অতিথি সম্পাদকৰ চ'ৰাপঞ্চম বছৰপঞ্চম বছৰ (দ্বিতীয় সংখ্যা)

অতিথি সম্পাদকৰ কলম-(মীনাক্ষী বৰুৱা)

“যুক্তি বিকাশ সমিতি, অসম”ৰ অনলাইন আলোচনী “মুক্ত চিন্তা”ৰ পঞ্চম বৰ্ষৰ দ্বিতীয় সংখ্যাৰ “অতিথি সম্পাদকৰ চ’ৰা” শিতানৰ অতিথি সম্পাদকৰ দায়িত্ব পালন কৰিবলৈ পাই গৌৰৱবোধ কৰিছোঁ। আলোচনীখনৰ উচ্চ মানদণ্ডৰ কথা ভাবি প্ৰথমে এই দায়িত্ব গ্ৰহণ কৰিবলৈ যথেষ্ট ভয় খাইছিলোঁ। পিছত সম্পাদনা কক্ষৰপৰা পোৱা সাহস আৰু উৎসাহে কামটো সুকলমে সম্পন্ন কৰাত সহায় কৰিলে।

দায়িত্ব গ্ৰহণৰ পিছত, উক্ত সংখ্যাৰ বাবে এটা বিষয় বাছি লৈছিলোঁ- “বিজ্ঞানমনস্কতাৰ তাৎপৰ্য আৰু ইয়াৰ প্ৰসাৰৰ বাস্তৱসন্মত উপায়”। এই বিষয়টো এইবাবেই বাছি লৈছিলোঁ যে, সেইখিনি সময়ত অসমৰ আকাশ-বতাহ ওদালগুৰি জিলাৰ বিজ্ঞান শিক্ষক এজনৰ ঘৰত সংঘটিত হ’বলৈ ধৰা নৰবলিৰ ঘটনা এটাৰে তোলপাৰ লাগি আছিল। সকলোৰে মুখে মুখে এটাই প্ৰশ্ন উত্থাপিত হৈছিল, বিজ্ঞান শিক্ষকৰ ঘৰত এনে এটা ঘটনাৰ আয়োজন কেনেকৈ হ’বলৈ পালে? ঘটনাটোতকৈও গৃহস্থ যে বিজ্ঞান শিক্ষক এই কথাটোহে মুখ্য হৈ পৰিছিল।

মনত প্ৰশ্ন জাগিছিল, বিজ্ঞানমনস্কতা পাঠ্যক্ৰমৰ বিজ্ঞান শিক্ষাৰ ওপৰতে নিৰ্ভৰশীল নেকি? যদি সেয়ে হয়, বিজ্ঞানৰ উচ্চ শিক্ষাৰে শিক্ষিত ডাক্তৰ ইঞ্জিনিয়াৰে হাতৰ আঙুলিত বিভিন্ন ৰত্নখচিত আঙঠি পিন্ধে কিয়? জ্যোতিষশাস্ত্ৰৰ ওচৰত ভৱিষ্যতৰ সন্ধান কৰে কিয়? গ্ৰহদোষ খণ্ডনৰ বাবে পূজা-পাতল, বলিবিধান মানে কিয়? কাৰ্য আৰু কাৰণ সম্পৰ্কে সূক্ষ্ম পৰ্যবেক্ষণৰ বাবে বিজ্ঞানৰ যি জ্ঞানৰ প্ৰয়োজন, সেই জ্ঞান পাঠ্যক্ৰমে আমাক দিব নোৱাৰে নে আমি সেই শিক্ষা গ্ৰহণ কৰিবলৈ প্ৰস্তুত নহয়? পুৰণি ধ্যান ধাৰণাসমূহক খামুচি থকাৰ আমাৰ ইমান চখ কিয়? ডাইনীৰ সন্দেহ, বেজ-বেজালি, তন্ত্ৰ-মন্ত্ৰ‌ৰ পৰিণতি যেতিয়া হত্যা বা মৃত্যু হয়, তেনে সময়তে এনেকুৱা অলেখ প্ৰশ্ন‌ই মনত জুমুৰি দি ধৰে। এইবোৰৰপৰা উদ্ধাৰৰ পথ আমাৰ দেশত যুগে যুগে ৰুদ্ধ।

ৰাইজৰ সেৱক, দেশৰ শাসনকৰ্তাসকলে বিজ্ঞানৰ জ্ঞানক নস্যাৎ কৰি যেতিয়া নিতৌ ন ন পূজা-পাতলত মগ্ন হৈ থাকে, সাধাৰণ প্ৰজা বিভ্ৰান্ত হোৱাই স্বাভাৱিক। কেতিয়াবা আকৌ মনত ওলোটাকৈও প্ৰশ্ন জাগে, এইবোৰ কৰি যদি কোনোবাই সামান্য মানসিক শান্তি লাভ কৰিব পাৰিছে, দুঃশ্চিন্তাৰপৰা নিজকে উদ্ধাৰ কৰিব পাৰিছে, তেনেহ’লে ইয়াক মানি চলাত বাধা কি?

বাধা নিশ্চয় আছে। শিক্ষিত আৰু শাসকীয় পক্ষৰ কৰ্ম‌ই অশিক্ষিত জনগণৰ জীৱন প্ৰণালীত প্ৰভাৱ পেলায়। শিক্ষিত সকলে নিজকে সুৰক্ষিত অৱস্থাত ৰাখি, কেৱল মানসিক শান্তি বিচাৰি অন্ধবিশ্বাস পালন কৰে। অশিক্ষিতসকলে অন্ধবিশ্বাসৰ বলি হৈ নিজৰ আৰু সমাজৰ বহু অনিষ্ট সাধন কৰে। সমাজ এখন বিপথে পৰিচালিত হোৱাৰ পৰা ৰক্ষা কৰাৰ দায়িত্ব যদি শিক্ষিত সকলে নলয়, কোনে ল’ব?
অৱশ্যে এইটোও সত্য যে, কেৱল বিজ্ঞান শিক্ষাৰ চাৰ্টিফিকেটে বৈজ্ঞানিক দৃষ্টিভংগী গঢ়ি তুলিব নোৱাৰে। এই ক্ষেত্ৰত পৰিৱেশৰ প্ৰভাৱ অন্যতম। ঘৰখনত বা সমাজখনত দেখি দেখিয়ে এটি শিশুৱে নিজৰ ভৱিষ্যৎ জীৱন গঢ়ি তোলে। চকু মুদি পুৰণি পৰম্পৰা গ্ৰহণ কৰা ঘৰ এখনৰ শিশুক কোনো চাৰ্টিফিকেটে বিজ্ঞানমনস্ক কৰি গঢ়ি তুলিব নোৱাৰে। কাৰণ আমাৰ সমাজে, আমাৰ পৰিৱেশে সেই সুযোগ নিদিয়ে। সৰু সৰু কথাবোৰতে বিজ্ঞান সোমাই থাকে। “মুখ লাগিব” বুলি নৱজাত শিশুৰ কপালত ক’লা ফোট পিন্ধোৱা, “সেইফালে নাযাবি”, “সিটো নুচুবি” বুলি অযুক্তিকৰ কথাত হকাবধা কৰা, তোলনি বিয়াৰ নামত ঘৰৰ এচুকত সাতদিন লুকুৱাই থোৱা- এইবোৰৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী। মন মুকলি আৰু শক্তিশালী নোহোৱালৈকে, মনত “কিয়” বুলি প্ৰশ্ন নজগালৈকে আমাৰ সমাজৰপৰা অন্ধবিশ্বাস নিৰ্মূল নহয়।

মই বিজ্ঞানৰ ছাত্ৰী নাছিলোঁ। এই অন্ধবিশ্বাস, কুসংস্কাৰবোৰৰ বিৰুদ্ধে বৈজ্ঞানিক যুক্তি প্ৰদান কৰাৰ ধৃষ্টতা নকৰোঁ। বিষয়টোৰ ওপৰত আলোকপাত কৰিবলৈ যিসকল জ্ঞানী আৰু প্ৰতিভাৱান ব্যক্তিৰ সহায় বিচাৰিছিলোঁ, তেখেতসকলৰ কোনেও নিৰাশ নকৰিলে। তেওঁলোক আটাইলৈকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। তদুপৰি গোটৰ জৰিয়তে কৰা অনুৰোধ মৰ্মেও কেইবাটাও গুৰুত্বপূৰ্ণ লেখা গোট খালে। মূল্যবান লেখাৰে চ’ৰাটোৰ মৰ্যাদা বৃদ্ধি কৰা প্ৰতিজন লেখকৰ ওচৰত মই ঋণী হৈ ৰ’লো। লেখাসমূহৰ ভুলভ্ৰান্তি চাই দিয়াকে আদি কৰি ইউনিকোড কৰা আৰু বিভিন্ন দিহা পৰামৰ্শৰে সহায়-সহযোগিতা আগবঢ়োৱা “মুক্ত চিন্তা”ৰ কৰ্মীবৃন্দলৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
মুক্তচিন্তা অনলাইন আলোচনী পঢ়ুৱৈৰ যুক্তি বিকাশ আৰু সমাজ সংস্কাৰৰ বাটকটীয়া হৈ ৰ‌ওক। শুভেচ্ছাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *