৬ষ্ঠ বছৰ(প্ৰথম সংখ্যা)অতিথি সম্পাদকৰ চ'ৰাষষ্ঠ বছৰ

শৰীৰ, ব্যাধি আৰু অন্ধবিশ্বাস -(সাগৰিকা পাঠক)

একবিংশ শতিকা বিজ্ঞান সভ্যতাৰ জখলাত যিমানেই আগুৱাই গৈ আছে, সিমানেই ক্ষুদ্ৰাতিক্ষুদ্ৰ অণুজীৱৰ পৰা আৰম্ভ কৰি অতিকায় যন্ত্ৰ-পাতি, অত্যাধুনিক বাহনলৈকে সকলো বস্তুৱেই মাথোঁ হাতৰ পুতলা হৈ পৰিছে। সামাজিক, পাৰিৱেশিক, পৰিয়ালকেন্দ্ৰিক, শৈক্ষিক, ৰাজনৈতিক, অৰ্থনৈতিক অথবা চিকিৎসাৰ ক্ষেত্ৰখনত বিজ্ঞানে যে এক বিস্তৃত পৰিসৰৰ ক্ষেত্ৰ বিস্তাৰ কৰিছে সেয়া নিশ্চয়কৈ কাৰো অবিদিত নহয় অথবা নতুনকৈ সৰল ভাষাত বুজাই দিয়াৰ প্ৰয়োজনো নাই। অন্য ক্ষেত্ৰৰ সমান্তৰালভাৱে বিজ্ঞানে চিকিৎসা বিদ্যাৰ ক্ষেত্ৰখন সম্পূৰ্ণকৈ নিজৰ আয়ত্বলৈ আনি লৈছে। আজিৰ যুগত ধৰা পৰা বিভিন্ন অচিন তথা ভয়ংকৰ ৰোগৰ চিনাক্তকৰণকে ধৰি সুচিকিৎসাৰ ক্ষেত্ৰত এতিয়া বিজ্ঞান প্ৰায় ৯০% সফল।

কিন্তু বিজ্ঞানৰ এই জয়যাত্ৰাত ফেপেৰি পাতি ধৰে কিছু লোকৰ মনত সোমাই থকা অন্ধবিশ্বাস আৰু কুসংস্কাৰে। শুনিবলৈ অপ্ৰিয় তথা অবিশ্বাস্য হ’লেও চহৰ-নগৰ ভেদে পৃথিৱীৰ প্ৰায় ৪০% মানুহে এতিয়াও অন্ধবিশ্বাসক সাৰথি কৰি জীৱন যাত্ৰাত আগুৱাই আছে। আধুনিক সভ্যতাৰ আধুনিক প্ৰভাৱে এতিয়াও এইচাম মানুহৰ গা লৰাব পৰা নাই। দিনক দিনে যিদৰে চমৎকাৰী বিজ্ঞানে উন্নতিৰ উচ্চ শিখৰত আৰোহণ কৰিছে, তাৰ পিছতো এই চাম লোকে পূৰ্বৰ ৰীতি-নীতি অথবা লোক বিশ্বাসৰ আধাৰত চিকিৎসা পদ্ধতি, স্বাস্থ্য ৰক্ষা তথা অন্যান্য সামাজিক আৰু দৈনন্দিন কাৰ্য্যসমূহ পৰিচালিত কৰি আহিছে। উন্নত বিজ্ঞান ব্যৱস্থাক উলাই কৰি এতিয়াও তেওঁলোকে বিভিন্ন ৰোগৰ উপশম হিচাপে এই অন্ধবিশ্বাসসমূহকেই সাৱটি আছে ৷

প্ৰায়েই দেখা যায় যে বৈজ্ঞানিক ধ্যান-ধাৰণাৰে পুষ্ট হোৱাৰ পাছতো বহুতো শিক্ষিত লোকে ওজা-বেজালি-তান্ত্ৰিক আদিৰ তথাকথিত অতি-শক্তিৰ ওচৰত মুৰ দোঁৱায়৷ ইয়াৰ এটা সহজলভ্য প্ৰমাণ স্বৰূপে বাতৰি কাকতৰ দুটামান পৃষ্ঠা লুটিয়ালেই দেখা পোৱা বিভিন্নধৰণৰ বেজ-বেজালিৰ সন্দেহজনক বিজ্ঞাপনৰ কথাকেই ক’ব পাৰি কিম্বা কিছুমান টিভি চেনেলৰ ব্ৰেকিং নিউজৰ তলতে সৰু সৰু আখৰেৰে ওলাই থকা বশীকৰণ তাবিজ দিয়া তান্ত্ৰিকৰ বিজ্ঞাপনৰ কথাও উনুকিয়াব পাৰি৷ বৰ্তমানৰ অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ অৱদান কৃত্ৰিম উপগ্ৰহৰ সংকেত ব্যৱহাৰ কৰি বিভিন্ন ঠাইৰ পৰা একে সময়তে কেইবাটাও সংস্কৰণ প্ৰকাশ কৰা বাতৰি কাকতসমুহত প্ৰকাশিত বেজ-বেজালিৰ বিজ্ঞাপনবোৰে বিজ্ঞানৰ জয়যাত্ৰাক একপ্ৰকাৰে উপহাস কৰি আহিছে। বাতৰি কাকত, দূৰদৰ্শন ইত্যাদি সমাজৰ দাপোন স্বৰূপ। পৃথিৱীৰ চুকেকোণে ঘটি থকা ঘটনাৰাজি অথবা অন্যান্য ক্ষেত্ৰসমূহ মানুহৰ আগত পৰিৱেশন কৰাৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। দেশৰ প্ৰায় আটাইখিনি মানুহেই প্ৰচাৰিত বাতৰিৰ ওপৰত ভিত্তি কৰিয়েই দৈনন্দিন জীৱনৰ অন্যান্য কামবোৰ চম্ভালে। কিন্তু তেনেস্থলত কেৱল নিজৰ মুনাফা আদায়ৰ বাবে এই চেনেল তথা বাতৰি কাকতসমূহে বিভিন্ন ধৰণৰ অনৰ্থক বাতৰি পৰিৱেশন কৰি, বিভিন্ন অসাধু ব্যক্তি অথবা ভণ্ড বাবাজীৰ তন্ত্ৰ-মন্ত্ৰৰ কথা প্ৰচাৰ কৰি বহুতো শিক্ষিত লোককো আনকি বিপথে পৰিচালিত কৰে৷ এই কবচ-মাদুলী-তাবিজ পৰিধান কৰাজনৰ জীৱন কিমান সুখকৰ হয় সেয়া বিচাৰি চালে হাঁহি উঠা কিছুমান তথ্যহে পোৱা যায় যদিও এই বিজ্ঞাপনৰ নামত টিভি চেনেল, বাতৰি কাকত আৰু বিক্ৰেতাসকলে এক সন্তোষজনক উপাৰ্জন লাভ কৰাটো নিশ্চিত৷ বিশ্বৰ বিজ্ঞানীসকলে শক্তিশালী দুৰবীক্ষণ যন্ত্ৰ আৰু অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰেৰে আৱিষ্কাৰ কৰি সকলো পৰিষ্কাৰ কৰি দিছে যে ৰাহু-কেতু সৌৰজগতৰ দুটি উপগ্ৰহহে মাথোঁ, ইয়াৰ সৈতে কাৰোৰে ভাগ্য বা জীৱনৰ সম্পৰ্ক একো নাই৷ কিন্তু হাস্যকৰ কথা এইটো যে এইবোৰৰ দ্বাৰা প্ৰাপ্ত হোৱা দোষ খণ্ডাবলৈ সমাজৰ অলেখ মুধাফুটা ব্যক্তিৰ আঙুলিত তিৰবিৰাই থকা অজস্ৰ আঙঠিয়ে আচলতে এনেবোৰ অসাধু লোককহে ধনী কৰা দেখা যায়, পিন্ধোতাসকলৰ কথা নক’লোৱেই বা৷

অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চল আৰু ভাৰতবৰ্ষৰ চুকে কোণে ঠাইবিশেষে বিভিন্ন ধৰণৰ অন্ধবিশ্বাস প্ৰচলিত হৈ আহিছে। আৰু প্ৰধান কথা এয়ে যে এনেকুৱা ঘটনাবোৰ শিক্ষিত-অশিক্ষিত, ধনী-দুখীয়া নিৰ্বিশেষে সকলোৰে লগত সংঘটিত হৈ আহিছে। উদাহৰণ হিচাপে চাবলৈ গ’লে ছোৱালীবোৰৰ কন্যাকাল প্ৰাপ্তি হোৱা সময়ছোৱা তথা মাহেকীয়া ঋতুচক্ৰৰ সময়ছোৱাত পালন কৰা নিয়মসমূহেই প্ৰধান। অসমকে ধৰি ভাৰতৰ বহু ৰাজ্যত কন্যাকাল প্ৰাপ্তি হোৱাৰ লগে লগে ছোৱালীজনীক ৩দিন ধৰি একো খাবলৈ নিদি এটি কোঠাত সুমুৱাই থয়। লগতে সেইদিনকেইটা তেওঁলোকক আইনাত মুখ চাবলৈ দিয়া নহয়, গা ধুবলৈ দিয়া নহয় আনকি পুৰুষৰ মুখ পৰ্যন্ত দৰ্শন কৰিবলৈ দিয়া নহয়। মাহেকীয়া ঋতুচক্ৰৰ সময়ত ছোৱালীজনীক একো চুবলৈ দিয়া নহয়, ৰান্ধনীঘৰত সোমাবলৈ দিয়া নহয়৷ কিন্তু এই পদ্ধতিৰ আৱিৰ্ভাৱ হ’ল ক’ত? প্ৰাচীন কালত আজিৰ দৰে আধুনিক সামগ্ৰী যেনে চেনিটাৰী নেপকিন ইত্যাদিৰ প্ৰচলন নাছিল। সাধাৰণ কাপোৰ ব্যৱহাৰ কৰি তেওঁলোকে ৰক্তক্ষৰণত বাধা দিছিল। সেয়ে ৰাজস্থানত ছোৱালীসমূহৰ এই অসুবিধাৰ প্ৰতি লক্ষ্য কৰি তাৰ মানুহবোৰে তেওঁলোক ৩-৪ দিন কাম কৰিবলৈ বাধা প্ৰদান কৰিছিল যাতে অবাঞ্ছিত পৰিস্থিতিৰ সন্মুখীন হ’ব লগীয়া নহয়। ৰান্ধনীঘত বা সামাজিক অনুষ্ঠান আদিত সোমাবলৈ বাধা প্ৰদান কৰিছিল যাতে তাত হোৱা মানুহৰ সমাগম তথা অসুস্থ বাতাবৰণৰ পৰা ছোৱালীজনীলৈ একো বেমাৰ বিয়পিব নোৱাৰে। প্ৰচুৰ ৰক্তক্ষৰণৰ বাবে যিহেতু ছোৱালীজনী অসুস্থ তথা দুৰ্বল হৈ পৰাৰ সম্ভাৱনা থাকে, সেয়ে তেওঁলোকক কাম কৰিবলৈ দিয়া নহৈছিল। তাকেই মুখ বাগৰি বাগৰি নানা ৰস সানি ধৰ্মীয় দৃষ্টিভংগীৰে বৰ্তমান সময়ত ছোৱালীজনীক সেই বিশেষ ৩দিন সকলো ক্ষেত্ৰতে বৰ্জন কৰা হয়।

আন এক উদাহৰণ হৈছে বসন্ত ৰোগৰ প্ৰতিষেধক। এডৱাৰ্ড জেনাৰে কেতিয়াবাই বসন্তৰ প্ৰতিষেধক আৱিষ্কাৰ কৰি গৈছিল। নিঃসন্দেহে এই ছিটা ব্যৱহাৰ কৰি সমগ্ৰ পৃথিৱীৰ লোক আৰোগ্য হৈছে আৰু আগলৈও হৈ থাকিব। কিন্তু ওপৰত উল্লেখ কৰা মতেই ১০টা মিঠা আমৰ মাজত ২টা টেঙা আম থকাৰ দৰেই এতিয়াও ঠাইবিশেষে বহুত এনেকুৱা মানুহ আছে যিয়ে নেকি অন্ধবিশ্বাসৰ মাজেৰে এই ৰোগবিধৰ পৰা পৰিত্ৰাণ পাবলৈ বিচাৰে। বিভিন্ন ধৰণৰ নাম প্ৰসংগ অনুষ্ঠিত কৰি, বেজৰ পৰা জৰা-ফুকা কৰি, পানী ছটিয়াই শীতলা আইক সন্তুষ্ট কৰিবলৈ বিচাৰে। বহুত মানুহে আনকি ৰোগীক ডাক্তৰৰ ওচৰলৈ নিয়া দূৰৰ কথা, ৰোগ সংক্ৰমণৰ ভয়ত ৰোগীৰ ওচৰ নাচাপে। ফলত ৰোগীজন বহু জটিল সংক্ৰমণৰ চিকাৰ হোৱাৰ লগতে বহু ৰোগী আনকি অকালত মৃত্যুমুখত পৰে।

একেদৰেই সাপে খুটিলেও ডাক্তৰৰ ওচৰলৈ নিয়াৰ সলনি বেজৰ দ্বাৰা জৰা ফুকা কৰি ৰোগীজনক অভাৱনীয় মৃত্যুৰ মুখলৈ ঠেলি দিয়ে। আনকি মৃত্যুৰ পিছতো ৰোগীৰ শ দাহ নকৰি ভেল বনাই নৈত উটুৱাই দিয়ে। বিশ্বাস অনুসৰি কোনো সেই শটো যেতিয়া উটি গৈ কোনো অঘৰী মানুহৰ হাতত পৰিব, তেওঁলোকে বনৌষধিৰ দ্বাৰা মৃত ব্যক্তিজনক জীয়াই তুলিব আৰু সুস্থ শৰীৰে ঘৰলৈ ঘূৰি আহিব। আনকি পশ্চিম বংগৰ বহুত ঠাইত কোনো মহিলাক কুকুৰে কামুৰিলে মহিলা গৰাকী গৰ্ভৱতী হয় আৰু কুকুৰ পোৱালী জন্ম দিয়ে বুলি বিশ্বাস কৰে। তাৰেই সুবিধা লৈ এচাম ভণ্ড সাধুৱে বিভিন্ন ঔষধ প্ৰদান কৰি, আঙঠি-মালা প্ৰদান কৰি নিজৰ বেপাৰ ৰমৰমীয়া কৰি তোলে। অস্পৃশ্যতাৰ দোহাই দি বহুত শিক্ষিত পৰিয়ালত বোৱাৰী-জীয়ৰীক বিভিন্ন ধৰণৰ অত্যাচাৰ কৰা হয়।

অকল ভাৰতবৰ্ষতেই নহয়, বিদেশতো এনেকুৱা অন্ধবিশ্বাসৰ প্ৰচুৰ উদাহৰণ পোৱা যায়। ১৮৭২ চনত  W B Cheadde-এ এটা প্ৰবন্ধত লিখিছিল যে পৃথিৱীত এতিয়াও এনে কিছুমান ঠাই আছে য’ত প্ৰকৃতিৰ সমূহ ৰহস্যক অন্ধবিশ্বাসৰ দৃষ্টিৰে চোৱা হয় আৰু বিভিন্ন ৰোগৰ ঔষধসমূহক ধৰ্মৰ ভিত্তিত বিভাজন কৰা হয়। আনকি এনে কিছুমান জনগোষ্ঠী আছে য’ত নেকি মন্দিৰৰ পুৰোহিত আৰু এজন ডাক্তৰৰ মাজত কোনো বিভেদ নাই। Scarlet নামৰ জ্বৰবিধ সাধাৰণতে এবিধ বেক্টেৰিয়াজনিত ৰোগ। Streptococci নামৰ বেক্টেৰিয়াবিধৰ দ্বাৰা সৃষ্টি হোৱা এই ৰোগবিধ শিশুসকলৰ ক্ষেত্ৰত হোৱা দেখা যায়। কিন্তু কিছুমান এনেকুৱা মানুহ আছিল যিয়ে নেকি মাত্ৰ নামটোৰ ওপৰত ভিত্তি কৰি Scarlet Curtain নামৰ বিখ্যাত দোকানখনৰ পৰা কাপোৰ আনি ৰোগীক মেৰিয়াই থৈছিল। জণ্ডিজৰ চিকিৎসাৰ বাবে কোনো বৈজ্ঞানিক যুক্তি অবিহনে  এবিধ হালধীয়া গুৰি ব্যৱহাৰ কৰিছিল, ভেকুলীৰ শ্বাসতন্ত্ৰক Aasthma ৰোগৰ প্ৰতিষেধক হিচাপে ব্যৱহাৰ কৰিছিল। ইজিপ্তৰ কিছুমান মানুহে এতিয়াও বিশ্বাস কৰে যে বিভিন্ন ৰোগসমূহ মাত্ৰ তেওঁলোকৰ ইহ অথবা পূৰ্বজন্মৰ পাপৰ ফল। সেয়ে তেওঁলোকে নিজৰ মাজতেই কিছুমান দেৱ-দে‍ৱী বনাই লৈ তেওঁলোকক সন্তুষ্ট কৰিবলৈ অদ্ভূত সোৱাদ আৰু গোন্ধযুক্ত কিছুমান নিচাজাতীয় দ্ৰৱ সেৱন কৰিছিল।

বিচাৰিলে এনেকুৱা উদাহৰণ আৰু বহুত পোৱা যাব। আমাৰ অলক্ষিতে চাগে পৃথিৱীত আৰু ক’ত, কিমান কেনেকুৱা ধৰণৰ অন্ধবিশ্বাস প্ৰচলিত হৈ আহিছে আৰু তাৰ ভয়াৱহতা কিমান আমি হয়তো অনুমানো কৰিব নোৱাৰিম। ইয়াক সম্পূৰ্ণকৈ নিৰ্মূল কৰা অসম্ভৱ যেন লাগিলেও অসাধ্য নহয়। ইয়াক নিৰ্মূল কৰাৰ প্ৰধান উপায় হৈছে জনজাগৰণ। মানুহবোৰে নিজে সজাগ হোৱাৰ উপৰি আন দহজনকো সজাগ কৰিব পাৰিব লাগিব আৰু সজাগ কৰিবই লাগিব। বিজ্ঞানৰ বিভিন্ন আৱিষ্কাৰ আৰু ইয়াৰ উপকাৰিতা সম্বন্ধে মানুহৰ মাজত বিভিন্ন প্ৰচাৰমূলক সভা, কেম্প, ৱৰ্কশ্বপ আদি অনুষ্ঠিত কৰাটো নিতান্তই প্ৰয়োজন। ছ’চিয়েল মিডিয়া যেনে ফেচবুক, হোৱাটছএপ ইত্যাদি প্লেটফৰ্মে এই ক্ষেত্ৰত পিছে ঋণাত্মক ভূমিকা পালন কৰাহে দেখা গৈছে। প্ৰত্যেকদিনেই এনেকুৱা মাধ্যমবোৰত বিভিন্ন ধৰণৰ ফেক নিউজ, ফেক বায়’ডাটা ইত্যাদি প্ৰচাৰ আৰু শ্বেয়াৰ হৈ থাকে। এইবোৰ বাধা দিবলৈ হ’লে প্ৰধানকৈ বৰ্তমানৰ যুৱসমাজ সচেতন হ’ব লাগিব। তদুপৰি বাতৰি কাকত, দূৰদৰ্শন ইত্যাদি মাধ্যমবোৰেও ভুল তথা অনৰ্থক বাতৰি পৰিৱেশন কৰাৰ পৰা বিৰত থাকি এনেকুৱা তথ্য, বিষয় জনসমাজৰ ওচৰত উপস্থাপন কৰা উচিত, যাৰ দ্বাৰা অন্তত: ১০জনৰ ৬ জন মানুহ হ’লেও সচেতন হ’ব পাৰে আৰু তেওঁলোকে আন ৪ জনকো সচেতন কৰিবলৈ সক্ষম হ’ব পাৰে। প্ৰশাসনৰ ভূমিকাও এইক্ষেত্ৰত যথেষ্ট উল্লেখনীয়। যদিওবা চৰকাৰে এনেকুৱা ঘটনাবোৰ ৰোধ কৰাৰ বাবে বিভিন্ন ধৰণৰ আইন গ্ৰহণ কৰিছে তথাপি ই পৰ্যাপ্ত নহয়। নিঃসন্দেহে এনেবোৰ কাম ৰোধৰ বাবে দেশৰ আইন কঠোৰতকৈ কঠোৰতম হ’ব লাগিব। অন্যথা কুসংস্কাৰৰ গৰ্ভত দেশৰ অৰ্ধসংখ্যক লোক চিৰদিনৰ বাবে বিলীন হৈ যাব।

Print Friendly, PDF & Email

One thought on “শৰীৰ, ব্যাধি আৰু অন্ধবিশ্বাস -(সাগৰিকা পাঠক)

  • Too good . I support your new progressive action . Thank you

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *