বিবিধ চিন্তা

ফিলিপাইনছৰ স্মৰণীয় অভিজ্ঞতা (মানসী কলিতা)

সঘনে বলি থকা ফিলিপাইনছৰ সেই মৃদু সাগৰীয় বতাহজাক যেতিয়া গাৰ কাষেদি পাৰ হৈ যায়, মনটো যেন কিবা জুৰ পৰি যায়। ফিলিপাইনছ—প্ৰশান্ত মহাসাগৰৰ বুকুত অৱস্থিত, প্ৰায় ৭৫০০ টা দ্বীপৰ সমষ্টিৰে গঠিত প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ এখনি মনোমোহা দেশ। কিন্তু কি দৰে আৰম্ভ হৈছিল ফিলিপাইনছ দেশলৈ মোৰ এই যাত্ৰা? এই যাত্ৰাৰ আৰম্ভণিৰ বিষয়ে উল্লেখ কৰিবলৈ উভতি যাব লাগিব এটা বিশেষ দিনলৈ—২০২২ চনৰ ১১ অক্টোবৰ—মোৰ বাবে এটা চিৰস্মৰণীয় দিন। সেইদিনাই যেন মই সৰুৰে পৰা দেখি অহা বিদেশ ভ্ৰমণৰ সপোনটো পূৰণৰ পথত প্ৰথমটো খোজ দিছিলোঁ। দীৰ্ঘদিনীয়া দুৰ্গোৎসৱৰ বন্ধৰ পাছত ইউনিভাৰ্ছিটি খুলিছিল সেইদিনা। ক্লাছৰ অন্তত বন্ধু-বান্ধৱীৰ লগত কেণ্টিনত বহি থাকোঁতে হঠাৎ মোৰ ফোনত এটা নটিফিকেচন আহিছিল। ফোনটো চাই দেখিছিলোঁ মোলৈ এটা ইলেক্ট্ৰনিক মেইল আহিছে আমাৰ অধ্যাপক তথা ৰাষ্ট্ৰীয় কৃষি উচ্চ শিক্ষা প্ৰকল্প উৰফে ‘নাহেপ’-ৰ (National Agricultural Higher Education Project, চমুকৈ NAHEP) সমন্বয়ক ড° কিশোৰ কুমাৰ শৰ্মা ছাৰৰ পৰা। মেইলটো খুলিয়েই যেন মই অলপ সময়ৰ বাবে হতবাক হৈ পৰিছিলোঁ। বিগত তিনি বছৰে কৰা কঠোৰ পৰিশ্ৰমৰ ফল পাইছিলোঁ যেন মই। বিশ্বাসেই কৰিব পৰা নাছিলোঁ যে বহু প্ৰত্যাশিত ‘নাহেপ’ আঁচনিৰ অধীনত থকা ‘আন্তঃৰাষ্ট্ৰীয় ষ্টুডেণ্ট এক্সপ’জাৰ ভিজিট’-ৰ বাবে বাচনি কৰা দলটোত মোৰ নামো অন্তৰ্ভুক্ত কৰা হৈছিল। খবৰটো পাই আমি সকলো আনন্দত আপ্লুত হৈ পৰিছিলোঁ। তাৰে কিছুদিনৰ পাছত মোক অৱগত কৰোৱা হৈছিল যে ফিলিপাইনছৰ ল’চ বেনছত অৱস্থিত আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানত (International Rice Research Institute, চমুকৈ IRRI) ‘বীজ প্রক্রিয়াকৰণ আৰু নিয়মিত বীজৰ স্বাস্থ্য পৰীক্ষা তথা সংৰক্ষণ’ বিষয়ত দুমাহজোৰা প্ৰশিক্ষণৰ বাবে মোক নিৰ্বাচিত কৰা হৈছে।

ফিলিপাইনছৰ পথাৰত আমি যেতিয়া ধানৰ বীজ ৰোপন কৰি আছিলোঁ

আমাৰ বিশ্ববিদ্যালয়ৰ পৰা মুঠ ১০ গৰাকী শিক্ষাৰ্থী ফিলিপাইনছৰ এই প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত কৰা হৈছিল। তাৰে ৮ গৰাকী কৃষি মহাবিদ্যালয়, যোৰহাট আৰু ২ গৰাকী বিশ্বনাথ কৃষি মহাবিদ্যালয়, বিশ্বনাথ চাৰিআলিৰ আছিল। আমি লাহে লাহে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছিলোঁ। নৱেম্বৰ আৰু ডিচেম্বৰ মাহকেইটা আমাৰ জৰুৰী নথি-পত্ৰ সংগ্ৰহ কৰা, মেডিকেল টেষ্ট কৰা আদিতে পাৰ হৈ গৈছিল। ভিছা প্ৰাপ্তিৰ ক্ষেত্ৰতো আমি কোনোধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা নাছিলোঁ। সকলো কামেই যেন সুকলমে হৈ উঠিছিল। কিন্তু বহু উত্তেজনাৰ মাজতো যেন মনৰ কোনোবা এটা কোণত আছিল অলপ শংকা, কিয়নো এইয়া আছিল আমাৰ প্ৰথম বিদেশ যাত্রা। বহুতো উদ্বিগ্ন নিশাৰ পাছত অৱশেষত আহিছিল সেই প্ৰত্যাশিত দিনটো—৭ জানুৱাৰী, ২০২৩। সেইদিনা পুৱাই অসম কৃষি বিশ্ববিদ্যালয়ৰ চৌহদত সমবেত হৈ আমাৰ মাননীয় উপাচাৰ্য মহোদয় আৰু অন্যান্যসকলৰ পৰা শুভেচ্ছা আৰু আশীষ গ্ৰহণ কৰি ৰাওনা হৈছিলোঁ যোৰহাট বিমান বন্দৰৰ অভিমুখে। বহুতো আশা বুকুত বান্ধি দুপৰীয়া প্ৰায় ২ মান বজাত আমি কলিকতালৈ উৰা মাৰিছিলোঁ। কলিকতাৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত প্ৰায় ৯ ঘণ্টাৰ অপেক্ষাৰ অন্তত থাই এয়াৰৱেজৰ আটকধুনীয়া বিমানত উঠি আমি গমন কৰিছিলোঁ থাইলেণ্ডৰ ৰাজধানী বেংককলৈ। বেংকক বিমানবন্দৰত প্ৰায় ১২ ঘণ্টা অপেক্ষা কৰাৰ পাছত আমি পুনৰ উৰা মাৰিছিলোঁ আমাৰ গন্তব্য স্থান ফিলিপাইনছলৈ। বন্ধুবৰ্গৰ সৈতে কৰা এই বিমান যাত্ৰা আছিল আনন্দ আৰু উৎকণ্ঠাৰে ভৰা। গধূলি প্ৰায় ৮ বজাত আমি আমাৰ সপোনৰ দেশ ফিলিপাইনছৰ ৰাজধানী মেনিলাত অৱতৰণ কৰিছিলোঁ। ফিলিপাইনছৰ বুকুত প্ৰথমবাৰৰ বাবে ভৰি থৈয়ে এনে অনুভৱ হৈছিল যেন মোৰ এটা দীর্ঘ দিনীয়া সপোন বাস্তৱত পৰিণত হ’ল। আমি বিমান বন্দৰৰ পৰা নিজৰ সামগ্ৰীসমূহ সংগ্ৰহ কৰি ইতিমধ্যে আমাৰ বাবে প্ৰতিষ্ঠানটোৱে পঠোৱা বন্দৰৰ‌ বাহিৰত ৰৈ থকা কোষ্টাৰ বাছখনৰ (Coaster bus) ওচৰলৈ আগ বাঢ়ি গৈছিলোঁ। বাছখনেৰে আমাক লৈ যোৱা হৈছিল আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ চৌহদত অৱস্থিত আমাৰ থকাৰ বাবে ব্যৱস্থা কৰা এম. এচ. স্বামীনাথন আৱাসগৃহৰ (M. S. Swaminathan Hall) দিশে। ফিলিপাইনছৰ পৰিষ্কাৰ ৰাস্তা-ঘাট, প্ৰাকৃতিক সৌন্দৰ্য আৰু নাতিশীতোষ্ণ জলবায়ুয়ে আমাক প্ৰথমদিনাই মোহিত কৰি তুলিছিল। আৱাসগৃহৰ আড়ম্বৰপূৰ্ণ আৰু সুন্দৰ কোঠাত থিতাপি লোৱাৰ পাছত ভাগৰুৱা হৈ বিছনাত ঢলি পৰিছিলোঁ। এনেদৰেই ফিলিপাইনছত আমাৰ প্ৰথম নিশাটো সম্পূৰ্ণ কৰিছিলোঁ।

ফিলিপাইনছৰ পথাৰত ফিলিপাইনছৰ কৃষকৰ সৈতে

পিছদিনা পুৱা আমি আমাৰ প্ৰশিক্ষণৰ প্ৰথম দিনটোৰ বাবে অতি উৎসাহেৰে সাজু হৈছিলোঁ। প্ৰথমে ইৰিৰ (IRRI) শিক্ষা বিভাগে আমাৰ বাবে এটা অভিমুখীকৰণ কাৰ্যসূচী আয়োজন কৰি পৰিচয় পৰ্ব অনুষ্ঠিত কৰিছিল। পৰৱৰ্তী সময়ত তেওঁলোকে আমাক পৰিচয়পত্ৰ বিতৰণ কৰিছিল। প্ৰথমবাৰৰ বাবে ইৰিৰ পৰিচয়পত্ৰখন হাতত লৈ আমাৰ সকলোৰে মনত যি অনুভূতি হৈছিল সেইয়া যেন শব্দত প্ৰকাশ কৰিব নোৱাৰি। যিখন প্ৰতিষ্ঠানৰ কথা আমি সদায় কিতাপে-পত্ৰই পঢ়িবলৈ পাইছিলোঁ, বিশ্বাসেই কৰিব পৰা নাছিলোঁ যে সেই প্ৰসিদ্ধ প্ৰতিষ্ঠানখনৰ আমি একো একোজন সদস্য হৈ পৰিলোঁ। লগতে সেইদিনা আমাক ফিলিপাইনছ বিশ্ববিদ্যালয়ৰ চৌহদ (UPLB Campus), লাগুনা হ্ৰদ আৰু বজাৰ কমপ্লেক্স পৰিদৰ্শন কৰাইছিল যাতে আমি নতুন চহৰখনৰ সৈতে পৰিচিত হ’ব পাৰোঁ।

জেইগলাৰ পৰীক্ষা কেন্দ্ৰৰ (Zeigler Experiment Station, ZES)  গৱেষণা ব্যৱস্থাপক Mr. Teodoro Correa-ৰ তত্বাৱধানত আমাক প্ৰশিক্ষণ দিয়া হৈছিল। আমাৰ প্ৰশিক্ষণ কাৰ্যসূচীত অন্তৰ্ভুক্ত আছিল কৃষিক্ষেত্ৰত ব্যৱহাৰিক কাৰ্যকলাপ কৰা, বিশিষ্ট বিজ্ঞানীসকলৰ দ্বাৰা কৃষিৰ  গুৰুত্বপূৰ্ণ বিষয়ৰ সন্দৰ্ভত বক্তৃতা, কৃষিক্ষেত্ৰত ব্যৱহৃত অত্যাধুনিক যন্ত্ৰ পৰিচালনা কৰিবলৈ শিকা, উন্নত পৰীক্ষাগাৰৰ কৌশল ব্যৱহাৰ কৰিবলৈ শিকা, কৃষিক্ষেত্ৰ ভ্ৰমণ কৰা ইত্যাদি। প্ৰথম দুসপ্তাহৰ বাবে আমাক ZES-ৰ অধীনত শস্য চপোৱাৰ পৰৱৰ্তী সেৱাসমূহৰ (Post-Harvest Services) বিষয়ে প্ৰশিক্ষণ দিয়া হৈছিল। তাত আমাক বিভিন্ন জাতৰ ধানৰ বীজৰ নমুনা শুকুৱাবলৈ ব্যৱহাৰ কৰা ভূ-তাপীয় ড্ৰায়াৰ, মৰণা মৰাৰ অত্যাধুনিক যন্ত্ৰ LD350 থ্ৰেছাৰ ব্যৱহাৰ কৰা, ছফ্টৱেৰ ব্যৱহাৰ কৰি ধানৰ নমুনাৰ তথ্য সংগ্ৰহ কৰা, আৱদ্ধ স্থানৰ ভিতৰত ধানৰ নমুনাসমূহ ৰাখি তাত কাৰ্বন-ডাই-অক্সাইড গেছ ব্যৱহাৰ কৰি কীট-পতংগ নিয়ন্ত্ৰণ কৰাৰ পদ্ধতি আদিৰ ওপৰত প্ৰশিক্ষণ আগবঢ়োৱা হৈছিল।

স্ক্ৰীণহাউচৰ ভিতৰত পৰীক্ষা-নিৰীক্ষা কৰিছিলোঁ আমি

পৰৱৰ্তী দুসপ্তাহৰ বাবে আমাক ZES-ৰ অধীনত থকা শস্য উৎপাদনৰ বিভিন্ন কাৰ্যকলাপৰ বিষয়ে প্ৰশিক্ষণ দিয়া হৈছিল। তাৰ অন্তৰ্গত ৩-টা বিভাগ আছিল—শস্য সুৰক্ষা বিভাগ ওৰফে টিচিপিএ (Trained Crop Pesticides Applicator, TCPA), জলসিঞ্চন বিভাগ (Irrigation) আৰু যান্ত্ৰিক কৰ্মশালা বিভাগ (Mechshop)। টিচিপিএ-ৰ অধীনত আমাক কীটনাশক স্প্ৰে কৰা কাৰ্যত ব্যৱহৃত বিভিন্ন সঁজুলিৰ লগতে স্প্ৰে কৰাৰ সময়ত সঠিক ব্যক্তিগত সুৰক্ষা সঁজুলি কিট (PPE Kit) কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেয়া দেখুওৱা হৈছিল। লগতে ৰাসায়নিক টোপ পদ্ধতি আৰু শিখা নিক্ষেপ পদ্ধতি ব্যৱহাৰ কৰি ধাননি পথাৰত নিগনি নিয়ন্ত্ৰণ কৰা, বিভিন্ন অনিষ্টকাৰী কীট নিয়ন্ত্ৰণৰ পদ্ধতি, কীটনাশক প্ৰয়োগৰ ক্ষেত্ৰত ড্ৰোণৰ ব্যৱহাৰৰ বিষয়েও আমাক প্ৰশিক্ষণ দিয়া হৈছিল। জলসিঞ্চন বিভাগৰ অধীনত আমাক বিভিন্ন প্ৰকাৰৰ জলসিঞ্চন যেনে, মাধ্যাকৰ্ষণ জলসিঞ্চন (Gravity irrigation), ড্ৰিপ জলসিঞ্চন (Drip irrigation) আৰু চাপযুক্ত জলসিঞ্চনৰ (Pressurized irrigation) প্ৰয়োগৰ বিষয়ে শিকোৱা হৈছিল। যান্ত্ৰিক কৰ্মশালাত আমাক প্ৰথমে ৱেৰহাউচ পৰিদৰ্শন কৰাইছিল য’ত আমি কৃষি সম্পৰ্কীয় বিভিন্ন যন্ত্ৰ আৰু সঁজুলিসমূহ দেখিবলৈ পাইছিলোঁ। তদুপৰি আমি ট্ৰেক্টৰ, সংযুক্ত হাৰ্ভেষ্টৰ, ট্ৰান্সপ্লাণ্টাৰ, ঘাঁহ কটা যন্ত্ৰ আদি চলোৱাৰো প্ৰশিক্ষণ লাভ কৰিছিলোঁ।

তাৰ পাছৰ দুসপ্তাহ আমি উদ্ভিদ বৃদ্ধিৰ সুবিধা (Plant Growth Facility) বিভাগৰ অধীনত ক্ৰছ কাটিং অপাৰেছনসমূহৰ (Cross Cutting Operation, CCO) বিষয়ে প্ৰশিক্ষণ লৈছিলোঁ। তাৰ অধীনত আমি মুখ্যতঃ ধানৰ সংকৰকৰণ (Hybridization) আৰু ইয়াৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ সৈতে সম্পৰ্কিত যন্ত্ৰপাতি সম্পৰ্কে বিভিন্ন কথা শিকিবলৈ পাইছিলোঁ। আমাক বীজ উৎপাদন তথা উৎপাদন পৰীক্ষণ সেৱাৰ বিষয়ে অৱগত কৰা হৈছিল আৰু দ্ৰুত প্ৰজন্ম অগ্ৰগতিৰ (Rapid Generation Advancement, RGA) উপগোটলৈ লৈ যোৱা হৈছিল য’ত আমি RGA চক্ৰৰ বিভিন্ন পৰ্যায় আৰু স্ক্ৰীণহাউচত কৰা কাৰ্যকলাপৰ সৈতে পৰিচিত হৈছিলোঁ। তদুপৰি আমাক ধানৰ পাত জলা ৰোগ (Blast disease) আৰু ধানৰ শোহনি পোকৰ (Green leaf hopper)  বিপৰীতে উদ্ভাৱন কৰা প্ৰজাতিসমূহৰ প্ৰতিৰোধ ক্ষমতা পৰীক্ষা কৰা পদ্ধতিসমূহৰ বিষয়ে অৱগত কৰিছিল। পৰৱৰ্তী সময়ত আমি বীজ স্বাস্থ্য গোটত (Seed Health Unit) প্ৰশিক্ষণ লৈছিলোঁ য’ত আমাক নিয়মীয়া বীজ স্বাস্থ্য পৰীক্ষাৰ বিভিন্ন পদ্ধতিসমূহৰ বিষয়ে শিকোৱা হৈছিল যেনে, ব্লটাৰ পদ্ধতি (Blotter method), বেৰমান ফানেল পদ্ধতি (Baermann Funnel Method), শুকান বীজ পৰিদৰ্শন পদ্ধতি (Dry seed inspection method) ইত্যাদি। তদুপৰি আমি ডেহুলাৰ (Dehuller) ব্যৱহাৰ কৰি অণুবীক্ষণ যন্ত্ৰৰ সহায়ত ধানৰ নমুনাত থকা কৃমিৰ পৰীক্ষা কৰিবলৈ শিকিছিলোঁ আৰু লগতে অণুবীক্ষণ যন্ত্ৰৰ জৰিয়তে ধানত হোৱা বিভিন্ন প্ৰকাৰৰ ভেঁকুৰো প্ৰত্যক্ষ কৰিছিলোঁ।

পুয়েৰ্টো গেলেৰাত সাগৰৰ মাজত থকা টিলাৰ ওপৰত

ইয়াৰ উপৰিও আমি বিশ্বৰ বিভিন্ন ধানৰ বৈচিত্ৰ্যময় জিনৰ সমাহাৰ “আন্তঃৰাষ্ট্ৰীয় ধান জিন বেংক” (International Rice Gene bank) পৰিদৰ্শন কৰিছিলোঁ যি হৈছে ধানৰ আনুবংশিক বৈচিত্ৰ্যৰ পৃথিৱীৰ সৰ্ববৃহৎ সংগ্ৰহ। প্ৰশিক্ষণটোত আমি প্ৰত্যক্ষভাৱে পথাৰত কৃষি প্ৰণালীৰ বুজ লোৱাৰ লগতে ধান খেতিৰ বিভিন্ন দিশৰ লগত জড়িত প্ৰখ্যাত বিজ্ঞানীৰে মত বিনিময়ো কৰিছিলোঁ। আমি বিশিষ্ট বিজ্ঞানীসকলৰ পৰা বিভিন্ন বিষয়ে যেনে, হাইব্ৰিড ধান, পথাৰত অপতৃণ নিয়ন্ত্রণ, জলবায়ু স্থিতিস্থাপক কৃষি, ধানৰ কীট আৰু ৰোগ নিয়ন্ত্রণ আদিৰ বিষয়ে জ্ঞান অৰ্জন কৰিছিলোঁ। তদুপৰি আমি IRRI-ৰ ট্ৰেন্সজেনিক সুবিধা পৰিদৰ্শন কৰিছিলোঁ আৰু বিখ্যাত সোণালী চাউলৰ (Golden rice) পথাৰ দেখিবলৈ পাইছিলোঁ। এইটো উল্লেখ কৰিব লাগিব যে আমি IRRI-ৰ কেফেটেৰিয়াত প্ৰথমবাৰৰ বাবে সোণালী চাউলৰ সোৱাদ ল’বলৈও সক্ষম হৈছিলোঁ।

প্ৰশিক্ষণৰ শেষৰ ফালে আমাৰ ক্ষেত্ৰ ভ্ৰমণ কাৰ্যসূচী আছিল য’ত আমি বিভিন্ন প্ৰতিষ্ঠান পৰিদৰ্শন কৰিছিলোঁ, যেনে, চাণ্টা ক্ৰুজত অৱস্থিত এছ. এল. এগ্ৰিটেক কোম্পানী (S.L. Agritech, Santa Cruz), ফিল ৰাইচ (Phil Rice Nueva Ecija), ফিল মেক (Phil Mech) আৰু বেংগুট ষ্টেট ইউনিভাৰ্ছিটি (Benguet State University)। লগতে আমাক ফিলিপাইনছৰ আটাইতকৈ শীতল চহৰ বাগুইও চিটি (Baguio City) ফুৰাবলৈ লৈ যোৱা হৈছিল য’ত আমি কেম্প জন হে (Camp John Hay), বাগুইও উদ্ভিদ উদ্যান (Baguio Botanical Garden), টাম আৱান গাঁও (Tam Awan Village), মাইনছ ভীউ পাৰ্ক (Mines View Park), ডিপলোমেট হোটেল (The Diplomat Hotel), ফিলিপাইনছৰ সামৰিক একাডেমি (Philippine Military Academy) আদিৰ দৰে সুন্দৰ স্থান পৰিদৰ্শন কৰিবলৈ পাইছিলোঁ। ইয়াৰ উপৰিও দেশখনত প্ৰতিবছৰে ফেব্ৰুৱাৰী মাহৰ শেষৰ দেওবাৰে বাগুইও চহৰত উদযাপন কৰা ফুল বিষয়ক উৎসৱ পানাগবেংগাতো  (Panagbenga Flower Festival) ভাগ লবলৈ সুযোগ পাইছিলোঁ।

ফিলিপিনো নাৱত উঠি প্ৰশান্ত মহাসাগৰৰ বুকুত

আমি প্ৰশিক্ষণৰ মাজতে আজৰি সময়ত ফিলিপাইনছৰ বহুতো পৰ্যটন স্থান যেনে, চান পাবলো চহৰ (San Pablo City), মেনিলা চহৰ (Manila), মেনিলা মহাসাগৰ উদ্যান (Manila Ocean Park), লিলিউ চহৰ (Liliw), কালাম্বা চহৰ (Calamba), চাণ্টা ৰোজা চহৰ (Santa Rosa), ইণ্ট্ৰামুৰচ (Intramuros), মাউণ্ট মাকিলিং (Mount Makiling), বাটাংগাচ (Batangas) আদিৰ লগতে পুয়েৰ্টো গেলেৰাৰ (Puerto Gallera) বগা সমুদ্ৰতীৰ পৰিদৰ্শন কৰিছিলোঁ। প্ৰথমবাৰৰ বাবে প্ৰশান্ত মহাসাগৰৰ মাজেৰে জাহাজত যাত্ৰা কৰাৰ অভিজ্ঞতাৰ পৰা আৰম্ভ কৰি প্ৰশান্ত মহাসাগৰৰ বুকুত স্নৰ্কেলিঙৰ (Snorkeling) দৰে ৰোমাঞ্চকৰ কাৰ্যকলাপ কৰাৰ অভিজ্ঞতাও আমি অৰ্জন কৰিলোঁ। বিভিন্ন সময়ত বহুতো ফিলিপিনো ৰন্ধনপ্ৰণালীৰো আমি জুতি লৈছিলোঁ, যাৰ সোৱাদ মই কেতিয়াও পাহৰিব নোৱাৰিম।

ফিলিপিনো লোকসকলৰ অমায়িক আচৰণ, সহায়তা আৰু আতিথ্য দেখি আমি মন্ত্ৰমুগ্ধ হৈছিলোঁ। তদুপৰি প্ৰতিষ্ঠানটোত ভাৰতীয় গণৰাজ্য দিৱস আৰু IRRI খাদ্য উৎসৱ উদযাপনৰ সময়তো আমি যথেষ্ট আনন্দ কৰিছিলোঁ। আমি তাত আমাৰ বিহু নৃত্য পৰিৱেশন কৰি তেওঁলোকৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম  হৈছিলোঁ। ফিলিপাইনছত থকা সময়ছোৱাত আমি ভাৰত, ফিলিপাইনছৰ লগতে অন্য দেশৰ বহুতৰে সৈতে বন্ধুত্ব স্থাপন কৰিছিলোঁ। আমি গুজৰাটৰ আনন্দ কৃষি বিশ্ববিদ্যালয়ৰ (Anand Agricultural University) ৮ জনীয়া এটা শিক্ষাৰ্থীৰ দলকো লগ পাইছিলোঁ আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ লগত ভাল বন্ধুত্ব গঢ়ি উঠিছিল। প্ৰশিক্ষণৰ অন্তত IRRI-ৰ বিষয়াসকলে আমাৰ বাবে এটা বিদায় পাৰ্টিৰ আয়োজন কৰিছিল। তদুপৰি আমাক প্ৰস্থানৰ আগদিনা প্ৰতিষ্ঠানটোৰ গৱেষণা খণ্ডৰ উপ-সঞ্চালক প্ৰধান (Deputy Director General for Research, DDGR) ড° অজয় কোহলীৰ ঘৰত নৈশ ভোজনৰ বাবেও আমন্ত্ৰণ জনোৱা হৈছিল। তেওঁলোকৰ আতিথ্যত আমি অতি অভিভূত হৈছিলোঁ। এটা কথা উল্লেখনীয় যে আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানটোত বহু সংখ্যক বিজ্ঞানী আৰু উচ্চ বিষয়া ভাৰতীয় আছিল যিটো আমাৰ সকলোৰে বাবে এক গৌৰৱৰ বিষয়।

বাগুইঅ চহৰত পৰম্পৰাগত ইগোৰোট পোছাক পৰিধান কৰি

আমাৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ শেষত আমি লাভ কৰা জ্ঞান আৰু অভিজ্ঞতাৰ সন্দৰ্ভত এটা প্ৰেজেণ্টেচন (Presentation) দিছিলোঁ য’ত প্ৰতিষ্ঠানটোৰ বহুতো উচ্চ পৰ্যায়ৰ বিষয়া উপস্থিত আছিল। প্ৰশিক্ষণৰ সফল পৰিসমাপ্তিৰ পাছত আমাক প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছিল। লগতে আমিও IRRI-ৰ বিষয়ববীয়াসকলক আৰু আমি থকা সময়ছোৱাত বিভিন্ন ধৰণে সহায় কৰা লোকসকলক একোখন ফুলাম গামোচাৰে সম্বৰ্ধনা আৰু ধন্যবাদ জনাইছিলোঁ। এনেদৰেই ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ জৰিয়তে বিশ্ব বেংকৰ পুঁজিৰে ‘নাহেপ’ৰ  অধীনত ৰূপায়িত কৰা এই প্ৰশিক্ষণ কাৰ্যসূচীৰ পৰিসমাপ্তি ঘটিছিল। ৫ মাৰ্চ, ২০২৩ তাৰিখে এবুকু স্মৃতি বান্ধি লৈ আৰু পুনৰ এই ঠাইলৈ অহাৰ আশাৰে আমি উঠিছিলোঁ মেনিলাৰ পৰা বেংকক অভিমুখে থকা আমাৰ প্ৰস্থান বিমানখনত। অৱশেষত আমি ৬ মাৰ্চৰ দুপৰীয়া ২ বজাত আমাৰ মাতৃভূমি অসমত উপস্থিত হৈছিলোঁ।

বাগুইও চহৰৰ বিখ্যাত পানাগবে‍ংগা ফুল উৎসৱ

ফিলিপাইনছত কটোৱা সেই দুমাহে মোক গভীৰভাৱে প্ৰভাৱিত কৰিছিল। কৰ্মস্থানতে হওঁক বা দৈনন্দিন জীৱনশৈলীতে হওঁক, ফিলিপিনো লোকসকলৰ নিয়মানুৱর্তিতা আৰু কৰ্মস্পৃহা দেখি আমি হতবাক হৈছিলোঁ। প্ৰশিক্ষণৰ সময়তো আমি লক্ষ্য কৰিছিলোঁ যে তেওঁলোকে সদায়ে নিজৰ কৰ্মক্ষেত্ৰত এটা ভাল পৰিৱেশ সৃষ্টি কৰাটো নিশ্চিত কৰে, যাতে তেওঁলোকে নিজৰ কামবোৰ নিয়াৰিকৈ কৰি নিব পাৰে। নিৰন্তৰভাৱে কাম কৰাৰ পৰিৱৰ্তে তেওঁলোকে কামৰ মাজতে নিৰ্দিষ্ট সময়ৰ বাবে বিৰতি লয়, যি তেওঁলোকক পৰৱৰ্তী কাৰ্যৰ বাবে অধিক দক্ষ আৰু উদ্যমী কৰি তোলে। তাৰ উপৰিও ফিলিপাইনছৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সু-পৰিকল্পিত যাতায়াত ব্যৱস্থা, ৰাস্তা-ঘাট দেখি আমি তবধ মানিছিলোঁ। এটা কথা উল্লেখনীয় যে দেশখন মহিলাসকলৰ বাবে ইমানেই সুৰক্ষিত যে তাত থকা দিনকেইটাত আমি কোনো দিনেই নিৰাপত্তাহীনতাত ভুগিব লগা হোৱা নাছিল। গতিকে এই কথা নিশ্চিত যে সেই দেশখনৰ পৰা আমাৰ বহুতো কথা শিকিবলগীয়া আছে।

সামগ্ৰিকভাৱে প্ৰশিক্ষণ কাৰ্যসূচীটো যথেষ্ট সফল আছিল আৰু আমাক বহুতো কথা শিকাত সহায় কৰিছিল। এই প্ৰশিক্ষণৰ জৰিয়তে আমি কৃষিৰ বিষয়বোৰৰ ওপৰত গভীৰ অন্তৰ্দৃষ্টি লাভ কৰাৰ লগতে কৃষিক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাবোৰ ভালদৰে বুজিব পাৰিছিলোঁ। বহুতো নতুন কৃষি প্ৰযুক্তি আৰু উদ্ভাৱনৰ বিষয়ে শিকাৰ উপৰিও এই প্ৰশিক্ষণটোৱে আমাক দক্ষতা বৃদ্ধি কৰাত আৰু নিজৰ ব্যক্তিত্বক সৰ্বশ্ৰেষ্ঠ উপায়েৰে বিকশিত কৰাত সহায় কৰিছিল। আশা কৰোঁ যে এই প্ৰশিক্ষণৰ জৰিয়তে অৰ্জন কৰা জ্ঞানৰ সহায়ত আমি আহিবলগীয়া দিনবোৰত কৃষক সমাজৰ সৰ্বাধিক লাভালাভৰ হিতে অৰিহণা যোগোৱাত সহায় কৰিব পাৰোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *