‘ফলি’য়ে মেলিছে কলি-( মৃদুল কুমাৰ সন্দিকৈ)
‘ক’মানে কল, ‘আ’ মানে আপেল। সৰুতে বাঁহৰ ঢাৰি বা শুকান কলৰ পাতৰ ঠাৰিৰে বনোৱা ঢাৰিত বহি পঢ়িছিলো ‘অ’, ‘আ’, ‘ক’, ‘খ’। মাটিৰ ফলিত চক-পেঞ্চিলেৰে লিখা হৈছিল এইবোৰ। সেই ফলি এতিয়া অতীত। স্মৃতিৰ একোণত সজীৱ হৈ থকা সেই দিনবোৰ মাথোঁ সোঁৱৰণ হৈ উজাই কেতিয়াবা।
‘ফলি’ আকৌ আহিছে বজাৰলৈ। কাঠৰ ফ্ৰেমৰ মাজত আবদ্ধ ক’লা ফলিৰ ৰূপত নহয়।বহী ৰূপত আহিছে ‘ফলি’। নাম ‘ফ ফলি’। বজাৰত এতিয়া বিধে বিধে নোট বহী উপলব্ধ।ক্লাছমেট, কেমলিন এইবোৰ চিনাকি নাম। সেই প্ৰতিষ্ঠিত কোম্পানীৰ নোটবুকক অসমীয়া আৰু অসমীয়াত্বক লৈ ফেৰ মাৰিবৰ বাবে নতুন চিন্তা-ধাৰাৰে ৪জন যুৱকে আৰম্ভ কৰিছে এই যাত্ৰা।
গীতাৰ্থ শইকীয়া, কিৰণ শইকীয়া, ভাস্কৰ শইকীয়া। একেটা পৰিয়ালৰে তিনিজনভাই-ককাই।নগাঁৱৰ ৰূপহীত ঘৰ তিনিওৰে। গীতাৰ্থৰ বয়স ২৬, কিৰণৰ ২২ আৰু ভাস্কৰৰ২৭ বছৰ। তেওঁলোকৰ সৈতে আছে বিকাশ বৰা। বিকাশৰো বয়স ২৭ বছৰ। তিনি বছৰৰ মানৰ আগতে চাৰিওৱে লগ লাগি ‘ৰয়েলছ ব্ৰাডাৰ্ছ এন্টাৰপ্ৰাইজ’ গঠন কৰিছিল।সৰু সৰু কাম কৰাৰ মাজতে ৬ মাহৰ আগৰ পৰা আৰম্ভ কৰিছে ‘ফলি’।
কেৱল নোটবুক বনাই বিক্ৰী কৰাই উদ্দেশ্য নহয় গীতাৰ্থ, ভাস্কৰহঁতৰ। বাহিৰৰপৰা অহা বহীবোৰত বাহিৰৰ প্ৰাকৃতিক দৃশ্য, ঘটনা সেইবোৰৰ ক’ভাৰ পৃষ্ঠাত থাকে। ছাত্ৰ-ছাত্ৰীয়ে সেইবোৰ পঢ়ি আমেজ পায়। বহীবোৰেও কেতিয়াবাছাত্ৰ-ছাত্ৰীসকলক দি যায় বহু খবৰ। অসমৰ প্ৰেক্ষাপটত অসমীয়া সমাজ জীৱনক থিম হিচাপে লৈ তেনে বহী প্ৰস্তুত কৰিব পাৰি নেকি বুলি চিন্তা কৰিয়েই ‘ফলি’ক জন্ম দিলে এই চাৰি যুৱকে।
বয়স ৩০ৰ ওপৰ হোৱা নাই এজনৰো। কলেজীয়া শিক্ষা লোৱাৰ পাছত তেওঁলোকে চাকৰিৰ বাবে বহি নাথাকি এক নতুন চিন্তাৰে আগবাঢ়ি গ’ল। বহিৰাগত কোম্পানীৰ নোটবুকৰ সৈতে ফেৰ মাৰিবলৈ অসমৰ বিশিষ্ট ব্যক্তি, প্ৰাকৃতিক সম্পদ, সৌন্দৰ্যক আধাৰ কৰি তেওঁলোকে বনালে নোটবহী। চ্যুকাফা, বীৰ লাচিত বৰফুকন, চিলাৰায়ক লৈ আহিল ‘ফলি’ৰ ক’ভাৰ পৃষ্ঠালৈ।
হাতে-কামে অসমীয়াগিৰি এয়া। কেৱল তেওঁলোকৰ ফটো বহীৰ ক’ভাৰ পৃষ্ঠাত দিয়াতেই ক্ষান্ত নাথাকি পিছফালে এই বীৰজনৰ সন্দৰ্ভত কিছু কথা লিখিলে। অসমীয়া জাতিৰ গঠনত অৰিহণা যোগোৱা বীৰ পুৰুষসকলক ছাত্ৰ-ছাত্ৰীৰ মাজলৈ লৈ গ’ল এইদৰে।১৭বাৰকৈ মোগলৰ আক্ৰমণক প্ৰতিহত কৰি শৰাইঘাট যুদ্ধত অসমৰ স্বাধীনতা ধৰি ৰখোৱা বীৰ লাচিত বৰফুকনকো মৰ্যাদা সহকাৰে স্থান দিলে ‘ফলি’ৰ পাতত।
ব্যৱসায় তেওঁলোকৰ উদ্দেশ্য। কিন্তু তাৰ সমান্তৰালকৈ ভাষা, সংস্কৃতিক প্ৰতিফলিত কৰিব পৰাকৈ নতুন চিন্তাৰে ছাত্ৰ-ছাত্ৰীৰ মাজত জাতীয়তাবাদৰ লগতে নিজস্ব প্ৰমূল্যবোধৰ আৱেগ সৃষ্টিৰে পুৰণি কৃষ্টি-সংস্কৃতিক কাষ চপাইনিবলৈকে এই প্ৰয়াস কৰিলে তেওঁলোকে।
অসমীয়া সমাজ জীৱনত বিশেষ প্ৰভাৱ আছে ফকৰা-যোজনাৰ। জোনাক ৰাতি চোতালত নগাঢাৰি পাৰি সাধু শুনা সেই দিনবোৰেই এতিয়া সাধুকথাৰ দৰে। ক’ত এতিয়া ল’ৰা-ছোৱালীৰ আজৰি সাধু শুনিবলৈ? সেই দিনবোৰো ধৰি ৰাখিছে ফলিত। ফলিৰ পাতত জীৱন্ত হৈছে সাধু শুনা দিনবোৰৰ পুৰণি স্মৃতি।
ইমানেই নহয়। সৰুতে আমি পঢ়িছিলো বহু কবিতা।- ‘নোৱাৰো কথাটি হেৰা বেয়াকথা বৰ’, ‘ভাল পাওঁ আকাশৰ মেঘৰ ধেমালি’ আদি। এই কবিতাবোৰৰ সাৰমৰ্ম তেতিয়াআমি বুজা নাছিলো। এতিয়া পঢ়িব বিচাৰিলেও পাবলৈ নাই এইবোৰ কবিতা। কোনোবাইযদি মনে মনে আওৰায় সেই পুৰণি সৰুকালত পঢ়া কবিতাবোৰ, প্ৰতিটো শব্দই কৈ যায় আজি তাৰ ভাবাৰ্থ। কবিতাৰ পঢ়া মাদকতাৰ মাজতেই দি যায় জীৱনৰ বহু দিহা-পৰামৰ্শ।
সেই পুৰণি কবিতাবোৰক বিচাৰি আনি স্থান দিছে ‘ফলি’ত। এফালে যদি ভূপেন হাজৰিকাৰ ফটো, শেষৰ পৃষ্ঠাত ‘এটোপ এটোপ কৰি ডাৱৰৰ পানী পৰি’ আৰু ‘অ’ ফুল অ’ ফুল নুফুলনো কিয়?’ কবিতাৰ স্তৱকেৰে সজাই তুলিছে বহীবোৰ। সেই কবিতাবোৰৰ ভাবাৰ্থ ইংৰাজীতেই দিছে।
অসমৰ সংগীত জগতৰ দুই তাৰকা জুবিন গাৰ্গ আৰু পাপনৰ ফটোৱেও স্থান পাইছে ‘ফলি’ত। পাপনৰ ফটো দি প্ৰস্তুত কৰা ‘ফলি’ নোটবুকত লিখিছে-‘মন মোৰ উৰি গুচি যায়।’
‘হাঁহিলে তুমি মুকুতা মণি সৰে’ শিৰোনামেৰে ‘ফলি’ত সজাইছে জুবিন গাৰ্গৰ ফটো সম্বলিত নোটবুক। এইবোৰে ভাল বজাৰো পাইছে। পিছফালে ছপা কৰিছে কবিতাৰ পংক্তি। ‘অকল সুখেৰে ভৰা নহয় জানিবা ধৰা, দুখো আছে সুখৰ লগত। সুখ নাই সুখ নাই, ক’তো ধৰুৱাৰ। অণুমাত্ৰ সুখ নাই চিৰ ৰুগীয়াৰ।’
উজনি অসমত ভাল বজাৰ লাভ কৰিছে ‘ফলি’য়ে। অভিনৱ ধৰণে ফলিয়ে চলাইছে প্ৰচাৰ।ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ‘ফলি’ৰ নোটবহীবোৰে জনপ্ৰিয়তাও লাভ কৰিছে। এতিয়া তেওঁলোকৰ সৈতে প্ৰায় ২০জন কৰ্মচাৰী নিয়োজিত হৈ আছে। ইয়াৰে ১০জনে বহীসমূহপ্ৰস্তুত কৰে আৰু ১০ জনে মাৰ্কেটিং কৰে। চাৰিওজনেই এতিয়া বৰ ব্যস্ত। ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল ডেস্কে এই সন্দৰ্ভত কথা পাতিছিল গীতাৰ্থ শইকীয়াৰ সৈতে। গীতাৰ্থই জনালে- তেওঁলোকৰ বহু পৰিকল্পনা আৰু আছে। অসমীয়াত্বক তেওঁলোকে ব্যৱসায়ৰ সমান্তৰালভাৱে আগুৱাই নিবলৈ বিচাৰে। বাহিৰৰ প্ৰতিষ্ঠিত কোম্পানীৰ সৈতে ফেৰ মাৰি তেওঁলোক আগবাঢ়িব লগা হৈছে।
দোকানত সেইবোৰ দিবলৈ যাওঁতে যথেষ্ট ভাল-বেয়া অভিজ্ঞতাৰ সন্মুখীন হৈছে।বহুতে তেওঁলোকৰ বহি প্ৰথমে ল’ব নিবিচাৰে। কিন্তু এবাৰ লোৱাৰ পাছতদ্বিতীয়বাৰ নিজেই বিচাৰে। ডিব্ৰুগড়, লখিমপুৰ, নগাঁও, ধেমাজি, মৰিগাঁও আদিতযথেষ্ট চাহিদা বাঢ়িছে বহীবোৰৰ। এতিয়ালৈকে তেওঁলোকে ১ লাখ মান বহী বজাৰলৈ উলিয়াই দিছে। তিনিটা ভাগত পোৱা যায় এই বহীবোৰ। ডিচি, এ ফৰ আৰু ডি এফ চি।ডিচি বহীবোৰৰ এখনৰ দাম ৪০-৬০ টকা পৰ্যন্ত। এ ফৰ বহীৰ দাম ৩০-১২০ টকা আৰু ডিএফচি বহীৰ দাম ৪০-৭০টকা। চাহ বাগানৰ পটভূমিকো তেওঁলোকে ‘ফলি’ৰ সমল কৰি লৈছে।
বিদ্যালয়সমূহে বিচৰা অনুসৰিও তেওঁলোকে বহীবোৰ প্ৰস্তুত কৰি দিয়ে।ছাত্ৰ-ছাত্ৰীক কেৱল বহী দিয়াতেই ক্ষান্ত নাথাকি এক সুস্থ বাৰ্তাৰ যোগেৰে অসম আৰু অসমীয়াৰ সমাজজীৱনক প্ৰতিফলিত আৰু ছাত্ৰ-ছাত্ৰীৰ মাজলৈ কিছু বাৰ্তালৈ যাব পৰাকৈ এই কাম কৰিছে ‘ফলি’য়ে। কেৱল অসমীয়াতেই নহয়, ইংৰাজীতো তেওঁলোকে বহীবোৰৰ শেষ পৃষ্ঠাত প্ৰথম পৃষ্ঠাত ব্যৱহাৰ কৰা দৃশ্যৰ আভাস দিবলৈ যত্ন কৰে।
এইদৰে এতিয়া লাহে লাহে আগবাঢ়িছে ‘ফলি’। পুৰণি সেই ফলি এতিয়া নাথাকিলেও, নতুন ৰূপত গীতাৰ্থ, কিৰণ, ভাস্কৰ আৰু বিকাশে ‘ফলি’ তুলি দিছেছাত্ৰ-ছাত্ৰীৰ হাতত। ৩০-অনূৰ্ধৰ এই চাৰি যুৱকে এফালে নিজকে আত্মসংস্থাপনৰ বাট মুকলি কৰিছে ‘ফলি’ৰ জৰিয়তে। সংস্থাপন দিছে কেবাজনকো। তাৰ সমান্তৰালভাৱে ‘ফলি’ৰ মাধ্যমেৰে অসমীয়াত্ববোধক ছাত্ৰ-ছাত্ৰীৰ মাজলৈ লৈ গৈছে।
‘ফলি’য়ে প্ৰতিযোগিতা কৰিব লগা হৈছে প্ৰতিষ্ঠিত কোম্পানীৰ সৈতে। গুণগত মানৰ ক্ষেত্ৰত হেনো ‘ফলি’য়ে কৃপণালি কৰা নাই। এই কথা ক’লে গীতাৰ্থই।তেওঁলোকৰ ইচ্ছা এটাই- এদিন ‘ফলি’ সকলোৰে হাতে হাতে হ’ব। আৰু ‘ফলি’য়ে অসমআৰু অসমীয়াৰ কথা ক’ব।