পৃথিৱীৰ প্ৰথম বিজ্ঞানী কোন? (প্রথম অংশ) ।। পূৰৱী দেৱী
সৰিয়হ পেৰিলে তেল ওলায়। তেলৰ মূল কাৰণটি তেন্তে সৰিয়হত আছিল, নহ’লে বালি পেৰিলেও তেল ওলাব পাৰিলেহেঁতেন। আমগুটি পচালে আম পুলিহে গজে, কঁঠাল পুলি নগজে—গুটিত পুলিৰ কাৰণটো নিশ্চয় আছিল ।। মুক্ত চিন্তা, দশম বছৰ, দ্বিতীয় সংখ্যা, চেপ্টেম্বৰ, ২০২৪ ।।
পৃথিৱীৰ প্ৰথম বিজ্ঞানী কোন—এইটো প্ৰশ্ন কৰাৰ আগতে আন এটা প্ৰশ্ন কৰা আৱশ্যক। বিজ্ঞানী কোন? আমাৰ নিজ জীৱনৰ অভিজ্ঞতাৰ পৰা এই প্ৰশ্নৰ উত্তৰ দিবলৈ যথাসাধ্যে চেষ্টা কৰিম। আমাৰ মা আৰু মামীৰ পৰা আমি ৰন্ধা-বঢ়া কৰিবলৈ শিকিছিলোঁ। দুয়োৰে মুখত শুনিছিলোঁ ডাকৰ বচন, “এগুণ চাউল, দুগুণ পানী, তিনিগুণ জুই দিবা টানি”; মায়ে কৈছিল—“চাউল ভালকৈ ধুই বক-বককৈ উতলি থকা পানীত দিবি। তাৰ পিচত জুই কমাই দিবি। চাউল যিমান ল’বি পানী তাৰ দুগুণ ল’বি, ভাত কেতিয়াও লেপা নহয়”। পাচলিৰ আঞ্জা ৰান্ধিলে কয়—“পাচলিত পানী দিয়াৰ পিচত উতল আহিবলৈ দে। এবাৰ উতল অহাৰ পিচত জুই কমাই দে আৰু ঢাকন মাৰ। পাচলি সোনকালে সিজিব”।
প্ৰথম প্ৰশ্ন—জুই কমাই দিলেও চাউল ভালকৈ সিজে, অৰ্থাৎ এবাৰ উতল অহাৰ পিচত তাপৰ বৰ বিশেষ প্ৰয়োজন নাই, কিয়?
এই অভিজ্ঞতা নিশ্চয় সকলোৰে আছে। কিন্তু এইকেইটা প্ৰশ্ন কেইজনে কৰে?
দ্বিতীয় প্ৰশ্ন—ঢাকন মাৰি দিলে পাচলি সোনকালে সিজে কিয়?
যি কেইজন ব্যক্তিয়ে প্ৰথম তাপ সম্বন্ধীয় বহু প্ৰশ্নৰ উত্তৰ বিচাৰিছিল তেওঁলোকে তাপৰ সন্দৰ্ভত প্ৰণালীৱদ্ধ পৰীক্ষা, নিৰীক্ষণ আৰু সেই পৰ্যবেক্ষণৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ কৰিছিল। তেওঁলোক আছিল বিশ্ববিখ্যাত বিজ্ঞানী। তেওঁলোকৰ প্ৰচেষ্টাৰ ওপৰত ভিত্তি কৰি স্থাপিত হৈছিল বৰ্তমান স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে তপৰাই মুখস্থ মতা তাপ-গতি বিজ্ঞানৰ প্রথম সূত্ৰ—“শক্তিক সৃষ্টি কৰিবও নোৱাৰি আৰু ধ্বংসও কৰিব নোৱাৰি”। দাৰ্শনিকৰ ভাষাত “শক্তি আদ্যান্তহীন”।
তেন্তে বিশ্বৰ যিজন লোকে প্ৰথম পৰীক্ষা আৰু নিৰীক্ষণৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ কৰিছিল, তেখেতেই আছিল পৃথিৱীৰ প্ৰথম বিজ্ঞানী। পাশ্চাত্য ইতিহাসবিদৰ মতে তেনে এজন ব্যক্তি আছিল প্ৰাচীন গ্ৰীচৰ সাতজন জ্ঞানী পুৰুষৰ মাজৰ এজন—থেলিছ।
থেলিছৰ জন্ম ক’ত আৰু কেতিয়া হৈছিল ইতিহাসবিদে ক’ব নোৱাৰে। কিন্তু খ্ৰীষ্ট পূৰ্ব ৫৮৫ চনত হোৱা এটা গ্ৰহণৰ তেখেতে ভৱিষ্যদ্বাণী কৰিছিল বুলি জনা যায় আৰু সেয়েহে তেখেত সেইটো শতাব্দীৰ মানুহ বুলি ঠাৱৰ কৰা হৈছে। অৱশ্যে ইয়াৰ বাবে থেলিছক প্ৰথম বিজ্ঞানী বুলিব নোৱাৰি, কাৰণ প্ৰাচীন বেবিলনবাসীয়ে ইয়াৰ বহু আগতেই এনে ভৱিষ্যদ্বাণী কৰিব জানিছিল।
