যুক্তিবাদী আন্দোলন আৰু প্ৰবীৰ ঘোষ-(ৰূপক বৰুৱা)
প্ৰয়াত প্ৰবীৰ ঘোষ আছিল ভাৰতৰ যুক্তিবাদী আন্দোলনৰ পথিকৃৎ সকলৰ এজন। কিন্তু তেওঁ নিৰালম্ব যুক্তিবাদী নাছিল। সমাজত প্ৰচলিত কুসংস্কাৰ, অন্ধবিশ্বাসৰ বাস্তৱিক কাৰণ সমাজ, অৰ্থনীতি , ৰাষ্ট্ৰ-নীতি তথা ৰাজনীতিৰ মাজতেই যে আছে তাক তেওঁ বিভিন্ন সময়ত উল্লেখ আৰু বিচাৰ বিশ্লেষণ কৰিছে। সেইহে তেওঁ আব্ৰাহাম কোভুৰৰ অন্ধবিশ্বাস, কুসংস্কাৰ বিৰোধী সংগ্ৰামক সমালোচনা কৰি লিখিছে-“কোভুৰে সাহসিকতাৰে কুসংস্কাৰৰ বিৰোধিতা কৰিছিল, অলৌকিক ক্ষমতাৰ দাবীদাৰ অনেকৰ স্বৰূপ উদ্ঘাটন কৰিছিল ঠিকেই কিন্তু তেওঁ বুজিব পৰা নাছিল অথবা বুজিব খোজাও নাছিল যে কুসংস্কাৰ সৃষ্টি আৰু টিকি থকাৰ কাৰণ অসম্পূৰ্ণ জ্ঞান, ভ্ৰান্ত-জ্ঞান, অনিশ্চিত ভৱিষৎ, অসাম্য আৰু সমাজ ব্যৱস্থা ইত্যাদিলৈ গঢ়ি উঠা এক সাংস্কৃতিক পৰিমণ্ডল। শোষক, মালিকৰ দল তথা তেওঁলোকৰ স্বাৰ্থৰক্ষাকাৰী ৰাষ্ট্ৰশক্তিয়েই যে নিজৰ অস্তিত্ব ৰক্ষা আৰু শ্ৰীবৃদ্ধি স্বাৰ্থতেই জনসাধাৰণৰ হৃদয়ত কুসংস্কাৰ বদ্ধমূল ৰখাৰ প্ৰয়াসী ——–। এইয়া সত্য যে কোনো সময়তে ড° কোভুৰে বঞ্চিত, শোষিত মানুহৰ চেতনা সমাজ সচেতন কৰাৰ চেষ্টা কৰা নাছিল। অন্ধবিশ্বাস, কুসংস্কাৰৰ মূলচ্ছেদৰ চেষ্টা নকৰি দৰিদ্ৰ, বঞ্চিত অসহায় মানুহক কুসংস্কাৰৰ কাৰণে দোষী সাব্যস্ত কৰি তেওঁ নিন্দা কৰিছে। ” প্ৰবীৰ ঘোষে কোভুৰৰ কুসংস্কাৰ বিৰোধী এই ক্ৰিয়া-কলাপৰ সীমাৱদ্ধতাৰ তিনিটা সাম্ভৱ্য কাৰণ উল্লেখ কৰিছে।প্ৰথমটো ড° কোভুৰৰ সমাজ বিজ্ঞান সম্পৰ্কে পৰিপূৰ্ণ জ্ঞানৰ অভাৱ আছিল আৰু ইয়াৰ কাৰণে এনে ঘটিছিল।দুই- ডা° কোভুৰে সাধাৰণ মানুহক সমাজ সচেতন কৰিব বিচৰা নাছিল বৰং বিচাৰিছিল গুটিদিয়েক অৱতাৰক মিছা আৰু ভণ্ড প্ৰমাণ কৰাৰ যোগেদি জনগণক উত্তেজনাৰ জুইৰ উত্তাপৰ ভাগীদাৰ কৰি এটি যুক্তিবাদী আন্দোলন গঢ়ি তোলা। তিনি – শোষক ও শাসক গোষ্ঠীয়ে কোভুৰৰ দ্বাৰা সমাজ সচেতন মানুহৰ মগজুত ভৰাই দিব খোজিছিল এনে এটি ভ্ৰান্ত ধাৰণা যে- যুক্তিবাদী আন্দোলন অলৌকিক ক্ষমতাৰ ৰহস্য উদ্ঘাটনৰ সমাৰ্থক। যুক্তিবাদী চিন্তাক প্ৰতিৰোধ কৰাৰ বাবে এনে ভ্ৰান্ত চিন্তাৰ প্ৰচাৰৰ প্ৰয়াস ক্ষমতাশালী শ্ৰেণীৰ বাবে একান্ত অনিবাৰ্য আছিল।”
যৌৱনকালত প্ৰবীৰ ঘোষে সমাজ পৰিৱৰ্তনৰ স্বপ্নৰে নক্সাল আন্দোলনত যোগদান কৰিছিল।তেওঁ বিচাৰিছিল সমাজত চলি থকা শোষণ বঞ্চনাৰ অৱসান হওক, বিচাৰিছিল সমাজত সাম্য প্ৰতিষ্ঠা হওক। কিন্তু সোনকালে তেওঁৰ মোহভঙ্গ হৈছিল। ব্যক্তি হত্যা, বল প্ৰয়োগেৰে সমাজ পৰিৱৰ্তনক তেওঁ মানি ল’ব পৰা নাছিল। তেওঁ বিচাৰিছিল সাংস্কৃতিক- বিপ্লৱ যাৰ যোগেদি জনগণৰ সংস্কৃতি গঢ় লৈ উঠে। কিন্তু নেতৃত্বই তেওঁৰ কথা গুৰুত্ব দিয়া নাছিল। তেওঁ নক্সাল আন্দোলনৰ পৰা আঁতৰি আহিছিল।
সমাজৰ প্ৰগতিৰ ৰোধক হিচাপে তেওঁ চিনাক্ত কৰিছিল ধৰ্ম, জাত-পাত, অন্ধ-বিশ্বাস, কুসংস্কাৰ, দুৰ্নীতি আদিক। তেওঁ এইবিলাকক অপসংস্কৃতি বুলিছে। সেইহে তেওঁ লিখিছে- “এটি সাংস্কৃতিক গোষ্ঠীৰ জীৱনক অসুস্থ পৰিণতিৰ দিশে লৈ যোৱা এই অপসংস্কৃতিৰ বিৰূদ্ধে যি সংগ্ৰাম, যি বিপ্লৱ, সেয়াই সাংস্কৃতিক বিপ্লৱ। এটি সাংস্কৃতিক গোষ্ঠীৰ জীৱনক সুস্থ ভাবে বিকশিত কৰি তোলা সংগ্ৰামেই সাংস্কৃতিক বিপ্লৱ।” তেওঁ চীনৰ সাংস্কৃতিক বিপ্লৱৰ উদাহৰণেৰে লিখিছিল-“অতি স্পষ্টভাবে চীনৰ সাংস্কৃতিক বিপ্লৱৰ অন্যতম গুৰুত্বপূৰ্ণ লক্ষ্য আছিল জনগণক প্ৰাচীন কুসংস্কাৰ, অন্ধবিশ্বাস, অলৌকিকতাত বিশ্বাস আৰু অৱতাৰৰ পূজাৰ দৰে বঞ্চনাৰ হাথিয়াৰ প্ৰগতিৰ পৰিপন্থী শক্তিবিলাকৰ বিৰুদ্ধে চেতনাৰ উন্মেষ ঘটোৱা।” প্ৰবীৰ ঘোষে যুক্তিবাদী আন্দোলনক সাংস্কৃতিক আন্দোলনৰ অংশ হিচাপে গ্ৰহণ কৰিছিল। তেওঁৰ মতে, “সংস্কৃতি বুলিলে এটি মানৱ গোষ্ঠী বা সাংস্কৃতিক গোষ্ঠীৰ সামগ্ৰিক জীৱনধাৰাকে বুজায়, গতিকে সাংস্কৃতিক আন্দোলন বুলিলে আমি অৱশ্যেই এটি মানৱ-গোষ্ঠী বা সাংস্কৃতিক গোষ্ঠীৰ জীৱন ধাৰাৰ সুস্থ বিকাশৰ প্ৰতি অগ্ৰগমনকেই বুজিব লাগিব।”
ভাৰতবৰ্ষত যুগ যুগ ধৰি জনগণৰ ওপৰত চলি আছে শোষণ-বঞ্চনা। কেৱল ধৰ্ম,জাত-পাত, সাম্প্ৰদায়িকতা, নানা ধৰণৰ অন্ধবিশ্বাস, কুসংস্কাৰ, কৰ্মফলবাদ, জন্মান্তৰবাদক হাথিয়াৰ কৰি শোষক শ্ৰেণীয়ে সক্ৰিয়ভাবে এইবিলাকৰ যোগেদি জনসাধাৰণৰ মগজু ধোলাই কৰি নিজৰ স্বাৰ্থ বৰ্তাই ৰাখিছে। ইয়াৰ লগে লগে গঢ়ি তুলিছে সংস্কৃতিৰ নামত অপসংস্কৃতি আৰু বিভিন্ন মাধ্যমৰ যোগে জনসাধাৰণক ডুবাই ৰাখিছে ইয়াৰ নিচাত। তেওঁ লিখিছে – “—-শোষক আৰু শাসকগোষ্ঠীয়ে নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবে নীপীড়িত মানুহৰ মগজ ধোলাই কৰি আছে। তেওঁলোকৰ একত্ৰিত সংগ্ৰামৰ সমস্ত চেষ্টাক বাৰে বাৰে ভাঙি দিছে ধৰ্ম, জাত-পাত, প্ৰাদেশিকতাৰ ভেদাভেদক কামত লগাই।কুসংস্কাৰৰ আফিং খুৱাই বঞ্চিত মানুহৰ মাথাত ভৰাই দিছে,- প্ৰতিটো বঞ্চনাৰ কাৰণ অদৃষ্ট, পূৰ্বজন্ম, কৰ্মফল, ঈশ্বৰৰ কৃপা লাভ নকৰা।”
এনে এখন সমাজৰ পৰিৱৰ্তনৰ কাৰণে যি বিপ্লৱৰ প্ৰয়োজন তাৰ কাৰণে যুক্তিবাদী সাংস্কৃতিক আন্দোলনৰ অতি প্ৰয়োজন আৰু ই সমাজত বস্তুবাদী মানসিকতা গঢ়ি তোলাত সহায় কৰিব। ইয়াৰ তাগিদাতে কেইজনমান যুক্তিবাদী ব্যক্তিৰ সৈতে লগ হৈ প্ৰবীৰ ঘোষে ১৯৮৫চনৰ ১মাৰ্চত গঢ়ি তুলিলে “ভাৰতৰ যুক্তিবাদী সমিতি।” তেওঁ লিখিছে- “দেশৰ সাংস্কৃতিক আন্দোলনৰ প্ৰয়োজনীয়তা অনুভৱ কৰিলো আৰু উপলব্ধি কৰিলো বিপ্লৱৰ আগতে, বিপ্লৱৰ সময়ত তথা বিপ্লৱৰ পিছত সাংস্কৃতিক আন্দোলনৰ কিমান প্ৰয়োজন।” —–তেওঁ আকৌ লিখিছে- “ভাৰতৰ শোষিত জনগণৰ মুক্তিৰ কাৰণে আজিলৈকে যিমান সংগ্ৰাম হৈছে তাৰ ব্যৰ্থতাৰ অন্যতম প্ৰধান কাৰণ সাংস্কৃতিক আন্দোলন গঢ়ি তোলাৰ ক্ষেত্ৰত নেতৃত্বৰ গুৰুত্ব আৰোপ নকৰা।”
যুক্তিবাদী আন্দোলন কেৱল কুসংস্কাৰ বা অন্ধবিশ্বাসৰ পৰা মুক্তিতেই সীমাৱদ্ধ নহয়। ই এখন শোষণমুক্ত গণতান্ত্ৰিক সমাজ গঢ়ি তোলাৰ সংগ্ৰামত ব্ৰতী হোৱা উচিত। সেইহে তেওঁ লিখিছে -“যুক্তিবাদী মানসিকতাই জনগণক পৰিচালিত কৰে গণতন্ত্ৰ প্ৰতিষ্ঠা সংগ্ৰাম, আমোলাতন্ত্ৰ ধ্বংসৰ সংগ্ৰাম, বঞ্চনা আৰু অন্যায়ৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলা সংগ্ৰাম, নীতিবোধ আৰু ন্যায়বোধ প্ৰতিষ্ঠাৰ সংগ্ৰামৰ দিশে।” কিন্তু এই যুক্তিবাদী সংস্কৃতি একে দিনাই গঢ়ি উঠা বস্তু নহয়।ইয়াক বলপ্ৰয়োগৰ দ্বাৰাও গঢ়ি তোলা সম্ভৱ নহয়। তেওঁ লিখিছে-“বল প্ৰয়োগ যুক্তিবাদৰ বিকল্প নহয়, প্ৰতিজন ব্যক্তিক নিজৰ মতামতৰ সপেক্ষে যুক্তি প্ৰদানৰ সুযোগ দিয়া উচিত। চিন্তা কৰাৰ সাহস, প্ৰশ্ন কৰাৰ সাহস আৰু কাৰ্য কৰা সাহসৰ যি উদ্যম তাৰ বিকাশ ঘটাৰ সুযোগ দিয়া উচিত। “ইয়াৰ লগতে তেওঁ কৈছে- “অনুকল পৰিৱেশৰ সাহায্য পালে ইতিহাসৰ অনিবাৰ্য গতি বিশ্বাসৰ বিপৰীতে যুক্তিৰ অভিমুখেহে। অৰ্থাৎ মানুহৰ সন্মুখত প্ৰকৃত সত্যক জনাৰ সুযোগ দিলে, সুযুক্তিৰ লগত পৰিচয় হোৱা সুযোগ দিলে সাধাৰণ ভাবে মানুহে তাক গ্ৰহণ কৰে। সেইহে আমি যদি আৰু বেছিকৈ বিভিন্নভাৱে সু-যুক্তি সৃষ্টিৰ বাবে আগবাঢ়ি আহোঁ তাৰ ফলশ্ৰুতিত এক নতুন চিন্তাধাৰাৰ পৰিমণ্ডল সৃষ্টি হ’বই।”
প্ৰকৃত যুক্তিবাদী আন্দোলনে অন্ধবিশ্বাস ,কু-সংস্কাৰকে ধৰি সমাজত বৰ্তি থকা প্ৰগতি বিৰোধী কাৰকবোৰৰ উদ্ঘাটন কৰে আৰু ইয়াৰ লগত সম্পৰ্কিত প্ৰকৃত সত্যক উদঙাই দিয়ে।ইয়াৰ ফলত শোষক আৰু শাসকৰ স্বৰূপ উদ্ঘাটিত হয়। এই যুক্তিবাদী আন্দোলনক প্ৰতিৰোধ কৰিবলৈ শোষক তথা শাসক শ্ৰেণীয়ে চক্ৰান্ত কৰে।যুক্তিবাদক ব্যৱহাৰ কৰে যুক্তিবাদৰ বিৰুদ্ধে, – যি যুক্তিবাদ নিৰালম্ব যুক্তিবাদ। প্ৰবীৰ ঘোষে সেয়েহে লিখিছে-যুক্তিবাদী আন্দোলনৰ পৰা সাধাৰণ মানুহক দূৰ কৰি ৰখাৰ বাবে যুক্তিবাদৰ বিৰূদ্ধে যুক্তিবাদকে কামত লগোৱাৰ পৰিকল্পনা কৰা হৈছে। নকল যুক্তিবাদী আন্দোলন সৃষ্টি কৰিবলৈ সাহায্য তথা সহযোগিতা আগবঢ়াইছে বিভিন্ন বিদেশী সংস্থা, ৰাষ্ট্ৰ শক্তিয়ে।”
প্ৰবীৰ ঘোষে আশা ৰাখিছে এই যুক্তিবাদী আন্দোলনে সমাজৰ এদিন আমূল পৰিৱৰ্তন ঘটাব। গঢ়ি তুলিব এখন নতুন শোষণ মুক্ত সমাজ।তেওঁৰ ভাষাত-
“যুক্তিবাদী আন্দোলন, কুসংস্কাৰ মুক্তি আন্দোলন ——–এনে এক আন্দোলন যাৰ মাজত লুকাই আছে এক অসাধাৰণ শক্তিশালী গণ-অভ্যুত্থানৰ বীজ, ৰখা হৈছে শোষণমুক্তিৰ বিস্ফোৰক বাৰুদ”। (প্ৰবীৰ ঘোষৰ “সংস্কৃতি: সংঘৰ্ষ আৰু নিৰ্মাণ” গ্ৰন্থৰ পৰা কথাখিনি লোৱা হৈছে )