পিপ'ল্‌ছ ফটোগ্ৰাফি

“পিপ’লছ ফটোগ্ৰাফি”- (অচ্যুৎ মাধৱ দাস)

কেমেৰাটো লৈ যেতিয়া বাহিৰলৈ ওলাই যাওঁ, চৌপাশে দেখি থকা জীৱন আৰু অনবৰত চলি থকা সংগ্ৰামৰ ফ্ৰেমবোৰ কিছুমান ধৰি ৰাখিব পাৰিছোঁ কিছুমান পৰা নাই। ধৰি ৰখা বহুতো ফ্ৰেম আকৌ বাস্তৱৰ পটভূমিক ন্যায় দিব পৰাকৈ ছবি এখন হৈ উঠা নাই। তাৰ মাজৰে দুই-এখন ছবি আপোনালোকলৈ আগবঢ়ালোঁ।
মোৰ তলৰ ছবিবোৰ কিছুমানৰ শিৰোনাম আছে কিছুমান নাই। মই ছবিবোৰ যিহেতু People’s Political Photographyৰ perspective পৰা তুলিছোঁ, সেয়েহে মোৰ ছবিবোৰত বিশুদ্ধ ‘Art’ বিচাৰিলে নাক কোঁচ খোৱাটোৱেই স্বাভাৱিক। এই সমাজ ব্যৱস্থাৰ পৰিবৰ্তনৰ উত্তৰ এটা লৈয়েই যদিও ফ্ৰেমবোৰ compose কৰা হৈছে, তাৰপিচতো কিন্তু প্ৰত্যেকখন ছবিতেই আচলতে এটা প্ৰশ্ন তুলি ধৰিবলৈহে যত্ন কৰিছোঁ, উত্তৰ নহয়।
ছবি কেইখন প্ৰকাশৰ আগ্ৰহ প্ৰকাশ কৰাৰ বাবে ‘মুক্ত চিন্তা’লৈ ধন্যবাদ।

3 thoughts on ““পিপ’লছ ফটোগ্ৰাফি”- (অচ্যুৎ মাধৱ দাস)

  • হৃষীকেশ বৰপূজাৰী

    সচাকৈয়ে কেতবোৰ জীৱন্ত ছবি। আমাৰ ইয়াত ফটোগ্ৰাফী মানে হৈছে পাহাৰ-পৰ্বত-নিজৰা আন যেন একো নাই। তেনেধৰণৰ প্ৰকৃতিৰ শোভা বিচৰা ফটোগ্ৰাফৰ গুৰুত্ব সচাকৈয়ে আছে। কিন্তু ফটোগ্ৰাফৰ দায়িত্ব ইয়াতে শেষ নহয়। সমাজৰ নিষ্ঠুৰতা, চৰকাৰী বৰ্বৰতাৰ চিত্ৰসমূহক ধৰি ৰখাটোও অতি জৰুৰী। বহুসময়ত বাস্তৱৰ সৌন্দৰ্য আৰু নিষ্ঠুৰতাক ফটোগ্ৰাফ এখনে সম্পূৰ্ণৰূপে ন্যায় প্ৰদান কৰিব নোৱাৰা যেন ও ভাব হয়। এইক্ষেত্ৰত ফটোগ্ৰাফাৰ দায়িত্ব অধিক আৰু এই দায়িত্ব আহে আদৰ্শৰ পৰা। অচ্যুত মাধৱ দাসক অশেষ ধন্যবাদ।

    Reply
  • Hrisikesh barpujari

    John Henry শীৰ্ষক ফটোখনে‌ এক বিশেষ তুলনা, এক প্ৰকাৰৰ যেন প্ৰতিযোগিতাক প্ৰতিনিধিত্ব কৰিছে আমাৰ তেনে ভাৱ হয়। ট্ৰাকখনে যদি শক্তিশালী ব্যৱস্থাটোক প্ৰতিনিধিত্ব কৰে, তেন্তে ঠেলাত গধুৰ বোজা কঢ়িয়াই নিয়াটোৱে সেই ব্যৱস্থাটোৰ বিপৰীতে প্ৰত্যাহ্বান হৈ থিয় দিবৰ ক্ষমতা ৰখা শ্ৰমিক শ্ৰেণীটোক প্ৰতিনিধিত্ব কৰিছে। ট্ৰাকখনে তুলনামূলকভাৱে ঠেলাখনতকৈ অধিক বোজা কঢ়িয়াব‌ পাৰে, গতিকে ঠেলাখন টানি নিয়া শ্ৰমিকজনৰ শ্ৰমৰ মূল্যায়ন আমি কিদৰে কৰিম? এইধৰনৰ চিন্তা খোৰাক পালোঁ ফটোগ্ৰাফখনত। কিন্তু যদি ফটোগ্ৰাফাৰে ফটোখনত কেৱল সেই তুলনাক দেখাব বিচাৰিছে তেন্তে তেখেতে বেকগ্ৰাউণ্ডটো প্ৰয়োজনাধিক ব্লাৰ কৰিছে যেন লাগে। দ্বিতীয়তে যদি ট্ৰাকখনতকৈ ঠেলাচালকজনক শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰিব বিচাৰিছে বা এই শক্তিশালী ব্যৱস্থাটোৰ বিৰূদ্ধে শোষিত শ্ৰমিক শ্ৰেণীটোক বেছি শক্তিশালী হিচাপে প্ৰতিপন্ন কৰিব বিচাৰিছে তেন্তে ঠেলাচালকজন আৰু অধিক ফোকাছত আহিলে ফটোখন বেছিকৈ জীৱন্ত হৈ উঠিব বুলি আমাৰ ভাৱ হয়।
    আকৌ মাৰ্কেট ৰিভিউ শীৰ্ষক ফটোখনত side বোৰ প্ৰয়োজনাধিক এডিট হৈছে যেন লাগিল। কিয়নো ব্লাৰ্‌দ এলিমেন্ট সমূহো চিত্ৰখনে প্ৰতিনিধিত্ব কৰা ব্যৱস্থাটোৰে অংশ বুলি আমি ভাবো।
    বাকী ফটোগ্ৰাফ কেইখনে আমাক বৰকৈ আকৃষ্ট কৰিছে। উচ্ছেদৰ কি জীৱন্ত প্ৰতিচ্ছবি! এনেধৰণৰ ফটোগ্ৰাফৰ শিতান এটিৰ সংযোজন কৰাৰ বাবে মুক্তচিন্তাক ধন্যবাদ।

    Reply
  • অচ্যুত মাধৱ দাস

    হৃষীকেশ বৰপূজাৰী আপোনাৰ দুয়োটা মন্তব্যৰ বাবে ধন্যবাদ জনালোঁ। মন্তব্য দুটা মোৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু প্ৰেৰণাদায়ক।
    ফটো তুলি ভালপাওঁ। কিন্তু বিষয়টো চিৰিয়াছকে লোৱা হোৱা নাছিল। দুজনমান বন্ধুৰ প্ৰেৰণাত লাহে লাহে বিষয়টো গুৰুত্ব সহকাৰে ল’বলৈ ধৰিছোঁ।
    লাহে লাহে বুজি উঠিছোঁ ফটোগ্ৰাফি কি যে এক সাংঘাতিক শক্তিশালী মাধ্যম। ফটোগ্ৰাফিক কোনো ভাষাৰ সীমাই বান্ধি ৰাখিব নোৱাৰে, ইয়াৰ ভাষা সাৰ্বজনীন লগতে দুৰ্দান্ত ভাবে Thought provoking. পিছে আপুনি কোৱাৰ দৰেই ইয়াৰ পাছতো কিন্তু আমাৰ অসম মুলুক ইয়াৰ চিৰিয়াছ চৰ্চাৰ তেনেই চালুকীয়া, বিশেষকৈ পিপ’লছ ফটোগ্ৰাফিৰ ক্ষেত্ৰত। সেয়েহে আমি ভাবোঁ সংগঠিত ৰূপত ইয়াৰ চৰ্চা খুবেই গুৰুত্বপূৰ্ণ হৈ পৰিছে।

    জ’ন হেনৰী ফটো খনৰ ওপৰত আপোনাৰ বিশ্লেষণ খুবেই মনোগ্ৰাহী হৈছে। আমি যেতিয়া পথত সেই ফ্ৰেমটো দেখিছিলোঁ এইধৰণৰ কিছু চিন্তাই আমাৰ মনলৈ আহিছিল। কিন্তু পৰিস্থিতি এনে তাৎক্ষণিক আছিল যে ফোকাচ কৰাৰ দৰে কাৰিকৰী কথা কিছুমানৰ বাবে সময় বেচ লৰালৰি হৈছিল। গতিকে ফটোখন আৰু কিছু শক্তিশালী হোৱাৰ সম্ভাৱনা থাকি গ’ল। বাকী ট্ৰাকখন ব্লাৰ কৰাৰ উদ্দেশ্য আছিল জ’ন হেনৰী যাতে আৰু শক্তিশালী ৰূপত সমুখলৈ আহে। “মাৰ্কেট ৰিভিউ” ফটোগ্ৰাফখনৰ পৰামৰ্শখিনি নিশ্চয় মন কৰিম…

    শেষত আপোনালৈ পুনৰবাৰ ধন্যবাদ জনালোঁ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *