অনুবাদগল্প

অয়েষ্টাৰ (মূল: এণ্টন ছেখভ; অনুবাদ: ড° বসন্ত কুমাৰ বৰা)

(অনুবাদকৰ টোকা: ৰুছিয়ান গল্পকাৰ-নাট্যকাৰ এণ্টন ছেখভৰ নাম নুশুনা সাহিত্যৰসিক নিশ্চয় নোলাব। পেছাত চিকিৎসক ছেখভৰ গল্প সেই সময়ৰ প্ৰচলিত ধাৰাতকৈ পৃথক আছিল। ছেখভৰ গল্পত উৎকণ্ঠা, কথন-শৈলী আদিতকৈ তদানীন্তন সমাজ-ব্যৱস্থাৰ নিৰ্ভুল চিত্ৰৰ প্ৰাধান্য বেছি। বহুসময়ত, সেইবাবে, সাহিত্যিকজনৰ গল্পত কিছু অধিক বৰ্ণনাধৰ্মীতা দেখা যায় যদিও উনবিংশ শতিকাৰ শেষৰ পৰা বিংশ শতিকাৰ আদিভাগ—এই সময়ছোৱাৰ ৰুছ সৃষ্টিশীল সাহিত্যৰ কথা ছেখভক বাদ দি ভাবিবই নোৱাৰি। বিশ্বৰ প্ৰায় প্ৰত্যেকটো ভাষালৈ এণ্টন ছেখভৰ গল্প অনুদিত হৈছে। “অয়েষ্টাৰ” গল্পটোত ছেখভে সেই সময়ত ৰুছ নিম্নবৰ্গৰ লোকসকলৰ আৰ্থ-সামাজিক দুৰ্দশাক হৃদয়স্পৰ্শী ৰূপত বৰ্ণনা কৰিছে। ভোকে এজন কম বয়সীয়া শিশুৰ শৰীৰ আৰু অন্তৰক কিদৰে নিৰ্দয়ভাৱে আঘাত কৰিছে, অয়েষ্টাৰ নামৰ বিলাসী খাদ্যবিধৰ প্ৰতীকেৰে ছেখভে গল্পটোত সেইটো নিখুঁত ৰূপত চিত্ৰায়ন কৰিছে। এইটো অনুবাদ ইংৰাজীৰ পৰা কৰা হৈছে। )

সেই বৰ্ষাসিক্ত হেমন্তকালৰ সন্ধিয়াটোৰ কথা মনত পেলাবলৈ মোৰ সমূলি কষ্ট নহয়। সেইদিনা মই দেউতাৰ লগত মস্কোৰ সেই ব্যস্ত ৰাস্তাটোত থিয় হৈ আছিলোঁ। মোৰ এনেকুৱা লাগিছিল যেন লাহে লাহে এটা আচৰিত অসুখে মোক চেপি আহিছে। কষ্ট বিশেষ পোৱা নাছিলোঁ; কিন্তু মোৰ ভৰি দুখনে যেন মোৰ লগ এৰা দিবলৈ ধৰিছিল, কথাবিলাক ডিঙিত লাগি লাগি ধৰিছিল আৰু মূৰটো কাটি হৈ গৈছিল… এনেকুৱা লাগিছিল যেন অচিৰেই মই বাগৰি পৰিম আৰু চেতনা হেৰুৱাই পেলাম।

সেই মুহূৰ্ত্তত যদি মোক চিকিৎসালয়লৈ লৈ যোৱা হ’লহেঁতেন, চিকিৎসকসকলে হয়তো মোৰ বিচনাৰ ওপৰত লিখিলেহেঁতেন, “অচিনাক্ত”– অৰ্থাৎ, এনেকুৱা এটা অসুখ যাৰ বিষয়ে কোনো চিকিৎসা-শাস্ত্ৰত নাই।

মোৰ কাষত থিয় হৈ আছিল মোৰ দেউতা; তেওঁৰ পিন্ধনত আছিল এটা জলহু গ্ৰীষ্মৰ দিনত পিন্ধা কোট আৰু এটা পুৰণি টুপী। টুপীটোৰ পৰা কিছু বগা সূতা ফিচিকি ওলাই আছিল। তেওঁৰ ভৰিত আছিল এযোৰ গধুৰ আৰু ডাঙৰ ৰবৰৰ জোতা। মন কৰিলে দেখা গ’লহেঁতেন, তেওঁ আছিল এজন ভয়াতুৰ আৰু অভিমানী মানুহ আৰু জোতাযোৰৰ ওপৰত তেওঁৰ কলাফুল দুটা খালী আছিল। তেওঁ পুৰণি বুটজোতা এযোৰৰ ওপৰৰডোখৰ কাটি ভৰিৰ সৰু গাঁঠিৰ ওপৰত পিন্ধি লৈছিল।

তেওঁৰ অ’ভাৰকোটটো যিমানে পুৰণি আৰু লেতেৰা হৈ যাবলৈ ধৰিছিল, সেই বেচৰা অবোধ মানুহজনক মই সিমানে বেছি ভাল পাবলৈ ধৰিছিলোঁ। তেওঁ পাঁচমাহৰ আগতে মস্কোলৈ আহিছিল, নকল কৰা কেৰাণী হিচাপে কাম এটা বিচাৰিবলৈ। সেই পাঁচটা মাহ তেওঁ এটা কাম বিচাৰি মস্কোৰ অলিয়ে-গলিয়ে ঘূৰি ফুৰিছিল; কিন্তু সেইদিনা তেওঁ মস্কোৰ সেই ৰাস্তাটোত ভিক্ষা খুজিবলৈ বাধ্য হৈছিল।

আমাৰ সম্মুখত আছিল এটা তিনিমহলীয়া বিশাল ঘৰ; নীলা ফলকেৰে তাত “ৰেষ্টোৰাঁ” বুলি লিখা আছিল । মই ৰেষ্টোৰাঁখনৰ উজ্জ্বল খিৰিকীখনলৈ দৃষ্টি নিদিয়াকৈ থাকিব পৰা নাছিলোঁ আৰু তেনে কৰোঁতে মোৰ মূৰটো পিছফালে নিশকতীয়াকৈ আৰু একাষৰীয়াকৈ বেঁকা হৈ গৈছিল। খিৰিকীখনত মানুহৰ ছাঁবিলাক ইফাল-সিফাল কৰি আছিল। মই অৰ্কেষ্ট্ৰিয়নখনৰ সোঁফালটো, দুখন তৈলচিত্ৰসদৃশ ছবি আৰু ওলমি থকা লেম্পবিলাক দেখা পাইছিলোঁ… এখন খিৰিকীৰে মই এডোখৰ ঠাই বগা হৈ থকা দেখিবলৈ পাইছিলোঁ; সেইডোখৰ আছিল স্থিৰ, আৰু ইয়াৰ চাৰিকোণীয়া দাঁতিকেইটা ডাঠ মুগা ৰঙৰ দেৱালখনৰ পৰা স্পষ্টকৈ ওলাই আছিল। মই কিছু কষ্ট কৰি চাই দেখা পাইছিলোঁ, সেইখন আছিল এখন বগা ফলক; আৰু তাত কিবা এটা লিখা আছিল। কি লিখা আছিল, মই ধৰিব পৰা নাছিলোঁ…

প্ৰায় আধাঘণ্টা ধৰি মই সেই ফলকখনলৈ চাই আছিলোঁ। সেই উজ্জ্বল বগা ৰংখিনিয়ে মোৰ চকু দুটা বাৰুকৈয়ে আকৰ্ষণ কৰিছিল আৰু মোৰ মগজুটো আচ্ছন্ন কৰি আনিছিল। বহু কষ্ট কৰিও তাত কি লিখা আছিল, সেয়া মই পঢ়িব পৰাগৈ নাছিলোঁ।

অৱশেষত মোৰ আচৰিত অসুখটোৰ জয় হৈছিল ।

গাড়ীবিলাকৰ শব্দ মোৰ ঢেৰেকনিৰ দৰে লাগিছিল, ৰাস্তাৰ দুৰ্গন্ধটোত মই হাজাৰ-বিজাৰ বেলেগ বেলেগ গোন্ধ পাবলৈ ধৰিছিলোঁ। ৰেষ্টোৰাঁখনৰ পোহৰ আৰু লেম্পবিলাকে মোৰ চকুবিলাক যেন বিজুলীৰ দৰে চাট মাৰি ধৰিছিল। মোৰ পঞ্চেন্দ্ৰিয়ত ওপৰত প্ৰচণ্ড চাপ পৰিছিল আৰু সিবিলাক অত্যন্ত সক্ৰিয় হৈ উঠিছিল। আগতে দেখা নোপোৱা বস্তুও যেন মই দেখিবলৈ আৰম্ভ কৰিছিলোঁ।

“অয়েষ্টাৰ …”, ফলকখন মই পঢ়ি পেলাইছিলোঁ।

এটা আচৰিত শব্দ! এইখন পৃথিৱীত ইতিমধ্যে মই আঠটা বছৰ আৰু তিনিটা মাহ কটাইছিলোঁ; কিন্তু এইটো শব্দ কেতিয়াও শুনা নাছিলোঁ। অয়েষ্টাৰ মানে কি? ৰেষ্টোৰাঁৰ মেনেজাৰৰ নাম নিশ্চয় হ’ব নোৱাৰে? তেনেকুৱা নাম লিখা ফলক বাহিৰত ওলমোৱা থাকে, ভিতৰৰ দেৱালততো নাথাকে!

“দেউতা, অয়েষ্টাৰ মানে কি”? মই দেউতাৰ ফালে চাবলৈ চেষ্টা কৰি তেওঁক ফুচফুচাই সুধিছিলোঁ।

দেউতাই শুনা নাছিল। তেওঁ অহা-যোৱা কৰা মানুহবিলাকৰ ওপৰত দৃষ্টি ৰাখিছিল, পাৰ হৈ যোৱা প্ৰত্যেকজনক চকুৰে অনুসৰণ কৰিছিল…….তেওঁৰ চকুৰ পৰা মই দেখিছিলোঁ, পাৰ হৈ যোৱা মানুহবিলাকক তেওঁ কিবা এটা ক’ব খুজিছিল, কিন্তু সেই আচল কথাষাৰ তেওঁৰ কঁপি থকা ওঁঠজুৰিত গধুৰ বস্তুৰ দৰে লাগি লাগি ধৰিছিল আৰু ওলাই আহিব পৰা নাছিল। তেওঁ আনকি এজন পথচাৰীৰ পিছে পিছে এখোজ আগ বঢ়াইছিল আৰু তেওঁৰ হাত স্পৰ্শও কৰিছিল। কিন্তু যেতিয়া পথচাৰীজনে ঘূৰি চাইছিল, তেওঁ কৈছিল, “ক্ষমা কৰিব”; আৰু খেলি-মেলিত পৰি তেওঁ পিছ হুঁহকি আহিছিল।

