শিল্প-কলা-সংস্কৃতি

অসম আৰু বংগৰ সংস্কৃতিৰ পথাৰ জীপাল কৰা সংগীত-প্ৰাণ – (ড০ পৰমানন্দ মজুমদাৰ)

সংগীত সূৰ্য ভূপেন হাজৰিকা অসমীয়া আৰু বাংলা দুটা ভাষাক সুৰ আৰু কণ্ঠেৰে সমানে জীপাল কৰা শিল্পী। তেওঁৰ সুৰ, কথা আৰু কণ্ঠৰ লহৰে তেওঁক দুই ভাষাৰ জনজীৱনৰ ওচৰ চপাই নিছে। আমেৰিকাৰ পৰা অহাৰ পাছত তেওঁ সৃষ্টি কৰা নতুন গীতৰ মুৰ্চ্ছনা একে সময়তে দুই ভাষাতে আৰম্ভ হৈছিল। বহুতে ভবাৰ দৰে বাংলাত পাছৰ কালত নহয়। তেওঁৰ নতুন লহৰৰ সুৰে বংগৰ শিল্পীসমাজক বৰকৈ আকৰ্ষণ কৰিছিল। বংগৰ প্ৰায়বোৰ যশস্বী শিল্পীয়ে তেওঁৰ সুৰত গীত গাবলৈ আগবাঢ়ি আহিছিল। ই ভূপেন হাজৰিকাৰ বাবে আছিল পৰম প্ৰাপ্তি। কাৰণ এই যাত্ৰাত তেওঁ অসমত নানা বিতৰ্কৰ সন্মুখীন হ’ব লগা হৈছিল। কিন্তু এই বিতৰ্কই তেওঁক বিচলিত কৰা নাছিল, বৰং কৰিছিল প্ৰচণ্ড জেদী। সেয়ে তেওঁৰ প্ৰতিভাৰ স্ফুৰণেৰে এলানি গীত ৰচি গৈছিল আৰু বংগৰ সংস্কৃতিৰ পথাৰখনো তেওঁৰ সংগীতেৰে চহাবলৈ পাই তেওঁ নিশ্চয় সকাহ পাইছিল।

ভূপেন হাজৰিকা বংগলৈ নিগাজিকৈ যাব লগা হোৱাৰ কাৰণ আছিল কেইবাটাও। আমেৰিকাৰ পৰা অহাৰ পাছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে যোগদান কৰিছিল। তেওঁ অধ্যাপকৰ পদ এৰিব লগা হৈছিল–তেওঁৰ সন্মানত বিশ্ববিদ্যালয়ে আঘাত হনা বাবে। ১৯৫৫ চনত ফিনলেণ্ডৰ হেলচিংকিত হোৱা বিশ্বশান্তি সন্মিলনলৈ যোৱা ভাৰতীয় শিল্পী সাহিত্যিকৰ দলটিত  ভূপেন হাজৰিকাও আছিল। উভতি আহোঁতে তেওঁ ৰাছিয়া ভ্ৰমণ কৰিছিল। বিশ্ববিদ্যালয়ে অসমৰ পৰা যোৱা এগৰাকী অধ্যাপক তথা প্ৰতিভাশালী যুৱক শিল্পী হিচাপে তেওঁক তাৰ বাবে সন্মান জনাব লাগিছিল, কিন্তু তাকে নকৰি তিনিদিন পলমকৈ অহা বাবে বিশ্ববিদ্যালয়ে তেওঁৰ দৰমহা কাটিছিল, তাকো আগতীয়াকৈ দেউতাকৰ হতুৱাই খবৰ দিয়া সত্ত্বেও। তেওঁ অহাত পলম হোৱাৰ কাৰণটি আছিল–ইতিমধ্যে হাতৰ ধন শেষ হৈছিল কাৰণে দিল্লীৰ পৰা ৰেলেৰে উভতিব লগা হৈছিল। গুৱাহাটী পোৱাৰ পাছত তেওঁক ভৱানন্দ দত্তৰ সভাপতিত্বত হোৱা এখন ৰাজহুৱা সভাইহে সম্বৰ্দ্ধনা জনাইছিল।