থেলিছৰ বাসভূমি আছিল মিলেটাচ। থেলিছৰ যুগত মিলেটাচ আছিল এচিয়া মাইনৰৰ এক প্ৰধান বাণিজ্যিক কেন্দ্ৰ। লিডিয়া, ইজিপ্ত আদি দেশৰ লগত হোৱা বাণিজ্যিক লেন-দেনৰ বাবে সেই স্থানৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক বিকাশ ঘটে। অভিজাত আৰু বণিক শ্ৰেণীৰ যিদৰে অহৰহ সংঘৰ্ষ ঘটিছিল, সেইদৰে ধনী আৰু দুখীয়াৰ মাজত সংঘৰ্ষ হৈছিল সঘনে। এনে পৰিৱেশত চিন্তাশীল লোকে নৱ দৃষ্টিৰে জগত আৰু সমাজক লক্ষ্য কৰে। সম্ভৱতঃ থেলিছ আছিল তেনে এজন চিন্তাশীল লোক। তেখেতে লিডিয়া আৰু ইজিপ্ত ভ্ৰমণ কৰিছিল বুলি জনা যায়। সম্ভৱতঃ ইজিপ্তৰ বিজ্ঞান আৰু জ্যামিতি তেখেতে গ্ৰীচলৈ আনিছিল। এৰিষ্টট’লৰ লিখনিৰ মতে থেলিছে কৈছিল যে সকলো বস্তুৰ মূলতে পানী। পৃথিৱী পানীৰ মাজত ওপঙি আছে আৰু পানীৰ মাজতে পৃথিৱীৰ জন্ম।
কোনো দৈৱ শক্তিৰ প্ৰভাৱ অবিহনে পৃথিৱীৰ উৎপত্তি হৈছে বুলি মত প্ৰকাশ কৰা হেতুকে থেলিছক পৃথিৱীৰ প্ৰথম বিজ্ঞানীৰ স্থান দিয়া হৈছে।
কিন্তু ভাৰতীয় পণ্ডিত দেৱীপ্ৰসাদ চট্টোপাধ্যায়ে এই মত স্বীকাৰ নকৰে। তেখেতৰ মতে প্ৰথম স্থান ভাৰতীয় দাৰ্শনিক উদ্দালক আৰুণিৰহে প্ৰাপ্য। তেখেতে কিয় এই দাবী কৰিছে বুজিবৰ বাবে আমি ভাৰতীয় দৰ্শনৰ মাজত এভুমুকি মাৰিব লাগিব।
“ৰাধানাথ ফুকন ৰচনাৱলী”-ৰ মাজৰ এখন পুথি “কথাৰে উপনিষৎ”- ত নিম্নোক্ত উপাখ্যান পঢ়িবলৈ পাব (ফুকনদেৱৰ মন্তব্য আমি উল্লেখ কৰা নাই। কাৰণ আজিৰ বিজ্ঞান বহুখিনি আগ বাঢ়ি যোৱাৰ হেতুকে তেখেতৰ ব্যাখ্যা আজিৰ যুগৰ ছাত্ৰ-ছাত্ৰীৰ বাবেও আওপুৰণি যেন লাগিব)।
শ্বেতকেতুৰ উপাখ্যান
(ছান্দোগ্যউপনিষৎ) বেদান্ত সৃষ্টিতত্ত্ব
তাহানি অৰুণৰ পুতেক আৰুণি নামে এজন ব্ৰহ্মজ্ঞ ঋষি আছিল। শ্বেতকেতু তেওঁৰ পুত্ৰ। বয়স ১২ বছৰ।
এদিন আৰুণিয়ে কলে, “শুনা হে শ্বেতকেতু, আমাৰ কুলত সকলো ব্ৰহ্মজ্ঞ। তুমি এতিয়া যোগ্য আচাৰ্যৰ ওচৰত কিছু দিন থাকি ব্ৰহ্ম-বিদ্যা লাভ কৰা”।
পিতৃ-আজ্ঞা পালন কৰি, সেই কালৰ প্ৰচলিত প্ৰথা মতে, শ্বেতকেতু গুৰু-গৃহলৈ গ’ল। বাৰ বছৰৰ মূৰত শিক্ষা সমাপ্ত কৰি ঘৰলৈ আহিল। বাপেকে দেখিলে যে যদিও শ্বেতকেতুৱে সমস্ত শাস্ত্ৰ অধ্যয়ন কৰি পণ্ডিত হৈ আহিছে, তথাপি তেওঁৰ পুতেকৰ গাত ব্ৰহ্মজ্ঞৰ লক্ষণ প্ৰকাশ পোৱা নাই। শ্বেতকেতু নিতান্ত অভিমানী আৰু অবিনীত, মনে মনে ভাবে যেন তেওঁৰ সমান আৰু পণ্ডিত নাই।
আৰুণি অতিশয় ক্ষুণ্ণ হ’ল। তেওঁ এদিন শ্বেতকেতুক ওচৰলৈ মাতি আনি ক’লে, “তুমি তোমাৰ গুৰু-গৃহত কি কি বিদ্যা শিকিলা মই তাৰ মহলা ল’ব খোজোঁ। তুমি এনে এটি বস্তুৰ বিষয়ে জানানে, যাক জানিলে আৰু একো জানিবলৈ বাকী নাথাকে”।
শ্বেতকেতু আচৰিত হ’ল আৰু সুধিলে, “সচাঁ নে পিতা, জগতত এনে এটি বস্তু আছেনে? মই এনে বস্তুৰ কথা দেখোন কোনোকালে শুনা নাই”।
বাপেকে মিচিকিয়াই হাঁহি ক’লে, “তুমি যে শুনা নাই, সেইটো মই তোমাৰ অভিমান দেখিয়েই জানিছিলোঁ। সকলো বিদ্যাৰ সাৰ— সেই বস্তুটিৰ জ্ঞান-লাভ তোমাৰ ভাগ্যত ঘটা নাই। এতিয়া মই কওঁ শুনা!
কাৰণটিৰ সম্পূৰ্ণ জ্ঞান হ’লে, তাৰ কাৰ্যবোৰ আৰু বেলেগে জানিব নালাগে। যেনে মাটিৰ সম্পূৰ্ণ জ্ঞান হ’লে মলা-চৰুবোৰৰো জ্ঞান হয়।
এইদৰে ভাবি নিলে বুজিবা, কেনেকৈ কাৰণেই কাৰ্য হৈ প্ৰকাশ পায়। এই জগতখনেই কাৰণৰ পৰা কাৰ্যৰ এটা ক্ৰম-পৰিণাম। কাৰ্য-কাৰণৰ সম্বন্ধটো বুজি ভাবি নিলেই জানিবা যে এই জগতৰ প্ৰত্যেক ক্ষণৰ অৱস্থা তাৰ পূৰ্ববৰ্তী ক্ষণৰ অৱস্থাৰ কাৰ্য, আৰু পৰৱৰ্তী অৱস্থাৰ কাৰণ। জগতৰ কোনো ক্ষণৰ অৱস্থাৰ কাৰণ, তাৰ কাৰণ, আকৌ তাৰ কাৰণ—এইদৰে ওপৰলৈ ভাবি গৈ থাকিলে শেহত এটা মূল কাৰণত উপস্থিত হ’বা। সেইটিয়েই সেই সদ্বস্তু, যাক জানিলে আৰু একোকে জানিবলৈ বাকী নাথাকে। জগতৰ মূল কাৰণটি জানিলেই গোটেই জগৎ জনা হয়। এতেকে, হে শ্বেতকেতু, সেই সদ্বস্তুটি কি তুমি জানিব লাগে”।
বাপেকৰ কথা শুনি শ্বেতকেতুৱে ভাবিলে, হয়তোবা আকৌ গুৰুৰ আশ্ৰমলৈকে যাব লগা হয়, সেই গুণে ভয়ে ভয়ে ক’লে, “নিশ্চয় মোৰ গুৰুদেৱে সেই বস্তুটিৰ কথা নাজানে। জনা হ’লে মোক ক’লেহেঁতেন। এতেকে, পিতা, আপুনি নিজেই মোক উপদেশ দিয়ক। এই উপদেশ পালে মই সৰ্বজ্ঞ হ’ম”।
আৰুণিয়ে ক’লে, “শুনা সেই সদ্বস্তুটি অচেতন পদাৰ্থ নহয়। জগতৰ কাৰণ পৰ-ব্ৰহ্মই কল্পনা কৰি জগৎ সৃষ্টি কৰিছে। ইয়াত সৰ্বত্ৰ নিৰ্দিষ্ট নিয়মৰ অধীনত স্বাভাৱিক পৰিণাম নিৰৱচ্ছিন্নভাৱে সদায় হৈ আছে। এনে শৃংখলাবদ্ধ কাৰ্য, আপোনা-আপুনি হোৱাৰ দৰে, যাৰ কল্পনাৰে হৈছে, তেওঁ অচেতন প্ৰকৃতি নহয়। তেওঁ চেতন, জ্ঞান-স্বৰূপ, শক্তি-স্বৰূপ আৰু আনন্দ-স্বৰূপ। মই ক’লো যে কাৰণৰ পৰাহে কাৰ্যৰ উৎপত্তি হ’ব পাৰে কাৰণটি সৎ, স্থায়ী; কিন্তু কাৰ্য ধ্বংসশীল, সততে পৰিণামী আৰু অস্থায়ী। কাৰ্য যেতিয়া ধ্বংস হয়, সি তেতিয়া নিজ কাৰণত লয় হয়।
জগতৰ কাৰণ ব্ৰহ্মৰ পৰা জগতৰ উৎপত্তি। জগৎ যেতিয়া ধ্বংস হয় তেতিয়া আকৌ সেই ব্ৰহ্মতে লয় হয়। এইদৰে সৃষ্টিৰ পাছত প্ৰলয়, প্ৰলয়ৰ পাছত সৃষ্টি, তাৰ পাছত আকৌ প্ৰলয়, আকৌ সৃষ্টি—এই অনুক্ৰম অনাদি কালৰে পৰা হৈ আহিছে আৰু অনন্ত কাললৈ হৈ থাকিব।
কিন্তু হে শ্বেতকেতু, মনত ৰাখিবা যে সেই অনাদি সৃষ্টি কাৰ্যৰ দ্বাৰা একো পৰিৱৰ্তন নহয়। তেওঁ যেনে আছে তেনে সচ্ছিদানন্দ ৰূপে সদায় বৰ্তমান জগতৰ আৱৰ্ত্তনত তেওঁৰ একো পৰিৱৰ্তন নাই।
কেনেকৈ অতি সূক্ষ্ম নাম ৰূপ-বিহীন অদ্বিতীয় সৎ পদাৰ্থৰ পৰা এই নানা বৰ্ণ-বিশিষ্ট, বিশাল দৃশ্য জগৎ প্ৰাদুৰ্ভুত হয়, মই আজি তোমাক এটা সামান্য দৃষ্টান্ত দি বুজাওঁ, চোৱা। তুমি সৌ বৰগছ জোপাৰ তল-সৰা গুটি এটা আনা আৰু ভাঙা”।
শ্বেতকেতুৱে এইদৰে কৰিলত ঋষিয়ে সুধিলে, “এতিয়া ইয়াত কি দেখিছা?”
শ্বেতকেতু:- ক’তা? মইতো এতিয়া একো দেখা নাই।
আৰুণিয়ে তেতিয়া আকৌ ক’বলৈ আৰম্ভ কৰিলে, “বুজিলা শ্বেতকেতু! এই গুটিটি অতি সূক্ষ্ম বাবে তুমি ইয়াৰ ভিতৰত কি আছে নেদেখিলা। তথাপি নিশ্চয় জানিবা এনে চকুৰে মনিব নোৱৰা অতি সূক্ষ্ম বীজ এটাৰ পৰায়েই সৌ প্ৰকাণ্ড শাখা-স্কন্ধ-ফুল-পুষ্পাদি-বিশিষ্ট বৰগছজোপাৰ উৎপত্তি হ’ল। ইয়াত সন্দেহ নাই। সেই দৰেই অতি সূক্ষ্ম নিৰৱয়ব সৎ ব্ৰহ্মৰ পৰা এই স্থূল নামৰূপাত্মক ধ্বংসশীল জগতৰ উৎপত্তি। আকৌ গুটিৰ পৰা গছ, গছৰ পৰা গুটি হোৱাৰ দৰে, সৃষ্টিৰ পাছত প্ৰলয়, প্ৰলয়ৰ পাছত সৃষ্টি অনন্ত কাল ধৰি হৈ আছে।
সেই অতি সূক্ষ্ম সদ্বস্তুটিয়েই এই আদ্যান্তহীন জগতৰ আদিও আৰু অন্তও। এয়ে সত্য, এয়ে আত্মা। হে শ্বেতকেতু, তুমি সেই পৰম সদ্বস্তুটিৰ পৰা পৃথক নোহোৱা। তুমিয়েই সেই (তত্ত্বমসি)”।
“শ্বেতকেতু, এই পৰিদৃশ্যমান জগতত পশু, পক্ষী, তৰু, লতা, পৰ্বত, নদ-নদী প্ৰভৃতি বহুত বিভিন্ন পদাৰ্থ দেখিছা। কিন্তু নিশ্চয় জানিবা যে উৎপত্তিৰ আগত এই কাৰ্যাত্মক অসংখ্য দৃশ্য বস্তুবিলাক, সিহঁতৰ মূল কাৰণ, সেই সদ্বস্তুটিত বিলীন হৈ আছিল। তেতিয়া কোনো পদাৰ্থৰ প্ৰকাশ নাছিল, কোনো শক্তিৰ ক্ৰিয়া নাছিল, নাম-ৰূপ নাছিল, কাল-ভেদ নাছিল; পোহৰ নাছিল।
কুমাৰে মাটিৰে চৰু-মলা গঢ়াৰ দৰে তেওঁ এই জগতখন গঢ়া নাই। এই জগতৰ একো উপাদান নাই। মানুহে অৱশ্যে কোনো এটা উপাদান নহ’লে বা কোনো কাৰ্য নকৰিলে একো গঢ়িব নোৱাৰে। কিন্তু বিশ্বজগৎ সৃষ্টিত ব্রহ্মশক্তিব্যতিৰিক্ত কোনো পদাৰ্থ নাই। সাগৰৰ ঢৌত পানীৰ বাহিৰে একো উপাদান নাই। কিন্তু আমি দেখোঁ যে ঢৌবোৰ পানী নহয়—কিবা এটা পৃথক পদাৰ্থ সাগৰৰ ওপৰত যেন বাগৰি ফুৰিছে। ঠিক সেইদৰেই দৃশ্যপদাৰ্থবোৰ ব্ৰহ্মৰ বাহিৰে আৰু একো নহয়, কিন্তু আমাৰ মনত সেইবোৰ যেন নাম-ৰূপ-বিশিষ্ট একো একোটা সুকীয়া পদাৰ্থ।
আমি কিয় এইদৰে দেখোঁ? হে শ্বেতকেতু, এই প্ৰশ্নৰ সদুত্তৰ দিব নোৱাৰি। কোনো কোনোৱে কয় যে এই সংসাৰখন নায়েই (Non-existent)—ই এক মায়া বা ই যেন প্ৰহেলিকা। উৎপত্তিৰ আগত ই অসৎ (Illusion)। শ্বেতকেতু, তুমি নিশ্চয় জানিবা এইবোৰ কথা ভুল। উৎপত্তিৰ আগত এই জগত সৎ আছিল। সৎ বস্তুৰ বিনাশ নাই। অসৎ বস্তুৰ উৎপত্তি নাই। জগৎ সৎ বস্তু—ই সদায় ব্ৰহ্মৰ জ্ঞানত প্ৰতিষ্ঠিত। এই অৰ্থত ইয়াৰ বিনাশ নাই। ই অস্তিত্বশীল পদাৰ্থ। ই মায়া (Illusion) নহয়।
শ্বেতকেতু, তেন্তে এতিয়া তুমি প্ৰশ্ন কৰিব পাৰা, যদি ব্ৰহ্মৰ শক্তিৰ বাহিৰে এই জগতত একো নাই, তেন্তে আমি এই চিত্ৰ-বিচিত্ৰ বস্তুবোৰ কেনেকৈ দেখিছোঁ? হে শ্বেতকেতু! এইটো আমাৰ চক্ষুৰিন্দ্ৰক বা মনৰ অ-শক্তি। আমি বস্তুৰ আচল স্বৰূপ নেদেখোঁ বা নুবুজোঁ। এই অ-শক্তিক আমি অধ্যাস বোলো—যি অধ্যাসৰ বাবে আমাৰ কেতিয়াবা ৰজ্জুতসৰ্পভ্ৰম হয়। এই অধ্যাসক আমি মায়াও বোলোঁ—এই মায়াৰ বাবে বস্তুৰ অ-যথাৰ্থ জ্ঞান হয়।
ঋষিয়ে আকৌ ক’লে, “শ্বেতকেতু, মই ক’লোঁ যে ব্ৰহ্মই কল্পনা কৰি জগত সৃষ্টি কৰিলে। এই জগতৰ আচৰিত শৃংখলা আৰু নৈসৰ্গিক নিয়মবোৰেই সেই কল্পনাৰ পৰিচায়ক। কিন্তু জানিবা, পৰ-ব্ৰহ্মৰ কল্পনা জীৱৰ কল্পনাৰ দৰে নহয়। মিথ্যা কল্পনাও জীৱই কৰে। কিন্তু ব্ৰহ্ম সত্য-সংকল্প। কামনা তেওঁৰ আত্মভূত বস্তু। তেওঁৰ পৰা তেওঁৰ কামনা পৃথক বস্তু নহয়। তেওঁ বহু হৈ আত্মপ্ৰকাশ বা লীলা কৰিবলৈ কামনা কৰা মাত্ৰেই জগতত উৎপত্তি। সেই সংকল্পৰ বলতে প্ৰথমতে আকাশৰ উৎপত্তি—তাৰ পাছত বায়ুৰ উৎপত্তি। বায়ুৰ পৰা তেজঃ শক্তি (light or heat) [মূলতঃ ছান্দোগ্যই আকাশ আৰু বায়ুৰ কথা কোৱা নাই। আমি কিয় কৈছোঁ, তাৰ কাৰণ এতিয়াই দেখুৱা হ’ব]।
ব্রহ্মৰ কল্পনাৰ পৰা হোৱা এই তেজঃ শক্তি প্ৰকাশক আৰু ৰক্তবৰ্ণ বুলি প্ৰসিদ্ধ। এই তেজোগতপৰব্ৰহ্মই আৰু বহু হ’বলৈ কল্পনা কৰা মাত্ৰকে অপ্ শক্তি উৎপন্ন হ’ল। এই অপদ্রব্যাত্মক, স্নিগ্ধ আৰু শুক্ল বৰ্ণ বুলি প্ৰসিদ্ধ। এই অপ্-ভূত ব্ৰহ্ম-শক্তিয়ে আৰু বহু হ’বলৈ কল্পনা কৰা মাত্ৰ, অন্ন বা ক্ষিতি (solid matter) উৎপন্ন হ’ল। ব্ৰীহিযবআদি সকলো পদাৰ্থ আৰু গোটেই পৃথিৱী এই গুৰুত্ব-ধৰ্ম বিশিষ্ট, স্থিৰ আৰু কৃষ্ণবৰ্ণ ‘অন্ন’ বুলি বিখ্যাত।
শ্বেতকেতু, এই তিনিৰ—তেজঃ, অপ্ আৰু অন্নৰ-পৰস্পৰ কাৰ্য-কাৰণ সম্বন্ধ। ১ম কাৰণ তেজঃ—ই দ্ৰব্য নহয়; শক্তি (force of energy); তেজঃ দ্ৰৱীভূত হৈ অপ্ (liquid) হয়। অপ্ স্থূল (solidified) হৈ অন্ন (solid) হয়। এই দুয়োটি হ’ল আৱদ্ধ শক্তি (বা bottled-up energy), যাক আমি দ্ৰৱ্য (matter) বোলোঁ।
[ইংৰাজী শব্দ আৰু নিম্নোক্ত ব্যাখ্যা ফুকনদেৱৰ নিজস্ব। আন কোনো কোনো পণ্ডিতে এনেবোৰ শব্দৰ অৰ্থ আৰু এনে ব্যাখ্যা ভিন্ন ধৰণে কৰিছে। আমাৰ লিখনিৰ অৰ্থে এনে সমালোচনা প্ৰয়োজনীয় নহয়।
আমি এইমাত্ৰ ক’লোঁ যে ছান্দোগ্যই পঞ্চ মহাভূতৰ ঠাইত, আকাশ আৰু বায়ুক বাদ দি, মুঠেই তিনিটা মহাভূতৰ উল্লেখ কৰিছে—তেজঃ, অপ্, ক্ষিতি বা অন্ন। আজিকালি ৰসায়ন শাস্ত্ৰত (Chemistry) যাক elements অৰ্থাৎ মৌলিক পদাৰ্থ বোলে, মহাভূত তেনে (elements) নহয়। ইহঁত সকলো elements-ৰ ৩টা অৱস্থা মাত্ৰ। একে বস্তুৰে আৰু উপযুক্ত উপায় অৱলম্বন কৰিলে নিশ্চয় হয়। যেনে এডোখৰ সীহ, প্ৰথমতে কৃষ্ণবৰ্ণ, গোটা (solid), তপতালে স্নিগ্ধ বগা জুলীয়া (Liquid); আৰু তপতালে ৰক্তবৰ্ণ ধোঁৱা হৈ আকাশত মিলি যাব। বৰফ প্ৰথমতে গোটা, তপতালে পানী, আৰু তপতালে বাষ্প হৈ শক্তিত পৰিণত হৈ ইঞ্জিন চলায়।
আমি এই জগৎ-প্ৰপঞ্চত বস্তুৰ মুঠেই এই তিনি অৱস্থাহে দেখোঁ। সেইগুণে শ্বেতকেতুক ৩ মহা-ভূতৰ কথাহে ক’লে। পৰৱৰ্তী উপনিষদে কথাটো পৰিষ্কাৰ কৰিবলৈ পঞ্চ মহা-ভূতৰ উল্লেখ কৰিছে।]
ঋষিয়ে আকৌ আৰম্ভ কৰিলে, “মনত ৰাখিবা শ্বেতকেতু, ব্ৰহ্মৰ এই তিনিটা শক্তিৰ (তেজঃ, অপ্, ক্ষিতি) বাহিৰে জগতত আৰু একো পদাৰ্থ নাই। এই তিনি ব্ৰহ্ম শক্তিৰ সংমিশ্ৰণত বৰ্হিজগতৰ সকলো পদাৰ্থ আৰু অন্তৰ্জগতৰ মন, প্ৰাণ আদি সকলো ইন্দ্ৰিয়ৰ উৎপত্তি হৈছে। অন্তৰ্জগতৰ মন, প্ৰাণ, ইন্দ্ৰিয় আদি অত্ৰিবৃৎকৃত (অ-পঞ্চীকৃত), অৰ্থাৎ অমিশ্ৰিত সূক্ষ্ম মহা-ভূতৰ দাৰা গঠিত; যেনে মন অন্নময়, প্ৰাণ অপ্-ময়, আৰু বাগিন্দ্ৰিয় তেজোময়। বহিৰ্জগতৰ সকলো পদাৰ্থ ত্ৰিবৃৎকৃত, অৰ্থাৎ স্থূল আৰু মিশ্ৰিত মহা-ভূতৰ দ্বাৰা গঠিত।
শ্বেতকেতু, তুমি জানিবা যে এই একে তিনি শক্তিৰেই বহিৰ্জগত আৰু অন্তৰ্জগত উভয়ৰ সৃষ্টি হৈছে। কিন্তু অৱস্থা ভেদে উভয়তে কাৰ্যৰ ভেদ দেখা যায়। বস্তুৰ পৰা এই তিনি শক্তি গুচাই লোৱা; তেন্তে বস্তুৰ বস্তুত্ব নাথাকে। চোৱা, ত্ৰিবৃৎকৃত পাৰ্থিৱ অগ্নিৰ যি ৰঙা ৰশ্মি দেখিছা, সি তেজঃ শক্তিৰ ৰূপ প্ৰকাশ; তাত যি কিঞ্চিৎ কৃষ্ণছায়া দেখিছা সেইটি তাৰ অন্তৰ্গত অন্ন-শক্তিৰ ৰূপ। এই তিনি ৰূপ গুচাই লোৱা, তেন্তে অগ্নিৰ অগ্নিত্ব নাথাকে। এনেদৰে ভাবি নিলে বুজিবা যে আচলতে অগ্নি একো নহয়—ই মিথ্যা বস্তু, ইয়াৰ আচল সত্য হৈছে সেই তিনিটি শক্তি। এই দৰেই ভাবি নিলে বুজিবা যে প্ৰত্যেক পদাৰ্থ আচলতে ত্ৰিবৃৎকৃত শক্তি—তেজঃ, অপ্, অন্ন। এই তিনি শক্তিৰ ভিতৰতো আকৌ অপ্ আৰু অন্ন তেজঃ শক্তিৰ কাৰ্য বা পৰিণাম। তেন্তে মূলতঃ এই জগত আচলতে তেজঃ শক্তিৰহে পৰিণাম। এই তেজঃ শক্তিয়েই অন্তৰ্জগত আৰু বহিৰ্জগতৰ মূল। এই দুই জগতে আকৌ উভয়ে উভয়ৰ ওপৰত কাৰ্য কৰে। যেনে, মন অন্নময়, বহিৰ্জগতৰ অন্নেৰেহে মনে পুষ্টি লাভ কৰে। প্ৰাণীয়ে যি অন্ন গ্ৰহণ কৰে তাৰ অতি স্থূল অংশটি পুৰীষ ৰূপে পৰিণত হৈ বাহিৰ হৈ যায়, মধ্যম অংশ ৰসাদিৰূপে পৰিণত হৈ স্থূল শৰীৰৰ পুষ্টি সাধন কৰে। অতি সূক্ষ্মাতিসূক্ষ্ম অংশটি মন ৰূপে পৰিণত হৈ মনৰ পুষ্টি সাধন কৰে। মন তেন্তে ভৌতিক পদাৰ্থ; অতি সূক্ষ্ম ভূতৰ দ্বাৰা বৃদ্ধি প্ৰাপ্ত হয়। সেইদৰেই প্ৰাণ অপ্-ময়। প্ৰাণীৰ দ্বাৰা পীত অপ্ তিনি ভাগে বিভক্ত হৈ স্থূল অংশ মূত্ৰ, মধ্যম অংশ তেজ (ৰক্ত) হয় আৰু অতি সূক্ষ্ম অংশই প্ৰাণৰ উপচয় কৰে”।
এইখিনি কথা শুনি শ্বেতকেতু অতি আচৰিত হ’ল আৰু ক’লে, “হে প্ৰভু, মই বুজা নাই কেনেকৈ মন এটা ভৌতিক পদাৰ্থ হ’ব পাৰে, কেনেকৈ অন্নৰ দাৰা ই পুষ্ট হয়। হে পিতা, কৃপা কৰি মোক বুজাই দিয়ক”।
ঋষিয়ে ক’লে, “শ্বেতকেতু, মই এই কথাটো তোমাক দৃষ্টান্ত দি বুজাই দিম তুমি এতিয়া যোৱা। আজিৰ পৰা ১৫ দিন নিৰাহাৰে থাকি ১৬ দিনৰ দিনা মোৰ গুৰিলৈ আহিবা। এই ১৫ দিন একো অন্নাহাৰ নকৰিবা। পিয়াহ লাগিলে পানী মাথো খাব পাৰা। কাৰণ প্ৰাণ অপময়; পানী নাখালে প্ৰাণ ক্ৰিয়া বন্ধ হ’ব।”
শ্বেতকেতুৱে সেইদৰেই কৰিলে। ১৫ দিনৰ মূৰত বেৰে-চালে ধৰি আহি ঋষিৰ ওচৰত উপস্থিত হ’লহি। শ্বেতকেতুক দেখি ঋষিয়ে ক’লে, “আহা, শ্বেতকেতু, বহা। তুমি ঋগ্বেদৰ যিবোৰ মন্ত্ৰ মুখস্থ কৰিছিলা, তাৰে দুটামান মাতি মোক শুনোৱা”। শ্বেতকেতুৱে চেষ্টা কৰিও মুখস্থ মাতিব নোৱাৰি অতি ক্ষীণ স্বৰে ক’লে, “হে ভগৱান, মোৰ কি হ’ল মই বুজা নাই। একোকে মোৰ মনত নপৰে”।
ঋষিয়ে ক’লে, “নেলাগে বাৰু; তুমি এতিয়া ভিতৰলৈ গৈ মাৰক খুজি কিবা অলপ খাই আকৌ মোৰ গুৰিলৈ আহা”।
শ্বেতকেতু উঠি গ’ল। অন্নাহাৰ কৰি আকৌ ঋষিৰ ওচৰত বহিলহি। এইবাৰ তেওঁ ঋগ্বেদৰ মন্ত্ৰবোৰ যথাযথ মাতি শুনালে। ঋষিয়ে ক’লে, “চোৱা, শ্বেতকেতু, মন অন্নময়। পোন্ধৰ দিন অনাহাৰত, অন্নৰ অভাৱত তোমাৰ মনৰ পোন্ধৰ কলা নষ্ট হ’ল। ১৬শ কলাটি মাত্ৰ অৱশিষ্ট আছিল। সেইগুণে সকলো মন্ত্ৰ তুমি পাহৰিছিলা। নুমুৱা জুইৰ ফিৰিঙতিও খেৰ জাপি ফুঁৱাই দিলে যেনেকৈ জুই জ্বলি উঠে, সেইদৰেই আহাৰ কৰিলত তোমাৰ মনৰ অৱশিষ্ট ১৬শ কলাটি জ্বলি উঠিল; মনে পূৰ্বাৱস্থা পালে, সকলো মনত পৰিল। এইদৰেই পৰীক্ষা কৰি তুমি প্ৰমাণ কৰিব পাৰা যে প্ৰাণ অপময় আৰু বাক্য তেজোময়।
শ্বেতকেতু, তুমি বুজিলানে যে এই জগতত সেই তেজঃশক্তিৰ বাহিৰে একো নাই। এইদৰেই সেই অতি সূক্ষ্ম সৎ পদাৰ্থটিৰ পৰা প্ৰথমে তেজঃ শক্তি হৈ তাৰ পাছত অপ্ আৰু অন্ন হৈ এই বিস্তীৰ্ণ জগৎখন হ’ল। ইয়াৰ মূল সেই সূক্ষ্ম সদ্বস্তুটি। সেয়ে সত্য, সেয়ে আত্মা। হে শ্বেতকেতু, সেয়ে তুমি।
কিন্তু শ্বেতকেতু, তুমি নুবুজা যে তুমিয়েই সেই আত্মা। আগতে বৰ্তমান থাকিলেও পদাৰ্থ প্ৰত্যক্ষীভূত নহ’ব পাৰে; কিন্তু প্ৰকাৰান্তৰে বুজিব পাৰি যে সেই পদাৰ্থ আছে।
তুমি এতিয়া যোৱা। শুবৰ সময়ত এটুকুৰা ডুখৰীয়া লোণ এচৰিয়া পানীত পেলাই থ’বা”।
পাছদিনা পুৱা চৰিয়া লৈ শ্বেতকেতু উপস্থিত হ’লহি।
ঋষিয়ে ক’লে, “কালি ৰাতি তিয়াই থোৱা লোণডোখৰ চাওঁ”।
শ্বেতকেতুৱে চৰিয়াৰ পানীত হাত সুমুৱালে; লোণ নাপালে।
ঋষিয়ে তেতিয়া হাঁহি হাঁহি ক’লে, “লোণ তাতে আছে। তুমি দেখা নাই আৰু স্পৰ্শ কৰিব পৰা নাই”।
“চোৱা শ্বেতকেতু, চক্ষু আৰু স্পৰ্শেন্দ্ৰিয়ৰ দ্বাৰা গ্ৰাহ্য নহ’লেও এই লোণৰ অস্তিত্ব অন্য ইন্দ্ৰিয়ৰ দ্বাৰা জানিব পাৰি। জিভাৰে চাকি চালে বুজিব পাৰি যে সেই লোণ অদৃশ্যভাৱে চৰিয়াৰ পানীতে আছে। সেইদৰেই বুজিবা যে তোমাৰ আত্মা ইন্দ্ৰিয়গ্ৰাহ্য নহ’লেও প্ৰকাৰন্তৰে অৱলম্বন কৰিলে তাৰ সাক্ষাৎ লাভ কৰিব পাৰি।
এইখিনি কথা শুনি শ্বেতকেতুৱে অতি আগ্ৰহেৰে সুধিলে, “কি উপায়ৰে পাৰোঁ, দয়া কৰি মোক বুজাই দিয়ক”।
শ্বেতকেতুৰ আগ্ৰহ দেখি ঋষি অত্যন্ত প্ৰীত হৈ ক’লে, “শুনা মোৰ বোপাই, গান্ধাৰ দেশৰ পৰা যেন এজন মানুহক ডকাইতে হাত-ভৰি বান্ধি, চকুত কাপোৰ মেৰাই, দাঙি লৈ গৈ, এখন মহাৰণ্যত মেলি দিলে। সেই দিগভ্ৰান্ত অসহায় মানুহজনৰ কি গতি হয়? কোনো দয়াৰ্দ্ৰ মানুহে চকুৰ বান্ধ খুলি, তেওঁক গান্ধাৰ দেশৰ বাটটো দেখুৱাই নিদিলে, তেওঁৰ আৰু উপায় নাই। ঠিক সেইদৰেই সংসাৰী মানুহৰ চকুও মোহ-বস্ত্ৰাবৃত। তেওঁক নিজৰ শুভাশুভ কৰ্ম-তস্কৰে এই দেহ-ৰূপ মহাৰণ্যত সুমুৱালে। তেওঁৰ চকু বন্ধা, হাত-ভৰি বন্ধা। পুণ্যৰ প্ৰভাৱত যদি কেতিয়াবা কোনো কাৰুণিক ব্ৰহ্মতত্ত্বজ্ঞ মহাপুৰুষে দয়া কৰি, বিষয়-বাসনাৰ দোষ দেখুৱাই, তেওঁৰ বান্ধ খুলি দিয়ে, তেতিয়াহে তেওঁৰ মুক্তি হ’ব পাৰে। তেতিয়াহে তেওঁ আত্মাক দেখিব পাৰে।”
এই উপাখ্যানত বেদান্ত দৰ্শনৰ ভাবধাৰা স্পষ্ট। অথচ ইয়াৰ ওপৰত ভিত্তি কৰিয়েই ভাৰতীয় দৰ্শনৰ সন্দৰ্ভত গভীৰ অধ্যয়ন কৰা দেৱীপ্ৰসাদ চট্টোপাধ্যায়ে উদ্দালক আৰুণিক পৃথিৱীৰ প্ৰথম বিজ্ঞানী বুলি দাবী কৰিছে। ইয়াৰ কাৰণ আমি পিচলৈ আলোচনা কৰিছোঁ। প্ৰথমে উপনিষদ্ আৰু উদ্দালক আৰুণি সম্বন্ধে কিছু আলোচনা কৰা হ’ব।