কেন্দ্ৰীয় নিবন্ধ

নষ্টালজিক ননচেঞ্চ আৰু জাতীয়তাবাদৰ ৰাজনীতি-(সীমান্ত কোঁৱৰ)

Nostalgia is like a grammar lesson, you can find the present as tense but the past perfect– (Owens Lee Pomeroy)

কেইবা বছৰৰ আগতে ইউটিউবত ভাৰতৰ বিখ্যাত ফটোগ্ৰাফাৰ ৰঘু ৰায়ৰ এটা সাক্ষাৎকাৰ চোৱা মনত আছে।  তেখেতৰ শৈশৱৰ ওপৰত সাংবাদিকজনে সোধা এটা প্ৰশ্নৰ উত্তৰত হঠাতে তেখেতৰ মুখৰ পৰা দুটা শব্দ উফৰি পৰিছিল। ‘নষ্টালজিক ননচেঞ্চ’ বুলি হঠাতে তেখেতে কোৱা সেই শব্দ দুটা আজিও অনবৰতে বুকুত কঢ়িয়াই ফুৰোঁ, আচলতে হঠাতে কেতিয়াবা নিজৰ আবেগ জৰ্জৰিত উদভ্ৰান্ত সোঁৱৰণীবোৰক শাসন কৰিবলৈকে প্ৰয়োজন হয় তেনে কিছুমান শাণিত শব্দৰ। কিন্তু কথা হ’ল জন্মৰ সময়ৰ পৰা এই জীয়াই থকা মুহূৰ্ত্তকণলৈকে জ্ঞাতে-অজ্ঞাতে আমি সৃষ্টি কৰি অহা সোঁৱৰণবোৰ আৰু আমাৰ মনত সাঁচ বহাই থৈ যোৱা সকলো ঘটনাৰ ফ্লাছবোৰ সচাকৈয়ে তেখেতে কোৱাৰ দৰে ‘নষ্টালজিক ননচেঞ্চ’ হয়নে? আৰু যদি হয়, তেন্তে সকলো জানি-শুনিও আমি কিয় এতিয়াও কঢ়িয়াই লৈ ফুৰোঁ শৈশৱৰ সেই ল’ৰা-ধেমালিৰ খেল, কৰ’বাত হঠাতে শুনা কোনোবা গানৰ সুৰ, কাৰোবাৰ মুখ বা ভালপোৱাৰ আনন্দ-বিৰহ! অৱশ্যে এই লেখাটোত মই মোৰ নিজা নষ্টালজিয়াৰ উচুপনিৰে পঢ়ুৱৈক আমনি কৰিব খোজা নাই। ইমান নম্ৰ, আৱেগিক, মানবীয় হৃদয়স্পৰ্শী অনুভৱ এটাকো ৰাষ্ট্ৰই কি ধৰণে মানুহৰ বিৰুদ্ধেই প্ৰয়োগ কৰিব পাৰে, তাৰ বিষয়ে চমুকৈ ক’ব বিচাৰিছোঁ। বিষয়টো এইবাবেই গুৰুত্বপূৰ্ণ যে দিনে-দিনে বিশ্বৰ চাৰিওদিশে সোঁপন্থী ৰাজনেতাৰ উদ্যোগত সোণালী ইতিহাসৰ পাত লুটিয়াই নতুন পৃথিৱী গঢ়াৰ প্ৰচেষ্টা চলিছে আৰু তেনে ৰাজনীতিৰ কবলত ধোঁৱা-কোঁৱা দেখিছে দেশৰ সাধাৰণ জন-গণে।  জাতীয়তাবাদী ৰাজনীতিৰ কবলত পৰি নষ্টালজিয়া কিদৰে এটা জাতি বা এখন ৰাস্ট্ৰৰ উত্থান-পতন তথা ধবংসৰ ইতিহাসৰ কাৰক হ’ব পাৰে, তাৰ বিষয়ে ন কৈ চিন্তা কৰাৰ সময় আজি সমাগত, নহ’লে ভাল দিনৰ সপোন দেখি-দেখি কেতিয়া জন-গণ ক’ব নোৱাৰাকে উঠিব নোৱৰা বোকাত সোমাই পৰিব,  গমেই নাপাব! বিশেষকৈ সোণালী অতীতৰ গৰিমাৰে গৰ্বিত হৈ অবাস্তৱ, ’ইউটোপিয়ান’ ভৱিষ্যত ৰচনা কৰিবলৈ যাওঁতে দেশৰ বৰ্তমানটোৰ যি অধঃপতন ঘটিছে, দেশৰ সচেতন নাগৰিক হিচাপে উপলব্ধি কৰাৰ দ্বায়িত্ব আমাৰেই। অৱশ্যে,  কথাবোৰ ক’বলৈ যাওঁতে এই কথাও নভবা নহয় যে আমাৰ অসমীয়াৰ দৰে আৱেগিক জাতি এটাৰ পো-পোৱালি হৈ নষ্টালজিয়াৰ বিৰূপ প্ৰতিক্ৰিয়াৰ ওপৰত কিবা লিখাটো কিমান যুক্তিসঙ্গত! কাৰণ অসমীয়া মানেই যে আবেগ!

নষ্টালজিয়া শব্দটো দুটা প্ৰাচীন গ্ৰীক শব্দৰ সমষ্টি। নষ্ট’জ(Nostos) মানে ঘৰলৈ উভটি যোৱা আৰু এলজিয়া (Algia) মানে হেপাহ। অৰ্থাৎ দূৰৈৰ নিজৰ আপোন ঘৰখনলৈ  বা কাল্পনিক অতীতলৈ উভটি যোৱাৰ তীব্ৰ হেপাহকে নস্টালজিয়া বুলি ক’ব পাৰি।  দাৰ্শনিক লোৱেণ্ঠেলে কোৱা মতে- “Nostalogia is universally acceptable catchword for looking back”। আন এজন দাৰ্শনিকৰ মতে Nostalgia is, in other words, recognized for specific references to a “sentimental yearning” for the past, and a feeling that something good is lost and that the world used to be a better place“। গতিকে ক’ব পাৰি যে নষ্টালজিয়া মানে নিজৰ অতীতলৈ আকৌ এবাৰ ভুমূকি মৰা, ইতিহাসৰ মনোমোহা আৰু আদৰ্শ পৃষ্ঠাবোৰ আকৌ এবাৰ লুটিয়াই চোৱা। সাধাৰণতে নষ্টালজিয়া সৃষ্টিৰ মূল কাৰক চাৰিটা -ভয়, পৰিস্থতিৰ লগত নিজকে খাপ খুৱাব নোৱৰা, আশংকা আৰু অনিৰ্দিষ্টতা বা অনিশ্চয়তা। তাৰ লগতে মানুহৰ মনৰ এই চিৰাচৰিত বদ্ধমুল ধাৰণা যে অতীত বৰ্তমানতকৈ সদায়েই শ্ৰেষ্ঠ আৰু বেছি মধুৰ। নষ্টালজিয়াৰ ধনাত্মক দিশৰ লগতে ঋণাত্মক দিশো নথকা নহয়, ব্যক্তিগত ক্ষেত্ৰতে বহুসময়ত নষ্টালজিয়াই মানুহক প্ৰেৰণা দিয়াৰ বিপৰীতে হীনমন্যতাত ভোগাব পাৰে বা হতাশ কৰিব পাৰে, এটা জাতি বা ৰাষ্ট্ৰৰ ক্ষেত্ৰত তাৰ পৰিণাম অতি ব্যাপক আৰু প্ৰভাৱশালী হয়। নষ্টালজিয়া দেখাত যদিও অতি ব্যক্তিগত এক অনুভৱ, য’ত নেকি ব্যক্তিগত হেৰুৱা অতীতৰ বেদনা আৰু পুনৰ ঘুৰাই পোৱাৰ স্পৃহা জড়িত হৈ থাকে, কিন্তু ব্যক্তিৰ সমষ্টিক যেতিয়া দেশৰ, ধৰ্মৰ, জাতিৰ সীমাত আবদ্ধ কৰি জাতি, দেশৰ হেৰোৱা অতীতৰ গৌৰৱ ৰোমন্থন কৰোৱা হয় , তেতিয়াই ব্যক্তিগত নষ্টালজিয়া হৈ পৰে সামুহিক নষ্টালজিয়া, দেশ বা জাতিৰ নষ্টালজিয়া; য’ত অনুঘটক ৰূপে যোগ দিয়ে পৰিচয়, ধৰ্ম,  যৌথ বিচাৰ ধাৰা আৰু ৰাজনৈতিক অভিনেতাই। 

কোনো মানুহেই আচলতে কেতিয়াও নিজৰ ইতিহাস, শিপা বা অতীতৰ পৰা নিজকে সম্পূৰ্ণৰূপে নিলগ কৰিব নোৱাৰে, ৰক্তত আজীৱন বৈ থকা ঐতিহ্য, ইতিহাসৰ কোবাল ধাৰাটোক সুঁৱৰি সকলোৱে নিজা-নিজা কাম-কাজত ব্যস্ত থাকে, জীৱন নিৰ্বাহ কৰে। সুমধুৰ অতীতৰ হেৰোৱা সুবাসৰ মায়াত কোনোবাই যিদৰে বৰ্তমানত হাবাথুৰি খায়, তাৰ বিপৰীতে যাৰ ইতিহাস অতি কণ্টকিত বা নিষ্ঠুৰ, সিও সময়ৰ সোঁতত সেই অতীতক লাহে-লাহে পাহৰিব বিচাৰে যাতে ভৱিয্যতৰ হাঁহিত সি হেঙাৰ হৈ উঠিব নোৱাৰে। দেশ এখনৰো নিজা পৰিচয়, বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা তথা স্বকীয় সংস্কৃতিৰ আত্মৰক্ষণৰ স্বাৰ্থত দেশখনৰ ইতিহাস বা বুৰঞ্জীৰ যথোচিত অধ্যয়ন আৰু চৰ্চা নিতান্তই প্ৰয়োজন। কিন্তু সেই অধ্যয়ন আৰু চৰ্চাত যেতিয়া মাত্ৰ কেইটামান বিশেষ(Selective) সময়, চৰিত্ৰ বা গোষ্ঠীক গুৰুত্ব প্ৰদান কৰা হয়, তেতিয়াই নষ্টালজিয়া হৈ পৰে পক্ষপাতী তথা অকল্যাণকামী। কেতিয়াবা ৰাষ্ট্ৰই মানুহৰ এই একান্তই ব্যক্তিগত অনুভৱ, আবেগবোৰক নিয়ন্ত্রণ কৰি সমূহীয়াভাৱে নিজা স্বাৰ্থ পূৰণত ব্যৱহৃত কৰে। যাৰ বাবে মানুহে বা এটা জাতিয়ে বা এখন দেশে নিজতকৈ দূৰ্বল, নিশকটীয়া কাৰোবাক শত্ৰু জ্ঞান কৰিবলৈ বা ঘৃণা কৰিবলৈ বাধ্য হয়, প্ৰৰোচিত হয়। নষ্টালজিয়াৰ ৰাজনৈতিক ব্যৱহাৰে এটা জাতি বা এটা গোষ্ঠীয়ে আন এটা জাতি বা গোষ্ঠীক হিংসা কৰিবলৈ শিকায়, শিকায় ধ্বংস কৰিবলৈ। কি অদ্ভুত কথা নহয় নে? যি ইমান নৰম, ব্যক্তিগত অনুভৱ সি কিদৰে হঠাতে হৈ পৰে নাশক, ধ্বংসকাৰী,  ভুৱা গুজৱ, ৰাজনৈতিক বা ব্যক্তিগত প্ৰতিহিংসাৰ বাহক! আচলতে, যেতিয়া আন কাৰোবাৰ আঘাতৰ বিষ আমাৰ আঘাতৰ বিষৰ মলম হৈ উঠে তেতিয়াই আমি বুজি পোৱা উচিত যে নষ্টালজিয়াও একেদৰে হৈ উঠিব পাৰে ৰাজনৈতিকভাৱে অতি বিপজ্জনক আৰু ভয়ংকৰ। 

