অসমীয়া ভাষাত বিদেশী শব্দৰ বানান – (খগেশ সেন ডেকা)
পৃথিৱীৰ সকলো ভাষাই আৱশ্যকবোধে আন ভাষাৰ পৰা শব্দ ধাৰ কৰে আৰু তাৰ জৰিয়তে নিজৰ শব্দ-ভাণ্ডাৰ চহকী কৰে৷ ইয়াৰ ভিতৰত কেতবোৰ বিদেশী শব্দও থাকে৷ এয়া কোনো নতুন কথা নহয়৷ কিন্তু আন ভাষাৰ শব্দ আৰু ভাষাৰূপ ধাৰ কৰাৰ ক্ষেত্ৰত উৎস ভাষাৰ (Source language) বৈশিষ্ট্যসমূহে যাতে লক্ষ্য ভাষাৰ (Target laguage) বা আন কথাত নিজৰ ভাষাৰ বৈশিষ্ট্য গ্ৰাস কৰি তাৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব নোৱাৰে সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি ভাষাৰ লোকসকল সদা সতৰ্ক হৈ থকা আৱশ্যক৷ বিদেশী শব্দৰ ক্ষেত্ৰতো এই কথা প্ৰযোজ্য৷ মনত ৰখা ভাল ‘পাছপ’ৰ্ট’ আৰু ‘ভিছা’ লৈ ফুৰা লোকসকলক ভিন দেশত বিদেশী বুলি গণ্য কৰা হয়৷ গতিকে শব্দ তথা ভাষাৰূপৰ ধাৰৰ ক্ষেত্ৰত ‘পাছপ’ৰ্ট’-‘ভিছা’ যিমান সোনকালে নোহোৱা কৰিব পাৰি নিজৰ ভাষাৰ পক্ষে সিমানেই মংগল৷ অৰ্থাৎ বিদেশী মূলৰ শব্দবোৰ ঘৰুৱা কৰি ল’ব পাৰিলে নিজৰে লাভ৷ উদাহৰণ হিচাপে চাহ, চেনি, ইস্কাপন, হৰ্তন, স্কুল, কলেজ, হাস্পাতাল, টাইম, টেবুল, কিতাপ, কাগজ, দৰ্খাস্ত, উকিল আদি শব্দলৈ আঙুলিয়াব পাৰি৷
পৃথিৱীত যিমানবোৰ ভাষা আছে সেইবোৰৰ ভিতৰত বিদেশীমূলীয় শব্দেৰে সবাতো চহকী হোৱা ভাষাটো হৈছে ইংৰাজী৷ বহু কাল পূৰ্বে গ্ৰেট ব্ৰিটেইনত বসবাস কৰিবলৈ যোৱা জাৰ্মান মূলীয় এংলো-ছেক্সনসকলৰ মূল ইংৰাজী ভাষাৰ শব্দ সংখ্যা আছিল তেনেই সীমিত; মাত্ৰ কেইটামান শব্দকে ইফাল সিফাল কৰি তেওঁলোকে দৈনন্দিন জীৱনৰ কাম-কাজ সম্পাদন কৰিছিল৷ বৰ্তমান কিন্তু ইংৰাজী ভাষা শব্দ-সম্ভাৰৰ দিশত বিশ্বৰ ভিতৰত আটাইতকৈ সমৃদ্ধ আৰু শক্তিশালী ভাষা হিচাপে পৰিগণিত৷ এয়া সম্ভৱ হৈছে ইংৰাজসকলৰ বিদেশী শব্দৰ, বিশেষকৈ গ্ৰীক, লেটিন আদি ভাষাৰ ‘পাছপ’ৰ্ট-ভিছা’ আঁতৰাই নিজস্ব ৰীতিৰে গ্ৰহণ কৰিব পৰা ক্ষমতাৰ বাবে৷ বিশ্বাস কৰিবলৈ টান হয় যে ইংৰাজী Sugar শব্দটো সংস্কৃত ‘শৰ্কৰা’ শব্দৰ পৰা আৰবীৰ মাজেৰে গৈ ইংৰাজীত সোমাইছে৷ ইংৰাজী ভাষাক সেইবাবেই বিদেশী শব্দ আত্মসাৎকৰণত পৃথিৱীৰ সকলো ভাষাৰ ভিতৰত একক আৰু অদ্বিতীয় বোলা হয়৷
ঘাইকৈ ব্ৰহ্মপুত্ৰ উপত্যকাত কথিত,: ভাৰতীয় আৰ্যমূলীয় অসমীয়া ভাষাটোতো বিভিন্ন সময়ত বিদেশী মূলৰ পৰা অহা অনেক শব্দৰ ব্যৱহাৰ লক্ষ্য কৰিব পাৰি৷ অধুনাপৰ্যন্ত প্ৰাপ্ত তথ্য অনুসাৰে অসমীয়া সাহিত্যৰ আদি কবি হেম সৰস্বতীৰ “প্ৰহ্ৰাদ চৰিত” পুথিত পোৱা আৰবী ‘নফৰ’ শব্দেৰেই অসমীয়া ভাষাত পোন প্ৰথম বিদেশী শব্দৰ আমদানি ঘটিছিল৷ তেতিয়াৰে পৰা যোৱা প্ৰায় সাত-আঠ শতিকা জুৰি অসমীয়া ভাষাত যিমানবোৰ বিদেশী শব্দ স্বদেশী হ’ল সেইবোৰৰ ভিতৰত সম্ভৱতঃ ইংৰাজী শব্দই সৰ্বাধিক৷ অসমীয়াত ইংৰাজী শব্দ-গ্ৰহণৰ এই সোঁত আজিও অব্যাহত আছে৷ ইংৰাজী অবিহনে আধুনিক অসমীয়া ভাষা যেন অচল৷ অসমীয়া ভাষাৰ বিদেশী মূলীয় শব্দৰ ক্ষেত্ৰত ইংৰাজীৰ পিছতে দ্বিতীয় স্থানত আছে আৰবী-ফাৰ্চীমূলীয় শব্দবোৰ৷ ব্ৰিটিছৰ শাসন আৰু সোতৰবাৰকৈ হোৱা মুছলমানৰ আক্ৰমণেই ইংৰাজী আৰু আৰবী-ফাৰ্চী শব্দৰ আধিক্যৰ ঘাই কাৰণ৷ অৱশ্যে ইংৰাজী ভাষাৰ শব্দ ব্ৰিটিছসকল অহাৰে পৰা আজিকোপতি নিৰৱচ্ছিন্ন গতিৰে আহৰিত হৈ আছে৷ কিন্তু তাৰ বিপৰীতে আৰবী-ফাৰ্চীকে ধৰি অন্যান্য বিদেশী শব্দৰ প্ৰৱেশ এতিয়া ৰুদ্ধপ্ৰায়৷
সি যি কি নহওক, অসমীয়া ভাষাত সোমাই পৰা এনেধৰণৰ বিদেশী শব্দবোৰৰ সৰহভাগ অসমীয়া ধ্বনিতত্ত্ব, ৰূপতত্ত্বৰ সৈতে মিলি ঘৰুৱা হৈ পৰিছে; আনহাতে, কিছুমানে এতিয়াও ‘পাছপ’ৰ্ট’, ‘ভিছা’ এৰিব পৰা নাই৷
অতীতত অসমীয়া বাক্যৰীতি আছিল সৰল৷ অনিয়মিত বাক্যৰ বাহিৰে জটিল বাক্যৰ ব্যৱহাৰ প্ৰায় নাছিল বুলিব পাৰি৷ আমেৰিকান মিছনেৰীসকলে পোনতে ইংৰাজীৰ অনুকৰণত দুটা ভিন্ন বাক্য ‘যে’=that লগ লগাই এটা বাক্য তথা জটিল বাক্য লিখাৰ এক নতুন নিয়ম কৰে৷ এই নিয়মক এতিয়া কোনেও বিদেশী বুলি নক’ব৷ কাৰণ এনে বাক্যত এতিয়া বিদেশী গোন্ধ কোনেও অনুভৱ নকৰে৷ ইংৰাজী ভাষাৰ এই বৈশিষ্ট্য এতিয়া অসমীয়া বাক্যৰীতিৰ সৈতে একাকাৰ হৈ পৰিল৷
বিদেশী মূলৰ পৰা অহা এনেধৰণৰ শব্দবোৰ মূলৰ উচ্চাৰণ অনুসাৰে লিখা হ’ব নে অসমীয়া উচ্চাৰণ মতে লিখা হ’ব, সেয়া এক মৌলিক প্ৰশ্ন৷ এই ক্ষেত্ৰত অসম সাহিত্য সভাকে ধৰি কৰ্তৃত্বশীল তথা শিক্ষাসদী সংস্থাসমূহে দুই-এটা সামান্য নিৰ্দেশ দিয়াৰ বাহিৰে অন্য কোনো বিশেষ নীতি অৱলম্বন কৰা দেখা নাযায়৷ ফলত সম্প্ৰতি এইবোৰ শব্দ যিয়ে যেনেধৰণে শুদ্ধ বুলি বিবেচনা কৰে তেনেদৰে লিখাটো প্ৰায় নিয়ম হৈ পৰিছে৷ ইংৰাজী শব্দৰ ক্ষেত্ৰত এনে ‘ব্যক্তিগত নীতি’-ৰ প্ৰয়োগৰ প্ৰকোপ আৰু অধিক চৰা৷ কোনো কোনোৱে নিজকে ইংৰাজী উচ্চাৰণৰ ওজা পুৰুষ (Expert) বুলি ভবাটোৱেই সম্ভৱতঃ তাৰ কাৰণ৷ একেটা ইংৰাজী শব্দৰে দহ/বাৰটা বানানৰ প্ৰচলন তাৰেই অমোঘ পৰিণতি৷ চেক্সপীয়েৰ/চেক্সপীয়াৰ/ছেক্সপীয়েৰ/পীয়াৰ/ছেক্ছপীয়েৰ/পীয়াৰ/শ্যেক্ছপীয়েৰ আদি ৰূপেই তাৰ প্ৰমাণ৷ এগৰাকী বিশিষ্ট লেখকে আকৌ ইমান দিনে চলি অহা ‘হেমলেট’ আৰু ‘ট্ৰেজেডি’ শব্দ দুটাক ‘হ্যামলেট’ আৰু ‘ট্ৰাজিডি’ কৰি ইংৰাজী মূলৰ ওচৰ চপাব খুজিছে ৷ তেখেতৰ প্ৰতি সমস্ত শ্ৰদ্ধা ৰাখিও কওঁ যে সকলো ভাষাই নিজৰ ধ্বনি-পদ্ধতিৰেহে আন ভাষাৰ শব্দ গ্ৰহণ কৰে৷ অসমীয়াত হ+্য-ৰ উচ্চাৰণ জ্য হয়, যেনে— সহ্য=সজ্য, বাহ্য=বাজ্য ইত্যাদি ৷ এতিয়া হ্যামলেটক চিনি নোপোৱা সাধাৰণ মানুহে তাৰ উচ্চাৰণ যদি জ্যামলেট কৰে, তাত আচৰিত হ’বলগীয়া কিবা থাকিব জানো ?
অসমীয়া ভাষাত শব্দৰ আদি অৱস্থানত ৱ, য় আৰু ঙ-ৰ উচ্চাৰণ নহয়৷ এই ধ্বনিকেইটাৰ আগত ক্ৰমে ও, ই আৰু উ লগাই উচ্চাৰণ কৰা হয়৷ এতিয়া আদি অৱস্থানত w, y থকা শব্দবোৰ ইংৰাজী শব্দবোৰ অসমীয়াত কেনেদৰে লিখা হ’ব সেয়াও এক চিন্তাৰ বিষয়৷ আগেয়ে william, washington, yanki, young, you আদি শব্দ ক্ৰমে উইলিয়াম, ওৱাছিংটন, ইয়াংকি, ইয়ুথ, ইয়ং, ইউ—এনেদৰে লিখা হৈছিল৷ এতিয়াও বহুতে নিজৰ ভাষাৰ উচ্চাৰণৰ ভিত্তিত তেনেদৰেই লিখি আছে৷ কিন্তু অতি সম্প্ৰতি অসমীয়া ধ্বনি-পদ্ধতিৰ পৰা সমূলি পৃথক ইংৰাজী উচ্চাৰণৰ অনুকৰণত কোনো কোনোৱে ৱিলিৱাম, ৱাচিংটন, য়াংকি, য়ুথ, য়ং, য়ু—এনেদৰে লিখিবলৈ লোৱা দেখা গৈছে৷ মনত ৰখা ভাল যে ইংৰাজী w আৰু y অৰ্ধস্বৰ (Semi-vowel), আনহাতে অসমীয়া ৱ আৰু য় বিজ্ঞাত শ্ৰুতিধ্বনি (Glide)-হে৷
ইংৰাজী face, tape, rail আদি শব্দৰ ক্ৰমে ফেইচ/ফেইছ/ফে’চ/ফেচ, টেইপ/টে’প/টেপ, ৰেইল/ৰে’ল/ৰেল আদি দুই-তিনিধৰণৰ বানান দেখিবলৈ পোৱা হৈছে৷ নিজৰ ভাষাৰ উচ্চাৰণ এৰি বা প্ৰচলিত লিখন ৰীতি এৰি নতুনকৈ উৎস ভাষাৰ মতেই উচ্চাৰণভিত্তিক বানান তথা লিপ্যন্তৰণ কৰিলে ইতিমধ্যে বহু সমস্যাৰে ভাৰাক্ৰান্ত অসমীয়া বানান ৰীতিত আৰু এক নতুন সমস্যাৰ সৃষ্টি হ’ব৷ এয়া নিশ্চয় কাৰোৱেই কাম্য নহয়৷ প্ৰসংগক্ৰমে উল্লেখনীয় যে ইংৰাজী আৰু অসমীয়া ভাষাৰ ধ্বনি-পদ্ধতিৰ বিস্তৰ প্ৰভেদ আছে৷ উদাহৰণস্বৰূপে ইংৰাজী ‘f’ দন্তৌষ্ঠ্য (Labio-dental) ধ্বনি৷ এই ধ্বনিটো তলৰ ওঁঠটো মোটোকাই দুয়োপাৰি দাঁতৰ ফাঁকত সুমুৱাই ভিতৰৰ পৰা অহা বায়ু প্ৰৱাহক বাধা দি উচ্চাৰণ কৰা হয়৷ অসমীয়াত এই ধ্বনি নাই৷ তাক বুজোৱা কোনো আখৰো নাই৷ তাৰ কাষেৰে যোৱা অসমীয়া ধ্বনিটো হৈছে দ্বৌষ্ঠ্য মহাপ্ৰাণ (Bi-labial aspirated) ‘ফ’৷ ইংৰাজী শব্দত থকা ‘f’-ক অসমীয়া ‘ফ’ আখেৰেৰে লিখাৰ বাহিৰে কোনো উপায় নাই৷ ইংৰাজী s আৰু c-ক অসমীয়াত ক্ৰমে ছ আৰ চ হিচাপে লিপ্যন্তৰ কৰাৰ নিয়ম ক’ৰবাত পাইছিলোঁ৷ ক’ত পাইছিলোঁ এতিয়া মনত নাই৷ এই নিয়ম কোনে কিমান মানি চলিছে? এইখিনিতে আন এটা কথাও বিচাৰ্য৷ অসমীয়াত ইংৰাজীৰ উপৰি আৰবী-পাৰ্চীমূলীয় অনেক শব্দৰ ব্যৱহাৰ আছে৷ আৰবী-ফাৰ্চী ভাষাত কণ্ঠ্য স্ফোট (Glotal stop) ধ্বনিৰ উচ্চাৰণ আছে৷ এনে এটা ধ্বনি বুজাবলৈ সাধাৰণতে ৰোমান লিপিৰ q আখৰটো ব্যৱহাৰ কৰা হয়৷ অসমীয়াত কিন্তু কণ্ঠ্য স্ফোট উচ্চাৰণ নাই৷ তাৰ পৰিৱৰ্তে পশ্চ তালব্য (Velar) ধ্বনি ক-ৰ উচ্চাৰণ আছে৷ এতিয়া ‘qabar’ শব্দটো অসমীয়াত কেনেকৈ লিখা হ’ব ? আৰবী-ফাৰ্চীমূলীয় গোলাপ, কিতাপ, গৰীব আদি শব্দক মূললৈ লক্ষ্য কৰি গুলাব, কিতাব, ঘৰীব কৰা হ’ব নেকি ?
আন ভাষাৰ শব্দ ভিন্ন ভাষীয়ে সদায় নিজৰ বিধি অনুসাৰে উচ্চাৰণ কৰে, লিখে ৷ তেনে নোহোৱা হ’লে ব্ৰিটিছ চাহাবহঁতে অসমীয়া কাকতী, সন্দিকৈ, দুৱৰাহঁতক কেগটি, হেন্দিক, দাওৰা কৰিব নোৱাৰিলেহেঁতেন; দেল্হী, কেলকাট্টা, গৌহাটী নহৈ দিল্লী, কলকাতা, গুৱাহাটী হৈ থাকিলহেঁতেন ৷ গতিকে “মই ইয়াৰ উচ্চাৰণ জানো” বুলি নিজৰ ধাৰণাৰে বিদেশী শব্দ, বিশেষকৈ ইংৰাজী শব্দবোৰ প্ৰত্যেকেই যদি নিজৰ ইচ্ছানুসাৰে লিপ্যন্তৰ কৰিবলৈ লয়, তেতিয়া সমস্যা অধিক গুৰুতৰ হৈ পৰিব৷ তাৰ আভাস ইতিমধ্যেই পোৱা গৈছে৷
বানান ৰীতিৰ ক্ষেত্ৰত সিদ্ধান্ত হ’ব লাগে এটা আৰু তাক সকলোৱে শ্ৰদ্ধাসহকাৰে মানি চলিব লাগে৷ বিদেশী শব্দৰ লিপ্যন্তৰণ তথা বানান ৰীতিও এই নিয়মৰ ব্যতিক্ৰম হ’ব নালাগে৷ অসমৰ শিক্ষাসদী সংগঠন আৰু প্ৰতিষ্ঠান, যথা—উচ্চ মাধ্যমিক শিক্ষা পৰিষদ, উচ্চতৰ মাধ্যমিক শিক্ষা-সংসদ, বিশ্ববিদ্যালয়কেইখন, অসম প্ৰকাশন পৰিষদ আৰু অসম সাহিত্য সভাই আলোচনাৰ মাধ্যমেৰে এই দিশত সকলোৰে গ্ৰহণযোগ্য হোৱাকৈ নতুনকৈ কেতবোৰ নীতি নিৰ্ধাৰণ কৰা প্ৰয়োজন৷
এয়া মোৰ একান্তই নিজস্ব দৃষ্টিভংগী৷ মই বিচাৰিছোঁ— গৃহীত শব্দবোৰৰ প্ৰতিটোৰে বানান মাত্ৰ এটা হওক, লিপ্যন্তৰণ একে হওক আৰু তাক সকলোৱে নিজৰ নিজৰ লেখাত প্ৰয়োগ কৰক৷