বিশ্বাস-অবিশ্বাস

অন্ধবিশ্বাস আৰু আমাৰ সমাজ-(লিপিকা ভূঞা)

অন্ধবিশ্বাস শব্দটোৰ ইংৰাজী প্ৰতিশব্দ “Superstition” শব্দটো লেটিন “Stare” শব্দৰ পৰা উৎপত্তি হৈছে। প্ৰখ্যাত দাৰ্শনিক Edmund Burke-ৰ মতে, “Superstition is the religion of feeble mind”. এই অন্ধবিশ্বাসে মানৱীয় প্ৰমূল্যসমূহক আঘাত হানি মানৱ সমাজ এখনক কলুষিত কৰাই নহয়; সত্য আৰু যুক্তিক নস্যাৎ কৰি প্ৰগতিৰ পথো ৰুদ্ধ কৰি তোলে৷ একবিংশ শতিকাৰ বিজ্ঞান-প্ৰযুক্তিনিৰ্ভৰ আধুনিক সমাজ এখনতো অন্ধবিশ্বাস শিপাই থকা কথাটো নিঃসন্দেহে খুবেই পৰিতাপৰ কথা৷ সৰ্বসাধাৰণৰ মাজত অন্ধবিশ্বাস বৰ্তি থকাৰ মূল কাৰণসমূহ এনেধৰণৰ:

১) জ্ঞানৰ অভাৱ। যাৰ বাবে মানুহ কু-সংস্কাৰ, অন্ধবিশ্বাস আদিৰ দ্বাৰা প্ৰভাৱিত হয়।

২) মানুহৰ নেতিবাচক দৃষ্টিভংগী, ভোগসৰ্বস্ব মানসতা, অধ্যয়নবিমুখ মনোবৃত্তি আদিৰ বাবেও অন্ধবিশ্বাসে গা কৰি উঠে।

৩) নেতৃস্থানীয় লোকে স্বাৰ্থ সিদ্ধিৰ বাবে সমাজৰ ক্ষতিকাৰক কাম কৰিবলৈ কুণ্ঠাবোধ নকৰাৰ ফলতো এচাম লোকে বিভিন্ন অন্ধবিশ্বাসৰ দ্বাৰা প্ৰভাৱিত হৈ আহিছে।

৪) ভ্ৰমণে মনৰ পৰিধি বহল কৰে। যোগাযোগ ব্যৱস্থাৰ সুবিধা নথকা ভিতৰুৱা অঞ্চলৰ বহু লোকে মনৰ ভাব বাহিৰৰ অঞ্চলৰ লোকৰ সৈতে বিনিময় কৰাৰ সুবিধা নোপোৱাৰ ফলস্বৰূপে কৌটিকলীয়া নীতি-নিয়মতে আচ্ছন্ন হৈ থাকে৷ জনসাধাৰণ অন্ধবিশ্বাসী হৈ পৰাৰ ইও এটা অন্যতম কাৰণ।

৫) বিজ্ঞানমনস্কতা আৰু যুক্তিবাদী চিন্তাৰ অভাৱেই সৰ্বসাধাৰণ অন্ধবিশ্বাসৰ বলি হোৱাৰ প্ৰধান কাৰক।

আমাৰ সংবিধানৰ ৫১(ক) অনুচ্ছেদত “ভাৰতৰ সকলো নাগৰিকৰ মাজত বিজ্ঞানমনস্কতা, মানৱতা, অনুসন্ধিৎসু আৰু সংস্কাৰৰ বিকাশৰ বাবে ৰাষ্ট্ৰই চেষ্টা কৰিব” বুলি উল্লেখ আছে। কিন্তু ব্যৱহাৰিক ক্ষেত্ৰত দেখা গৈছে যে দেশত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ প্ৰকোপ বৃদ্ধিহে পাইছে। যিখন দেশত অধিকাংশ লোকে খাদ্যৰ অভাৱত হাহাকাৰ কৰিব লগা পৰিস্থিতিৰ সন্মুখীন হয়, সেইখন দেশত ভিন্ন খাদ্য সামগ্ৰী নষ্ট হয় ভগৱানৰ নামত। নদীক সন্তুষ্ট কৰিবলৈ আজিও পূজা কৰা হয়, বেমাৰ খেদিবলৈ কাঁহী-বাতি বজোৱা হয়।

সামাজিক স্তৰত অতীজৰে পৰা চলি অহা পৰম্পৰা, অন্ধবিশ্বাস আদিক অনুসৰণ কৰাৰ ফলত সমাজখন ক্ৰমান্বয়ে অন্ধকাৰৰ কৰাল গ্ৰাসত সোমাই পৰিছে। আমাৰ দৈনন্দিন জীৱনত বহু অন্ধবিশ্বাসৰ উদাহৰণ পৰিলক্ষিত হয়। তেনে দুটিমান উদাহৰণ হ’ল: ৰাতিপুৱা শুই উঠি চোতালত এটা শালিকা দেখিলেই আমাৰ দিনটোৰ আৰম্ভণি অশুভ বুলি ভবা হয়। কিন্তু যুক্তিসন্মতভাৱে যদি আমি ভাবোঁ, এটা শালিকা দেখা প্ৰতিটো দিন আমাৰ বেয়াকৈ পাৰ হোৱা নাই বা দুটা দেখা দিনবোৰো সদায় ভাল হোৱা নাই। কেতিয়াবা যদি আকস্মিকভাৱে মিলিও গৈছে, ই কাকতালীয়হে। একেদৰে যাত্ৰাৰ সময়ত পিছফালৰ পৰা হাঁচিয়ালে যাত্ৰা নষ্ট হয় বুলি আমাৰ বহুতৰে অন্ধবিশ্বাস আছে, যিটো প্ৰকৃততে যুক্তিৰে বিচাৰ কৰিলে সম্পূৰ্ণ অসত্য। গাড়ী এখন চলাই যাওঁতে সন্মুখেৰে মেকুৰী পাৰ হৈ গ’লে বহুতে গাড়ী বন্ধ কৰি দিয়ে৷ অলপ পাছলৈ গৈহে পুনৰ চলাবলৈ আৰম্ভ কৰে৷ বেছিসংখ্যক লোকৰ মতে মেকুৰী অমংগলীয়া প্ৰাণী। সেয়ে কিবা দুৰ্ঘটনা হোৱাৰ আশংকাত এনে ব্যৱহাৰ কৰে বুলি জনা যায়। কিন্তু ইয়াৰ কোনো বৈজ্ঞানিক সত্যতা নাই৷ সমাজত নাৰীৰ প্ৰতি অৱজ্ঞা আৰু বৈষম্যও অন্ধবিশ্বাসৰেই ফল। সময়ৰ গতিত ই কিছু পৰিমাণে কমিছে যদিও অন্ত পৰা নাই। মহিলাক মাহেকীয়াৰ সময়খিনিত অপবিত্ৰ বুলি গণ্য কৰি আঁতৰাই ৰখা দেখা যায়। কিন্তু এই স্বাভাৱিক প্ৰক্ৰিয়াৰ সময়ছোৱাত প্ৰকৃততে চাফ-চিকুণ হৈ থাকি কিছু জিৰণি লোৱাৰহে প্ৰয়োজন। উচ্চশিক্ষিত ব্যক্তিকো বিজ্ঞানমনস্কতাৰ অভাৱৰ বাবেই এই সময়ছোৱাত ৰান্ধনিঘৰৰ পৰা আঁতৰি থকা দেখা যায়। একেদৰেই সমাজৰ বিধৱা মহিলা এগৰাকীৰ ক্ষেত্ৰত যিমান বাধা নিষেধ দেখা যায়, পত্নীহাৰা পুৰুষজনৰ ক্ষেত্ৰত দেখা নাযায়। সমাজত সৃষ্টি হোৱা বিভিন্ন অযুক্তিকৰ ধাৰণাবোৰৰ ভিতৰত অন্যতম হ’ল ডাইনী বিশ্বাস৷ সাধাৰণতে ডাইনী বুলি অভিযুক্তসকল প্ৰায়ে মহিলাই। কেতিয়াবাহে তেওঁলোকৰ লগত সমন্ধীয় পুৰুষৰ নামো সাঙোৰ খাই পৰে। এই কু-প্ৰথাৰ আঁৰত থাকে সামাজিক অনগ্ৰসৰতা, ঈৰ্ষা, ব্যক্তিগত, সামাজিক তথা ৰাজনৈতিক ষড়যন্ত্ৰ ইত্যাদি ভিন্ন কাৰক। আমাৰ সমাজত প্ৰচলিত জ্যোতিষ বিদ্যাকো বিজ্ঞানে স্বীকাৰ নকৰে। বিজ্ঞানৰ মতে গ্ৰহ নক্ষত্ৰসমূহ পৃথিৱীৰ পৰা ইমান দূৰত অৱস্থিত যে এইবোৰৰ অতি ক্ষীণ বিকিৰণহে পৃথিৱীপৃষ্ঠত পৰেহি। ই মানুহৰ ভৱিষ্যত নিয়ন্ত্ৰণ কৰিব পাৰে বুলি ভবাৰ কোনো যুক্তিয়েই নাই। বিজ্ঞানে স্বীকাৰ নকৰা, প্ৰমাণ নথকা বহু কথাৰে ভৰপূৰ জ্যোতিষ শাস্ত্ৰ। বিজ্ঞানমনস্কতাৰ অভাৱৰ ফলস্বৰূপে সৰ্বসাধাৰণে সকলোবোৰ কথাতে বেজ-বেজালী, তাবিজ-মাদুলি, তন্ত্ৰ-মন্ত্ৰ আদিৰ সন্ধান কৰি ফুৰে।

প্ৰতিকাৰৰ উপায়: অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰ কৰাৰ ক্ষেত্ৰত জন সজাগতা হ’ল এটা শক্তিশালী আহিলা। অন্ধবিশ্বাসে যে সমাজ এখনক ধ্বংস কৰি পেলাব পাৰে, সমাজ এখনক যে আকৌ আদিম স্তৰলৈ লৈ যাব পাৰে; সেয়া সকলোয়ে বুজি উঠা উচিত। ইয়াৰ বাবে কিছুমান পদক্ষেপ ল’ব পাৰি:

বিদ্যালয়ৰ পাঠ্যক্ৰমত এনে বিষয় অন্তৰ্ভুক্ত কৰিব লাগে, যাতে ছাত্ৰ-ছাত্ৰীয়ে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ ভয়াবহতা সৰুৰে পৰা বুজি উঠে। বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ত তথ্যচিত্ৰ, বাটৰ নাটক ইত্যাদিৰ মাধ্যমেৰে সজাগতা অনাৰ চেষ্টা কৰিব লাগে। জনসাধাৰণৰ মনৰ পৰা অন্ধবিশ্বাস, কুসংস্কাৰ আদি নিৰ্মূল কৰিবলৈ হ’লে বৈজ্ঞানিক মানসিকতা গঢ় লৈ উঠাটো অত্যন্ত প্ৰয়োজন৷ যুক্তিৰ সপক্ষে থিয় দিব পৰাকৈ সাহস কৰিব পৰা এক নৱপ্ৰজন্ম সুস্থ সমাজ ব্যৱস্থাৰ বাবে অপৰিহাৰ্য। অন্যথা অন্ধবিশ্বাস আৰু কুসংস্কাৰক সমাজৰ পৰা আঁতৰ কৰাটো এক দিবাস্বপ্ন হৈ ৰ’ব। অৱশ্যে বিজ্ঞানমনস্কতাই সামাজিক প্ৰগতিৰ শেষ কথা নহয়। একে সময়তে নৱ প্ৰজন্মক প্ৰয়োজন নৈতিক, সাংস্কৃতিক, মানৱীয় গুণেৰে সমৃদ্ধ এক সামাজিক দায়বদ্ধতাৰো।

সহায়ক গ্ৰন্থপঞ্জী:

১) বৰগোহাঁই, দীপিকা; “বিশ্বাস অবিশ্বাস অন্ধবিশ্বাস”

২) চলিহা, ডিম্বেশ্বৰ; বিজ্ঞান, বিশ্বাস আৰু অন্ধবিশ্বাস

Leave a Reply

Your email address will not be published. Required fields are marked *