অধিকাৰ, ৰাষ্ট্ৰ, আমাৰ আন্দোলন— অতীত আৰু বৰ্তমান: এক বিস্তৃত বিষয়ৰ এটি চমু লেখা— (মূল: শুভেন্দু দাসগুপ্ত :: অনুবাদ: গৌতম গোস্বামী)
[অনুবাদকৰ টোকা: লেখাটো সাম্প্রতিক সময় সাপেক্ষে অতি প্ৰাসংগিক। দেখা গৈছে বহু প্ৰগতিশীল, বামপন্থী, আনকি প্ৰাক্তন জঙ্গী আন্দোলনকাৰী নেতাইও সৰু সৰু উৎপাদন গোট গঠনতেই আত্মনিয়োগ কৰিছে য’ত চৰকাৰৰ কিঞ্চিৎ সহযোগ থাকে। সমাজৰ পৰা অন্ধবিশ্বাস, কুসংস্কাৰ দূৰ কৰি বিজ্ঞান মানসিকতা প্ৰচাৰৰ লগতে দুৰ্নীতি নিবাৰক আৰ. টি. আই. কৰ্মী হিচাপেও বহুসংখ্যক গুণী-জ্ঞানী ব্যক্তিয়ে সততাৰে কাম কৰি আছে। কিন্তু তেওঁলোকৰ কামে শাসক পক্ষক ভবাই তুলিব পৰা ধৰণৰ প্ৰভাৱ পেলাব পৰা নাই। আনহাতে বহল পৰিসৰত ৰাইজক এক উন্নত জীৱন দিবৰ বাবে, ন্যায়, গণতন্ত্র, শিক্ষা, স্বাস্থ্য, সন্মান, মৌলিক অধিকাৰৰ বাবে সংগঠিত কৰা কেনেকৈ সম্ভৱ, কি কৰা উচিত, ৰাইজ প্ৰস্তুত নে- ইত্যাদি ধৰণৰ দ্বিধাবোধ আঁতৰ কৰি নতুনভাৱে সংগঠিত হোৱাৰ বাট দেখুৱাবলৈ এই লেখাটি সফল হ’লে লেখকৰ উদ্দেশ্যও সফল হ’ব। এনে কথাকে সাৰোগত কৰি বাংলা আলোচনী ‘অনীক’ ২০২২ চনৰ জুলাই সংখ্যাত প্ৰকাশিত কলকাতা বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা প্ৰখ্যাত অৰ্থনীতিবিদ শ্ৰদ্ধাৰ শুভেন্দু দাশগুপ্ত দেৱৰ “অধিকাৰ, ৰাষ্ট্ৰ, আমাদেৰ আন্দোলন— অতীত ও বৰ্তমান” : বড়ো বিষয়ে একটি ছোটো লেখা” প্ৰৱন্ধটোৰ অনুবাদ ‘মুক্ত চিন্তা’ৰ মননশীল পাঠক লৈ আগবঢ়ালোঁ।]
গণতান্ত্ৰিক অধিকাৰ সুৰক্ষা সমিতি, ‘এপিডিআৰ’ৰ দক্ষিণ কলিকতা শাখাই এখন আলোচনা সভা আহ্বান কৰিছিল, অধিকাৰ আন্দোলনৰ কৰ্মী সুদীপ্ত সেনৰ স্মৃতিত। আলোচনা সভাত মোক বক্তব্য ৰাখিবলৈ কোৱা হৈছিল। সভাৰ বিষয় আছিল ‘মানৱ অধিকাৰ আৰু ভাৰত ৰাষ্ট্ৰ— অতীত আৰু বৰ্তমান’। মোক অৰ্থনৈতিক অধিকাৰৰ বিষয়ত ক’বলৈ কোৱা হৈছিল।
সেইদিনা বক্তব্য ৰাখিবৰ বাবে কাগজত চমুকৈ যি খিনি কথা লিখি নিছিলোঁ, তাৰ আধাৰতে এই লেখাটো ‘অনীক’ৰ পাঠকসকলৰ বাবে আগবঢ়ালোঁ।
লেখাটোৰ বিষয়বস্তুলৈ চাই এই লেখাটো অতি বিস্তৃত হোৱা উচিত। মই কম সময়তে ক’বৰ বাবে লেখাটো চুটি কৰিছিলোঁ৷ গতিকে এই প্ৰৱন্ধটোও চমুকৈ লিখিলোঁ।
মই ভাৰতৰ অৰ্থনীতিক দুটা সময়কালত ভাগ কৰি চাইছোঁ, মোৰ আলোচনাৰ বিষয়ৰ প্ৰসংগক্ৰমে। ভাৰত ৰাষ্ট্ৰৰ অৰ্থনীতিৰ প্ৰথম সময়ছোৱা ১৯৪৭ চনৰ পৰা ১৯৭৫—৮০ চনলৈ লৈছোঁ। দ্বিতীয় সময়ছোৱা ১৯৭৫—৮০ চনৰ পৰা এতিয়ালৈকে। প্ৰথম সময়কাল ‘অতীত’, দ্বিতীয় সময়কাল ‘বৰ্তমান’। এই বিভক্তকৰণত বিতৰ্ক থাকিব। এইটোৱেই হ’ল প্ৰথম প্ৰস্তাৱনা।
দ্বিতীয় প্ৰস্তাৱনা হ’ল ‘অৰ্থনৈতিক অধিকাৰ’। আমি যি অধিকাৰ আন্দোলন ধাৰাৰ সৈতে জড়িত সেই ধাৰাত, সাধাৰণতে ‘অৰ্থনৈতিক অধিকাৰ’ এটা সুকীয়া বিষয় হিচাপে নাহে। ‘অৰ্থনৈতিক অধিকাৰ’ বা ‘অৰ্থনৈতিক বিষয়ক অধিকাৰ’ বুলি ক’লে আমি কি বুজি পাওঁ?
মই ‘জীৱনৰ অধিকাৰ’ বুলি কওঁ। ইয়াক অধিক সম্প্ৰসাৰিত কৰি ক’ব পাৰোঁ ‘জীৱন যাপনৰ অধিকাৰ’। মই আৰু কিছু বঢ়াই কৈছোঁ বা কিছু সংকোচিত কৰি কৈছোঁ বুলিও কোনোবাই ক’ব পাৰে যে জীৱন যাপনৰ অৰ্থনৈতিক বিষয়ৰ অধিকাৰেই হৈছে অৰ্থনৈতিক বিষয়ৰ অধিকাৰ। জীৱন যাপনৰ লগত যি অৰ্থনীতি জড়িত হৈ আছে তাৰ অধিকাৰ। কিছু উদাহৰণ দিওঁ। অৰ্থনৈতিক অধিকাৰৰ কিছুমান গাঢ় সুচাংকৰ উদাহৰণ হ’ল কৃষি, উদ্যোগ, শিক্ষা, স্বাস্থ্য, বাসস্থান, খাদ্য, মাটি, পানী, বনাঞ্চল, পাহাৰ, এনে ধৰণৰ সকলো বিষয়।
আকৌ এই প্ৰতিটো বিষয়ৰ আধিকাৰকে অধিক সৰু সৰু বিষয়ৰ অধিকাৰত বিভক্ত কৰি ল’ব পাৰি। যেনে, কৃষিৰ অধিকাৰৰ ভিতৰত কৃষিভূমি, বীজ, শস্য, কৃষি সঁজুলি আদি অধিকাৰ অন্তৰ্ভুক্ত হৈ আছে।
ঠিক তেনেদৰে উদ্যোগিক অধিকাৰৰ পৰা আৰম্ভ কৰি শ্ৰমিক, মজুৰি, শ্ৰমিকৰ স্বাস্থ্য, পৰিৱেশৰ অধিকাৰ অন্তৰ্ভুক্ত হৈ থাকে।
একো একোটা ডাঙৰ বিষয়ক বিভক্ত কৰি কৰি গৈ থাকিলে বহুতো বিষয় আহি পৰিব। অধিকাৰৰ পৰিসৰ বৃদ্ধি পাব। আৰু এই প্ৰতিটো অধিকাৰৰ সৈতে ভাৰতীয় ৰাষ্ট্ৰৰ দায়িত্ব সংযুক্ত হৈ আছে বা সংযোগ কৰিব পাৰি।
ৰাষ্ট্ৰই জানে যে নাগৰিকে যদি ৰাষ্ট্ৰৰ কথা নামানে তেন্তে ৰাষ্ট্ৰ বিপদত পৰিব। ৰাষ্ট্ৰক নাগৰিকৰ স্বীকৃতিৰ প্ৰয়োজন। স্বীকৃতিৰ বাবে নাগৰিকৰ অৰ্থনৈতিক প্ৰয়োজন, দাবী, অধিকাৰ মানি লোৱাটো প্ৰয়োজন। যিমান খিনি পৰা যায়।
ৰাষ্ট্ৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা আৰু নিয়মাৱলী নাগৰিক অধিকাৰৰ প্ৰয়োজনীয়তাৰ সৈতে জড়িত। এই জটিলতাৰ ইতিহাস বহু পুৰণি। তাৰ ‘অতীত’ আছে , ‘বৰ্তমান’ আছে।
নাগৰিকৰ অধিকাৰ ৰাষ্ট্ৰৰ অৰ্থনীতি, নিয়মাৱলী আৰু পৰিচালনাৰ সৈতে জড়িত হৈ আছে। সেই অধিকাৰৰ ‘অতীত’ আছে, ‘বৰ্তমান’ আছে।
মই বুজাব বিচাৰিছোঁ ১৯৪৭ চনৰ পৰা ১৯৭৫—৮০ চনলৈকে ‘অতীত’ আৰু ১৯৭৫—৮০ চনৰ পৰা এতিয়ালৈকে ‘বৰ্তমান’।
এতিয়া অতীতৰ ভাৰত ৰাষ্ট্ৰৰ অর্থনৈতিক চিন্তাধাৰাৰ বিষয়ে আলোচনা কৰা যাওক৷
স্বাধীনোত্তৰ ভাৰত ৰাষ্ট্ৰৰ অৰ্থনৈতিক চিন্তাধাৰা তেতিয়াৰ কংগ্ৰেছ দলৰ ৰাজনৈতিক চিন্তাধাৰাৰ সৈতে মিল আছিল। ঘোষিত নীতি সাম্ৰাজ্যবাদ বিৰোধী অথচ সম্পূৰ্ণ সমাজবাদী অৰ্থনীতি নহয়। দুয়োটাৰ মাজেৰে আগবঢ়া। তৃতীয় পথ। তৃতীয় বিশ্বৰ অৰ্থনীতি। চৰকাৰ নিৰ্ভৰশীল অৰ্থনীতি। চৰকাৰ সমাজবাদী নহয়। ফলত অৰ্ধপুঁজিবাদী আৰু অৰ্ধসমাজবাদী ‘মিশ্ৰিত অৰ্থনীতি’।
বিদেশী শাসনৰ বিৰুদ্ধে যুঁজ দি দেশ স্বাধীন হৈছে, গতিকে বিদেশী শাসনৰ অৰ্থনীতি ‘পুঁজিবাদী অৰ্থনীতি’ নহয়, আনহাতে যিহেতু শ্ৰমিক শ্ৰেণীও ক্ষমতাত নাই, গতিকে ই ‘সমাজবাদী অৰ্থনীতি’ও নহয়। নিৰ্বাচিত চৰকাৰৰ ওপৰত ভিত্তি কৰি নতুন স্বাধীনোত্তৰ জনগণৰ অৰ্থনৈতিক অধিকাৰৰ অৰ্থনীতি৷ পঞ্চবাৰ্ষিক পৰিকল্পনা ভিত্তিক অৰ্থনীতি।
এনে পৰিস্থিতিতে ইয়াক এক বিশেষ ৰাষ্ট্ৰ-নাগৰিক সম্পৰ্ক হিচাপে গঢ়ি তোলা হয়। পাৰস্পৰিক সন্মান আৰু স্বীকৃতিৰ ভিত্তিত গঢ়ি উঠা সম্পৰ্ক। নাগৰিকে ৰাষ্ট্ৰৰ শাসন মানি লয়, ৰাষ্ট্ৰই মানি লয় নাগৰিকৰ অধিকাৰ, অৰ্থনৈতিক অধিকাৰ। এই স্বীকৃতি শাসন ব্যৱস্থা টিকি থকাৰ চৰ্ত।
চৰকাৰে নাগৰিকৰ অৰ্থনৈতিক অধিকাৰ মানি লৈ নাগৰিকক অৰ্থনৈতিক অধিকাৰ প্ৰদানৰ বাবে সন্মত হয়, অৰ্থনৈতিক অধিকাৰৰ নীতি নিয়ম নিৰ্ধাৰণ কৰে। যাৰ এটা উদাহৰণ হ’ল পঞ্চবাৰ্ষিক পৰিকল্পনা।
ৰাষ্ট্ৰৰ অৰ্থনৈতিক বিষয়সমূহৰ ভিতৰত আহিল— উৎপাদন, যোগান, চাহিদাৰ সৃষ্টি আৰু পূৰণ, মূল্য নিৰ্ধাৰণ, আয় সৃষ্টি, নিয়োগ সৃষ্টি, প্ৰযুক্তি সৃষ্টি আৰু প্ৰয়োগ, স্বাস্থ্য ব্যৱস্থা গঢ়ি তোলা, যোগান, কৃষি উন্নয়ন, উদ্যোগ প্ৰতিষ্ঠা, সেৱা প্ৰদান, বিদ্যুৎ উৎপাদন আৰু যোগান, নগৰ উন্নয়ন, গৃহ নিৰ্মাণ আৰু উন্নয়ন ইত্যাদি। সকলো একত্ৰিত কৰি এক বিশাল চৰকাৰী ব্যৱস্থাপনাৰ গঠন। চৰকাৰ, চৰকাৰত থকা দলক নাগৰিকৰ স্বীকৃতিৰ প্ৰয়োজন। ৰাষ্ট্ৰৰ স্থায়িত্ব পোৱাৰ তাগিদাত।
ৰাষ্ট্ৰই অনুভৱ কৰিছিল যে নাগৰিকৰ স্বীকৃতি লাভ কৰিবলৈ হ’লে নাগৰিকৰ অধিকাৰক স্বীকৃতি দিব লাগিব। নাগৰিকৰ অধিকাৰক স্বীকৃতি দিয়াৰ ওপৰত ৰাষ্ট্ৰৰ স্থায়িত্ব নিৰ্ভৰ কৰে। এই কথা ৰাষ্ট্ৰই বুজি পাইছিল। ই তত্ত্বৰ বিষয়। ৰাষ্ট্ৰ মতাদৰ্শৰ গাঁথনিৰ বিষয়।
বাস্তৱত, প্ৰয়োগ তথা কাৰ্য্যক্ষেত্ৰত দুই বিপৰীত ধৰ্মীতা দেখা গ’ল। জনসাধাৰণৰ অধিকাৰক মান্যতা দিয়া হ’ল, দিব পৰা গ’ল। আৰু কেতিয়াবা অধিকাৰক অমান্য কৰি, নাগৰিক অধিকাৰ খৰ্ব কৰা হ’ল।
এই টনা-আঁজোৰাত সোমাই পৰিল ৰাষ্ট্ৰ-নাগৰিকৰ সম্পৰ্ক, নাগৰিকৰ অধিকাৰৰ দাবী, ৰাষ্ট্ৰৰ ইচ্ছা-অনিচ্ছা, ক্ষমতা-অক্ষমতা ইত্যাদি প্ৰসঙ্গ।
আৰম্ভ হ’ল অধিকাৰৰ দাবী। অধিকাৰৰ দাবীৰ পৰিসৰলৈ আহিল গণ আন্দোলন, বিৰোধী ৰাজনৈতিক দল, ট্ৰেড ইউনিয়ন, নাগৰিক সমাজ, সামাজিক সংগঠন (যেনে শৰণাৰ্থী সংগঠন), সমালোচক মধ্যবিত্ত, বাতৰি কাকত, শিল্পী সমাজ আদি।
দাবীবোৰ বহুপৰিমাণে এনেকুৱা— ৰাষ্ট্ৰ তোমাক স্বীকৃতি দিছোঁ, অমান্য কৰা নাই। আমি নাগৰিসকলে যি বিচাৰোঁ সেয়া দিয়া। তোমাক সময় দিছোঁ, সুযোগ দিছোঁ। আমাৰ অধিকাৰৰ দাবী মানি লোৱা। আমাক খাদ্য দিয়াৰ দায়িত্ব, কাম কৰিবলৈ ব্যৱস্থা কৰি দিয়াৰ দায়িত্ব, ভূমি আবণ্টন ব্যৱস্থাপনা, এই সকলোবোৰ মানি লোৱা।
সেই সময়ত, ভাৰত ৰাষ্ট্ৰৰ নাগৰিক, ভাৰতবাসীয়ে ৰাষ্ট্ৰক স্বীকাৰ কৰি নিজৰ সপোন পূৰণৰ আন্দোলনত থাকিল।
মোৰ চিহ্নিত ‘অতীত’টো চমুকৈ এই দূৰত্বলৈ ৰাখি, মই মোৰ চিহ্নিত ‘বৰ্তমান’ লৈ আহোঁ।
এই ধাৰা আৰম্ভ হৈছিল ৭০ ৰ দশকৰ মাজভাগৰ পৰা।
‘অৰ্থনীতি’ আৰু যিহেতু অৰ্থনীতিয়ে সমাজৰ পৰিৱৰ্তন সাধে— এই দুটাৰে পৰিৱৰ্তন আৰু পৰিচালনাৰ বৰ্তমানৰ নাম হৈছে ‘গোলকীকৰণ’। ‘মুক্ত’ অৰ্থনীতি, বাণিজ্যিক বিশ্ব, মানেই ‘মুক্ত’ সামাজিক আৰু সাংস্কৃতিক বিশ্ব। যিটো ৭০ ৰ দশকৰ মাজভাগৰ পৰা আৰম্ভ হৈছিল। এই অৰ্থনীতি আৰু সেয়ে সংস্কৃতি, সমাজৰ কোনো সুকীয়া ‘দেশ’ নাই। ভাৰতৰ দৰে যিকোনো ‘দেশ’, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক দেশ, বিশ্বৰ এক অংশ।
সেই সময়লৈকে দেশ তথা ৰাষ্ট্ৰ নিশ্চিত হৈ গৈছিল তাৰ স্থায়িত্ব সম্পৰ্কে।
ৰাষ্ট্ৰই ইতিমধ্যে গম পাই গৈছে যে তাৰ আৰু কোনো ভয় নাই। এখন এক দলীয় বা সংমিশ্ৰিত দলৰ নিৰ্বাচিত চৰকাৰৰ পিছত আন এখন একেধৰণৰ এক দলীয় বা অন্য এদল সংমিশ্ৰিত দলৰ চৰকাৰ আহিব। আন একো নহয়।
সেই সময়লৈকে এক বেলেগ, অ-পুঁজিবাদী, সমাজতান্ত্ৰিক ধৰণৰ ৰাষ্ট্ৰৰ ধাৰণাটো ভাঙি গৈছিল। সমাজতান্ত্ৰিক বিশ্বত ভাঙোন আহিল। সমাজবাদী সপোনৰ ফাট মেলিলে। ১৯৪০-৫০ৰ দশকত নিৰ্মিত ‘তৃতীয় বিশ্ব’ৰ গোট গঠনৰ ধাৰণাটোও বিফল হ’ল।
এয়াই হৈছে আন এক ধৰণৰ ৰাষ্ট্ৰ নিৰ্মাণৰ ধাৰণাটোৰ পতন। ইয়াৰ লগতে আন এটা ব্যৰ্থতাও ঘটি গ’ল ৭০ৰ দশকত। বিশ্বৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰ, ৰাষ্ট্ৰৰ গাঁথনি, ৰাষ্ট্ৰৰ দেশ, অৰ্থনীতি, সমাজ, সংস্কৃতিৰ বিৰোধিতা কৰি বিশ্বৰ বিভিন্ন প্ৰান্তত গণ আন্দোলন গঢ় লৈ উঠিছিল। আমাৰ দেশত গঢ় লৈ উঠিছিল ‘নক্সালবাড়ী আন্দোলন’। এই আন্দোলন ক’তো সফল নহ’ল। ৰাষ্ট্ৰ নিজৰ স্থায়িত্বক লৈ অধিক নিশ্চিত হ’ল।
পুঁজিৰ স্বাৰ্থত বিভিন্ন দেশৰ অৰ্থনীতিৰ লগতে বিশ্বৰ অৰ্থনীতি গঢ়ি তোলাৰ বাবে পুঁজি, কৰ্পৰেট মূলধন, আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ পুঁজি নিশ্চিত কৰা হ’ল।
৪০-৫০ ৰ দশকত স্বাধীনতা পোৱা দেশসমূহৰ ‘নিজৰ দেশ নিৰ্মাণৰ প্ৰকল্পটো বিফল হ’ল। দেশ নিৰ্মাণৰ নীতি, প্ৰকল্প আৰু পৰিচালনাত ‘বহিৰাগত’ জয়ী হৈছিল। বাহিৰৰ ধাৰণা, চিন্তা, নীতি, সংগঠন, পুঁজি, প্ৰযুক্তি, অৰ্থনীতি ‘ঘৰ’ লৈ অনা হ’ল, ‘ভিতৰ’ নিৰ্মাণৰ বাবে— ‘গোলকীকৰণ’।
স্বাধীনতাৰ সময়ত ঘোষণা কৰা ‘ৰাষ্ট্ৰীয় সমাজবাদী অৰ্থনীতি’ৰ স্থানত আহিল ‘ৰাষ্ট্ৰীয় পুঁজিবাদী অৰ্থনীতি’ আৰু এখোজ আগুৱাই, স্বাভাৱিক গতি পথেৰে আহিল ‘সংস্থা পুঁজিবাদী অৰ্থনীতি’। দেশৰ অৰ্থনীতি বিশ্ব পুঁজিবাদ তথা বিশ্ব- সংস্থা পুঁজিবাদৰ অন্তৰ্গত হ’ল।
ভাৰত ‘দেশ’ নহয়। পুঁজিবাদী অৰ্থনৈতিক জগতৰ এটা ‘অংশ’ হৈ পৰিল।
এই ‘সপোন’ মচি পেলোৱাৰ প্ৰভাৱ, সপোন মচি পেলোৱাটো মানি লোৱাৰ প্ৰভাৱ বিভিন্ন স্থানত বিভিন্ন ধৰণে অনুভৱ কৰা হৈছিল।
এটা ‘অনুভৱ’ এনেকুৱা। মই এতিয়া ‘ভাৰতীয়’ নহয়। ‘ভূগোল’ৰ নিৰ্দিষ্ট কিছুমান সীমা ৰেখাৰ মাজত বাস কৰা ভৌগোলিক বাসিন্দা মাথো। মোৰ সপোনত, সপোন বাস্তৱায়িত কৰাৰ আন্দোলনত আৰু ভাৰত নাই। এটা নিৰ্মিত, চিহ্নিত, কল্পিত ভূগোল আছে যাৰ নাম ‘প্ৰদেশ’ বা ‘ৰাজ্য’। তাৰ পৰিচয় ভাষা, জাতি সত্তা, ধৰ্ম, সংস্কৃতি, খাদ্য ইত্যাদি। নতুন ৰাজ্য ভিত্তিক স্বপ্ন, ইচ্ছা, দাবী, আন্দোলনৰ সৃষ্টি হ’ল, এদিন যিবোৰ আঁতৰাই ৰাখি এখন ‘দেশ’, এখন ‘ভাৰত’ ৰ স্বপ্ন তৈয়াৰ কৰা হৈছিল। ৰাজ্য ভিত্তিক ৰাজনৈতিক দল গঠন হ’ল। সৰ্বভাৰতীয় বিষয় বা সৰ্বভাৰতীয় ‘অধিকাৰ’ৰ দৰে কোনো বিষয় নাথাকিলেগৈ।
ৰাজ্য ভিত্তিক নিৰ্দিষ্ট অধিকাৰ আন্দোলনৰ জন্ম হ’ল। উদাহৰণ– পশ্চিম বঙ্গত নক্সালবাড়ী আন্দোলনক বিৰোধিতা কৰা ৰাষ্ট্ৰ, ৰাষ্ট্ৰীয় সশস্ত্ৰ বাহিনী, ৰাষ্ট্ৰৰ ক্ষমতাত থকা ৰাজনৈতিক দলৰ আক্ৰমণৰ বিৰুদ্ধে অধিকাৰ আন্দোলন। এটা সংগঠন হ’ল গণতান্ত্ৰিক অধিকাৰ ৰক্ষা সমিতি। এছ’চিয়েচন ফৰ প্ৰটেকচন অৱ ডেম’ক্ৰেটিক ৰাইটছ। এপিডিআৰ। ভিন ভিন বিষয়ত ভিন ভিন ধৰণৰ অধিকাৰ আন্দোলন, সংগঠন গঢ় লৈ উঠিল।
স্বাধীনতা আন্দোলনৰ পাছত নাগৰিকে ৰাষ্ট্ৰৰ পৰা পাবলগীয়া অধিকাৰৰ সপোন ভাঙি যোৱাৰ পাছত, সেই সপোন, দায়িত্ব, কৰ্তব্যক ঘূৰাই আনিবলৈ ৭০ৰ দশকৰ পিছৰ আন্দোলনত ৰাজনৈতিক দল সমূহ অনুপস্থিত। সেই দলসমূহে নতুন ভৌগোলিক ‘ৰাজ্য’ ৰ ক্ষমতাত থকাৰ আন্দোলন চলাই গ’ল। ‘অধিকাৰ’ৰ আন্দোলনে গণ উদ্যোগ, গণ সংগঠন, গণ আন্দোলনৰ ৰূপ লৈছিল। অধিকাৰৰ ধাৰণাটোক বৃহত্তৰ অৰ্থনৈতিক, ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা বাহিৰলৈ উলিয়াই অনা হ’ল।
যিমানদূৰ মনত পৰে কৈ গৈ থাকোঁ, গুৰুত্বৰ মাপ কাঠি পৰিহাৰ কৰি। জনস্বাস্থ্য আন্দোলন। জনশিক্ষা আন্দোলন। গণবিজ্ঞান আন্দোলন। কুসংস্কাৰ বিৰোধী আন্দোলন। পৰিৱেশ আন্দোলন। শ্ৰমিক সমবায় আন্দোলন। কৃষি সংস্কাৰ আন্দোলন। ভূমি বিতৰণ আন্দোলন। যৌনকৰ্মী সকলৰ আন্দোলন। শৰণাৰ্থী উপনিবেশত ভূমি মালিকীস্বত্ব আন্দোলন। ভিন্ন মনৰ মানুহৰ অধিকাৰ আন্দোলন। আৱাসী অধিকাৰ আন্দোলন। ফুটপাথত থকা লোকৰ নাগৰিক পৰিচয় পাবলৈ আন্দোলন। উভয়লিংগৰ মানৱ অধিকাৰ আন্দোলন। হকাৰ আন্দোলন। নাৰী আন্দোলন। বস্তি উচ্ছেদ বিৰোধী আন্দোলন। পাৰমাণৱিক শক্তি প্ৰকল্পৰ বিৰুদ্ধে আন্দোলন। বান্ধ বিৰোধী আন্দোলন। বন্ধ কল কাৰখানা খুলিবলৈ আন্দোলন। জল-বন-ভূমি অধিকাৰ আন্দোলন। কনিষ্ঠ চিকিৎসকৰ আন্দোলন। আদিবাসীৰ অধিকাৰ আন্দোলন। উপকূলীয় বাসিন্দাসকলৰ আন্দোলন। নদীৰ চৰবাসীৰ আন্দোলন৷
আৰু আন্দোলন নিশ্চিতভাৱে ঘটিছিল। এতিয়া লিখিবলৈ বহোঁতে এইকেইটাই মনলৈ আহিল। এইবোৰৰ প্ৰতিটোৱেই হৈছে অধিকাৰ আন্দোলন। এই অধিকাৰ আন্দোলনৰ প্ৰতিটোৰে আৰম্ভণি হৈছিল ৭০ৰ দশকত।
৭০ৰ দশকত ৰাষ্ট্ৰকেই প্ৰশ্ন কৰা হৈছিল। ফলত ৰাষ্ট্ৰ গঠনৰ দায়িত্ব, কৰ্তব্য পালনৰ দায়িত্বই আন্দোলনৰ সন্মুখত হেঙাৰ হৈ থিয় দিছিল। ৰাষ্ট্ৰৰ এই ‘দায়িত্ব পালন নকৰা’, ‘কৰ্তব্য পালন নকৰা’ই গণ পৰিসৰলৈ আনিলে আন্দোলন, অধিকাৰ আন্দোলন।
অধিকাৰৰ গণ আন্দোলনে বুজি পাইছিল যে কোনো ৰাজনৈতিক দলে এই আন্দোলন নকৰে। কাৰণ তেওঁলোকৰ এটাই উদ্দেশ্য, ৰাষ্ট্ৰ তথা প্ৰদেশৰ ক্ষমতা দখল। গণ আন্দোলনে আমাৰ ‘অধিকাৰ’ৰ স্বপ্ন, বিষয়, দাবী, আমি কৰিবলগীয়া আন্দোলনবোৰ বুজি পাইছিল।
কিন্তু বাস্তৱত ৭০ৰ দশকক আৰু ৭০ৰ দশকৰ পৰৱৰ্তী সময়বোৰত ঘূৰাই আনিব পৰা নগ’ল।
প্ৰকৃততে এই সময়ত ‘গোলকীকৰণ’ৰ পাছত ভ্ৰষ্ট হ’ল মানুহ, মানুহৰ ধাৰণা, শ্ৰমিক, সংগঠন, লক্ষ্য, ৰাজনীতি, সংস্কৃতি।
অধিকাৰ আন্দোলনে তাৰ বিষয়সমূহ সমগ্ৰ ভাৰততে বিয়পাই দিব নোৱাৰিলে। কোনো ৰাজনৈতিক দলে এই কামটো কৰিব নোৱাৰিলে। হয় তেনে কোনো দল নাই, নহয় তেওঁলোকৰ তেনে কোনো সপোন নাই।
এতিয়া ৰাজনৈতিক দলবোৰৰ অৰ্থনৈতিক দৰ্শন, অধিকাৰ দৰ্শন, সাংগঠনিক দৰ্শন সলনি হৈ গৈছে। দল সমূহে তেওঁলোকৰ বিষয়সমূহ সীমাবদ্ধ কৰি পেলাইছে— যি কোনো প্ৰকাৰে পঞ্চায়তৰ পৰা ৰাজ্যৰ বিভিন্ন শাসন স্তৰত ভোট লাভ কৰি ক্ষমতালৈ আহিব লাগে।
গণ উদ্যোগ, গণ আন্দোলনে চৰকাৰী ক্ষমতাৰ পৰিসৰৰ ভিতৰত, চৰকাৰী উত্তৰৰ আলমতে নিজৰ চিন্তা, কাম, উদ্যোগ, আন্দোলনৰ ব্যৱস্থা কৰি আছে। তেওঁলোকে স্বতন্ত্ৰভাৱে প্ৰশ্ন উত্থাপন কৰিব নোৱাৰে, উত্তৰ বিচাৰিব নোখোজে, চিন্তা কৰিব নোৱাৰে, বিষয়, পৰিসৰ, প্ৰকাৰ, সমাৱেশ, পদক্ষেপ আদি উল্লেখনীয়ভাৱে প্ৰস্তুত কৰিব পৰা নাই।
অৰ্থনৈতিক দলসমূহৰ ভিতৰত চৰকাৰত থকাসকলে ক্ষুদ্ৰ অনুদান, দান বৰঙণি, সৰু সৰু প্ৰকল্প, ক্ষুদ্ৰ দান আদিৰ দ্বাৰা নিজৰ চিন্তা আৰু কামক তেনেই সীমাবদ্ধ কৰি তুলিছে। বিৰোধী পক্ষত থকা দলেও এই সৰু চক্ৰটোকে কেন্দ্ৰ কৰি নিজৰ সমালোচনা, প্ৰতিবাদ, ৰাজনীতি কৰি আছে।
ডাঙৰ ডাঙৰ বিষয়বোৰ সংস্থা, পুঁজি (কৰ্পৰেট কেপিটেল) ৰ ওপৰত এৰি দিয়া হৈছে। ইয়াত কোনো বিৰোধিতা নাই, কাৰণ শাসকীয় দলক বিৰোধী পক্ষৰ দলে এই বিৰোধীৰ সৈতে সংযুক্ত কৰা নাই, কৰিব পৰা নাই। এক কথাত ক‘ব পাৰি যে বিৰোধীয়ে চৰকাৰী পক্ষৰ দলক এই বিৰোধৰ সৈতে সংলগ্ন কৰিব নিবিচাৰে।
আমাৰ অধিকাৰ আন্দোলনো পোৱা নোপোৱাৰ এই ক্ষুদ্ৰ পৰিসৰতে ৰৈ গৈছে। এতিয়া এই পৰিসৰৰ ভিতৰত কি উপলব্ধ আৰু কি উপলব্ধ নহয় এই প্ৰশ্নোত্তৰতে আৱদ্ধ হৈ থাকি গৈছে। আমাৰ ৰাষ্ট্ৰবিৰোধী, চৰকাৰ বিৰোধী অধিকাৰৰ আন্দোলন এই ক্ষুদ্ৰ পৰিসৰতে আৱদ্ধ হৈ ৰৈ গৈছে।
এনে নহয় যে পূৰ্বে যি সমূহ বিষয় লৈ চিন্তা-চৰ্চা, কাম-কাজ, আন্দোলন হৈছিল সেই সমূহ নোহোৱা হৈ গৈছে। কিন্তু আমি আৰু অধিক বৃহৎ পৰিসৰত ভাবিব নোৱৰা হৈছোঁ। আমি বৃহৎ পৰিসৰত, ভৌগোলিকভাৱেও বৃহৎ, ডাঙৰ বিষয় লৈ, ব্যাপক দেশবাসীক লৈ এটা ব্যাপক অধিকাৰ আন্দোলন গঢ়ি তুলিব পৰা নাই।
ৰাষ্ট্ৰই, চৰকাৰে নিজৰ দায়িত্ব ক্ষুদ্ৰ কৰি পেলাইছে, ক্ষুদ্ৰ ক্ষুদ্ৰ পৰিসৰৰ বাবে সৰু সৰু অনুদান তৈয়াৰ কৰি দিছে, দি আছে। আমি তাৰ(ৰাষ্ট্ৰৰ) দ্বাৰাই আৰোপিত, তাৰ প্ৰতিক্ৰিয়াতে আমাৰ সপোনবোৰক ক্ষুদ্ৰ কৰি তুলিছোঁ।
ইয়াতেই ক্ষমতাত থকা সকলৰ ‘আপাতত’ জয়। আমি যি সকল প্ৰকৃত ক্ষমতাবান, তেওঁলোকৰ ‘আপাতত’ পৰাজয়।
কিন্তু কথাটো এনে নহয় যে বৃহৎ পৰিসৰত অধিকাৰ আন্দোলনৰ বিষয় আৰু বৰ্তমান নোহোৱা হৈ গ’ল। মই ইয়াতেই তিনিটা ডাঙৰ সমস্যাৰ উদাহৰণ দিব পাৰোঁ।
১) গাঁওবাসীৰ অধিকাৰ, ২) আদিবাসী সকলৰ অধিকাৰ, ৩) উপকূল/চৰ বাসীৰ অধিকাৰ।
এই তিনিওটা বিষয়ৰে বৃহৎ ভূগোল, বৃহৎ জনসংখ্যা, বৃহৎ অধিকাৰ বিষয়, এখন ডাঙৰ যুঁজৰ পৰিসৰ আছে। আৰু আমি এই তিনিওটাতেই নাই।
এনেধৰণৰ আৰু বহুতো ডাঙৰ অধিক বিষয় আছে। উদাহৰণ দি ভাৰ নবহালোঁ আৰু।
মই উদাহৰণ হিচাপে দিয়া তিনিওটা আন্দোলনতে আৰু এনেধৰণৰ আন্দোলনত আমাৰ প্ৰতিপক্ষত ৰাষ্ট্ৰ, চৰকাৰ আৰু তেনেদৰেই সংস্থা-পুঁজি (কৰ্পৰেট কেপিটেল) ও আছে।
গতিকে অধিকাৰ আন্দোলনৰ পৰিসৰত ৰাষ্ট্ৰ, চৰকাৰৰ লগতে কৰ্পৰেট কেপিটেলকো প্ৰতিপক্ষত ৰখাৰ সময় সমাগত নহয় নে?
মই জানো, এটা বিশাল পৰিসৰৰ বিষয়ক অতি চমুকৈ লিখিলোঁ।যদি আলোচনা হয়, পিছত আকৌ সংযোজন কৰিব পৰা যাব, এইয়া মাত্ৰ প্ৰস্তাৱনা।
(প্ৰচ্ছদ চিত্ৰশিল্পী: অজিত শইকীয়া)