমণ্ডল (Orion constellation) সকলোৰে চিনাকি। ককালত তিনিটা উজ্বল তৰাৰ পেটিৰে এখন হাত দাঙি থকা আৰু ককালৰপৰা ওলমি থকা এখন তৰোৱালেৰে এজন চিকাৰীৰ ৰূপত ইয়াক কল্পনা কৰা হয়। এই নক্ষত্ৰমণ্ডলত খালী চকুৰে সাত-আঠটামান তৰা স্পষ্টকৈ দেখিবলৈ পোৱা যায়। এডাল সৰলৰেখাত থকা তিনিটা উজ্বল তৰাই চিকাৰীৰ বেল্টডাল। এই তিনিটা তৰাই পোনাই আছে আকাশৰ উজ্বলতম নক্ষত্ৰ লুব্ধকৰ (Sirius) ফালে। অতি সহজতে চিনিব পৰা এই তিনিটা তৰাক হুলাবেৰিয়া (পথাৰৰপৰা ধানৰ ডাঙৰি কঢ়িওৱা সঁজুলি) বুলিও আমাৰ গাঁৱৰ মানুহে কোৱা শুনিছিলোঁ। বাইন’কুলাৰ বা টেলিস্কোপৰ সহায়ত চালে এই নক্ষত্ৰমণ্ডলীত অজস্ৰ তৰাৰ ওপৰিও ডাঠ ক’লা অস্পষ্ট এক মেঘৰ পটি দেখা যায়। এই মেঘসদৃশ পটিয়েই হৈছে অৰায়ন নীহাৰিকা (Orion nebula)। এই অৰায়ন নীহাৰিকা হৈছে আমাৰ হাতীপটি তাৰকাৰাজ্যত নতুন তৰা জন্ম দিয়া এখন নাৰ্চাৰিৰ দৰে। অৱশ্যে এইটো এটা মাত্ৰ উদাহৰণহে, এনেকুৱা নাৰ্চাৰি আৰু বহু আছে। নাৰ্চাৰিত যিদৰে গুটিৰপৰা নতুন গছপুলি, ফুলৰ পুলি গজি উঠে, ঠিক একেদৰেই এই নাৰ্চাৰিত অনবৰতে অজস্ৰ নক্ষত্ৰই জন্মলাভ কৰিয়ে আছে। শীতল আণৱিক গেচ (cold molecular gas) আৰু ধূলিকণাৰ কিছুমান বৃহৎ বৃহৎ থুপৰ সমষ্টি হৈছে এই নীহাৰিকা। গেছবোৰ প্ৰধানত: আণৱিক হাইড্ৰ’জেন আৰু ধূলিকণাবোৰ মৰুভূমিত থকা ধূলিকণাৰ দৰেই মাইক্ৰস্কপিক আকাৰৰ শিল। এই আণৱিক মেঘপুঞ্জত যেতিয়াই এক প্ৰচণ্ড আলোড়ন বা কঁপনিৰ সৃষ্টি হয়, তেতিয়াই গেছবোৰৰ থুপে নিজৰ মহাকৰ্ষণিক বলৰ প্ৰভাৱত সংকুচিত হ’বলৈ ধৰে। এবাৰ সংকোচন আৰম্ভ হ’লে তাক আৰু বাধা দিওঁতা কোনো নাই, নিজস্ব মহাকৰ্ষণৰ কাৰণে সংকুচিত হৈ হৈ নক্ষত্ৰ সৃষ্টিৰ ফালে ধাৱমান হয়। এইদৰেই বহুতো নক্ষত্ৰৰে গঠিত এক পৰিয়ালৰ সৃষ্টি হয় । নীহাৰিকাত সৃষ্টি হোৱা আলোড়ন বা কঁপনিৰ কাৰণ হৈছে তুলনামূলকভাৱে কাষত হোৱা কোনো ভয়ংকৰ মহাজাগতিক ঘটনা। এই ঘটনা কোনো চুপাৰন’ভাৰ বিস্ফোৰণ বা কোনো যুৰীয়া নিউট্ৰন তৰাৰ ধ্বংসাত্মক মিলনত সৃষ্টি হোৱা মহাকৰ্ষণিক তৰংগও হ’ব পাৰে। কালপুৰুষ নীহাৰিকাত এইদৰেই প্ৰতিমুহূৰ্তত সৃষ্টি হৈ আছে নতুন নতুন নক্ষত্ৰৰ। এই নীহাৰিকা পৃথিৱীৰপৰা প্ৰায় ১৩০০ আলোকবৰ্ষ আতৰত, ইয়াৰ ব্যাস প্ৰায় ৩০-৪০ আলোকবৰ্ষ। আনহাতে হাতীপটি তাৰকাৰাজ্যৰ পৰিসৰ হৈছে ১০০০০০ (এক লক্ষ) আলোক বছৰ । ইয়াৰপৰাই অনুমান কৰিব পাৰি যে অকল আমাৰ হাতীপটি তাৰকাৰাজ্যতে নক্ষত্ৰ সৃষ্টি কৰা নাৰ্চাৰি আৰু অনেক আছে।
এতিয়া মনলৈ অহা প্ৰশ্নটো হৈছে যে নক্ষত্ৰ সৃষ্টিৰ কাৰণে সেই উপাদানবোৰ, মানে আণৱিক গেছ আৰু ধূলিকণাবোৰ নীহাৰিকাই ক’ৰপৰা পালে? এই বিষয়ত জ্যোতিৰ্বিদসকলৰ মতভেদ আছে। ঠিক এটাই উৎস আছে বুলিও জ্যোতিৰ্বিদসকল একমত নহয়। ইয়াৰ কেইবাটাও সম্ভাৱনীয় উৎস হ’ব পাৰে। প্ৰথম- আণবিক হাইড্ৰ’জেনৰ উৎস বিগ বেঙৰ সময়তে সৃষ্টি হোৱা হাইড্ৰ’জেন হ’ব পাৰে বুলি বেছিভাগৰে ধাৰণা। দ্বিতীয়তে- এই ধূলিকণা আৰু গেছবোৰ হাতীপটি তাৰকাৰাজ্যই কাষৰ উপগ্ৰহীয় তাৰকাৰাজ্যৰপৰা টানি আনিবও পাৰে। জ্যোতিৰ্বিদে এনেকুৱা কিছু পৰিঘটনা আৱিস্কাৰ কৰিছে যিবোৰক এই টানি অনা ঘটনাটোৰ দ্বাৰাহে বুজাব পাৰি। আটাইতকৈ বেছি সম্ভাৱনাটো হৈছে যে ইয়াৰ আগৰ প্ৰজন্মৰ নক্ষত্ৰৰ চুপাৰন’ভা বিস্ফোৰণৰ ফলত যিবোৰ পদাৰ্থ ধূলিকণাৰূপে মহাকাশলৈ সিঁচৰিত হৈ পৰিছিল সেইবোৰেই পিছৰ প্ৰজন্মৰ নক্ষত্ৰৰ সৃষ্টিৰ কাৰণে উপাদান হিচাবে কাম কৰে। নক্ষত্ৰ দৰাচলতে বিশ্বৰ এক ৰিচাইক্লিং মেচিনৰ দৰে ; মহাকাশৰ গেছ আৰু ধূলিকণাবোৰক বাৰে বাৰে ব্যৱহাৰ কৰে। সূৰ্য তৃতীয় প্ৰজন্মৰ নক্ষত্ৰ, অৰ্থাৎ ইয়াৰ আগৰ দুটা প্ৰজন্মৰ সৃষ্টি আৰু ধ্বংসৰ পাছতহে সূৰ্যই জন্মলাভ কৰিছে।