“দেউতা, অয়েষ্টাৰ মানে কি?”, মই আকৌ সুধিলোঁ।

“সেইটো এটা প্ৰাণী… সাগৰত থাকে”।

মূহূৰ্ত্ততে মই অচিন সাগৰীয় প্ৰাণীটোৰ ছবি এখন কল্পনা কৰিলোঁ……মই কল্পনা কৰিলোঁ ই নিশ্চয় মাছ আৰু কেকোঁৰাৰ মাজৰে এটা প্ৰাণী হ’ব। আৰু ই যিহেতু সাগৰীয়, ৰেষ্টোৰাঁখনে নিশ্চয় তাৰ পৰা বৰ সুস্বাদু চুপ এখন ৰান্ধিছে; গৰমে গৰমে তাত ছটিয়াই দিছে জালুকৰ গুড়ি আৰু ল’ৰেল গছৰ পাত, কিছু ভিনেগাৰ আৰু মাছ আৰু কিছু সিজোৱা বন্ধাকবি, অথবা কিছু মিছামাছৰ চছ; অথবা ৰঙা-মূলাৰ টুকুৰাৰে ঠাণ্ডাকৈ পৰিবেশন কৰা হৈছে……মই স্পষ্টকৈ কল্পনা কৰিলোঁ—অয়েষ্টাৰখিনি বজাৰৰ পৰা কিনি অনা হৈছে, লৰালৰিকৈ পৰিষ্কাৰ কৰা হৈছে, ফটাফট কেৰাহীত দি দিয়া হৈছে; ফটাফটকৈ, কাৰণ সকলোৰে ভোক লাগিছে … সাংঘাতিক ভোক লাগিছে! ৰান্ধনিঘৰৰ পৰা গৰম ভজা মাছ আৰু মিছামাছৰ চুপৰ গোন্ধ ভাঁহি আহিছে।

মই অনুভৱ কৰিলোঁ, এই গোন্ধটোৱে মোৰ মুখৰ তালুখন আৰু নাকৰ পাহি দুটা সুৰসুৰাইছে; লাহে লাহে মোৰ গোটেই শৰীৰটো গোন্ধটোৱে অধিকাৰ কৰি লৈছে…..ৰেষ্টোৰাঁখন, দেউতা, বগা ফলকখন, মোৰ আস্তিন দুটা—সকলোবিলাকত এই গোন্ধটো বিয়পি পৰিছে, আৰু ইমান বেছিকৈ বিয়পি পৰিছে যে মই চোবাবলৈ আৰম্ভ কৰিছোঁ। মই দাঁত দুপাৰি লৰাই লৰাই গিলিবলৈ ধৰিলোঁ, যেন এই সাগৰীয় প্ৰাণীটোৰ টুকুৰা এটা মোৰ মুখত লৈ চোবাই আছোঁ…..

মোৰ ভৰি দুখনে মোৰ এই সুখানুভূতিখিনি কঢ়িয়াব নোৱাৰিলে; আৰু মই পৰি নাযাবলৈ দেউতাৰ হাতখনত জোৰেৰে খামুচি ধৰিলোঁ আৰু তেওঁৰ জেকা কোটটোত আঁউজি দিলোঁ। দেউতা থকথককৈ কঁপি আছিল। তেওঁৰ ঠাণ্ডা লাগিছিল……

“দেউতা, অয়েষ্টাৰ বাৰু ইষ্টাৰৰ সময়ৰ খাদ্য নেকি”? মই সুধিছিলোঁ।

“ওহোঁ; সেইবোৰ জীয়াই জীয়াই খোৱা হয়……”, দেউতাই উত্তৰ দিছিল, “সিহঁত কাছৰ দৰে খোলাৰ ভিতৰত থাকে; কিন্তু…..দুডোখৰ হৈ থাকে”।

সুস্বাদু গোন্ধটো ততালিকে নাইকীয়া হ’ল আৰু মোৰ ভ্ৰম আঁতৰি গ’ল…..এতিয়া মই ভালকৈ কথাটো বুজি পালোঁ!

“কি লেতেৰা”, মই ফুচফুচালোঁ, “কি লেতেৰা”!

অহ, সেইটোৱেই তেন্তে এই ‘অয়েষ্টাৰ’! মই কল্পনা কৰিলোঁ এটা ভেকুলীৰ দৰে প্ৰাণী। এটা খোলাৰ ভিতৰত এটা ভেকুলী সোমাই আছে, ইয়াৰ ডাঙৰ ডাঙৰ উজ্জ্বল চকুকেইটাৰে পিৰিক পাৰাক কৰি আছে, আৰু ইয়াৰ দাঁত দুপাৰি কৰচি আছে। মই এই প্ৰাণীটো কল্পনা কৰিলোঁ এটা ঠেং থকা খোলাৰ মাজত; পিৰিক পাৰাক চকু, পিছল ছাল; বজাৰৰ পৰা লৈ অনা হৈছে……যেতিয়া ৰান্ধনিজনে প্ৰাণীটো মুখখন কোঁচাই তাৰ ঠেং দুখনত ধৰি থালত সজাই দিছে আৰু খোৱা ঘৰলৈ লৈ আনিছে; ল’ৰা-ছোৱালীবিলাক নিশ্চয় লুকাই পৰিছে। ডাঙৰসকলে তাক লৈ খাইছে; ইয়াৰ চকু, দাঁত আৰু ঠেঙেৰে সৈতে জীয়াই জীয়াই ভক্ষণ কৰিছে! সি নিশ্চয় কেক্‌কৈ মাতি খাওঁতাসকলৰ ওঁঠত কামুৰি ধৰিব খুজিছে…..

মই মুখ বিকটাই দিলোঁ…..কিন্তু মোৰ দাঁতবিলাক এনেকৈ কিয় লৰচৰ কৰিছে যেন মই কিবা চোবাই আছোঁ? প্ৰাণীটো অখাদ্য, ঘিণলগা আৰু ভয়ংকৰ; কিন্তু মই তাক খাইছোঁ, লুভীয়াৰ দৰে খাইছোঁ, ইয়াৰ সোৱাদ বা গোন্ধ মই ল’বলৈ বিচৰা নাই। কিন্তু এটা খাই শেষ কৰাৰ পিছত মই আৰু এটাৰ পিৰিক পাৰাক চকুহাল দেখিছোঁ, তাৰ পিছত আৰু এটাৰ……কিন্তু মই সেইকেইটাও খাই পেলাইছোঁ। শেষত মই টেবুলৰ মুখ মোহৰা কাপোৰখন খাই পেলাইছোঁ; খাই পেলাইছোঁ থালখন, দেউতাৰ ৰবৰৰ জোতাযোৰ, বগা ফলকখন……চকুত যি পৰিছে, মই খাই পেলাইছোঁ; কাৰণ মই অনুভৱ কৰিছোঁ খোৱাৰ বাহিৰে অন্য একোৱে মোৰ অসুস্থতাখিনি ভাল কৰিব নোৱাৰে। অয়েষ্টাৰবিলাকৰ চকুৰ দৃষ্টিবোৰ অসহ্যকৰ, আৰু সিহঁত অখাদ্য। মই সিহঁতৰ কথা কল্পনা কৰিয়েই জিকাৰ খাই উঠিছোঁ, কিন্তু মোক খাবলৈ লাগে! খাবলৈ!

“অয়েষ্টাৰ! মোক কেইটামান অয়েষ্টাৰ দিয়া”! মই চিঞৰি উঠিলোঁ আৰু হাত দুখন মেলি দিলোঁ।

“ভদ্ৰলোকসকল, আমাৰ সহায় কৰক”! সেই মুহূৰ্ত্ততে মই দেউতাই কোৱা শুনিলোঁ, এটা শুকান আৰু কঁপা কঁপা মাতেৰে,“মোৰ ক’বলৈ লাজ লাগিছে, কিন্তু ভগৱান, মই আৰু সহ্য কৰিব নোৱাৰোঁ”।

“অয়েষ্টাৰ”! দেউতাৰ কোটটোৰ তলত ধৰি মই চিঞৰিলোঁ।

“কি কৱ অ’ তই—, তই অয়েষ্টাৰ খাৱ? তোৰ দৰে পোৱালী এটাই”! মই তেনেই কাষতে কোনোবাই হঁহা শুনিলোঁ। আমাৰ সমুখত থিয় আছিল দুজন অভিজাত টুপী পিন্ধা ভদ্ৰলোক; মোৰ মুখলৈ চাই চাই তেওঁলোকে হাঁহি আছিল।

“পোৱালী, তই সঁচাই অয়েষ্টাৰ খাৱনে? আচৰিত কথা! কেনেকৈ খাৱ বাৰু তই?”

মোৰ মনত আছে, এখন শক্তিশালী হাতে মোক পোহৰ হৈ থকা ৰেষ্টোৰাঁখনলৈ টানি নিছিল। মুহূৰ্ত্ততে মোৰ চৌপাশে এজুম মানুহ গোট খাইছিল; তেওঁলোকে মোক উৎসুকতা আৰু কৌতুকেৰে চাই আছিল। মই এখন টেবুলত বহিছিলোঁ আৰু কিছুমান পিছল, নিমখীয়া সেমেকা আৰু ভেঁকুৰা সোৱাদৰ খাদ্য খাই আছিলোঁ। মই নোচোবোৱাকৈয়ে লোভেৰে গিলি গৈছিলোঁ; কি খাইছোঁ—সেয়া মই চোৱা নাছিলোঁ আৰু চাব খোজাও নাছিলোঁ। মোৰ এনেকুৱা অনুভৱ হৈছিল যে যদি মই চকু দুটা মেলোঁ, মই পিৰিক-পাৰাক চকু কেইটামান, ঠেং কেইখনমান অথবা চোকা দাঁত কিছুমান হয়তো দেখা পাম।

হঠাতে মই কিবা টান বস্তু এটা চোবাবলৈ ধৰিছিলোঁ; পাথৰ চোবোৱাৰ দৰে শব্দ এটা হৈছিল।

“হাঃ হাঃ! সি খোলাবোৰ খাব খুজিছে”, মানুহজুমে হাঁহিছিল, “মুৰ্খ পোৱালী—তই খোলাবোৰো খাব পাৰিবি বুলি ভাবিছনেকি”?

তাৰ পিছত মোৰ খুউব পিয়াহ লগা মনত আছে। মই বিচনাত পৰি আছিলোঁ; পেটৰ পোৰণি আৰু শুকান মুখৰ কিবা আশ্চৰ্যকৰ সোৱাদ এটাত মই শুব পৰা নাছিলোঁ। মোৰ দেউতাই হাত দুখন মোহাৰি মোহাৰি পায়চাৰি কৰি আছিল।

“মোৰ হয়তো জ্বৰ উঠিছে”, তেওঁ কৈ আছিল, “মোৰ এনেকুৱা লাগিছে যেন কোনোবা মোৰ মূৰত শুইহে আছে…..হয়তো মই আজি একো…….মানে…..খোৱা নাই যে, সেই কাৰণে….. মই সঁচাই এটা অদ্ভূত নিষ্কৰ্মা প্ৰাণী…..মই দেখিছিলোঁ, সেই মানুহ দুজনে অয়েষ্টাৰখিনিৰ বাবে দহ ৰুবল দিছিল। মই কিয়যে তেওঁলোকক গৈ ক’ব নোৱাৰিলোঁ—মোক কিবা অলপ দিবলৈ! তেওঁলোকে মোক হয়তো কিবা অলপ দিলেইহেঁতেন”।

ৰাতিপুৱালৈ মই টোপনি গৈছিলোঁ আৰু সপোন দেখিছিলোঁ—খোলা এটাত এটা ভেকুলী বহি চকু দুটা পিৰিকিয়াই আছে। পিয়াহত মোৰ টোপনি ভাগি গৈছিল, আৰু দেউতাক বিচাৰি চাইছিলোঁ। তেওঁ তেতিয়াও সাৰ পাই আছিল আৰু হাত দুখন মোহাৰি মোহাৰি পায়চাৰি কৰি আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *