বিজ্ঞান-প্ৰযুক্তি

পৃথিৱীৰ জন্ম ৰহস্য: জীৱৰ উৎপত্তি আৰু ক্ৰমবিকাশ -(ৰঞ্জন ভূঞা)

প্ৰায় ১৩.৮ বিলিয়ন বছৰ আগতেই বিগ বেঙৰ ফলত পলকতে এটা ডাঙৰ বিস্ফোৰণ হৈছিল আৰু ব্ৰহ্মাণ্ডৰ সৃষ্টি হ’ল৷ ইয়াৰ আগত আমাৰ ব্ৰহ্মাণ্ড এটা সৰু অণুৰ দৰেই আছিল৷ কিন্তু এই বিস্ফোৰণৰ পিছ মুহূৰ্ততে ইয়াৰ আকাৰ অতি বৃহৎ হৈ গ’ল (এখন Galaxyৰ সমান)৷ আৰু এইখিনি হ’বলৈ এক ছেকেণ্ডতকৈও কম সময় লাগিল৷

ইয়াৰ পিছত প্ৰায় চাৰি লাখ বছৰৰ পাছতহে সকলোতকৈ প্ৰথম Atom অৰ্থাৎ অণুৰ জন্ম হ’ল, আৰু সেইটোৱেই হ’ল হাইড্ৰ’জেন৷ এখন ব্ৰহ্মাণ্ডৰ উদ্ভৱ হোৱাৰ ক্ষেত্ৰত হাইড্ৰ’জেনৰ ভূমিকা উল্লেখযোগ্য৷ কাৰণ ই বেলেগ বেলেগ তাপমানত কিছুমান জটিল অণু সৃষ্টি কৰিব পাৰে। সেই সময়ত ব্ৰহ্মাণ্ড যথেষ্ট গৰম আৰু অস্থিৰ আছিল,ঠিক তেনে সময়তে মহাকৰ্ষণ শক্তিয়ে নিজৰ যাদু দেখুওৱা আৰম্ভ কৰি দিলে৷মহাকৰ্ষণ শক্তিৰ ফলত মহাকাশ নিৰ্মাণ সময়ৰ ধোঁৱা আৰু বিভিন্ন গেছ ওচৰ চাপি আহিল৷ এই কাৰণটোৰ বাবেই তাপমান যথেষ্ট বৃদ্ধি পালে আৰু যেতিয়া এই তাপমান প্ৰায় আঠ লাখ ফাৰেনহাইট হ’ল তেতিয়া হাইড্ৰ’জেনৰ স্পৰ্শত হিলিয়াম নামৰ অণুৰ উৎপত্তি ঘটিল আৰু ব্ৰহ্মাণ্ডত বহুতো শক্তিৰ নিৰ্মাণ হ’বলৈ আৰম্ভ কৰিলে,এনেকৈয়ে ব্ৰহ্মাণ্ডত সকলোতকৈ প্ৰথম “তৰা”-ৰ সৃষ্টি হ’ল৷কোটি কোটি তৰা এনেকৈয়ে জন্ম পালে, ইয়াৰ আগমুহূৰ্তলৈকে ঘোৰ অন্ধকাৰত ডুব গৈ থকা ব্ৰহ্মাণ্ড তৰাৰ পোহৰত জিকমিকাই উঠিল৷ কিন্তু এই সময়ত ব্ৰহ্মাণ্ডত কোনো গ্ৰহৰ সৃষ্টি হোৱা নাছিল! গ্ৰহ এটাৰ সৃষ্টি হোৱাটো যথেষ্ট জটিল প্ৰক্ৰিয়া আছিল৷ কাৰণ কেৱল হাইড্ৰ’জেন আৰু হিলিয়ামৰ বাবেই গ্ৰহ এটাৰ সৃষ্টি নহয়৷

তৰাবোৰৰ তাপমানৰ ফলত বহুতো অণুৱে জন্ম পালে৷ যেনে : হাইড্ৰ’জেনৰ পৰা হিলিয়াম, হিলিয়ামৰ পৰা লিথিয়াম, আৰু তাৰ লগে লগে কাৰ্বন, নাইট্ৰ’জেন আদি বিভিন্ন অণুৰ সৃষ্টি হ’ব ধৰিলে৷ কিন্তু গ্ৰহ এটা সৃষ্টি হ’বৰ বাবে তেতিয়াও কিছুমান কঠিন পদাৰ্থ নিৰ্মাণ হোৱাৰ যথেষ্ট প্ৰয়োজনীয়তা আছিল, যিহেতু এইবোৰ জন্ম পাবলৈ বহুত বেছি শক্তিৰ প্ৰয়োজন আছিল, আৰু এনে শক্তি তৰাবোৰৰ বিস্ফোৰণৰ ফলত হয়, সময় পাৰ হোৱাৰ লগে লগে তৰাবোৰ বিস্ফোৰণ হ’ব ধৰিলে আৰু এনেকৈয়ে বহুতো অণুৰ জন্ম হ’ল৷ নতুন তৰা এটা বিস্ফোৰণ হোৱা আৰু নতুন নতুন পদাৰ্থ সৃষ্টি কৰা এই প্ৰক্ৰিয়াটো প্ৰায় আঠ বিলিয়ন বছৰ চলি থাকিল৷ এই আঠ বিলিয়ন বছৰ সময়তে বহুতো অণুৰ জন্ম পালে, এইটো এটা নতুনত্বৰ আৰম্ভণি আছিল৷ প্ৰায় ৪.৫ বিলিয়ন বছৰ আগত এনেকুৱা এক বৃহৎ বিস্ফোৰণৰ পৰাই সৃষ্টি হ’ল সূৰ্যৰ। তাৰ পৰা সৃষ্টিৰ হোৱা ধূলি আৰু বায়ু সূৰ্যৰ মাধ্যাকৰ্ষণ শক্তিৰ বলত কাষ চাপি আহিল৷ আৰু আমাৰ সৌৰজগতত বহুতো গ্ৰহৰ নিৰ্মাণ হ’ব ধৰিলে৷ জন্মৰ সময়ত আমাৰ সৌৰজগতত প্ৰায় এশটা গ্ৰহ আছিল, কিন্তু সময়ৰ লগে লগে ইটো আনটোৰ লগত খুন্দা খোৱাৰ ফলত নষ্ট হৈ ইটো আনটোৰ সংস্পৰ্শলৈ আহে৷ সেই সময়তেই আমাৰ গ্ৰহ পৃথিৱীৰ জন্ম হয়৷ যেতিয়া পৃথিৱী নিৰ্মাণ হৈছিল তেতিয়া আজিৰ দৰে একেবাৰেই নাছিল৷ আমাৰ পৃথিৱীক সম্পূৰ্ণ জ্বালামুখীয়ে ঢাকি ৰাখিছিল৷ আৰু তীব্ৰ বেগত ঘূৰিছিল৷ সেই সময়ত আমাৰ পৃথিৱীত আঠ ঘন্টাতে এদিন হৈছিল৷ তাপমান বহুত উচ্চ হোৱাৰ বাবে পানীৰ কোনো চিন-মোকামেই নাছিল৷ আৰু পানী নোহোৱাকৈতো জীৱন পোৱা অসম্ভৱ৷ কিন্তু এনে কঠিন পৰিস্থিতি শাম কাটিবলৈ মাধ্যাকৰ্ষণ শক্তিয়ে কাম কৰাৰ আৰম্ভ কৰিলে৷ মাধ্যাকৰ্ষণৰ ফলতেই পৃথিৱীৰ কেন্দ্রত লাভাবোৰ একত্ৰিত হ’ল আৰু বাহিৰৰ পাতল পদাৰ্থৰ লগতেই পৃথিৱীৰ বাতাবৰণৰ সৃষ্টি হ’ব ধৰিলে, এনেকৈয়ে মাটিৰ সৃষ্টি হ’ল৷ সকলো গধুৰ পদাৰ্থ পৃথিৱীৰ কেন্দ্ৰত জমা হ’ব ধৰিলে তাৰ ভিতৰত আইৰন আৰু কপাৰ যথেষ্ট পৰিমাণে আছিল, ইয়াৰ পৰাই সৃষ্টি হ’ল Electromagnetic Field.

কিন্তু আমাৰ পৃথিৱীখনত সেই সময়ত বহুতো ধূমকেতুৱে আহি খুন্দা মাৰিছিল, আৰু এদিন মঙ্গল গ্ৰহৰ সমান প্ৰকাণ্ড ধূমকেতু এটাই দুহেজাৰ পাঁচ শ কিলোমিটাৰ বেগত আহি পৃথিৱীখনক খুন্দা মাৰে আৰু এই ধুমকেতুটোৰ বহুতো পদাৰ্থ পৃথিৱীখনত মিলি যায়৷এই প্ৰচণ্ড খুন্দাতেই বহুতো জ্বালামুখী ভাঙি কেইবাটুকুৰাত বিভক্ত হৈ আকাশত সিঁচৰতি হৈ পৰে,আহিবলগীয়া সময়বোৰত পৃথিৱীৰ মাধ্যাকাৰ্ষণিক শক্তিৰ বলত আকৌ একেলগ হৈ জীৱনৰ সৃষ্টিত অৰিহণা যোগায়, তাৰে এটা ডাঙৰ টুকুৰা পৃথিৱীৰ পৰা অলপ দূৰলৈ আঁতৰি বিচ্ছিন্ন হৈ যায়, যাক আমি এতিয়া চন্দ্ৰ বুলি জানো৷এই চন্দ্ৰটো নিৰ্মাণ হোৱাৰ পিছৰ পৰাই পৃথিৱীৰ বাতাবৰণ সালসলনি হ’ল আৰু চৌব্বিশ ঘন্টাত এদিন হ’ব ধৰিলে৷ চন্দ্ৰটো সৃষ্টি হোৱাৰ বাবেই পৃথিৱীত আমি বিভিন্ন ঋতু অনুভৱ কৰোঁ৷ সেই সময়তো পৃথিৱীত পানী নাছিল, পৃথিৱী এটা জ্বলন্ত গ্ৰহ হিচাপেই আছিল৷ আৰু আমি জানো যে “পানীৰ অবিহনে জীৱন অসম্ভৱ৷” জ্বলি থকা গ্ৰহটোৰ আকাশত মেঘৰ উৎপন্ন হৈছিল আৰু বৰষুণ পৰিবলৈ আৰম্ভ কৰিলে৷ লাখলাখ বছৰ বৰষুণ হোৱাৰ পিছত পৃথিৱীখন ঠাণ্ডা হৈ পৰিল আৰু নদ-নদী, সাগৰ-মহাসাগৰৰ সৃষ্টিৰ হ’ল৷ আজিৰ পৰা প্ৰায় ৩.৮ বিলিয়ন বছৰ আগত মহাসাগৰৰ তলিতেই প্ৰথম জীৱনৰ আৰম্ভণি ঘটিল৷ হাইড্ৰ’জেন, অক্সিজেন, কাৰ্বন-ডাই-অক্সাইড, নাইট্ৰ’জেন আদি মিলন হোৱাৰ ফলতেই জীৱনৰ সৃষ্টিৰ পাতনি মেলিল৷

পৃথিৱীত জীৱনৰ আৰম্ভণি ঘটিল তাকো সূক্ষ্ম জীৱাণুৰ ৰূপত৷ কেইবাকোটি বছৰ এই সূক্ষ্ম জীৱাণুবোৰে পৃথিৱীৰ মহাসাগৰৰ বুকুত নিজৰ স্থিতি বজাই ৰাখিলে আৰু বংশ বৃদ্ধি হ’ল৷ এই জীৱাণুবোৰ প্ৰথম পৰ্যায়ত তেনেই সৰল আছিল, কিন্তু পিছলৈ জটিল আৰু কঠিন জীৱলৈ পৰিৱৰ্তন হ’ল৷

২.৫ বিলিয়ন বছৰ আগত কোনো অজ্ঞাত জীৱাণুৱে জীয়াই থকাৰ বাবে সূৰ্যৰ ৰশ্মি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে৷ ইয়াৰ পৰা উৎপত্তি হ’ল অক্সিজেন৷ সেই সময়ত আমাৰ মহাসাগৰত আইৰনৰ পৰিমাণ বহুত বেছি আছিল৷ আমি জানো যে আইৰন আৰু অক্সিজন ইটো সিটোৰ সংস্পৰ্শলৈ আহিলে এক সংঘাতৰ সৃষ্টি হয়, এনেকৈয়ে অক্সিজেনৰ পৰিমাণ ক্ৰমান্বয়ে বাঢ়ি আহিল আৰু আইৰনৰ লগত হোৱা সংঘাতৰ ফলস্বৰূপে যি পদাৰ্থ সৃষ্টি হ’ল সেইবোৰ মহাসাগৰৰ তলিত জমা হ’ব ধৰিলে৷

তাৰপিছত দুই বিলিয়ন বছৰত মহাসাগৰত আইৰনৰ পৰিমাণ কমি আহিল আৰু অক্সিজেনৰ পৰিমাণ বাঢ়ি আহিব ধৰিলে৷ ক্ৰমান্বয়ে সেই অক্সিজেন পানীৰ পৰা আহি বায়ু মণ্ডলীয় বাতাবৰণৰ লগত মিলি গ’ল৷এই দুই বিলিয়ন বছৰ ভিতৰতে আমাৰ পৃথিৱীৰ স্বৰূপ সম্পূৰ্ণ সলনি হৈ গ’ল৷ আৰু সেইখন এতিয়া আমি দেখা পৃথিৱীখনৰ দৰেই দেখিবলৈ পোৱা গ’ল৷ মানে ওপৰত নীলা আকাশ য’ত অক্সিজেনৰ পৰিমাণ যথেষ্ট আছিল আৰু তলত নীলা মহাসাগৰ য’ত জটিল জীৱৰ সৃষ্টি হৈছিল৷ তাৰপিছত জীৱাণু বোৰে অক্সিজেন ল’ব ধৰিলে আৰু জীৱন জটিল হোৱা আৰম্ভ হ’ল৷ অক্সিজেনৰ সংস্পৰ্শতেই বহুতো নতুন জীৱই মহাসাগৰৰ বুকুত জন্ম পালে৷ পঞ্চাশ কোটি বছৰ আগত সকলোতকৈ প্ৰথম জলচৰ প্ৰাণী য’ত এডাল হাড় আছিল সেইটোৰ জন্ম পালে৷ এইটো জীৱৰ প্ৰথম আৰম্ভণি৷ পৃথিৱীত জীৱন কেইবালাখ বছৰলৈকে পানীতেই আছিল৷ তাৰে ভিতৰত বহুতো জলচৰ প্ৰাণী আৰু উদ্ভিদ আছিল৷ আৰু যেতিয়া পৃথিৱীৰ বাতাবৰণত অক্সিজেনৰ পৰিমাণ অধিক মাত্ৰাত বৃদ্ধি পালে তেতিয়া অ’জন স্তৰ গঠন হ’ল যি পৃথিৱীৰ বুকুত জীৱনৰ আৰম্ভণি হোৱাত এক বৃহৎ অৱদান। ইয়াৰ পিছতেই লাহে লাহে পৃথিৱীৰ মাটিত গছ গছনি দেখা পোৱা গ’ল আৰু চাওঁতে চাওঁতেই জংঘলে আৱৰি ধৰিলে৷

প্ৰায় চল্লিশ কোটি বছৰৰ আগত জলচৰ প্ৰাণীয়ে পৃথিৱীৰ মাটিত প্ৰথম ভৰি দিলে৷ আৰু মাটিত জীৱনৰ আৰম্ভণি ঘটিল৷

পঁচিশ কোটি বছৰ আগত বিগ বেঙৰ পিছত প্ৰথম লাভা নিৰ্গত হ’ল, এইটো ইমানেই ভয়ংকৰ আছিল যে সম্পূৰ্ণ বাতাবৰণ কাৰ্বন-ডাই- অক্সাইডৰে ভৰি পৰিল৷ ইয়াৰ ফলত বহুতো প্ৰজাতি লুপ্ত হৈ গ’ল৷ আমাৰ পৃথিৱীৰ ইতিহাসত এনেকুৱা প্ৰলয় প্ৰায় পাঁচবাৰ হৈছে৷ এনেকুৱা প্ৰলয়ৰ বাবে বহুতো প্ৰজাতি লুপ্ত হোৱাৰ লগে লগে নতুন প্ৰজাতিৰ জন্মও হয়৷ তাৰপিছত আমাৰ পৃথিৱীত ডাইন’ছৰৰ কিছুমান প্ৰজাতিৰ জন্ম হ’ল৷ সিহঁতে প্ৰায় ষোল্ল কোটি বছৰ পৃথিৱীৰ বুকুত ৰাজত্ব কৰিলে৷ ডাইন’ছৰৰ সময়ত কিছুমান স্তন্যপায়ী প্ৰাণীৰো জন্ম হৈছিল, কিন্তু সিহঁতৰ বিকাশ হোৱা নাছিল ইয়াৰ পৰাই মানুহৰ প্ৰজাতি উৎপত্তি হোৱাৰ সম্ভাৱনা আছিল৷ প্ৰায় ৬.৫ কোটি বছৰ আগতে ছয় মাইল দীঘলীয়া এটা ধূমকেতু পৃথিৱীৰ বুকুত আহি পৰিলহি আৰু সম্পূৰ্ণ আকাশ ক’লা ধোঁৱাই ছানি ধৰিলে৷সূৰ্যৰ পোহৰো এই ধোঁৱাৰ বাবে আহিব পৰা নাছিল, পৃথিৱীৰ তাপমান বাঢ়ি আহিল আৰু ফলস্বৰূপেই সকলো জীৱৰ (যিবোৰৰ ওজন পঁশিছ কেজিতকৈ বেছি আছিল) সেইবোৰ নিঃশেষ হৈ গ’ল৷ এনেকৈয়ে ডাইন’ছৰৰ প্ৰজাতি নোহোৱা হৈ গ’ল৷ ডাইন’ছৰৰ বিনাশে স্তন্যপায়ী প্ৰাণীৰ বিকাশৰ বাবে এক মহত্ত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে৷ লাহে লাহে স্তন্যপায়ী প্ৰাণীৰ বিভিন্ন প্ৰজাতিৰ বিকাশ হ’ব ধৰিলে যাৰ চকু আৰু হাত আমাৰ দৰে আছিল৷ পাঁচ কোটি বছৰৰ আগত পৃথিৱীৰ ভূমিভাগ ফাটি ইটো আনটোৰ পৰা দূৰ হৈ গ’ল আৰু পৃথিৱীখন এতিয়াৰ দৰে দেখিবলৈ পোৱা গ’ল৷ আঢ়ৈ কোটি বছৰৰ আগত পৃথিৱীৰ বুকুত প্ৰথম মানৱ প্ৰজাতি Hominoidsয়ে বিচৰণ কৰিব ধৰিলে, একৰ পৰা ডেৰ কোটি বছৰ আগত Ramapithecus নামৰ এক প্ৰকাৰৰ আদি মানব আছিল যি ধীৰে ধীৰে বিলুপ্ত হৈ গ’ল৷ প্ৰায় চল্লিশ লাখ বছৰ আগত Australopithecus নামৰ বিলুপ্ত আদি মানৱ প্ৰজাতি আফ্ৰিকাৰ জংঘলত পোৱা গৈছিল৷Homo habits নামৰ মানৱ প্ৰজাতি আফ্ৰিকাত প্ৰায় পঁচিশ লাখ বছৰ আগতে আছিল, পোনকৈ থিয় হোৱা মানৱ Homo Erectusৰ আগমন প্ৰায় ওঠৰ লাখ বছৰ আগত আহিছিল৷ Homo Erectusয়েই প্ৰথম প্ৰজাতি আছিল যি জুই ব্যৱহাৰ কৰিবলৈ শিকিছিল৷ ইয়াৰ পিছতেই আধুনিক মানৱ মানে Homo sapiensৰ আগমন ঘটিল৷ প্ৰমাণ পোৱা মতে আধুনিক মানৱৰ উৎপত্তি দুই লাখ বছৰ আগতে আফ্ৰিকাত হৈছিল৷ এনেকৈয়ে আহি আহি আজিৰ মানুহে পৃথিৱীৰ মাটি, পানী, বায়ু তিনিও স্থানত নিজৰ শক্তি প্ৰদৰ্শন কৰিব ধৰিলে৷ এয়াই আছিল আমাৰ পৃথিৱীৰ ইতিহাস৷

Leave a Reply

Your email address will not be published. Required fields are marked *