জাতীয়তাবাদৰ ওপৰত লিখা এখন বিখ্যাত কিতাপ ’ইমাজিন্দ কম্যুনিটিজ’(Imagined Communities)ত লিখক বেনেডিক্ট এণ্ডাৰছনে কৈছিল যে যিকোনো জাতীয়তাবাদৰ উত্থানৰ মূল উপাদান হ’ল নষ্টালজিয়া। যি নষ্টালজিয়াক আমি একেবাৰে নিশকতীয়া, কোমল, হৃদয়ৰ আবেগ বুলি ভাবোঁ, জাতীয়তাবাদ উগ্ৰ হৈ উঠিলে সেই নষ্টালজিয়াৰ বুকুতে জন্ম হ’ব পাৰে বিনাশী হিংসাৰ গজালি। যিকোনো জাতীয়তাবাদী ৰাষ্ট্ৰৰ শাসনক মজবুত কৰাত সহায় কৰে সামুহিক নষ্টালজিয়াই। ৰাস্ট্ৰই এই সামুহিক নষ্টালজিয়াকে ব্যৱহাৰ (Manipulate) কৰি দেশ চলায়, মিউজিয়াম বনায়, শ্বহীদস্তম্ভ, বেদী, মিনাৰ, পাৰ্ক বনায়, আকাশলংঘী স্মৃতিসৌধ নিৰ্মাণ কৰে আৰু তাৰ লগতে জাতীয় স্মৃতিচাৰণৰ বিভিন্ন  বাধ্যতামূলক উৎসৱ উৎযাপন কৰে, সেয়া লাগিলে সামৰিক পেৰেডেই হওক কিম্বা ভগৱানৰ ৰথযাত্ৰা হওক। এণ্ডাৰচনৰ মতে জাতীয়তাবাদী যিকোনো ৰাষ্ট্ৰই কল্যাণকামী উন্নয়নৰ নামত এইধৰণৰ স্মাৰক নিৰ্মাণ বা উৎসৱ-পাৰ্বণৰ কাম-কাজলৈয়ে কম-বেছি পৰিমাণে ব্যস্ত হৈ থাকে আৰু সাধাৰণ জনসাধাৰণকো ভ্ৰমিত কৰি ৰাখে যে দেশত বহু উন্নতি হৈছে। এই ‘Official Memorialising’ বা চৰকাৰী স্মৃতিচাৰণাৰ বিপৰীতে ৰৈ থাকে মানুহৰ মনৰ সেই সকলো স্মৃতি যি ক্ষমতাশালীৰ দ্বাৰা ৰচিত ইতিহাসৰ লগত কোনোদিনে মিল নাখায়। ভূগৰ্ভস্থিত কোনো নদীৰ সোঁতৰ দৰেই মানুহৰ মনত অহৰহ বৈ থাকে সেই সমস্ত অলিখিত ইতিহাসৰ আকৰ- আৰু বাহিৰৰ পৃথিৱীত পাৰভঙা খৰস্ৰোতা নদীৰ সোঁতৰ দৰে ঢপলিয়াই যায় ৰাষ্ট্ৰৰ দ্বাৰা অনুমোদিত বলিদান, সমস্যা, শ্বহীদৰ ত্যাগ আৰু বীৰত্বৰ কাহিনী। এই সোঁতৰ লগত সাঁতুৰিব যাওঁতেই সুবিধাবাদী সংখ্যাগুৰুসকলো হৈ উঠে ইতিহাসৰ ’ভিক্তিম’ আৰু এনে প্ৰৱঞ্চনাৰ কাহিনীৰ ওপৰতে নিৰ্ভৰ কৰি নায্যতা পায় ৰাস্ট্ৰৰ সকলো দমনৰীতিৰ প্ৰক্ৰিয়াই। 