বিশ্ববিদ্যালয়ে তেওঁৰ দৰমহা কাটিবলৈ সাহ কৰাৰ আঁৰত আছিল দুটা কথা: তাৰে এটা তেওঁৰ প্ৰতিষ্ঠান বিৰোধী স্থিতি। আনটো তেওঁৰ সম্প্ৰদায়গত পৰিচিতি। তাৰো আগতে আৰু এটা ঘটনা ঘটিছিল। আমেৰিকাৰ পৰা ঘূৰি আহিয়েই তেওঁ যি এলানি নতুন লহৰৰ গীত ৰচিছিল, তাত আছিল শাসক-শোষক শ্ৰেণীৰ প্ৰতি নিন্দা; আছিল প্ৰখৰ শ্ৰেণীগত দৃষ্টিকোণ; আছিল সামন্তবাদী সমাজ ভঙাৰ পণ; আছিল বৰ্ণবৈষম্য ভঙাৰ আৱেদন। সাংগঠনিকভাৱে তেওঁ ভাৰতীয় গণনাট্য সংঘৰ ৰূপান্তৰমুখী সাংস্কৃতিক কাৰ্যসূচীত মুকলিভাৱে অংশগ্ৰহণ কৰিছিল। সংঘৰ বৈপ্লৱিক আদৰ্শৰ সৈতে একেটা সুৰত বান্ধি লৈ সৃষ্টি কৰা তেওঁৰ এলানি গীতে অসমীয়া আধুনিক সংগীতলৈ নতুন ঢৌ তুলিবলৈ সক্ষম হৈছিল। সমাজৰ এটা অংশই তেওঁৰ এই স্থিতি স্বীকাৰ কৰা নাছিল। তেওঁৰ নিন্দাবাদ কৰি নানা কাহিনী ৰচিছিল। ১৯৫৩ চনত লতাশিল বিহুতলীত তেওঁক গীত গাবলৈ দিয়া হোৱা নাছিল। আনকি অসমৰ আন দুখনমান ঠাইতো তেওঁৰ গীতৰ অনুষ্ঠান বন্ধ কৰি দিয়াৰ বাতৰি পুৰণি কাকতত পোৱা যায়। ভূপেন হাজৰিকাই লিখা মতে বিষ্ণু মেধি চৰকাৰেও দুবছৰৰ বাবে তেওঁৰ গান বন্ধ কৰি দিছিল। ইয়াৰ লগে লগে আৰু এটা বিতৰ্ক আৰম্ভ হৈছিল। প্ৰণালীবদ্ধভাৱে এটা শক্তিয়ে তেওঁৰ পি এইচ ডি ভুৱা বুলি প্ৰচাৰ কৰিছিল, যাতে তেওঁৰ চাকৰিটো যায়। সেয়ে এই কথা মনলৈ আহে: তেওঁ যদি বৰ্ণহিন্দু সম্প্ৰদায়ৰ লোক হ’লহেঁতেন এনেদৰে তেওঁৰ প্ৰতিভা আৰু ব্যক্তিত্বত আঘাত হানিব পাৰিলেহেঁতেননে? অথবা বিশ্ববিদ্যালয়েও তিনিটা দিনৰ দৰমহা কাটিবলৈ সাহস কৰিব পাৰিলেহেঁতেননে?? (অৱশ্যে তেওঁ কলকাতা পোৱাৰ পাছত বিৰিঞ্চি কুমাৰ বৰুৱাই বিশ্ববিদ্যালয়ৰ হৈ তেওঁক চিঠিৰে জনাইছিল যে “তুমি ভৱিষ্যতৰ ভাইছচেঞ্চলাৰ, উভতি আহা।” কিন্তু সেই আহ্বান তেওঁ প্ৰত্যাখ্যান কৰিছিল।)

এইবোৰ সামাজিক প্ৰশ্ন এৰি থৈ তেওঁৰ বংগৰ সমাজখনত তেওঁ প্ৰাণ ঢালি দিয়াৰ উৎস আমি বিচাৰি উলিয়াব নোৱাৰিম। অসমৰ মাটি, বায়ু, পানীৰে সংপৃক্ত তেওঁৰ গান, কিন্তু এইকথাও সঁচা যে বংগৰ মাটি, বায়ু, পানীৰ লগতো তেওঁৰ প্ৰাণৰ সংযোগ ঘটিছিল–নহ’লে ইমান প্ৰাণস্পৰ্শৰে তেওঁ বাংলাত কণ্ঠ নিগৰাব নোৱাৰিলেহেঁতেন। কেৱল বাণিজ্যিক কাৰণত তেওঁ বাংলাত গাইছিল বুলি ভাবিলে ভুল হ’ব। তেওঁক উষ্ম সহযোগ কৰিছিল হেমন্ত মুখোপাধ্যায়ে আৰু হেমাংগ বিশ্বাসে অনুপ্ৰাণিত কৰি কৈছিল যে কলকাতাত থাকিলে তেওঁৰ বিশ্বৰ দৰবাৰলৈ যাত্ৰা কৰাত সুবিধা হ’ব। হেমন্ত কুমাৰ মুখোপাধ্যায়ে তেওঁক মুম্বাইলৈ নি লতা মংগেছকাৰৰ লগত চিনাকি দিছিল, যাৰ বাবে ‘এৰাবাটৰ সুৰ’ত ‘জোনাকৰে ৰাতি’ গাবলৈ লতা ইচ্ছুক হোৱাই নহয় ভূপেন হাজৰিকাৰ সুৰৰ প্ৰতি আকৃষ্ট হৈ পৰিছিল। এই কথা ভূপেন হাজৰিকাই আত্মজীৱনীত উল্লেখ কৰিছে। বংগক তেওঁ দ্বিতীয় মাতৃভূমি হিচাপে গ্ৰহণ কৰিছিল। সেই হিচাপেই তেওঁ প্ৰাণ উজাৰি দিছিল বংগৰ সমাজখনক– বংগৰ এজন বাসিন্দা হৈ। তেওঁৰ ১৯৭৮ চনত ওলোৱা ‘আমি এক যাযাবৰ’ সেই বছৰত ভাৰতত বিক্ৰীৰ অভিলেখ স্থাপন কৰিছিল, যাৰ বাবে এইচ এম ভিয়ে তেওঁক বিশেষভাৱে পুৰস্কৃতও কৰিছিল। সেই ৰেকৰ্ডৰ কভাৰত তেওঁ এটা স্বীকাৰোক্তি দি থৈছে এনেদৰে–

“হৃদয়ে আমাৰ ৰবীন্দ্ৰনাথ, চেতনায় নজৰুল। যদিও আমাৰ মাতৃভূমি আসাম তুবুও শিল্পেৰ পবিত্ৰ-তীৰ্থ পশ্চিমবংগকে আমাৰ দ্বিতীয় মাতৃভূমি হিচাবে শ্ৰদ্ধাৰ সংগে গ্ৰহণ কৰে, ক’লকাতায় দীৰ্ঘকাল ধৰে বাস কৰেছি। ৰবীন্দ্ৰনাথ আৰ নজৰুলেৰ পুণ্য-পদাংক অনুসৰণ কৰে আমি গান গাই হৃদয় দিয়ে–কণ্ঠ দিয়ে নয়।”

বংগত ভূপেন হাজৰিকাৰ ব্যাপ্তি সত্তৰ আশীৰ দশকত ঘটিছে বা সেই সময়ত অসমীয়া গানবোৰৰ বাংলা ৰূপান্তৰ গাই বংগত ঢৌ তোলা বুলি কিছুমান লোকৰ মনত থকা যিটো ধাৰণা– তাৰ ভিত্তিও থুনুকা। ১৯৫৪ চনতে বাংলাত তেওঁৰ যাত্ৰাৰ আৰম্ভণি হৈছিল। এই বছৰতে গণনাট্যৰ উত্তাল তৰংগৰ গীত হিচাপে প্ৰচাৰ লাভ কৰা–’ঝক ঝক ৰেল চলে’ আৰু ‘মোৰ গায়েৰ সীমানায়’ গীত দুটি তেওঁ বাংলাত ৰেকৰ্ড কৰে। দুয়োটা নিজেই বাংলালৈ ৰূপান্তৰ কৰি গাইছিল তেওঁ। (এই দুটা গীতৰ বাবে এইচ এম ভিয়ে তেওঁলোকৰ এজন বিষয়াক চাকৰিৰ পৰা অব্যাহতি দিব লগা হৈছিল, কাৰণ তেওঁ ভূপেন হাজৰিকাৰ দেশদ্ৰোহী গান ৰেকৰ্ড কৰাইছে।)

‘এৰাবাটৰ সুৰ’ কৰাৰ এবছৰ পাছতে ১৯৫৭ চনত তেওঁ বাংলা ছবি ‘জীৱন তৃষ্ণা’ত সংগীত পৰিচালনা কৰে আৰু তাত ‘সাগৰ সংগমে’ গীতটো গায়, যিটো গোৱাৰ কথা আছিল হেমন্ত মুখোপাধ্যায়ে, কিন্তু হেমন্ত মুখোপাধ্যায়ৰ হেঁচাত তেওঁ নিজেই গীতটো ৰেকৰ্ড কৰে। কাৰণ হেমন্ত মুখোপাধ্যায় ‘এৰাবাটৰ সুৰ’ত ‘সাগৰ সংগমত’ গীতটো শুনি আপ্লুত হৈছিল, সেই গান তেওঁ গোৱা উচিত নহয় বুলি ভাবিছিল। ছবিখনত লতা, ভূপেন হাজৰিকাৰ সৈতে তেওঁ নিজেও ‘ৰ’দ পুৱাবৰ কাৰণে’ গীতৰ উপৰি ‘গুম গুম মেঘে গৰজিলে’ গীতটি ভূপেন হাজৰিকাৰ সৈতে গাইছিল। একে বছৰতে হেমন্ত মুখোপাধ্যায়ে ভূপেন হাজৰিকাৰ সৈতে বাংলাত ৰেকৰ্ড কৰা প্ৰসিদ্ধ গীত হৈছে– ‘গুম গুম মেঘে ওই গৰজায়’, আৰু ‘আঁকা বাঁকা এ পথেৰ’। এই গীতবোৰ সত্তৰৰ দশকত পুনৰ ভূপেন হাজৰিকাই নিজ কণ্ঠত বাংলাত ৰেকৰ্ড কৰিছিল।অসমীয়াত ‘সাগৰ সংগমত’ দ্বিতীয়বাৰ ৰেকৰ্ড নকৰিলে। অসমীয়াত তেওঁৰ কণ্ঠত ‘ঝক ঝক ৰেল চলে’, আমি শুনিবলৈ পোৱা নাই। হয়তো নিষেধাজ্ঞাৰ কাৰণে অসমীয়াত ৰেকৰ্ড কৰা নহ’ল। অসমত নিন্দাবাদৰ কবলৰ পৰা মুক্ত হৈ বংগত ভৰি থোৱাৰ পাছত বংগৰ শিল্পীসমাজে তেওঁক মৰম আৰু শ্ৰদ্ধাৰে ওপচাই দিছিল।

প্ৰথম দশটা বছৰতে তেওঁৰ সুৰত গীত গাবলৈ  যিসকল যশস্বী শিল্পী আগবাঢ়ি আহিছিল, সেইসকল হ’ল– হেমন্ত মুখোপাধ্যায়, লতা মংগেছকাৰ, শ্যামল মিত্ৰ, মান্না দে, নিৰ্মলা মিশ্ৰ, ৰুমা গুহ ঠাকুৰতা, তৰুণ মুখোপাধ্যায়, ইলা বসু, আলপনা মুখোপাধ্যায়, উৎপলা সেন, দ্বিজেন মুখোপাধ্যায়, সুবীৰ সেন, ধনঞ্জয় ভট্টাচাৰ্য, প্ৰতিমা বন্দোপাধ্যায়, মানবেন্দ্ৰ মুখোপাধ্যায়, সতীনাথ মুখোপাধ্যায়, সবিতা চৌধুৰী,  শৈলেন মুখোপাধ্যায় আদি। আটাইকেইজনে ১৯৬৭/৬৮ লৈ একাধিক গান গাইছে।ইয়াৰ বেছিভাগৰে কথা পুলক বন্দোপাধ্যায়, পবিত্র মিত্ৰ আৰু শিৱদাস বন্দোপাধ্যায়ৰ। শ্যামল মিত্ৰ ‘সপ্তডিংগা মধুকৰ’, দ্বিজেন মুখোপাধ্যায়ৰ ‘বৰ ভয় ছিল যাবৰ বেলা’, তৰুণ মুখোপাধ্যায়ৰ ‘কাজললতা মেয়ে শোনো’, নিৰ্মলা মিশ্ৰৰ ‘সবুজ পাহাড় ডাকে’, মানবেন্দ্ৰ মুখোপাধ্যায়ৰ ‘চম্পক বনে অলি’, মান্না দেৰ ‘যেও না যদি যাও’, ইলা বসুৰ ‘এটি গল্প লিখো’, হেমন্ত মুখোপাধ্যায়ৰ ‘সত্যম শিবম সুন্দৰম’ আদি গীতবোৰে বংগত সুৰৰ এটা নতুন ঢৌ তুলিছিল। পাছলৈ তেওঁৰ সুৰত গোৱা শিল্পীসকল হৈছে– ঊষা মংগেছকাৰ, অনুপ ঘোষাল, সন্ধ্যা মুখোপাধ্যায়, আৰতি মুখোপাধ্যায়, আশা ভোচলে, অৰন্ধতী হোম চৌধুৰী, শ্ৰীধাৰা মুখোপাধ্যায়, ৰুলা লায়লা আদি। কিছু গান হুবহু ৰূপান্তৰ, কিছু অসমীয়াৰ ভাবানুবাদ। কিছু অসমীয়া সুৰটোৰ ভেটিত নতুনকৈ লিখা গীত। বেছিভাগ গীতৰ সৃষ্টি শিল্পীসকলৰ তাগিদাতে হৈছিল। লতাই যিকেইটা গাইছিল সেইকেইটাও লতাৰ তাগিদাতে হৈছিল। লতা আহিছিল কলকাতালৈ। ক’লে যে ভূপেন হাজৰিকাৰ সুৰত গীত গাইহে তেওঁ উভতি যাব। হাতত আছিল এদিন সময়। তেতিয়া পুলক বন্দোপাধ্যায়ে বাছি লৈছিল ‘পৰহি পুৱাতে’ গীতটোৰ সুৰটো। এখন ৰেষ্টুৰেণ্টত ভূপেন হাজৰিকা আৰু পুলক বন্দোপাধ্যায় বহি গীতটো প্ৰস্তুত কৰি পেলাইছিল। শুনা যায় কলকাতাত বাণীবদ্ধ কৰা এইটো লতাৰ প্ৰথম বাংলা আধুনিক গীত। এই সময়ছোৱাতে ভূপেন হাজৰিকাৰ একোটা অসমীয়া গানৰ সুৰত একাধিক বাংলা গীত সৃষ্টি  হৈছে। আনকি একেটা সুৰত তিনি চাৰিটা পৰ্যন্ত বাংলাত বিভিন্নজনে গাইছে। কোনোটোৰ গায়কীয়ে মূল অসমীয়াটোকো চেৰ পেলাইছে। ভূপেন হাজৰিকাই নিজে ‘বুকু হম হম কৰে’ গীতৰ ভেটিত  ‘চোখ চল চল কৰে’, ‘মেঘ থম থম কৰে’ –দুটা গীত গাইছে। প্ৰথমটোৰ কথাংশই হৃদয় চুই যায়। লতা মংগেছকাৰে ‘জোনাকৰে ৰাতি’ অসমীয়াত এবাৰেই গাইছে যদিও বাংলাত তেওঁ দুবাৰ ৰেকৰ্ড কৰিছে– প্ৰথমবাৰ অন্য কথাত আৰু দ্বিতীয়বাৰ অসমীয়াটোৰ হুবহু ৰূপান্তৰ গাই। অসমীয়া গীত এটিৰ সৃষ্টিৰ ওচৰা উচৰিকৈ সেই সুৰ বাংলাত জনপ্ৰিয় হৈ উঠিছিল। লতা মংগেছকাৰৰ ‘অস্ত আকাশে’, ৰুনা লায়লাৰ ‘গংগা আমাৰ মা’ আৰু আবেদা চুলতানাৰ ‘বিমূৰ্ত এই ৰাত্ৰি আমাৰ’– একেই ভূপেন হাজৰিকাৰ প্ৰাণস্পৰ্শৰে গোৱা গীতকেইটি আমি বাৰে বাৰে শুনো, মুগ্ধ হওঁ। অসমীয়াত তেনেকৈ প্ৰাণঢালি গোৱা শিল্পী কেইজন? তেনেদৰে হেমন্ত মুখোপাধ্যায়, শ্যামল মিত্ৰ, দ্বিজেন মুখোপাধ্যায়, সন্ধ্যা মুখাৰ্জী, সবিতা চৌধুৰী সকলোৱে আন্তৰিকাৰে তেওঁৰ গান ৰেকৰ্ড কৰিছে। ৰুমা গুহ ঠাকুৰতাই নিজে বাংলা ৰূপান্তৰ গোৱাৰ উপৰি দলগতভাৱে তেওঁৰ গীত পৰিৱেশন কৰি লণ্ডনত খলকনি তুলিছিল।

ক’বলৈ গ’লে ভূপেন হাজৰিকাৰ গান আৰু সুৰৰ ব্যাপ্তি অসমতকৈ দুই বংগত বহুত বেছি। অসমৰ গণনাট্য সংঘই ক’লকাতাত আয়োজন কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ শতবৰ্ষৰ অনুষ্ঠানত যোগদান কৰাৰ সৌভাগ্য হৈছিল। তাত ভূপেন হাজৰিকাৰ গীতৰ নৃত্যায়ণ দেখি অবাক হৈ গৈছিলোঁ। মুঠ নটি অনুষ্ঠানৰ পাঁচটিয়েই আছিল ভূপেন হাজৰিকাৰ গীতৰ ভেটিত যুগুতোৱা নৃত্য। সংগঠকক ইয়াৰ বাবে প্ৰশংসা কৰোঁতে তেওঁলোকৰ প্ৰত্যুত্তৰ শুনি বিস্ময়াভিভূত হৈ পৰিলোঁ। তেওঁলোকে ক’লে, “এয়া যি আপুনি দেখিছে সেয়া সাধাৰণ মানৰ। তেওঁৰ গীতৰ নৃত্য ৰূপ দিয়া প্ৰথম শ্ৰেণীৰ শিল্পীদল গাঁৱে ভূঁয়ে ভৰি আছে।” অসমত সেইধাৰা প্ৰচলিত হোৱাই নাই বুলিব লাগে।

আৰু এটা কথা– বংগত তেওঁৰ গান আৰু সুৰত গাবলৈ শিল্পীসকল উবুৰি খাই পৰিছিল অসমত সেয়া দেখিছিলোঁ নে? ভূপেন হাজৰিকাই নিজে যাক গোৱাইছিল তাত বাদে অসমৰ শিল্পীয়ে তেওঁৰ গান সভাই সমিতিয়ে গোৱা নাছিল। (মই তেওঁৰ সমসাময়িক সংগীতশিল্পীৰ কথা কৈছোঁ।) কোনো কোনোৱে বিৰোধহে কৰিছিল। কিন্তু বংগত ইয়াৰ ৰূপ আছিল ওলোটা। অৱশ্যে তাতো আশীৰ দশকত অসমৰ আঁচোৰ পৰিছিল। তেওঁৰে সহযোগী এজনে আশীৰ দশকত তাতো ‘ভুৱা পি এইচ ডি’ৰ প্ৰসংগ উলিয়াইছিল। এনে অপপ্ৰচাৰ ব্যৰ্থ হোৱাৰ পাছতো অসমত ষাঠিৰ দশকত আৰু এপাত শেল ভূপেন হাজৰিকালৈ দলিওৱা হৈছিল। সেয়া হ’ল– তেওঁৰ সুৰবোৰ হেনো নকল! অথচ ভূপেন হাজৰিকাই নিজকে সদায় সুৰ বুটলা মানুহ বুলিহে কৈছিল। তেওঁ সজ্ঞানে দেশ বিদেশৰ সুৰ আত্মস্থ কৰি লৈছিল। তেওঁৰ বহু গীতৰ স্থায়ীটো বিদেশী গীতৰ সুৰৰ পৰা লোৱা অন্তৰা আগবঢ়াৰ লগে লগে তেওঁৰ গীতে আপোন মাটিৰ সুৰৰে সিক্ত হৈ এক অনন্য ৰূপ লয়। তেওঁৰ নিজৰ শৈলীৰ মহত্ব তাতেই। ‘বিস্তীৰ্ণ পাৰৰে’ গীতটোৰ সেই মহত্বৰ কথা বি বি চিয়ে শ্ৰদ্ধাৰে সুঁৱৰিছে। মূল Old man river গীতটো দেশে দেশে বেলেগ বেলেগ শিল্পীৰ হাতত বেলেগ বেলেগ ৰূপ পাইছে। মূল গীতটো ভাৰতত ভূপেন হাজৰিকাই যে নতুন ধৰণে এটা ‘প্ৰোটেষ্ট চঙ’লৈ ৰূপান্তৰিত কৰিছিল, সেই কথা বি বি চিয়ে বিশেষভাৱে উল্লেখ কৰিছে। গানটোক তেওঁ লুইতৰ পাৰতে আবদ্ধ হৈ থাকিবলৈ নিদি গংগাৰ দুপাৰলৈ লৈ গৈছিল। বি বি চিয়ে তেওঁৰ ‘মানুষ মানুষেৰ জন্যে’ বাংলালৈ ৰূপান্তৰিত গীতটো শ্ৰেষ্ঠ গীত হিচাপে বাছিছিল, যিটোৰ সুৰৰ ভেটি গঢ়ি উঠিছিল আফ্ৰিকাৰ লোকসংগীতৰ আধাৰত‌। সাৰেগামাই তেওঁৰ সুৰ লৈ কৰা গীতি আলেখ্য weekend classic radio show ত উল্লেখ কৰিছে। (১৯৫৭ ত তৰুণ মুখোপাধ্যায়ে গোৱা ‘কে জানো বলবে আমায়’ –সেই সুৰতে ১৯৬০ চনত ভাষা-সংঘাতৰ সময়ত ‘মানুহে মানুহৰ বাবে’ সৃষ্টি হৈছিল।)

শ্ৰদ্ধেয় হীৰেন গোহাঁই ছাৰে এটা লেখাত উল্লেখ কৰিছে যে বামফ্ৰণ্ট চৰকাৰৰ সময়ত বংগত তেওঁৰ প্ৰভাৱ বৃদ্ধি হ’ল কিন্তু তেওঁ তাত নতুন গান সৃষ্টি কৰিব পৰা নাছিল আৰু বংগৰ সমাজৰ পৰা প্ৰেৰণাও পোৱা নাছিল। তেওঁ অসমীয়া গানবোৰৰ মাথোঁ বাংলা ৰূপ দিছিল। ছাৰে  আৰু লিখিছে, বাঙালী শ্ৰোতাই মূল অসমীয়া গানটোৰ কথা নাজানিছিল। সত্তৰ-আশীৰ দশকত বংগত ভূপেন হাজৰিকাৰ সংগীত যাত্ৰাই শীৰ্ষস্থান পাইছিল সেয়া সঁচা, মেণ্ডেলা আহোঁতে তেওঁক আদৰণি জনাবলৈ বামফ্ৰণ্ট চৰকাৰে ভূপেন হাজৰিকাকে মূল দায়িত্ব দিছিল আৰু সেই উপলক্ষে তেওঁ লিখিছিল ‘জিন্দাবাদ মেণ্ডেলা’ গীতটি। পাছত অসমীয়াত গীতটো ৰেকৰ্ড কৰে। এই সময়তে বংগৰ মাটি, বায়ু, পানীৰে জীপাল বহু গান তেওঁ গাইছে। তেওঁৰ ভাবনাক সাকাৰ ৰূপ দিছে শিৱদাস বন্দোপাধ্যায়ে। তেওঁৰ বাবে লিখিছে গৌৰীপ্ৰসন্ন মজুমদাৰে। গাইছে উদাত্ত কণ্ঠেৰে কেইবাটাও সংগ্ৰামী ঐতিহ্যৰ গান। এইবোৰৰ বেছিভাগৰে তেওঁৰ অসমীয়া গানৰ লগত সম্পৰ্ক নাই। তেওঁৰ বিখ্যাত ‘গংগা মোৰ মা’  ‘মই আহিছোঁ’ বাংলাৰ ৰূপান্তৰহে। তেওঁৰ আন বাংলা গীতৰ ভিতৰত আছে– ‘ও মালিক সাৰা জীৱন’, ‘বেহুলা বাংলা’, ‘না প্ৰেমেৰ গল্প না, হৰিপদ নামে কেৰাণীৰ কথা’, ‘একটু গেলেই অথই সাগৰ’, ‘অ নদীৰে অ ভাগীৰথীৰে’, ‘এক বাও মেলেনা’, ‘আমি ভালোবাসি মানুষকে’, ‘নদীৰ নাম ভালোবাসা’, ‘ৰংগিলা নাওৰে উজান বাতাসে’, ‘দিগন্ত ছাড়িয়ে তেপান্তৰে’, ‘সীমা চোৰে যায়’, ‘এখানে বৃষ্টি’, ‘লণ্ডন যাবো হাওয়ায় গাড়ীতে’, ‘শৰৎবাবু খোলা চিঠি দিলাম তোমাৰ কাছে’ আদি। এইবোৰৰ বাংলাৰ মাটি পানীৰে সিক্ত, বাংলাৰ জনজীৱনৰ দুখ-বঞ্চনাৰ কাহিনী আৰু সমাজ ৰূপান্তৰৰ চেতনাৰে মুখৰ। হৰিপদ কেৰাণীৰ দুখ-যন্ত্ৰণাৰ বৰ্ণনা ‘পানৈৰ পোনাকণ’ৰ দৰেই মৰ্মস্পৰ্শী। গীতবোৰ বংগত জনপ্ৰিয়। ‘ও মালিক’, ‘বেহুলা বাংলা’ৰ গায়কীয়ে আমাৰ মনত দোলা দি যায়। তেনেদৰে কলকাতা আৰু বংগৰ ঐতিহ্যক ধিয়াই গোৱা ‘এ চহৰ প্ৰান্ত, কলকাতা প্ৰান্ত’, ‘সবাৰ হৃদয়ে ৰবীন্দ্ৰনাথ’ অসমীয়া গীতৰ সুৰৰ ভেটিত ৰচিত গীত দুটিও অতি জনপ্ৰিয়। এই সময়ত বাংলাত প্ৰাণঢালি গোৱা সংগ্ৰামী ঐতিহ্যৰ কেইটিমান গীত হৈছে– ‘আমৰা কৰবো জয় ‘, ‘হঠাৎ যদি পৃথিবী স্তব্ধ হৈয়ে যায়’, ‘তিস্তাৰ পাৰ ভেঙে’, ‘ইতিহাস আমি ইতিহাস’ ‘কৃষ্ণ কায়া আফ্ৰিকা মোৰ’, ‘এ কোন ভাৰতবৰ্ষে আমৰা আসি’, ‘আগুন ঝড়ছে কবিতাৰ সংসাৰে’, আদি বংগত বিপুলভাৱে সমাদৃত গান। ‘তিস্তাৰ পাৰ’ ১৯৯৪ চনত তেওঁৰে সংগীত পৰিচালিত ছবিৰ গান। এটা উদাত্ত কণ্ঠৰ গান, গানটোৱে অসমৰ গণনাট্যৰ সময়ৰ সৃষ্টিলৈ মনত পেলাই দিয়ে। ‘ইতিহাস’ গীতটোৰ সন্দৰ্ভত তেওঁ লিখিছে– “ইতিহাস কথা বলে; ফৰাসী বিপ্লবেৰ আগে বিখ্যাত দাৰ্শনিক টমস্ কাৰ্লাইল বলেছেন, ‘In the midst of Plethoric Plenty People Perished’– ইতিহাসেৰ পুৰনো পাতাৰ ধূলো-জামা কালো অক্ষৰ কখনো জীবন্ত হয়ে উঠে স্মৰণ কৰিয়ে দেয়, ৰোম পুড়ছে আৰ সম্ৰাট নীৰো বাজিয়েছেন বেহেলা। ফৰাসী সম্ৰাজ্ঞী ক্যাথাৰিন ক্ষুতাৰ্ত মানুষেৰ দিকে অবজ্ঞা ভৰে, ছুড়ে দিয়েছেন ছেড়া–ৰুটিৰ বদলে ‘আপেল’। ইতিহাস তাদেৰ ক্ষমা কৰেনি। সেই সত্যকে সুৰেৰ মাধ্যমে প্ৰকাশ কৰতে চেয়েছি শিবদাস বন্দোপাধ্যায়েৰ ইতিহাস নিৰ্ভৰ ৰচনা–’ইতিহাস, আমি ইতিহাস জ্বলন্ত ইতিহাস।”

