পদাৰ্থবিজ্ঞানৰ বিপ্লৱ আৰু জেমছ ক্লাৰ্ক মেক্সৱেল-(অঞ্জনজ্যোতি ডেকা)
১৯২২ চনত এলবাৰ্ট আইনষ্টাইনে বৈজ্ঞানিক/বৌদ্ধিক চিন্তাৰ পীঠস্থান কেম্ব্ৰিজ বিশ্ববিদ্যালয় ভ্ৰমণ কৰিছিল। তেতিয়া তেওঁক এজন বিজ্ঞানীয়ে কৈছিল, “আপুনি নিউটনৰ কান্ধত ভৰ দিয়া বাবে বহুতো মহান কাম কৰিব পাৰিছে।” আইনষ্টাইনে তাৰ প্ৰত্যুত্তৰত কৈছিল, “নহয়, মই মেক্সৱেলৰ কান্ধত ভৰ দিহে এই অসাধ্য সাধন কৰিব পাৰিছোঁ।” আকৌ, বিংশ শতিকাৰ শেষৰফালে ইতিহাসৰ ১০০ জন শ্ৰেষ্ঠ পদাৰ্থবিজ্ঞানীৰ তালিকা এখন প্ৰস্তুত কৰা হৈছিল। তাত আইজাক নিউটন আৰু এলবাৰ্ট আইনষ্টাইনৰ পিছতেই স্থান পাইছিল জেমছ ক্লাৰ্ক মেক্সৱেলে।কোন আছিল বাৰু জেমছ মেক্সৱেল? আমি সকলোৱে হাইস্কুলৰ দিনৰে পৰা পঢ়ি অহা বিদ্যুৎচুম্বকীয় পৰিঘটনাত(Electromagnetism) জেমছ মেক্সৱেলৰ সকলোতকৈ বেছি অৰিহণা আছে। পদাৰ্থবিজ্ঞানৰ ওপৰৰ শ্ৰেণীবোৰত এই অৰিহণা আৰু বেছি গভীৰভাৱে উপলব্ধি কৰিব পাৰি। সৰুৰে পৰাই পদাৰ্থবিজ্ঞান আৰু গণিতত অভূতপূৰ্ব বুৎপত্তি প্ৰদৰ্শন কৰা মেক্সৱেলে ১৮৬৫ চনত “A dynamical theory of the Electromagnetic field” শীৰ্ষক এখন যুগান্তকাৰী গৱেষণা পত্ৰ লিখি উলিয়াইছিল। তাত তেওঁ পোনপ্ৰথমবাৰৰ বাবে প্ৰমাণ কৰি দেখুৱাইছিল যে বৈদ্যুতিক আৰু চুম্বকীয় ক্ষেত্ৰসমূহ পোহৰৰ গতিবেগত তৰংগ হিচাপে গতি কৰে। অৰ্থাৎ পোহৰ আৰু বিদ্যুৎচুম্বকীয় পৰিঘটনাসমূহৰ একত্ৰীকৰণ(Unification) সম্ভৱ।
এইখিনিতে উল্লেখনীয় যে, বিংশ শতিকাত আধুনিক পদাৰ্থবিজ্ঞানৰ এক যুগান্তকাৰী বিপ্লৱৰ সূচনা হৈছিল। মেক্স প্লাংকৰ কোৱাণ্টাম বলবিজ্ঞান তত্ব আৰু এলবাৰ্ট আইনষ্টাইনৰ আপেক্ষিকতাবাদ তত্ব আছিল এই বিপ্লৱৰ আৰম্ভণি হোৱাৰ আঁৰৰ মূল কাৰণ। কিন্তু, জেমছ ক্লাৰ্ক মেক্সৱেলৰ অৱদান অবিহনে আপেক্ষিকতাবাদ সৃষ্টি কৰাটো আছিল এক অসম্ভৱ কাম।
আমি সকলোৱে জানো যে, ১৯০৫ চনত এলবাৰ্ট আইনষ্টাইনৰ চাৰিখনকৈ পৃথিৱী কপাঁই দিয়া গৱেষণা পত্ৰ প্ৰকাশ পাইছিল। তাৰ ভিতৰত এখন আছিল “On the Electrodynamics of moving bodies”, যিয়ে বিশেষ আপেক্ষিকতাবাদ তত্বৰ জন্ম দিছিল। কিন্তু, কাহিনীটো আচলতে আৰম্ভ হয় তাৰ বহুবছৰৰ আগতেই; যেতিয়া মেক্সৱেলে ৪টা গাণিতিক সমীকৰণৰ সহায়ত পোনপ্ৰথমবাৰৰ বাবে বিদ্যুৎ আৰু চুম্বকত্বক একত্ৰীকৰণ কৰিছিল। এই ৪টা সমীকৰণক পদাৰ্থবিজ্ঞানৰ ইতিহাসত আটাইতকৈ প্ৰভাৱশালী আৰু ধুনীয়া সমীকৰণবোৰৰ ভিতৰত স্থান দিয়া হয়।
এইফালে, এজন অখ্যাতনামা পেটেণ্ট পৰীক্ষক হিচাপে চুইজাৰলেণ্ডৰ বাৰ্ণ চহৰত থাকিয়েই আইনষ্টাইনে তেওঁৰ পূৰ্ববৰ্তী বিজ্ঞানীসকলৰ কাৰ্যাৱলীৰ ওপৰত বিশদভাৱে গৱেষণা কৰিছিল। গেলিলিঅ’ আৰু নিউটনৰ বলবিজ্ঞান অধ্যয়ন কৰাৰ উপৰিও মাইকেল ফেৰাডে আৰু মেক্সৱেলৰ বিদ্যুৎচুম্বক সম্পৰ্কীয় অৱদানবোৰো তেতিয়াই তেওঁ খৰচি মাৰি অধ্যয়ন কৰিছিল। আইনষ্টাইনে মন কৰিছিল যে নিউটনীয় পদাৰ্থবিজ্ঞান প্ৰকৃতিৰ সকলো ক্ষেত্রত প্ৰযোজ্য নহয়- ই বহুতো বিষয়ত সীমাবদ্ধ।
বিশেষকৈ মেক্স’ৱেলে আৱিষ্কাৰ কৰা বিদ্যুৎচুম্বকত্বৰ(Electromagnetism) অমৰ সূত্র ৪টাক নিউটনীয় বলবিজ্ঞানৰ সহায়ত প্ৰকাশ কৰিব চেষ্টা কৰি, তাত সফল হ’ব নোৱাৰাত এই সীমাবদ্ধতা আইনষ্টাইনৰ মনত বিশেষভাৱে প্ৰকট হৈ উঠিল। সাধাৰণ বিজ্ঞানী হোৱা হ’লে তেওঁ হয়তো নিউটনীয় বলবিজ্ঞানৰ সামান্য পৰিৱৰ্তন কৰি তাক বিদুৎ চুম্বকীয় তত্বত খটুৱাবলৈ যত্ন কৰিলেহেঁতেন আৰু এইদৰেই সমস্যাটোৰ সাময়িক সমাপ্তি ঘটালেহেঁতেন। কিন্তু আইনষ্টাইনে নিজৰ অসামান্য প্ৰতিভাৰ সহায়েৰে সমস্যাটোৰ ভিতৰলৈহে সোমাই গ’ল। তেওঁৰ গৱেষণাই নিউটনীয় পদাৰ্থবিজ্ঞানৰ মূল ভেঁটিটোত আঘাত কৰিলেগৈ আৰু ফলশ্ৰুতিত পদাৰ্থবিজ্ঞানত সৃষ্টি হ’ল আপেক্ষিকতাবাদৰ(Relativity)।
এইদৰেই, উনবিংশ শতিকাত আগবঢ়োৱা জেমছ মেক্সৱেলৰ যুগান্তকাৰী অৰিহণাই বিংশ শতিকাত পদাৰ্থবিজ্ঞানৰ বিপ্লৱ সফলকাম হোৱাত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল। ইয়াৰ উপৰিও মেক্সৱেলে তাপগতিবিজ্ঞান(Thermodynamics), পৰিসংখ্যায়ন পদাৰ্থবিজ্ঞান(Statistical Physics) আৰু গাণিতিক পদাৰ্থবিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰত অসামান্য বৰঙণি আগবঢ়াই থৈ গৈছে। শনি গ্ৰহৰ চাৰিওফালে থকা বলয়কেইটাৰ বিষয়েও তেওঁ গৱেষণা কৰিছিল।
সাম্প্ৰতিক সময়ত জেমছ ক্লাৰ্ক মেক্সৱেল জনমানসত ইমান পৰিচিত/ জনপ্ৰিয় নহয়, যিটো আমাৰ বাবে এক লজ্জাজনক বিষয়। এইসকল লোকক আমি তেওঁলোকৰ কৰ্মৰাজিৰ উপযুক্ত মূল্যায়নৰ জৰিয়তে আমাৰ মাজত জীয়াই ৰাখিব লাগিব, কেৱল তেওঁলোকৰ নামত শিক্ষানুষ্ঠান নিৰ্মাণ কৰিলে নহ’ব।হয়তো ৪৮ বছৰতেই অকাল মৃত্যুবৰণ নকৰিলে আমি জেমছ ক্লাৰ্ক মেক্সৱেলৰ পৰা আৰু বহুতো অমৰ সৃষ্টি পালোহেঁতেন! সকলোখিনিৰ বাবে ধন্যবাদ প্ৰ’ফেছৰ মেক্স’ৱেল।