অতিথি সম্পাদকৰ চ'ৰাপঞ্চম বছৰপঞ্চম বছৰ (প্ৰথম সংখ্যা)

অন্ধবিশ্বাস আৰু আমি – (পল্লৱী কাঠকটীয়া)

ভাৰতত প্ৰাচীন কালৰে পৰা কেতবোৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ প্ৰচলিত হৈ আছে। বিজ্ঞানৰ বহুল প্রচাৰ প্রসাৰৰ সময়তো জন্তু বলি দিয়া, ডাইনী হত্যা, কুদৃষ্টিৰ বিশ্বাস, চোৱাচিতা কৰা, পিছফালৰ পৰা মাত দিলে যাত্ৰাভংগ হোৱা, বিধৱা মহিলা দেখিলে যাত্রাভংগ হোৱা, চলমান গাড়ীৰ আগেৰে মেকুৰী পাৰ হ’লে অমংগল হোৱাৰ আশংকা কৰা, বসন্ত ৰোগ হ’লে শীতলা দেৱীৰ অৰ্চনা কৰা, পুষ্পিতা হোৱা গাভৰু আৰু ৰজস্বলা নাৰীক অশুচি বুলি ভবা আদি অন্ধবিশ্বাসসমূহ আমাৰ সমাজৰ পৰা এতিয়াও আঁতৰা নাই। পঞ্জিকাত বিশ্বাস, কোষ্ঠী, ভাগ্য-গণনা, গ্ৰহ-ৰত্নৰ ধাৰণা, বেজ, কবিৰাজ, বাজিকৰ এইবোৰৰ বিৰুদ্ধে আশা কৰা ধৰণে গণচেতনা বৃদ্ধি হোৱা নাই।

আমি জানো যে জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিষ শাস্ত্ৰ বেলেগ বেলেগ। জ্যোতিৰ্বিজ্ঞানে মহাকাশৰ বিভিন্ন গ্ৰহ, নক্ষত্ৰ আদিৰ স্থান, গঠন, পৰিভ্রমণ পথ আদি নিৰ্ণয় কৰে বিজ্ঞান ভিত্তিত গণনাৰ ওপৰত নিৰ্ভৰ কৰি। কিন্তু জ্যোতিষ শাস্ত্ৰই মাথোন অল্প সংখ্যক গ্ৰহ নক্ষত্ৰৰ কথাহে কয়। তদুপৰি চন্দ্ৰ, সূৰ্য, ৰাহু, কেতু আদিকো গ্ৰহ বুলিয়ে ধৰে। জন্মৰ সময়ত এইবোৰ গ্ৰহৰ স্থিতিৰ ওপৰত নিৰ্ভৰ কৰিয়েই একোজন মানুহৰ ভাগ্য গণনা কৰা হয়। কিন্তু জন্মৰ প্রকৃত সময় কোনটো? যি জন্মৰ সময় লক্ষ্য কৰে তেওঁ সঠিক সময়ৰ হিচাপ কৰিব পাৰেনে? এটা সন্তানৰ আৰম্ভণি হয় ডিম্বকোষ শুক্ৰকীটৰ দ্বাৰা নিষেচিত হোৱাৰ সময়ত। সন্তান জন্মৰ পৰিঘটনাও তাৎক্ষণিক নহয়- ই কিছুমান প্ৰক্ৰিয়াৰ সমষ্টি। তেন্তে জন্মৰ প্ৰকৃত সময় উলিওৱাটো জানো সম্ভব? জ্যোতিষ শাস্ত্ৰই ব্যক্তিৰ মানসিক অৱস্থা অধ্যয়ন কৰি ভৱিষ্যতবাণী কৰে, সেয়া পৰিষ্কাৰ ভাষাত নহয়, কেতিয়াবা কাকতালীভাৱে মিলি যায়। ঠিক একেদৰে হাতৰ ৰেখা বা ভাঁজৰ সৃষ্টি হৈছে শাৰীৰিক প্ৰয়োজনৰ তাগিদাত। ইয়াৰ সৈতে দূৰ-দূৰান্তত থকা গ্ৰহ-নক্ষত্ৰৰ কোনো সম্পৰ্ক নাই। আমাৰ শৰীৰৰ যিবোৰ গাঁঠি প্ৰয়োজন সাপেক্ষে লৰচৰ কৰিব লগা হয় সেইবোৰ গাঁঠিৰ লগত সংগতি ৰাখিয়েই ৰেখা বা ভাঁজবোৰৰ সৃষ্টি হয়। কিন্তু এইবোৰ ৰেখাৰ দৈৰ্ঘ্য, অবিচ্ছিন্নতা, শাখা-প্ৰশাখা, গতিপথ ইত্যাদি বিশ্লেষণ কৰি কোনে কিমান দিন বাচিব, কাৰ কিমান পঢ়া-শুনা হ’ব, কিমানটা ল’ৰাছোৱালী হ’ব, কিবা অসুখ হ’ব নেকি ইত্যাদিৰ বিষয়ে ভৱিষ্যতবাণী কৰা হয়। কোনজন ব্যক্তিৰ চৰিত্ৰ কেনে হ’ব তাকো বোলে হাতৰ ৰেখা বা আঙুলিৰ গঠন চাই ক’ব পাৰি বুলি জ্যোতিষীয়ে দাবী কৰে। এইবোৰ সম্পূৰ্ণ অবৈজ্ঞানিক বুলি ইতিমধ্যে প্রমাণিত হৈছে।

বিজ্ঞানে মানুহক যুক্তিবাদী কৰি তুলিছে। গতিকে বিজ্ঞানীসকলে কোনো ধৰণৰ অন্ধবিশ্বাসৰ পোষকতা কৰাৰ যুক্তি নাই। কিন্তু বাস্তৱত দেখা যায় যে তথাকথিত বিজ্ঞানীসকলেও নানান অন্ধবিশ্বাসৰ পোষকতা কৰে। বিশেষকৈ ভাৰতত এনে ঘটনা প্ৰায়ে লক্ষ্য কৰা যায়। যিসকল লোক প্ৰকৃতাৰ্থত শিক্ষিত, বিশেষকৈ বিজ্ঞানৰ দ্বাৰা শিক্ষিত, তেওঁলোক বিজ্ঞানমনস্ক হোৱা উচিত।

অন্ধবিশ্বাসসমূহ আঁতৰ কৰা সহজ কাম নহয়। দুই এখন ছেমিনাৰ বা কিতাপ, আলোচনী প্ৰকাশ কৰিয়েই অন্ধবিশ্বাসসমূহ আঁতৰ কৰিব নোৱাৰি। ইয়াৰ বাবে লাগিব শিক্ষিত সমাজ আৰু সংগঠনৰ নিৰৱচ্ছিন্ন প্রচেষ্টা। এনে প্রচেষ্টাৰে অহৰহ গঢ়ি তুলিব লাগিব ব্যাপক সচেতনতা আৰু লগতে প্রশ্ন কৰাৰ বৈজ্ঞানিক মানসিকতা। তেতিয়াহে অন্ধবিশ্বাসৰ বিৰুদ্ধে গঢ়ি উঠা সংগ্ৰামসমূহ ফলদায়ক হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *