কেন্দ্ৰীয় নিবন্ধ

অন্ধবিশ্বাস আৰু ‘অৰ্থশাস্ত্ৰ’ – (প্ৰসেনজিৎ চৌধুৰী)

আমি বহুতেই গৰ্ব কৰি কওঁ – ভাৰতবৰ্ষ আধ্যাত্মিক দেশ, এইখন দেশৰ নৈতিক শ্ৰেষ্ঠতা প্ৰশ্নাতীত। কথাষাৰ শ্ৰুতিমধুৰ, কিন্তু মোহমুক্তভাৱে ইতিহাসৰ পাত লুটিয়াই চালে বেলেগ এখন ছবিহে আমাৰ চকুৰ আগত ভাহি উঠে। এইখন ছবিয়ে উচ্চমাৰ্গীয় আধ্যাত্মিক দৰ্শনৰ লগতে স্থূল, নিৰ্বিবেক আৰু স্বাৰ্থান্ধ মনোভাবৰ সুস্পষ্ট পৰিচয় দিয়ে। প্লেটোৰ দৰে ইয়াতো ৰজাৰ স্বাৰ্থৰক্ষাৰ উদ্দেশ্যে শাস্ত্ৰকাৰে নিভাঁজ মিথ্যাচাৰক নিঃশংকচিত্তে প্ৰশ্ৰয় দিয়াৰ দৃষ্টান্ত আছে। এই প্ৰসংগত প্ৰথমেই কৌটিল্যৰ ‘অৰ্থশাস্ত্ৰ’ৰ কথা আমাৰ মনলৈ আহে। সুচতুৰ কৌশলেৰে কেনেকৈ প্ৰজাৰ ধৰ্মীয় অন্ধবিশ্বাসৰ সুযোগ লৈ ৰাজ-কোষ টনকিয়াল কৰিব লাগে অথবা ৰজাৰ সৰ্বজ্ঞতাৰ কাহিনী চোৰাংচোৱাৰ জৰিয়তে প্ৰচাৰ কৰি ৰজাৰ ঈশ্বৰ-সদৃশ ভাবমূৰ্তি নিৰ্মাণ কৰিব পাৰি সেই সম্পৰ্কে কৌটিল্যই বেছ আমোদজনক দিহা-পৰামৰ্শ দি গৈছে। অৱশ্যে ‘অৰ্থশাস্ত্ৰ’ৰ ৰাজনৈতিক দিশটোৰ পুঙ্খানুপুঙ্খ বিশ্লেষণ দাঙি ধৰি যশস্বী ঐতিহাসিক ৰামশৰণ শৰ্মাই কৈছে যে কৌটিল্যই তেওঁৰ গ্ৰন্থৰ ক’তো কোৱা নাই যে ৰজা এগৰাকী মহৎ দেৱতা। এই ক্ষেত্ৰত শাস্ত্ৰকাৰ মনুৰ মত আছিল পোনপটীয়া আৰু প্ৰাঞ্জল। ‘মনু-সংহিতা’ৰ সপ্তম অধ্যায়ত ৰজাৰ ঐশ্বৰিক মাহাত্ম্যৰ বিষয়ে কোৱা হৈছে : ‘ৰজা বালক হ’লেও তেওঁক মনুষ্য জ্ঞান কৰি অৱমাননা কৰিব নাপায়, কাৰণ তেওঁ নৰৰূপ ধৰি থকা এজন বিশেষ দেৱতাহে।’ এই নৰৰূপী নৃপতিৰ জন্মেতিহাস বেছ কৌতূহলোদ্দীপক : ঈশ্বৰে ‘আঠজন দেৱতাৰ সাৰ অংশ আনি ৰজাক উৎপন্ন কৰিলে’, কাৰণ ৰজাহীন ৰাজ্যৰ ‘সকলোতে ভয় আৰু হাহাকাৰ আৰম্ভ হ’ব’। কৌটিল্যৰ ৰচনাত কিন্তু ৰজাৰ ঐশ্বৰিক জন্ম-বৃত্তান্ত পাবলৈ নাই। অৱশ্যে ৰজা ঐশ্বৰিক গুণসম্পন্ন – এনে ধাৰণা কৌশলেৰে প্ৰচাৰ কৰিবলৈ তেওঁ মন্ত্ৰণা নিদিয়া নহয়‌।

কৌটিল্যৰ ‘অৰ্থশাস্ত্ৰ’ৰ ঐতিহাসিক গুৰুত্ব অনস্বীকাৰ্য। প্ৰাচীন ভাৰতৰ ৰাষ্ট্ৰ-চিন্তাৰ গতি-প্ৰকৃতি বুজ ল’বলৈ যত্ন কৰা বুৰঞ্জীকাৰসকলে ‘অৰ্থশাস্ত্ৰ’ৰ পাতত বিচাৰি পায় অমূল্য সমলৰ সম্ভাৰ। আমি ইতিপূৰ্বে উল্লেখ কৰা ৰামশৰণ শৰ্মাৰ তথ্য-সমৃদ্ধ গ্ৰন্থখনত কৌটিল্য-বিষয়ক এটা সুকীয়া অধ্যায়েই আছে। উক্ত অধ্যায়ৰ এটা খণ্ডৰ শিৰোনাম মন কৰিবলগীয়া :  ‘Superstition and Politics’ । যিকোনো উপায়েৰে ৰাজ-ক্ষমতা তথা ৰাজ-ভঁৰালৰ শ্ৰীবৃদ্ধি কামনা কৰা কৌটিল্যৰ সৈতে বহুতে পশ্চিমৰ সু্/কুখ্যাত ৰাজনৈতিক চিন্তক মেকিয়াভেলিৰ চিন্তা-ভাবনাৰ সাদৃশ্য বিচাৰি পোৱাটো আচৰিত নহয়। কিয়নো ৰাজনীতিৰ ক্ষেত্ৰত কপটাচাৰ, প্ৰৱঞ্চনা তথা কুটিলতা বুজাবলৈ সততে ‘মেকিয়াভেলিজম’ শব্দটো ব্যৱহাৰ কৰি অহা হৈছে। উদ্দেশ্য পূৰণৰ স্বাৰ্থত যিকোনো কুটিল কৌশল অৱলম্বন কৰাৰ ক্ষেত্ৰত কৌটিল্য কিন্তু মেকিয়াভেলিতকৈ আগবঢ়া। স্থিৰমস্তিস্ক দূৰদৰ্শী ৰাজনীতিকৰ দৰে কৌটিল্যই বিশ্বাস কৰিছিল যে ধৰ্মীয় অনুশাসন-আনুষ্ঠানিকতাই সম্পদ-সংগ্ৰহৰ বেলিকা বাধাৰ সৃষ্টি কৰিব নালাগে। ৰাজকোষৰ সমৃদ্ধি-সাধন কেনেকৈ কৰিব লাগে সেই সন্দৰ্ভত তেওঁ দিয়া এটা দিহা দৃষ্টান্ত হিচাপে উল্লেখ কৰিব পাৰি : গণিকা ৰাখি জীৱিকা অৰ্জন কৰা লোকে ‘পৰম ৰূপ যৌৱনসম্পন্না ৰাজ-ভৃত্যাৰ সহায়ত ৰাজভঁৰাল সমৃদ্ধ কৰিব’। (কৌটিল্যৰ অৰ্থশাস্ত্ৰ, অনুবাদ: ৰজনীকান্ত দেৱশৰ্মা/ ডিম্বেশ্বৰ শৰ্মা, পৃ: ১৭৯) সংগতভাৱে অনুমান কৰিব পাৰি, কৌটিল্যৰ ৰাষ্ট্ৰ-চিন্তাৰ চৌহদত নৈতিক মূল্যবোধৰ সমাদৰ নাছিল।

সম্ভোগৰ সীমাহীন আয়োজন, ৰাজ্য-সম্প্ৰসাৰণৰ অমিত-অদম্য বাসনা, বিপুল আৰু বিপদমুক্ত ক্ষমতাৰ আকাংক্ষা, এইবোৰক বাদ দি প্ৰচীন কালৰ ৰাজতন্ত্ৰৰ কথা ভবাই নাযায়। কিন্তু ঐশ্বৰ্য অবিহনে সম্ভোগেচ্ছা আৰু ক্ষমতাৰ দৃঢ়কৰণ তথা বিস্তাৰৰ উদ্দেশ্য পূৰণ কৰাটো জানো সম্ভৱ? কৌটিল্য আৰু অন্যান্য শাস্ত্ৰকাৰে ৰাজ-কোষৰ সমৃদ্ধিৰ ওপৰত বিশেষ গুৰুত্ব দিছে। ‘মনু-সংহিতা’তো আমি এই সতৰ্কীকৰণ পাওঁ : দয়াবশতঃ প্ৰজাৰ পৰা কৰ নল’লে ৰজা নিজে ধংস হ’ব; আনহাতে লোভত পৰি কৰৰ বোজা বঢ়াই দিলে প্ৰজাৰ ধ্বংস অনা হ’ব। ৰাজ-ভঁৰালৰ সমৃদ্ধি সংক্ৰান্তীয় আলোচনাৰ ক্ষেত্ৰত কৌটিল্যইও প্ৰায় একেধৰণৰ সকীয়নি দিছে (পৃ: ১৮২)‌। ইয়াৰ অৰ্থ অৱশ্যে এই নহয় যে কৌটিল্যই ছালনা আৰু চতুৰালিৰে ৰজাৰ ধন-সম্পদ বৃদ্ধি কৰাৰ নীতিক অন্যায় বুলিছে। ৰাজ-ভঁৰালৰ শ্ৰীবৃদ্ধিৰ স্বাৰ্থত কৌটিল্যই যে প্ৰবঞ্চনা আৰু প্ৰশাসনিক পীড়নক প্ৰশ্ৰয় দিবলৈ অকণো সংকোচবোধ কৰা নাই তাৰ ভুৰি ভুৰি প্ৰমাণ ‘অৰ্থশাস্ত্ৰ’ত পোৱা যায়। এঠাইত তেওঁ খোলোচাকৈ এইধৰণৰ পৰামৰ্শ দিছে : শাস্ত্ৰীয় মতৰ বিপক্ষে যোৱা মানুহৰ সংঘৰ ধন অথবা বেদজ্ঞ ব্ৰাহ্মণৰ ভোগৰ কাৰণে স্থাপিত নোহোৱা মন্দিৰৰ ধন ৰাজ-বিষয়াই ৰাজ-ভৰাঁললৈ আনি ‘প্ৰচাৰ কৰিব যে এই ধন যাৰ ওচৰত গচ্ছিত ৰখা হৈছিল সেই লোকজন মৰিল বা তেওঁৰ ঘৰ পুৰি গ’ল।‘ (পৃ: ১৮০)

অনুমান কৰিব পাৰি, ৰাজকোষ টনকিয়াল কৰাৰ উপৰোক্ত যি পীড়নমূলক পদ্ধতি তাৰ লগত প্ৰশাসনিক বল-প্ৰয়োগৰ সম্পৰ্ক নথকা নহয়। এনে পদ্ধতিয়ে কেতিয়াবা ৰাজদ্ৰোহ সূচনা কৰাৰ সম্ভাৱনা থাকে। আনহাতে, ধৰ্মপ্ৰাণ প্ৰজাৰ অন্ধবিশ্বাসৰ সুবিধা লৈ ধন-সংগ্ৰহৰ কৌশলী চেষ্টা চলালে প্ৰজা ৰুষ্ট নহয়। এই নিৰাপদ তথা গোপন পদ্ধতিৰে ধন-সংগ্ৰহৰ কেইবাটাও সুচতুৰ পৰামৰ্শ কোনো লুকঢাক নোহোৱাকৈ কৌটিল্যই ‘অৰ্থশাস্ত্ৰ’ত উল্লেখ কৰিছে। কোৱা হৈছে, ‘দৈৱিক বিপদৰ প্ৰতিকাৰ কৰি ৰাজ-কোষ সমৃদ্ধ’ কৰা যায়। (পৃ: ১৮০) অদৃষ্ট আৰু ঈশ্বৰ-প্ৰেৰিত শাস্তিৰ ওপৰত গভীৰ আস্থা থকা সহজ-সৰল মানুহৰ পৰা এই উপায়েৰে যে নিৰ্বিঘ্নে প্ৰচুৰ অৰ্থ আত্মসাৎ কৰাটো সম্ভৱ সেই কথা কাৰুণ্য-ৰহিত কৌটিল্যই ভালদৰে জানিছিল।

পিছে কেৱল ‘দৈৱক বিপদ’ৰ ভয় আৰু তাৰ প্ৰতিকাৰৰ প্ৰলোভন দেখুওৱাতেই ক্ষান্ত নাছিল কৌটিল্য। বৈষয়িক স্বাৰ্থসিদ্ধিৰ উদ্দেশ্যে সুপৰিকল্পিতভাৱে আৰু সংগোপনে ‘অলৌকিক’ ঘটনা সংঘটিত কৰি সাধাৰণ মানুহৰ মনত ভয় আৰু ভক্তিৰ জন্ম দি কেনেকৈ সৰলমনা ধৰ্ম-ভীৰু প্ৰজাৰ ধন হস্তগত কৰিব পাৰি সেই সম্পৰ্কে কৌটিল্যই নিষ্পেষক নিৰ্দেশ দিছে স্পষ্টকৈ। অন্ধবিশ্বাসে আচ্ছন্ন কৰা মানুহৰ মনৰ শংকা, উদ্বেগ, আকাংক্ষা, যুক্তিহীনতা, আত্মসমৰ্পণৰ মনোভাব আদিৰ বিষয়ে কৌটিল্যৰ যে সম্যক ধাৰণা আছিল তাত তিলমানো সন্দেহ নাই। তেওঁ জানিছিল যে উদ্ভট ধাৰণা আৰু অলৌকিক ঘটনাৰ পৰিকল্পিত প্ৰচাৰৰ সাফল্যৰ বাবে বদ্ধমূল ধৰ্মীয় বিশ্বাসে মানুহৰ মনত এক উৰ্বৰ ক্ষেত্ৰৰ তৈয়াৰ কৰি ৰাখে। এয়া আমাৰ অনুমান নহয়, কৌটিল্যৰ ৰচনাতেই ইয়াৰ পৰোক্ষ সাক্ষ্য আছে। এই প্ৰসংগত ‘অৰ্থশাস্ত্ৰ’ত সন্নিবিষ্ট ‘ৰাজ-কোষৰ পুনঃসমৃদ্ধি সাধন’ শীৰ্ষক প্ৰকৰণৰ পৰা আমি কৌটিল্যৰ কেইটামান কুটিল পৰামৰ্শ উদ্বৃত কৰিব পাৰোঁ :

অথবা, ৰাতি কোনো দেৱ-মন্দিৰ বা সিদ্ধি-ক্ষেত্ৰ থাপনা কৰি তাক অলৌকিক ঘটনা বুলি প্ৰচাৰ কৰি সেই ঠাইত যাত্ৰা-উৎসৱ, মেলা আদিৰ  আয়োজন কৰি দেৱ-মন্দিৰৰ অধ্যক্ষই জীৱিকা নিৰ্বাহ কৰিব। (অৰ্থাৎ তাত সংগৃহীত ধন ৰাজ-ভৰাঁলত জমা দিব।) …… অথবা, সেই দেৱ-মন্দিৰৰ উপবনৰ অকালতে ফুল-ফল ধৰা কোনো দ্বাৰা (তাত) দেৱতাৰ আৱিৰ্ভাব হোৱা বুলি প্ৰচাৰ কৰিব।… অথবা সিদ্ধ-পুৰুষবেশী গুপ্তচৰে (উপবনৰ) কোনো গছত ৰাক্ষস থকাৰ ভয় দেখুৱাই (ৰাক্ষসৰ তৃপ্তিৰ দ্বাৰা ভয় নিবাৰণৰ অৰ্থে) পুৰুবাসী আৰু গাঁওবাসীসকলৰ পৰা (নিতৌ) একোজন লোক কৰ হিচাপে দাবী কৰি (মানুহৰ সলনি) ধন লৈ ভয়ৰ প্ৰতিকাৰ কৰিব।…… অথবা সুৰঙ্গৰে সংযোগ কৰা কুঁৱা এটাৰ ভিতৰত বহু ফণাযুক্ত সাপ দেখুৱাই ধন সংগ্ৰহ কৰিব। (পৃ: ১৮০)

এই শঠ পৰামৰ্শবোৰ নিশ্চয় কৌটিল্যৰ ‘অৰ্থশাস্ত্ৰ’তেই আবদ্ধ নাছিল। পতঞ্জলিৰ ৰচনাত উল্লেখ থকা এটা গুৰুত্বপূৰ্ণ তথ্য এই প্ৰসংগত স্মৰ্তব্য : মৌৰ্য নৃপতিসকলে অৰ্থ-আহৰণৰ উদ্দেশ্যে পূজা-পাতলৰ ব্যৱস্থা কৰিছিল। খুব সম্ভৱ কৌটিল্যৰ কেতবোৰ পৰামৰ্শ গুৰুত্বসহকাৰে গ্ৰহণ কৰা হৈছিল। এইখিনিতে আমি আৰু এটা কথা উল্লেখ কৰা সমীচিন হ’ব। কৌটিল্যই আত্মপ্ৰত্যয়েৰে বিশ্বাস কৰিছিল যে নাভূত-নাশ্ৰুত অলৌকিক কাণ্ড ঘটা বুলি প্ৰচাৰ চলাই বা অন্য কপট কায়দাৰে অন্ধবিশ্বাসী প্ৰজাৰ কষ্টোপাৰ্জিত ধন আত্মসাৎ কৰি ৰাজ-কোষ সমৃদ্ধ কৰিব পাৰি। কিন্তু তেওঁৰ মনত নিশ্চয় এই ভয়ো আছিল যে কিছুসংখ্যক লোকে চকু মুদি সকলো কথা বিশ্বাস নকৰিবও পাৰে। এইচাম সংশয়াচ্ছন্ন মানুহক শাস্তি বিহাৰ ব্যৱস্থা কেনে হোৱা উচিত তাৰ উল্লেখো ‘অৰ্থশাস্ত্ৰ’ত পাওঁ। অবিশ্বাসীবিলাকৰ খোৱা বা গা-ধোৱা পানীত বিষ মিহলাই দেৱতাৰ অভিশাপ বুলি প্ৰচাৰ কৰিব……। (পৃ: ১৮০) ‘অবিশ্বাসী’সকলক ‘ঐশ্বৰিক’ শাস্তি প্ৰদানৰ পৰামৰ্শৰ পৰা সংগতভাৱে অনুমান কৰিব পাৰি যে উদ্ভট বিশ্বাসৰ বিপৰীতে বিসম্বাদী ধাৰা এটা সেইকালতো সক্ৰিয় আছিল।

আধুনিক যুগৰ ৰাজনীতিকৰ দৰে তাহানিয়েই তীক্ষ্ণধী কৌটিল্যই প্ৰচাৰৰ বহুমুখী ভূমিকা আৰু অসীম গুৰুত্বৰ মৰ্ম যে সম্যকভাৱে উপলব্ধি কৰিব পাৰিছিল তাৰ প্ৰমাণ ‘অৰ্থশাস্ত্ৰ’ত বেছ সুলভ। প্ৰখৰ বাস্তৱ-বুদ্ধিৰ অধিকাৰী কৌটিল্যই এটা কথা ভালদৰে বুজিছিল – কেৱল ৰাজ-কোষৰ আয়-বৃদ্ধিৰ স্বাৰ্থতেই নহয়, যুদ্ধ-জয় আৰু অন্যান্য কাৰণেও ৰজাৰ ঈশ্বৰ-সদৃশ ভাবমূৰ্তি নিৰ্মাণৰ উদ্দেশ্যে পৰিকল্পিতভাৱে প্ৰহেলিকাধৰ্মী প্ৰচাৰ চলোৱাটো অত্যন্ত  জৰুৰী। এইবিধ প্ৰচাৰে ৰজাৰ খ্যাতি আৰু ক্ষমতাক ৰক্ষণাবেক্ষণ দিয়ে আৰু সেইবাবে কৌটিল্যই ৰজাৰ সৰ্বজ্ঞতা ঈশ্বৰৰ অনুকৰণীয় বৈশিষ্ট্য বুলি ধৰ্মপ্ৰাণ লোকসকলে পৰম প্ৰত্যয়েৰে বিশ্বাস কৰে। অৱশ্যে কেৱল সৰ্বজ্ঞতাই নহয়, ঈশ্বৰৰ সৈতে ৰজাৰ যোগাযোগ থকা বুলিও প্ৰচাৰ কৰাৰ দিহা দিছে কৌটিল্যই। এই কথা সৰ্বজনবিদিত যে সৈন্যসকলৰ মন-মেজাজৰ ওপৰত যুদ্ধৰ ফলাফল বহু পৰিমাণে নিৰ্ভৰ কৰে। স্বাভাৱিকতে যুদ্ধৰ সময়ত প্ৰহেলিকাধৰ্মী প্ৰচাৰৰ সহায়ত শত্ৰু পক্ষক শংকিত কৰি তেওঁলোকৰ মনোবল ভাঙি পেলোৱাটো ৰণ-কৌশলৰ অংগ হিচাপে বিবেচিত হয়। আনহাতে, নিজৰ পক্ষৰ মনত সাহস, দৃঢ়তা আৰু উৎফুল্লতা উদ্ৰেক কৰাটো বাঞ্ছনীয়। শত্ৰু-পক্ষ আৰু স্বপক্ষৰ ধৰ্মীয় অন্ধবিশ্বাসৰ সুযোগ গ্ৰহণ কৰি চৰম চতুৰালিৰে কৌটিল্যই কেনেকৈ এই দ্বিমুখী মনস্তাত্ত্বিক ৰণ-কৌশল ৰচনা কৰিছিল তাৰ কৌতূহলোদ্দীপক নমুনা ‘অৰ্থশাস্ত্ৰ’ত পাওঁ : ‘শত্ৰুৰ দুৰ্গৰক্ষিত নগৰ দখল কৰিবৰ ইচ্ছা থকা বিজিগীষুৱে নিজৰ সৰ্বজ্ঞতা আৰু দেৱতাৰ লগত যোগাযোগ থকা কথা ঘোষণা কৰি নিজৰ পক্ষক আনন্দিত আৰু শত্ৰুপক্ষৰ বিভীষিকা উৎপাদন কৰিব।‘ (পৃ: ২৯৪)

ৰজাৰ সৰ্বজ্ঞতা কেনেকৈ জ্ঞাপন কৰা হ’ব সেই সন্দৰ্ভত কেইবাটাও বুদ্ধি দিছে ৰাজনীতিজ্ঞ কৌটিল্যই। এইবোৰৰ ভিতৰৰ দুটা হ’ল – এক ‘ঘৰৰ গোপন খবৰ অৱগত হৈ’ মুখিয়ালসকলৰ আগত সেইবোৰ সদৰী কৰা; দুই, চোৰাংচোৱাৰ জৰিয়তে ‘ৰাজদ্ৰোহীবিলাকৰ (নাম) জানি লৈ’ তেওঁলোকৰ পৰিচয় ঘোষণা কৰা। (উক্ত গ্ৰন্থ, পৃ: ২৯৪) পোন আৰু সহজ কথাত, সংগোপনে সংবাদ সংগ্ৰহ কৰি ৰজাই কৌশলেৰে নিজৰ অলৌকিক ক্ষমতাৰ প্ৰমাণ দাঙি ধৰিব। কোৱা বাহুল্য যে ৰজাৰ সৰ্বজ্ঞতাৰ প্ৰামাণিক প্ৰচাৰে কেৱল বৈৰী শিবিৰক উদ্বিগ্ন কৰাই নহয়, ৰাজ্যত অভ্যন্তৰীণ বিক্ষোভ-বিদ্ৰোহৰ সম্ভাৱনাকো ই হ্ৰাস বা নিৰ্মূল কৰিব বুলি কৌটিল্যই নিশ্চয় ভাবিছিল। দেৱতাৰ সৈতে ৰজাৰ যোগাযোগৰ কাহিনী প্ৰচাৰ কৰাৰ উদ্দেশ্যেও গুপ্তচৰৰ জৰিয়তে বা অন্যভাৱে কি কি ব্যৱস্থা ল’ব লাগিব তাৰ উল্লেখো ‘অৰ্থশাস্ত্ৰ’ত আছে। যেনে, অগ্নিগৃহত দেৱতাৰূপে আত্মগোপন কৰা ‘গুপ্তচৰসকলৰ লগত আলাপ কৰি বা তেওঁলোকক পূজা কৰি। (উক্ত গ্ৰন্থ, পৃ: ২৯৪) ৰজাৰ সৰ্বজ্ঞতা আৰু ঐশ্বৰিক সংযোগৰ আজব আখ্যান প্ৰচাৰ কৰাৰ দায়িত্ব কৌটিল্যই দৈৱজ্ঞ, ভৱিষ্যদ্বক্তা, পুৰাণ-পাঠক আদিৰ ওপৰত ন্যস্ত কৰাৰ পৰামৰ্শ দিছে। (পৃ : ২৭৮, ২৯৪)

‘অৰ্থশাস্ত্ৰ’ই ধৰ্মীয় অন্ধবিশ্বাসক নানা প্ৰকাৰে প্ৰকাশ্যে দিলেও কৌটিল্যই নিজে সেইবোৰত বিশ্বাস কৰা নাছিল। কেৱল সেয়ে নহয়, ৰজাও তেনেধৰণৰ উদ্ভট বিশ্বাসৰ কবলত পৰাটো তেওঁ কামনা কৰা নাছিল। কৌটিল্যৰ বাস্তৱবোধ কিমান সুস্পষ্ট আৰু সুতীক্ষ্ণ আছিল তাৰ উমান পোৱা যায় জ্যোতিষৰ প্ৰতি তেওঁৰ মনোভাবৰ পৰা। ৰজাৰ ‘সৰ্বজ্ঞত্ব আৰু দেৱতাৰ লগত যোগাযোগৰ কথা’ জ্যোতিষীৰ জৰিয়তে প্ৰচাৰ কৰিবলৈ তেওঁ দিহা দিছে।  (পৃ : ২৭৪) কিন্তু জ্যোতিষ সন্দৰ্ভত তেওঁৰ প্ৰত্যাখ্যানধৰ্মী বক্তব্যত কোনো সংকোচ-সংশয় নাই : ‘সততে নক্ষত্ৰৰ কথা পৰামৰ্শ কৰি থকা মূৰ্খৰ অভীষ্ট আঁতৰি যায়; অভীষ্টই অভীষ্টৰ নক্ষত্ৰ; গ্ৰহবিলাকে কি কৰিব।‘ (পৃ : ২৬০) কৌটিল্যই ভালদৰে জানিছিল যে ভাগ্যক ধিয়াই থাকিলে বা কৰ্মপন্থা নিৰ্ধাৰণৰ বেলিকা জ্যোতিষীৰ গণনাৰ ওপৰত নিৰ্ভৰ কৰিলে ৰজাই কেতিয়াও ৰাষ্ট্ৰৰ সুৰক্ষা তথা সম্প্ৰসাৰণ আৰু ৰাজ-কোষৰ সমৃদ্ধিৰ অৰ্থে কাম কৰিব নোৱাৰে। ‘অৰ্থশাস্ত্ৰ’ত কৌটিল্যই ‘লাভৰ বিঘিনি’বিলাকৰ এখন তালিকা দিছে। জ্যোতিষ-বিশ্বাসৰ উপৰি এই তালিকাত সন্নিৱিষ্ট দুটা উল্লেখযোগ্য ‘বিঘিনি’ হ’ল – ‘পৰলোকলৈ ভয়’ আৰু ‘ধাৰ্মিক স্বভাৱ’। ( পৃ : ২৬০) অৰ্থাৎ, ধৰ্মপৰায়ণতা আৰু মৰণোত্তৰ শাস্তিৰ ভয়ৰ পৰা মুক্ত হ’ব পাৰিলেহে লাভৰ মুখ দেখাটো সম্ভৱ। কৌটিল্যৰ এইপ্ৰকাৰ নীতি-নিৰ্দেশৰ ভিত্তিত অনায়াসে এটা সিদ্ধান্তত উপনীত হ’ব পাৰি : ৰজা আৰু ৰাষ্ট্ৰৰ স্বাৰ্থত তেওঁ যেনেকৈ ধৰ্মীয় অন্ধবিশ্বাসৰ সুচতুৰ প্ৰয়োগৰ পোষকতা কৰিছিল, তেনেকৈ প্ৰয়োজন-সাপেক্ষে তেনে বিশ্বাস পৰিহাৰ কৰাৰ পৰামৰ্শও দিছিল।

গ্ৰন্থঋণ :

  •  R. S. Sharma, Aspects of Political Ideas and Institutions in Ancient India.
  • মনু-সংহিতা, অনুবাদ: প্ৰফুল্লনাৰায়ণ বৰুৱা
  • W. Doniger, Beyond Dharma : Dissent in Ancient Indian Sciences of Sex and Politics.
  • D. D.Kosambi, The Culture and Civilisation of Ancient India in Historical Outline.
  • D. Chattopadhyaya, ‘Social Function of Indian Idealism’, in Essays in Honour of Prof. S. C. Sarkar.

Leave a Reply

Your email address will not be published. Required fields are marked *