গল্প-কবিতা

ঔ কোঁৱৰ— (দেৱযানী বৰা)

থৰক বৰক খোজেৰে ক্ষত-বিক্ষত শৰীৰটোৰে সৈতে তাই বিশালকায় ঔটেঙাজোপাৰ ওচৰ পাইছিলগৈ। চিপচিপীয়া বৰষুণজাক কেতিয়াবাই আৰম্ভ হৈছিল। তেতিয়াই ধুই পেলাইছিল সেই বৰষুণজাকে তাইৰ  শৰীৰৰ তেজৰ চেকুৰাবোৰ।

তাই মাটিৰ ওপৰত বহি পৰিছিল। গধুৰ হৈ পৰা মূৰটো দোঁ খাই পৰিছিল। লগে লগে বৰষুণৰ পানীবোৰে বাট বিচাৰি লৈছিল সোঁ মাজত থকা দীঘলীয়া সেওঁতাটো। পানীবোৰ বৈ আহিছিল। মাটিৰ ওপৰত নিবদ্ধ চকুযোৰৰ ওপৰৰ সুগঢ়ী কপালখনেদি বৈ আহি জোঙা নাকটোৰ ওপৰত টোপাল বান্ধিছিল আৰু তাৰপাছত সৰি পৰিছিল।

নাই। সেই ঘৰ্মাক্ত শৰীৰ আৰু তেজৰ কেচেমাকেচেম গোন্ধক মনৰ পৰা আঁতৰ কৰিবলৈ তেতিয়াও সক্ষম হোৱা নাছিল বৰষুণজাক।

সন্ধিয়ালৈ এতিয়াও সময় আছে।

চোতালখন সাৰি থকাৰ মাজতে তেওঁ এবাৰ মূৰ তুলি চালে। পদূলিমূখত ৰৈ একেথৰে কিবা চাই আছে সি। তাৰ দৃষ্টিক অনুসৰণ কৰি যেতিয়া তেওঁ চাই উঠিল তেতিয়া দৃশ্যমান হৈ পৰিল কিছুদূৰৈত নৈখনৰ দাঁতিত পানী নিবলৈ অহা ছোৱালী দুজনী।

মিচিকিয়াই উঠিল তেওঁ। তাৰ এই বয়সত এইটো স্বাভাৱিক।

তেনেতে সি পিছফালে ঘূৰিল। দেখিলে সন্মুখত ৰৈ তালৈ চাই থকা মাকৰ চকুযোৰ চিকমিকাই উঠিছে। অশান্ত হৈ উঠিল সি।

সেই চিকমিকাই থকা চকুযোৰ পৰিচিত তাৰ। আগতে বুজি পোৱা নাছিল সেই চিকমিকনিৰ অৰ্থ। কিন্তু এতিয়া বুজি পায় সি। পায় কাৰণেইতো ভয় লাগে তাৰ সেই চিকমিকনিলৈ। ঠিক তেনেকৈ যেনেকৈ ভয় লাগে মকৰাৰ জালেৰে ছানি থকা বন্ধ দুৱাৰখনৰ সিপাৰৰ পৰা প্ৰায়েই ভাহি অহা ৰহস্যময়ী সেই প্ৰতিধ্বনিবোৰলৈ।

মাকে কয় সেইয়া বতাহৰ সুহুৰিহে হেনো। গাৱঁৰ শেষ সীমাত থকা এই অকলশৰীয়া ঘৰটোত বতাহৰ সুহুৰি শুনাটো অস্বাভাৱিক নহয়। কিন্তু অস্বাভাৱিক সেই সুহুৰিবোৰৰ মাজত থকা সৰু অথচ মিহি নাৰীৰ কণ্ঠস্বৰবোৰ?

সিহঁতে হাত বাউলি মাতে তাক ওচৰলৈ। কিবা যেন ক’ব বিচাৰে। কিন্তু সেয়া তেনেই অস্পষ্ট; বুজিব নোৱৰাকৈ।

সন্ধিয়া তেতিয়াও হোৱা নাছিল। মাকে চোতালখন সাৰি লৈ কেতিয়াবাতে ভিতৰ সোমাল। সি যেতিয়া ঘৰৰ ভিতৰত সোমাইছিল তেতিয়ালৈ তেওঁ হাত-মুখ পখালি পাকঘৰত ৰন্ধা-বঢ়াৰ আয়োজন কৰিছিলগৈ।

অৱচেতনভাৱে তাৰ ভৰি দুখনেও পাকঘৰলৈয়ে বাট পোনাই ল’লে।

পাকঘৰত পাত্ৰ এটাৰ ওপৰত কাপ-কাপ কৰি থকা এজনী জীয়া ৰৌমাছ। ওচৰত বাঁহৰ খৰাহীটোত বিবিধ পাচলিৰ ওপৰত এটা ফালি থোৱা ঔটেঙা।

সি থৰ লাগি ৰ’ল। কিবা যেন সাদৃশ্য আছে ঔটেঙাটোৰ তাৰ লগত। নাইনে?

আছে। নিশ্চয় আছে। যেনেকৈ সেউজবৰণৰ কেইবাজাপো মঙহাল তৰপৰ তলত ঔটেঙাটোৱে লুকুৱাই ৰাখিছে তাৰ আচল ফলটো ঠিক তেনেকৈ সিয়োতো লুকুৱাই ৰাখিছে নিজকে।

আনহাতে তাৰ দৃষ্টিক অনুসৰণ কৰি চাই উঠা মাকৰ বুকুখন হঠাৎ চিৰিং কৰি উঠিল।

তেওঁ তাৰ চকুযোৰলৈ চালে। এযোৰ উদাসীন চকু। আন দিনাৰ দৰেই।

স্বস্তিৰ নিস্বাস এৰিলে তেওঁ। মুখত মিচিকিয়া হাঁহি এটা লৈ তেওঁ কৈ উঠিল, “ইয়ালৈ কিয় আহিছা, সোণ? মই কৈছিলোঁ নহয় তোমাক ইয়ালৈ নাহিবলৈ। শুনা, তুমি ল’ৰা মানুহ। ল’ৰা মানুহৰ কাম সদায় ঘৰৰ বাহিৰত আৰু ছোৱালীৰ সদায় ঘৰৰ ভিতৰত। বুজিলা? “

তাৰ চকুৰ পতাযোৰ লৰি উঠিল। আনহাতে হাতখনে আপোনা-আপুনি চোলাটো ধৰি ডিঙিৰ ওপৰলৈ উজাই আনিলে সামান্যভাৱে।

মূৰটো দুপিয়াই লৈ সি পাকঘৰৰ পৰা ওলাই আহিল আগফালৰ বাৰান্দাখনলৈ। আহি লৈ দীঘল দীঘলকৈ উশাহকেইটা টানিলে। যেন তাৰ উশাহহে বন্ধ হৈ গৈছিল ভিতৰত।

বাহিৰত ফিৰফিৰীয়া বতাহ। আকাশত ক’লা মেঘৰ টুকুৰা।

ভিতৰলৈ আহি চাকিগছ জ্বলাই দিলে সি। সময়তকৈ আগতেই আন্ধাৰ নামি  আহিছিল।

হঠাৎ খিৰিকীৰ ফাঁকেৰে সোমাই অহা বতাহজাকে চাকিগছ নুমুৱাই পেলালে। সি দীঘলকৈ নিশ্বাস এৰিলে।

আন্ধাৰ ভাল পায় সি। আন্ধাৰে যে বিচাৰ নকৰে কাকোৱে; সেইকাৰণে।

কিন্তু সেই আন্ধাৰৰ মাজতে হঠাৎ কোনোবাই ফুচফুচাই উঠিল তাৰ কাণৰ কাষত। তাৰ বুকুখন জোৰেৰে ধপ-ধপাই উঠিল। ঠিকেই। সেয়া সেই একেই সৰু মিহি নাৰীৰ কণ্ঠস্বৰ।

তেনেতে দৰ্জাখনৰ ওচৰৰ পৰা এটা ক্ষীণ পোহৰ সোমাই আহিল কোঠাটোলৈ। পিছলৈ ঘূৰি চালে সি। দেখিলে জ্বলাই লোৱা চাকি এগছ লৈ মাক সোমাই আহিছে কোঠাটোলৈ।

লাহে লাহে চাকিৰ ক্ষীণ পোহৰে কোঠাটো উজ্বলাই তুলিলে। সি চাৰিওফালে চালে। কিন্তু তেতিয়ালৈ কোনো নাছিল সেই কোঠাটোত তাৰ আৰু মাকৰ বাহিৰে।

“ভয় নকৰিবা, সোণ।“ – তাৰ মূৰত মৰমেৰে হাত বুলাই মিচিকিয়া হাঁহিটোৰে সৈতে মাকে ক’লে।

তাৰপাছত মমডাল তাৰ টেবুলৰ ওপৰত ৰাখি থৈ তেওঁ ওলাই গ’ল কোঠাটোৰ পৰা। সি দেখিলে টেবুলৰ ওপৰত সজাই থোৱা কেলেণ্ডাৰখনত জিলিকি উঠিছিল আজিৰ তাৰিখ বুজোৱা সংখ্যাটোৰ সৈতে কাঁচিসদৃশ চন্দ্ৰৰ চিহ্ন এটা।

ইফালে চৌকাৰ ওপৰত ৰখা কেৰাহীখনত উতলিবলৈ ধৰিছিল ঔটেঙা দি ৰন্ধা ৰৌমাছৰ আঞ্জাখন।

মাকে হেতাখনেৰে জোল অলপ তুলি আনি নিজৰ নাকৰ ওচৰত ৰাখিলে সেইখন। মুখত মিচিকিয়া হাঁহি এটা জিলিকি উঠিল। সোণে খাই ভাল পাব।

ৰান্ধি হৈ যোৱাৰ পাছত মাকে তাক খাবলৈ মাতিলে। টেবুলৰ ওপৰত কাঁহৰ কাঁহী-বাটিত সজাই থোৱা ভাত-আঞ্জাভাগৰ ওচৰত তাক বহিবলৈ দিলে। তাৰপাছত মাকো আহি তাৰ ওচৰতে বহি ল’লেহি আৰু লাহে লাহে বা দিবলৈ ধৰিলে তাক হাতত লৈ অহা বিছনীখনেৰে।

তেতিয়ালৈ সন্ধিয়া লাগিছিল। নাতিদূৰত থকা বিশালকায় ঔটেঙাজোপাৰ তলত এজন এজনকৈ গোট খাবলৈ ধৰিছিল মানুহবোৰ। কপাহৰ শলিতা এডাল বাটি মাটিৰ চাকিটোত থৈ চাকিটো তেলেৰে পূৰ্ণ কৰি থাল এখনৰ ওপৰত থৈ তেওঁ ওলাই গ’ল।  

কিছুসময় পাৰ হৈ গ’ল। সি বেৰৰ ফাঁকেৰে জুমি চালে। দেখিলে ঔজোপাৰ চাৰিওফালে ঘূৰণীয়া হৈ বহি থকা মানুহবোৰে সমস্বৰেৰে গাই উঠিছে কিবা।

বুজি উঠিল সি। সেয়া আৰম্ভণি। শেষ হ’বলৈ যথেষ্ট সময় আছে। তেতিয়ালৈতো তাৰ ওচৰতো সময় আছে।

সি তাৰ কোঠাটোলৈ আহিল। কোঠাটোৰ কোণত থকা পেৰাটো খুলি লৈ তাৰ একেবাৰে তলত সুমুৱাই থোৱা কাপোৰযোৰ উলিয়াই আনিলে। সেইয়া এযোৰ পাটৰ মেখেলা-চাদৰ। বগা ৰঙত সোণালী বুটা বছা। বহুদিনৰে। এতিয়া অ’ত ত’ত মদৰুৱা হৈ পৰিছে।

সেইযোৰ আলফুলে উঠাই আনি সি বিছনাখনৰ ওপৰত থ’লে। আলাসেৰে তাৰ ওপৰত হাত বুলাই মিচিকিয়াই উঠিল। ঠিক সন্ধ্যাৰ আগে আগে পানী নিবলৈ অহা ছোৱালী দুজনীক দেখি মিচিকিয়াই উঠাৰ দৰেই।

কিন্তু মাকে ভবাৰ দৰে জানো সেইয়া যৌৱনৰ আকৰ্ষণ আছিল? নাছিল। বৰঞ্চ ই আছিল হাবিয়াস নিজৰ পৰিচয়ৰ প্ৰতি। 

কিছুসময়ৰ পিছত আইনাখনৰ সন্মুখলৈ আহিল সি। পাটৰ মেখেলা, কপাহী বক্ষবন্ধনী পিন্ধি থকা তাৰ প্ৰতিচ্ছবিখন প্ৰতিফলিত হৈ উঠিছিল সেই আইনাখনত।

সি হাতখন উঠাই আনি গালত ৰাখিলে। লগে লগে দীঘল দীঘল আঙুলি কেইটাই তাৰ মিহি নিমজ গালখন চুই কোমল ওঁঠত ৰ’লগৈ। তাৰপাছত পুনৰ গতি কৰিলে আৰু গতিৰ লগে লগে স্পৰ্শ কৰি গ’ল ওঁঠৰ তলৰ কোমল থুতৰি, দীঘলীয়া ডিঙি আৰু তাৰপাছত বুকুৱেদি নামি গৈ ৰ’লগৈ সেই খামুচীয়া কঁকালটোৰ সোঁমাজত।

হাতখন আতঁৰাই দিলে সি। লগে লগে আইনাখনত জিলিকি উঠিল খামুচীয়া কঁকালটোৰ সোঁমাজত থকা তাৰ নাভিমণ্ডল। ঠিক সেই ছোৱালী দুজনীৰ দৰেই। সুগভীৰ।

তেতিয়ালৈ মাক আহি উপস্থিত হৈছিলহি তাৰ কোঠাৰ সন্মুখত আৰু খোল খাই থকা দৰ্জাখনৰ মাজেৰে জিলিকি উঠিছিল পাটৰ মেখেলা পৰিহিত কপাহী বক্ষবন্ধনীৰে শৰীৰৰ এক অংশক ঢাকি ৰখা তাৰ উদং পিঠিখন।

উচপ খাই উঠিছিল তেওঁ। বহল হৈ পৰা চকুযোৰৰে সৈতে ওলাই আহিছিল তেওঁ তাৰ অগোচৰে।

হাঁহিছিল। কোনোবাই যেন খিলখিলাই হাঁহিছিল।

“কোন ? কোন ?”

খিলখিলনি বাঢ়ি গৈছিল। আৰু কোনোবাই যোগ দিছিল। খিলখিলনি বাঢ়ি গৈছিল। সিহঁতি সমস্বৰে হাঁহি উঠিছিল।

“এতিয়া কেনে মজা? কি কৰিবা এতিয়া?” – মিহি মিহি কণ্ঠস্বৰ সেইয়া, “হিঃ! হিঃ! হিঃ!”

তেওঁ মাথো দৌৰিছিল। দৌৰি ঔটেঙাজোপাৰ তল পাইছিলগৈ। আৰু তাৰপাছত বহি পৰিছিল মাটিৰ ওপৰত। ঠিক তেনেদৰেই যেনেদৰে যৌৱনৰ কোনোবা এটা দিনত ক্ষত-বিক্ষত শৰীৰেৰে আহি বহি পৰিছিলহি তেওঁ সেই একেজোপা ঔটেঙাৰ তলতে।

সেই ভৰ যৌৱন আহি আজি জীৱনৰ বিয়লি বেলাত উপস্থিত। তথাপিও ঘৰ্মাক্ত শৰীৰ আৰু তেজৰ ডোঙাৰ পৰা সেই তেতিয়াতে ভাহি অহা সেই কেচেমা কেচেম গোন্ধৰ তীব্ৰতা একে আছে আজিও।

তেতিয়া শৰীৰকে দোষ দিছিল তাই। কামনা সৃষ্টিকাৰী জুই হেন শৰীৰৰ কি মূল্য যদি সেই শৰীৰ দুৰ্বলেই হয় কামুক পিশাচক বাধা দিবলৈ ?

সেইকাৰণেইতো তেওঁ সিহঁত দুজনীক …

সেইয়া সিহঁতৰে খিলখিলনি। ঠাট্টা-মস্কৰা। কিন্তু সেইয়াওতো সিহঁতৰ ভালৰ কাৰণেই কৰিছিল তেওঁ।

আনদিনাখনৰ দৰে সেইদিনাও ৰাতি শোৱাৰ আগত মাক তাৰ কোঠালৈ আহিল। সি তেতিয়া বিছনাত উঠিছিল শুবলৈ। মাক আহি শিতানতে গৈ বহিলগৈ। ভৰি দুখন কোচাই লৈ বিছনাখনৰ ওপৰতে বহি ল’লে তেওঁ। তাৰপাছত নিজৰ উৰুত হাতেৰে মৃদুকৈ চপৰিয়াই তাৰ ফালে চালে। বুজি উঠিল সি। পলম নকৰি তৎক্ষণাত শুই পৰিল সি সেই উৰুটোৰ ওপৰত। ঠিক আনদিনাখনৰ দৰেই।

মাকে তাৰ মূৰৰ ওপৰত মৃদুভাৱে থপৰিয়াই গুণগুণাই উঠিল। তাৰ চকুযোৰ জাপ খাই আহিল।

তেতিয়ালৈ মূৰত হাত বুলাই থকা মাকৰ হাতখনো তাৰ পিঠি পাইছিলগৈ আৰু অনুভৱ কৰি উঠিছিল চোলাটোৰ তলত সি তেতিয়াও মেৰিয়াই ৰখা বক্ষবন্ধনীখন।

মাকৰ হাতখন আতঁৰি আহিছিল তাৰ পিঠিৰ পৰা। শিতানৰ পিছফালে এখন দা লুকুৱাই থোৱা আছিল। হাতখনে উঠাই আনিছিল সেইখন আৰু পিছমুহূৰ্ত্ততে চিকমিকাই থকা সেই দাখন উঠি আহিছিল দুফাল হৈ পৰা ঔটেঙাটোৰ পৰা। যিটো ঔটেঙাৰ পৰা জন্ম হৈছিল তাৰ। ঠিক তেনেকৈ যেনেকৈ জন্ম হৈছিল তাৰ আগৰ ছোৱালী দুজনীৰ দুটা ঔটেঙাৰ পৰা।

ঔটেঙাৰ ফাল দুটা লৈ তেওঁ পাকঘৰ পালেগৈ। তাৰপাছত শাক-পাচলিৰ পাচিটোত থৈ দিলে সেইয়া মাছৰ আঞ্জাত দিবলৈ বুলি।

তেতিয়ালৈ ৰাতি বাৰ বাজিবৰ হৈছিল। তেওঁ বাহিৰলৈ ওলাই গ’ল। গৈ ঔটেঙাজোপাৰ ওচৰ পালেগৈ। সভক্তিৰে মূৰ দোৱালে সেইজোপাৰ সন্মূখত আৰু তাৰপাছত ওপৰলৈ চালে। ক্ষণিকতে তেওঁৰ সন্মুখত সৰি পৰিল অন্য এটা ঔটেঙা।

ঔটেঙাটো ধৰিবলৈ আগবাঢ়ি গ’ল তেওঁ। হঠাৎ পৰি গ’ল। ঔটেঙাটো পৰি গ’ল। নহয় তেওঁ পৰি গ’ল।

খকমকাই সাৰ পালে তেওঁ। দা-খন তেতিয়াও শিতানৰ পিছফালে আছিল। আনহাতে ভৰিৰ ওপৰত তেতিয়াও সোণ শুই আছিল। টোপনিত লালকাল হৈ। নিচিন্তভাৱে।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *