গল্প-কবিতা

অশৈল্পিক-(বিথীকা হাজৰিকা)

চোঁচৰাই নিয়া ভৰি হালৰ বুকু শালি নিয়া কান্দোনটো
চুঁচৰি চুঁচৰি মৃতপ্ৰায় হোৱা দুটা ৰুটিৰ স্বপ্নত ৰৈ যায়

ৰে’লৰ আলিত চেপেটা লাগি ধাতুৰ কাগজ হোৱা
মুদ্ৰাৰ কি দাম অজগৰে জানে
জীৱনটোত নিজৰ বাবে হ’ব নোৱাৰিলি মুদ্ৰা অজগৰৰ বাবে মুদ্ৰাৰ পাহাৰ গঢ়িলি
তাতে পৰি অজগৰে সংসাৰ পাতে
সংসাৰ বঢ়ায়
গোটে গোটে তোকে খায়
তই ভৰিৰ পৰা ডিঙিলৈকে সোণ পিন্ধিবলৈ কাহানীও অজগৰক মতাই অনা নাই

দুখন ৰুটিলৈকেহে গুঠিব পাৰ তই স্বপ্নৰ মায়াজাল
তাৰ ওপৰত ভাবিবলৈ
তোক আয়ে শিকোৱা নাই
বোপায়ে শিকোৱা নাই
শিকোৱা নাই পৰম্পৰাই

আকাশেদি ভাহি যোৱা জাহাজবোৰ
পথেদি উৰি যোৱা মৰম লগা গাড়ীবোৰ
পাৰ্কত খেলি থকা দেৱশিশুবোৰ তই মূৰ তুলি
ডিঙি মেলি চাবৰ বাবেহে
হাতমেলি পাবৰ বাবে ক’ত আছে তোৰ ঔকাদ

ৰে’লৰ উকিবোৰহে তোৰ
ৰে’লবোৰ নহয়
দহে কয়
ৰে’লৰ আলিতনো শোৱেনে
সেইকণ মছলাও মূৰত নাই

সন্তান জন্মদিবলৈকো ৰাজপথটোকে পালি
দুভৰিয়ে টানি টানি লৈ যায় তোক
মৰি মৰি জী থকা ভোক এটাত তুলি

ভাতৰ বাদে আন সপোন দেখিব নিশিকিলি বাবেই
দুখক দুখ বুলি ভাবিব নাজানিলি বাবেই
মোৰ দৰে লাজে-অপমানে মৰি যাব নিশিকিলি বাবেই
স্বপ্নবোৰ এসাজ ভাততে শেষ হয় বাবেই
তই শিল্প হ’ব নোৱাৰিলি
আটাহ এটাহে হ’লি

একাঁহি ভাত
দুটা ৰুটিতে শেষ তোৰ সপোন
তথাপি পৰম্পৰা ভাঙি চিকুণ টোপনি তচনচ কৰি তোক মই সপোনত দেখোঁ
গজাল মাৰি আঁৰি দিও আখৰত
অশৈল্পিক উদ্ধত মোৰ সপোন

Leave a Reply

Your email address will not be published. Required fields are marked *