নৱেম্বৰ, ২০১১
কোনে এতিয়া কান্দিছে
কোনে এতিয়া উচুপি উচুপি কান্দিছে
কাৰ বুকু এতিয়া মহাশূন্য
এটা জাতিয়ে এতিয়া কান্দিছে
এটা জাতিয়ে এতিয়া উচুপি উচুপি কান্দিছে
এটা জাতিৰ বুকু এতিয়া মহাশূন্য
ৰজাই কৈছে, তেওঁ যে শুই আছে জজ পথাৰত
প্রজাই কৈছে
তেওঁ সাৰে আছে তেওঁ সাৰে আছে জনতাৰ অন্তৰে অন্তৰে