সুৰকাৰ গীতিকাৰ পাৰ্বতিপ্ৰসাদ বৰুৱা – (ড° অনিল শইকীয়া)
পাৰ্বতিপ্ৰসাদ বৰুৱাই অসমীয়া সংস্কৃতিৰ মহাসমুদ্ৰত অৱগাহন কৰি গীত, নাট, বোলছবি, সাহিত্য আৰু অনেক ক্ষেত্ৰলৈ অনেক অৱদান আগবঢ়াই অসমীয়া সংস্কৃতিৰ বিশাল পথাৰখনক সহস্ৰ যোজন পথ আগুৱাই থৈ গ’ল।
পাৰ্বতিপ্ৰসাদ বৰুৱা আছিল সংগীতৰ ওজা। পাৰ্বতিপ্ৰসাদে হাইস্কুলৰ ছাত্ৰ অৱস্থাতে স্বৰলিপি ভাঙি ৰবীন্দ্ৰ সংগীতৰ সুৰ আয়ত্ব কৰিছিল। হয়তো শৈশৱৰ পৰা শাস্ত্ৰীয় সংগীতৰ সাধনা কৰিছিল। যাৰ বাবে এয়া সম্ভৱ হৈছিল। তদুপৰি পাৰ্বতিপ্ৰসাদে উজনি অসমৰ আইনাম, ভকতীয়া গীত, বিয়ানাম আদিৰ সুৰসমূহ হৃদয়ংগম কৰিছিল। সাৰ্থক ভাৱে আয়ত্ব কৰিছিল সংগীতৰ ব্যাকৰণ। তেওঁৰ গীতৰ সুৰত মাটিৰ সুৰ অন্যান্য সুৰৰ সংমিশ্ৰণ ঘটিছিল। কিন্তু তাত মাটিৰ সুৰৰ শক্তি ইমানেই বেছি আছিল যে ই সহজেই বৰ্ণময় হৈ শ্ৰোতাক আকৃষ্ট কৰিছিল। শ্ৰোতাই যেন পাৰ্বতিপ্ৰসাদৰ গীতৰ সুৰত বিচাৰি পাইছিল চিনাকি মাটিৰ গোন্ধ। সেই কাৰণেই হয়তো যিমানে বছৰ বাগৰিছে সিমানেই নিত্য-নতুন হৈ গীতবোৰ শ্ৰোতাৰ হৃদয়ে হৃদয়ে প্রৱেশ কৰিছে।
পাৰ্বতিপ্ৰসাদৰ জন্ম ১৯০৪ চনত। ১৯২১ চনত কটন কলেজৰ ছাত্ৰ। বয়স সোতৰ। গান গায়। কটন কলেজৰ দিনবোৰ সুঁৱৰি পাৰ্বতিপ্ৰসাদে লিখিছে – “সেই সময়ত কটন হোষ্টেলত সৰহভাগেই ৰবীন্দ্ৰনাথৰ গান চলিছিল। মই স্কুলত থাকোঁতে … ৰবীন্দ্ৰনাথৰ ‘কেতেকী’, ‘শেফালি’, ‘বৈতালিক’, ‘গাত পাঞ্চালিকা’ আদি সুৰ চানেকীৰ কিতাপ চাই বহুত গীত শিকিছিলোঁ । … পিছে স্কুলত পঢ়া দিনৰে পৰা সদায়েই ৰবীন্দ্ৰনাথ বা দ্বিজেন্দ্ৰলাল ৰায়ৰ গানৰ সুৰত অসমীয়া গান ৰচিলে যে অসমীয়া সুৰৰ ভৱিষ্যৎ গঢ়িব নোৱাৰিম সেই কথাই মোৰ মনত বৰকৈ আঘাত দিছিল। সেই কাৰণেই অসমীয়া লোকগীত, আইনাম, বিয়ানাম, বিহুনামৰ সুৰ মিহলি কৰি ভয়ে ভয়ে গান ৰচিবলৈ আৰম্ভ কৰিলোঁ৷” (পাৰ্বতিপ্ৰসাদ বৰুৱা ৰচনাৱলী, পৃঃ ৩০৮)৷ মনত সেই সংকল্প লৈ প্ৰথমতে ‘আহিন মহীয়া শেৱালি সৰিলে’ শীৰ্ষক গীতত সূৰ দি প্রথমে মাকৰ আগত গাই শুনালে। মাকে মন্তব্য দিলে – “এইটো কি গান হ’ল? এইটো নাম নাম যেন শুনাইছে।” পাৰ্বতিপ্ৰসাদে যেন মাকৰ পৰা তেনে মন্তব্যকে বিচাৰিছিল। তেওঁ মাকক কলে, “আইতা মই তাকেহে বিচাৰিছোঁ। তেওঁ মাকক প্ৰকাৰান্তৰে বুজাই দিলে যে ‘অসমত নাম বা গীতহে আছে। বাহিৰৰ ভাষাৰ পৰাহে আমাৰ দেশলৈ গান শব্দটো আমদানি হৈছে’। এই প্ৰসংগতে পাৰ্বতিপ্ৰসাদে পুনৰ লিখিছে “তেনেকুৱা আৰু কেইটামান গীত ৰচি সুৰ দি হোষ্টেললৈ আহি দূই-এজন অন্তৰঙ্গ বন্ধুক অকলশৰে ভয়ে ভয়ে গাই শুনোৱাত তেওঁলোকেও ভাল হৈছে বুলি ক’লে। পিছে মোৰ বন্ধুত্বৰ খাতিৰতহে তেনেকৈ কৈছে ভাবি আৰু সৰুৰে পৰা লাজকুৰীয়া স্বভাৱৰ গুণত ৰাজহুৱাকৈ গাবলৈ ভয় ভয়কৈ আছিলোঁ।’ (ৰচনাৱলী, পৃঃ ৩০৮)। তথাপি পাৰ্বতিপ্ৰসাদে কটন কলেজৰে এখন সভাত ড° সূৰ্যকুমাৰ ভূঞাৰ জয়মতী উপন্যাসৰ “এহিসে অসম ভূমি নেপাইবাহা হেন তুমি এহি তিনি ভূৱন মাজে’ গীতটি কীৰ্তন ঘোষাৰ সুৰত গাইছিল, সেই সভাত উপস্থিত থকা ড° ভূঞাই পাৰ্বতিপ্ৰসাদক প্ৰশংসা কৰিছিল। (ৰচনাৱলী, পৃঃ ৩০৯)। পাৰ্বতিপ্ৰসাদে “ৰংপুৰৰ ৰংচৰা’ নামৰ প্ৰবন্ধত আকৌ লিখিছে – “তেতিয়াৰ দিনত ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু দ্বিজেন্দ্ৰলাল ৰায়ৰ গীতৰ সুৰত গীত ৰচি থাকিলে যে অসমীয়া গীতৰ ভৱিষ্যত গঢ়িব নোৱাৰি এই কথা ভাবি ১৯২১ চনৰে পৰা অসমীয়া আইনাম, বিয়ানাম, বিহুনামৰ সুৰ সংমিশ্ৰণ কৰি দুই এটা গীত লিখিছিল। (ৰচনাৱলী পৃঃ ৩৭৮)
১৯২৪ চনত পাৰ্বতিপ্ৰসাদে অসমৰ মাটিৰ সুৰত স্বৰচিত গীত গাই শিৱসাগৰত অলোড়ন সৃষ্টি কৰিছিল। এই প্ৰসংগতে মহেশ্বৰ নেওগে লিখিছে – “১৯২৪ চনত টিঙৰ বঙলা সজা শিৱসাগৰ নামঘৰত দেওবাৰে আমি গোট খাই ৰচনা পাঢ়োঁ, গান শুনোঁ। তেতিয়া কলেজত পঢ়া ডেকা পাৰ্বতিপ্ৰসাদ বৰলা, শ্ৰীযোগকান্ত বৰুৱা আদি আমাৰ জানিবা বাটকটীয়া। … এতিয়া ভাঙি পেলোৱা মঞ্চটোৰ ওপৰত বেঞ্চত বহি সুদৰ্শন পাৰ্বতিপ্ৰসাদ বৰুৱাই গীত গায়। একেবাৰে নতুন গীত, নিজে লিখা। সুৰো তেওঁ নিজেই দিছিল। কিন্তু এয়া আকৌ কি সুৰ। আইৰ মুখত শুনা, বিহুবলীয়াহঁতৰ মুখত শুনা ঘৰচীয়া নামৰ জাতবোৰহে দেখোন। ইয়াৰ আগতে এনে জাত-পাতৰ ৰচনাক গীত বা গান নুবুলিলেহেঁতেন, বুলিলেহেঁতেন নাম। .. আহিন মহীয়া নিয়ৰ ভাঙি আমি সভালৈ আহোঁ। দিখৌত লানি পাতি পাখি লগা পৰুৱা উটি আহে। বালিত উজাৰি উজাৰি নাৰ-বাট মাছৰ উজান উঠে, পাৰ্বতিপ্ৰসাদে নিৰাড়ম্বৰ কথাবোৰ ছন্দৰ অম্বৰ সানি দিয়ে।’ (পৰ্বতিপ্ৰসাদ বৰুৱা – “গীতিকবি পাৰ্বতিপ্ৰসাদ : জীৱন আৰু সৃষ্টিৰ মূল্যায়ন” গ্ৰন্থত, পৃঃ ১২১)
পাৰ্বতিপ্ৰসাদৰ গীত মানেই ব্যঞ্জনাময় শব্দৰ সমদল৷ শব্দত দৃশ্যমান হয়, পোহৰৰ কাড়ে ডাৱৰ সৰকোৱা দৃশ্য, ডাৱৰ আৰু সূৰুযৰ যুঁজ, যুঁজত সূৰুয জিকে, এন্ধাৰ আঁতৰি যায়। কেতিয়াবা গীতত থমকি থমকি বীণ বাজে, আলফুলকৈ শব্দবোৰ সুৰ হয়। কেতিয়াবা গীতত, আহিন কঁহুৱা ফুল, উদাসী বাঁহী, বনৰ আঁৰত ব’ৰাগীৰ বীণ, শুকুলা ডাৱৰ, কঁহুৱা ফুল, ফুলতী গাভৰু হ’ল, কপ্উ ভূৰুকি গ’ল, তিনিফেৰেঙীয়া ডাল, চিকুণ কুমলীয়া পাত, ৰ’দালি ৰেঙালে পূবে, জিলিকি উঠিল নৈ, চিকমিক চিকমিককে, অৰণ্যই পঢ়িলে স্তৱ, ওপৰে উৰিলে টুনী, ধানৰে সেউজীয়া বৰণ, চাবত চাবে মাৰি ব’ঠা, আগালত ঘৰ, লিহিৰি কপিলে পাৰত, দীঘল ডঁৰিয়লি বালিত, চাইনো চাই বুলিবৰ বাট, তৰি দে শুকুলা পাল, তুল বুল কৰিব নাও আদি শব্দৰ নমদলৈ নানা চিত্ৰকল্পৰ সৃষ্টি কৰে। তেওঁৰ গীতত আছে আলফুলীয়া শব্দ, ফুলকুমলীয়া শব্দ, হৃদয়ত গুণগুণি তোলা শব্দ, সোণাৰু ফুলীয়া শব্দ, জিৰজিৰিয়া শব্দই শুৱাগুৰি তোলে, সোণসেৰীয়া শব্দত যেন বন্দীহয় হৃদয়ৰ সমস্ত আবেগ অনুভূতি আৰু জীৱনৰ শত-সহস্ৰ অভিজ্ঞতা৷ য’ত বিদ্যামান হয় মানবীয় প্ৰমূল্যবোধ, গভীৰ জীৱনবোধ, জীৱনক বুজা-নুবুজাৰ ৰহস্য আৰু আছে গভীৰ দেশপ্রেম।
পাৰ্বতিপ্ৰসাদ আছিল এগৰাকী গভীৰ স্বদেশপ্ৰেমী। দেশখনক পাৰ্বতিপ্ৰসাদে প্ৰাণতকৈয়ো ভাল পায়। সেই ভাল পোৱা কিন্তু আবেগ সৰ্বস্ব নহয়। তেওঁ নিৰ্মোহ ভাৱে দেশখনৰ নিচলা ৰূপটো উপলব্ধি কৰিছে । দেশখন সোণৰ নহয়, মাটিৰ দেশ। মাটিৰ দেশ হ’লেও এই দেশ কিন্তু সোণতকৈ মূল্যবান। যিখন দেশত তেওঁ জন্ম গ্ৰহণ কৰিছে তাতকৈ আপোন কোন হ’ব পাৰে। তেওঁ মৰ্মে মৰ্মে অনুভব কৰিছে –
“অতীতত তোৰ
কি ধন আছিল
কেলেই লাগিছে মোক
এতিয়া যে তই
নিচেই নিছলা
দুবেলা নুগুছে ভোক’
হয়াতো তেওঁ লক্ষ্মীনাথ বেজবৰুৱাৰ- “আমি অসমীয়া।। নহওঁ দুখীয়া।। কিহৰ দুখীয়া হ’ম।। সকলো আছিল।। সকলো আছে।। নুশুনো নলওঁ গম।“ কবিতাফাঁকি গভীৰ ভাবে উপলব্ধি কৰি অনুভব কৰি ভাবিছে – হয় আছিল, কিন্তু এতিয়াতো নাই, ‘এতিয়া যে তই নিচেই নিছলা।। দুবেলা নুগুছে ভোক ।’….তথাপিও
‘দুখীয়া হ’লেওঁ
নিছলা হ’লেওঁ
আই মোৰ মৰমৰ
আইতকৈনো বাৰু
আছেনে আপোন আছেনে কোনোবা বৰ’।
সেই দেশ মাতৃক উদ্ধাৰ কৰিবলৈ তেওঁ মৃত্যু শপত খাই আগবাঢ়ে। দেশ-মাতৃক উচৰ্গা কৰিব খোজে জীৱন। কাৰণ তেওঁ জানে- যিজনে মৰণক জয় কৰিব পাৰে তেওঁৰ মৃত্যুৰ ভয় নাথাকে। ডেকাশক্তিক মনে বলে জগাবলৈ তেওঁ লিখিছে-
‘আহিছে আজি নৱ জীৱনৰ ঢল
ব’লা সমুখলৈ বিঘিনি গুচাই
জয় যাত্ৰাৰ সমদল’
মাটিৰ সুৰ, মাটিৰ-মানুহৰ হৃদয়ত শব্দ আৰু হৃদয়ত গভীৰৰো গভীৰ অনুভবেৰে পাৰ্বতিপ্ৰসাদে গীতৰ এখন অপ্ৰমাদী সাম্ৰাজ্য গঢ়ি তুলিলে। তেওঁ গীত সমূহৰ সুৰীয়া নদীখনৰ নিচিগাধাৰে নিৰন্তৰ বৈ আছে।