অৰণ্য ফালি ওলাই আহিব নোৱৰা ‘মূলবাসী বচাও মঞ্চ’ৰ ৰঘু, সুনীতাহঁতৰ হাহাকাৰ শুনে কোনে।। মণিকংকনা বৰবৰা
মুক্ত চিন্তা, ১০ম বৰ্ষ, ৫ম সংখ্যা
নিজৰ জল-জমীন-জঙ্গলৰ অধিকাৰৰ হকে ওলাই অহা ল’ৰা-ছোৱালীকেইটাৰ প্ৰতিবাদৰ ভাষা আছিল সম্পূৰ্ণ গণতান্ত্ৰিক। সৰুৰে পৰা গুলী-বাৰুদৰ শব্দ শুনি, হত্যা-সংঘৰ্ষৰ তেজেৰে ৰাঙলী চোতাল-পথাৰ, অৰণ্যৰ তেজে ভিজা গছ-বন দেখি ডাঙৰ হোৱা সিহঁতবোৰে নিজৰ প্ৰতিবাদৰ একত্ৰিত ৰূপটোক এটা নাম দি লৈছিল –“মূলবাসী বচাও মঞ্চ”। যুঁজাৰ কৌশল আৰু সম্বল হিচাপে সিহঁতে আয়ত্ত কৰি লৈছিল শোষণ বিৰোধী শ্লোগানৰ ভাষা আৰু শান্তিপূৰ্ণ সমদল। প্ৰতিবাদ স্থলীতো সিহঁতৰ মুখত আছিল শ্লোগান আৰু প্ৰতিবাদী গীত-মাত।
“মূলবাসী বচাও মঞ্চ” সংগঠনৰ নেতৃত্বত থকা প্ৰায় ১৭ ৰ পৰা ২২, ২৩ বৰ্ষীয় যুঁজাৰু ল’ৰা-ছোৱালীবোৰৰ শিক্ষাগত অৰ্হতা পঞ্চমৰ পৰা দ্বাদশ শ্ৰেণী। কাৰণ সিহঁতৰ বাবে উচ্চ শ্ৰেণীত পঢ়িব পৰা কোনো সুবিধা নাই, হাতত টকা-পইচাও নাই। আৰ্থিক-মানসিক সমৰ্থনত পৰিয়াল এটা আছে বুলি ক’বলৈও তেওঁলোকৰ কাৰোবাৰ মাক নাই। কাৰোবাৰ দেউতাক।কোনোৱে মাক-দেউতাক দুয়োজনকেই হেৰুৱাইছে। কোনোৱে হেৰুৱাইছে পৰিয়ালটোৰে আন কোনো আত্মীয়ক। কংগ্ৰেছ চৰকাৰৰ দিনৰ ২০০৫ বৰ্ষৰ ‘ছালৱা জুডুম’ৰ সময়ত সিহঁতৰ মাক-দেউতাক,পৰিয়ালৰ আন আন সদস্যক নিৰ্মমভাৱে হত্যা কৰা হৈছিল। কাৰোবাৰ মাক-দেউতাক সেনা আতিশয্যৰ বলি হৈ স্বভূমি এৰি অন্য ঠাইলৈ পলায়ন কৰিছিল। তাৰপিছতো এই বয়সতে জীৱনৰ অনেকটা সংকট, প্ৰত্যাহ্বানৰ মুখামুখি হ’ব লগা হোৱাৰ বাবেই হয়তো জীৱনৰ যুঁজখনত দেশৰ সমবয়সী আন প্ৰান্তৰৰ যুৱ চামতকৈ তেওঁলোক বুজনত অলপ বেছি পৰিপক্ক আৰু তীব্ৰ কৰ্ম উৎসাহী। বয়সৰ তুলনাতকৈয়ো জনগণৰ প্ৰতি অধিক দায়বদ্ধ।
গুলী-বাৰুদ, হত্যা-সংঘৰ্ষ, হিংসা জৰ্জৰিত অস্থিৰ পৰিৱেশটোৰ মাজতে তেওঁলোকে আপোন হাতেৰে গঢ় দি লৈছিল এটা সংগঠন ‘মূলবাসী বচাও মঞ্চ’। এই মূলবাসী বচাও মঞ্চ কম সময়ৰ ভিতৰতে হৈ উঠিছিল ৰাষ্ট্ৰৰ দমন-পীড়নত পিষ্ট হোৱা মানুহখিনিৰ মুক্তিৰ এক বিকল্প পথৰ সন্ধান আৰু তেওঁলোকৰো কুমলীয়া মনৰ তীব্ৰ অসন্তুষ্টি, খং, ক্ষোভ, জ্বালা-যাতনাক উপশম দিব পৰা প্ৰতিবাদৰ এক গণতান্ত্ৰিক মাধ্যম।সম্বলো।
ফেচিবাদী চৰিত্ৰ ধাৰণ কৰা দেশত গণতান্ত্ৰিক আন্দোলনৰ শূন্য ভৱিষ্যতঃ
“আজিকালি বহু শব্দৰ আভিধানিক প্ৰতিশব্দ শুধৰাই ল’ব লগা হৈছে। যেনে ধৰক, মুক্তি (Liberation) মানে বুজিব লাগিব দখল (Occupation), গণতন্ত্ৰ মানে বুজিব লাগিব নব্য উদাৰবাদী পুঁজিবাদ (Neo liberal capitalism), সংস্কাৰ (Reforms) মানে অৱদমন (Repression) আৰু কোনো ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে যেতিয়া ‘শান্তি ৰক্ষা’ (peace-keeping)ৰ কথা কয়, তেতিয়া আমাৰ শৰীৰৰ ৰক্ত হিম হৈ যোৱা পৰিস্থিতি এটাৰ কথা বুজিব লাগিব”। (গ্ৰন্থ:বিশ্বায়নৰ খিৰিকীয়েদি ভাৰতবৰ্ষ-দ্বিপেন কাকতি)
ছত্তীশগড় চৰকাৰে যোৱা তিনি-চাৰিটা বছৰ ধৰি বিশেষকৈ সুকুমা, বীজাপুৰ, বাস্তাৰ অঞ্চলত সক্ৰিয় হৈ থকা ‘মূলবাসী বাচাও মঞ্চ’ সংগঠনটোৰ ওপৰত এটা বছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে। গৃহ মন্ত্ৰালয়ে ২০২৪ চনৰ ৩০ অক্টোবৰত জাৰি কৰা আদেশত উল্লেখ কৰা হৈছে যে ‘মূলবাসী বচাও মঞ্চ’ এটা অবৈধ আৰু চৰকাৰৰ উন্নয়ন বিৰোধী সংগঠন। এই আদেশত কোৱা হৈছে যে এই সংগঠনটোৱে মাওবাদী প্ৰভাৱিত অঞ্চলসমূহত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে চলাই থকা উন্নয়নমূলক কামৰ বিকাশ আৰু মাওবাদী প্ৰতিৰোধ অভিযানৰ বাবে আৰক্ষী শিৱিৰ স্থাপন কৰা কাৰ্যক বিৰোধিতা কৰাৰ লগতে জনগণকো তাৰ বিৰুদ্ধে উচটনি দি আহিছে। ইয়াৰ উপৰিও কোৱা হৈছে যে সংগঠনটোৱে ন্যায়িক প্ৰশাসনত হস্তক্ষেপ কৰাৰ ফলত সেই অঞ্চলৰ শান্তি বিঘ্নিত হৈছে আৰু নাগৰিকৰ নিৰাপত্তা বিপদাপন্ন হৈ উঠিছে।
গতিকে আমি বুজিব লাগিব যে ‘মূলবাসী বচাও মঞ্চ’ৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে আমাৰ দেশৰ জনসাধাৰণৰ বাবে ‘শান্তি ৰক্ষা’ৰ ব্যৱস্থা কৰিছে। কিন্তু এই ‘শান্তি ৰক্ষা’ নামৰ অনৈতিক, সাংবিধানিক ব্যৱস্থাই আমাৰ মন-শৰীৰক শাঁত পেলাব পৰা নাই, বিপৰীতে সঁচাকৈয়ে আমাৰ ৰক্ত হিম অথবা ৰক্ত উতলি উঠা পৰিস্থিতি এটাহে সৃষ্টি হৈছে। তেন্তে এনে পৰিস্থিতিত বিকল্প সন্ধান কি হ’ব পাৰে ! কাৰণ অৰুন্ধতী ৰয়ে কোৱাৰ দৰে –”কাৰোবাৰ প্ৰভুত্ব আৰু আধিক্যৰ প্ৰতি থকা দুৰ্বাৰ আকাংক্ষাৰ লগত আন কাৰোবাৰ সম্ভ্ৰম আৰু ন্যায়ৰ প্ৰতি থকা হাবিয়াসৰ অধিক প্ৰাবল্যৰ সংঘাত হ’বই। যুদ্ধখনে ঠিক কি ৰূপ ল’ব, সুন্দৰ হ’বনে ৰক্তক্ষয়ী হ’ব সেইটো আমাৰ ওপৰত নিৰ্ভৰ কৰিব।“
‘মূলবাসী বচাও মঞ্চ’ গঠনৰ আঁৰৰ কাহিনীঃ
এইখিনিতে উল্লেখনীয়, “পঞ্চায়ত (অনুসূচিত এলেকালৈ সম্প্ৰসাৰণ) আইন, ১৯৯৬” (PESA)ৰ বিধানসমূহ দেশৰ পঞ্চম অনুসূচী অঞ্চলৰ ক্ষেত্ৰত প্ৰযোজ্য। বৰ্তমানলৈকে তলত দিয়া পঞ্চম অনুসূচীৰ এলেকা ১০খন ৰাজ্যত ‘পেছা’ আইন বলৱৎ কৰিছে- অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, ছত্তীশগড়, গুজৰাট, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, উৰিষ্যা আৰু ৰাজস্থান।
পেছা আইনে সেই ৰাজ্যৰ গাওঁসভাবোৰক অধিক ক্ষমতা প্ৰদান কৰাৰ লগতে জনজাতীয় জনগোষ্ঠীৰ অধিকাৰ সুনিশ্চিত কৰাৰো স্পষ্ট কৰে।
পেছা আইনখনৰ মূল বিধানসমূহ:
ক) জনজাতি সম্প্ৰদায়ৰ সৱলীকৰণ – পেছা আইনখনে জনজাতীয় সম্প্ৰদায়ক স্বশাসনত অধিক ভূমিকা আৰু অধিকাৰ প্ৰদান কৰি সৱলীকৰণত গুৰুত্ব দিছে।
খ) জনজাতীয় সংস্কৃতি আৰু পৰম্পৰাৰ সুৰক্ষা – পেছা আইনখনে জনজাতীয় সম্প্ৰদায়ৰ সুকীয়া সামাজিক আৰু সাংস্কৃতিক পদ্ধতিসমূহক স্বীকাৰ কৰে আৰু সুৰক্ষা প্ৰদান কৰিব বিচাৰে।
গ) প্ৰাকৃতিক সম্পদৰ ওপৰত নিয়ন্ত্ৰণ – পেছা আইনখনে জনজাতীয় সম্প্ৰদায়সমূহক তেওঁলোকৰ অঞ্চলৰ প্ৰাকৃতিক সম্পদ, যেনে ভূমি, পানী আৰু বনাঞ্চলৰ পৰিচালনা আৰু ব্যৱহাৰৰ ওপৰত নিয়ন্ত্ৰণ প্ৰদান কৰে। ইয়াৰ ফলত তেওঁলোকৰ জীৱিকা সুৰক্ষিত হোৱাত সহায়ক হয় আৰু বাহিৰৰ সত্তাৰ শোষণ ৰোধ হয়।
ঘ) ভূমিৰ অধিকাৰ আৰু হস্তান্তৰ প্ৰতিৰোধ – অনুসূচিত এলেকাৰ যিকোনো হস্তান্তৰক গাওঁসভাই অনুমোদন দিয়াটো বাধ্যতামূলক কৰিছে। অৰ্থাৎ পেছা আইনখনে জনজাতীয় ভূমি হস্তান্তৰৰ বিৰুদ্ধে আইনী সুৰক্ষা প্ৰদান কৰে।
ঙ) অন্তৰ্ভুক্ত আৰু অংশগ্ৰহণমূলক শাসন – পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহক নিৰ্দিষ্ট পৰিৱৰ্তনৰ সৈতে অনুসূচিত এলেকাসমূহলৈ সম্প্ৰসাৰণ কৰি পেছা আইনখনে অন্তৰ্ভুক্ত আৰু অংশগ্ৰহণমূলক শাসন ব্যৱস্থাক প্ৰসাৰিত কৰে। ইয়াৰ দ্বাৰা জনজাতীয় জনগোষ্ঠীসমূহৰ সক্ৰিয় অংশগ্ৰহণেৰে উন্নয়ন পৰিকল্পনা আৰু প্ৰকল্পসমূহ প্ৰণয়ন আৰু ৰূপায়ণ কৰাটো নিশ্চিত কৰা হয়।
চ) বিকেন্দ্ৰীকৃত সিদ্ধান্ত গ্ৰহণ – পেছা আইনখনে সিদ্ধান্ত গ্ৰহণক গাওঁসভা আৰু পঞ্চায়তলৈ বিকেন্দ্ৰীকৃত কৰে, যাৰ ফলত অধিক স্থানীয় আৰু প্ৰসংগভিত্তিক শাসন ব্যৱস্থাৰ সুবিধা হয়। ইয়াৰ দ্বাৰা নিশ্চিত হয় যে সিদ্ধান্তসমূহে আদিবাসী জনসংখ্যাৰ প্ৰয়োজনীয়তা আৰু অগ্ৰাধিকাৰ প্ৰতিফলিত কৰে।
ছ) পৰম্পৰাগত প্ৰতিষ্ঠানসমূহৰ আইনী স্বীকৃতি – পেছা আইনখনে পৰম্পৰাগত জনজাতীয় প্ৰতিষ্ঠান আৰু প্ৰথাগত আইনসমূহক আইনী স্বীকৃতি প্ৰদান কৰে। বিধিগত পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ সৈতে পৰম্পৰাগত শাসন ব্যৱস্থাৰ একত্ৰীকৰণে সমাজৰ ভিতৰত সামাজিক সম্প্ৰীতি আৰু ফলপ্ৰসূ সংঘাত সমাধান বজাই ৰখাত সহায় কৰে।
জ) ঐতিহাসিক অন্যায়সমূহৰ সমাধান – পেছা আইনখনে জনজাতীয় সম্প্ৰদায়সমূহে সন্মুখীন হোৱা ঐতিহাসিক অন্যায়সমূহৰ সমাধান কৰে, য’ত প্ৰান্তীয়কৰণ, শোষণ, আৰু প্ৰতিনিধিত্বৰ অভাৱ আদি অন্তৰ্ভুক্ত। শাসন আৰু উন্নয়ন প্ৰক্ৰিয়াত তেওঁলোকৰ অংশগ্ৰহণ নিশ্চিত কৰি পেছাই এই অতীতৰ অন্যায়সমূহ শুধৰণি কৰাৰ লক্ষ্য লৈছে।
ঝ) বহনক্ষম উন্নয়ন – স্থানীয় জনগোষ্ঠীসমূহক প্ৰাকৃতিক সম্পদৰ ওপৰত নিয়ন্ত্ৰণ দি পেছা আইনখনে বহনক্ষম উন্নয়নক প্ৰসাৰিত কৰে। যুগ যুগ ধৰি প্ৰকৃতিৰ লগত মিলাপ্ৰীতিৰে বসবাস কৰা জনজাতিসকলে পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি সম্পদ পৰিচালনা কৰিব পাৰে।
ঞ) আদিবাসীসকলৰ বাবে সুবিধা নিশ্চিত কৰা – পেছা আইনখনে নিৰ্দেশ দিয়ে যে বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰী চিনাক্তকৰণ, সুবিধাসমূহ যাতে উদ্দেশ্যপ্ৰণোদিত গ্ৰাহকৰ ওচৰলৈ যায়, আৰু দুৰ্নীতি আৰু ভুল আবণ্টনৰ সমস্যাসমূহ সমাধান কৰাত গাওঁ সভাই মূল ভূমিকা পালন কৰে।
কিন্তু দেখা গ’ল যে পেছা আইনখনে আদিবাসী লোকসকলক দিয়া অধিকাৰসমূহক ৰাষ্ট্ৰৰ দ্বাৰা উলংঘন কৰা হৈছে। জানিব পৰা মতে, গাওঁসভাৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ আৰু গাওঁসভাৰ পৰা অনুমোদন গ্ৰহণ নকৰাকৈ বীজাপুৰ-সুকমা জিলাৰ সীমান্তৰ চিলগেৰ গাঁৱত মাওবাদ বিৰোধী অভিযানত নিয়োজিত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চিলগাৰলৈ আহি পথৰ কাষৰ ১০ একৰ কৃষিভূমি বলপূৰ্বকভাৱে দখল কৰি শিবিৰ স্থাপন কৰিবলৈ আৰম্ভ কৰে।সেয়া আছিল ২০২১ চনৰ ১১ আৰু ১২ মে’ৰ কথা। এই কাৰ্যক স্থানীয় গাঁওবাসীয়ে বিৰোধিতা কৰে। গাঁওবাসীৰ মতে শিৱিৰৰ নামত ৰাষ্ট্ৰৰ নিৰাপত্তা বাহিনীয়ে বলপূৰ্বকভাৱে তেওঁলোকৰ কৃষিভূমি দখল কৰিছে। পিছদিনা পুৱা গাঁওবাসীয়ে নিৰ্মাণাধীন শিৱিৰস্থলীলৈ গৈ গাওঁসভাৰ পূৰ্ব সন্মতি অবিহনে শিৱিৰ নিৰ্মাণ কৰা বিষয়টোৰ ওপৰত আলোচনা কৰাৰ লগতে চি আৰ পি এফৰ বিষয়াসকলৰ ওচৰত নিজৰ প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে আলোচনাৰ বাবে যোৱা গাঁওবাসীৰ ওপৰত চি আৰ পি এফ বাহিনীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰি খেদি পঠিয়ায়। এই অত্যাচাৰৰ প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদত ২০২১ চনৰ ১৭ মে’ৰ দিনা প্ৰায় ২০ হাজাৰ আদিবাসী লোকে নতুনকৈ বলপূৰ্বকভাৱে নিৰ্মাণ কৰা অৰ্ধসামৰিক শিৱিৰলৈ যাত্ৰা কৰে। মূলতঃ ই আছিল সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰ শান্তিপূৰ্ণ সমদল। সেই অঞ্চলত মাওবাদীক দেখা পালে সুৰক্ষা বাহিনীয়ে তৎক্ষণাৎ গুলীয়াই হত্যা কৰাৰ নিৰ্দেশ ইতিমধ্যেই লাভ কৰি থৈছে। কিন্তু ১৭ মে’ৰ দিনা শান্তিপূৰ্ণ প্ৰক্ৰিয়াৰ মাজেৰে নিজৰ দাবী সাব্যস্ত কৰিবলৈ যোৱা গণ সমদলটোৰ ওপৰত অৰ্ধসামৰিক বাহিনীয়ে নিৰ্বিচাৰে গুলী বৰ্ষণ কৰে। এই কাৰ্যই এনে সূচালে যেন তাৰ আটাইবোৰ আদিবাসী লোকেই মাওবাদী।
অৰ্ধসামৰিক সৈন্যই সেইদিনা প্ৰতিবাদকাৰী দলটোৰ ওপৰত গুলীচালনা কৰাৰ ফলত গুলীৰ আঘাতত ৩ জন আদিবাসী থিতাতে নিহত হোৱাৰ লগতে এগৰাকী গৰ্ভৱতী মহিলা আৰু তেওঁৰ গৰ্ভস্থ সন্তানৰো মৃত্যু হয়। এওঁলোক ক্ৰমে তিনিজন পুৰুষ প্ৰতিবাদকাৰী — টিমাপুৰমৰ উইকা পাণ্ডু (১৪), সাতুবাইৰ কোভাছি বাগাল (৩০) আৰু গুণ্ডামৰ উৰ্ছা ভীমা (৩৫)। তিনিমাহৰ গৰ্ভৱতী পুনম সোমলীয়ে আঘাতপ্ৰাপ্ত হৈ কিছুদিন পিছতেই মৃত্যুক সাৱটি লয়। সিদিনা প্ৰায় ৪০ জন লোক আহত হয়।গুলীচালনাত নিহতসকলৰ মৃতদেহ লৈ আন্দোলন কৰা লোকসকলে নিজৰ প্ৰতিবাদ অব্যাহত ৰাখি কয় যে – অৰ্ধসামৰিক বাহিনীৰ দায়িত্বশীল কৰ্মী আৰু বিষয়াসকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰালৈকে তেওঁলোকক সমাধিস্থ কৰা নহ’ব বা দাহ কৰা নহ’ব ।
এনে অশান্তজৰ্জৰ, আদিবাসী লোকসকলৰ জীৱনৰ প্ৰতি চৰকাৰৰ তিলমানো অনুকম্পা নথকা, উত্তেজিত পৰিৱেশ-পৰিস্থিতিৰ মাজতে জন্ম হ’ল এটা যুৱ সংগঠন ‘মূলবাসী বচাও মঞ্চ’। যাৰ নেতৃত্ব ল’লে শৈশৱত কুখ্যাত ছালৱা জুডুমৰ অবৰ্ণনীয় নিৰ্যাতন ভোগ কৰা আদিবাসী যুৱক-যুৱতী সকলে। তেতিয়াৰ পৰাই মূলবাসী বাচাও মঞ্চই তিনিটামান বছৰৰ ভিতৰতে ভিন্ন প্ৰতিবাদস্থলীৰ আয়োজন কৰি সেই অঞ্চলত অৰ্ধসামৰিক শিৱিৰ স্থাপন, ভুৱা সংঘৰ্ষৰে মাওবাদীৰ নামত নিৰীহ লোকক হত্যা, আদিবাসী কৃষকক সামূহিক গ্ৰেপ্তাৰ, মহিলা সকলৰ ওপৰত ধৰ্ষণ-হত্যা, আকাশী বোমা বিস্ফোৰণ আদিৰ বিৰুদ্ধে গণতান্ত্ৰিক পদ্ধতিৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল।
লাহে লাহে মূলবাসী বচাও মঞ্চ সংগঠনটো ছত্তীশগড়ৰ বিভিন্ন জিলাত ৰাষ্ট্ৰৰ সহযোগত বিদেশী পুঁজিপতি গোষ্ঠীৰ খনন কাৰ্যকলাপৰ সুবিধাৰ্থে সৃষ্টি কৰা আন আন সামৰিক শিৱিৰসমূহৰ স্থাপন, আদিবাসী লোকসকলক স্থানচ্যুতি আৰু ব্যাপক ৰূপত পৰিবেশতন্ত্ৰৰ ক্ষতিসাধন কৰি ভাৰত ৰাষ্ট্ৰই গ্ৰহণ কৰা উন্নয়নৰ সাম্ৰাজ্যবাদী আৰ্হিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা এক গণসংগ্ৰামৰ মঞ্চ হৈ পৰিল।
সংগঠনটোৰ যুৱক-যুৱতীসকল কেৱল ৰাষ্ট্ৰৰ জনবিৰোধী কাৰ্য-কলাপৰ বিৰুদ্ধেই যে সোচ্চাৰ হৈ থাকিল এনে নহয়, এই সীমাবদ্ধতা ভাঙি তেওঁলোকে নিজৰ গোষ্ঠীটোৰ কণ কণ ল’ৰা-ছোৱালীবোৰক শিক্ষিত কৰি তুলিবলৈ বিদ্যালয় স্থাপন, ৰেচন কাৰ্ড নথকা পৰিয়ালবোৰৰ বাবে ৰেচন কাৰ্ড ব্যৱস্থা, উপযুক্ত স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত গাঁৱৰ লোকসকলক ঔষধ যোগান আদি কামবোৰো তেওঁলোকে কৰি যাবলৈ ল’লে। উল্লেখনীয় যে, গাওঁবাসীক ঔষধ যোগানৰ কামতো তেওঁলোকক বাধা প্ৰদান কৰা হৈছিল মাওবাদীক ঔষধ যোগান দিয়াৰ সন্দেহ কৰি।
যিহেতু ছালৱা জুডুমৰ সময়ত গাওঁবোৰ, গাঁৱৰ স্কুল ঘৰবোৰো জ্বলাই, ভাঙি তচনচ কৰি পেলোৱা হৈছিল, সেয়ে মূলবাসী বচাও মঞ্চৰ সদস্যসকলে স্কুলঘৰ পুনৰ নিৰ্মাণ, চিকিৎসালয় নিৰ্মাণ কাৰ্যক গুৰুত্ব দিবলৈ ধৰে। ইয়াৰ লগতে নিহত ব্যক্তিৰ পৰিয়াল আৰু আহত সকললৈ আৰ্থিক সাহায্যৰ বাবেও তেওঁলোকে দাবী উত্থাপন কৰে।
পোনপটীয়া অৰ্থত দেখা গ’ল যে, মূলবাসী বচাও মঞ্চ কেৱল জল-জমীন-জঙ্গলৰ অধিকাৰৰ হকে যুঁজ দিয়া সংগঠনেই নহয়, ই ভাৰতৰ দৰে অৰ্ধ ঔপনিৱেশিক, অৰ্ধ সামন্তীয় দেশত কোঙা হোৱা মানুহৰ বাবে এক আশাৰ চমকণি, প্ৰতিবাদী মানুহৰ ভাষা, গণসংগ্ৰামৰ এটা অংশ।
কিন্তু ছত্ৰিশগড় চৰকাৰে মূলবাসী বচাও মঞ্চ সংগঠনটোৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি দেশৰ নাগৰিকৰ সাংবিধানিক অধিকাৰকো উলংঘা কৰিলে। কিয়নো, সংবিধানৰ ১৯(১)(গ) অনুচ্ছেদত নাগৰিকৰ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক বা ৰাজনৈতিক বিষয়ক যিকোনো সংস্থা গঠনৰ স্বাধীনতা আছে। যিহেতু মূলবাসী বচাও মঞ্চ সংগঠনটোও গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেদি সক্ৰিয় হোৱা আদিবাসী যুৱ সমাজৰ এটা সামাজিক সংগঠন। নিজৰ দাবীসমূহ উত্থাপন কৰিবলৈ যাওঁতে সংগঠনটোৱে কোনো হিংসাত্মক পৰিৱেশ-পৰিস্থিতিও ক’তো সৃষ্টি কৰা নাই বুলিয়েই জনা গৈছে। তেনেস্থলত সংগঠনটোৰ ওপৰত চৰকাৰৰ এই নিষেধাজ্ঞা কিয়?
সংগঠনটোৰ ওপৰত প্ৰতিবন্ধকতা সৃষ্টিৰ লগতে সদস্যসকলৰ ওপৰত চলোৱা জোৰ-জুলুম, অত্যাচাৰ, গ্ৰেপ্তাৰ আদি কাৰ্যৰ আঁৰৰ আচল কাৰণ কি?
অনেকটা প্ৰশ্ন হয় যে, আদিবাসী লোকসকলৰ ভূমিত ৰাষ্ট্ৰই ‘মাওবাদী’ নিধনৰ অভিযানৰ নামত স্থাপন কৰা ‘শিৱিৰ’বোৰে আচলতে কাৰ বাবে সুৰক্ষা আৰু পহৰাদাৰী কৰিছে?
দুটা বছৰৰ ভিতৰতে বাস্তাৰ অঞ্চলত মাওবাদী নিধনৰ নামত ৪০০ ৰো অধিক সাধাৰণ গাওঁবাসীক হত্যা কৰা হৈছে। প্ৰকৃতিক পিতৃ-মাতৃৰ দৰে শ্ৰদ্ধা কৰা আৰু ভালপোৱা সহজ-সৰল আদিবাসী লোকসকলক বলিশালত তুলি ৰাষ্ট্ৰই আচলতে কাৰ লালসা পূৰ কৰিছে?
বিকাশ সাধন হৈছে কাৰ?
সেই অঞ্চলৰ সকলো সম্পদ পুঁজিপতি গোষ্ঠীৰ হাতত গটাই, তাৰ অধিবাসী সকলক পৃথিৱীৰ বুকুৰ পৰা অস্তিত্বহীন কৰাৰ এয়া এক গভীৰ ষড়যন্ত্ৰই নহয়নে?
অতি জলজল্ পটপটকৈ স্পষ্ট হৈছে যে মূলবাসী বচাও মঞ্চৰ দৰে গণ সংগঠন এটাৰ ওপৰত নিষেধাজ্ঞা মানে দেশৰ আন সকলো গণ সংগঠন প্ৰতিও দিয়া হৈছে এক চৰম ভাবুকি।
‘মূলবাসী বচাও মঞ্চ’ৰ নিষেধাজ্ঞাৰ ওপৰত বিভিন্ন জনৰ প্ৰতিক্ৰিয়াঃ
মুলবাসী বচাও মঞ্চৰ নিষেধাজ্ঞাৰ ওপৰত মানৱ অধিকাৰ সংগঠন পিইউচিএলে (People’s Union for Civil Liberties) তীব্ৰ গৰিহণা প্ৰকাশ কৰি কয় যে- “মাওবাদী বিৰোধী অভিযানৰ নামত জনজাতীয় লোকসকলৰ ওপৰত কৰা দমন, তেওঁলোকৰ বনাঞ্চল, ভূমি আৰু সম্পদসমূহৰ লুণ্ঠনৰ বিৰুদ্ধে আৰু তেওঁলোকৰ সাংবিধানিক অধিকাৰ ৰক্ষাৰ বাবে মূলবাসী বচাও মঞ্চই শান্তিপূৰ্ণভাৱে আন্দোলন কৰি আহিছে। বিজেপি চৰকাৰৰ এই নিষেধাজ্ঞাৰ পদক্ষেপ শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনৰ সাংবিধানিক অধিকাৰক হত্যা কৰাতকৈ কম নহয়।“
দিল্লীস্থিত প্ৰগতিশীল সংগঠন আৰু বুদ্ধিজীৱী সকলৰ সংযুক্ত মঞ্চ Forum Against corporatisation and Militarization ৰ সদস্য এহতমাম উল হকে কয় যে –“মূলবাসী বচাও মঞ্চ আদিবাসী সকলৰ এটা যুৱ সংগঠন। যি সকলে ছালৱা জুডুম আৰু অপাৰেশ্যন গ্ৰীণ হাণ্টৰ ফলত নিজৰ পৰিয়ালৰ সদস্য সকলক হেৰুৱায় পেলাইছিল।“
মূলবাসী বচাও মঞ্চৰ সভাপতি ৰঘু মিডিয়ামিৰ ভাষ্য –“মূলবাসী বচাও মঞ্চৰ ওপৰত লগোৱা প্ৰতিবন্ধকতা বৈধ নহয়। ই আদিবাসী লোক সকলৰ এটা মুকলি, গণতান্ত্ৰিক সংগঠন, যিয়ে জল-জমীন-জঙ্গল ৰক্ষাৰ বাবে যুঁজ কৰি আহিছে। মূলবাসী বচাও মঞ্চ সংগঠনে চৰকাৰৰ সেই বিকাশৰ বিৰুদ্ধে যুঁজিছে যি বিকাশে আমাৰ আদিবাসী লোকসকলৰ জীৱন কাঢ়ি নিছে।“
আদিবাসী সমাজকৰ্মী ছোনী ছ’ৰীয়ে কয় যে –“মূলবাসী বচাও মঞ্চৰ দৰে আদিবাসী সকলৰ সামূহিক শক্তিলৈ চৰকাৰৰ ভয়। যি সকলে আদিবাসী সকলৰ অধিকাৰৰ হকে যুঁজি আহিছে। এই নিষেধাজ্ঞা পুঁজিপতি গোষ্ঠীৰ হাতত অৰণ্য সমূহক অৰ্পণ কৰাৰ পৰিকল্পনাৰ বিৰুদ্ধে হোৱা প্ৰতিবাদক দমন কৰিবলৈকে চৰকাৰে জানি-বুজি কৰা এক ৰণনীতি।“
মানৱ অধিকাৰ কৰ্মী হিমাংশু কুমাৰে কয় যে –“গণতান্ত্ৰিক মূল্যবোধ আৰু ভাৰতীয় আইন অনুসৰি চৰকাৰৰ ভুল কাৰ্য্যৰ প্ৰতিবাদ কৰাটো নাগৰিকৰ কেৱল অধিকাৰেই নহয়, চৌপাশে ঘটি থকা ভুল কাৰ্য্যৰ প্ৰতিবাদ কৰাটোও প্ৰত্যেকৰে কৰ্তব্য.।“
অধ্যাপিকা নন্দিনী সুন্দৰে কয় যে –“মূলবাসী বাচাও মঞ্চৰ দৰে সংগঠন এটাক কিয় নিষিদ্ধ কৰিব? মূলবাসী বচাও মঞ্চ হৈছে গাঁৱৰ মানুহৰ এটা সামূহিক সংগঠন। গতিকে ইয়াক নিষিদ্ধ কৰাৰ অৰ্থ হ’ব সকলো ধৰণৰ প্ৰতিবাদক নিষিদ্ধ কৰা যাতে তাত সম্পদ লুণ্ঠনৰ বাবে আহিব লগা সকলো প্ৰকাৰৰ বাধা আঁতৰ হয়।“
কাৰাবাসত দিয়া ‘মূলবাসী বচাও মঞ্চ’ৰ সুনীতা, ৰঘুহঁত কেনে আছে?
“…এতিয়া আমি স্পষ্টকৈ অস্বীকাৰ আৰু ঘোষণা কৰোঁ যে
আমি তোমালোকৰ অত্যাচাৰ অস্বীকাৰ কৰিছোঁ
তোমালোকে আমাৰ শান্তিৰ ওপৰত গুলী বৰষিলা
কন্দুৱা গেছ, বাৰুদ নিক্ষেপ কৰিলা
কিন্তু এতিয়া আমি তোমালোকৰ অত্যাচাৰক অস্বীকাৰ কৰিছোঁ
তোমালোকে সেই নিৰীহ মানুহবোৰক জেলত ভৰাই থৈছা যিসকল এতিয়াও বয়সত তেনেই সৰু
যিসকলে এতিয়াও তেওঁলোকৰ জীৱনৰ বহু ৰং দেখা পোৱা নাই যিবোৰ তোমালোকে কাঢ়ি লৈ গৈছা আৰু তেওঁলোকৰ জীৱনটোক ৰংহীন কৰি পেলাইছা
তোমালোকে কোৱা প্ৰতিটো মিছাৰ বিৰুদ্ধে আমি এতিয়া সঁচা কথা ক’বলৈ আৰম্ভ কৰিছোঁ “(ভাবানুবাদ। ৰচক- অজ্ঞাত)
মূলবাসী বচাও মঞ্চৰ এক সাংস্কৃতিক কৰ্মসূচীত এদল যুৱক-যুৱতীয়ে লোকনৃত্য কৰি কৰি প্ৰতিবাদী গান গোৱা ইউটিউবত প্ৰাপ্ত এটা ভিডিঅ’ৰ স্কীণত দেখা ওপৰৰ প্ৰতিবাদী কাব্যিক কথাখিনিয়ে আদিবাসী যুৱ চামৰ জীৱনৰ পৃথিৱীয়ে নেদেখা বহু কথাই কৈ পেলাইছে। এই সকল নতুনৰ কণ্ঠত, তেওঁলোকৰ চাল-চলনত, তেওঁলোকৰ দৈনন্দিন জীৱনত, তেওঁলোকৰ চিন্তা-চৰ্চা, তেওঁলোকে পৰিৱেশন কৰা সাংস্কৃতিক অনুষ্ঠানবোৰত জীৱন বিলাসীতা নাই, জীৱনৰ স্বাচ্ছন্দ্যতা নাই, যৌৱনমত্ত উদ্দীপনা নাই, মনোৰঞ্জন, ৰসাস্বাদন নাই। তাৰ বিপৰীতে শৈশৱতে বহন কৰিব লগা হোৱা দূৰ্বিষহ জীৱনৰ কঠোৰতা আছে। প্ৰতিহিংসা নাই, কিন্তু যুঁজৰ উদ্যম, যুঁজি জিকাৰ তীব্ৰ উৎসাহ আৰু আকাংক্ষা আছে। তেওঁলোকৰ কণ্ঠত, তেওঁলোকৰ বাদ্যত, তেওঁলোকৰ নাচোনত আছে কেৱল প্ৰতিবাদৰ ভাষা, প্ৰতিবাদৰ ছন্দ, প্ৰতিবাদৰ ঝনঝননি আৰু দুচকুত মুক্তিৰ সপোন।
কাৰোবাৰ বাবে আদিবাসী সন্তান হিচাপে তেওঁলোকৰ মাজত এয়া থাকিবই বুলি কৈ দিব পৰাটো হয়তো সহজ কিন্তু তেওঁলোকৰ দৰে দেশৰ অন্য প্ৰেক্ষাপটৰ যুৱ সমাজে জীৱনৰ এনে কঠোৰ বাস্তৱতা গ্ৰহণ কৰিব লগা হোৱা নাই। দেশৰ আনসকল নতুনৰ তুলনাত স্বাধীনভাৱে গ্ৰহণ কৰিব পৰা শৈক্ষিক, শিল্প, সাহিত্য, ক্ৰীড়া আদি ৰুচি সম্পন্ন দিশবোৰৰ সুবিধাৰ পৰা আদিবাসী সন্তান সদায়েই পিছ পৰি ৰৈছে।
বিজেপি নেতৃত্বাধীন মোদী শাসনৰ ‘অমৃত কাল’ত গৃহমন্ত্ৰী অমৃত শ্বাহৰ নিৰ্দেশত ২০২৬ৰ ৩১ মাৰ্চৰ ভিতৰত উল্লিখিত অঞ্চলবোৰত মাওবাদীক উৎখাত কৰাৰ বাবে অতি নৃশংস, জঘন্য আৰু তীব্ৰ ৰূপত চলি আছে “অপাৰেশ্যন কাগাৰ।“ তাৰেই অংশ ৰূপে হয়তো ৰাষ্ট্ৰই মূলবাসী বচাও মঞ্চ সংগঠনটোৰ ওপৰত কেৱল নিষেধাজ্ঞা আৰোপ কৰিয়েই ৰৈ থকা নাই থকা। সংগঠনটোৰ পুলি-পোখাকো মাৰি পেলাব পৰাকৈ কেইবাগৰাকী সদস্যকো গ্ৰেপ্তাৰ কৰা হৈছে। অজুহাত এটাই- ‘মাওবাদীৰ লগত সম্পৰ্ক, মাওবাদীক সহযোগ।‘
এনে ভূৱা অভিযোগ দৰ্শাই যোৱা বৰ্ষৰ ৩ জুনৰ পুৱাতে ২৫ বৰ্ষীয় সুনীতা প’টেম নামৰ যুৱকৰ্মী তথা মূলবাসী বচাও মঞ্চৰ উপ সভাপতি গৰাকীক পুলিচ বাহিনীয়ে গ্ৰেপ্তাৰ কৰে। তথ্য অনুসৰি সুনীতা প’টেমে মুক্ত বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাৰ যোগেদি দশম শ্ৰেণীৰ পৰীক্ষা প্ৰস্তুতিৰ বাবে থকা ৰায়পুৰৰ ভাড়াঘৰৰ পৰা পুলিচ বাহিনীয়ে বাহিৰলৈ চোঁচৰাই লৈ আহি গ্ৰেপ্তাৰ কৰে।

সুনীতা প’টেমৰ গ্ৰেপ্তাৰে কেইবাটাও দিশ দাঙি ধৰে। তাৰে এটাঃ
প্ৰথমতে, ২৫ বছৰ বয়সত দশম শ্ৰেণীৰ পৰীক্ষা দিবলৈ ওলোৱা সুনীতাক দেখি ক’ব পাৰি যে, আদিবাসী অঞ্চলত হয়তো হেজাৰজনী এনে সুনীতা আছে যিয়ে শৈক্ষিক অধিকাৰ আৰু সুবিধা সমূহৰ পৰা এতিয়াও বঞ্চিত হৈ আছে। বঞ্চিত কৰি ৰখা হৈছে।
দ্বিতীয়তে, আদিবাসী অঞ্চলত এনেকুৱা হেজাৰগৰাকী সুনীতাৰ দৰে যুৱক-যুৱতী আছে, যিয়ে নিজৰ আধৰুৱা শিক্ষা পূৰ্ণ কৰিবলৈ বা শিক্ষিত নাগৰিক হিচাপে নিজকে গঢ়ি তুলিবলৈ, অৰণ্যৰ আঁহ ফালি পৃথিৱীখন চাবলৈ ওলাই যাবলৈ সুতীব্ৰ হেঁপাহৰে চটফটাই আছে।
দ্বিতীয়টো দিশঃ
একেই বিষয়ত গ্ৰেপ্তাৰ হোৱা অনেক গৰাকী মহিলা কৰ্মীৰ ওপৰত হোৱা সেনা-পুলিচৰ অত্যাচাৰ কিমান নিৰ্মম, কাৰাগাৰতো আদিবাসী মহিলা-যুৱতীয়ে কি দূৰ্বিষহ জীৱন কটাই আছে সেয়া সমাজকৰ্মী ছোনী ছ’ৰীৰ সাক্ষাৎকাৰ অনুষ্ঠানবোৰ চালেই জানিব পাৰি। সুনীতাও যিহেতু আদিবাসী লোকসকলৰ অধিকাৰ সংগ্ৰামখনৰ এগৰাকী সক্ৰিয় যুৱতী। আমাৰ দৰে দূৰৰ মানুহে এতিয়া সুনীতা প’টেমৰ খবৰ পোৱা সম্ভৱ নহয়। পঢ়া-শুনাৰ সপোন বুকুত বান্ধি, নিজৰ গোষ্ঠীৰ অধিকাৰ, ন্যায়ৰ হকে মাত মাতিবলৈ ওলাই অহা সুনীতাৰ লগত বা কি কি হ’ল ! হয়তোবা ধৰ্ষণ, গণ ধৰ্ষণ, মাৰপিট, শৰীৰত জ্বলন্ত চিগাৰেট, ইলেক্ট্ৰিক শ্বক !!
কেতিয়াই বা কাৰাবাসৰ পৰা মুক্তি লাভ কৰিব সুনীতাই ! সুনীতাই আধৰুৱা শিক্ষা পূৰ্ণ কৰাৰ সুযোগ পাবনে? নে তাইৰ মুক্তি তেতিয়া সম্ভৱ, যেতিয়া তাইৰ জীৱনৰ পৰা ৰং-ৰস, সপোন সকলো ধূলিসাৎ হৈ যাব ?
২৩ বৰ্ষীয় ৰঘু মিডিয়ামী !

যি মাত্ৰ ২৩ টা বসন্ত অতিক্ৰম কৰিছেহে মাথোঁ। যোৱা ২৭ ফেব্ৰুৱাৰীৰ পুৱা মূলবাসী বচাও মঞ্চৰ প্ৰাক্তন সভাপতি ৰঘু মিদিয়ামীয়ে চিকিৎসাৰ বাবে ছত্তীশগড়ৰ দান্তেৱাড়ালৈ গৈ আছিল। মাত্ৰ কেইদিনমানৰ আগতে তেওঁ মটৰ চাইকেল দুৰ্ঘটনাত পতিত হৈ শৰীৰৰ কেইবাঠাইতো গম্ভীৰ আঘাত পাইছিল। কিন্তু চিকিৎসা গ্ৰহণ কৰিবলৈ নোপোৱাকৈ ৰঘুক আৰক্ষী বিষয়াই কোনো কাৰণ নোহোৱাকৈ আটক কৰি এন আই এ (National Investigation Agency)ৰ হাতত গতাই দিয়ে। এটা সংবাদ মাধ্যমৰ জৰিয়তে জানিব পৰা মতে ৰঘুৰ শাৰীৰিক অৱস্থা দিনক দিনে জটিলতৰ হৈ পৰিছে। চিকিৎসালয়ৰ কৰ্মচাৰীসকলে বাৰে বাৰে অনুৰোধ কৰাৰ লগতে চিকিৎসাৰ বাবে আদালতে নিৰ্দেশ দিয়াৰ পিছতো তেওঁক মৌলিক স্বাস্থ্যসেৱাৰ পৰা বঞ্চিত কৰি কাৰাগাৰত ৰখা কাৰ্যক হৈছে বুলি মানৱ অধিকাৰ সংগঠনসমূহে প্ৰকাশ কৰিছে। জানিব পৰা মতে ৰঘু মিডিয়ামীৰ আঘাতপ্ৰাপ্ত স্থানৰ অস্ত্ৰোপ্ৰচাৰৰ প্ৰয়োজন যদিও তেনে অৱস্থাতে ৰঘুক যোৱা ৯ এপ্ৰিলত এন আই এৰ জিম্মাত ৭ দিনৰ বাবে দিয়া হৈছিল।
মাত্ৰ ২৩ টা বৰ্ষৰ ৰঘু মিডিয়ামীৰ স্বাস্থ্য সম্পৰ্কীয় যি জটিল পৰিস্থিতি,তাৰ পাছতো চিকিৎসাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰি এন আই এৰ জিম্মাত দিয়া কাৰ্য মানৱতাৰ চূড়ান্ত উলংঘনেই নহয়, ই সংবিধান প্ৰদত্ত ব্যক্তি স্বতন্ত্ৰতাকো উলংঘন কৰিছে।
ভূৱা গোচৰত ষড়যন্ত্ৰৰ বলি হোৱা ৰঘু মিদিয়ামী, সুনীতা প’টেমে ৰাষ্ট্ৰৰ এনেবোৰ নিৰ্যাতন সহিব পৰাকৈ হয়তো মানসিকভাৱে শক্তিশালীয়েই হ’ব। কাৰণ তেওঁলোক মুখত সোণৰ চামুচ লৈ জন্ম লোৱা সন্তান নহয়, তাৰ বিপৰীতে ৰঘুহঁতে মাকৰ গৰ্ভতেই ৰাষ্ট্ৰ সন্ত্ৰাসৰ বলি হৈ জীৱনৰ কঠোৰ বাস্তৱতাৰ পাঠ লৈ আহিছে। সেনা-পুলিচৰ অত্যাচাৰত অন্য ঠাইলৈ পলায়ন কৰা মাক-দেউতাক, পৰিয়ালৰ আন সদস্যৰ দৰে বা গাঁৱৰ আন মানুহৰ দৰে ৰঘু, সুনীতাহঁত পলাব নুখোজে, সিহঁতে সিহঁতৰ ওপৰত, নিজৰ আদিবাসী সমাজখনৰ ওপৰত চলি থকা অন্যায়ৰ বিৰুদ্ধে যুঁজিব খোজে। কাৰণ ৰঘু, সুনীতাহঁতৰ পেটত যিমান ভোকৰ জ্বালা আছে, তাতকৈ সিহঁতৰ জীৱনত জ্বলি থকা জুইকুৰাৰ তাপৰ দহন আৰু তীব্ৰতা বেছি।
মানৱতাবোধ যদি আমাৰ মাজৰ পৰা শেষ হৈ যোৱা নাই, তেন্তে আমিও গণসংগঠন ‘মূলবাসী বচাও মঞ্চ’ৰ ওপৰত থকা নিষেধাজ্ঞা বাতিল কৰিবলৈ, সুনীতা, ৰঘুহঁতক অতি সোনকালে কাৰাগাৰৰ পৰা মুক্তি দিবলৈ আৰু ‘অপাৰেশ্যন কাগাৰ’ক বন্ধ কৰি আদিবাসী লোক সকলৰ ওপৰত চলি থকা সকলো ধৰণৰ শোষণ, দমন-উৎপীড়নক বন্ধ কৰাৰ আহ্বান ভাৰত চৰকাৰক জনোৱা উচিত। কাৰণ বালীলৈ যিপাট শৰ, সুগ্ৰীৱলৈয়ো শৰ সেই একেপাটেই।
(সহায়ক তথ্যঃ Nazariya Magazine, Forum Against corporatisation and Militarization,Theobservar post, The wire, Pucl, Nextias)