কেন্দ্ৰীয় নিবন্ধ

প্ৰপাগাণ্ডা আৰু ফিল্ম-প্ৰপাগাণ্ডা (দেৱজিৎ নাথ)

প্ৰপাগাণ্ডা (Propaganda) শব্দটোৰ সঠিক অসমীয়া প্ৰতিশব্দ বিচাৰি দুখন Anglo-Assamese অভিধান খুলি দেখিলোঁ, দুয়োখনতেই তাৰ অৰ্থ দিছে ‘উদ্দেশ্যধৰ্মী প্ৰচাৰ’ বুলি। জ্যোতি দ্বিভাষিকত লগতে ‘প্ৰচাৰ’ আৰু ‘প্ৰজ্ঞাপন’ এই দুটাও দিছে।

ইংৰাজী দুখনতো চাই ল’লোঁ। Oxford Advanced Learner’s Dictionary-ত এই বুলি দিছে, ‘Ideas or statements that may be false or exaggerated and that are used in order to gain support for a political party etc.”। Webster’s-ত আছে এইদৰে, ‘Any systematic, widespread, deliberate indoctrination or plan for such indoctrination: now often used in a derogatory sense counting deception or distortion’।

ইংগ-অসমীয়া দুখনত প্ৰপাগাণ্ডাক ‘উদ্দেশ্যধৰ্মী প্ৰচাৰ’ বুলি ইয়াৰ ব্যৱহাৰ-ব্যতিৰেক অৱস্থান এটা দিয়া আছে। অৰ্থাৎ প্ৰপাগাণ্ডাৰ উদ্দেশ্য ভালো হ’ব পাৰে। Oxford-ৰখনেও কিছুদূৰ তেনেকুৱাই এটা অৰ্থ দিছে- ‘may be false or exaggerated’; অৰ্থাৎ false বা exaggerated নহ’ব‌ও পাৰে। Webster-ত অৱশ্যে ইয়াৰ নঞৰ্থক অৰ্থটোতহে জোৰ দিছে।

প্ৰপাগাণ্ডা বুলিলেই অৱধাৰিত অনুসংগ হৈ আহে হিটলাৰ, গোৱেব্বেলছ, নাজী আদি প্ৰসংগ। হিটলাৰেতো Ministry of Public Enlightenment and Propaganda বুলি এটা দপ্তৰেই খুলি গোৱেব্বেলছক তাৰ দায়িত্ব দিছিল। নাজীবাহিনীৰ প্ৰপাগাণ্ডা আছিল বিভিন্ন অপপ্ৰচাৰ, বদনাম ৰটনাৰে ইহুদী জাতিক কুখ্যাত আৰু জাৰ্মান জাতিৰ শত্ৰু বুলি প্ৰতিপন্ন কৰা। অৱশ্যে এই প্ৰপাগাণ্ডাৰ অইন লক্ষ্য আছিল কম্যুনিষ্ট, গণতন্ত্ৰী আদিও!

প্ৰপাগাণ্ডা কিদৰে নিৰ্মাণ কৰিব লাগে, সাধাৰণ জনতাৰ মানসিক সজ্জাটো কেনেকুৱা ধৰণৰ আৰু তাৰ কোনকেইডাল তন্ত্ৰীত আঘাত কৰিব লাগিব, এই বিষয়ত হিটলাৰৰ অতি সুস্পষ্ট ধাৰণা আছিল আৰু এই বিষয়ে বিস্তৃতভাৱে লিখি নিজৰ অনুগামী-সহযোগীসকলক পৰিচালিত কৰিছিল। প্ৰপাগাণ্ডাৰ ভাষা সাধাৰণ মানুহে বুজাকৈ সৰল হ’ব লাগিব, মানুহৰ অনুভূতিক চুব পৰা হ’ব লাগিব আৰু তেওঁলোকৰ কল্পনাৰ জগতখন পৰিচালিত কৰিব পাৰিব লাগিব। সৰ্বোপৰি, তেওঁ কৈছিল যে দেশৰ বেছিভাগ নাগৰিকৰে চৰিত্ৰ আৰু দৃষ্টিভংগী ইমানেই দুৰ্বল যে তেওঁলোকৰ চিন্তা-আচৰণ এক সুস্থ যুক্তিযুক্ততাতকৈ উপৰুৱা ভাবাৱেগৰ দ্বাৰাহে পৰিচালিত হয়। একেটা মিছাকে  পুনৰাবৃত্তিৰে সঁচা বুলি ধাৰণা দিয়াৰ নাজী-নীতি এক  খুল্লমখুল্লা  প্ৰপাগাণ্ডা।

এই প্ৰপাগাণ্ডাৰ গুৰি ধৰিছিল জজেফ গোৱেব্বেলছে। ‘Propaganda is a form of communication that aims to shape people’s belief and behaviour. It is typically not impartial and is used to promote a specific agenda or perspective which is often biased, misleading or even false.’

জনসংযোগৰ এক শক্তিশালী মাধ্যম চিনেমাকো নাজী শিৱিৰে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল। তেওঁলোকৰ কৰ্মসূচীৰ অংশ স্বৰূপেই Leni Riefenstahl-ৰ Triumph of the Will আদি ছবিৰ নিৰ্মাণ হৈছিল আৰু সেইবোৰ প্ৰদৰ্শনৰ বাবে জোৰদাৰ ব্যৱস্থা কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ দাবানলৰ মাজতো ফিল্ম-প্ৰপাগাণ্ডা গুৰুত্বসহকাৰে চলাই নিছিল। বিদ্যালয় আদি যি সময়ত বন্ধ হৈ গৈছিল, তেতিয়াও কিন্তু চিনেমা হলবিলাক খোলা ৰখা হৈছিল আৰু তাৰ নিৰাপত্তা নিশ্চিতিৰ বাবে মোতায়েন হৈছিল নিৰাপত্তা বাহিনী। প্ৰপাগাণ্ডা বিভাগৰ তৎপৰতাত ৩০০-খন ফিল্ম-ট্ৰাক আৰু দুখন ৰে’লেৰে প্ৰত্যন্ত অঞ্চলবোৰলৈ চলচ্চিত্ৰ প্ৰদৰ্শনৰ সা-সৰঞ্জাম কঢ়িয়াই নি সেই ছবিবোৰ দেখুওৱাৰ ব্যৱস্থা লৈছিল।

সিবোৰৰ উদ্দেশ্য‌ই আছিল নাজীবাহিনীৰ প্ৰপাগাণ্ডা প্ৰচাৰ কৰা। Leni Riefenstahl-এ দাবী কৰিছিল যে তেওঁৰ ছবিখনত দেখুওৱা সকলোখিনিয়েই সত্য, সেয়া ইতিহাসৰ সংকলনহে। কিন্তু তথ্যচিত্ৰৰ শৈলীত বনোৱা ছবিখনৰ প্ৰপাগাণ্ডা জিলিকি থাকিল এই কথাখিনিত- ‘a people that doesn’t protect its racial purity will perish.’

ক্ষমতাসীনসকলৰ পৃষ্ঠপোষকতাত ছবিখনে অযুত দৰ্শকৰ ওচৰ চাপিবলৈ সক্ষম হৈছিল। সেই বৰ্ষৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাবে পৰিগণিত হৈছিল সেইখন। এই ছবিখনৰ প্ৰতিক্ৰিয়া হিচাবে‌ই আমেৰিকাত নিৰ্মাণ হৈছিল Why We Fight শীৰ্ষক সাতটা খণ্ডৰ চিৰিজটো। Frank Capra-ৰ এই প্ৰপাগাণ্ডা চিৰিজটোৰ উদ্দেশ্য আছিল আমেৰিকান সৈনিকৰ মনোবল বৃদ্ধি কৰা। Capra-ই Triumph of the Will-ক ‘Ominous prelude of Hitler’s holocaust of hate’ বুলি অভিহিত কৰিছিল।

Triumph of Will সম্পৰ্কে Frank Capra-ৰ মন্তব্যৰ খিড়িকীয়েদি আমি চাব পাৰোঁ আমাৰ ইয়াত শেহতীয়াকৈ নিৰ্মিত আৰু চাঞ্চল্যৰ সৃষ্টি কৰা দুখনমান ছবিলৈ। The Kashmir Files, The Kerala Stories আদি ছবিৰ নিৰ্মাণ আৰু দৰ্শকৰ প্ৰতিক্ৰিয়া‌ই বায়ুমণ্ডল উত্তপ্ত  কৰিছিল। আনকি ছবিখন নোচোৱাসকলেও এই বিতৰ্কত সক্ৰিয় আৰু আক্ৰমণাত্মক হৈ অংশ লৈছিল। বিভিন্ন প্ৰভাৱশালী শিবিৰে যি ধৰণৰ পৃষ্ঠপোষকতা আগবঢ়ালে সিয়ে আমাক নাজী প্ৰপাগাণ্ডা ডিপাৰ্টমেণ্টৰ কথা মনত পেলাই দিয়ে। এক ‘জাতীয় দায়িত্ব’-ৰ দৰে দলে-বলে গৈ ছবিখন চালে আৰু প্ৰেক্ষাগৃহৰ ভিতৰ-বাহিৰ গুঞ্জৰিত হ’ল বিভিন্ন ধৰ্মীয়-ৰাজনৈতিক শ্লোগানেৰে। তেজ গৰম কৰা, বতাহ গৰম কৰা কাৰবাৰ এক। পৰিচালকে দাবী কৰিলে যে ই ফাইলৰ ভিতৰত থকা সঁচা ইতিহাস। এক নৃশংস মেলোড্ৰামাই সাধাৰণ দৰ্শকৰ ভাবাৱেগক পৰিচালিত কৰিলে। তাত যুক্তি-তথ্য বিচৰাৰ অৱকাশ নাই। এটা জনসমূদায়ক নৃশংস খলনায়কৰ ৰূপ দিয়া হ’ল। Triumph of the Will-ৰ দৰেই এই ছবিখনেও অভিলেখ ৰচি ব্যৱসায় কৰিলে। Leni Riefenstahl-ৰ দৰে এইখনৰ পৰিচালকেও দাবী কৰিলে যে ছবিখনত দেখুওৱা প্ৰতিটো ঘটনাই সত্য। যদি ধৰিও লোৱা হয় যে দেখুওৱা ঘটনাবোৰ সত্য, তেতিয়াও সেই ঘটনাৰ সমান্তৰালকৈ একেই কালিক আৰু স্থানিক পৰিসৰত ঘটা বহু প্ৰাসংগিক ঘটনা ছবিখনত উদ্দেশ্যপ্ৰণোদিতভাৱে সংযোজিত কৰা নহ’ল যাতে পৰিচালক-নিৰ্মাতাৰ উদ্দিষ্ট অতিৰঞ্জিত নেৰেটিভটোহে দৰ্শকৰ মাজলৈ যায়; আৰু এক অতি-প্ৰতিক্ৰিয়াশীল প্ৰপাগাণ্ডা তৈয়াৰ হয়। George Orwell-এ হয়তো এই বিবেচনাৰেই কৈছিল যে ‘All propaganda is a lie, even if it is telling the truth’.

উল্লেখ্য যে গোৱা আন্তৰ্জাতিক ফিল্ম ফেষ্টিভেলত ইজৰাইলী ছবি পৰিচালক Nadav Lapid-এ The Kashmir Files-খন চাই মন্তব্য কৰিছিল যে এইখন এক “Disguised propaganda as a movie”। নিজৰ ভাষণত তেওঁ দ্ব্যৰ্থহীন ভাষাৰে কৈছিল, “It felt to us like a propaganda and vulgar movie…..” আৰু এনেকুৱা এখন সন্মানজনক ছবি মহোৎসৱত এইধৰণৰ চিনেমা এখন প্ৰদৰ্শন কৰাটো সঠিক নহয়।

Nadav Lapid নিজে এজন ইহুদী যিয়ে হয়তো নাজী প্ৰপাগাণ্ডাৰ নৃশংসতম বলি এটা জাতিৰ ভয়ংকৰ স্মৃতিৰ এচোৱা কঢ়িয়াই ফুৰে। এইখিনিতে মনত পৰে Steven Spielberg-ৰ Schindler’s List নামৰ বিখ্যাত ছবিখনলৈ। ৬০ লাখ ইহুদীক গুলীয়াই, গেছ চেম্বাৰত সুমুৱাই হত্যা কৰা হিটলাৰৰ জাৰ্মেনীৰ সেই ঘৃণনীয় পটভূমিত নিৰ্মিত ছবিখনত কিন্তু জাৰ্মান জাতিক ভিলেইন সজোৱা হোৱা নাই। বৰং ছবিখনৰ মূল কাহিনীটো হৈছে এজন নাজীবাহিনীৰে সক্ৰিয় সদস্য ছিন্দলাৰৰ মানৱীয় ৰূপৰ উত্থানৰ কাহিনী। ৬০ লক্ষ ইহুদী হত্যাৰ বিপৰীতে ১০০০-জনৰ জীৱন ৰক্ষা সংখ্যাৰ হিচাপত হয়তো নধৰ্তব্য, কিন্তু যি মানৱীয় অনুভূতিয়ে ছিন্দলাৰক সেয়া কৰিবলৈ প্ৰৰোচিত কৰিলে আৰু উজ্জ্বল হীৰাৰ চ্ছটাৰ দৰে সি যিদৰে জিলিকি উঠিল, আৰু সেইটোৱেই এটা জাতিক সামগ্ৰিকভাৱে দুৰ্বৃত্তৰ কাঠগড়াত ঠিয় কৰোৱাৰ পৰা কিছু সকাহ দিলে। তেনেকুৱা আন এখন ছবি হ’ল Roman Polanski-ৰ The Pianist। ভাবি আচৰিত লাগে যে Spielberg আৰু Polanski দুয়োজনেই ইহুদী! আৰু গা শিয়ঁৰি উঠা কথা যে ছয় বছৰীয়া Polanski-এ নিজ চকুৰে দেখিছিল তেওঁৰ গৰ্ভৱতী মাকক গেছ চেম্বাৰলৈ লৈ যোৱা, তাত হত্যা কৰা। তাৰ পাছতো তেওঁলোকে জাৰ্মান-বিৰোধী ঘৃণা-উদ্ৰেকী প্ৰপাগাণ্ডা ফিল্ম কিয় নবনালে? সমগ্ৰ জাৰ্মান জাতিক ভিলেইন বনাবলৈ কিয় প্ৰৰোচিত নহ’ল Polanski ?

আৰু এখন ছবি আহিল ‘The Kerala Story’। এইখনতো ভিলেইন এক বিশেষ ধৰ্মীয় সম্প্ৰদায়। ছবিখনৰ প্ৰমোত জনসাধাৰণৰ মন-মগজুত শ্বক দিব পৰাকৈ প্ৰচাৰ কৰা হ’ল যে ৩২০০০ হিন্দু মহিলাক ব্ৰেইনৱাছ কৰি ধৰ্মান্তৰিত কৰাই নহয়, তেওঁলোকক ইছলামিক ষ্টেটৰ দৰে জঘন্য সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰাইছে। ই মুছলমানৰ এক পৰিকল্পিত নিৰন্তৰ ষড়যন্ত্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ সকলো চক্ৰান্ত কৰিলে ছবিখনে। ধৰ্ম, হিন্দু, মুছলমান, আল্লাহ, গড এইবিলাকৰ পাকঘূৰণিতে চৰিত্ৰসমূহ উদ্বাউল হৈ থাকিল। বিশেষকৈ ইছলাম কিমান বিপজ্জনক তাৰেই প্ৰপাগাণ্ডা। লগতে মাৰ্ক্স-লেনিন আদিকো এৰা নাই। পিছে ৩২০০০ হিন্দু মহিলাৰ ধৰ্মান্তৰণ আৰু ইছলামিক ষ্টেটত যোগদানৰ প্ৰসংগটো যেতিয়া আদালত পালেগৈ, পৰিচালকে সেই পৰিসংখ্যাটো অলপো লজ্জা বা অনুশোচনা নোহোৱাকৈ সাধাৰণভাৱেই গুচাই দিলে। ৩২০০০ মহিলাৰ ঠাইত আইছিছত যোগদান কৰা তেনে মহিলাৰ সংখ্যা চৰকাৰী তথ্যমতে হ’লগৈ ৩-গৰাকী মাত্ৰ। মানে চৰম ‘exaggeration’, ‘false’, ‘distortion’, ‘deceptive’ প্ৰপাগাণ্ডা!

কিন্তু একেটা প্ৰপাগাণ্ডা লৈ নিৰ্মাণ হোৱা The Kashmir Files আৰু The Kerala Story উদ্দিষ্ট লক্ষ্যত সফল। এটা সম্প্ৰদায়ক নৃশংস দুৰ্বৃত্ত, জেহাদী, বিপজ্জনক দেশদ্ৰোহী সজোৱাৰ  সাম্প্ৰতিক যি প্ৰচলিত বাগধাৰা সেইটোকেই দৃশ্য-শ্ৰব্য এক মাধ্যমেৰে দৰ্শকৰ মন-মগজুত আৰু মজবুতকৈ গুজি দিবলৈ সক্ষম হ’ল চিনেমাদুখন।

The Pianist আৰু Schindler’s List দুয়োখনতেই নাজীবাহিনীৰ বীভৎস হত্যালীলা, ধ্বংসলীলাৰ পৃষ্ঠভূমিত বিপৰ্যস্ত মানৱতাৰ শিলাময় ধৰা ভেদি যেন গজি উঠিছে মানৱতা আৰু জীৱনৰ গুল্ম। সেই গুল্ম‌ই বিধ্বস্ত মানৱতাৰ আঘাতত দিব পাৰে আৰাম। উৎকৃষ্ট কলা হিচাবে দুয়োখনেই বিশ্ব-বন্দিত।

বিপৰীতে, নিকৃষ্ট প্ৰপাগাণ্ডা হিচাবে The Kashmir Files আৰু The Kerala Story-ক এবাৰো কোনোবাই ক’ৰবাত শিল্প হিচাপে মূল্যায়ণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছেনে? সেই দিশটো যেন প্ৰাসংগিকেই নহয়!

নিবন্ধটি শেষ কৰিবলৈ লৈ মনলৈ অহা প্ৰশ্নটো হ’ল যে সকলো শিল্প-কলাই কি প্ৰত্যক্ষ বা প্ৰচ্ছন্নভাৱে প্ৰপাগাণ্ডা? শিল্প-কৰ্ম‌ই কিবা এটা ক’ব বিচাৰিব‌ই। সকলো মহৎ শিল্পকৰ্মৰে দৰ্শক বা পাঠকক কিবা ক’বলগীয়া থাকে বা জীৱনৰ বিপুল বৈচিত্ৰ্য, বৈভৱ, গ্লানি, গৌৰৱ আদিৰ একোটা দিশ উন্মোচিত কৰি জীৱনক গ্ৰহণ কৰাৰ বাটৰ সন্ধান দিব বিছাৰে। আৰু সেইটো কৰোঁতে নিশ্চয় পৰোক্ষভাৱে হ’লেও থাকে পাঠক-দৰ্শকক প্ৰভাৱিত কৰাৰ উদ্দেশ্য। সেয়া হয়তো প্ৰপাগাণ্ডা নহয়, বা জোৰকৈ কোনোবাই ‘উদ্দেশ্যধৰ্মী প্ৰচাৰ’ অৰ্থত প্ৰপাগাণ্ডা বুলিব‌ও পাৰে। এঠাইত পঢ়া মনত পৰে যে আনকি পৰ্ণগ্ৰাফিবোৰো প্ৰপাগাণ্ডা। এক নাৰী-বিদ্বেষী প্ৰপাগাণ্ডা, য’ত ‘male-supremacist attitude’ সংৰোপিত হৈ থাকে।

অৰ্থাৎ ‘সাধাৰণ প্ৰচাৰ’, ‘উদ্দেশ্যধৰ্মী প্ৰচাৰ’, ‘মিছা বা অতিৰঞ্জিত প্ৰচাৰ’, ‘ব্যাপক বিকৃতি আৰু শঠতাৰে প্ৰস্তুত কৰা ভয়ংকৰ অপপ্ৰচাৰ’- এনেকুৱা বিভিন্ন স্তৰৰ প্ৰপাগাণ্ডা এক শিল্প-কলা বা ছবি এখনত থাকিব পাৰে। কিন্তু জীৱন আৰু জগতৰ প্ৰতি কপটতা-শঠতাৰে কোনো মহান শিল্প সৃষ্টি সম্ভৱ নহয়। জৰ্জ অৰৱেলৰ কথাৰে সামৰণি মাৰিছোঁ, “সকলো শিল্পকৰ্ম‌ই প্ৰপাগাণ্ডা, কিন্তু সকলো প্ৰপাগাণ্ডা শিল্প নহয়” (All art is propaganda; on the other hand, not all propaganda is art)।

Print Friendly, PDF & Email

2 thoughts on “প্ৰপাগাণ্ডা আৰু ফিল্ম-প্ৰপাগাণ্ডা (দেৱজিৎ নাথ)

  • হৃষীকেশ বৰপূজাৰী

    প্ৰবন্ধটো পঢ়ি ভাল পালোঁ। প্ৰ’পাগাণ্ডামূলক চলচ্চিত্ৰৰ স্বৰূপ হিটলাৰী শাসনৰ সময়ত যিধৰণৰ আছিল, তাৰ অনুৰূপ প্ৰয়াস বৰ্তমান আমাৰ ইয়াতো চলি আছে। লেখনিটোৰ জৰিয়তে পাঠকে প্ৰ’পাগাণ্ডা চলচ্চিত্ৰসমূহক চিনাক্ত কৰিব পাৰিব। লেখনিটোত সন্নিৱিষ্ট এনেবোৰ ছবি সম্পৰ্কে বিভিন্ন চলচ্চিত্ৰচিন্তকৰ মতামতৰ পৰা বহু কথাই পাঠকৰ চিন্তাত স্পষ্ট হ’ব। শেষৰ পিনে যি উক্তিৰে লেখনিটো শেষ কৰা হ’ল– “সকলো শিল্পকৰ্মই প্ৰপাগাণ্ডা, কিন্তু সকলো প্ৰপাগাণ্ডাই শিল্পকৰ্ম নহয়।” এই উক্তিটোৰ শেষৰ চোৱা বুজিছোঁ। কিন্তু প্ৰপাগাণ্ডাৰ সংজ্ঞাৰ ভিত্তিত এয়া জানো ভাবিব পাৰি যে সকলো শিল্পকৰ্মই প্ৰপাগাণ্ডা?– এই বিষয়ে লেখকৰ পৰা বিস্তৃত আলোচনাৰে আন লেখাও আশা কৰিছোঁ। লেখনিটোৰ বাবে অশেষ ধন্যবাদ।

    Reply
    • Debajit Nath

      লেখাটি আগ্ৰহেৰে পঢ়া বাবে ধন্যবাদ, হৃষীকেশ।

      তুমি উত্থাপন কৰা বিষয়টো অতি প্ৰাসংগিক আৰু আলোচনাযোগ্য। অকপটে ক‌ওঁ- মই নিজেও অনুভৱ কৰিছোঁ যে শেষৰ উদ্ধৃতিটোৱে লেখাটো যি উদ্দেশ্যত লিখা হৈছিল তাৰ কিছু হানি কৰিছে। সেই কথা পূৰ্বেই অনুমান কৰিয়েই প্ৰপাগাণ্ডা শব্দটোৰ বিভিন্ন অভিধানত দিয়া অৰ্থসমূহো তুলি দিছিলোঁ। দেখা গৈছিল অৰ্থৰ যি intensity সেয়া বেলেগ বেলেগ অভিধানত বেলেগ বেলেগ কৈ দিয়া হৈছে।

      অৰৱেলে হয়তো এয়াই বুজাব বিচাৰিছিল যে সকলো শিল্পকৰ্মৰে কিবা এটা ক’বলগীয়া থাকে। আৰু আফচোচ হ’লেও মানিব লাগিব যে এই ক’ববিচৰাখিনিও এক উদ্দেশ্যধৰ্মী প্ৰচাৰেই। তাৰ বিপৰীতে, ‘distorted’, ‘exaggerated’, ‘manipulated’ factএৰে জনমত বা perception বিকৃতভাৱে প্ৰভাৱিত কৰিব বিচৰা প্ৰপাগাণ্ডা শিল্পৰ পৰ্যায়লৈ উত্তীৰ্ণ হ’ব নোৱাৰে।

      মাৰ্ক্স-এঙ্গেলছে শিল্প-সাহিত্যৰ সামাজিক চৰিত্ৰ আৰু ইয়াৰ ঐতিহাসিক বিকাশৰ আলোচনা কৰোঁতে এই কথা দেখুৱাইছে যে শ্ৰেণীবিভক্ত সমাজত শিল্প-সাহিত্য বিভিন্ন শ্ৰেণীৰ ৰাজনৈতিক আদৰ্শ বা শ্ৰেণীদ্বন্দ্বৰ দ্বাৰা প্ৰভাৱিত হয়। শিল্পকৰ্ম আৰ্থ-সামাজিক প্ৰপঞ্চসমূহৰ নীৰৱ দৰ্শক নহয়; বৰং স্ৰষ্টাজনৰ নিজস্ব শিল্পাদৰ্শনৰ লক্ষ্য হ’ল নিজ মতাদৰ্শৰে দৰ্শক/পাঠকৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি সত্যাসত্য, ভাল-বেয়া বিচাৰ কৰিব পৰাকৈ চেতনাৰ বিকাশ ঘটোৱা।

      অৱশ্যে ‘অথবা শোষকদেৰ কালো হাত ভেঙে দাও, ভেঙে দাও’ জাতীয় আস্ফালনো নিশ্চয় শিল্প হিচাবে পকি নুঠিব‌।

      এই দিশৰ পৰা শিল্প-সাহিত্য উদ্দেশ্যধৰ্মী।

      তুমি কোৱাৰ দৰে এইবিষয়ে বেলেগে এটা লেখা লিখিব পাৰি নেকি চেষ্টা কৰিম !!

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *