পিকলা ব্ৰিডলাভৰ সপোন, যন্ত্ৰণা আৰু বাস্তৱ ।। প্ৰাৰ্থনা গগৈ
মৰিছনে আফ্ৰিকান আমেৰিকানসকলে বলি হোৱা বৰ্ণ বৈষম্যৰ জীৱন্ত ছবি এখন এই উপন্যাসত তুলি ধৰিছে৷ এই বৈষম্য আমাৰ সমাজতো আছে যদিও ইয়াৰ ৰেহৰূপ অলপ বেলেগ৷ জাত আৰু লিংগ বৈষম্যৰ উৰ্ধত আমাৰ ভাৰতীয় বা অসমীয়া সমাজ নহয়৷ আমি এতিয়াও এনে এখন সমাজত বাস কৰোঁ য’ত এগৰাকী ছোৱালী বা নাৰীৰ গাৰ বৰণ সৌন্দৰ্যৰ আকৰ হয় ।। মুক্ত চিন্তা, দশম বছৰ, প্রথম সংখ্যা, জুলাই, ২০২৪ ।।
(কিছুদিনৰ আগতে উত্তৰ প্ৰদেশৰ বৰ্ড ট্ৰপাৰ প্ৰাচী নিগম ক’লা বৰণৰ বাবে ট্ৰল হৈছিল৷ কলী, বগী— সৌন্দৰ্যৰ এই সংজ্ঞাবোৰ সমাজসৃষ্ট stereotyped ধাৰণা মাথোঁ৷ বগী যদি ধুনীয়া হয় কলী কিয় ধুনীয়া হ’ব নোৱাৰে?)
আফ্ৰিকান আমেৰিকান নোবেল বঁটা বিজয়ী কৃষ্ণাংগ লেখক টনি মৰিছনৰ উপন্যাস ‘The Bluest Eye’ পঢ়ি উঠাৰ পিছত উপন্যাসৰ মূল চৰিত্ৰ পিকলাই আহি মন মগজু জোকাৰি পেলালে৷ বহু গল্প, উপন্যাসৰ চৰিত্ৰই আমৃত্যু লগ নেৰাৰ দৰে এই পিকলা ব্ৰিডলাভ নামৰ এই চৰিত্ৰটিয়ে মনত শিপাই ললে৷ এযোৰ নীলা চকুৰ স্বপ্ন আৰু ভ্ৰমে কেনেকৈ এগৰাকী কিশোৰীক পীড়া দিছিল আৰু সেই দুখ কঢ়িয়াই পিতৃ-মাতৃ তথা সমাজৰপৰা অৱহেলিত পিকলাই জীৱনক ভাল পাবলৈ সপোন দেখি সেই সপোনক সাকাৰ ৰূপ দিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল৷ পিকলাৰ মন মগজুত এটাই স্বপ্ন আছিল, যদি তাই এযোৰ নীলা চকুৰ বা বগা ছালৰ অধিকাৰিণী হয় তেতিয়া মাক দেউতাক কি সমাজৰ সকলোৰেপৰা তাই আদৰ পাব, তাইৰ জীৱনটো সুন্দৰ হৈ উঠিব৷ অসমৰ এগৰাকী শক্তিশালী লেখিকা অৰূপা পটংগীয়া কলিতাই মৰিছনৰ ‘The Bluest Eye’ নামৰ নামৰ উপন্যাসখন ‘সবাতোকৈ নীলা চকুযুৰি’ নামেৰে অসমীয়ালৈ অনুবাদ কৰি অসমীয়া সাহিত্যৰ অনুবাদ সাহিত্যৰ ভৰাঁল চহকী কৰাৰ লগতে অসমীয়া পাঠকক নোবেল বিজয়ী টনি মৰিছনৰ এই উপন্যাসখন পঢ়িবলৈ সুযোগ দিছে৷
উপন্যাসখনৰ মূল কাহিনীভাগ হৈছে শ্বেতাংগ সমাজত বৰ্ণ বৈষম্যৰ বলি হোৱা এগৰাকী কিশোৰীৰ কৰুণ জীৱনগাঁথা৷ এই উপন্যাসখন লিখি মৰিছনে সমগ্ৰ পাশ্চাত্যতে তোলপাৰ লগাইছিল৷ মৰিছনৰ কাহিনী কোৱাৰ যি কৌশল, সেই কৌশলে মৰিছনক এগৰাকী অনন্য ষ্টৰি টেলাৰ হিচাপে স্বীকৃতি দিছে৷ এটা সাক্ষাৎকাৰত টনি মৰিছনে কৈছিল, “language is a contemplation for me”।
আমেৰিকান সমাজব্যৱস্থাত ক’লা মানুহখিনি সদায় শোষণৰ বলি হৈ আহিছিল বা হৈ আছে সেইয়া আফ্ৰিকানেই হওক বা নেটিভ আমেৰিকানেই হওক৷ বগা মানুহৰ ক’লা মানুহৰ ওপৰত শোষণ আৰু অত্যাচাৰৰ চিৰাচৰিত সত্যৰ বাবেই সৃষ্টি হৈছিল অস্কাৰ হেমাৰ্ছটিন ৰচিত পল ৰবছনৰ কণ্ঠত সেই যুগজয়ী গীত ‘Ol’ Man River’, Harriet Stowe-ৰ ‘Uncle Tom’s Cabin, Adox Huxley-ৰ Roots, মৰিছনৰ ‘Beloved’-ৰ লগতে অন্যান্য দুই এখন উপন্যাস, Lawrence Hills-ৰ ‘The Book of Negroes’ আদি ৷
মৰিছনৰ ‘The Bluest Eye’-ৰ পিকলাৰ সপোন আছিল বগা ইউৰোপিয়ানসকলৰ দৰে এযোৰ নীলা চকু যাক সিহঁতৰ সমাজত ধুনীয়া বুলি কোৱা হয়, যি সৌন্দৰ্যক বিজ্ঞাপনতো গুৰুত্ব দিয়া হয়৷ পিকলাই সৰুৰেপৰা শিক্ষক, বন্ধু-বান্ধৱীৰ পৰা বেয়া ব্যৱহাৰ পাইছিল কিয়নো পিকলাৰ গাৰ বৰণ আছিল ক’লা৷ ক’লা পিকলাৰ বাবে এটি গাৰ বৰণ নহয়, এই ক’লা বৰণ হৈছে জীৱনৰ বাবে এটি অভিশাপ৷ পিকলাৰ এযোৰ নীলা চকু নাছিল, তাইৰ নাছিল ধুনীয়া সাজ-পোচাক৷ মদাহী দেউতাকৰ উৎপাত, মাকৰ খঙৰ চিকাৰ হৈছিল তাইৰ কিশোৰী মন৷ পিকলাহঁত দৰিদ্ৰ৷ মদাহী দেউতাকৰ হাই উৰুমি, মাক শ্ৰীমতী ব্ৰিডলাভৰ ৰুক্ষ ব্যৱহাৰে তাইক মৰমৰপৰা বাৰে বাৰে বঞ্চিত কৰিছে৷ দেউতাক চলীয়ে যেতিয়া পিকলাক সৰ্বনাশ কৰিছিল সেই কথা মাকক কোৱাত বিশ্বাস নকৰি, তাইক আশ্বাস আৰু নিৰাপত্তা নিদি মাকে তাইক পিটিছিল৷ তাইৰ বন্ধু ক্লডিয়া আৰু ফ্ৰেদাই গম পাইছিল যে পিকলাই দেউতাকৰ সন্তান পেটত লৈছে৷ পিকলাৰ তেতিয়া সেই যন্ত্ৰণা আৰু অপযশ কঢ়িয়াবলৈ মানসিক ভাৰসাম্য নাছিল, পিকলাই ভাৱিছিল তাইৰ চকুযুৰি নীলা হৈ পৰাত তাইক স্কুল যাবলৈ দিয়া নহৈছিল, তাইক সকলোৱে ঈৰ্ষা কৰিছিল৷ পিকলাৰ এই নীলা চকুযুৰিৰ প্ৰতি অৱছেচনেই হৈছে পিকলাই কঢ়িয়াই ফুৰা এক যাতনা কাৰণ তাই ভাবে এযোৰ নীলা চকুয়ে তাইৰ ভাগ্য সলনি কৰিব, তাই সকলোৰেপৰা অলপ মৰম আৰু আদৰ পাব৷
ক’লা ৰঙে পিকলাক সকলোৰে সন্মুখত তুচ্ছ কৰি তোলে। আইনাত তাই নিজৰ কুৎসিত ৰূপটোক বাৰে বাৰে চায় যাৰবাবে তাই সহপাঠীৰ সংগৰপৰা বঞ্চিত হয় আৰু শিক্ষকৰপৰা অৱহেলা পায়৷ তাই ভগৱানক প্ৰাৰ্থনা কৰে তাই যেন এযোৰ নীলা চকুৰ গৰাকী হয়৷ পিকলাই ভাৱে তাই চকুযোৰ ধুনীয়া হ’লেই দেউতাক চলি আৰু মাকৰ সম্পৰ্কটো ভাল হৈ যাব আৰু তাই আদৰ যত্ন পাব৷ বগা দোকানীজনে কেণ্ডি কিনিবলৈ যাওঁতে তাইৰ হাতৰপৰা পইছা ল’বলৈ অপাৰগ হয় তাইৰ ক’লা বৰণৰ বাবে, এটি কিশোৰৰ চক্ৰান্তমূলক অভিসন্ধিৰ বাবে মাকগৰাকীয়ে ‘nasty bitch’ বুলি ভৎসনা কৰি পিকলাক ঘৰৰপৰা বাহিৰ কৰি দিয়ে, এযোৰ নীলা চকুৰ বাবে প্ৰাৰ্থনা কৰিবলৈ যাওঁতে সেই ধৰ্মীয় ভণ্ডামিটোয়ে তাইৰ হাতেৰে এটা ক্ষয় যোৱা আৰু উৎকট গোন্ধৰ কুকুৰক হত্যা কৰোৱায়৷ পিকলাৰ পিতৃ চলি ব্ৰিডলাভ আৰু মাতৃ পলিন উইলিয়ামছৰ নাছিল কোনো চিজিল দাম্পত্য জীৱন বা অকণমান সুখৰ দিন৷ দুয়োৰে আছিল কৰুণ জীৱনগাঁথা, গেবাৰি খাটি খাটি জহি গৈছিল জীৱন৷ চলি ব্ৰিডলাভৰ সন্তানৰ প্ৰতি কোনো দায়িত্ব নাছিল বা দায়িত্ব কি বুজি পাবলৈ কোনো পৰিৱেশেই নাছিল৷ চলি আছিল হিংস্ৰ আৰু মদাহী আনহাতে মাক পলিন আছিল নিজৰ জীৱনক লৈ হতাশাগ্ৰস্ত৷ পৰিয়ালক ধৰি ৰখাৰ কোনো মূল্যবোধ নাছিল পিকলাৰ মাক দেউতাকৰ৷ মদাহী চলিয়ে ঘৰ জ্বলাই পৰিয়ালক গৃহহীন কৰি জেইল খাটিছিল৷ সেই সময়তে পিকলাই মেকটিয়াৰৰ ঘৰত কেইদিনমানৰ বাবে আশ্ৰয় পাইছিল আৰু মেকট্ৰিয়াৰৰ দুই কিশোৰীৰ বান্ধৱী হৈ পৰিছিল৷ এগৰাকী মাতৃ হৈও পলিন পিকলাৰ মনত সোমাব নোৱাৰিলে বৰঞ্চ তাইক ক’লা কুৎসিত হোৱাৰ বাবে অনাদৰ কৰিছিল, বগা মালিকৰ ঘৰত কাম কৰি অলপ সুখ পাই নিজৰ ঘৰখনলৈ আহিলেই খঙত অগ্নিশৰ্মা হৈছিল৷
দেউতাক চলিৰ সন্তান পেটত লৈ অকণমান মৰমৰ বাবে হাহাকাৰ কৰি থকা পিকলাই দেউতাকে কৰা সৰ্বনাশৰ কথা মাকক কওতে মাকৰ মাৰ খাইছিল৷ পিকলাই পেপাৰত এটা বিজ্ঞাপন পাই ‘Soaphead Church’ নামৰ ভণ্ড ধৰ্মগুৰুৰ ওচৰলৈ এযোৰ নীলা চকুৰ বাবে প্ৰাৰ্থনা কৰিবলৈ যোৱাৰ পিছত আজলী ছোৱালীজনীয়ে ভাৱিছিল তাইৰ জীৱনৰ একমাত্ৰ সপোনটো পূৰণ হৈছে, এযোৰ নীলা চকুৰ অধিকাৰিণী হৈছে৷ এইয়া আছিল কিশোৰীগৰাকীৰ মনৰ ভ্ৰম৷ পিতৃ-মাতৃ, সহপাঠী আৰু শিক্ষকৰপৰা পিকলাই মৰম আৰু আশ্বাসৰপৰা বঞ্চিত হৈ তাই নিজৰ মনৰ জগতখনত বিচৰণ কৰিছিল৷ মৃত্যুতকৈও পিকলাৰ যন্ত্ৰণা আছিল বেছি৷ শেষলৈ পিকলা অকলশৰীয়া হৈ মানসিক ভাৰসাম্য হেৰুৱাই পেলায়৷ পিকলাৰ এই অৱস্থাটোক মৰিছনে এইদৰে অংকন কৰিছে—Piccola wanders the street jerking her arms as if trying to fly। অৰূপা পটংগীয়া কলিতাই উপন্যাসখনৰ এই স্পৰ্শকাতৰ বাক্যশাৰী এইদৰে সংবেদনশীলতাৰে অনুবাদ কৰিছে, “কিলাকুটিকেইটা বেঁকা কৰি ৰাখে, হাতৰ তলুৱা দুখন বাহুকিটাত থয়, বাহুকেইটা তাই উঠোৱা নমোৱা কৰি থাকে৷ এনে লাগে যেন, এটি চৰায়ে অনাদি অনন্ত কাল ডেউকা ধপধপাই উৰিবলৈ চেষ্টা কৰি কৰি পৰা নাই৷”
মৰিছনে আফ্ৰিকান আমেৰিকানসকলে বলি হোৱা বৰ্ণ বৈষম্যৰ জীৱন্ত ছবি এখন এই উপন্যাসত তুলি ধৰিছে৷ এই বৈষম্য আমাৰ সমাজতো আছে যদিও ইয়াৰ ৰেহৰূপ অলপ বেলেগ৷ জাত আৰু লিংগ বৈষম্যৰ উৰ্ধত আমাৰ ভাৰতীয় বা অসমীয়া সমাজ নহয়৷ আমি এতিয়াও এনে এখন সমাজত বাস কৰোঁ য’ত এগৰাকী ছোৱালী বা নাৰীৰ গাৰ বৰণ সৌন্দৰ্যৰ আকৰ হয়৷ আমাৰ বৰ্ণ, জাত, ধৰ্মৰ গেৰেকণিত সোমাই থকা সমাজখনত বগী হয় ধুনীয়া আৰু কলী হয় কুৎসিত৷ সমাজৰ নিৰ্ধাৰিত এই সৌন্দৰ্য ধাৰণা বা সংজ্ঞাৰ বাবেই বগা ছালৰগৰাকী হৈ পৰে স্বাভিমানী আৰু ক’লা ছালৰগৰাকী হৈ পৰে ইভ টিজিং বা হীনমন্যতাৰ চিকাৰ৷ প্ৰশ্ন হয় কলী মানেই কি কুৎসিত, লেতেৰা? আমাৰ এই সৌন্দৰ্যৰ ধাৰণাক আমি কিয় নিৰ্গঠন কৰিব নোৱাৰোঁ? আমি কিয় কলীক কলী বুলি নকৈ সুন্দৰী বা ধুনীয়া বুলি ক’ব নোৱাৰোঁ? ফেশ্বন, খেল, মেডিয়া আৰু চিনেমা জগতত ক’লা বৰণৰ নায়িকাই এতিয়া দপদপাই থাকিলেও আমাৰ সমাজত এতিয়াও এই বৈষম্য কিয়? মেট্ৰিমনিয়েল চাইটৰ বিজ্ঞাপনত পঢ়িবলৈ পাওঁ, “Looking for a girl with fair complexion”৷ সৌন্দৰ্যৰ এই তথাকথিত ধাৰণাই আমাৰ ছোৱালীবোৰৰ ওপৰত বগা হোৱাৰ, ধুনীয়া হোৱাৰ এক অঘোষিত টেনছন বা বোজা জাপি দিয়া নাইনে? বা কেৱলমাত্ৰ বগা বৰণৰ ছালৰ প্ৰতি মৰ্যাদা বা সৌন্দৰ্যৰ সংজ্ঞাৰ বাবেই ক’লা বৰণৰ ছোৱালীহঁতক মুখত এসোপামান কেমিকেলৰ প্ৰলেপ লগাবলৈ বাধ্য কৰা নাইনে? কলী আৰু বগীৰ এই বৈষম্য কিমান দিনলৈ থাকিব আৰু কিমানক পীড়া দিব?