প্ৰতিবাদী কণ্ঠ অঞ্জু বৰকটকী (নৰেন বৰা)
সংগ্ৰামী নেত্ৰী শ্ৰদ্ধেয়া অঞ্জু বৰকটকীৰ বিয়োগৰ কেইদিনমান পিচতে অনলাইন আলোচনী ‘মুক্ত চিন্তা’ৰ পৰৱৰ্তী সংখ্যাৰ বাবে মোকো এটা লেখা দিবলৈ কোৱাত কি লিখো বুলি ভাবোঁতেই বহুবোৰ কথা মনলৈ আহিছে৷ সুদীৰ্ঘ প্ৰায় চাৰি দশকৰ ঘনিষ্ঠ সান্নিধ্যৰ বহুবোৰ কথাই পাহৰিছোঁ, কিছুমান মনত থাকিলেও আটাইবোৰ মনত নাই, কিছুমান ঘটনাৰ চন-তাৰিখ-স্থান মনৰ পৰা মচ খাইছে৷ মোৰ নিয়মীয়া ডায়েৰী লিখাৰো অভ্যাস নাই৷ গতিকে বহু গুৰুত্বপূণ কথাই বাদ পৰিব৷ স্মৃতিয়ে ঢুকি পোৱা কেইটামান বিষয়তে লিখাটো সামৰিব লাগিব৷ হক কথা ক’বলৈ গ’লে অঞ্জু বাইদেউক শত-সহস্ৰবাৰ লগ পাইছো; বিভিন্নধৰণে, বিভিন্ন উপলক্ষত৷ ঘৰুৱাভাৱে, ৰাজহুৱাভাৱে, সভা-সমিতি, সন্মিলন, ৰাজপথৰ সংগ্ৰাম, ৰুদ্ধদ্বাৰ বৈঠক কিম্বা আলোচনাৰ মেজত, লগ পাইছো তুমুল বিতৰ্কৰ মাজত৷ বহু সময়ত একেলগে গৈছোঁ সভা-সমাৱেশ-সন্মিলনলৈ৷
মনত পৰিছে অগপৰ প্ৰথমটো শাসনকালৰ শেহৰ পিনে দিছপুৰৰ জনতা ভৱনৰ সন্মুখত ৰাজ্যিক স্তৰৰ এটি মহিলা সঁজাতী দলৰ সদস্যা হিচাপে মহিলা সংগঠনৰ নেত্ৰী-সংগঠকসকলৰ সৈতে অঞ্জু বৰকটকীক লগ পোৱাৰ কথা৷ কোলাত কেচুৱা৷ নাৰীসমাজৰ কেইটামান জ্বলন্ত সমস্যা সমাধানৰ দাবী জনাই মন্ত্ৰীৰ হাতত এখন স্মাৰক পত্ৰ দিবলৈ তেওঁলোক আহিছিল৷ তেওঁলোকে তেতিয়ালৈকে মন্ত্ৰীক সাক্ষাৎ কৰাৰ অনুমতি পোৱাই নাছিল৷ স্মাৰক পত্ৰৰ উপৰি সাক্ষাতৰ বাবে এখন আবেদন পত্ৰ লিখিব লগা হ’ল৷ সেইখন লিখিবলৈ গৈ অঞ্জু বৰকটকীয়ে নাককোচাই কৈছিল–এইবোৰ ভণ্ড মানুহলৈ লিখোঁতে মই ‘মাননীয়’ শব্দটো লিখিবলৈ বৰ টান পাওঁ৷ নিজৰ অনিচ্ছা সত্ত্বেও আনুষ্ঠানিকতাৰ খাতিৰত যথাৰীতিৰে সম্বোধন কৰি খৰধৰকৈ তেওঁ আবেদন পত্ৰখন লিখি মন্ত্ৰীৰ সাক্ষাৎ বিচাৰি জনতা ভৱনৰ ভিতৰলৈ পঠিয়াই দিছিল৷
সত্তৰ দশকৰ শেষৰ ফালে ছাত্ৰাৱস্থাতেই অঞ্জু বৰকটকী চিপিআই [এম-এল] লিবাৰেচনৰ বিপ্লৱী ৰাজনীতিৰ লগত যুক্ত হৈ পৰিছিল আৰু সেই সময়ত পাৰ্টি গোপন হৈ থকা হেতু জনসাধাৰণৰ মাজত গোপনে ৰাজনৈতিক কাৰ্য-কলাপ চলাই গৈছিল৷ তেওঁৰ সামাজিক-ৰাজনৈতিক কাৰ্য-কলাপৰ সূচনা বিন্দু আছিল বিপ্লৱী মতাদৰ্শ৷ প্ৰতিবাদ তেওঁৰ জিভাৰ আগত৷ এগৰাকী স্বভাৱজাত প্ৰতিবাদী মহিলা হিচাপে প্ৰতিটো অন্যায়-অবিচাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাইছিল৷ মহিলা নেত্ৰী হিচাপে নাৰী সংগঠন গঢ়ি তুলিছিল, সংগঠনক নেতৃত্ব দিছিল৷ সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ সভানেত্ৰী হিচাপে ৰাজ্যিক স্তৰত আৰু সদৌ ভাৰত প্ৰগতিশীল নাৰী সন্থাৰ কাৰ্যনিৰ্বাহক সদস্যা, মাণ্ডলিক সম্পাদিকা হিচাপে ৰাষ্ট্ৰীয় স্তৰৰ সাংগঠনিক কাম-কাজৰ নেতৃত্ব দিছিল৷ তাৰ লগে লগে অসমত চলা বৰ্বৰ ৰাষ্ট্ৰসন্ত্ৰাসৰ কালছোৱাত মহিলাসকলক সংগঠিত কৰি থানা ঘেৰাও, সেনাৰ কেম্প ঘেৰাও আদি কাৰ্যসূচীত আগভাগ লৈছিল, নেতৃত্ব দিছিল৷ নাৰী নিযাৰ্তনৰ বিৰুদ্ধে মহিলাসকলক সংগঠিত কৰিছিল, বিশেষকৈ প্ৰগতিশীল নাৰী সন্থাৰ নেতৃত্বত সংগ্ৰামী কাৰ্বি, মিচিং, বড়ো, তিৱা মহিলা সংগঠনসমূহক ঐক্যবদ্ধ কৰি ‘নিৰ্যাতন বিৰোধী যৌথ নাৰী সংগ্ৰাম সমিতি’ গঠনৰ সময়ত তেওঁ লোৱা সক্ৰিয় ভূমিকা বিশেষভাৱে উল্লেখনীয়৷ তেওঁ নিৰ্যাতন বিৰোধী যৌথ নাৰী সংগ্ৰাম সমিতিৰ মুখ্য আহবায়িকা আছিল৷ সংগ্ৰামী নাৰী সংগঠনৰ প্ৰতিনিধি হিচাপে তেওঁ অসম ৰাজ্যিক মহিলা আয়োগৰ সদস্যা আছিল৷ আয়োগৰ ভিতৰত থাকি মহিলাৰ ইছ্যুসমূহ সজোৰে দাঙি ধৰিছিল আৰু প্ৰতিষ্ঠানটোৰ সীমাবদ্ধতাক উদঙাই দিছিল৷ ৩৩ শতাংশ আসন সংৰক্ষণকে ধৰি মহিলা ইছ্যুত আয়োগৰ পৰা সক্ৰিয় ভূমিকা দাবী কৰিছিল৷ সবাতোকৈ গুৰুত্বপূৰ্ণ কথা হৈছে তেওঁ মহিলা আয়োগক শাসক দলৰ অধীনস্থ সংস্থা কৰি ৰখা পৰম্পৰাৰ বিপৰীতে সংগ্ৰামী নাৰী সংগঠনৰ প্ৰতিনিধিৰ অন্তৰ্ভুক্তিৰে এক স্বতন্ত্ৰ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলাৰ দাবী জনাইছিল৷ মহিলা আয়োগৰ গণতান্ত্ৰিকীকৰণ আৰু মহিলা আয়োগলৈ অধিক ক্ষমতা প্ৰদানৰ দাবী তুলিছিল৷ আয়োগে অঞ্জু বৰকটকীৰ দাবীৰ প্ৰতি কোনো সঁহাৰি জনোৱা নাছিল৷ শেষত তেওঁ প্ৰতিবাদ কৰি আয়োগৰ পৰা ওলাই আহিছিল৷
তেওঁ ভালেকেইবছৰ ধৰি চিপিআই [এম-এল]-ৰ অসম ৰাজ্যিক সমিতিৰো সদস্যা আছিল৷ সমিতিত থাকোঁতে বিভিন্ন ইছ্যুত হোৱা বিতৰ্কত গুৰুত্বসহকাৰে ভাগ লৈছিল আৰু নিজৰ স্থিতি সাহসেৰে তুলি ধৰিছিল৷ চিন্তাৰ ক্ষেত্ৰত তেওঁ আছিল স্বাধীন৷ ভুল কৰ্ম, ভুল প্ৰৱণতা, ভুল আচাৰ-আচৰণ, দ্বিচাৰিতা, নকৰিবলগীয়া কাম কৰাসকলৰ বিৰুদ্ধে সমালোচনা কৰিবলৈ লেখমানো শংকাবোধ কৰা নাছিল৷ একেসময়তে আত্মসমালোচনাত সৰব আছিল৷ নাৰী সংগঠন সম্পৰ্কীয় আঁচনি-পৰিকল্পনা বৈঠকসমূহত দাঙি ধৰিছিল আৰু সদস্যসকলৰ মতামত সাপেক্ষে সিদ্ধান্ত গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল৷ সমিতিৰ বৈঠকসমূহত খোলাখুলিকৈ বক্তব্য দাঙি ধৰিছিল আৰু এটি জীৱন্ত পৰিৱেশ সৃষ্টিৰ চেষ্টা চলাই গৈছিল৷
বিভিন্ন ক্ষেত্ৰত তৎপৰ এইগৰাকী নেত্ৰী ডাইনী হত্যা, বেজ-বেজালিকে ধৰি অন্ধবিশ্বাস, কু-সংস্কাৰবিৰোধী আন্দোলন আৰু সাংস্কৃতিক কাৰ্যকলাপত সক্ৰিয়ভাৱে যুক্ত৷ প্ৰতিষ্ঠা কালত সদৌ অসম জনসাংস্কৃতিক পৰিষদৰ লগত যুক্ত আছিল আৰু পিচত ডিব্ৰুগড় জনসাংস্কৃতিক সমাজৰ সভানেত্ৰীৰ দায়িত্ব বহন কৰিছিল৷ তদুপৰি তেওঁ আছিল অন্ধবিশ্বাস, কুসংস্কাৰ বিৰোধী মঞ্চ ‘আলোক’ৰ নেত্ৰী৷ বৃত্তিত ইংৰাজী বিষয়ৰ শিক্ষয়িত্ৰী অঞ্জু বৰকটকীয়ে শিক্ষয়িত্ৰী হিচাপে কৰ্মজীৱনত যেনেদৰে বহু ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰীৰ লগত জীৱন্ত সম্পৰ্ক বজাই ৰখাৰ সুযোগ পাইছিল, ঠিক তেনেদৰে নানা সামাজিক-ৰাজনৈতিক-সাংস্কৃতিক কাৰ্যকলাপৰ মাজেৰে সমাজৰ বিভিন্ন অংশৰ লোকৰ নিকট সান্নিধ্যলৈ আহিছিল৷ তেওঁ ঠেক অৰ্থত কেৱল শ্ৰেণীকোঠাৰ শিক্ষয়িত্ৰী নাছিল, সামগ্ৰিভাৱে সমগ্ৰ সমাজক শিক্ষাৰ পোহৰেৰে আলোকিত কৰাৰ চেষ্টা চলাই গৈছিল৷ তেওঁ বিভিন্ন ইছ্যুত ৰাইজক সংগঠিত কৰিছিল, নেতৃত্ব দিছিল, আন্দোলন কৰিছিল৷ বুদ্ধিদীপ্ত, গতিশীল, সপ্ৰতিভ এই মানুহগৰাকীয়ে মানুহৰ মনস্তত্ত্ব, ভাৱ-ভংগী, অনুভূতি, প্ৰবৃত্তি আদি মুহূৰ্ততে বুজি পাইছিল৷ কোনে কি উদ্দেশ্যে কি কৈছে, সঁচা কৈছে নে আসৈ মাতিছে তাক নিমিষতে বুজি পাইছিল আৰু প্ৰতিটো প্ৰশ্নৰ সমুচিত প্ৰত্যুত্তৰ দিব পাৰিছিল৷ বহু ঘাত-প্ৰতিঘাতেৰে পৰিপূৰ্ণ নিজ জীৱনত তেওঁ অনেক বাধা-বিঘিনি আঁতৰাই সাহসেৰে আগবাঢ়ি গৈছিল৷ প্ৰচলিত সমাজ ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ লক্ষ্যৰে আজীৱন কাম কৰি অহা অঞ্জু বৰকটকীয়ে ৰাজনৈতিক প্ৰতিদ্বন্দ্বী আৰু স্থিতাৱস্থাবাদীসকলক সহজেই জব্দ কৰিব পাৰিছিল৷ ‘চুঙা চাই সোপা দিয়া’ আৰু ‘কুকুৰ চাই টাঙোন ধৰা’ত তেওঁ আছিল বেছ পাকৈত৷
তেওঁ প্ৰচাৰক, সংগঠক আৰু আলোড়ক—এই আটাইকেইটা গুণেৰে পুষ্ট আছিল৷ তেওঁৰ উদাত্ত ভাষণে সকলোকে আকৰ্ষণ কৰাৰ লগে লগে আলোড়িত কৰিছিল৷ কোনো সিদ্ধান্ত জাপি দিয়াৰ বিপৰীতে ৰাজনৈতিক বিতৰ্কসমূহ তেওঁ পতিয়নযোগ্যভাৱে সুন্দৰকৈ নিৰসন কৰিব পাৰিছিল৷ সংগঠনৰ স্থিতি বা অৱস্থান সদস্য-সদস্যাসকলক সহজভাৱে বুজাই দিয়াটোও তেওঁৰ এটা ডাঙৰ গুণ আছিল৷ বিশেষকৈ নাৰী সংগঠনৰ নেত্ৰী হিচাপে আন্দোলন আৰু সংগঠনৰ প্ৰসাৰৰ ক্ষেত্ৰত তেওঁ অগ্ৰণী ভূমিকা পালন কৰিছিল৷ অসম ৰাজ্যিক মহিলা আয়োগ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়কে ধৰি কেবাখনো প্ৰতিষ্ঠানৰ আভ্যন্তৰীণ অভিযোগ কোষ [আই চি চি]ৰ সদস্যা হিচাপে তেওঁ লোৱা অগ্ৰণী আৰু দৃঢ় ভূমিকা তথা আপোচহীন স্থিতিয়ে এইআয়োগ বা কোষৰ অধ্যক্ষাসকলক বহু সময়ত বিমোৰত পেলাইছিল৷ সহজাত প্ৰতিবাদী এইগৰাকী নেত্ৰীয়ে য’তেই অন্যায়-অবিচাৰ-অনিয়ম-বিচ্যুতি দেখিছে, ত’তেই সাহসেৰে প্ৰতিবাদ কৰি আহিছে৷ সংগঠনৰ ভিতৰতো তেওঁ কাকো ৰেহাই দিয়া নাছিল—মাদক দ্ৰব্য সেৱনৰ দৰে কু-প্ৰবৃত্তিসমূহৰ তেওঁ আছিল ঘোৰ বিৰোধী৷ নাৰীক ভোগ্যপণ্য হিচাপে চোৱা আৰু যি কোনো লেচু উলিয়াই নাৰীৰ প্ৰতি বৈষম্যমূলক মনোভাৱ লোৱা অবদমনৰ বিৰুদ্ধে তেওঁ সদায় সৰৱ আছিল আৰু বিশ্বাস কৰিছিল যে নাৰী-পুৰুষৰ মাজৰ সুস্থ সম্পৰ্কৰ বাবে নাৰীতকৈ পুৰুষসকলকহে শিক্ষা দিয়া বেছি প্ৰয়োজন৷ নাৰী কেলেংকাৰীত যুক্ত অপৰাধীৰ প্ৰতি তেওঁ আছিল অত্যন্ত কঠোৰ৷
তেওঁ ইমানবোৰ কাম কেনেদৰে চম্ভালিব পাৰিছিল, সেয়া সঁচাকৈয়ে ভাবিবলগীয়া৷ অৱশ্যে কেতিয়াবা কেতিয়াবা নেতিবাচক ভাবো মনলৈ আহে—তেওঁ ইমানবোৰ কামত যুক্ত নহৈ নাৰী সংগঠনৰ কামতে সমস্ত শক্তি নিয়োগ কৰি কাম কেন্দ্ৰীভূত কৰা হ’লে আমি হয়তো আজিৰ পৰিস্থিতিত মাথোঁ ৰাজ্যিক স্তৰৰেই নহয়, সৰ্বভাৰতীয় স্তৰৰ পথ-প্ৰদৰ্শক মহিলা নেত্ৰী এগৰাকী পালোহেঁতেন।
সাতে-সোতৰই মিলি এক সংগ্ৰামী জীৱন অঞ্জু বৰকটকীৰ৷ তেওঁৰ জীৱন আৰু সংগ্ৰাম একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি৷ ঘৰ-সংসাৰৰ পৰা ৰাজপথলৈ, কৰ্মস্থলীৰ পৰা সামাজিক-ৰাজনৈতিক-সাংস্কৃতিক ক্ষেত্ৰখনলৈ সকলোতে সংগ্ৰাম৷ সংগ্ৰামৰ মাজতেই আছে এইগৰাকী মহিলা নেত্ৰীৰ বৰ্ণিল জীৱনৰ তাৎপৰ্য৷
যি কি নহওক, লিখিবলৈ অনেক কথাই আছে৷ তাৰে কিছুমান আমোদজনক, কিছুমান দুখজনক, কিছুমান হয়তো হতাশজনক আৰু কিছুমান আকৌ নিশ্চিতভাৱে আশাব্যঞ্জক৷ সেইবোৰ ব্যাখ্যালৈ নগৈ ট্ৰেইন জাৰ্নিৰ সময়ৰ এটা ঘটনা উল্লেখ কৰিব বিচাৰিছোঁ৷ ২০০৭ চনৰ ডিচেম্বৰ মাহ৷ শীতৰ প্ৰকোপ চৰিছে৷ অঞ্জু বাইদেউসহ আমি এটা দল শৰাইঘাট এক্সপ্ৰেছত কলকাতালৈ গৈ আছোঁ৷ ট্ৰেইনখন বৰ্ধমান ষ্টেছনৰ পৰা এৰাৰ পিচতেই আমাৰ ডবাত খোজকাঢ়ি ইফাল-সিফাল কৰি থকা এজন বৃদ্ধ লোক হঠাৎ বাগৰি পৰা দেখিলোঁ৷ ৰাতিপুৱাবলৈ কিছু সময় বাকী, বাহিৰত ঘোৰ আন্ধাৰ৷ ট্ৰেইন যাত্ৰীসকল শুই আছে৷ মই শোৱাৰ পৰা খপজপকৈ উঠিলোঁ৷ অঞ্জু বাইদেউ সাৰে আছিল৷ আমি মানুহজনৰ ওচৰলৈ আহি তেওঁক আন যাত্ৰীসকলৰ সহযোগত তুলি ধৰিলোঁ আৰু এটা চিট উলিয়াই বহিবলৈ দিলোঁ৷ তাৰ পিচত তেওঁৰ পত্নীৰ পৰা জানিব পাৰিলোঁ যে তেওঁলোক অন্য ৰে’লগাড়ীত আহি বৰ্ধমানত ৰাতি নামিলে৷ এতিয়া শিয়ালদহ যাব লাগে৷ ৰাতি বৰ্ধমানত পকেটমাৰে তেওঁলোকৰ টকা-পইচা সকলো লুট কৰি লৈ গ’ল৷ হাতত ফুটাকড়ি এটাও নাই৷ বৃদ্ধাগৰাকীয়ে কান্দি কান্দি কথাবোৰ কৈ গ’ল৷ বুজিবলৈ বাকী নাথাকিল যে বৃদ্ধ দম্পতী পকেটমাৰৰ বলি হৈ প্ৰচণ্ড বিপদত পৰিছে৷ আমি তেতিয়া যাত্ৰীসকলক বিষয়টো বুজাই দিলোঁ আৰু যি যেনেকৈ পাৰে বৃদ্ধ দম্পতীলৈ আৰ্থিক সহায় আগ বঢ়াবলৈ অনুৰোধ জনালোঁ৷ এইক্ষেত্ৰত অঞ্জু বাইদেউ আৰু জুনুৱে আগভাগ লৈছিল৷ যাত্ৰীসকলে পূৰ্ণ সহযোগিতা আগ বঢ়ালে আৰু তৎমুহূৰ্ততে কেইশমান টকা সংগ্ৰহ হ’ল৷ অঞ্জু বাইদেউ যে প্ৰকৃততে নিভাঁজ মানৱদৰদী আছিল সেইকথা সিদিনা অচিনাকি ৰেলযাত্ৰীসকলেও মৰ্মে মৰ্মে উপলব্ধি কৰিছিল৷
এতিয়া আহোঁ আন এটা কথালৈ৷ দ্বিতীয়বাৰ মগজুৰ চিৰিয়াছ অস্ত্ৰোপচাৰৰ পিচত হস্পিতেলৰ পৰা অঞ্জু বাইদেউক ৰিলিজ দিয়াৰ সময়ৰ কথা৷ ২০১৮ বৰ্ষৰ জুলাই মাহ৷ ৰোগী গুৱাহাটীৰ হেল্থ চিটি হস্পিটেলত৷ অঞ্জু বাইদেউৰ জীৱনসংগী শ্ৰীযুত লক্ষ্যধৰ কলিতাৰ পৰা জানিব পাৰিলোঁ যে ৰোগীৰ লগত তেওঁ অকলে আছে আৰু ডাক্তৰে ইতিমধ্যে ৰিলিজ অডাৰ্ৰ দি দিছে৷ তাৰ পিচত হস্পিতেলৰ বিল প্ৰস্তুতকে ধৰি যাৱতীয় কামবোৰ চলি আছে৷ লগত কমেও আৰু এজন বা দুজন মানুহ লাগে৷ ৰোগীৰ ওচৰতো কোনোবা থাকিব লাগে৷ খবৰটো জানি মই দৌৰা-দৌৰিকৈ কম সময়ৰ ভিতৰতে হস্পিতেল পালোগৈ৷ লক্ষ্যধৰ কলিতাই বিল ব্ৰাঞ্চ, ফাৰ্মাচী, কেণ্টিন—ইঠাইৰ পৰা সিঠাইলৈ, ইটো মহলাৰ পৰা সিটো মহলালৈ দৌৰা-দৌৰি কৰি আছে৷ ক’ত কিমান টকা দিব লাগে দি ফুৰিছে৷
কিছু সময় অপেক্ষাৰ পিছত হস্পিতেলৰ মূল বিলখন কলিতাৰ হাতত পৰিলহি৷ তেওঁলোকৰ হাতত থকা টকাখিনিৰ উপৰি আৰু চল্লিশ হাজাৰ মান টকা লাগে৷ অৱশ্যে বেংক একাউণ্টত সিমান টকা জমা আছে৷ গতিকে নিশ্চিন্ত, এ টি এম কাৰ্ডখন আছেই যেতিয়া যি লাগে দি দিব পাৰিব, সহজ কথা৷ পিছে সেইখিনতে বিঘিনি ঘটিল৷
তেওঁলোকৰ কাৰ্ডখনে হস্পিতেলৰ শ্বোৱাইপ মেচিনত কাম নকৰিলে৷ ফাৰ্মাচীতো চালেগৈ—তাতো কাম নকৰে৷ হস্পিতেলৰ মতে কাৰ্ডখন বেয়া হৈছে৷ কলিতা পিছে অভাৰ কন্ফিডেণ্ট—কাৰ্ডখন ঠিকেই আছে৷ হস্পিতেলৰ মেছিনটোহে বেয়া৷
মই ডাঙৰ সমস্যাত পৰিলোঁ৷ মোৰ পক্ষে চল্লিশ হাজাৰ টকা যোগাৰ কৰি দিয়া সম্ভৱ নহয়৷ বাহিৰৰ পৰা কোনোবা আত্মীয়ই ধন দিলেও একাউণ্টততে জমা দিব—কাৰ্ডখন ঠিক নাথাকিলে উলিয়াব কেনেকৈ বুলি মনতে ভাবিলোঁ, অঞ্জু বাইদেউ সুস্থ থকা হ’লে এই সমস্যাটোৰ সমাধানৰ কথা আমি ভাবিবই নালাগিলহেঁতেন৷
কাৰ্ডখন ঠিক আছে নে নাই এ টি এম-ত কনফাৰ্ম কৰা যাওক৷ ঠিক থাকিলে কুৰি হাজাৰকৈ দুবাৰত চল্লিশ হাজাৰ টকা উলিয়াব পৰা যাব৷ সমস্যাও শেষ হ’ব৷ দায়িত্ব পৰিল মোৰ ওপৰত৷ ভৰদুপৰীয়া৷ প্ৰখৰ ৰ’দ৷ উৎকট গৰম৷ কলিতাই কাৰ্ডখন মোৰ হাতত তুলি দিলে আৰু লগতে কাগজ এটুকুৰাত পিন নম্বৰটো লিখি দিলে৷ মই খোজকাঢ়ি গৈ এ পি এছ চিৰ সমীপৰ এ টি এমটো পালোঁগৈ৷ তাত অৱশ্যে বেছি ভিৰ নাছিল৷ হয়তো অত্যধিক গৰমৰ বাবে।
কাৰ্ডখন ভৰাই অতি সাৱধানে কাগজ টুকুৰা চাই পিন নম্বৰটো টিপিছোঁ৷ বুজিব পাৰিলোঁ এ টি এমত টকা আছে৷ প্ৰছেছিং হৈছে৷ কাৰ্ডখনো ঠিকেই আছে৷ মনটো ভাল লাগি গ’ল—যি কি নহওক, কিছু পলমকৈ হ’লেও সমস্যাটো সমাধান হ’ব৷ পিছে বিঘিনি নাতৰিল৷ প্ৰথমবাৰত উইড্ৰৱেল দিছিলোঁ কুৰি হাজাৰ টকাৰ৷ পিছে টকা ওলাল ১৪,৫০০৷ এঘাৰখন পাঁচশ টকীয়া নোট কমকৈ আহিল৷ মই সাংঘাতিক বিপদত পৰিলোঁ৷ তেতিয়া বাৰে বাৰে ভাব হৈছিল ‘আহিছিলোঁ সহায় কৰিম বুলি, সহায় কৰাতকৈ তেওঁলোকক বিপদত পেলোৱাহে হ’ল’৷ আনৰ কাৰ্ডৰ পিন নম্বৰ লৈ টকা উলিয়াবলৈ যোৱাটোৱেই ভুল৷ মনতে ভাবিলোঁ, এইবাৰৰ পৰা সেই ভুল কেতিয়াও নকৰোঁ৷ যি কি নহওক, পুনৰ কুৰি হাজাৰ উইড্ৰৱেলৰ বাবে বুটাম টিপিলোঁ। সেইকোবত কোনো হীন-দেঢ়ি নোহোৱাকৈ কুৰি হাজাৰ টকাই ওলাল৷
টকাখিনি লৈ লৰালৰিকৈ হস্পিতেলৰ কেবিন পালোগৈ৷ লক্ষ্যধৰ কলিতা আৰু ৰোগী অঞ্জু বৰকটকী উদ্গ্ৰীৱ হৈ ৰৈ আছে৷ পেণ্টৰ পকেটৰ পৰা টকাখিনি উলিয়াই দিলো৷ ৫,৫০০ টকা কম৷ সিটো পকেটত মোৰ নিজা কিছু টকা আছিল৷ সেইখিনিও উলিয়াই দিলোঁ—পাঁচ হাজাৰ টকা৷ লগতে সেই টকাখিনি যে মোৰ নিজৰ সেই কথা স্পষ্ট কৰি দিলোঁ৷ তদুপৰি জোৰ দি ক’লোঁ বেংকৰ একাউণ্ট থকা ভাৰতীয় ষ্টেট বেংকৰ মৰাণ শাখাত অভিযোগ দিব লাগিব৷ কলিতাই তেওঁলোকৰ দ্বাৰা এতিয়া অভিযোগ দিয়াও সম্ভৱ নহ’ব বুলি জনাই দিলে—ৰোগীকে চাব নে, বেংকে বেংকে অভিযোগ দি ফুৰিব? টকা যি গ’ল গ’ল, অভিযোগ দি জানোঁ লাভ আছে? মৰাণলৈ যোৱাৰ সময়েই বা ক’ত? সেই মুহূৰ্তত মই কিমান গভীৰ অপৰাধবোধত ভুগিছিলোঁ তাক ভাষাৰে কেতিয়াও প্ৰকাশ কৰিব নোৱাৰি৷
ডিজিটেল ইণ্ডিয়াৰ কথা কোৱা বা কেচলেচ ব্যৱস্থাৰ গুণ-গান গোৱাসকলৰ প্ৰতি আমাৰ মন প্ৰচণ্ড খং আৰু ঘৃণাত উপচি পৰিছিল৷ কেৱল সেইবাৰেই নহয়, তাৰ দুবছৰমান পূৰ্বেও মোক কেচলেচ ব্যৱস্থাই নাগুৰ-নাকটি কৰিছিল৷ গুৱাহাটীৰ এটা ষ্টেট বেংকৰ শাখাত কাৰ্ডেৰে নামভৰ্তিৰ ধন জমা দিলো৷ বেংকৰ কৰ্মচাৰীজনে কাৰ্ড নম্বৰটো এণ্ট্ৰি কৰি মোক ক’লে যে কম্পিউটাৰত কোনো মেছেজ অহা নাই, গতিকে টকাটো যোৱা নাই৷ তেওঁ লগতে মোক সুধিলে—আকৌ এবাৰ কৰি চাওঁ নে? পুনৰ এণ্ট্ৰি কৰিলে৷ সেইবাৰো কোনো মেছেজ নাহিল৷ তাৰ পিছতেই মই বন্ধ কৰিবলৈ ক’লোঁ আৰু নগদ ধন দি নামভৰ্তিৰ ব্যৱস্থা কৰিলোঁ৷
সেইবাৰ কেচলেচ ব্যৱস্থাই মোক ডাঙৰ বিপদত পেলালে৷ একাউণ্ট আপডেট কৰি জানিব পাৰিলোঁ যে দুয়োবাৰেই টকা একাউণ্টৰ পৰা কাটি নিছে; অথাৰ্ৎ দুয়োবাৰেই কম্পিউটাৰত মেছেজ অহা নাছিল যদিও ধন ঠিকেই একাউণ্টৰ পৰা ওলাই গৈছিল৷ বেংক কৰ্মচাৰীৰ ভুল বা অজ্ঞতা অথবা ছিষ্টেমৰ বিজুতিৰ বাবে সেই ঘটনা ঘটিবলৈ পালে৷ সেই ওলাই যোৱা কেইবাহাজাৰো ধন পুনৰ একাউণ্টলৈ ঘূৰি আহোঁতে ছমাহৰো অধিক সময় লাগিল, তাকো বহুবাৰ অভিযোগ দিয়াৰ পিছত৷
ছিৰিয়াছ ৰোগত ভুগি থকা এগৰাকী ৰোগীৰ একাউণ্টৰ পৰা এনেদৰে পাঁচ হাজাৰৰো অধিক ধন অন্তৰ্ধান হৈ যোৱাটো কোনে সহ্য কৰিব? অভিযোগ দিয়াৰ কথাটো মই বাৰে বাৰে ক’লোঁ৷ অৱশ্যে জানিব পাৰিলোঁ যে কিছুদিনৰ পিছত কলিতাই মৰাণ শাখাত এ টি এমত টকা কম ওলোৱাৰ অভিযোগ দাখিল কৰে যদিও শাখা পৰিচালকৰ পক্ষৰ পৰা ‘বিষয়টো চাম বাৰু’ ধৰণৰ আনুষ্ঠানিক প্ৰত্যুত্তৰৰ বাহিৰে আন সদুত্তৰ নাপালে৷ এনেদৰে ছমাহমান পাৰহৈ গ’ল৷ এদিন হঠাৎ ম’বাইলত মেছেজ আহিল যে ৫,৫০০ টকা একাউণ্টত সোমাই গৈছে৷ তাৰ উপৰঞ্চি কেইটামান সুদৰ টকা৷ যি কি নহওক, অৱশেষত মই অপৰাধবোধৰ পৰা মুক্ত হ’লোঁ৷ কেচলেচ ব্যৱস্থাত হোৱা এনে সমস্যাবোৰ বেংক কতৃৰ্পক্ষই তৎপৰতাৰে সমাধান কৰা দৰকাৰ, অন্যথা সেই আধুনিক ব্যৱস্থাটোৰ প্ৰতি মানুহ বিতুষ্ট হৈ পৰিব৷
অঞ্জু বাইদেউৰ দুৰাৰোগ্যৰ চিকিৎসা নিজৰ পথেৰে আগ বাঢ়িছিল৷ সেই পথ প্ৰচণ্ড প্ৰত্যাহবানপূৰ্ণ৷ সাফল্য যেনেকৈ থাকে, ঠিক তেনেদৰে অনেক সীমাবদ্ধতাও আছিল৷ বহুক্ষেত্ৰত ৰোগ নিঃশেষ কৰাৰ জোখাৰে চিকিৎসা তথা গৱেষণা ব্যৱস্থা আগ বঢ়া নাই৷ সেইবাবেই বহু ৰোগী আজিকালি বিকল্প চিকিৎসাৰ কাষ চাপিছে৷ সামৰ্থহীন এচাম লোকে আকৌ জৰা-ফুকা তথা বেজ-বেজালিৰ পাকচক্ৰত পৰি ত্ৰাহিমধুসুদন দেখিছে৷ আমি আশাবাদী, অদূৰ ভৱিষ্যতে নৱপ্ৰজন্মই সীমাবদ্ধতা অতিক্ৰম কৰিব আৰু সমগ্ৰ মানৱ জাতিৰ বাবে শুভ বাৰ্তা কঢ়িয়াই আনিব৷
সকলোকে কন্দুৱাই যোৱা ১১ ডিচেম্বৰৰ মাজ ৰাতি অঞ্জু বৰকটকীয়ে চিৰবিদায় ল’লে৷ তেওঁক আৰু কেতিয়াও লগ নাপাম যদিও তেওঁ দি যোৱা চিন্তা-ধাৰা আৰু কৰি যোৱা কৰ্মৰাজিয়ে তেওঁক আমাৰ মাজত চিৰসজীৱ কৰি ৰাখিব৷ শেষত সক্ৰিয়, সাহসী, স্পষ্টবাদী, গতিশীল, বুদ্ধিদীপ্ত, তৎপৰ, সংগ্ৰামী নেত্ৰী অঞ্জু বৰকটকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গৰ শোকৰ সমভাগী হৈছোঁ৷