আমাৰ মৰমৰ সূৰ্যটোৰো জন্ম হৈছে তেনেকুৱা কোনোবা এখন নক্ষত্ৰৰ নাৰ্চাৰিতে। আজিকালি সকলো মানুহ কেৱল শিপাৰ সন্ধানত ব্যস্ত, শিপা বেলেগ ঠাইত বুলি গম পালেই হাহাকাৰ। সূৰ্যৰ শিপাডাল বাৰু ক’ত আছে, আমাৰ জন্ম হোৱা নাৰ্চাৰিখন ক’ত আছিল, এতিয়া আছেনে নাই আমি কিবা সন্ধান উলিয়াব পাৰিম নে? এই বিষয়ে কেইবাটাও আন্ত:ৰাষ্ট্ৰীয় দলে গৱেষণা চলাই আছে, কাৰণ এই শিপাডালেইতো আমাৰ সকলোৰে আচল শিপা। বিশাল হাতীপটি তাৰকাৰাজ্যৰ কোনখন নাৰ্চাৰিত বাৰু আমাৰ সূৰ্যটোৱে গজালি মেলিছিল? সূৰ্যই একমাত্ৰ সন্তান হিচাপে জন্মগ্ৰহণ কৰিছিল, নে এক বৃহৎ পৰিয়ালত অজস্ৰ ভাই-ভনীৰ সতে? জ্যোতিৰ্বিজ্ঞানীৰ সন্মুখত এনেকুৱা অনেক প্ৰশ্ন। আজি হাতীপটি তাৰকাৰাজ্যত সূৰ্য অকলশৰীয়া, কিন্তু বহুত গৱেষণাৰ অন্তত দুটামান দলে অনুমান কৰিছে (মাৰ্চ, ২০২৩, Scientific American) যে সূৰ্যটো অৰায়ন নীহাৰিকাৰ দৰে কোনোবা বিশাল নীহাৰিকাত অজস্ৰ ভাই-ভনীৰ সতে জনম লভিছিল। আৰম্ভণিতে সেইখন আছিল নক্ষত্ৰৰ এক বিশাল মহানগৰী। কিন্তু কালক্ৰমত বিভিন্ন কাৰণত ক্ৰমান্বয়ে স্থানচ্যুতি হৈ হৈ আজি সুৰুয অকলশৰীয়া হৈ পৰিছে, নিজৰ জন্মস্থান কাহানিবাই ক’ৰবাত এৰি আহিছে। এসময়ৰ একে মহানগৰীৰ বাসিন্দা সকলোবোৰ নক্ষত্ৰ সিঁচৰতি হৈ পৰিছে হাতীপটি তাৰকাৰাজ্যৰ অৰঙে-দৰঙে। আজি আৰু সেই নীহাৰিকা বিচাৰি পোৱা অসম্ভৱ, অতীতৰ সেই সহোদৰসকলৰ ঠিকনাও নাই। তাৰ অস্তিত্বই হয়তো নাই। কিন্তু একেবাৰে শিপাডাল উলিয়াব নোৱাৰিলেও, সেই নক্ষত্ৰ সৃষ্টিৰ আদিম কাহিনীৰ বিষয়ে, সূৰ্যৰ লগতে সৌৰজগতৰ গ্ৰহবোৰৰ জন্মলগ্নৰ বহুতো কথা জনা সম্ভৱ বুলি আজিৰ জ্যোতিৰ্বিজ্ঞানীৰ এক দৃঢ় বিশ্বাস গঢ়ি উঠিছে। এই সম্ভাৱনাৰ বাহক হৈছে সৌৰজগতৰ জন্মমুহূৰ্তৰ প্ৰত্যক্ষদৰ্শী ধুমকেতুবিলাক। আমাৰ জন্মমুহূৰ্তৰ অনেক বতৰা এই ধুমকেতুবিলাকেই সংগোপনে কঢ়িয়াই লৈ ফুৰিছে বুলি জ্যোতিৰ্বিদৰ বিশ্বাস। তাতেই হয়তো আমাৰ আচল শিপাডালৰো এদিন সন্ধান ওলাব ।