অস্তৰাগত সপোনৰ সন্ধান-(বৰ্ণালী ফুকন)
কানন এপাৰ্টমেণ্টৰ চতুৰ্থ মহলাত থকা ফ্লেটটোৰ দৰ্জাখন খুলিবলৈ লওতে কাজৰিৰ দামী হাতঘড়ীটোত চকু পৰিল, সময় নিশা প্ৰায় ৯:৩০ বাজিছে। “ছেঃ, আজিও ইমান দেৰি হ’ল” নিজেই নিজকে কথাষাৰ কৈ তাই ফ্লেটৰ দুৱাৰ বন্ধ কৰিলে। তাইৰ স্বামী অণুৰণ এতিয়াও আহি পোৱায়ে নাই। তালৈ ফোনটো লগাও বুলি ভাবোতেই অণুৰণে ফোন কৰিলে, “হেল্ল’ ৰণ, মই এইমাত্ৰ ঘৰ সোমাইছোহি,তুমি ক’ত আছা ?” “মই অফিচৰ পৰা ওলাবলৈ লৈছোহে কাজৰি, অলপ পলম হ’ব। “হ’ব দিয়া” বুলি কৈ তাই ফোনটো ৰাখিলে।
কাপোৰ সলাই গা ধুই ৰাতিৰ সাজ ৰান্ধিবলৈ বুলি তাই পাকঘৰত সোমাল। আজি ৰাতিপুৱাই ৰণে তাইক পোলাও আৰু চিকেন কাৰী খোৱাৰ ফৰমাইচ দি থৈ গৈছিল। কিন্তু এতিয়া ৰাতি ১০ বজাত ইমানখিনি ৰান্ধিবলৈ সময় ক’ত? তাতে দিনটো অফিচত গাধৰ দৰে খাটি এতিয়া আৰু চিকেন-পোলাও বনাবলৈ তাইৰ ধৈৰ্য্য নাই। সহজতে হ’বলৈ আলু-ৰঙালাও কাটি কুকাৰত খিচিৰিকে ৰান্ধিলে।
ৰণ আহি খোৱাৰ টেবুলত বহালৈ ১১ বাজিল। খাবলৈ বহিয়ে তাৰ অভিযোগ আৰম্ভ হ’ল,”আজি চিকেন-পোলাওহে খাম কৈছিলো, এইবোৰ কি ৰান্ধিলা? দিনটো কষ্ট কৰি আহি এতিয়া ভাললগা বস্তু এটাও খাবলৈ নাপাও”! কাজৰিৰো তাৰ কথাৰ সুৰত খং উঠি আহিল,”ৰণ, অকল তুমিহে কি দিনটো কাম কৰি আহিছা নেকি? ময়োটো একেলগেই কামলৈ ওলাই গৈছো। আপত্তি কৰি থকাতকৈ কেতিয়াবা মোৰ দুখ-কষ্টও বুজিবলৈ চাবা”, খঙতে তাইৰ মাতটো অলপ ডাঙৰকৈয়ে ওলাল। ৰণে একো নকৈ তলমূৰকৈ খাই উঠি গ’ল। কাজৰিয়ে খাই উঠি বাচন ধুবলৈ গৈ দেখিলে, ৰণে নিজে খোৱা থাল আৰু কুকাৰ ধুয়ে থৈ গ’ল। কাজৰিৰ মনটো অলপ বেয়া লাগিল, “ছেঃ, মই বেছিয়ে খং কৰিলো নেকি”! আচলতে ৰণে কাজৰিৰ হাতৰ ৰন্ধা খাই খুব ভাল পায়। একেলগে এমবিএ কৰি থকা সময়তো তাই কেতিয়াবা ৰূমলৈ তাৰ প্ৰিয় খাদ্য ৰান্ধি তালৈ টিফিনত লৈ গৈছিল। এতিয়াও সি হোটেলৰ পোলাও মাংসত তাইৰ হাতৰ সোৱাদ নাপায়। সেয়ে সি মাজে মাজে তাইক কিবাকিবি বিশেষ ব্যঞ্জন ৰান্ধিবলৈ আব্দাৰ কৰে। তায়ো ৰন্ধাবঢ়া কৰি ভালেই পায়। কিন্তু দিনৰ দিনটো কাম কৰি ৰাতি আহি আকৌ ৰান্ধিবলৈ তাইৰ শক্তি নাথাকেগৈ।
পাকঘৰ সামৰি-সুতৰি শুবলৈ আহি দেখে ৰণে বিচনাতে বহি লেপটপতো লৈ কিবা কৰি আছে। তাইৰো কাইলৈৰ বাবে প্ৰেজেণ্টেশ্বন এটা সাজু কৰিবলৈ আছে। বুকুৰ কোনোবা এটা কোণত তাইৰ পুনৰ দুখ এটাই সাৰ পাই উঠিল, দিনটোৰ ব্যস্ততাৰ অন্তত শান্তিত বহি কথা এষাৰ পাতিবলৈয়ো দুয়োৰে আহৰি নাই। লেপটপ সামৰি বিচনাত পৰালৈ ১ বাজিবৰ হ’ল।
আজি শনিবাৰ, পুৱা উঠিয়েই কাজৰিয়ে ভাবিলে, আজি অন্ততঃ অফিচৰ পৰা তাই অলপ সোনকালে আহিব, ৰণে ভালপোৱা কিবা এবিধ বিশেষ ব্যঞ্জন ৰান্ধিব। সেইমতেই তাই সন্ধিয়া সোনকালে ঘুৰি আহি জিৰা ৰাইচ আৰু বাটাৰ চিকেন ৰন্ধাত লাগিল। মাংসখিনি মেৰিনেট কৰি থাকোতেই তাই ভাবিলে, ৰণক ফোন কৰি আমুলৰ মেংগ আইচক্ৰীম লৈ আনিবলৈ কও। যিহে গৰম পৰিছে, ইমানখিনি ৰান্ধি শেষ হোৱালৈ তাই ঘামি জুৰুলি-জুপুৰি হ’বগৈ। তাতে মেংগ আইচক্ৰীম দুয়োৰে প্ৰিয়। এইবুলি তাই অণুৰণলৈ ফোন লগালে। ফোনটো পায়েই ৰণে কৈ উঠিল,”হেল্ল’ কাজৰি, শুনাচোন, আজি আমাৰ অফিচতে উইক এণ্ডৰ পাৰ্টি এটা হ’ব। তুমি নিজলৈ কিবা এটা খাবলৈ ৰান্ধিবা আৰু..হেল্ল’ কাজৰি, হেল্ল’ হেল্ল’…” কাজৰিৰ মাত নুশুনি অণুৰণে ফোনটো কাটি দিলে। মাংস আধা মেৰিনেট কৰিবলৈ এৰি আহি কাজৰি চ’ফাখনতে বঢ়িলহি। তাইৰ অণুৰণলৈ খং উঠি আহিল, তাৰ কাৰণেই ইমানবোৰ কাম এৰি আহিছোঁ, সি ভাল পায় বাবেই ইমানখিনি ৰন্ধাবঢ়া কৰিবলৈ লৈছোঁ, আৰু সি কি কৰিছে! সদায় তাৰ অভিযোগৰ উপৰি অভিযোগ আৰু যিদিনা তাৰ বাবে সময় উলিয়ায়, সেইদিনাই সি কিবা এটা লেঠা উলিয়াই সকলো নষ্ট কৰে। খঙতে লাইটটো অফ কৰি কাজৰি বহুপৰ চ’ফাখনতে বহি থাকিল।
কিন্ত কিমান দেৰি এইদৰে খং কৰি থাকিব! কিবা লাভ আছে জানো খং কৰি! কৰ্পৰেট চেক্টৰত চাকৰি কৰা মানুহৰ এয়াই জীৱন। অত্যধিক কৰ্মব্যস্ততা, সপ্তাহৰ শেষত অৱসাদ দূৰ কৰাৰ বাবে পাৰ্টি, এইবোৰ তেনেই সাধাৰণ কথা। ব্যস্ততাৰ বাবে বহুত দিন মাকলৈয়ো ফোন কৰা হোৱা নাই। মাকৰ লগতে কাজৰিয়ে দুআষাৰ পাতো বুলি ভাবিলে। মাকে আকৌ এতিয়াও স্মাৰ্ট ফোন ব্যৱহাৰ কৰিবলৈ নাজানে। লেণ্ড-লাইনটো বাজোতেই বাৰু মাকে ফোনটো উঠালে। “অ’ মাজনী, ইমানদিনৰ মূৰত ফোন কৰিছ, ইমানদূৰৈত অকলে থকা মাৰজনীলৈয়ো তহঁতৰ মনত নপৰেনে!” ফোন উঠায়েই মাকৰো অভিযোগ আৰম্ভ হ’ল। “ৰচোন মা, যোৱা দেওবাৰে দেখোন ফোন কৰিছিলোৱে। ৰাতিপুৱাতে ওলাইগৈ ৰাতি দুপৰত ঘৰ সোমাওহি, ফোন কৰিবলৈ সময় ক’ত? আৰু তোকনো তাত কোনে অকলে থাকিবলৈ কৈছে? কৈয়ে থাকোঁ দেখোন ইয়াত আমাৰ লগতে থাকহি বুলি, তইহে মান্তি নহৱ” কিছু উষ্মাৰ সুৰতেই কাজৰিয়ে কথাখিনি ক’লে। “চা মাজনী, তই আৰু জোৱাই দিনটো ঘৰত নাথাক। দিনটো অকলে ঘৰটোত সোমাই থাকি মই কি কৰিম। তাতে মই হ’লো বুঢ়ী মানুহ, কিবা এটা বেমাৰ-আজাৰ হ’লে তহঁতৰে অসুবিধা নহ’ব জানো! ইয়াত অন্ততঃ মাতবোল কৰিবলৈকে ওচৰ-চুবুৰীয়া কেইঘৰকে আছে”। “তেতিয়াহ’লে মই কি কৰোঁ মা তয়ে ক”? “মাজনী, তহঁতৰ বিয়া হোৱা ৪ বছৰ হ’ল। এতিয়া সংসাৰ বঢ়োৱাৰ কথা চিন্তা কৰ। বয়স বেছি হ’লে কিন্তু অসুবিধাবোৰ বাঢ়িহে যাব। গতিকে সময় থাকোতেই কথাটো ভাবি চা। নাতি-নাতিনী কিবা এটা হ’লে ময়ো তালৈ গৈ দিনটো কেঁচুৱাটোৰ লগতে ব্যস্ত থাকিব পাৰিম”। মাকে কাজৰিক বুজনিৰ সুৰতেই ক’লে। “হ’ব দে মা। মই কথাটো চিন্তা কৰি চাও। এতিয়া ৰাখিছোঁ, তই দৰৱবোৰ সময়মতে খাই থাকিবি দেই”।
মাকৰ ফোনটো থৈ কাজৰি চোফাখনতে বহি ৰ’ল। মাকে কোৱা কথাতো তায়ো নভবা নহয়। নাতি-নাতিনীৰ মুখ দেখা পোৱাৰ আশা বুকুতলৈয়ে ৰণৰ মাক-দেউতাক দুয়োজনে এই পৃথিৱীৰ পৰা বিদায় মাগিলে। ৰণৰ মাকৰ জীৱনৰ শেষ মুহূৰ্ততো দুয়ো মাকৰ ওচৰত থাকিব নোৱাৰিলে। এসপ্তাহ মাক আই.চি.ইউ-ত থাকোতে ছুটী বিচাৰোতে ডাইৰেক্টৰে গহীনাই কৈছিল “What you will do by staying with your mother now? Are you a Doctor! Moreover, You are paid for your work”। গতিকে মাকে শেষ নিশ্বাস ত্যাগ কৰাৰ পিছতহে সিহঁত গৈ পাইছিলগৈ। খুৰাকে ৰণক কৈছিল,”নবৌৱে তহঁতক বৰকৈ চাবলৈ বিচাৰি আছিল অ’ !” কথাষাৰ শুনি ৰণক শোকে খুন্দা মাৰি ধৰিছিল, কিন্তু সি যে আছিল নিৰুপায়!
বুকুৰ কোনোবা এটা চুকত এটা কণমানি সপোন তায়ো পুহি ৰাখিছে। কিন্তু ব্যস্ততাৰে ভৰা এই জীৱনত সপোনটোৱে সাৰ পাই উঠিবলৈ সুযোগেই নাপায়। বিয়াৰ ৪ বছৰ হ’ল যদিও একেলগে দুয়োৱে কিমান সময়নো পাৰ কৰিছে, এজন যদি ট্যুৰৰ পৰা আহি পায়, আনজনৰ যাবৰ হয়। তদুপৰি ঘৰ সোমাওতেও দুয়োৰে পলম হয়। উইক-এণ্ড-ত অৱসাদ দূৰ কৰিবলৈ ফুৰা-চকা কৰোতেই সময়বোৰ পাৰ হয়। ইয়াৰ মাজত সংসাৰলৈ তৃতীয়জনক আদৰাৰ কথা সিহঁতে ভাবে কেনেকৈ! আৰু কেৱল সন্তান জন্ম দিয়াতেই জানো দায়িত্ব শেষ হ’ব? তাকোতো সময় দিব লাগিব। তাৰ উপৰিও ডাঙৰ-দীঘল কৰাৰ পৰা আদি কৰি ভাল স্কুল কলেজত পঢ়ুৱাবলৈকে হোৱা খৰচখিনিওতো সিহঁতে মিলাব লাগিব। মুঠতে কিমানখিনি যে সমস্যা!
কেৱল কণমানি এটিৰ সপোনেই নহয়, নিজৰ সংসাৰখনক লৈ কাজৰিয়ে মনত কিমানযে সৰু সৰু সপোন পুহি ৰাখিছিল! সেউজীয়া গছগছনিৰে ভৰা এটি চৌহদত সিহঁতৰ এটি সৰু ঘৰ সাঁজিব,ঘৰৰ চালত শোভাবৰ্দ্ধন কৰিব সুমথিৰাবুলীয়া নিয়ৰমালতীয়ে। আগফালে থাকিব এখন ডাঙৰ ফুলনি, তাত এজোপা বকুল ফুলৰ আৰু এজোপা শেৱালি ফুলৰ গছ ৰুব, গৰম দিনত বকুলৰ তলত আৰু শৰৎকালত শেৱালিজোপাৰ তলত বহি তাই গান গাব আৰু ৰণে গীতাৰ বজাব। বতাহে কঢ়িয়াই আনিব ঋতুভেদে বকুল অথবা শেৱালিৰ মৃদু সুবাস….
কিন্ত আজি এই সকলো কেৱল কল্পনাহৈয়ে ৰ’ল! জীৱনত কেৱল ব্যস্ততাহে বৰ্তমানহৈ ৰ’ল।
“টিংটং টিংটং” কলিংবেলৰ শব্দত কাজৰি কল্পনাৰ গহ্বৰৰ পৰা বাস্তৱৰ সমতল ভূমিলৈ উঠি আহিল। ৰণ আহিছে। সি যিহেতু খায়েই আহিছে আজি আৰু নিজলৈ তাইৰ একো ৰান্ধিবৰ ইচ্ছা নাই, ভাততে আলু এটা দি তাই ৰাতিৰ আহাৰ সামৰিলে। ৰণৰ লগতো তাইৰ আজি একো কথা পতা ন’হল, বহুপৰলৈকে তাই নিজৰ কল্পনাৰ জগতখনতে সাতুৰি-নাদুৰি থাকি শেষত টোপনিত ঢলি পৰিল।
ৰাতি টোপনি যাওতে পলম হোৱা বাবে পুৱা সাৰ পোৱাতো কাজৰিৰ কিছু পলম হ’ল। ইতিমধ্যে অণুৰণে চাহ দুকাপ বাকী আনিলেই। চাহৰকাপত শোহা মাৰি তাই ভাবিলে, আজি যিহেতু বন্ধবাৰ, গতিকে কালি থাকি যোৱা বিশেষ ব্যঞ্জন আজিয়েই ৰান্ধিম। আজৰি হৈ সন্ধিয়া দুয়ো কিছুপৰ বেলকনিৰ বাগিচাখনতে বহিম, কালি মায়ে কোৱা কথাটোও আলোচনা কৰিম। এইবুলি তাই সোনকালে কামত ধৰিলে। চিকেনখিনি ৰান্ধি থাকোতেহে তাইৰ মনত পৰিল, কাইলৈ হ’ব লগা মিটিংখনৰ বাবে কিছু প্ৰস্তুতি তাই কালিয়েই কৰি থ’ম বুলি ভাবিছিল, কিন্তু কালি তাই ৰণলৈ খং উঠি আৰু মাকে কোৱা কথাবোৰেই চিন্তা কৰি বহি থাকিল। গতিকে আজি তাই দুগুণ কাম কৰিব লাগিব। এতিয়া ৰন্ধা-বঢ়াত লাগি থাকিলে সন্ধিয়া তাই ভাবি থকা বিশেষ সময়খিনি পাৰ কৰা ন’হব। “উফ ৰাম, ক’তো শান্তি নাই!” নিজকে নিজেই কৈ তাই বেডৰূম পালেগৈ। “ৰণ, মই চিকেন ৰান্ধিলো, তুমি ভাতকেইটা ৰান্ধিবাচোন” এইবুলি তাই লেপটপ খুলি লৈ নিজৰ কামত লাগিল।
সিহঁতৰ ভাত খোৱালৈ ৩ বাজিল। বাচন ধুই পাকঘৰ সামৰি হোৱালৈ ৪ বাজো বাজো। অলপ জিৰণি লও বুলি বিছনাত পৰোতে কেতিয়ানো চকুকেইটা মুদ খাই আহিল তাই গমেই নাপালে। ৰণে কফি বিচাৰি মাত দিওতেহে সাৰ পাই দেখে ৫ বাজিবৰে হ’ল! লৰাৰৰিকৈ উঠি কফি দুকাপ বনাই বিস্কুট-মিঠাইৰে প্লেটখন সজাই তাই ৰণক মাতিলে “আহাচোন, বেলকনিতে বহি কফি খাও”।
“কাজৰি, কালিৰে পৰা তোমাক কিবা এটা চিন্তা কৰি থকা যেন দেখিছো, কি হৈছেনো?” ৰণৰ মাতত কাজৰি যেন সাৰ পাই উঠিল। লাহে লাহে তাই মাকে কোৱা সকলো কথাই ৰণৰ আগত খুলি ক’লে। ৰণে সকলো শুনিও একো মন্তব্য নিদিয়া দেখি তাই মাত লগালে “কি হ’ল ৰণ, একো নকলা যে তুমি”? “কি কও মই কাজৰি? তোমাৰ মনৰ কথা মই বুজিছো। কিন্তু সন্তান এটি কেৱল জন্ম দিলেইটো নহ’ব। তাক ভালদৰে ডাঙৰ-দীঘল কৰিব লাগিব, আমাৰ মূৰত বহুত দায়িত্ব আহি পৰিব! কিন্তু আমাৰ হাতত ইমান সময় ক’ত? আমাৰ দৰে ব্যস্ত চাকৰিয়ালবোৰে সপোনৰ পিছত দৌৰোতে হয়তো এনে কিছু সুখ ত্যাগ কৰিব লাগিব। এয়াই আমাৰ জীৱন, আশা কৰোঁ তুমি কথাতো বুজি পাবা”। এইবুলি অণুৰণ ভিতৰলৈ উঠি গ’ল।
কাজৰি থৰ লাগি চকীতে বহি ৰ’ল। কিণকিণীয়া বৰষুণজাক লাহে লাহে ডাঙৰ হৈ দোপালপিটা বৰষুণৰ ৰূপ লৈছেগৈ। এচাৰকণিয়ে তাইক তিয়াই পেলাইছে, দুচকুৰে নামি অহা চকুলোৰ ঢল তাই বৰষুণৰ টোপালৰ আঁৰ লৈ লুকুৱাব খুজিছে। সৰুৰে পৰাই সিহঁত কেৱল ডেউকা মেলি উৰিবলৈ শিকিলে, সপোনৰ পিছে পিছে উৰি উৰি ভাগৰুৱা হৈয়ো থমকি নৰল! কিন্তু উৰোতে উৰোতে যে সিহঁত নিজৰ মূলৰ পৰা বিচ্ছিন্ন হৈ ৰ’ল। শিপাইহে চিনি পায় নিজস্ব ভেটি; ডেউকা মেলি নিজে গঢ়ি লোৱা একোখন আকাশত উৰি থাকোতে সিহঁতে নিজৰ আত্মীয়-স্বজন আৰু ক্ৰমাৎ নিজৰ পৰাও যে বিচ্ছিন্নহৈ পৰিল।
কেইবামহলীয়া কানন এপাৰ্টমেণ্টতকৈয়ো ওখ কাষৰ গছজোপাত এইজাক ধুমুহা-বৰষুণত কেইবাটাও চৰায়ে আহি আশ্ৰয় লৈছেহি। ডেউকা মেলি উৰি ফুৰিলেও এই বিপদত চৰাইকেইটাই গছডালতেই আশ্ৰয় ল’বলগীয়া হ’ল। বিৰিখৰোতো থাকে আকাশ চোৱাৰ হেঁপাহ। কিন্তু বিৰিখৰ শিপা থাকে, নিজৰ পৰা বিচ্ছিন্ন নহয় বাবে বিৰিখে সকলোকে আশ্ৰয় দিব পাৰে। অণুৰণ আৰু কাজৰি সপোনৰ সন্ধানত উৰি ফুৰা চৰাইহে হ’ল, বিৰিখ হৈ কাৰোৰো বাবে আশ্ৰয়ৰ, নিৰাপত্তাৰ স্থল হ’ব নোৱাৰিলে! তথাপিও, জীৱন থমকি নৰয়, ৰণ-কাজৰি দুয়ো জীৱনত আগুৱাই যাবই লাগিব। সূৰ্যাস্ত মানেই জানোঁ অন্ত! নহয়, ই এক নতুন পুৱাৰ প্ৰতিশ্ৰুতি, শেষ হৈয়ো শেষ হ’ব নোখোজা ই এটি সুৰীয়া কবিতা।