প্রাচীন ভাৰতত বিজ্ঞান : এটি চমু টোকা ।। ৰূপক বৰুৱা
জাতীয়তাবাদী ভাবধাৰাত ইতিহাসক যেনেদৰে জাতিৰ গৌৰৱ গাঁথা গাবলৈ পুনৰ নিৰ্মাণ কৰা হয়, তেনে উদ্দেশ্যৰে বিজ্ঞানৰ ইতিহাসো বিকৃত কৰা হয়। জাতীয়তাবাদী ভাবধাৰা ধৰ্মকেন্দ্ৰিক হʼলে ইয়াৰ চোক আৰু বাঢ়ে। বিজ্ঞানৰ সকলো কথা বা ইয়াৰ জন্ম নিজ ধৰ্ম বা জাতিত হৈছিল বুলি তেওঁলোকে দেখুৱাব খোজে। প্ৰচেষ্টা চলে ধৰ্মক বিজ্ঞানকৰণৰ। দেখুৱাব খোজা হয় তেওঁলোকৰ ধৰ্মতে আধুনিক বিজ্ঞানৰ সকলো আছে। হিন্দু নৱজাগৰণৰ (?) প্ৰবক্তা বংকিমচন্দ্ৰ চট্টোপাধ্যায়, বিবেকানন্দ, দয়ানন্দ স্বৰস্বতী, এনী বেচাণ্ট, এম এছ গোলৱালকাৰ, আনকি দাৰ্শনিক ৰাধাকৃষ্ণণকে আদি কৰি অসংখ্যজনে বিজ্ঞানৰ জন্ম প্ৰাচীন ভাৰততে হৈছিল বুলি অতিৰঞ্জিত ব্যাখ্যা আগ বঢ়াইছিল আৰু নানান উপাখ্যান সৃষ্টি কৰা হৈছিল। অসমতো কমলাকান্ত ভট্টাচাৰ্য্য আৰু ৰাধানাথ ফুকনে ইয়াক প্ৰচাৰ কৰিছিল। ইয়াকে আলম কৰি বৰ্তমান ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ ব্যাপক কৰি তোলা হৈছে। বৰ্তমান ভাৰতবৰ্ষত হিন্দু জাতীয়তাবাদৰ তীব্রতা শিখৰত উপনীত হৈছে। চলি আছে। বৰ্তমান এনে এটা নেৰেটিভ সৃষ্টি কৰিব খোজা হৈছে যে আধুনিক বিজ্ঞানৰ জন্ম বেদতে হৈছিল। গতি-বিজ্ঞান, ৰকেট বিজ্ঞান ,কোৱাণ্টাম তত্ত্বৰ পৰা ষ্টেমচেললকৈ সকলো হিন্দুৰ প্ৰাচীন ধৰ্ম গ্ৰন্থবোৰত আছে বুলি তেওঁলোকে দেখুৱাব খোজে। এইয়া ভাৰতত প্ৰাচীন বিজ্ঞানৰ উদ্ভৱ আৰু বিকাশ সম্বন্ধে ঐতিহাসিক অধ্যয়নৰ এটা ডাঙৰ ত্ৰুটি। ২০১৪ চনত দেশৰ প্ৰধানমন্ত্ৰীয়ে মুম্বাইত হোৱা বিজ্ঞান কংগ্ৰেছৰ অধিৱেশনত বিজ্ঞানীসকলৰ আগত গণেশৰ হাতীৰ মূৰ লগোৱা কাহিনীটোকে প্ৰাচীন ভাৰতত প্লাষ্টিক চাৰ্জাৰীৰ উদাহৰন হিচাপে দাঙি ধৰে। সেই বিজ্ঞান কংগ্ৰেছৰ অধিৱেশনত কিছু সন্ন্যাসী উপস্থিত থকাটো মন কৰিবলগীয়া। সেইহে নোবেল বঁটা বিজয়ী জৈৱ- পদাৰ্থ বিজ্ঞানী ভেংকটৰমণে ভাৰতৰ বিজ্ঞান কংগ্ৰেছক চাৰ্কাছৰ লগত তুলনা কৰিছে।
বিজ্ঞানৰ ক্ৰমবিকাশৰো এক নিৰ্দ্দিষ্ট ঐতিহাসিক ক্ৰম আছে। প্ৰাচীন কালতে আধুনিক বিজ্ঞানৰ কথাবোৰ পোৱাটো এই ঐতিহাসিক ক্ৰমক অস্বীকাৰ কৰাৰ দৰে ।। মুক্ত চিন্তা, দশম বছৰ, প্রথম সংখ্যা, জুলাই, ২০২৪ ।।
প্ৰাচীন ভাৰতত প্ৰযুক্তি আৰু বিজ্ঞানৰ বিকাশ সাধন হৈছিল তাক কোনেও অস্বীকাৰ নকৰে। কিন্তু বৰ্তমান বিজ্ঞান বুলিলে যি বুজোঁ সেইয়া সেই সময়ত উদ্ভৱ হোৱা সম্ভৱ নাছিল। কণাদ মুনিয়ে কৈছিল, “পদাৰ্থ বিভাজিত কৰি থাকিলে এনে এটা ক্ষুদ্ৰ অৱস্থা প্ৰাপ্ত হ’ব য’ৰ পৰা ইয়াক বিভাজিত কৰাটো সম্ভৱ নহয়। পদাৰ্থৰ এই ক্ষুদ্ৰতম অৱস্থাটো হ’ল পৰমাণু।” পদাৰ্থৰ পৰমাণুৰ সম্পৰ্কে প্ৰাচীন কালতে এইয়া আছিল অতি তাৎপৰ্যপূৰ্ণ মন্তব্য। কিন্তু এইক্ষেত্ৰত মান্যতাকৰণৰ বাবে কোনো পৰীক্ষা-নিৰীক্ষা নকৰাত এই দাৰ্শনিক পৰ্যায়ৰ ধাৰণাই হৈ থাকিল। পৰ্যবেক্ষণ আৰু কিছু ক্ষেত্ৰত প্ৰয়োজনৰ তাগিদাত আন কিছুমান কথা চৰ্চিত হৈছিল। ভাৰতীয় ব্ৰাহ্মণসকলে জ্যোতিৰ্বিজ্ঞানৰ চৰ্চা কৰিছিল ঋতু পৰিৱৰ্তনৰ বিষয়ে জানিবলৈ। চন্দ্ৰকলাৰ গণনাই মানুহৰ সৰল পূজা-পাতলৰ কাল নিৰ্ধাৰণ কৰাত সহায় কৰিছিল। এই পূজা-পাতলবোৰৰ সাধাৰণতে কৃষিৰ লগত সম্পৰ্ক আছিল। কৃষি কাৰ্যৰ বাবে ঋতু পৰিৱৰ্তনৰ বিষয়ে জনাটো প্ৰয়োজন আছিল। আকাশৰ তৰা চাই ঋতু পৰিৱৰ্তনৰ বিষয়ে জনাটো মিছৰত প্ৰথম আৰম্ভ হৈছিল। কিন্তু লাহে লাহে গ্ৰহ-নক্ষত্ৰবোৰে মানৱজীৱনৰ ভূত-ভৱিষ্যত নিৰ্ণয় কৰে বুলি ভাবিবলৈ ললে। এনেদৰে জ্যোতিৰ্বিজ্ঞান জ্যোতিষ-শাস্ত্ৰ লৈ অৱনমিত হৈছিল। পুষ্প এম. ভাৰ্গভ লেখিছ, “আমাৰ পূৰ্বপুৰুষসকলে আচলতে পৰ্যবেক্ষণ কৰাৰ বাবে মানসিক তাড়না অনুভৱ কৰিছিল। উদাহৰণ স্বৰূপে, দেহৰ নানা অন্তঃ আৰু বহিঃ অংগৰ বিষয়ে আৰু নানা তন্ত্ৰৰ বিষয়ে বৈদিক যুগতে তেওঁলোকে বিতং জ্ঞান আৰ্জন কৰিছিল।” তেওঁ প্ৰাচীন ভাৰতত জীৱ-বিজ্ঞান চৰ্চাৰ নানানটা উদাহৰণ দাঙি ধৰি লিখিছে, “কিন্তু আমাৰ পূৰ্বপুৰুষসকলে কৰা পৰ্যবেক্ষণবোৰ কাচিৎহে কোনো উপকল্প সৃষ্টি আৰু কোনো পৰীক্ষাৰদ্বাৰা সেই উপকল্পৰ প্ৰমাণ চাবলৈ উদ্বুদ্ধ কৰা প্ৰশ্ন সৃষ্টিৰ বাটত লৈ যোৱা দেখা গ’ল। এই কথা আজি আমি “পশ্চিমীয়া বিজ্ঞান” বুলি কোৱা বিজ্ঞানৰ তুলনাত দেখদেখকৈ ওলাই পৰিল কাৰণ তাত প্ৰশ্ন এটা সজা কথাটো অতি গুৰুত্বপূৰ্ণ।” বিজ্ঞানত গোড়ামি নাথাকে। কোনো ধাৰণাক লৈ বাৰে বাৰে প্ৰশ্ন সোধা হয়, ইয়াক যুক্তিৰে বিচাৰ-বিশ্লেষণ কৰা হয়, পৰীক্ষা-নিৰীক্ষা কৰা হয়। ইয়াত কৃতকাৰ্য নহ’লে ইয়াক ত্যাগ কৰা হয়। প্ৰাচীন ভাৰতীয় বিজ্ঞানত প্ৰশ্নই সোধা হোৱা নাছিল। যাৰ ফলত জীৱ-বিজ্ঞানত অসংখ্য বিবৃতি, সিদ্ধান্ত আদি বিনা বিচাৰ-বিশ্লেষণেৰে চলি আছিল। আচলতে ইয়াৰ অৱস্থান আধুনিক বিজ্ঞানৰ বৈশিষ্ট্যৰ পৰা বহুত দূৰত আছিল আৰু যিটো সময় সাপেক্ষে স্বাভাৱিক আছিল। আধুনিক বিজ্ঞানৰ প্ৰাচীন বিজ্ঞানৰ লগত পাৰ্থক্যৰ এটা তাৎপৰ্যপূৰ্ণ দিশ Yuval Noah Harari-এ তেওঁৰ Sapiens, A Brief History of Humankind গ্ৰন্থত উল্লেখ কৰিছে। তেওঁ লিখিছে, Mere observations, however, are not knowledge. In order to understand the universe, we need to connect observations into comprehensive theories. Earlier traditions usually formulated their theories in terms of stories. Modern science uses mathematics. There are very few equations, graphs and calculations in the Bible, the Quran, the Vedas or Confucian classics. When traditional mythologies and scriptures laid down general laws, these were presented in narrative rather than mathematical form……This is exactly what scientists seek to accomplish. In 1687, Isaac Newton published The Mathematical Principles of Natual Philosophy, arguably the most important book in modern history”। কোনো প্ৰাচীন ভাৰতীয় চিন্তাত আধুনিক বিজ্ঞানৰ দৰে তত্ত্বক গণিতৰ দৰে প্ৰকাশ কৰা হোৱা নাছিল।
আজি ভাৰতৰ প্ৰাচীন বিজ্ঞানক লৈ যিটো ভাবধাৰা বা মতাদৰ্শ লোকে গৰ্ববোধৰ মিথ তৈয়াৰ কৰে, যিটো হিন্দু জাতীয়তাবাদৰ প্ৰবক্তাসকলৰ ভাবধাৰা সেই ভাবধাৰাটোৱেই প্ৰাচীন বিজ্ঞানৰ বিকাশৰ পথ ৰূদ্ধ কৰা অন্য এটি প্ৰধান কাৰক।
বিজ্ঞান ঢাপে ঢাপে আগবাঢ়ে। য’ত পুৰণি ধাৰণাৰ সীমাবদ্ধতাক নতুন ধাৰণাই আঁতৰ কৰে। যাক paradigm shift বোলা হয়। আদিম কালৰ আদিম প্ৰযুক্তি, হাথিয়াৰ নিৰ্মাণৰ পৰা এনেদৰে ঢাপে ঢাপে আগবাঢ়ি আহি বিজ্ঞান আজি অৱস্থাত উপনীত হৈছেহি। বিজ্ঞানৰ ক্ৰমবিকাশৰো এক নিৰ্দ্দিষ্ট ঐতিহাসিক ক্ৰম আছে। প্ৰাচীন কালতে আধুনিক বিজ্ঞানৰ কথাবোৰ পোৱাটো এই ঐতিহাসিক ক্ৰমক অস্বীকাৰ কৰাৰ দৰে। বিশ্বৰ বিভিন্ন ঠাইৰ সভ্যতাবোৰত বিজ্ঞানলৈ অৱদান আছে। এইবোৰত আজি বিজ্ঞান বুলিলে যি বুজো সেইয়া নহ’লেও সেই যুগৰ সাপেক্ষে প্ৰযুক্তি আৰু বিজ্ঞান চিন্তাৰ আভাস পোৱা যায়। কিন্তু বিকাশৰ মাজেৰে আজি আমি বিজ্ঞান বুলিলে যি বুজো তাৰ পূৰ্ণ পৰ্যায় পোৱাৰ আগতেই বিভিন্ন কাৰণত সেই সভ্যতাবোৰত ই এটা স্তৰত স্তব্ধ হৈ গৈছিল। ভাৰততো প্ৰাচীন বিজ্ঞানৰ বিকাশ হৈ আধুনিক ৰূপটো নাপালে আৰু এই নোপোৱাৰ ঐতিহাসিক কাৰণ বিশ্লেষণ কৰাটো প্ৰয়োজন। আধুনিক যুগৰ বিজ্ঞান পোৱা আগতে ঢাপে ঢাপে ই কেনেদৰে আগ বাঢ়ি আহিছিল তাক জানিবলৈ পূৰ্বৱৰ্তী ইতিহাস জানিব লাগিব। জে ডি বাৰ্নালে তেওঁৰ “ইতিহাসত বিজ্ঞান” নামৰ বিখ্যাত গ্ৰন্থখনত বিজ্ঞান কেনেদৰে ক্লাচিকেল আৰু ক্লাচিকেল যুগৰ আগৰ সভ্যতা আৰু ইচলাম, পাৰস্য, ভাৰতবৰ্ষ আৰু চীন দেশত উদ্ভৱ আৰু বিকাশ হৈছিল তাক আলোচনা কৰিছে। তেওঁ লিখিছে— আধুনিক বিজ্ঞানৰ জন্ম ব্যাখ্যা কৰিবলৈ হ’লে ইয়াৰ পূৰ্বৱৰ্তী ইতিহাস সম্বন্ধে আৰু এই জন্মদানৰ প্ৰযুক্তি চলোৱা এক অতি দীঘল অজ্ঞাত যুগ সম্বন্ধে জ্ঞান আহৰণ কৰা আৱশ্যক। ক্লাচিকেল আৰু ক্লাচিকেল যুগৰ আগৰ সভ্যতাসমূহৰ সংস্কৃতি আৰু লগতে ইচলাম, পাৰস্য, ভাৰতবৰ্ষ আৰু চীনদেশৰ ওচৰত ই কেনেদৰে ঋণী ,সেই বিষয়েও জ্ঞাত হ’ব লাগিব। সকলোতকৈ ডাঙৰ কথাটো হ’ল আধুনিক বিজ্ঞানৰ জন্ম কেনেকৈ সম্ভৱ হ’ব পাৰিলে সেইটো বুজিব লাগিব, ষোল্ল শতিকাৰ ইটালীত এক নতুন বিজ্ঞানৰ আৱিৰ্ভাৱৰ কাৰণ কি? সোতৰ শতিকাৰ ইংলেণ্ড, ফ্ৰান্স, আৰু হলেণ্ডত ই কিয় ফলে-ফুলে জাতিষ্কাৰ হৈ বিকশিত হৈছিল? ইতিহাসৰ বিভিন্ন যুগত ইয়াৰ বাবে প্ৰস্তুত হৈ থকা আন দেশসমূহৰ যেনে চীন বা ভাৰতবৰ্ষৰ সংস্কৃতিয়ে এই চূড়ান্ত খোজটো নেপেলালে কিয়? এনেবোৰ প্ৰশ্নৰ উত্থাপন আৰু তাৰ সদুত্তৰৰ প্ৰচেষ্টায়েই হ’ল এই অধ্যায়ৰ মূল বিষয়-বস্তু। আধুনিক বিজ্ঞানৰ জন্ম দিয়া কাৰণসমূহৰ অৱদানৰ মূল্য ইয়াত বিচাৰ কৰা হ’ব। সকলোতকৈ গুৰুত্বপূৰ্ণ কাৰণ অৰ্থনৈতিক প্ৰৱণতা বুলি দেখা পোৱা যাব। সমগ্ৰ মধ্যযুগ ধৰি অৰ্থনৈতিক প্ৰৱণতাই পৰিশ্ৰম লাঘৱৰ বাবে উদ্ভৱ হোৱা প্ৰযুক্তিৰ বিকাশত ক্ৰমবৰ্ধমান হাৰত অৰিহনা যোগাইছিল। সামন্ততান্ত্ৰিক অৰ্থনীতিৰ পৰা ধনতান্ত্ৰিক অৰ্থনীতিলৈ ৰূপান্তৰ আঁৰত এই এনেবোৰ প্ৰৱণতা সক্ৰিয়। বাস্তৱিকতে ইউৰোপত ধনতন্ত্ৰৰ বিকাশৰ স্থান আৰু কালৰ পথ বিজ্ঞানে লোৱা পথৰ সৈতে একেটাই।….এই সমগ্ৰ যুগ ধৰি বিদ্যমান সামন্ততান্ত্ৰিক পৰিৱেশে বিজ্ঞানৰ সাধাৰণ চৰিত্ৰক নিয়ন্ত্ৰণ কৰি এই চৰিত্ৰক সীমিত কৰি পেলাইছিল।
ভাৰতবৰ্ষতো সামন্ততান্ত্ৰিক আৰু পুৰোহিততান্ত্ৰিক ব্যৱস্থাটোৱে বিজ্ঞানৰ বিকাশত বাধা দিছিল। ড০ ডি ডি কৌশাম্বীয়ে তেওঁৰ “ভাৰত ইতিহাস” গ্ৰন্থত লিখিছে—, পিছৰ যুগত ব্ৰাহ্মণ্যবাদ মানৱ মুক্তি (অৰ্থাৎ প্ৰয়োজনৰ স্বীকৃতিৰ) পৰিপন্থী হৈ পৰিল। ইপিনে শ্ৰম–কালৰ দ্বাৰা নিৰ্ধাৰিত মূল্য উৎপাদন পথতো এই ব্ৰাহ্মণ্যবাদ হেঙাৰ স্বৰূপ হৈ পৰিল। ব্ৰাহ্মণসকলে অপৰিৱৰ্তনীয় মত আৰু কৰ্তৃত্বৰ ওপৰত জোৰ দিয়াত ই বিজ্ঞানৰ অৰ্থাৎ আৱশ্যকতাৰ বা প্ৰয়োজনৰ উপলব্ধিৰ পৰিপন্থী হৈ পৰিল। লাহে লাহে যেতিয়া ধৰ্ম গ্ৰন্থসমূহ অন্যৰ আদেশক্ৰমে পুনৰায় ৰচিত হ’বলৈ অথবা ভুল সাঁচত গঢ় ল’বলৈ ধৰিলে, তেতিয়াই বিজ্ঞানৰ লগত ব্ৰাহ্মণ্যবাদ বেছিকৈ জীণ যাব নোৱাৰা হৈ পৰিল। এই সকলোবোৰ অন্ধবিশ্বাস বা কুসংস্কাৰৰ মূল ভেটি উৎপাদনৰ আদিম পদ্ধতি আৰু আহিলাবোৰ।……এই সমগ্ৰ যুগ ধৰি বিদ্যমান সামন্ততান্ত্ৰিক পৰিৱেশে বিজ্ঞানৰ সাধাৰণ চৰিত্ৰক নিয়ন্ত্ৰণ কৰি এই চৰিত্ৰক সীমিত কৰি পেলাইছিল।……ভাৰতবৰ্ষৰ চিকিৎসকসকলে কেৱল ভেষজ বিদ্যাৰ বহুত উন্নত আৱিষ্কাৰ কৰিবলৈ সমৰ্থ হৈছিল; কিন্তু শেহলৈ অস্ত্ৰোপ্ৰচাৰ, দেহ-ব্যৱচ্ছেদ আৰু শাৰীৰস্থান আদিক অশুচি বিদ্যা বুলি সেইবোৰৰ চৰ্চ্চা এৰি দিয়াত বিদ্যাবোৰৰ পতন ঘটিল। একে কাৰণতেই ৰাসায়নিক গৱেষণা লক্ষ্যভ্ৰষ্ট হৈ এলকেমিৰ চৰ্চ্চা পৰিণত হ’লগৈ। তদুপৰি ব্ৰাহ্মণ্য বিদ্যাসমূহ গুপ্ত বিদ্যা আছিল। এইবিলাক কাৰণতেই ভাৰতবৰ্ষৰ চিকিৎসা বিদ্যাৰ উন্নতি নহ’ল। প্ৰাচীন ভাৰতৰ আৰ্যভট্ট আছিল এজন প্ৰখ্যাত বিজ্ঞানী আৰু গণিতজ্ঞ। গণিতত শূন্যৰ ধাৰণাটো তেওঁৰ অৱদান। তেওঁ চন্দ্ৰগ্ৰহণ আৰু সূৰ্যগ্ৰহণৰ প্ৰকৃত কাৰণ জানিছিল। সেই সময়ৰ প্ৰচলিত ধাৰণা আছিল পৃথিৱীখন স্থিৰ সূৰ্যহে ইয়াৰ চাৰিওফালে প্ৰদক্ষিণ কৰে। বেদতো ইয়াকে আছে। কিন্তু আৰ্যভট্টই জানিছিল যে সূৰ্যৰ চাৰিওফালেহে পৃথিৱীখন ঘূৰে। তেওঁ আৰু কৈছিল যে পৃথিৱী আপোন কক্ষত ঘুৰে। এই কথাবোৰ সেইসময়ত গ্ৰহণ কৰা হোৱা নাছিল। ব্ৰহ্মগুপ্ত আৰু ভাস্কৰাচাৰ্যই বিভিন্ন যুক্তিৰে তেওঁৰ মত খণ্ডন কৰিবলৈ বিচাৰিছিল। বেদৰ বিৰুদ্ধে যোৱা কাৰণে তেওঁৰ মত গ্ৰহণ কৰা হোৱা নাছিল।
প্ৰাচীন কালৰ দাৰ্শনিকসকলৰ চিন্তাত আজি বিজ্ঞানৰ পৰা পোৱা কিছুমান তত্ত্ব বা সিদ্ধান্তৰ কথা পোৱা যায়। সাধাৰণতে এইয়া বস্তুবাদীসকলৰ চিন্তাধাৰাতহে আছিল। এই দৰ্শনক সাধাৰণতে লোকায়ত দৰ্শন বুলি জনা যায়। ভাৰতত বিজ্ঞান বিকাশৰ এটা ঐতিহাসিক ধাৰা লুকাই আছিল এই লোকয়াতি সকলৰ মাজত। এই মতৰ প্ৰতি বিভিন্ন পক্ষৰ শত্ৰুতাৰ বাবে তাৰ বিকাশ বাধাগ্ৰস্ত হৈছিল। ইয়াৰ বিপৰীতে শাসক আৰু শোষক শ্ৰেণীৰ সহায়ত ভাববাদৰ বিকাশ শক্তিশালীভাৱে হ’ল। ভাববাদত বিজ্ঞান যেন লগা কিছুমান কথা থাকিলেও শেষ বিচাৰত দেখা যায় ই কেতিয়াও বিজ্ঞান হ’ব নোৱাৰে। বৰঞ্চ সমান্তবাদী ব্যৱস্থাত ই বিজ্ঞানৰ বিকাশত বাধাহে দিছিল। মাৰ্ক্সবাদী বুদ্ধিজীৱী আৰু ইতিহাসবিদ দেবীপ্ৰসাদ চট্টোপাধ্যায়ে তেওঁৰ “লোকায়ত দৰ্শন” আৰু “Science and Society in Ancient India” নামৰ গ্ৰন্থত প্ৰাচীন ভাৰতত উদ্ভৱ হোৱা আধুনিক বিজ্ঞানৰ ওচৰ চপা কেতবোৰ চিন্তা বা নিদৰ্শন আৰু প্ৰযুক্তিৰ আলোচনা কৰিছে। তেওঁ লিখিছে— ভাৰতীয় দৰ্শনত আলোচ্য সমস্যাৰ সমাধানত মূলতঃ দুবিধ মত প্ৰস্তাৱিত হৈছে—আত্মবাদ আৰু দেহাত্মবাদ। আত্মবাদীসকলে ভাৰতীয় দৰ্শনত বিশেষ সন্মানিত আৰু হয়তো সংখ্যাগৰিষ্ঠ হ’লেও আৰু সুদীৰ্ঘকাল ধৰি দেহাত্মবাদ বা ভূত চৈতন্যবাদক প্ৰায় পৰিহাসৰ বিষয় হিছাপে উল্লেখ কৰা ব্যাপক প্ৰয়াসৰ সত্ত্বেও এই দ্বিতীয় মতটিৰ মাজতেই ভৱিষ্যৎ বৈজ্ঞানিক জ্ঞানৰ পূৰ্বাভাস সূচিত হৈছিল।……সেইকালৰ লোকায়িতসকলে অত্যন্ত প্ৰাথমিক স্তৰৰ পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰ কৰি মাটি, পানী, জুই, বতাহ হিচাপে চাৰিবিধ ভূত পদাৰ্থ উল্লেখ কৰিছিল আৰু তেওঁলোকৰ মতে যিহেতু এইবিলাকৰ বিবিধ আৰু বিচিত্ৰ সংমিশ্ৰণৰ ফলত যাৱতীয় বস্তুৰ উৎপত্তি, সেই বাবে তেওঁলোকৰ বিচাৰত মৌলিক পদাৰ্থ বুলিবলৈ এই চাৰিবিধেই। ফলত, তেওঁলোকৰ মতে, এই চাৰিবিধ বস্তুৰ শৰীৰ, ইন্দ্ৰিয়, বিষয়ৰ উৎপত্তি ।…..ঐতিহাসিক দৃষ্টিকোণৰ পৰা এই উদাহৰণো সেইকালৰ বৈজ্ঞানিক পৰ্যবেক্ষণ এটি উৎকৃষ্ট নিদৰ্শন হিচাপেই বিবেচিত হোৱা বাঞ্ছনীয়।” তেওঁ যাজ্ঞবল্ক্য আৰু উদ্দালকৰ দ্বাৰা হোৱা এটা পৰীক্ষা “আমি যে আহাৰৰ পৰা শক্তি পাওঁ”— তাৰ উদাহৰণ দি উদ্দালকক প্ৰথম বৈজ্ঞানিক বুলি উল্লেখ কৰিছে। তেওঁ এনেদৰে Science and Society in ancient India গ্ৰন্থত প্ৰাচীন ভাৰতত হোৱা বিভিন্ন ধৰণৰ প্ৰযুক্তি আৰু বিজ্ঞান চিন্তাৰ উদাহৰণ দাঙি ধৰিছে। তেওঁ বিস্তৰ গৱেষণা আৰু গভীৰ পাণ্ডিত্যৰ যোগেদি এইবিলাক বিশ্লেষণ কৰিছে। কিন্তু তেওঁ আধুনিক বিজ্ঞানৰ কথা হিন্দুৰ প্ৰাচীন ধৰ্ম গ্ৰন্থত আছে বুলি কোৱা নাই। আচলতে থাকিব নোৱাৰে। এইক্ষেত্ৰত পদাৰ্থ বিজ্ঞানী মেঘনাদ সাহাৰ এষাৰ কথা তাৎপৰ্যপূৰ্ণ। তেওঁ লিখিছিল, “বিগত কুৰি বছৰ বেদ, উপনিষদ, পুৰাণ ইত্যাদি সমস্ত হিন্দুশাস্ত্ৰ গ্ৰন্থ আৰু হিন্দু জ্যোতিষ আদি বিজ্ঞান সম্বন্ধীয় প্ৰাচীন গ্ৰন্থাদি তন্ন তন্নকৈ খুঁচৰি আমি আমি ক’তো আৱিষ্কাৰ কৰিবলৈ সক্ষম নহ’লো যে এই সমস্ত প্ৰাচীন গ্ৰন্থত বৰ্তমান বিজ্ঞানৰ মূলতত্ত্ব নিহিত আছে। প্ৰাচীন সভ্যতাৰ পণ্ডিতসকলে বিশ্বজগতত পৃথিৱীৰ স্থান, চন্দ্ৰ, সূৰ্য, গ্ৰহ আদিৰ গতি, ৰসায়ন বিদ্যা, প্ৰাণী বিদ্যা ইত্যাদি সম্বন্ধে নানাৰূপে বিভিন্ন কথা কৈ গৈছে। তথাপিও “বিজ্ঞান” যোৱা তিনিশ বছৰৰ ইউৰোপৰ পণ্ডিতসকলৰ যৌথ গৱেষণা, বিচাৰশক্তিৰ আৰু অধ্যৱসায়ৰ ফল” (আধুনিক বিজ্ঞান ও হিন্দুধৰ্ম, মেঘনাদ সাহা)।