জাতীয়তাবাদী নষ্টালজিয়াৰ বৈশিষ্ট্য সাধাৰণতে প্ৰতিৰোধী (Defensive), য’ত এটা জাতি বা গোষ্ঠীক অনুপ্ৰৱেশকাৰীৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ এটা নিৰ্দিষ্ট গণ্ডী বা সীমাৰ মাজত আবদ্ধ কৰি ৰখা হয়। একেদৰে অন্য কোনো দেশৰ সীমাত আবদ্ধ সমগোষ্ঠীয় বা সমজাতীয় লোকক নিজৰ সীমাৰ ভিতৰলৈ আনিবলৈ চেষ্টা অব্যাহত থাকে। তাৰ বিৰূপ প্ৰতিক্ৰিয়াৰ উদাহৰণ তাহানিৰ জাৰ্মানী বা আজিৰ ৰাচিয়া ইউক্ৰেনৰ যুদ্ধ। একেদৰে আমাৰ প্ৰতিৱেশী দেশত থকা ধৰ্মীয় সংখ্যালঘু সকলক ভাৰতত নাগৰিকত্ব প্ৰদান কৰিব বিচৰাটোও একপ্ৰকাৰৰ জাতীয়বাদী নষ্টালজিয়াৰে উদাহৰণ। 

জাৰ্মানীৰ কুখ্যাত ফেচিবাদী নেতা মুছোলনিয়ে ইতিহাস পুনৰ দোহৰাৰ বিষয়ে এইদৰে কৈছিল -We have created our myth. The myth is a faith, a passion. It is not necessary for it to be a reality…. Our myth is the nation, our myth is the greatness of the nation! And to this myth, this greatness, which we want to translate into a total reality, we subordinate everything”. মুছোলেনিৰ এই উক্তিটোৰ পৰা এই কথা স্পষ্ট যে নষ্টালজিয়া বা জাতীয়তাবাদী ইতিহাসৰ পুনৰুদ্ধাৰ আছলতে ৰাষ্ট্ৰৰ দ্বাৰা সম্পূৰ্ণ পৰিকল্পিত এক আঁচনি, যি আঁচনিৰ জৰিয়তে ৰাষ্ট্ৰই নষ্টালজিয়াৰ আবেগ-অনুভুতিক এইদৰে গঢ় দিয়ে যে যাৰ ভেটিত গঢ় লৈ উঠিব পাৰে ’’ফেচিজম’ৰ মূল চাৰি স্তম্ভ – বাধ্যতা তথা আনুগত্য, ইতিহাস, বিশুদ্ধিকৰণ আৰু সংগ্ৰাম। কাল্পনিক অতীতৰ পুনৰুদ্ধাৰৰ জড়িয়তে জাতীয়তাবাদী ৰাষ্ট্ৰই সদায় নষ্টালজিয়া আৰু ফেচিষ্ট আদৰ্শৰ লগত যোগসূত্ৰ স্থাপন কৰে। জাৰ্মানীৰ নাজীসকল এইক্ষেত্ৰত বেছি আগৰণুৱা আছিল। হিটলাৰৰ নাজী বাহিনীৰ অন্যতম সেনাধ্যক্ষ এলফ্ৰেড ৰজেনবাৰ্গে ১৯২৪ চনত  Volkischer Beobachter’ বাতৰি কাকতৰ সম্পাদকীয়ত লিখিছিল যে “আমাৰ বুৰঞ্জী আৰু ঐতিহাসিক অতীতক উপলব্ধি কৰা আৰু সন্মান কৰা ইউৰোপৰ মাটিত আমাৰ পূৰ্বাসুৰী সকলৰ দ্বাৰা মজবুত দেশ গঢ়াৰ প্ৰথম স্বৰ্ত“। (“the understanding of and the respect for our own mythological past and our own history will form the first condition for more firmly anchoring the coming generation in the soil of Europe’s original homeland”। এই আদৰ্শকে জীয়াই ২০১৭ চনত অনুষ্ঠিত জাৰ্মানীৰ সাধাৰণ নিৰ্বাচনত Alternative fur Deutschland (AfD) দলৰ নেতা এলেক্সজেণ্ডাৰ গোলেণ্ডে আগ্ৰহ কৰিছিল-“ইতিহাসক আকৌ এবাৰ জাৰ্মানীলৈ ঘূৰাই আনিবলৈ যাতে দুয়োখন বিশ্বযুদ্ধত প্ৰাণ উচৰ্গিত জাৰ্মান সেনাৰ বীৰত্বৰ গৰিমাৰে দেশ আকৌ গৰ্বিত হব পাৰে“।  হিটলাৰ আছিল সেই ইতিহাসৰ আটাইতকৈ চৰ্চিত তথা মূল কাণ্ডাৰী। জাৰ্মানীক পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ দেশ বনোৱাৰ সপোন দেখুৱাই তেওঁ অবাধে ৰচি গৈছিল ইহুদী ধ্বংসৰ আলোড়নকাৰী ইতিহাস। সমগ্ৰ জাৰ্মান জাতিয়ে তেওঁক পূজা কৰিছিল জাৰ্মান জাতিৰ গৌৰৱ উদ্ধাৰ কৰা একমাত্ৰ নায়ক হিচাপে আৰু একান্ত বাধ্য ছাত্ৰৰ দৰেই হিটলাৰৰ সকলো আদেশ পালন কৰিছিল। ভাবিলে আচৰিত লাগে কিদৰে সম্ভৱ হয় এই প্ৰশ্নাতীত বাধ্যতা? নষ্টালজিয়াৰ খুউব কৌশলী আৰু পৰিকল্পিত ৰাজনৈতিক প্ৰয়োগ অবিহনে এইধৰণৰ বাধ্যতা আৰু আনুগত্য সম্ভৱ নহয়। যিকোনো ফেচিষ্ ৰাষ্ট্ৰত নষ্টালজিয়া আৰু বাধ্যতা অঙ্গাঙ্গী। বেনেডিক্ট এণ্ডাৰচনে লিখিছিল যে “কোনো ৰাষ্ট্ৰই কেৱল জাতিৰ স্বাৰ্থত স্মৃতিসৌধ বা শ্বহীদস্তম্ভ নিৰ্মাণ নকৰে, সেই কাম কৰা হয় এক কাল্পনিক ঐক্য আৰু যৌথ সময়ৰ পৰিকল্পনাৰে যি সময় সকলোৰে লগত ভাগ কৰি লব পৰা যায়“‌।

কেৱল অতীতৰ জাৰ্মানীতে নহয়, এতিয়াও বা সমসাময়িকভাৱে আজিও পুৰণি সোণালী অতীতৰ স্বপ্ন দেখুৱাই ৰাজনেতাৰ দ্বাৰা নিৰ্বাচনত ভোটাৰৰ পৰা ভোট বিচৰা যায়। সোঁপন্হী ৰাজনীতিত দেশৰ সাধাৰণ ভোটাৰক প্ৰতীয়মান কৰা হয় যে সোণালী ইতিহাসৰ পুনৰুদ্ধাৰেহে দেশৰ সংস্কৃতি তথা ঐতিহ্যক মহান কৰিব পাৰিবপাৰিব। যিকোনো দেশক একত্ৰ তথা শক্তিশালী কৰিবলৈ অতীতৰ পুৰণি ৰীতি-নীতি, প্ৰথা তথা মূল্যবোধ আকোৱালি ল’বলৈ ৰাষ্ট্ৰৰ দ্বাৰা অনুমোদিত প্ৰক্ৰিয়াত জন-গণক বাধ্য কৰোৱা হয়। সেই স্বাৰ্থত প্ৰয়োজনানুসাৰে ৰাষ্ট্ৰই দেশৰ ইতিহাসৰ পৃষ্ঠা বিকৃত কৰে, স্বাৰ্থানুযায়ী কাৰোবাক জাতীয় শ্বহীদ ঘোষণা কৰে, ফুলকুমলীয়া ছাত্ৰ-ছাত্ৰীৰ পাঠ্যপুথিত অন্তুৰ্ভুক্ত কৰে  ৰাষ্ট্ৰৰ দ্বাৰা অনুমোদিত আৰু সম্পাদিত বিষয়বস্তু বা জাতীয় বঁটা-সন্মানৰে কোনো বিশেষ সম্প্ৰদায়, গোষ্ঠীক মন ভুলোৱা হয়। ব্ৰেক্সিটৰ ’Take Back Control’, তু্ৰ্কীৰ ৰাষ্ট্ৰপতি এৰড’গানৰ অটোমান সামাজ্য প্ৰীতি, চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ “Great Rejuvenation of the Chinese People”, ৰাচিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ পুৰণি ছোভিয়েট ইউনিয়নৰ পুনৰুদ্ধাৰৰ বাবে আগ্ৰাসণ নীতি, মোদীচৰকাৰৰ ’হিন্দু পুনৰজাগৰণ’ তথা আমেৰিকাৰ প্ৰাক্তন ৰাস্ট্ৰপতি ট্ৰাম্পৰ “Make America Great Again” এই সকলোবোৰ উগ্ৰ ৰাজনীতি সমৃদ্ধ জাতিবাদী নষ্টালজিয়াৰ ৰাজনৈতিক শ্লোগান, যাৰ দ্বাৰা ভোটাৰক, নাগৰিকক আকৰ্ষণ কৰা হয়।  এইধৰণৰ শ্লোগানৰ দ্বাৰা এইসকল শাসকে সদায়েই আনুগত্য তথা দমনৰ জড়িয়তে সোণালী অতীতৰ পুনৰুদ্ধাৰ তথা নষ্টালজিক বিৱৰ্তনৰ পৃষ্ঠপোষকতা কৰি ৰাজনৈতিক শাসকৰ ভূমিকা লাভ কৰিবলৈ সক্ষম হৈছে। ট্ৰাম্পৰ ভাষণত পুৰণি আমেৰিকাৰ গৰ্বিত ইতিহাসৰ গৰিমাৰ লগতে এতিয়াও মহিলা তথা অশ্বেতাংগ মানুহৰ প্ৰতি বিদ্বেষ স্পষ্টভাৱে প্ৰকাশ পায়। একেদৰে তু্ৰ্কীৰ ৰাষ্ট্ৰপতি এৰড’গান আৰু তেওঁৰ ৰাজনৈতিক দ’ল Adalet ve Kalkunma Partisiয়ে পুৰণি অটোমান তথা শ্বেলজুকিয়ান সামাজ্যৰ গৌৰৱপূৰ্ণ ইতিহাসৰ দিনবোৰ ব্যৱহাৰ কৰি এখন নতুন তুৰ্কী গঢ়িবলৈ “ Resurrection once again, rise once again” শ্লোগান ব্যৱহৃত কৰে। 

এই কথা স্পষ্ট যে সোঁপন্থী ৰাজনেতাৰ দ্বাৰা এইদৰে সোণালী অতীতৰ পুনৰুদ্ধাৰ তথা উগ্ৰ জাতিবাদৰ অন্তৰালত আন কিছুমান উদ্দেশ্যও থাকে। গৃহ, অৰ্থসংকট, কৰ্মসংস্থাপনৰ দৰে বুনিয়াদী তথা দেশৰ প্ৰকৃত সমস্যাবোৰক জনসাধাৰণৰ তীক্ষ্ণ নজৰৰ পৰা লুকুৱাই তেওঁলোকে প্ৰমাণ কৰিবলৈ বিচাৰে যে -(ক) দেশৰ প্ৰাকৃতিক সম্পদ, কৰ্মসংস্থাপন তথা গৃহসংস্থাপনৰ বাবে অনুপ্ৰৱেশকাৰীসকল প্ৰধান শত্ৰু (খ) দেশৰ মূল লাভাংশ দেশৰ প্ৰকৃত নাগৰিকৰ স্বাৰ্থত খটোৱাতকৈ অনুপ্ৰৱেশকাৰীসকলে বেছিকৈ পায়, (গ) দেশৰ আৰ্থ-সামাজিক তথা সাংস্কৃতিক পৰিচয়ৰ ক্ষেত্ৰত অনুপ্ৰৱেশকাৰীসকল এটা ভাবুকি (ঘ) বেছিভাগ অপৰাধ, সামাজিক অসুৰক্ষা তথা বেমেজালিৰ বাবে বেছিভাগ অনুপ্ৰৱেশকাৰীয়েই জগৰীয়া আৰু  (ঙ) দেশৰ নৈতিক আদৰ্শৰ অধঃপতনৰ বাবে মূলত ধাৰ্মিক অল্পসংখ্যক সকল বিশেষকৈ ইছলামধৰ্মী সকল জগৰীয়া। বিভিন্ন চলে-বলে-কৌশলে, ৰাজনৈতিক মিথ্যাবাদৰ সহায়ত ৰাজনৈতিক পৰিকল্পনাৰে অল্পশিক্ষিত জনতাৰ মনত এইদৰে সুমোৱাই দিয়া হয় আন এটা জাতি, ধৰ্ম, গোষ্ঠীৰ প্ৰতি বিদ্বেষ, হিংসা তথা শত্ৰুতাৰ বৰবিহ। বিখ্যাত গ্ৰন্থ How Fascism Works ত লেখক Jason Stanleyয়ে কোৱা এই কথাষাৰ উল্লেখ কৰিব বিচাৰিছোঁ -“Fascist politicians justify their ideas by breaking down a common sense of history in creating a mythic past to support their vision for the present“.

যিয়েই নহওক কিয়, ৰাজনৈতিক নষ্টালজিয়া তথা জাতীয়তাবাদ দুয়োটা বিষয়কে সময়, সীমাৰ পৰিধি ভাঙি প্ৰায় সকলো ৰাজনৈতিক নেতাই প্ৰয়োগ কৰে  নিজা ৰাজনৈতিক স্বাৰ্থত। কিন্তু সেইজনেই প্ৰকৃত নাগৰিক, যি কোনো ৰাজনেতাৰ প্ৰৰোচনাত নপৰি নিজা বিবেকেৰে শত্ৰু আৰু মিত্ৰৰ মাজত পাৰ্থক্য বুজিব পাৰে আৰু প্ৰয়োজনত যি ’না’ বুলি স্পষ্টভাবে ক’ব পাৰে। সেইজনেই প্ৰকৃত নাগৰিক, যি নষ্টালজিয়া, আনুগত্য তথা শত্ৰু-মিত্ৰ নিৰ্ধাৰণৰ চলিত বলয়ক ভেদ কৰি প্ৰয়োজনত ৰাষ্ট্ৰৰ অবাধ্য হৈ উঠিব পাৰে। নহ’লে নষ্টালজিয়া সদায়েই ৰঘু ৰায়ৰ সেই শব্দদুটাৰ দৰে ’নষ্টালজিক ননচেঞ্চ’ হৈয়ে থাকি যাব। 

(লেখাটোত ব্যৱহৃত ফটোখন বিখ্যাত শিল্পী জে চি ৰ ’ৰোমান সামাজ্য)

সহায়ক গ্ৰন্থ :

১) How fascism Works- The politics of US and THEM- Jason Stanley, Random Hous, 2018

২) Imagined Communities- Benedict Anderson, Verson, 2006

৩) নস্টালজিয়া, আনুগত্য আৰু নাগৰিকত্ব, বিংশ শতিকাৰ চিনেমাত ফেচিস্ট এস্হেটিক্স এবং জনতাৰ প্ৰতিমূৰ্তি-  তৃণা নিলীনা বন্দোপধ্যায়, প্ৰতিৰোধেৰ চিনেমা, সপ্তম বৰ্ষ, ১ম সংখ্যা, ২০২০

৪) Nationalism and Poilitics of Nostalogia- Grabellia Elgenious

Leave a Reply

Your email address will not be published. Required fields are marked *