প্ৰেৰণা পুথিভঁড়াল সম্পৰ্কে দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাৰ সৈতে সাক্ষাৎকাৰ– (হৃষিকেশ বৰপূজাৰী)
(নলবাৰী জিলাৰ বিহামপুৰৰ খাৰশিঠাত দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাৰ নেতৃত্ব আৰু তৎপৰতাত স্থাপিত হৈছে এটি সতেজ আৰু সজীৱ অনুষ্ঠান “প্ৰেৰণা পুথিভঁড়াল”। “প্ৰেৰণা পুথিভঁড়াল”-এ অঞ্চলটিত এক সাংস্কৃতিক জাগৰণৰ সূচনা কৰিছে। অনুষ্ঠানটিৰ কাৰ্যক্ৰমৰ সামাজিক তাৎপৰ্য উপলব্ধি কৰি “মুক্ত চিন্তা”-ৰ তৰফৰ পৰা শ্ৰীশৰ্মাৰ সাক্ষাৎকাৰ এটিৰ পৰিকল্পনা কৰা হৈছিল। তেখেতৰ সাক্ষাৎকাৰটো গ্ৰহণ কৰিলে তৰুণ লেখক হৃষীকেশ বৰপূজাৰীয়ে। দীৰ্ঘ সাক্ষাৎকাৰটিৰ এইটো প্ৰথম অংশ)
প্ৰথম অংশ
হৃষীকেশ বৰপূজাৰী : নমস্কাৰ ছাৰ।
দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মা : নমস্কাৰ হৃষীকেশ।
প্ৰশ্ন: পোনপ্ৰথমে আপোনাৰ শৈশৱ আৰু কৈশোৰকালৰ বিষয়ে জানিব বিচাৰিছোঁ। সেইসময়ৰ কিবা বিশেষ ঘটনা আপোনাৰ মনত পৰে নেকি, যাৰ দ্বাৰা পোনপ্ৰথমে আপুনি গ্ৰন্থ অধ্যয়নৰ প্ৰতি আকৰ্ষিত হয়?
উত্তৰ : মোৰ জন্ম হৈছিল নলবাৰী জিলাৰ বিহামপুৰ গাঁৱৰ খাৰশিঠা চুবুৰিৰ এটা নিম্নবিত্ত পৰিয়ালত। পিতা প্ৰয়াত সুৰেন্দ্ৰ নাৰায়ণ শৰ্মা আছিল ৰেলেৱেৰ কেৰাণী। তেওঁ শাক্তধৰ্মী আছিল। ১৯৯৫ চনত, অৱসৰৰ পাছত তেওঁ পূৰ্বৰে পৰা থকা কাঠৰ কালী-মন্দিৰটো ভাঙি তাৰ ঠাইত দক্ষিণ ভাৰতীয় আৰ্হিত ‘কাল-ভৈৰৱী লিংগৰাজ মন্দিৰ’ নামেৰে এটা আকৰ্ষণীয় মন্দিৰ নিৰ্মাণ কৰে। মা শ্ৰীযুতা গিৰিবালা দেৱী। তেৱোঁ অতিশয় ধৰ্মপ্ৰাণা মহিলা। এতিয়া মাৰ বয়স প্ৰায় ৮০ বছৰ। অসুস্থতা স্বত্বেও তেওঁ এতিয়াও বিভিন্ন কামে-কাজে ব্যস্ত হৈ থাকে আৰু আজৰি সময়ত কাকত, আলোচনী, কিতাপ আদি পঢ়ি থাকে। মা-পিতাৰ উপৰিও আইতা আৰু এগৰাকী সম্পৰ্কীয় বাইদেউ– এয়াই আছিল আমাৰ পৰিয়াল। বাইদেউগৰাকী মাৰ ফালৰ জেঠী এগৰাকীৰ ছোৱালী। জেঠা বঙলত আছিল। তেওঁলোকৰ আৰ্থিক দুৰৱস্থাৰ বাবে বাইদেৱে আমাৰ ঘৰলৈ আহি, ইয়াতে থাকি পঢ়া-শুনা কৰিছিল আৰু পাছলৈ আমাৰ ঘৰৰ পৰাই বিয়া দিয়া হৈছিল। সেই অৰ্থত আমি ৬ গৰাকী ভাইভনী আছিলোঁ। মই আছিলোঁ তলৰ ফালৰ পৰা দুই নম্বৰ। অৰ্থাৎ মোৰ ওপৰত ৪জন।
সেই সময়ৰ অইন দহগৰাকী গাঁৱলীয়া শিশু বা কিশোৰৰ দৰে আমাৰো শৈশৱ আছিল বৈচিত্ৰতাপূৰ্ণ আৰু ৰোমহৰ্ষক। ঘৰত খেতিবাতি আছে আৰু ঘৰৰ মন্দিৰত বাৰটা মাহত তেৰটা পূজা চলি থাকে। ইফালে আমাৰ ইষ্ট-কুটুম্ব আৰু বন্ধু-বান্ধৱো ঢেৰ। নানা ধৰণৰ খেলা-ধূলা আৰু চুৰি-কাৰ্যকে ধৰি নানা বদমাছিৰে সমৃদ্ধ আছিল আমাৰ শৈশৱ। এনে বহু ঘটনাৰ থলী আছিল গাঁৱৰ এল পি স্কুলখন।
আমাৰ ডাঙৰ দাদা ডা০ বীৰেন্দ্ৰ নাৰায়ণ শৰ্মাৰ সৰুৰে পৰাই সাহিত্য প্ৰীতি আছিল। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পঢ়ি থাকোঁতে তেওঁ এবাৰ শ্ৰেষ্ঠ সাহিত্য প্ৰতিযোগী হৈছিল। প্ৰকাশন পৰিষদে প্ৰকাশ কৰা নলিনীধৰ ভট্টাচাৰ্য্যদেৱৰ প্ৰবন্ধ সংকলনটো তেৱেঁই সম্পাদনা কৰা। কিছু অনুবাদৰ কামো তেওঁ কৰিছে। এল পি স্কুলত পঢ়ি থাকোতেই তেওঁ সংগ্ৰহ কৰা কিতাপবোৰৰ অসমীয়াখিনি বুজাই নুবুজাই ময়ো পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ। তেওঁৰ টেবুলত থকা পাঠ্যপুথি, বিশেষকৈ বুৰঞ্জী, ভূগোল, অসমীয়া আদিও পঢ়িছিলোঁ। তেওঁৰ টেবুলখন বৰ পৰিপাটী আছিল। আমি কোনোবাই কিতাপ বা পঢ়া সঁজুলি বা তেওঁ কৰা হস্তশিল্প সামান্য ইফাল-ইফাল কৰিলে তেওঁৰ বৰ খং উঠিছিল। তেওঁ তেতিয়া সপ্তম-অষ্টম মানৰ ছাত্ৰ। মনে মনে গৈ তেওঁৰ টেবুলৰ পৰা কিতাপ আনো আৰু গম পোৱাৰ আগতে থৈ আহোঁ। এনে কৰোঁতে কেতিয়াবা ধৰা পৰি ঢমকিও খাইছিলোঁ। মাৰধৰো কৰিছিল। মনত পৰে, এদিন মই ঘৰত থাকোঁতে এইদৰে সপ্তম মানৰ বুৰঞ্জীখন তেওঁৰ টেবুলৰ পৰা আনি খৰধৰকৈ পঢ়ি গৈছোঁ। তেওঁ স্কুলৰ পৰা আহি পোৱাৰ আগতে পঢ়ি শেষ কৰি, পুনৰ মনে মনে তেওঁৰ ৰুমলৈ গৈ থৈ আহিব লাগিব। কিন্তু বিধিৰ বিপাক; মই বাহ্যজ্ঞানহীন হৈ পঢ়ি আছোঁ। তেনেতে তেওঁ আহি পালে আৰু আহিয়েই তৰ্জন-গৰ্জন আৰম্ভ কৰিলে। ‘কুনি মোৰ টেবুল লাইছাহ্?’ ( কোনে মোৰ টেবুল চুইছ’?) মই ভাবিলোঁ, মৰিলোঁ আজি! মৰসাহ কৰি দোষ স্বীকাৰ কৰিলোঁ। তেওঁ সুধিলে– কিয়? আজি কি নিছ’? মই ক’লোঁ– বুৰঞ্জীখন আনিছোঁ। তেওঁ পুনৰ সুধিলে– পঢ়া হৈছেনে? মই ক’লো, ভাৰত বুৰঞ্জীখিনি হৈছে, অসম বুৰঞ্জী বাকী আছে। মোক আচৰিত কৰি তেওঁ ঢমকিও নিদিলে, নামাৰিলেও। বৰং ক’লে– যা, পঢ়া শেষ হ’লে আগৰ জাগাত থৈ আহিবি।
এয়া আছিল ‘বাহিৰা কিতাপ’ পঢ়িবলৈ লাভ কৰা প্ৰথম প্ৰশ্ৰয়। অৱশ্যে আন বাহিৰা কিতাপ পঢ়াত পদে পদে বাধা আৰোপ কৰা হৈছিল। যিমান দূৰ মনত পৰে, এনে অনুশাসনে বাহিৰা কিতাপ পঢ়াৰ ইচ্ছা বঢ়াইছিলহে। এল পি স্কুলত পঢ়ি থাকোঁতে ঘৰৰ বজাৰ-সমাৰ কৰা দায়িত্বও আমাৰ ওপৰত আছিল। তেতিয়া, যিকোনো ক’লা আখৰ দেখিলেই গো-গ্ৰাসে গিলিছিলোঁ। কাগজৰ ঠোঙা, বাতৰি কাগজৰ টুকুৰা, পুৰণি কিতাপ বা আলোচনীৰ পাত আদি সকলো পঢ়িছিলোঁ আৰু পঢ়িছিলোঁ। ইয়াৰ কাৰণ কেৱল পঢ়াৰ নিচা বুলিয়ে ক’ব নোৱাৰি। ই একপ্ৰকাৰ সুতীব্ৰ তাড়না বা আসক্তি। এনে আসক্তি যেন নিষিদ্ধ বস্তুৰ প্ৰতি আসক্তিৰ দৰে। ভাল-বেয়াৰ বাচ-বিচাৰ নকৰি কিতাপ পঢ়িব লাগে, পৃথিৱীখনৰ নজনা সকলো কথা জানিব লাগে। এই জনাটো কেৱল কিতাপ পঢ়ি নহয়। বৰঞ্চ সকলো উপায়ে কৌতুহল নিবৃত্ত কৰিব লাগে।
এটা উদাহৰণ দিলে মোৰ এই আসক্তিটো বুজা সহজ হ’ব। এল পিত থাকোঁতে এবাৰ মই ভাবিলোঁ যে মানুহৰ পেচাবৰ সোৱাদ কেনেকুৱা! হয়তো তেতিয়া মোৰাৰজী দেশায়ে পেচাব খোৱা কথাটো মোৰ কাণত পৰিছে। মই কিন্তু নিজৰ নহয়, আনৰহে পেচাব খোৱাৰ সিদ্ধান্ত ল’লোঁ। কিন্তু খাম কাৰ আৰু কেনেকৈ খাম। তাৰো উপায় ওলাল। আমি পঢ়া ৯৯৪ নং বিহামপুৰ খাৰশিঠা প্ৰাথমিক বিদ্যালয়ৰ কোনো প্ৰশ্ৰাবখানা নাছিল। জিৰণিৰ বেল পৰাৰ ল’গে সকলোৱে দিহা-দিহি যায় আৰু পাছৰটো বেল পৰাৰ ল’গে ল’গে দৌৰি দৌৰি আহি বিদ্যালয়ৰ সন্মুখৰ ৰাষ্টাৰ ইটো পাৰে পেচাব কৰে আৰু শ্ৰেণী কোঠাত সোমায়। পেচাববোৰ ৰাষ্টাৰ সৰু সৰু গাতত ডোঙা বান্ধি থাকে।
সিদিনা মই জিৰণিৰ পাছতে পুনৰ বাহিৰলৈ যাবলৈ অনুমতি বিচাৰিলোঁ। ছাৰে ভেকাহি মাৰি ক’লে, এইমাত্ৰ বাহিৰৰ পৰা আহিলি আৰু যাবৰ হ’লেইনে? যা, সোনকালে আহ। মই দৌৰ মাৰি বাহিৰলৈ ওলাই আহিলোঁ আৰু ইফালে-সিফালে চাই ডাঙৰ পেচাবৰ ডোঙাটোৰ পৰা এচলু এচলুকৈ দুচলু পেচাব খালোঁ আৰু কোনোফালে নোচোৱাকৈ বেগাবেগিকৈ শ্ৰেণীকোঠাত সোমালোঁ!
কোৱা বাহুল্য যে এনে কৌতুহল বা নজনাক জনাৰ প্ৰতি তীব্ৰ আগ্ৰহে মোক কিতাপবোৰত নো কি আছে, তাক জনাৰ এক তাড়নাৰ জন্ম দিছিল। এই তাড়নাই ইখনৰ পাছত সিখন কিতাপ পঢ়ি যাবলৈ মোক উদগণি যোগাইছিল। দ্বিতীয় এটা কাৰণ হিচাবে ক’ব পাৰি, কিতাপ পঢ়াই আছিল আমাৰ অৱসৰ বিনোদন বা হ’বি। সেই সময়ত টিভি বা মোবাইল নাছিল। খেলা-ধূলা কৰিছিলো যদিও সুযোগ পালেই কিতাপ এখন লৈ বহি যাওঁ। তেতিয়া বিজুলীৰ ব্যৱস্থা নাছিল। আন্ধাৰ হৈ আহে। খিৰিকীৰ কাষ কাষ চাপি যাওঁ, আখৰবোৰ নমনা হৈ আহে। মাই লেম-চাকি জ্বলায়। কিন্তু কিছুসময় কিতাপ পঢ়াত ব্যাঘাত জন্মে। ইফালে, লেমৰ পোহৰত ‘বাহিৰা কিতাপ’ পঢ়া মানা। তথাপি লুকাই-চুৰকৈ পঢ়া যায় আৰু।
শৈশৱ-কৈশোৰত ধৰ্মগ্ৰন্থ পঢ়াটোও আছিল প্ৰায় বাধ্যতামূলক। ৰামায়ণ, মহাভাৰত, উপনিষদ, কীৰ্তন-ঘোষা, নামঘোষা আদি সৰুতেই পঢ়িছিলোঁ। বাংলা ভাষাত ৰচিত মনসা কাব্য আৰু আন দুখনমান পুথিও পঢ়া মনত পৰে। চক্ৰৱৰ্তী ৰাজা গোপালাচাৰীৰ ৰামায়ণ-মহাভাৰত, হোমাৰৰ ইলিয়াড-ওডিচি, অতুলচন্দ্ৰ হাজৰিকাৰ কথা-কীৰ্ত্তনকে ধৰি সাধুকথাৰ কিতাপবোৰ তেতিয়াই পঢ়া।
এইদৰে সৰুকালতে কিতাপ পঢ়াৰ এটা তাড়না বা নিচাৰ জন্ম হৈছিল।
প্ৰশ্ন: আপোনাৰ ঘৰুৱা পৰিৱেশ, স্কুলীয়া জীৱন তথা চৌকাষৰ পৰিৱেশে আপোনাৰ মানসিক উত্তৰণত কি দৰে সহায় কৰিছিল বুলি আপুনি গণ্য কৰে?
উত্তৰ : আগতেই কৈছোঁ যে দাদাৰ ওচৰত থকা পাঠ্যপুথি বা বাহিৰা কিতাপ পঢ়া কথা। সেই কিতাপখিনি শেষ হোৱাৰ পাছত আমাৰ আমাৰ আত্মীয় স্বজনৰ ঘৰলৈ দাদাৰ চাইকেলখনত তেওঁৰ অনুমতি সাপেক্ষে ডাঙৰ মোনা এখন ওলোমাই লৈ যোৱা কৰিলোঁ। যি যি কিতাপ, পুৰণি আলোচনী পাওঁ, লৈ আহোঁ আৰু সেইখিনি ঘূৰাই দিবলৈ গৈ পুনৰ এমোনা লৈ আহোঁ। সেইখিনি অসম আন্দোলনৰ সময়। সেই সময়ত দাদা বাওঁপন্থী ছাত্ৰ ৰাজনীতিৰ সৈতে জড়িত আছিল। মই তেতিয়া অষ্টম মানৰ ছাত্ৰ। তেওঁ লুকাই-চুৰকৈ ‘কলাখাৰ’ আৰু ‘নাগৰিক’ আনে আৰু আমি পঢ়োঁ। কলাখাৰত পঢ়িছিলোঁ হীৰেন গোহাঁই ছাৰৰ সম্পাদকীয়বোৰ, নিৰুপমা বৰগোহাঞিৰ আন্দোলনৰ হিংসাত্মক ঘটনাৱলীৰ প্ৰতিবেদনসমূহ ইত্যাদি। হোমেন বৰগোহাঞিৰ ‘ইছমাইল শ্বেখৰ সন্ধানত’ নামৰ বিখ্যাত গল্পটোও ‘নাগৰিক’ৰ পাততেই চোৱা-চোৱাকৈ পঢ়িছিলোঁ। ইফালে দাদাৰ বাহিৰে আমি আটাইকেইজন আছিলোঁ আন্দোলনকাৰী। মাজুদা আৰু মই আছিলোঁ স্বেচ্ছাসেৱক আৰু বাইদেউ আছিল স্বেচ্ছাসেৱিকা বাহিনীৰ অধিনায়িকা। পিতাও আছিল আন্দোলনৰ সমৰ্থক। তেওঁ মাজুদা আৰু মোক দুটা বগা হাফপেন্ট চিলাই আনি দিছিল। আমি সেইদুটা পিন্ধি আন্দোলনকাৰী নেতাসকলে দিয়া কিছুমান শাৰীৰিক প্ৰশিক্ষণ লৈছিলোঁ। এক প্ৰৱল জনজাগৰণে নতুন নতুন কাকত-আলোচনীৰ জন্ম দিছিল। বেছিভাগেই আছিল আন্দোলনৰ সপক্ষে, আন দুই-এখন আন্দোলনৰ বিপক্ষে। তেনে দিনতে বিদেশী খেদা অসম আন্দোলনৰ বাবে এবছৰ অসমৰ সকলো স্কুল-কলেজ বন্ধ। সমৰ্থবান দুই একে অসমৰ বাহিৰত নিজৰ নিজৰ সন্তানৰ নামভৰ্তি কৰালে। আমিবোৰে ঘৰতে থাকি ডাঙৰ দাদাৰ নেতৃত্বত খেতিবাতি আৰু ব্যৱসায়ত মন দিলোঁ। মনত আছে যে সেইবছৰটোত খুউব ভালকৈ কবি, মূলা, বীটপালেং, গাজৰ আদিৰ খেতি কৰিছিলোঁ। কিছু খাইছিলোঁ, কিছু বিক্ৰী কৰা হৈছিল। তাৰ লগতে কৰিছিলোঁ চাহপাতৰ ব্যৱসায়। দাদাই ক’ৰবাৰ পৰা ডাঙৰ, ডাঙৰ চাহপাতৰ পেটি আনে। আমাৰ দায়িত্ব হ’ল, সেইবোৰৰ আধা কেজি, ১ কেজি, ২ কেজি, ৫ কেজি আদিৰ পেকেট বনোৱা। দাদাই সেইবোৰ চাইকেলেৰে চাহদোকান, গেলামালৰ দোকান আদিত দি ফুৰে। কেতিয়াবা মাজু দাদা আৰু মোকো পঠায়। বহুতে উৎসাহ দিছিল, কিছুমানে পঢ়া-শুনা কৰা ল’ৰাৰ কাম এইবোৰ নহয় বুলি তিৰস্কাৰো কৰিছিল। কিন্তু সেই বছৰটো আন এটা কথাৰ বাবে উল্লেখযোগ্য। সেই বছৰটোত প্ৰায় চাৰিশৰো অধিক বাহিৰা কিতাপ পঢ়া হৈছিল। অৰ্থাৎ দৈনিক গঢ়ে এখনতকৈ বেছি। এই বছৰটোতে আমাৰ গাঁৱৰ ‘বিহামপুৰ সংঘ’ত থকা সৰু পুথিভঁড়ালটোৰ প্ৰায় আটাইখিনি কিতাপ পঢ়ি শেষ কৰোঁ। অৰ্থাৎ হাইস্কুলীয়া কালতে লুকাই-চুৰকৈ হ’লেও বহু উপন্যাস, গল্প, নাটক আদি পঢ়া হৈছিল। যিমান দূৰ মনত পৰে আমাৰ বিহামপুৰ সংঘত থকা পুথিভঁড়ালটোৰ পৰা আনি পঢ়া কিতাপবোৰৰ ভিতৰত আছিল বেজবৰুৱা ৰচনাৱলী, পদ্মনাথ গোহাঞি বৰুৱা ৰচনাৱলী, ৰজনীকান্ত বৰদলৈৰ উপন্যাসসমূহ, দণ্ডিনাথ কলিতাৰ ‘সাধনা’ বিৰিঞ্চি কুমাৰ বৰুৱাৰ ‘জীৱনৰ বাটত’ আৰু ‘সেউজী পাতৰ কাহিনী’, ত্ৰৈলোক্য ভট্টাচাৰ্য্য, নৱকান্ত বৰুৱা, প্ৰফুল্ল দত্ত গোস্বামী, চৈয়দ আব্দুল মালিক, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য, হিতেশ ডেকা, লক্ষ্মীনন্দন বৰা, হোমেন বৰগোহাঞি, মেদিনী চৌধুৰী, দেৱেন্দ্ৰনাথ আচাৰ্য, কাঞ্চন বৰুৱা, প্ৰেমনাৰায়ণ দত্ত, চন্দ্ৰপ্ৰসাদ শইকীয়া, যোগেশ দাস, লুম্বেৰ দাই, উমাকান্ত শৰ্মা, কুমাৰ কিশোৰ আদিৰ উপন্যাস। এই উপন্যাসবোৰে আমাৰ কৈশোৰ আৰু যৌৱনৰ সন্ধিক্ষণত কেনে ভাৱৰ জোৱাৰ তুলিছিল, সেয়া আজি আৰু সঠিককৈ বুজাব নোৱাৰিম। মাথোঁ ক’ব পাৰোঁ যে তেতিয়াই, হয় তেতিয়াই মই মানুহ আৰু প্ৰকৃতিৰ প্ৰেমত পৰিছিলোঁ আৰু এই দুটাৰ আধাৰ স্বৰূপ আমাৰ চুবুৰিটো হৈ পৰিছিল অতিকে আপোন। গাঁৱৰ মানুহৰ বাৰী-বস্তি, ডাঙৰ, ডাঙৰ পথাৰ আৰু সহজ-সৰল মানুহৰ আত্মীয়তাই মোক তেতিয়াই গাঁওখনৰ বাবে কিবা এটা কৰিবলৈ উদ্বুদ্ধ কৰিছিল।
এটা কথা ক’বলৈ ৰৈ গৈছে। সপ্তম মানলৈ এইদৰে ঘৰতে সোমাই আজৰি সময়ত বাহিৰা কিতাপ পঢ়ি আছিলোঁ যদিও অষ্টমমানত ঘৰৰ বাহিৰ ওলালোঁ। তেতিয়ালৈ আমাৰ ঘৰৰ সমুখৰ মানুহকেইঘৰৰ পৰিয়ালৰ সদস্যকেইজনকে ভালকৈ চিনি জানি নেপাইছিলোঁ। ক্ষীণ আৰু আপচু চেহেৰা আৰু নি:কিন সাজ-পোচাকৰ বাবে এটা হীনমন্যতাত ভুগিছিলোঁ। কিন্তু অষ্টম মানত থাকোঁতে আৰম্ভ হোৱা অসম আন্দোলনে মোৰ ‘চকু মেল’ খুৱালে। মই চুবুৰিৰ ইঘৰ, সিঘৰলৈ যোৱা আৰম্ভ কৰিলোঁ। এই ক্ষেত্ৰত মোৰ সহযোগী আছিল গাঁৱৰে এজন বন্ধু। প্ৰথম যিটো কথাই মোক বিমৰ্ষ কৰিছিল, সেয়া আছিল গাঁৱৰ মানুহৰ অজ্ঞানতা আৰু ধৰ্মান্ধতা। তেওঁলোক সহজ-সৰল আছিল, কিন্তু তেওঁলোকৰ মন নানা অন্ধবিশ্বাস আৰু কুসংস্কাৰেৰে পূৰ্ণ আছিল। কাৰোবাৰ ঘৰলৈ গ’লে পিৰাত বহিবলৈ দিছিল বা বিচনাত। চকী, মেজ, বেন্স আদি কাৰো ঘৰত নাছিল বুলিবই পাৰি। দুই-এঘৰে গুৰমিঠৈৰে লাল চাহ খাবলৈ দিছিল আৰু মই মেলি দিছিলোঁ মোৰ ‘জ্ঞানৰ সম্ভাৰ’!
১৯৮১ চন । মই তেতিয়া নৱমমানত। ইতিমধ্যে চুবুৰিৰ মোৰ সমনীয়া ল’ৰা-ছোৱালী আৰু মোৰ মন-মানসিকতাৰ এটা পাৰ্থক্য মন কৰিছিলোঁ। নানা কিতাপ পঢ়ি মই তেতিয়া অকালপক্ক এজন কিশোৰ। মই ভাবিলোঁ যে চুবুৰিত এটা পুথিভঁড়াল থাকিলে তাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক পঢ়া-শুনা, খেলাধূলা আদি বিভিন্ন দিশত আগবঢ়াই নিব পৰা যাব আৰু ধৰ্ম-কৰ্ম, নীতি-নিয়ম আদিত চেপা খাই থকা ডাঙৰখিনিকো ‘মুক্তি দিব পৰা যাব। তাৰবাবে গাঁৱৰ ল’ৰাখিনিক সংগঠিত কৰিবলৈ মোৰ সমনীয়া ল’ৰাকেইজনক লৈ গাঁৱত এটা সংকীৰ্তন পাৰ্টী খুলিলোঁ। অৰ্থাৎ ধৰ্মৰ সহায় লৈ ধৰ্মৰ বিৰোধিতা! এই সংকীৰ্তনটো আচলতে বাঙালী-বিহাৰীসকলৰহে সংস্কৃতি। কিন্তু আমাৰ ঠাইবিলাকত সংকীৰ্তন বৰ জনপ্ৰিয়। গীত-পদ বিলাকো মূলতঃ বাঙালীয়েই। আমি সেই সময়ত চলি থকা অসম আন্দোলনক লৈ কেইটামান ‘নাম’ লিখিলোঁ আৰু সুৰ লগাই গাঁৱে গাঁৱে আন্দোলনৰ কথা প্ৰচাৰ কৰিবলৈ গোৱা কৰিলোঁ। তেনেকুৱা এটা নাম আছিল খৰ্গেশ্বৰ তালুকদাৰক লৈ লিখা এটা নাম। আনহাতে শংকৰ-মাধৱে লিখা কিছু পদ-ঘোষাও আমি গাইছিলোঁ। এইদৰে আমি নৱমমানত থাকোঁতে আমাৰ জীৱনৰ প্ৰথমটো অনুষ্ঠান “খাৰশিঠা গাঁও উন্নয়ন সমিতি’ৰ জন্ম দিলোঁ। ইফালে আগৰে পৰা ডাঙৰসকলৰ ‘খাৰশিঠা গাঁও উন্নয়ন কমিটি’ নামৰ এটা গজগজীয়া অনুষ্ঠান আছিলেই। আমাৰটো যেন এটা প্ৰতিদ্বন্দ্বী অনুষ্ঠান। সেয়ে আমি ‘কমিটি’ নিলিখি অসমীয়াত ‘সমিতি’ লিখিলোঁ। মই আছিলোঁ এই নতুন অনুষ্ঠানটোৰ সভাপতি। আমি ব’হাগ বিহু উপলক্ষে নানা থলুৱা খেল-ধেমালি পাতিছিলোঁ, গাৱঁৰ ৰাষ্টা মেৰামতি কৰিছিলোঁ, দল বান্ধি ইঠাই-সিঠাই ফুৰিছিলোঁ, ঘৰে-ঘৰে গৈ লগ-সমনীয়াৰ সৈতে মেট্ৰিকৰ গণিত পঢ়িছিলোঁ ইত্যাদি। এইবোৰ কথাৰ হয়তো আনৰ কাৰণে গুৰুত্বপূৰ্ণ নহয়। কিন্তু মোৰবাবে আছিল সেই দিনবোৰ বহুত ভালল’গা। দিনবোৰ প্ৰাণভৰি উপভোগ কৰিছিলোঁ। কিতাপৰ পৰা যিমান শিকিছিলোঁ, মানুহৰ পৰা, প্ৰকৃতিৰ পৰা শিকিছিলোঁ বেছি। কিন্তু এইদৰে অভিজ্ঞতাৰ পৰা শিক্ষা ল’বলৈ মোক উদ্বুদ্ধ কৰিছিল কিতাপে। জ্ঞান-বিজ্ঞানৰ নানা কথাৰ উপৰিও সামাজিক দায়িত্ববোধ, দেশাত্মবোধ আদিৰ শিক্ষাও পাইছিলোঁ কিতাপৰ পৰা।
তেনেতে এটা ঘটনা ঘটিল, যিটো মোৰ জীৱনৰ প্ৰথমটো দুখৰ ঘটনা। এটা পুথিভঁড়ালৰ বাবে আৱশ্যকীয় কিতাপ এখন-দুখনকৈ গোটাবলৈ লৈছোঁ। ‘খাৰশিঠা গাঁও উন্নয়ন সমিতি’ৰ জৰিয়তে পুথিভঁড়াল এটা প্ৰতিষ্ঠা কৰিম। আমি ৰচিদ বহী ছপালোঁ আৰু ইজন-সিজনৰ পৰা বৰঙণি সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিলোঁ। আমাৰ বৰঙণিৰ মূল উৎস আছিল আমাৰ চুবুৰিত বিয়া কৰাবলৈ অহা দৰাসকল। বিয়া কৰাবলৈ আহোতে দৰাৰ লগত বাটতে চা-চিনাকি হৈ ‘খাৰশিঠা গাঁও উন্নয়ন কমিটি’য়ে বৰঙণি সংগ্ৰহ কৰাটো এটা পৰম্পৰা। আমাৰ অনুষ্ঠানটো আছিল ‘খাৰশিঠা গাঁও উন্নয়ন সমিতি’। নামদুটাৰ পাৰ্থক্যটো পুনৰ মন কৰিব। ‘কমিটি’ আৰু ‘সমিতি’। খাৰশিঠা গাঁও বুলি কৈছিলোঁ যদিও খাৰশিঠা বিহামপুৰ গাঁৱৰ এটা চুবুৰিহে। আমিও দৰাক বাটতে আগুৰি বৰঙণি সংগ্ৰহ কৰা আৰম্ভ কৰিলোঁ। দৰাই দিব খোজা বৰঙণি এইদৰে দুভাগ হোৱাৰ ফলস্বৰূপে ডাঙৰ সকলৰ ‘কমিটি’ৰ বৰঙণিৰ পৰিমাণ কমি গ’ল। দ্বিতীয়তে, কেতিয়াবা আমি কিছু আগুৱাই গৈ দৰা আগচি ডাঙৰসকলতকৈও বেছি বৰঙণি দাবী কৰি লোৱা কৰিলোঁ। ফলস্বৰূপে গাঁও উন্নয়ন কমিটিৰ কিছু বিষয়ববীয়াই খৰ্গহস্ত হৈ আমাৰ বিৰুদ্ধে গাঁৱত নানা কথা ক’ব ধৰিলে। আমাৰ উৎপাত বাঢ়ি গৈছে, আমাৰ সমিতিখন ভাঙি দিব লাগে। আমিও যুক্তি দিলোঁ যে আজিৰ দিনত ধৰ্ম-ধৰ্ম কৰি থকাসকল চকু থাকিও অন্ধ। কেৱল গোঁসাইঘৰটোৱে আমাৰ একো উপকাৰ নকৰে ইত্যাদি ইত্যাদি। গাঁৱৰ জ্যেষ্ঠ এজনে ক’লে যে এওঁ আমাক ডাঙৰসকলক অন্ধ বুলি কৈছে। তাৰপাছত আৰু কোনে পায়। আমাৰ ওপৰত বিচাৰ হ’ল। ময়ো নানা যুক্তি দিলোঁ। অৱশেষত বিচাৰত আমাক দোষাৰোপ কৰি আমাৰ ‘সমিতি’খন ভংগ কৰি দিলে। আমাৰ ৰচিদ বহী, কাকত-পত্ৰ আৰু যি অলপ পইচা আছিল, সেইখিনি বাজেয়াপ্ত কৰা হ’ল।
বিচাৰখন হৈছিল আমাৰ চুবুৰিৰ ৰাজহুৱা গোঁসাইঘৰত। আমাৰ পিতা আছিল ‘খাৰশিঠা গাঁও উন্নয়ন কমিটি’ৰ সভাপতি আৰু সেইসূত্ৰে সিদিনাৰ বিচাৰখনৰো সভাপতি। ইফালে মই আছিলোঁ ‘খাৰশিঠা গাঁও উন্নয়ন সমিতি’ৰ সভাপতি আৰু সেয়ে প্ৰধান অভিযুক্ত। বিচাৰৰ শেষত এজন এজনকৈ মানুহবিলাক গুচি গ’ল। তেতিয়া নিশা ১২ মান বাজিছিল। বিচাৰখনত ব্যৱহাৰ কৰা হেচক লাইটটো আমাৰ আছিল। পিতা ৰৈ আছিল মই বহাৰ পৰা উঠালৈ। মই উঠিব পৰা নাছিলোঁ। প্ৰচণ্ড দুখ আৰু ক্ষোভত মোৰ চকুপানী ওলাইছিল। পিতাই মোক ‘নাযাৱ নেকি’? বুলি সোধোঁতে মই কিবা ক’ব খুজি দক্ৰি, দক্ৰি কান্দিবলৈ ধৰিলোঁ। পিতাই সান্ত্বনাসূচক দুই-এষাৰ কিবা কৈছিল; কিন্তু মোৰ কাণত সোমোৱা নাছিল। এটা সময়ত পিতাই সেই অন্ধকাৰ নিশা হেচক লাইটটো হাতত লৈ গোঁসাইঘৰৰ পৰা ঘৰমুৱা কৈ খোজ দিলে। পিছে পিছে মই, এটা ১৫ বছৰীয়া কিশোৰ। পিতা-পুত্ৰৰ সেই ঘৰমুৱা খোজ চাবলৈ সেই নিশা তাত আৰু কোনো নাছিল।
ঘৰলৈ আহি পাকঘৰত পিৰাত বহি পিতা আৰু মই ভাত খাবলৈ বহিলোঁ। মোৰ উচুপনি তেতিয়াও আছিল। মোক সান্ত্বনা দিবলৈ পিতাই এটা কাহিনী কৈছিল, যিটো কাহিনীয়ে মোক পঢ়ি-শুনি নিজে আগ বঢ়াৰ লগতে সমাজখনকো আগবঢ়াই নিবলৈ অনুপ্ৰাণিত কৰিছিল। হয়তো আজিৰ ‘প্ৰেৰণা পুথিভঁড়াল’ৰ বীজ তেতিয়াই ৰোপণ কৰিছিল মোৰ পিতাই। কাহিনীটো এনেকুৱা–
এখন ৰাজ্যত এজন দৰিদ্ৰ বামুণ আছিল। এদিন বামুণে ৰাতিপুৱা গংগাৰ পাৰে পাৰে খোজকাঢ়ি দূৰৈৰ এখন গাঁৱলৈ গৈ আছিল। দেখে যে সেই ৰাতিপুৱাই বহু মানুহে গংগাত মাছ মাৰি আছে। কৌতূহলবশত: বামুণে এজনক সুধিলে, ‘কথা কি? আজি দেখোন পুৱাই, পুৱাই তহঁত সকলোৱে আহিছ’?’ নাই, কাৰো উত্তৰ দিবলৈ সময় নাই। বামুণ গুচি গ’ল। কাজ-কৰ্ম কৰি এটা সময়ত বামুণ ঘূৰি আহিল। তেতিয়া বেলি ডুবো, ডুবো। বামুণ আচৰিত হ’ল যে তেতিয়াও সেই মাছমৰীয়া গাঁৱৰ মানুখখিনিয়ে মাছ মাৰি আছে! বামুণ ৰ’ল আৰু পুনৰ এজনক মাতি সুধিলে, ‘ঘটনা কি? এতিয়াও মাছ মাৰি আছ’ কিয়’? সিজনৰো উত্তৰ দিবলৈ সময় নাই। তথাপিও বামুণে নেৰা-নেপেৰাকৈ লাগি থকাত মানুহজনে যিখিনি কথা ক’লে, সেইখিনিৰ সাৰমৰ্ম এনেকুৱা– সেই ৰাজ্যৰ ৰজাই মাছ পোৰা খাবলৈ ইচ্ছা কৰিছে। কিন্তু মাছটো ডাঙৰ হ’ব লাগিব। মানুহৰ সমান ডাঙৰ! মাছটো মৰাৰ দায়িত্ব সিহঁতৰ কৈৱৰ্ত গাঁৱৰ। ৰজাই নিৰ্দেশ দিছে যে সূৰ্যাস্তৰ আগতে তেনেকুৱা ডাঙৰ মাছ এটা মাৰিব নোৱাৰিলে সিহঁতৰ সকলোৰে গল কটা যাব! কিন্তু এতিয়াও তেনেকুৱা ডাঙৰ মাছ পোৱা নাই। গতিকে আজি আমাৰ সকলোৰে জীৱন শেষ।
বামুণৰ বৰ খং উঠিল। ইমান অত্যাচাৰী ৰজা! এই ৰজাক এটা শিক্ষা দিব লাগিল। বামুণে আৰু দুজনমানক মাতি আনিলে আৰু ক’লে– শুন বাচাহঁত, সূৰ্যাস্তলৈ বেছি সময় নাই। গতিকে এই যে গংগা নদীয়েদি মানুহৰ আধাপোৰা শ’বোৰ উটি উটি আহি আছে তাৰেই এটা ধৰি ৰজাক দূৰৈৰ পৰা পোৰা মাছ বুলি দেখুৱাই খুৱাব লাগে!
মানুহকেইটাই ভাবিলে ঠিক কথা। এইটোৱেই ভাল হ’ব। নহ’লে আমাৰ আজি গল কটা যাব। ৰজাকো এটা শিক্ষা দিয়া হ’ল আৰু আমিও ৰক্ষা পৰিলোঁ।
হঠাৎ এজনে ক’লে– যদি এইখিনি সময়ত তেনেকুৱা আধাপোৰা শ’ উটি নাহে? আন এজনে ক’লে– ক’ত আৰু শ’ উটি অহালৈ বাট চাবি? ধৰ এই বামুণক… ।
পিতাই ক’লে– আমাৰ গাঁৱৰ মানুহখিনিও সেই গংগাৰ পাৰৰ কৈৱৰ্ত গাঁৱৰ মানুহখিনিৰ দৰে হৈ আছে। তই যদি এতিয়া কিবা ভাল বুদ্ধি দিবলৈ যাৱ’ তেন্তে তোৰো দশা সেই বামুণৰ দৰে হ’ব। গাঁৱৰ মানুহখিনি আৰু অলপ আগ বাঢ়িব লাগিব। মনৰ পৰিৱৰ্তন হ’ব লাগিব। তাৰপাছতহে এইখন গাঁৱত সংঘ, পুথিভঁড়াল আদি গঢ়িব পাৰিবি।
‘খাৰশিঠা গাঁও উন্নয়ন সমিতি’ ভাঙি গ’ল। কিন্তু আমাৰ সংকীৰ্তন পাৰ্টী চলি থাকিল। আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা পি. ইউ. (প্ৰাক্ স্নাতক) পাছ কৰি কটনত স্নাতক প্ৰথম বৰ্ষত পঢ়ি থাকোঁতে পুনৰ উক্ দিলে আৰু এটা নতুন অনুষ্ঠান গঢ়ি পুথিভঁৰাল এটা প্ৰতিষ্ঠা কৰাৰ কথা। ১৯৮৭ চনত প্ৰতিষ্ঠা কৰোঁ ‘জীৱন জ্যোতি চ’ৰা’ আৰু তাৰ কেইবছৰমান পাছত ‘জীৱন জ্যোতি পুথিভঁৰাল’। সেয়া এক অন্য কাহিনী ।
(পাছৰ অংশ পৰৱৰ্তী সংখ্যাত প্ৰকাশ কৰা হ’ব)
সাক্ষাৎকাৰটো পঢ়ি বৰ ভাল পালো। পাছৰ অংশলৈ আগ্ৰহেৰে বাট চাই ৰ’লো।
সুন্দৰ বিশ্লেষণেৰে আগবঢ়োৱা উত্তৰ দুটাৰ দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মা দেৱ আৰু প্ৰশ্নকৰ্তা হৃষীকেশ বৰপূজাৰী ধন্যবাদৰ। পৰৱৰ্তী অংশলৈ আগ্ৰহেৰে বাট চালো।
সুন্দৰ বিশ্লেষণেৰে আগবঢ়োৱা উত্তৰ দুটাৰ বাবে দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মা দেৱ আৰু প্ৰশ্নকৰ্তা হৃষীকেশ বৰপূজাৰী ধন্যবাদৰ পাত্ৰ। পৰৱৰ্তী অংশলৈ আগ্ৰহেৰে বাট চালো।
সাক্ষাৎকাৰটো আপলোড কৰা বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ । নাজানোঁ এইবোৰ পঢ়ি কোনে কি পাব বা কাৰ কি লাভ হ’ব । তথাপি নিজৰ কথাবোৰ কৈ যোৱাৰ এটা সুযোগ দিয়া বাবে ‘মুক্তচিন্তা’ আৰু বিশেষকৈ ড০ কৌশিক দাসদেৱ আৰু হৃষীকেশ বৰপূজাৰীক ধন্যবাদ জ্ঞাপন কৰিলোঁ ।