বিজ্ঞান শিক্ষা সমস্যাৰ উৎস সন্ধানত -(পূৰৱী দেৱী)
নিজস্ব অভিজ্ঞতাৰে আৰম্ভ কৰিছোঁ এই প্রবন্ধ। একাদশ মানৰ এগৰাকী ছাত্ৰী পঢ়িবলৈ আহিল মােৰ ওচৰলৈ।
“বাইদেউ, মােক অলপ দেখুৱাই দিবনে?”
“দিম, তুমি ৰসায়ন বিজ্ঞানৰ কোনটো অধ্যায়নাে টান পাইছা ?”
“মই সকলােবােৰ অধ্যায়কে পাৰোঁ। মাত্র অংকবােৰহে কৰিব নােৱাৰোঁ।”
ৰসায়ন বিজ্ঞানৰ কিতাপখনৰ পাত লুটিয়াবলৈ আৰম্ভ কৰিলোঁ। লগে লগে এই পাতখিলা চকুত পৰিল। সাধাৰণ পৰীক্ষাগাৰ প্রণালী। পাতন, অধঃপতন, স্ফটিকীকৰণ ইত্যাদি।
মই ক’লাে, “এইটো অধ্যায়ত অংক নাই। তুমি এই অধ্যায়টো বুজি পাইছানে?
“হয়, এইবােৰ পাৰিম।”
“কোৱাচোন পাতন কাক বােলে?”
“নির্দিষ্ট তাপ আৰু চাপত এটা জুলীয়া পদার্থ উতলাই বাষ্পলৈ পৰিণত কৰি তাক পুনৰ শীতলীকৰণ কৰি জুলীয়া অৱস্থালৈ অনা প্রণালীকে পাতন বােলে।”
দেখিলোঁ ছাত্রীগৰাকীয়ে কিতাপৰ শাৰী তপৰাই মুখস্থ মাতিব পাৰে।
এইবাৰ সুধিলোঁ, “বাৰু কোৱাচোন নির্দিষ্ট চাপ আৰু তাপৰ কিয় প্রয়ােজন? মই যদি চাপ বঢ়াই বা কমাই দিওঁ তেতিয়া কি হ’ব?”
বহু সময় ধৰি ছাত্রী নিমাত। বাৰে বাৰে সােধাৰ পাছত দেখিলোঁ এইবাৰ বাক্য বর্ষণ নহয়, অশ্রু বর্ষণ। মই অবাক। এইগৰাকী ছাত্রী মােৰ ওচৰলৈ দুনাই আৰু পঢ়িবলৈ নাহিল। ঘটনাটো সাধাৰণ যদিও তুচ্ছ নহয়। এগৰাকী কিশোৰীৰ নিজৰ আত্মবিশ্বাস ধ্বংস হােৱাৰ গভীৰ বেদনাৰ প্রকাশ এই তপত চকুলাে। মনটো ভাৰাক্ৰান্ত হৈ পৰিল। কিয় আমাৰ শিক্ষা জগতৰ বিশেষকৈ বিজ্ঞান শিক্ষাৰ এই দীনতা? বিজ্ঞানৰ নামত আমাৰ ছাত্ৰ-ছাত্ৰীয়ে কিছুমান কিতাপৰ শাৰী মুখস্থ কৰিছে আৰু পৰীক্ষাত তাকে উদ্গীৰণ কৰিছে। ডিগ্রী লাভ কৰিছে আৰু তেনে ডিগ্রীধাৰী লােকে শিক্ষকতাও কৰিছে। মাথোঁ এয়ে নহয়। এই শিক্ষা ব্যৱস্থাৰে শিক্ষিত হৈ এনে এচাম ডাক্তৰৰ সৃষ্টি হৈছে যি মৃত্যুপথযাত্রী ৰােগীৰ ওপৰতাে ডকাইতি কৰিবলৈ কুণ্ঠাবোধ নকৰে। এনে অভিযন্তা আমাৰ সমাজৰ গণ্যমান্য ব্যক্তি যিজনে মথাউৰি বান্ধিবলৈ দিয়া চৰকাৰী টকাৰে নিজৰ দুমহলীয়া ঘৰ সাজে আৰু বানপীড়িত দুখীয়া ৰাইজৰ দুখ-দুর্গতিয়ে যাৰ বিবেকক কণমানাে দংশন নকৰে। মুঠ কথাত বিজ্ঞান শিক্ষাৰে শিক্ষিত হৈ বাস্তৱ-জ্ঞান বহির্ভূত, নীতি-নৈতিকতা বিবর্জিত এনে এচাম বিজ্ঞানীৰ জন্ম হৈছে যিসকল অবৈজ্ঞানিক ধ্যান-ধাৰণাৰে পৰিপুষ্ট একো একোজন অবিজ্ঞানী। ইয়াৰ বাবে দায়ী কোন? কেৰােণ ক’ত?
শিক্ষক-শিক্ষয়িত্ৰীয়ে দোষ দিয়ে ছাত্র-ছাত্ৰীক আৰু অভিভাৱকক। দুজন শিক্ষকে প্রায়ে কথা পাতে কিযে ল’ৰা-ছােৱালী ক’ব নােৱাৰোঁ। অকণাে পঢ়া-শুনা নকৰে। মাক-বাপেকো সেয়ে। ল’ৰা-ছােৱালী জন্ম দিয়াৰ পাছতে সকলাে কৰ্তব্য শেষ।
আনহাতে, দুজন অভিভাৱকৰ কথােপকথন প্রায়ে এনেধৰণৰ “স্কুলতনাে কি পঢ়াই ক’ব নােৱাৰোঁ বুইছেনে, সকলাে ঘৰত শিকাব লাগে। আজিকালি মাষ্টৰবােৰৰ মাত্র প্রাইভেট টিউশ্বনৰহে ধান্দা।”
ওপৰে ওপৰে ভাবিলে এই সমস্যাৰ উৎস বিচাৰি উলিওৱা টান। কিন্তু অলপ দকৈ ভাবি চালেই দেখা যায় যে, দোষ মাথোঁ ব্যক্তিৰ নহয়, দোষ সমষ্টিৰ। কেৰােণ মাথোঁ ঘৰত নহয়। কেৰােণ সমাজত। তদুপৰি এই সমস্যা আজিৰ নহয়। তাৰ প্রমাণ হ’ল আচার্য প্রফুল্ল চন্দ্ৰ ৰায়ে ১৯১৮ চনত (বঙালী ১৩২৫ চনত)। লিখা এটা প্রবন্ধ। প্ৰবন্ধটোৰ নাম ‘অধ্যয়ন আৰু জ্ঞান লাভ’। তাৰে দুশাৰীমানৰ উদ্ধৃতি দিছোঁ—“সকলাে সময়তে ফাঁকি দি পৰীক্ষাৰ কাষ চাপিলেই টপাটপ মুখস্থ আৰু উদৰস্থ কৰাৰ প্রয়াস। তাৰ পাছত পৰীক্ষা মন্দিৰলৈ গৈ একেবাৰে বমি। পৰীক্ষাৰ পিছতেই সৰস্বতীৰ লগত ‘চালাম আলেকম’, সকলাে সম্বন্ধ লােপ”।
গতিকেই বুজা যায় এই সমস্যাৰে বহুদিনৰ আগৰে পৰা আমাৰ সমাজ জৰ্জৰিত। ব্রিটিছে ভাৰতত যি শিক্ষা পদ্ধতিৰ প্রচলন কৰিছিল তাৰ প্রধান উদ্দেশ্য শিক্ষিত চিন্তাশীল লােকৰ সৃষ্টি কৰা নাছিল। উদ্দেশ্য আছিল নামত ভাৰতীয় কিন্তু ভাব-ভংগীত আৰু ব্যৱহাৰত ইউৰােপীয় এদল ব্রিটিছ ভক্তৰ সৃষ্টি কৰা যিসকলে শাসনকর্তাসকলৰ কাম সুকলমে পৰিচালনা কৰিব পাৰে। ঠিক সেইদৰে ব্রিটিছে ভাৰতত বিজ্ঞান শিক্ষাৰ প্ৰচলনৰ উদ্দেশ্য আছিল বিজ্ঞানৰ অ-আ, ক-খ জনা মেকানিক সৃষ্টি কৰা। একোজন বিজ্ঞানী সৃষ্টি কৰা নহয়। এই কেইষাৰ কথাৰ সত্য-সত্যতা প্রমাণ কৰিবলৈ বহু তথ্য দাঙি ধৰিব পাৰি। কিন্তু সেইবােৰ তথ্য ঘাটিবলৈ যােৱা এই ক্ষুদ্র পৰিসৰত সম্ভৱ নহয়। মাথোঁ ইয়াকে ক’ব পাৰি যে, বহু সংস্কাৰৰ পাছতাে ইয়াৰ বৰ বিশেষ সাল-সলনি নহ’ল আৰু এই পদ্ধতি সম্পূর্ণৰূপে অবৈজ্ঞানিক। এই কথা প্রমাণ কৰিবলৈ বৰ বেছি দূৰলৈ যাব নেলাগে। দুখন পাঠ্যপুথিৰ তুলনা কৰিলেই হ’ল। এখন আমাৰ স্কুলীয়া পাঠ্যপুথি আৰু আনখন ইংলেণ্ডৰ স্কুলীয়া পাঠ্যপুথি।
আমাৰ অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যপুথিখন আৰম্ভ কৰা হৈছে ৰসায়ন বিজ্ঞানেৰে। এটা সৰু পৰীক্ষাৰে প্রমাণ কৰা হৈছে যে, লােহাত মামৰে ধৰা প্রণালীটো এটা ৰাসায়নিক ক্রিয়া আৰু ইয়াৰ বাবে পানী আৰু বায়ুৰ প্রয়ােজন। কিতাপখন পঢ়িলে এনে অনুমান হয় যেন মামৰে ধৰা প্রণালীটো এটা ৰাসায়নিক ক্রিয়া বুলি জানিলেই যথেষ্ট।
আনহাতে, ইংলেণ্ডৰ কিতাপখন মন কৰক। আৰম্ভ কৰা হৈছে এনে ধৰণে— Why? How far? and how fast?
আমাৰ চাৰিওফালে বহুতো ৰাসায়নিক ক্রিয়া সংঘটিত হয়। কিয় হয়? প্রথম প্রশ্ন। ৰাসায়নিক ক্রিয়া এটা কিমান খৰকৈ আৰু কিমান দূৰ পর্যন্ত সংঘটিত হ’ব সেইটো নির্ণয় কৰা কাৰকবোৰ কি কি? তাৰ পাছত কিতাপখনত পৰমাণুৰ গঠন আৰু তাপ গতি বিজ্ঞানৰ সূত্ৰসমূহ অতি সহজ ভাষাৰে আলােচনা কৰা হৈছে। কিতাপখনৰ প্রতিখিলা পৃষ্ঠায়েই পাছৰখিলা পৃষ্ঠা পঢ়িবলৈ উৎসাহিত কৰিব পাৰে। এই কিতাপখনে ছাত্র-ছাত্রীক চিন্তা কৰিবলৈ শিকাব পাৰে আৰু প্ৰকৃতিৰ বিপুল ৰহস্য উদঘাটন কৰিবলৈ উৎসাহ দিয়ে। এইখিনিতেই আমাৰ শিক্ষা পদ্ধতিৰ লগত আন উন্নত দেশৰ শিক্ষা পদ্ধতিৰ পার্থক্য। আমি পঢ়োঁ ঠিকেই, পঢ়াইছোঁ নিষ্ঠাৰেই। কিন্তু আমি চিন্তা নকৰোঁ। আমি চিন্তা কৰিবলৈ নিশিকাওঁ।
আমাৰ চৰকাৰাে শিক্ষা জগতৰ উন্নতিৰ বাবে বৰ আগ্রহী নহয়। প্ৰতিৰক্ষাৰ নামত সামৰিক অস্ত্রশস্ত্র ক্রয় আৰু নির্মাণ কৰিবলৈ যি পৰিমাণৰ অর্থ ব্যয় কৰা হয় তাৰ দহ ভাগৰ এভাগো শিক্ষা জগতৰ উন্নতিৰ বাবে ব্যয় কৰা নহয়। ইয়াৰ প্রমাণ দিবলৈকো বহু তথ্য দাঙি ধৰিব পাৰি। কিন্তু ইমান দূৰলৈ যােৱাৰ কোনো প্রয়ােজন নাই। শিক্ষা জগতৰ এখন দুখ লগা প্রতিচ্ছবি তলৰ বাতৰিটোত প্রকাশ পাইছে-
“ভাৰতৰ প্রায় এক কোটিৰাে প্রাথমিক স্কুলৰ শিশুৱে মুকলি ঠাইত, ভগা পঁজাত নাইবা তম্বুৰ তলত শিক্ষা লাভ কৰে। অলপতে এটা চৰকাৰী সমীক্ষাত এই কথা প্রকাশ পাইছে। প্রায় দুই লাখ পঢ়াশালিৰ বেৰ-চাল নাই। কোনাে ব্লেকব’ৰ্ড বা কিতাপ নােহােৱাকৈ কিছুমান পঢ়াশালিত শিশুসকলক শিক্ষা দিয়া হয়।” (টাইমছ্ অব্ ইণ্ডিয়া-১০ নৱেম্বৰ, ১৯৮২ চন)
বহুতে ক’ব খােজে যে বিজ্ঞান শিক্ষা দানৰ বাবে অতি সুপৰিকল্পিত গৱেষণাগাৰৰ প্ৰয়ােজন নাই। আমাৰ চাৰিওফালৰ পৃথিৱীখনেই এটা বৃহৎ গৱেষণাগাৰ। কথাষাৰ সত্য। সৰু সৰু পৰীক্ষাৰে বিজ্ঞানৰ একো একোটা সূত্ৰ সুন্দৰকৈ ব্যাখ্যা কৰিব পাৰি। বিদ্যুৎ চুম্বকৰ বিভিন্ন সূত্ৰবােৰ ব্যাখ্যা কৰিবৰ বাবে এটা লােহাৰ গজাল, এটুকুৰা চুম্বক আৰু কেইটামান বেটেৰীয়েই যথেষ্ট। কিন্তু দেখা যায় যে, শিক্ষাদান আৰু শিক্ষা গ্রহণৰ বাবে যি আগ্রহ, ধৈর্য, একাগ্রতা আৰু নিষ্ঠাৰ প্রয়ােজন তাৰ কোনাে এটায়েই আমাৰ বেছিভাগ ছাত্র আৰু শিক্ষকৰ নাই। ইয়াৰো বাস্তৱসন্মত কাৰণ নােহােৱা নহয়। এনে শিক্ষয়িত্ৰীক লগ পাইছোঁ যি ঘৰত ছমহীয়া নৰীয়া শিশুক এৰি থৈ শিক্ষা দিবলৈ আহিছে। কাৰণ ‘কেজুৱেল লিভ’ নাই। এনে ছাত্ৰক লগ পাইছোঁ যি উচ্চ শিক্ষাৰ বাবে মাটি বাৰী বন্ধকত দিব লগা হৈছে। এই দুয়াে ক্ষেত্ৰতে শিক্ষা দান আৰু শিক্ষা লাভৰ মানসিকতা আশা কৰিব নোৱাৰি। জীয়াই থকাৰ ন্যূনতম সা-সুবিধাৰ পৰা বঞ্চিত হৈছে সাধাৰণ মধ্যবিত্ত পৰিয়াল। শিক্ষা-দীক্ষাৰ অভাৱ, চিকিৎসাৰ অভাৱ, ভৱিষ্যত নিৰাপত্তাৰ অভাৱ, মুঠ কথাত এক ভয়ংকৰ অৱস্থাই জীৱনক গ্রাস কৰি জীৱনক কৰি পেলাইছে পংগু আৰু দুর্বিসহ। এনেক্ষেত্ৰত জ্ঞান দান বা জ্ঞান সংগ্ৰহৰ আনন্দই বা ক’ত? অন্ন, বস্ত্র আৰু বাসস্থানৰ অভাৱত মানুহে পশুতকৈয়াে অধম জীৱন যাপন কৰা আমি অহৰহ দেখিবলৈ পাইছোঁ। অনবৰতে মানুহৰ মনত ভয়, ‘যদি পথৰ ভিক্ষাৰী হ’বলগা হয়, মই নহ’ব পাৰোঁ, কিন্তু কোনে জানে মােৰ লৰা-ছােৱালীৰ ভাগ্যত কি আছে?’
আমি এবাৰাে চিন্তা নকৰোঁ কিয় আমাৰ দেশত মানুহ পথৰ ভিক্ষাৰী হ’বলগা হয়? উৎপাদন হ্রাস হােৱাৰ ফলত? জনসংখ্যা বৃদ্ধিৰ বাবে ? দেশত খেতি আৰু বাসােপযােগী মাটিৰ অভাৱ? তথ্য ঘাটিলে দেখা যায় ইয়াৰ এটাও সঁচা হয়। ১৯৭৫ চনত জৰুৰীকালীন অৱস্থা ঘােষণাৰ আগে আগে আমি প্রয়ােজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত ধর্মঘট কৰিছিলোঁ। অথচ ১৯৭৫-৭৬ চনত খাদ্য উৎপাদন হৈছিল ১ কোটি ২০ লাখ টনৰাে অধিক আৰু ই আছিল এটা ৰেকর্ড। অর্থ মন্ত্রীয়ে বাজেট বক্তৃতাত আক্ষেপ কৰি কৈছিল যে আমাৰ অর্থনীতিয়ে ১২০ মিলিয়ন টন খাদ্য শস্যৰ সুফল গ্রহণ কৰিব নােৱাৰিলে। ১৯৭৫-৭৭ চনত বস্ত্ৰৰ উৎপাদন হ্রাস হৈছিল সঁচা, কিন্তু ইমান বেছি কাপােৰ গুদামত জমা হৈছিল যে অর্থনীতিবিদসকলৰ বাবে ই এক উদ্বেগৰ কাৰণ হৈছিল। এইবাৰ আমাৰ বাসস্থানৰ ফালে মন কৰক। চৰকাৰী ৰিপৰ্ট অনুসৰিয়েই যিসকল লােক বস্তি অঞ্চলত বাস কৰে তেওঁলােকক এটাকৈ ঘৰ দিলেও বহু মাটি খালী পৰি থাকিব। এই বক্তব্য হৈছে বম্বেৰ দৰে এখন জনবহুল নগৰীৰ পৰিপ্ৰেক্ষিতত। ভাৰতৰ আন ঠাইৰ কথা ক’বই নেলাগে। প্রকৃততে ভাৰতীয় মানুহৰ ভাগত পৰা মাটিৰ পৰিমাণ হ’ল ০.২৭ হেক্টৰ। অর্থাৎ খাদ্য শস্য বা মাটিৰ অভাৱ নহয়, অভাৱ হৈছে আমাৰ ক্রয় ক্ষমতাৰ। সাধাৰণ মানুহ দুখীয়াৰ পৰা দুখীয়া হৈছে আৰু ধনী হৈছে অধিক ধনী। ১৯৭২ চনত টাটাৰ সম্পত্তিৰ পৰিমাণ আছিল ৬০৬.১৩ কোটি, ১৯৭৫ চনত হৈছে ৯০৯.৬৮ কোটি। সেইদৰে সিন্ধিয়াৰ আছিল ১০৭.১৩ কোটি, হৈছে ১৮৫.০৫ কোটি। এইদৰে আৰু বহু হিচাপ দিব পাৰি। অর্থাৎ আমাৰ জনসংখ্যা বৃদ্ধি বা উৎপাদন হ্ৰাসৰ সমস্যাতকৈয়াে ডাঙৰ সমস্যা হ’ল অসম বণ্টনৰ সমস্যা। দেশৰ সম্পত্তি সমভাৱে বণ্টন হােৱাহেঁতেন আমি ‘হা ভাত, হা কাপােৰকৈ’ হাবাথুৰি খাব লগা নহ’লহেঁতেন। কিন্তু ইমান দূৰলৈকে আমি চিন্তা কৰিব নােৱাৰোঁ। আমাৰ শিক্ষা ব্যৱস্থাই আমাক চিন্তা কৰিবলৈ নিশিকায়। মধ্যযুগীয় চিন্তা-চৰ্চাতাে আছেই তাৰ ওপৰতে উৰি আহি জুৰি বহিছেহি আধুনিক সমাজৰ ‘উপহাৰ’ অশ্লীল চিনেমা আৰু গীত-মাত। এনে সমাজত বৈজ্ঞানিক দৃষ্টিভংগী গঢ়ি উঠা বা তােলা সহজ নহয়। সকলাে মিলি আমাৰ ৰুচি হৈছে বিকৃত, মানসিকতা হৈছে যুক্তিবিমুখী আৰু চিন্তা শক্তি হৈছে ভােটা। সেয়েহে সমষ্টিগতভাৱে আমি অন্ন-বস্ত্র-বাসস্থানৰ সমস্যা সমাধান কৰাৰ উপায় চিন্তা কৰিব নােৱাৰোঁ। ব্যক্তিগতভাৱে এই সমস্যা সমাধান কৰাৰ উপায় মাত্র এটা। যেনতেন প্ৰকাৰেণে অর্থ সংগ্রহ আৰু সঞ্চয় কৰি ভৱিষ্যত নিৰাপত্তা অর্জন কৰা আৰু তাকে কৰিবলৈ গৈ আমি বিবেক বুদ্ধি সকলাে বিসর্জন দিছোঁ। সেয়েহে আমাৰ কথায়ে কামে প্রকাশ পাইছে চিন্তাৰ দীনতা। এই দীনতা আৰু অধিক প্ৰকট হৈ প্রকাশ পাইছে শিক্ষা জগতত, ছাত্র-ছাত্রী আৰু শিক্ষক মহলৰ মাজত।
বহুতে ক’ব আমাৰ সমাজত এনে লােকো আছে যিসকলৰ আর্থিক অৱস্থা স্বচ্ছল। তেওঁলােকৰ মানসিকতা জ্ঞানমুখী নহয় কিয় ? কাৰণ আমাৰ সমাজত শ্ৰমতকৈ ধনৰ মূল্য বেছি। সমষ্টি স্বার্থতকৈ ব্যক্তিস্বার্থৰ প্রাধান্য বেছি। এটা সাধাৰণ উদাহৰণ দিলে বােধকৰোঁ ভাল হ’ব। যিজন ভাৰতীয়ই প্রথম ভাৰতীয় আখৰ ছপা কৰি উলিয়াইছিল আৰু যিজন ভাৰতীয় প্রথম ভাৰতীয় আখৰৰ ‘টাইপ-ফাউণ্ডি’ আছিল তেওঁলােকে নিশ্চয় ভাৰতলৈ বিপ্লৱৰ বীজ কঢ়িয়াই আনিছিল। সেই বিপ্লৱ ৰাষ্ট্র-বিপ্লৱ নহ’ব পাৰে, কিন্তু সেয়া ‘ভাৱ-বিপ্লৱ’, শিক্ষা জগতৰ ‘শিক্ষা-বিপ্লৱ’। কাৰণ তেওঁলােকেই প্রথম ৰাজ-দৰবাৰ আৰু পণ্ডিত মহলৰ কাৰাগাৰৰ পৰা কিতাপক মুক্ত কৰি আনি জনসাধাৰণৰ মাজত বিলাই দিছিল। তেওঁলােক আছিল যথাক্ৰমে গংগা কিশােৰ ভট্টাচার্য আৰু পঞ্চানন কর্মকাৰ। আমাৰ শিক্ষাজগতৰ কেইজনে তেওঁলােকৰ নাম জানে?নাজানে। কাৰণ অৰ্থৰ বলেৰে তেওঁলােক বলীয়ান নাছিল। সেয়েহে সমাজত তেওঁলােকৰ নাম নাছিল। ‘সৰু সৰু’ মানুহৰ শ্ৰম আৰু ত্যাগে আমাৰ সমাজ জীয়াই ৰাখিছে। কেৱল জীয়াই ৰখায়েই নহয়, তেওঁলােকে বান্ধি দিয়া আলিৰ ওপৰত ঘূৰিছে আমাৰ প্ৰগতিৰ ৰথৰ চকৰি। কিন্তু আমি তেওঁলােকক কেতিয়াও স্বীকৃতি নিদিওঁ। জীৱনৰ মানদণ্ড আমি জোখোঁ ধনেৰে। জ্ঞান, শ্রম বা কর্মেৰে নহয়। তদুপৰি ধনেৰে সকলাে কিনিব পাৰি৷ শ্ৰমিকৰ শ্ৰমক, শিল্পীৰ শিল্পক, বৈজ্ঞানিকৰ মগজুক অনায়াসে কিনিব পাৰি ধনেৰে। আৰু আছে ধনেৰে ধন কিনাৰ নিচা। সমাজে আমাক ধনৰ পাছত দৌৰি ফুৰাৰ প্রেৰণা যােগাইছে, জ্ঞানৰ পাছত নহয়। সেয়েহে জ্ঞান-দান আৰু জ্ঞান অর্জনৰ বিমল আনন্দ অনুভূতিৰ পৰা আমি বঞ্চিত। আমাৰ মাজতাে ব্যতিক্রম আছে। কিয় আছে তাৰাে কাৰণ আছে। ই আমাৰ আলােচ্য বিষয় নহয়। আমি সংখ্যা গৰিষ্ঠৰ কথাহে আলােচনা কৰিছোঁ।
সেয়েহে দেখা যায় যে বর্তমান শিক্ষা জগতৰ সমাধানৰ বাবে আৱশ্যক অর্থনৈতিক ব্যৱস্থাৰ আমূল পৰিৱৰ্তন। কেৱল শিক্ষা জগতৰ সংস্কাৰ সাধিবলৈ গ’লে এই সমস্যা সমাধান নহয়। যদি হ’লহেঁতেন তেন্তে যি সমস্যাক কেন্দ্ৰ কৰি আচার্য প্রফুল্ল চন্দ্ৰ ৰায়ে লিখনি হাতত তুলি লৈছিল সেই একেই সমস্যাক কেন্দ্র কৰি আজি আমিও লিখনি হাতত তুলি ল’বলগা নহ’লহেঁতেন। কাৰণ ইতিমধ্যে বহু ‘কোঠাৰী আয়ােগ’ গঠন হৈছে, বহু পৰীক্ষা-নিৰীক্ষা চলিছে। কিন্তু ফলাফলৰ ঘৰত সকলাে শূন্য। সমাজৰ অর্থনৈতিক সমস্যাৰ সমাধান নকৰাকৈ শিক্ষা জগতৰ সমস্যা সমাধান কৰিবলৈ যােৱাটো কেৱল অসম্ভৱেই নহয়, অবাস্তৱ।
যি সমাজত ধনতকৈ শ্রম, জ্ঞান আৰু কৰ্মৰ মূল্য অধিক হ’ব আৰু ব্যক্তি স্বার্থতকৈ সমষ্টি স্বার্থৰ প্রাধান্য বেছি হ’ব সেই সমাজত নিশ্চয় প্রকৃত শিক্ষাৰ অভাৱ নহ’ব। সেই সমাজত শিক্ষকে ভাবিব ‘দেশৰ ভৱিষ্যত এই ছাত্র-ছাত্রীসকল আৰু দেশৰ ভৱিষ্যত গঢ় দিয়াৰ দায়িত্ব মােৰ ওপৰত’। ছাত্র-ছাত্রীয়ে ক’ব ‘ভৱিষ্যতে দেশৰ গধুৰ বােজা বহন কৰিব লাগিব। এইয়া প্রস্তুতিৰ সময়’। ই আমাৰ বাবে স্বপ্ন বিলাসীৰ স্বপ্ন হ’ব পাৰে, কিন্তু আমাৰ দৃঢ় বিশ্বাস ভৱিষ্যতে ইয়েই হ’ব বাস্তৱ।
আমাৰ বর্তমান সমাজক এনে এখন সুন্দৰ সমাজলৈ ৰূপান্তৰ কৰা সহজ নহয়। ইয়াৰ বাবে অশেষ ত্যাগৰ প্রয়ােজন। কাৰণ ইতিহাসে আমাক কয়—
“এই সমাজ পৰিৱৰ্তন কৰি এখন সুন্দৰ সমাজ যদি তুমি গঢ়িব খুজিছাঁ, তেন্তে জীৱন আহুতি দি হ’লেও তুমি বিচাৰিব লাগিব জীৱনৰ স্বাধীনতা আৰু মাত মতাৰ অধিকাৰ।”