অবিশ্বাসী তিৰোতা (মূল: ফেডেৰিকো গাৰ্থিয়া লোৰকা; অনুবাদ: অৰুণ কুমাৰ শৰ্মা)
কুমাৰী বুলি ভাবি মই তাইক লৈ গৈছিলোঁ
নৈখনলৈ, যদিও তাইৰ আছিল এগৰাকী স্বামী।
সিদিনা আছিল জুলাইৰ চতুৰ্থ শুকুৰবাৰ
আৰু মই প্ৰায়ে বাধ্য হোৱাৰ দৰেই গৈছিলোঁ।
চাকিবোৰ নুমাই গৈছিল,
উঁইচিৰিঙাবোৰ জ্বলি উঠিছিল।
দূৰৈৰ ৰাস্তাৰ মূৰৰ এচুকত মই স্পৰ্শ কৰিছিলোঁ তাইৰ ঘুমন্ত স্তনযুগল
আৰু নিমিষতে সেই দুটি মেটেকা ফুলৰ
পাহিৰ দৰে মঞ্জৰিত হৈছিল।
তাইৰ মাৰ দিয়া পেটিকোটৰ খৰমৰণিয়ে
দহখন ছুৰিয়ে ৰেচমী কাপোৰ কটাৰ দৰে
মোৰ কাণত শব্দ কৰিছিল।
ৰূপৰ পোহৰ নোহোৱাকৈয়ে গছবোৰে
ডাঙৰ-দীঘল হৈ প্ৰকাণ্ড আকাৰ ধাৰণ
কৰিছিল আৰু নৈখনৰ পৰা বহু দূৰৈত কুকুৰৰ দিগন্তই ভুকভুকাই আছিল।
জামুগছডাল পাৰ হৈয়ে নলখাগৰি আৰু
কাইঁটীয়া জাৰণিৰ আঁৰত তাইৰ পৰি
থকা চুলিকোছাৰ তলত মই এটি গাঁত
খান্দিছিলোঁ;
মই টাইডাল খুলি লৈছিলোঁ,
তাইও তাইৰ সাজযোৰ খুলি লৈছিল,
মই খুলি লৈছিলোঁ ৰিভলভাৰ লাগি থকা
মোৰ বেল্টডালো আৰু তাই
খুলি লৈছিল তাইৰ ওপৰভাগৰ
চাৰিটা অন্তৰ্বাস।
এইবাৰ সম্মুখত মাৰো নাই সাতোৰঙী পোহৰ জিলিকোৱা মুকুতাও নাই
আছে কেৱল চকু চমকোৱা মিহি এখন ছাল।
চক খাই আঁতৰি যোৱা মাছৰ দৰে তাইৰ
উৰুযুগল মোৰ পৰা পিছলি পৰিছিল—
এখন জুইৰে অৰ্ধপৰিবৃত
আনখন অৰ্ধশীতল।
সেই ৰাতিয়ে মই লেকামবিহীন ৰঙচঙীয়া
এটি মাইকী ঘোঁৰাত উঠি
আটাইতকৈ উত্তম ৰাস্তাটোৰে
পলাইছিলোঁ।
এজন প্ৰকৃত মানুহৰ দৰে তাই কোৱা কথাবোৰ মই পুনৰুক্তি কৰা নাছিলোঁ।
বোধশক্তিৰ প্ৰোজ্জ্বলতাই মোক অতি সাৱধান হ’বলৈ শিকাইছিল।
বালি আৰু অগণিত চুমাৰ দাগ লৈ
মই তাইক নৈৰ পৰা লৈ আনিছিলোঁ।
ভেটফুলৰ তৰোৱালবোৰে
বায়ুৰ স’তে যুঁজিছিল।
মই যেনেকুৱা, তেনেকুৱাই ব্যৱহাৰ কৰিছিলোঁ, অবিকল জিপছীৰ দৰেই।
মই তাইক মুগা বৰণীয়া ৰেচমী সূতাৰে চিলোৱা এটি ডাঙৰ খৰাহী দিছিলোঁ,
কিন্তু মই তাইৰ প্ৰেমত পৰা নাছিলোঁ,
গিৰিয়েক থকা সত্ত্বেও
কুমাৰী বুলি কোৱা বাবেহে
মই তাইক নৈখনলৈ নিছিলোঁ।
(মূল কবিতা: The Faithless Wife)