অমানুহ হোৱাৰ গান ।। অনামিকা শৰ্মা
মানুহ !
মানুহবোৰ কেতিয়াৰ পৰা
অমানুহ হৈ পৰিল?
তেজবোৰ ৰঙাৰ পৰা
ক্ৰমান্বয়ে হৈ পৰিল নীলা?
হৃদয়বোৰ এতিয়া মমতাৰে নহয়
বান্ধি পেলোৱা হৈছে মাৰ্বল পাথৰেৰে।
কোনোৱে আকৌ আগবাঢ়ি যোৱাৰ দুৱাৰখন বন্ধ কৰি
মিছাকৈয়ে শৰীৰত বিসংগতিৰ ৰং চটিয়ায়।
কাণৰ কাষতে আহি অট্টহাস্য কৰিও তৃপ্তি লয়।
এচামে এনেকৈয়ে কাৰোবাৰ সৃষ্টিৰ পথাৰখনত
ক’লা ৰং সানিবলৈ অহৰহ চেষ্টা কৰিছে।
পাৰিব জানো !
যাৰ ধমনীত বৈ আছে কাৰুকৰ্মী
হৃদয়ত যাৰ অহৰ্নিশে জ্বলি আছে
কোনেও নেদেখা
একুৰা উমি ঊমি জ্বলি থকা জুই
সানো বুলিলেই পাৰিব জানো তাত কালিমা?
মগজুৰ পৰা ভৰিলৈকে শৰীৰত কেৱল
পোক পতঙ্গই কিল্ বিলাই থকা,
হৃদয়বোৰো নাঙঠ হোৱা
এই অমানুহবোৰৰ
মস্তিষ্কত কেৱল
হত্যা, অপযশ, আৰু লুণ্ঠনৰ কুচ-কাৱাজ।
ভোকৰ ধুমুহাই অশান্ত কৰা পৃথিৱীখনক
ব্যস্ততাই মোহাৰি পেলাইছে
আত্মীয়ৰ সুখ-দুখৰ বাৰ্তাবোৰ নোহোৱা হৈছে
পৰিচিত চুবুৰিৰ মানুহবোৰো
হৈ পৰিছে চিৰ অপৰিচিত!
কেৱল চৌপাশে মানুহৰূপী
অমানুহৰ বিভৎস কিৰিলি
অশান্ত হৈছে এই পৃথিৱী
কেতিয়া হ’ব মানৱতাৰ জয়?
হৃদয়ৰ পৰা হৃদয়লৈ বৈ যাব এখনি বোৱঁতী নৈ?