পোষ্ট্ মাৰট্যিছ্ কৰ্ণাৰ – (মমিন বৰা)
জোঁৰটো জ্বলাবৰ দিনা আমি বহু কথাই পাতিছিলোঁ
বাঁহৰ চুঙাত আছিল বহু কালৰে কাতৰ হৈ থকা কেঁহেৰাজ বৰণীয়া তেজ
শলিতাত অভিমান আৰু ক্ষোভৰ যন্ত্ৰণা
স্বাভিমান আৰু স্বাধীনতাৰ বিনিময়ৰ সম্ভাৱনা আছিল শুকুলা মেঘ
সেই খবৰ হকলো সিৰা উপসিৰাই জানিছিল
এদিন হঠাৎ লুইতৰ পানীবোৰ ৰঙা হৈছিল
পিছে ৰঙাবোৰ লুইতৰ পানী হ’ব পৰা নাছিল
তথাপি সমস্বৰে আওৰাইছিলোঁ আৰু আগুৱাইছিলো
চিৎকাৰ আৰু চিঞৰে সলাব পৰা নাছিল
সেই অবিনশ্বৰ ঈপ্সিত আলোকৰ সন্ধান
সময়ৰ অযুত মন্থনৰ অন্তত এই প্ৰত্যয়ৰ দৰ্শন যেতিয়া পৰিৱৰ্তিত হৈছিল বিশ্বাসঘাটৰ বীজলৈ
উদভ্ৰান্ত উশাহেৰে আয়ে বিৰবিৰাই থকা হৈছিল সূৰ্য্য পুত্ৰৰ আত্মজীৱনী
তাৰ পিছত শেঁতা আকাশ
শেঁতা আকাশ
অযুত প্ৰত্যাশাৰ এই আণৱিক বিভংগন
বিৱৰ্তনৰেই এক পশ্চাৎমুখী অৱলোকণ
মৌন সমদল
মৌন সমদল
সময়ৰ সণ্ঢালনি বা যৌক্তিকতাৰ জোৰে সকলো নসাৎ কৰাৰ দৰে
নসাৎ কৰিব পাৰে জানোঁ আত্মাৰ আত্মবিশ্বাস
এতিয়া বছেৰেকীয় বন্দনাত ব্যক্ত কৰা কথাবোৰ কৰুণা নে কৈফিয়ৎ নাজানোঁ
অথচ বঞ্চনাক ক্ৰুছবিদ্ধ কৰাৰ মানসেৰেই এদিন এটা চিঞঁৰত নিৰ্মাণ হৈছিল
হাজাৰ সূৰ্য্যৰ আলিবাট
তোষামোদৰ বন্দনাই বঞ্চনাৰ লেকাম খুলিব নোৱাৰে, নোৱাৰে হাড়ত গজি উঠা হুমুনিয়াহক হাঁহিলৈ ৰূপান্তৰিত কৰিবলৈ
আজি চাকিৰ পোহৰে পোহৰাই তোলে মুখবোৰ, যি বেলিৰ উজ্জ্বলতাত চিনা নাছিলোঁ এদিন ।