ওলোমা মানুহ-(পিংকু কলিতা)
খহি পৰা আকাশখনক গছৰ ঠাল-ঠেঙুলিবোৰে ধৰি ৰাখিছে। ডোখৰা-ডোখৰ শুকুলা মেঘৰ টুকুৰাবোৰে যেন গছৰ ডালবোৰৰ মাজেৰে সোলকি আহি চুই যাবহি মাখনক। ৰ’দ বা বৰষুণ এজাউৰি বিচাৰি স্তুতি কৰা বিস্মিত আকাশখন আজি তাৰ একেবাৰে ওচৰত যেন লাগিছে। মাখনৰ নাকৰ কাষতে পিৰ পিৰকৈ কিহবা এটাই নিৰ্ভয়ে বিচৰণ কৰিছিল। মাখনৰ নিৰ্বলতাৰ সুযোগ লৈ মূৰৰ ঠিক তলতেই থকা ঘাঁহনিৰ পৰা উঠি অহা চাহীয়েই হ’ব। শত্ৰুপক্ষই দিয়া নিৰ্ঘাত জখমৰ পিছতো অন্তিম উশাহলৈকে অপৰাজিত হৈ থাকিব বিচাৰা সাহসী সৈনিক এজনৰ দৰে মাখনে জোৰ দি হাতখন মুখৰ কাষলৈ লৈ অহাৰ চেষ্টা কৰিছিল। প্ৰথমবাৰৰ বাবে নিজৰ হাতখনেৰে মুখখন চুবলৈও ইমান কষ্ট অনুভৱ কৰিবলগীয়া হৈছে। হাতখন মুখৰ ওচৰলৈ অনাৰ লগে লগে মূৰটোত গোটখাই থকা তেজবোৰে আকৌ এবাৰ সতৰ্ক কৰি দিছিল; সি ইচ্ছা মতেই এতিয়া সকলো কৰিব নোৱাৰিব। তাৰ ইচ্ছা আৰু সামৰ্থ্য ইতিমধ্যে পৃথক মেৰুত অধিষ্ঠিত হৈছিল। অলপ অসুবিধা হ’লেও নাকৰ পৰা কপালৰ দিশলৈ পিৰ পিৰকৈ উজাই অহা চাহীটো অনুমান কৰি আঙুলিৰে চেপি ধৰিছিল আৰু তাক পিহি মৰাৰ চেষ্টা কৰিছিল।
কচাইখানাৰ তলমূৰ কৰি ওলোমাই থোৱা ছাগলীটোৰ দৰে নিৰ্জু মুখখনেৰে ওলমি আছে মাখন। কুহেলিকাসদৃশ এক অজান আভৰনে ছানি ধৰিছে মাখনক। সৰু কালত গছৰ ফেৰেঙনিত ভৰ দি ওলমি থাকোঁতে মূৰত তেজ উঠিব বুলি কোনোৱে ভয় খুৱাইছিল তাক। মূৰত তেজ উঠিলে কি নো হয়! জানিবলৈ তাৰ ইচ্ছা জাগিল। মূৰত তেজ উঠিলে যদি তাৰ স্বভাৱৰ সাংঘাতিক কিবা এটা পৰিৱৰ্তন হৈ যায় তেন্তে তাত আপত্তি কৰিবলগীয়া নাই বুলি মনটোক পতিয়ন নিয়াইছিল। মাখনে নিজকে সলনি কৰিবলৈ বহুদিন বহুবাৰ পৰীক্ষা চলাইও বিফল হৈছিল। কিবা এটা বেলেগ হ’বলৈ গ’লেই আনুগত্যৰ স্বভাৱটোৱে তাৰ বেলেগ হোৱাৰ মোহটোক লুকুৱাই ৰাখে।
…………
পুৱাৰ প্ৰেমময় ৰ’দখিনি গাত মেৰিয়াই লৈ মাখন পথাৰৰ ফালে আহিছিল। এই সময়খিনিত শালি ধানৰ সেউজীয়া পাতবোৰক বাউলী কৰি নাচিবলৈ বাধ্য কৰোৱা এছাটি বতাহ তাৰ গা লৈকো উজাই আহে। পথৰুৱা এই প্ৰাণোচ্ছ্বল বতাহজাক মাখনৰ ভাল লাগে। বৰষুণ নোহোৱাৰ সুযোগতে নতুনকৈ গজিব লোৱা দুই-এডাল অপতৃণ গুচাই সময় পাৰ কৰে পথাৰখনত। ঘৰৰ পৰা পথাৰলৈ আধা কিলোমিটাৰৰ বাট; সদায়েই কেঁচা ঘাঁহ আৰু গৰুৰ কেঁচা গোবৰৰ ফুৰ্ফুৰীয়া গোন্ধ লাগি থকা পথটোত মাখনে পাইছিল কেঁচা মাংসৰ অকটা গোন্ধ। ঠাইটুকুৰাত একেবাৰে অচিনাকি গোন্ধ এটা। গোন্ধটো ভিতৰলৈ উজুৱাই মাখনে ইয়াৰ উৎস বিচাৰিবলৈ চেষ্টা কৰিলে যদিও ব্যৰ্থ হ’ল। কাৰোবাৰ পোহনীয়া মুৰ্গী হেপাই আধা খাই এৰি গৈছে বুলি কেঁচা মাংসৰ উৎস বিচৰা বাদ দিছিল।
অলপ দূৰ যোৱাৰ পাছতেই মাখনৰ ভৰিত পেঁচ খাইছিল এডাল ৰছী। ৰছীডালেৰে মাখনক ওলোমাই গছ এডালৰ ওপৰলৈ উঠাই লৈ যোৱা হৈছিল। ক্ষন্তেকৰ বাবে জীৱনৰ সমস্যাবোৰৰ কথা পাহৰি ভাবিব লৈছিল নিজকে জীয়াই ৰখাৰ কথা। ভয়বোৰে তাল-ফাল লগাইছিল মনৰ চুকবোৰত। এই ভয় দায়িত্ববোধৰ পথ এটাৰ পৰা পৃথক হোৱাৰ ভয়; পলায়নবাদীৰ অপযশ লৈ পৰলোকত এক দুঃসহ জীৱন কটাবলগীয়া হোৱাৰ ভয়। এনেদৰে ওলোমাই ৰখাৰ কাৰণ কি হ’ব পাৰে ভাবি থাকোঁতে দুজনমান সুগঢ়ি শৰীৰৰ ডেকা আহি বান্ধবোৰ পৰীক্ষা কৰিছিল। মোলান পৰা গামোচাখনেৰে মাখনৰ ককালত পোন্ধটো মাৰি থোৱা আছিল। কিতাপৰ ভাঁজত সোমোৱাই থোৱা শুকাই কৰ্কৰীয়া লগা পদুম এপাহি যেন মাখনৰ মেহনতী শৰীৰটোক খালি গাৰে ওলোমাই ৰাখিছিল ৰছীডালে।
ল’ৰাকেইজনক দেখিলেই অনুমান কৰিব পাৰি যে কাৰোবাৰ আদেশ মতেই সিহঁতে সকলোখিনি কৰি গৈছে। বেশ ভূষাৰে মন আৰু শৰীৰক লুকুৱাই কিবা এটাৰ আশাত বন্দী একোজন বহতীয়া। সিহঁতে মাখনৰ গাঁঠিবোৰ ভালদৰে নিৰীক্ষণ কৰি নিশ্চিত হ’ব বিচাৰিছিল যাতে ওলমি থকাত কোনো অসুবিধা নহয়। মাখনো নিশ্চিন্ত হ’ল যে সিহঁতৰ উদ্দেশ্য মাখনক হত্যা কৰা নহয়।
স্বস্তিৰ নিশ্বাস এটা লৈ মাখনে মনত পেলাবলৈ চেষ্টা কৰিলে আজিৰ দিনটোত তাৰ কৰিবলগীয়া কামখিনি। পথাৰৰ কামখিনিৰ পাছতেই হাটলৈ যাব লগিয়া আছিল। বজাৰনো আৰু কি! ঘৰৰ গাখীৰ বিকি সমবায়ৰ কেৰাচিন আনিবলৈ যোৱা। সমবায়ৰ কথা মনত পৰোতে মাখনৰ হাঁহি উঠিল। ধনপোনাৰ মাকক দিয়া ফাকিটোও মানুহজনীয়ে ধৰিব নোৱাৰাৰ বাবে। আঁকৰিজনীয়ে গমকেই নাপালে যে যোৱাটো হাটত কেৰাচিন অহাই নাই বুলি কোৱা কথাষাৰ মিছা আছিল। ফচল বীমা যোজনাৰ পঞ্জীয়ন কৰাৰ শেষৰটো দিন আছিল সেইদিনা। চৰকাৰী আঁচনি। কিবা কাৰণত খেতি নহ’লে পইচা বাপচ। পিছে অনলাইন প’ৰ্টেলত গৈ পঞ্জীয়ন কৰাৰ বাবদ মাখনৰ কেৰাচিন আনিব লগিয়া টকাখিনিয়ো উদং। এটা বছৰৰ সাহসৰ স্বাৰ্থত এসপ্তাহৰ বাবে এন্ধাৰক মিতিৰ কৰিবলৈ মাখন সাজু আছিল।
“ইমাখান চ’ব ভেলকী বাজি। মুঠেও নাপাহ যা একো। তাহাতেই পাবো যি পাই।” বলোৰ কথাত মাখনৰ চিন্তা বাঢ়ে। টকাকেইটাৰ মোহে গা ফৰফৰাইছিল তাৰ।
বজাৰৰ পৰা ঘৰমুখি পথটোত বাগৰি ছাল উঠিছিল ভৰিখনত। কোনোবা মিটিঙৰ পৰা উভতা মন্ত্ৰীৰ দীঘলীয়া লানি লানি গাড়ীৰ চাইৰেনৰ লগতে ভাহি অহা পুলিচৰ হুইচেলবোৰত বিচুৰ্তি খাই মাখন আৰু তাৰ বুঢ়া চাইকেলখন ৰাস্তাৰ ঘাৰতে বাগৰি পৰিছিল।
ভৰিত টুপুৰীলতাৰ সৈতে মেৰিয়াই লোৱা চুলিৰ বান্ধ। তাতেই লিপিত খাই আছে ৰছীডালৰো গাঁঠিটো। পথাৰৰ কেঁকোৰাৰ গাত চেৰালে গৰল লগাৰ ভয়ত ধনপোনাৰ মাকেই বান্ধি দিছিল চুলি আৰু টুপুৰীলতা। আজিৰ দিনতো জৰা-ফুঁকাত বিশ্বাসি বুলি বহু যুক্তিৰ কথা কয় ধনপোনাই। ধনপোনাৰ যুক্তিবোৰে বাপেকৰ অভাৱৰ লগত ফেৰ মাৰিব নোৱাৰে। চিকিৎসালয়লত হ’বলগীয়া খৰচখিনিয়ে আপোনা আপুনি দেখুৱাই দিয়ে কবিৰাজি ভৰসা। ধনপোনাৰ বৈজ্ঞানিক যুক্তিবোৰক তক্কৰ দি বাপেক-মাকৰ বেমাৰবোৰ ভাল হৈ যায় বনদৰৱ নতুবা একোটা পঞ্চাছ টকীয়া তাবিজৰ শক্তিত।
“বুজিচ মাখন টাউনৰ স্কুল এখনত হ’ব লগিয়া তৰ্ক প্ৰতিযোগিতা এখনত ভাগ লব লাগিব ই।” পিৰাখন হেডচাৰে বহি থকা মূঢ়াটোৰ কাষলৈ টানি আনি সাধুকথাৰ দৰে শলাগনিবোৰ শুনি যায় মাখনে। চৌকাৰ ধোঁৱাই চকু চলচলীয়া কৰা মাকজনীয়েও চাদৰৰ আঁচলত হাত মচি মচি কথাবোৰৰ ভাগ লয়। ধনপোনাক লৈ স্কুলৰ সকলোৱে বৰ আশাবাদী। বাপেকে ৰাইজৰ মেলত দু-আসাৰ কবলৈ যাওতেই ঘাম বাজ হয়; পুতেকে এই হেন ভৰা সবাহত যুক্তিৰ কথা কয়। ধনপোনাৰ কথাৰ পাকত বৰ বৰ দগাবাজবোৰো থৰহৰি কম্পমান। মানুহমখাৰ মুখেৰে মাখনে পুতেকৰ যশবোৰ শুনে। ভাবি আপোনা আপুনি মাখনৰ মুখত হাঁহিয়ে ঢৌ তোলে। ধনপোনাৰ মুখত ফুটা প্ৰথম শব্দকেইটা বা প্ৰথম খোজটোৰ দৰেই এই যশবোৰেও মাখনৰ হেঁপাহবোৰক অনুৰঞ্জিত কৰি তোলে।
“দুখীয়াৰ চলিৰ সপান ক’ত ফলিয়াইও জিতেন।” সংগঠনৰ ল’ৰা কেইটাক যুক্তিৰে পাছ হোঁহকা দিবলৈ বাধ্য কৰোৱাৰ পাছত জিতেনহঁতেও বৰ উৎসাহ দিছিল ধনপোনাক।
“চাবিচোন ই একদিন তোৰ নাম ৰাখবো। আমি মাখানেনু তাহাতৰ কথাতে নালগা জেঙত লাগবা কিয়া যাবা লাগে, হয়না! ভাগ্যে ধনপোনাই লায়কৰ কথা কৈ আমাক সাংঘাতিক কিবা এটা হোৱাৰ পেৰে বাচালা বুলিহে।” জিতেনৰ কথাত সমৰ্থন দি নিজৰ ভুল মানি লৈছিল সকলোৱে।
“হয়দে, ধনপোনাৰ আতাক আৰু ইকবালৰ বাইপাক সখী আছিল। একসময়ত তাহাত আমাৰ খেলাৰ লগইৰা আছিল। ধনপোনাই মনত পেলে দিয়া বুলিহে। নহ’লিতো আমিও সেই একেই। কোৰ পেৰে যে এই খবৰমাখা ৰাখছি সি আজিৰ চলি হৈয়ো।”
মাখন আৰু জিতেনৰ কথাত পূৰণি দিনৰ গল্পৰ পাগ উঠিছিল।
জিতেনহঁতে কোৱা কথাবোৰত ধনপোনাৰ সপোনটোৱে মাখনলৈকে শিপাইছিল। ইহলৌকিক প্ৰয়োজনবোৰে হেচা মাৰি দবাই ৰখা ধনপোনাক মানুহ কৰাৰ ইচ্ছাটো তপত তেলত পেলাই দিয়া দুফোটা ফুৰণৰ দৰে আকৌ এবাৰ ফটফটাই উঠিছিল।
******
ল’ৰাকেইজনৰ চকু মাখনৰ ওলমি থকা ভৰি দুখনত। পকা চিৰালৰ দৰে ফাট মেলা ভৰিৰ পতাত সিহঁতে কিহবাৰ গুটি গুজি দিছে। ভৰিৰ পতাত হোৱা মৃদু বিষ এটাত মাখনে অনুমান কৰিছিল যে গুটিবোৰে ইতিমধ্যে শিপাবলৈ আৰম্ভ কৰিছে। মাখনৰ চকুৰ সন্মুখতে গুটিবোৰে ল’বলৈ লৈছে একোডাল তৃণৰ ৰূপ। লহপহকৈ বাঢ়ি আহিছে শস্যপুলি। সি অলপ মূৰটো ঘূৰাই দেখিলে তাৰ ওচৰে পাজৰে ইতিমধ্যে বহু কেইজন ওলমি আছে। ওচৰৰে গোবিন্দ হালোৱা; নিৰ্মল পাণ বেপাৰী… বহু কেইখন চিনাকি মুখ। সকলোৰে ভৰিৰ পতাবোৰ শস্যদায়িনি অংগলৈ ৰূপান্তৰিত হৈছে; বহন কৰিছে তৰহ তৰহৰ লহপহীয়া ফচল।
দলফলীয়া শইছৰ ভৰত মুখবোৰ ভাগৰুৱা যদিও নিজৰ নিজৰ ফচল দেখি মনত স্ফূৰ্তি। উল্লাসবোৰ হেন্দোলনী হৈ দিনটোৰ অন্তত শাম কাটে। দিনটো ঘূৰে পূৰঠ হয় ফচল। ফচল চপাবলৈ হাজিৰ হয় বহতিয়া কেইজন। নিজ নিজ অংগত ধাৰণ কৰা ফচলৰ বিনিময়ত দেখুৱাই দিয়ে এৰাতিৰ মুক্তিমাৰ্গ আৰু শিকাই দিয়ে এমুঠি অন্নৰে পৰিয়ালটো জীয়াই ৰখাৰ চালাকি কৌশল। হাতত অন্নৰটোপলা লৈ মাখন খূচ। মুক্তিৰ বাবে নে অন্ন লাভৰ বাবে এই সুখ এতিয়া ভাবিবলৈ সময় নাই।
এতিয়া ওলমি থকা কাৰবাৰটো মাখনৰ বাবে প্ৰাত্যহিক পৰিঘটনা। দিনটোৰ অন্তত পৰিয়ালটোৰ স্বাৰ্থত অন্নমুঠি যোগান ধৰাটোৱে মাখনৰ সামৰ্থ্য। বিমূৰ্ছিত জীৱন এটা উপাহাৰ হিচাপে লৈ মাখনৰ মৃত্যুমুখি যাত্ৰা। এই যাত্ৰাতো বাধা আহিল। মাখনৰ জ্বৰ। মাখনে কেইদিনমান ওলমিব পৰা নাই। যোগাৰ কৰিব পৰা নাই সঞ্চয়হীন পৰিয়ালটোৰ বাবে খোৱাৰ সমল। দেহাই নাটানিলেও জ্বৰৰ গাৰেই মাখন ওলাই গ’ল। সদৃশ পন্থাৰেই ওলোমাই দিয়া হ’ল মাখনৰ ক্লান্ত শৰীৰ। কিন্তু সকলোকে নিৰাশ কৰি মাখনৰ ভৰিৰ ফাটত আজি গাজ নেমেলিল। ক্ৰমে তিনি দিনলৈ বাট চোৱা হ’ল। সকলো হতাশ হ’ল। মাখনৰ ভৰিৰ ফাটত আৰু শইছ নগজে। অকামিলা হ’ল মাখনৰ সাৰহীন শৰীৰ। অৱশেষত সেই শেষ সিদ্ধান্তটোৰ বাবে সিহঁত সাজু হ’ল। মাখনক লৈ যোৱা হ’ল নাদ এটাৰ ওচৰলৈ। মাখনৰ উশাহত আকৌ এবাৰ সোমাই আহিল সেই কেঁচা মাংসৰ অকটা গোন্ধটো। মাখনক আচৰিত কৰি নাদটোত ওপঙি আছিল অসংখ্য কাট খোৱা জিভা। নাদৰ ভিতৰত টুকুৰা-টুকুৰ জিভাবোৰৰ বিৰবিৰণি। কূট-কৌশলৰ কথাবোৰে যাতে সমাজমুখি হোৱাৰ ৰাস্তা ঢুকি নাপায় তাৰ বাবেই কাটি পেলোৱা হয় জিভাবোৰ। মাখনৰ জিভাখনো কাট খালে।
…………………..
বাপেকৰ শৰীৰৰ অক্ষমতাৰ বাবেই ধনপোনাই পৰিয়ালৰ দায়িত্ব ল’ব বিচাৰিছে। ইচ্ছাৰ টোপোলাটো আদবাটত এৰি ধনপোনাই দায়িত্বৰ টোপোলা এটা বাপেকৰ পৰা কান্ধ পাতি ল’ব খুজিছে। পৰিয়ালটোত বাহ সাজি দাঁত নিকতাই থকা ভোক নামৰ ৰাক্ষসটোক আতোৰৱাৰ বাবেই ধনপোনাৰ এই সিদ্ধান্ত। অৰ্থবল নথকা পৰিয়ালৰ বাবে টকা ঘটাৰ আন দৰ্জাবোৰ যে খোল নাখায় ধনপোনাই জানে। ধনপোনাৰ বাবে এয়াই মুক্তপথ। মুকলি পথাৰখনত ৰ’দ বৰষুণৰ লগত যুঁজ বাগৰ দি শৰীৰটোক বাপেকৰ শৰীৰৰ দৰে মেহনতি শৰীৰলৈ ৰূপান্তৰ কৰিব।
মাখনৰ বাধা স্বত্বেও ধনপোনা সাজু হ’ল কেঁচা ঘাঁহ আৰু গোৱৰৰ ফুৰ্ফুৰিয়া গোন্ধৰ ৰাস্তাটোত খোজ দিবলৈ। মাখনে পুতেকৰ সামৰ্থ্যখিনিক কোনো পধ্যেই বিসৰ্জন দিব নোখোজে। ধনপোনাই খোজ দিবখোজা এই পথৰ বাটৰুৱাৰ সপোন নাথাকে। সপোন এটাৰ উমনিৰ সময়তে জোকাৰি দিয়া হয় অনবৰতে লগাই ৰখা এডাল লেকাম। প্ৰলোভনৰ মায়াজাল আঁৰি থোৱা এই পথ। মাখনৰ নুফুটা মাতটোৰেই বাৰ বাৰ সকিয়াই ধনপোনাক। বুজাবলৈ যত্ন কৰিছে এই ৰাস্তা তোৰ বাবে নহয় ধনপোনা। পথটোত ধনপোনাৰ এখোজ দুখোজ। মাখনৰ সন্মুখত ধনপোনাক মানুহৰ বাবে মানুহ কৰাৰ সপোনটোৱে দোলা দিয়ে। ৰাস্তাটোত ৰৈ থকা বহতিয়াৰ ফান্দত ভৰি থব ধনপোনাই। ওলমি থাকিব সিও সকলোৰে দৰে। এনে হোৱাতো মাখনে নিবিচাৰে। কেঁচুৱা ধনপোনাৰ ঠুনুক-থনাক প্ৰথম খোজৰ ভৰি দুখন মাখনৰ দুচকুত ভাহি থাকিল। এই দুখন ভৰিতে ৰছী মেৰিয়াই সিহঁতৰ স্বাৰ্থ সিদ্ধি কৰিব। মাখনে এয়া হ’ব দিব নোৱাৰে। বিচাৰি ফুৰে ধনপোনাৰ জিভা বচোৱাৰ সন্ধি। তৰ্জাৰ বেৰখনত খোঁচি থোৱা দা খন মাখনে উলিয়াই ল’লে। ওলমি থকা মানুহবোৰৰ স্বাৰ্থত ধনপোনাৰ জিভাখন বচাব পাৰিব লাগিব। খেপ দি থকা বহতিয়াৰ হাতত ধনপোনাৰ জিভাখন সপিব নোৱাৰে মাখনে। মাখনৰ ধাৰাল দা খন লাহে লাহে গতি ল’লে পথটোত খোজ ৰখা ধনপোনাৰ ভৰি দুখনৰ ফালে।