অসমীয়াত তেওঁ সেইবোৰ গোৱা নাই। তদুপৰি তেওঁৰ বিখ্যাত গীত ‘ঝক ঝক ৰেল চলে’, ‘আজ মে’ দিন’ এইসময়তে দ্বিতীয়বাৰ বাংলাত ৰেকৰ্ড কৰিছে। অসমীয়াত ভূপেন হাজৰিকাৰ শ্ৰোতাই সেইবোৰ গীত পাহৰণিৰ গৰ্ভলৈ ঠেলি দিছে। তেওঁৰ বাংলালৈ ৰূপান্তৰিত গানবোৰ বংগৰ শ্ৰোতাই মূল উৎসৰ সম্ভেদ নাপায় বুলি কোৱা হয়। এই কথা শুদ্ধ নহয়। বাংলাত পোনতে ওলোৱা ই পি আৰু লংপ্লেয়িং ৰেকৰ্ডবোৰত তাৰ উল্লেখ স্পষ্টভাৱে আছে যিবোৰৰ যথেষ্ট বিক্ৰী হৈছিল আৰু দুই বংগতে সমাদৃত গানবোৰ। অৱশ্যে কেছেট আৰু চি ডিৰ যুগত সেইবোৰ উল্লেখ কৰোঁতে কিছু বিকৃতি ঘটিছে। পূৰ্বৰ ৰূপান্তৰ গৈ বহু গীত ‘কথা’ হৈছে।এনে বিকৃতি ভূপেন হাজৰিকাৰ জীৱন কালতে ঘটিছে।

বৰ্তমান সাৰেগামাই ইউটিউবত তেওঁৰ বাংলা গীতৰ যিবোৰ আলেখ্য কৰিছে তাত গীতবোৰৰ উৎস সবিস্তাৰে উল্লেখ কৰিছে, যিবোৰ ৬ নিযুতৰ অধিক লোকে শুনিছে। তেওঁৰ বাংলা গীতবোৰ নতুনকৈ ডিজিটেলাইজ কৰি প্ৰচাৰ কৰি সাৰেগামাই ইতিমধ্যেই ভাৰতৰ প্ৰধান সংগীতকাৰৰ মৰ্যাদা তেওঁক দিছে। শিৱদাস বন্দোপাধ্যায় আৰু পুলক বন্দোপাধ্যায়ৰ লগত সৃষ্টি হোৱা গীতৰ পৃথক আলোচনাও গীতৰ সৈতে সন্নিৱিষ্ট হৈছে। শ্ৰেষ্ঠ বাংলা গীতত তেওঁৰ গীত অন্তৰ্ভুক্ত হৈছে। তেওঁৰ এশটা নিৰ্বাচিত বাংলা গানো শ্ৰোতাই শুনিবলৈ পাইছে। এই আটাইবোৰে বিপুল প্ৰচাৰ লাভ কৰিছে। এই এশটাৰ লগত যদি আনে গোৱা তিনিকুৰিৰো অধিক গীত শুনো তেওঁৰ গানৰ বাংলাৰ প্ৰসাৰৰ ৰূপটো ধৰিব পাৰি। এতিয়া অসমীয়া গীতবোৰো সাৰেগামাই নতুনকৈ ডিজিটেলাইজ কৰিবলৈ লোৱা আমি শুনিছোঁ।

ভূপেন হাজৰিকাৰ গীত কেৱল সুৰৰ খেলা বুলি ভাবিলে ভুল হ’ব, যদিও তেওঁৰ একেটা সুৰত নানা গীত অন্য ভাষাত সৃষ্টি হৈছে। ভূপেন হাজৰিকাৰ গানত সুৰ আৰু কথা হাতত ধৰাধৰিকৈয়ে আগবাঢ়ে। সেয়ে সেই গানে চুম্বকৰ দৰে আকৰ্ষণ কৰে। ৰবীন্দ্ৰ সংগীতৰ মূল্যায়ন কৰি ভবানন্দ দত্তই কৈছিল, ৰবীন্দ্ৰ সংগীত সংগীতৰ ছন্দ নহয়, কথাৰ ছন্দ। ভূপেন হাজৰিকাৰ গীতো কথাৰ ছন্দ।

এটা বিখ্যাত গীতৰ সুৰ আনে ল’বই। ভূপেন হাজৰিকাইও লৈছে। আকৌ নিজৰ সৃষ্টিক নিজৰ ঠাইতে ৰৈ থাকিব দিয়া নাই। তাক ঘঁহি পিহি বাহিৰলৈ নিছে। ৰূপান্তৰ সদায় মূলৰ ওচৰত ৰখাটো এটা কঠিন কাম। তাৰ মাজতো বহু গানত শিৱদাস বন্দোপাধ্যায়, পুলক বন্দোপাধ্যায়, মন্টু মূখাৰ্জীয়ে বাংলাত আৰু গুজৰালে হিন্দীত মূলৰ ওচৰ চাপিবলৈ আন্তৰিক প্ৰয়াস কৰিছে। হেমাংগ বিশ্বাসে কৈছিল– ভূপেন হাজৰিকাই বাংলা গানৰ ধাৰা সলনি কৰিছিল। কথাষাৰ যে বাহুল্য নহয়, তেওঁৰ বাংলা গানখিনি একান্তভাৱে শুনিলেই ধৰিব পাৰি‌।

              

Leave a Reply

Your email address will not be published. Required fields are marked *