অন্ধবিশ্বাস আৰু আদিবাসী চাহ জনগোষ্ঠী সমাজ – (ৰঞ্জু কুৰ্মি )
বৰ্তমান আদিবাসী চাহ জনগোষ্ঠীসমাজৰ বিকাশৰ ক্ষেত্ৰত হেঙাৰ হিচাপে থিয় দিয়া কেইবাটাও কাৰকৰ ভিতৰত ‘অন্ধবিশ্বাস’ হ’ল এক গুৰুত্বপূৰ্ণ কাৰক। অতীতৰে পৰা আমাৰ সমাজত এই অন্ধবিশ্বাসবোৰ চলি আহিছে। অন্ধবিশ্বাসবোৰ আচলতে আমাৰ পূৰ্বপুৰুষে পৰম্পৰাগতভাৱে পালন কৰি অহা ৰীতি নীতিৰ পৰাই জন্ম লাভ কৰে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে কিছুমান অন্ধবিশ্বাস সমাজৰ পৰা নাইকিয়া হৈ যায় যদিও আন কিছুমান অন্ধবিশ্বাস সমাজত নতুনকৈ গা কৰি উঠে। আনহাতে শিক্ষাৰ পোহৰ য’তে স্তব্ধ হয়, তাতে অন্ধবিশ্বাসসমূহ সৃষ্টি হয় বুলি কোৱা হয় যদিও উচ্চ শিক্ষিত মানুহবোৰো অন্ধবিশ্বাসৰ বলি হোৱা দেখা যায় ।
অন্ধবিশ্বাস মানে কি? সাধাৰণ অৰ্থত যুক্তিহীন বা ভিত্তিহীন বিশ্বাসেই হ’ল অন্ধবিশ্বাস। অন্ধবিশ্বাসীলোকে যুক্তিহীন কাম বা নিয়মবোৰ ত্যাগ নকৰাৰ বাবে নতুন নিয়ম বা নতুন কোনো কথা তেওঁলোকে চিন্তা কৰিবলৈ ইচ্ছা নকৰে। তেওঁলোকে নতুন নিয়মে ঘৰখনত অপায় অমংগল হ’ব পাৰে বুলি ভয় কৰে। উদাহৰণস্বৰূপে, বসন্ত বা আই ওলোৱা এবিধ ভাইৰাছজনিত ৰোগ। কিন্তু, আমাৰ সমাজত বসন্ত ওলালে ‘শীতলা আই’ৰ আৱিৰ্ভাৱ হোৱা বুলি আইক সন্তুষ্ট কৰিবলৈ বিভিন্ন আচাৰ-অনুষ্ঠান পতা হয়।
অতীতত ভাৰতীয় সমাজ ব্যৱস্থাত এটা প্রথা আছিল যে কোনো বিবাহিত পুৰুষৰ মৃত্যু হ’লে সেই পুৰুষজনৰ পত্নীক জীয়াই জীয়াই চিতাৰ অগ্নিত দি একে লগে পুৰি মাৰিছিল। এই প্ৰথাক সতীদাস প্ৰথা বোলা হৈছিল। সেই সময়ত এই প্ৰথা এটা পৰম্পৰালৈ পৰিণত হৈছিল যিটো সেই সময়ৰ বাবে এটা ডাঙৰ অন্ধবিশ্বাস আছিল। ভাৰতৰ বহু সমাজ সংস্কাৰকৰ দ্বাৰা এনেবোৰ প্রথা দূৰীকৰণৰ বাবে আন্দোলন গঢ়ি উঠিছিল আৰু কালক্ৰমত সতীদাস প্ৰথা বিলুপ্ত হৈছিল।
বৰ্তমান সময়ত আমাৰ সমাজ ব্যৱস্থাত দেখা দিয়া এটা ভয়াবহ সমস্যা হ’ল ‘ডাইনী হত্যা’। নিৰাশ্ৰয়ী, নিৰাপৰাধী, শোষিত, বঞ্চিত এগৰাকী অৱলা নাৰীক ‘ডাইনী’ সজাই শাৰীৰিক মানসিক অত্যাচাৰ চলাইছে। আনকি ‘ডাইনী’ৰ নামত একোগৰাকী মহিলাক মৰিয়াই মৰিয়াই মাৰিবলৈ অকণো কুন্ঠাবোধ নকৰে। ‘ডাইনী’ আমাৰ সমাজত এক শংকা তথা ঘৃণা ভৰা শব্দ যাৰ অৰ্থ যাদুকৰী বা মায়াবী শক্তিৰ অধিকাৰী কোনো এক ব্যক্তি৷ ডাইনী হত্যা, অজস্র প্ৰচলিত অন্ধবিশ্বাসৰ মাজত এক ভয়ংকৰ অন্ধবিশ্বাস যি ব্যক্তি এজনৰ জীয়াই থকাৰ অধিকাৰ কোনো কাৰণ নোহোৱাকৈ খৰ্ব কৰে৷ পশ্চিমীয়া দেশত ১৭ শতিকাতে ডাইনী হত্যাৰ প্ৰচলন প্ৰায় বন্ধ হোৱাৰ বিপৰীতে আমাৰ দেশত ই এতিয়াও এক সামাজিক ব্যাধি হৈ আছে৷ আচৰিত হ’লেও সত্য যে মধ্য যুগত শাসন-শোষণ চলাই নিবলৈ ইউৰোপৰ শাসক/ৰাজ পৰিয়ালৰ প্ৰত্যক্ষ প্ৰৰোচনাত ডাইনীৰ বিচাৰ আৰু হত্যা চলিছিল৷ ডাইনী এজনে নিজৰ যাদুকৰী মায়াবী শক্তিৰে মানুহৰ বেমাৰ সৃষ্টি কৰা, পথাৰৰ শস্য ধ্বংস কৰা, পোহনীয়া জীৱ-জন্তু হত্যা কৰা বুলি বহু মানুহে অন্ধভাৱে বিশ্বাস কৰে আৰু এতিয়াও কৰি আহিছে। বিজ্ঞান প্ৰযুক্তিৰ যুগতো ডাইনী, যখিনী, ভূত প্ৰেতৰ পৰা ৰক্ষা পাবলৈ আজিও বাবাজী, তান্ত্ৰিক আৰু বেজৰ ওচৰলৈ তাবিজ ল’বলৈ মানুহে ঢাপলি মেলে। অলপ দিনৰ আগতে বাতৰিত এটা খবৰ ওলাইছিল যে এজন বিজ্ঞান শিক্ষকে এজন তান্ত্ৰিকৰ কথা শুনি নিজৰ ল’ৰাটোকে বলি দিবলৈ প্ৰস্তুত হৈছিল। আধুনিকতাৰ পোছাক পিন্ধা মানুহে এনে কৰিব পাৰেনে? বৰ্তমান আমি কোনখন সমাজৰ দিশে গতি কৰি আছোঁ?
এই অন্ধবিশ্বাসবোৰ দূৰ কৰিবলৈ হ’লে আমি বৈজ্ঞানিক মানসিকতাৰে কাম কৰি যাব লাগিব। কোনো কোনো ঘটনাৰ আঁৰত একোটা বৈজ্ঞানিক কাৰণ থাকিব পাৰে, তাক উপযুক্ত বিৱৰণ আৰু বিশ্লেষণেৰে সৰ্বসাধৰণক বুজাব লাগিব। এতিয়া প্ৰশ্ন হ’ল বৈজ্ঞানিক মানসিকতা মানেনো কি? চমুকৈ ক’বলৈ হ’লে, মানুহৰ চিন্তা আৰু কাম-কাজত বৈজ্ঞানিক পদ্ধতিৰ প্ৰয়োগ কৰিব পৰাৰ সামৰ্থ্যই হ’ল বৈজ্ঞানিক মানসিকতা। উদাহৰণ স্বৰূপে আমাৰ সমাজত প্ৰচলিত কিছুমান ‘নাপায়’ (অন্ধবিশ্বাস) হ’ল দুৱাৰমুখত বহিব নাপায়, পাকঘৰত চেণ্ডেল সোমোৱাব নাপায়, ৰাতি চুলি ফণিয়াব নেপায় ইত্যাদি ইত্যাদি। এই কথাবিলাক কৈ ‘নাপায়’ বুলি থৈ দিয়ে। আচলতে এই কথাবিলাকৰ মাজত এটা বৈজ্ঞানিক কাৰণ সোমাই আছে। ঘৰৰ দুৱাৰমুখত বহিলে সাধাৰণতে আহ-যাহ কৰোঁতে মানুহৰ অসুবিধা হয়। পাকঘৰত চেণ্ডেল সোমোৱালে পাক ঘৰত আমি গম নোপোৱাকে চেণ্ডেলৰ লগত বিভিন্ন বীজাণু আহিব পাৰে আৰু এই বীজাণুৱে আমাৰ শৰীৰত প্ৰৱেশ কৰিলে বেমাৰৰ সৃষ্টি কৰিব পাৰে। ঠিক সেইদৰে আগৰ দিনত আজিৰ দৰে বিদ্যুতৰ সুব্যৱস্থা নাছিল ৰাতি চুলি ফণিয়ালে বতাহৰ লগত গৈ আমাৰ খোৱা খাদ্যত মিহলি হৈ আমাক শৰীৰত অপকাৰ কৰিব পাৰে।
বৰ্তমান আমাৰ চাহ জনগোষ্টীৰ সমাজখনো বিভিন্ন অন্ধবিশ্বাসেৰে পোত খাই আছে। এই অন্ধবিশ্বাসবোৰ সমাধানৰ বাবে উঠি অহা প্ৰজন্ম আগবাঢ়ি আহিব লাগিব। কিয়নো তেওঁলোক বিজ্ঞান প্ৰযুক্তিৰ লগত প্ৰত্যক্ষভাৱে জড়িত। আজিকালিৰ যুৱচাম বিভিন্ন সামাজিক ই মাধ্যম যেনে ফেচবুক, হোৱাটছেপ আদি মাধ্যমবোৰত অধিক সময় ব্যস্ত হৈ থাকে আৰু এই মাধ্যমবোৰত বিভিন্ন সমস্যাবিলাকৰ সন্দৰ্ভত বহুলভাৱে আলোচনাও কৰা হয়। গতিকে আমাৰ বাবে এইটো এটা ইতিবাচক দিশ।
একক প্ৰচেষ্টাৰে কিছুমান দল সংগঠনে এই বিলাক সমস্যাৰ বাবে কাম কৰি আহিছে। কিন্তু এটা গোট বা সংগঠনৰ দ্বাৰা সমস্যা সমাধান কৰিবলৈ সম্ভৱপৰ নহয়। এই ক্ষেত্ৰত চৰকাৰী প্ৰশাসন আৰু আমাৰ শিক্ষিত যুৱপ্ৰজন্মৰ সহযোগিতা খুবেই প্ৰয়োজন। প্ৰতিটো চাহ বাগিচা অঞ্চলত সৰু সৰু গোট গঠন কৰি এই সম্পৰ্কীয় আলোচনা চক্ৰ, কৰ্মশালা, নাটক আদি অনুষ্ঠান অনুষ্ঠিত কৰি তাত বহল ভিত্তিত আলোচনা কৰিব পাৰিলে আমি বহুত উপকৃত হ’ম। কৰম উৎসৱবিলাকত এনেধৰণৰ দিশবোৰ আলোচনা কৰাৰ বাবে অধিক গুৰুত্ব দিব লাগে। এই কাৰ্যক্ৰমণিকাবোৰ যিমান পাৰে প্ৰচাৰ কৰিব লাগে জনপ্ৰিয় সামাজিক মাধ্যমবোৰত। এনে ধৰণে সৰু সৰু কাৰ্যসূচী হাতত লৈ আগবাঢ়ি গ’লেহে আমাৰ সমাজৰ পৰা প্রচলিত কুসংস্কাৰ আৰু অন্ধবিশ্বাসবোৰ দূৰ কৰিব পাৰিম।
সহায়ক উৎস ::
১/ ‘মুক্তচিন্তা’ অনলাইন আলোচনী ২/ বিকাশপিডিয়া ৩/ সেউজপুত্ৰ (আলোচনী)।