প্ৰসংগ : লিমাৰিক ।। ড০ খগেশ সেন ডেকা
অসমীয়া কাব্য জগতত লিমাৰিকৰ চৰ্চা সণ্ঢালনিকৈ হৈছে বুলি ক’ব নোৱাৰি৷ এই বিষয়ে এককভাৱে চিন্তা-চৰ্চা কৰা প্ৰথমগৰাকী ব্যক্তি হৈছে অধ্যাপক মহেন্দ্ৰ বৰা৷ সম্ভৱতঃ এইগৰাকী কবি-সাহিত্যিকেই পোন-প্ৰথম অসমীয়া সাহিত্য-জগতলৈ এইবিধ ধেমেলীয়া পদ্যৰ আমদানি কৰিছিল ।। মুক্ত চিন্তা, দশম বছৰ, প্রথম সংখ্যা, জুলাই, ২০২৪ ।।
সাহিত্য হ’ল মানুহৰ ভাব-অনুভূতি প্ৰকাশৰ অন্যতম মাধ্যম৷ মানুহৰ বিপুল বৌদ্ধিক দক্ষতা বহুলাংশে সাহিত্যৰ মাজেৰেই প্ৰতিফলিত হৈছে বুলি ক’লেও বঢ়াই কোৱা নহয়৷ সমগ্ৰ বিশ্বব্যাপি বিশেষ জনপ্ৰিয়তা অৰ্জন কৰা Nonsense Rhyme-বোৰ সাহিত্যৰে এটা বিশেষ শ্ৰেণী বা শাখা৷ এই লেখাটিৰ মূল আলোচ্য বিষয় লিমাৰিক (Limerick) এই Nonsense Rhyme-অৰে এটা বিশেষ ভাগ৷ এইখিনিতে এটা কথা উনুকিয়াই থোৱা সমুচিত হ’ব যে, নৱকান্ত বৰুৱাকে ধৰি কেইবাগৰাকী প্ৰথিতযশা অসমীয়া কবিয়ে ইংৰাজী Nonsense Rhyme অভিধাটোৰ প্ৰতিশব্দ হিচাপে ‘বেবেৰিবাং পদ্য’ শব্দগুচ্ছ গ্ৰহণ কৰিছে৷ আনহাতে, ইয়াৰ অন্তৰ্গত ‘লিমাৰিক’ক কোনোৱে ‘আপদীয়া পদ্য’ অভিধাৰে আৰু আন কোনোৱে এই পদ্যবিধৰ গঠন-ৰীতিলৈ লক্ষ্য কৰি ‘পঞ্চপদী’ বা ‘পঞ্চপদী কবিতা’ নামেৰে নামাংকিত কৰিছে৷ এইবোৰৰ ভিতৰত ‘পঞ্চপদী’ নামটোৱে এইবিধ উদ্ভট পদ্যত থকা পাঁচটা শাৰীৰ ধাৰণা দিয়াৰ বাহিৰে অন্যান্য বৈশিষ্ট্যৰ কোনো উমান নিদিয়ে৷ এই ফালৰ পৰা ‘পঞ্চপদী’ অভিধাৰ গ্ৰহণযোগ্যতা নিচেই সামান্য৷
সি যি কি নহওক, লিমাৰিকৰ অসমীয়া প্ৰতিশব্দ কি হোৱা উচিত, সেই সম্পৰ্কীয় সিদ্ধান্ত বিজ্ঞজনলৈ এৰি বিষয়টোৰ ভিতৰ চ’ৰাত প্ৰৱেশ কৰাৰ পূৰ্বে ইয়াৰ অভিধান প্ৰদত্ত অৰ্থৰ দিশটো ফঁহিয়াই চোৱা যাওক৷
Concise Oxford Dictionary-ৰ মতে লিমাৰিক হ’ল—“… a kind of humourous verse, especially five line form often epigrammatic, or indecent with rhymes aabba”। আনহাতে, New Book of Knowledge-অৰ মতে—“…The rhyme words are frequently distorted or else combine two or three words into one. The limerick is somewhat flexible, however in that lines one two and five may have from eight to eleven syllable each, and lines three and four form five— rarely four to eleven syllables”।
পৰস্পৰ পৰিপূৰক এই সংজ্ঞা দুটাৰ আধাৰত লিমাৰিকৰ বৈশিষ্ট্যসমূহ এনেদৰে নিৰ্ধাৰণ কৰিব পাৰি—
(ক) লিমাৰিকত সাধাৰণতে পাঁচটা শাৰী বা চৰণ থাকে৷
(খ) অন্তিম শাৰীটো প্ৰথম আৰু দ্বিতীয় শাৰীৰ সৈতে ছন্দোবদ্ধ হয়৷ আন কথাত প্ৰথম, দ্বিতীয় আৰু পঞ্চম তথা অন্তিম শাৰীৰ অন্ত্যানুপ্ৰাস ঘটে৷
(গ) চতুৰ্থ শাৰীৰ অন্ত্যমিল ঘটে তৃতীয় শাৰীৰ লগত৷
(ঘ) সকলো মিলি লিমাৰিকৰ ছান্দিক মিল ককখখক— এনে ধৰণৰ হয়৷
(ঙ) ছন্দোবদ্ধ শব্দবোৰ বিকৃত হ’ব পাৰে, কিংবা দুটা বা ততোধিক শব্দ লগলাগি এটা শব্দত পৰিণত হ’বও পাৰে৷
(চ) তৃতীয় আৰু চতুৰ্থ চৰণ দুটা আনকেইটাৰ তুলনাত চুটি হোৱা বাঞ্ছনীয়৷
(ছ) এইবিধ পদ্যৰ মূল সঞ্জীৱনী শক্তি লঘু বা বিমল হাস্যৰস (Houmour)৷
(জ) ই সংক্ষেপ কিন্তু কেটেৰা (Epigrammatic) আৰু কেতিয়াবা অভব্য (Indecent) হ’বও পাৰে৷
এটা উদাহৰণ লোৱা যাওক—
“A Sleeper from the Amazon
Put nighties of his gran’mazon
The reason that
He is too fat
To get his own pazamaon”
—এই বিশেষ লিমাৰিকটোত ওপৰত উল্লেখ কৰি অহা প্ৰায় আটাইবোৰ বৈশিষ্ট্যৰ প্ৰতিফলন ঘটিছে বুলি ক’ব পাৰি৷ দোহৰা নিষ্প্ৰয়োজন যে, লিমাৰিক ৰচোঁতাই ছন্দমিলৰ খাতিৰত বা আন কোনো কাৰণত বিকৃত বা আচহুৱা শব্দ ব্যৱহাৰ কৰিব পাৰে৷ উদাহৰণটোত উল্লেখ হোৱা gran’mazon আৰু pazamazon তেনে দুটা বিকৃত তথা আচহুৱা শব্দ৷ কবি-সমালোচক মহেন্দ্ৰ বৰাৰ মতে, লিমাৰিক “…আৰু পাগত উঠে, শেষৰ চৰণটো যদি প্ৰথমৰটোৰ ‘প্ৰায়’ পুনৰাবৃত্তি হয়৷” কিন্তু, ইয়াৰ অবিহনেও লিমাৰিক যিহেতু ‘পাগত উঠিছে’, বা আন কথাত উৎকৃষ্ট বুলি পৰিগণিত হৈছে, এতেকে ইয়াক লিমাৰিকৰ অপৰিহাৰ্য বিশেষত্ব বুলি ধৰি নোলোৱাই যুগুত৷ এইবোৰৰ উপৰি, “A good limerick should have a clever rhyme, rhyme exactly right, a plot and a surprise in the last line.” অৰ্থাৎ, উৎকৃষ্ট লিমাৰিকত ছন্দৰ চাতুৰ্য থাকে আৰু অন্তিম চৰণটোত এক বিস্ময় বা আশ্চৰ্য লুকাই থাকে৷ তলৰ উদাহৰণটোৱে কথাখিনি স্পষ্ট হোৱাত সহায় কৰিব—
“খাই চা ঔষধপালি মৰমৰ মণি
ক’ত পাবি আৰাম আৰু গোৰাত বহিছে শনি
অইন নালাগে অনুপান
বাৰীত আছে ভেকেলা পাণ
তাৰে লগত ভাজি খাবি মতা হাঁহৰ কণী৷”
(ত্ৰিলোচন কাকতি)
উদাহৰণটোৰ শেষৰ শাৰীৰ ‘মতা হাঁহৰ কণী’ শব্দগুচ্ছৰ জৰিয়তে তেনে বিস্ময় বা আশ্চৰ্যৰ সৃষ্টি কৰা হৈছে৷ সকলোৱে জনা কথা, মতা হাঁহে কণী নিদিয়ে৷ ই এক অসম্ভৱ কথা৷
লিমাৰিক সম্বন্ধে ইমান পৰ্যন্ত যিখিনি কথা কোৱা হ’ল তাৰ পৰা এটা কথা প্ৰতীয়মান হয় যে, এইবিধ লঘু পদ্যৰ ঘাই উপজীৱ্য হৈছে ইয়াত অন্তৰ্নিহিত হৈ থকা কৌতুকময়তা৷ অন্তৰালৰ এই বৈচিত্ৰ্য উপলব্ধি কৰিব নোৱাৰিলে লিমাৰিকৰ ৰসাস্বাদন একোপধ্যেও সম্ভৱ নহয়৷ ছন্দ বা আন কথাত অন্ত্যমিল এই পদ্যৰ অপৰিহাৰ্য অঙ্গ৷ কিন্তু বিবৃত ঘটনাৰ ‘কাৰণ’ অপৰিহাৰ্য নহ’বও পাৰে৷ কেতিয়াবা অকল হাস্যৰস সৃষ্টিৰ বাবে অন্তঃসাৰশূন্য বিষয়ক লৈয়ো একোটাহঁত উৎকৃষ্ট লিমাৰিক ৰচিত হোৱা দেখা গৈছে৷ তলত উল্লেখ কৰা লিমাৰিকটো তাৰেই প্ৰকৃষ্ট উদাহৰণ৷
“There was a young fellow of Perth
Who was born in the day of his birth
He was married they say
On his wife’s wedding day
And he died when he quited the earth”
উদাহৰণটোত উল্লেখ হোৱা ডেকা মানুহজন (young fellow)-ৰ জন্ম, বিবাহ আৰু মৃত্যু সম্পৰ্কীয় ঘটনাৱলীৰ ‘কাৰণ’ বিচাৰিলে নিৰাশ হোৱাটো নিতান্তই স্বাভাৱিক৷ ইয়াত কোনো বক্তব্য বিষয়ো নাই৷ যি আছে সেয়া ‘quite nonsense’—সম্পূৰ্ণ বেবেৰিবাং৷ অথচ, এইটো এটা উৎকৃষ্ট লিমাৰিক হিচাপে স্বীকৃত হৈছে৷ ছন্দৰ বৈচিত্ৰ্য, নিমজ ভাষা আৰু বিমল হাস্যৰসৰ মাধুৰ্যই ইয়াক মনোৰম কৰি তোলাত সহায় কৰিছে৷
আপাতদৃষ্টিত লিমাৰিক লিখা তেনেই উজু যেন লাগিলেও, উৎকৃষ্ট লিমাৰিকৰ সৃষ্টি অতিশয় কঠিন কাম৷ তাৰ বাবে আৱশ্যক বিশেষ কাব্য প্ৰতিভাৰ৷ সম্ভৱতঃ এনে কাৰণতে আজিকোপতি ৰচিত অগণন লিমাৰিকৰ ভিতৰত যথাৰ্থ লিমাৰিক দুশমানো পাবলৈ টান হ’ব৷ ভাল লিমাৰিক দুবাৰমান আওৰালেই পাঠকৰ কণ্ঠস্থ হয়৷ লিমাৰিকৰ উৎকৃষ্টতা নিৰূপণৰ মাপকাঠিও এইটোৱেই৷ তাৰ বাবে আৱশ্যক উপযুক্ত শব্দ-চয়ন তথা নিমজ ছন্দসজ্জাৰ৷
লিমাৰিকৰ পাতনি ক’ত, কোনে, কেতিয়া, কিদৰে জুৰিছিল তাৰ উৱাদিহ পাবলৈ টান৷ এইবিধ পদ্যৰ ইতিহাস চৰ্চাকাৰীসকলৰ মতানৈক্যয়ো এই ক্ষেত্ৰত কিছু আহুকালৰ সৃষ্টি কৰিছে৷ তথাপি বিষয়টোৰ উদ্ভৱ আৰু বিকাশ সম্পৰ্কে ইতিপূৰ্বে বিভিন্নজনৰ দ্বাৰা আলোচিত তেনে কেতবোৰ মতামতকে ইয়াত উল্লেখ কৰা হ’ল৷
প্ৰথমটো মত অনুসৰি লিমাৰিকৰ জননী হ’ল আয়াৰলেণ্ডৰ পুৰণি চহৰ Limerick-অত প্ৰচলিত এটি প্ৰাচীন গীত৷ এই গীতটি হেনো আৰম্ভ হৈছিল ‘Will you come upto Limerick?’—এই বাক্যটিৰে৷ তাৰে পৰাই কালক্ৰমত এইবিধ লঘু পদ্যৰ উদ্ভৱ হয়৷ এই মতৰ প্ৰৱক্তাসকলৰ ধাৰণা অনুসাৰে আইৰিছ সৈন্য বাহিনীত উল্লিখিত গীতটিয়ে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিছিল আৰু গীতটিৰ দ্বাৰা উদ্বুদ্ধ হৈ সৈনিকসকলে অসম্ভৱ ঘটনাচাতুৰ্য সম্বলিত দ্ব্যৰ্থবোধক নতুন নতুন পদ্যৰ সৃষ্টি কৰিছিল৷ সময়ৰ বিৱৰ্তনত চহৰখনৰ নাম অনুযায়ী সেই পদ্যবোৰেই ‘লিমাৰিক’-ৰূপে খ্যাত হয়৷
দ্বিতীয় এচামে ধাৰণা কৰে যে, লিমাৰিক আছিল ইংলেণ্ডৰ (মতান্তৰে আয়াৰলেণ্ডৰ) ক্লাবঘৰকেন্দ্ৰিক এক বুদ্ধিনিষ্ঠ খেল৷ এই খেলবিধ আছিল এনেধৰণৰ—
ক্লাবৰ মজিয়াত গোট খোৱা সদস্যসকলৰ এগৰাকীয়ে পোনতে এটা গীতৰ কলি নিজে উদ্ভাৱন কৰি গায় আৰু উপস্থিত অন্যান্য সদস্যই সেই কলিটোৰ সৈতে ৰজিতা খোৱাকৈ পিছৰ কলিকেইটা জুৰি দিয়ে৷ এনেদৰে এটা পৰ্যায়ত গীতটোৱে পূৰ্ণাংগ ৰূপ ধাৰণ কৰে৷ তেতিয়া আটায়ে মিলি পৰম উলাহেৰে গায়—’Will you come upto Limerick?’ সম্ভৱতঃ সমস্বৰ কণ্ঠেৰে গোৱা এই চৰণফাঁকিৰ শেষত থকা ‘Limerick’ শব্দটোৰ পৰাই ‘লিমাৰিক’ অভিধাৰ উৎপত্তি হয় আৰু পৰৱৰ্তী সময়ত এই অভিধাই তদনুৰূপ পদ্যবোৰক বুজাবলৈ লয়৷
তৃতীয় এচামৰ মতে, লিমাৰিক মূলতঃ আয়াৰলেণ্ডৰ কণমানিহঁতৰ ওমলা ঘৰৰ সম্পদ আছিল৷ লিমাৰিকৰ একনিষ্ঠ গৱেষক—লেংফ’ৰ্ড ৰীডেও অনুৰূপ ধাৰণাকে পোষণ কৰিছে৷ পদ্যবিধৰ অন্তৰালত নিহিত হৈ থকা কৌতুকতালৈ চাই সেয়াই সত্য যেন অনুভৱ হয়৷ কোৱা বাহুল্য যে, এই মত তিনিটাৰ প্ৰথমটোৰ বাহিৰে বাকীকেইটাত ‘লিমাৰিক’ শব্দটোৰ ব্যুৎপত্তিগত (Etymological) দিশৰ ব্যাখ্যা পোৱা নাযায়৷ সি যি কি নহওক, এই পদ্যবিধৰ উৎপত্তি আৰু নামকৰণৰ সৈতে আয়াৰলেণ্ডৰ পুৰণি চহৰ লিমাৰিকৰ নাম যে ওতপ্ৰোতভাৱে সম্পৰ্কিত তাত কোনো সন্দেহ নাই৷
লিমাৰিক ৰচনাৰ তেনে কোনো ধাৰাবাহিক ইতিহাসো পাবলৈ নাই৷ পূৰ্বোল্লিখিত এডোৱাৰ্ড লীয়েৰৰ ১৮৪৬ খ্ৰীষ্টাব্দত প্ৰকাশিত A Book of Nonsense-খনেই এইবিধ পদ্যৰ প্ৰথম সংকলনৰূপে অদ্যাৱধি স্বীকৃত হৈ আহিছে৷ লীয়েৰৰ পূৰ্বে ১৮২০ খ্ৰীষ্টাব্দত প্ৰকাশিত Anecdotes and Adventure of Five Young Ladies আৰু তৎপৰৱৰ্তী সময়ৰ History of Sixteen Wonderful Women, Anecdotes and Adventures of Fifteen Gentlemen আদি লিমাৰিকৰ লক্ষণযুক্ত কেইখনমান উদ্ভট পদ্যৰ পুথি পোৱা যায়৷ কিন্তু বিশুদ্ধ অৰ্থত লিমাৰিক বুলিলে আজিও লীয়েৰৰ উল্লিখিত পুথিখনলৈকে আঙুলিওৱা হয়৷ এনে কাৰণতে লীয়েৰক লিমাৰিকৰ প্ৰৱাদ-পুৰুষ আখ্যা দিয়া হৈছে৷
এইখিনিতে লীয়েৰৰ বিষয়ে কিছু কথা উনুকিয়াই থোৱা প্ৰাসংগিক হ’ব৷ লণ্ডন চহৰত জন্ম লাভ কৰা লীয়েৰ আছিল এজন ভাল কাৰ্টুনিষ্ট৷ পাছলৈ ডাৰ্বিৰ আৰ্ল পৰিয়ালে লীয়েৰক তেওঁলোকৰ ব্যক্তিগত চিৰিয়াখানাত ছবি অঁকা কামত নিয়োগ কৰে৷ ইয়াতেই লীয়েৰৰ জীৱন-চক্ৰই আনফালে মোৰ সলায়৷ ধেমেলীয়া স্বভাৱৰ লীয়েৰ এটা সময়ত আৰ্ল পৰিয়ালৰ এগৰাকী সদস্যৰ দৰে হৈ পৰে৷ আৰ্লগৰাকীৰ নাতি-পুতিহঁতক ওমলাবলৈ লওঁতে কোনোবা এটা সময়ত লীয়েৰে স্বতঃপ্ৰণোদিতভাৱে এইবিধ ৰসঘন পদ্য আৱিষ্কাৰ কৰে৷ সৃষ্টি হয় A Book of Nonsense নামৰ বিখ্যাত সংকলনটিৰ৷ লীয়েৰৰ কাব্যিক প্ৰতিভাৰ প্ৰোজ্জ্বল স্বাক্ষৰ বহনকাৰী এই সংকলনটিৰ অন্যতম বৈশিষ্ট্য হ’ল—ইয়াৰ অন্তৰ্গত প্ৰতিটো লিমাৰিকৰ সৈতে একোটাহঁত ব্যাখ্যাত্মক কাৰ্টুনৰ সংযোজন৷ আন কথাত লিমাৰিক আৰু কাৰ্টুন উভয়ে তেওঁৰ সৃষ্টিত হাতত ধৰাধৰিকৈ আগ বাঢ়িছে৷ লীয়েৰ সৃষ্ট বেবেৰিবাং পদ্য লিমাৰিকৰ সাৰ্থকতাও সেইখিনিতে৷
লীয়েৰৰ পাছত আৰ্ণল্ড বেনেট, বাৰ্ণাৰ্ড শ্ব, ৰুডিয়াৰ্ড কিপলিং, জুলিয়ান হাস্কলি, বেনেট চাৰ্ফ, টি. এছ. এলিয়ট আদি অমিত প্ৰতিভাধৰ কবি-সাহিত্যিকসকলে লিমাৰিকৰ সাৰ্থক চৰ্চা কৰিছে আৰু অহৰহ অনুশীলন-পৰিশীলনৰ জৰিয়তে এইবিধ খুহুতীয়া পদ্যৰ মৰ্যাদা বৃদ্ধি কৰিছে৷
অসমীয়া কাব্য জগতত লিমাৰিকৰ চৰ্চা সণ্ঢালনিকৈ হৈছে বুলি ক’ব নোৱাৰি৷ এই বিষয়ে এককভাৱে চিন্তা-চৰ্চা কৰা প্ৰথমগৰাকী ব্যক্তি হৈছে অধ্যাপক মহেন্দ্ৰ বৰা৷ সম্ভৱতঃ এইগৰাকী কবি-সাহিত্যিকেই পোন-প্ৰথম অসমীয়া সাহিত্য-জগতলৈ এইবিধ ধেমেলীয়া পদ্যৰ আমদানি কৰিছিল৷ বৰা ডাঙৰীয়াৰ নিম্নোক্ত উক্তিটোৱেও তাৰেই ইংগিত বহন কৰে৷ তেখেতে লিখিছে—“অসমীয়া সাহিত্যলৈ লিমাৰিক বস্তুটো আনিবৰ মন গৈছিল৷ সেই কাৰণেই লিখিছিলোঁ পোনতে এক ডজন লিমাৰিক, হয় যদি হওক নহ’লেও নাই বুলি৷” এইখিনিতে পাঠকৰ অৱগতিৰ অৰ্থে তেখেতৰ দ্বাৰা ৰচিত আৰু লিমাৰিকৰ সকলো গুণেৰে সুসমৃদ্ধ তেনে এটি পদ্য তলত উল্লেখ কৰা হ’ল—
“ভুল কৰি কাশীধাম নামি দেখে নৈনী
হাওৰাত থাকি গ’ল সৰুজনী ঘৈণী
মচি উঠি জ্বৰ ঘাম
ল’লে তেওঁ ৰাম নাম
মুটিয়াই সুধিলেহি লাগে নেকি খৈনী৷”
নক’লেও চলে, মহেন্দ্ৰ বৰাই ৰচনা কৰা এইটো এটা উৎকৃষ্ট লিমাৰিক৷ দুবাৰমান পঢ়িলেই ই পাঠকৰ কণ্ঠস্থ হয়৷ এইগৰাকী লেখকে পৰৱৰ্তী সময়তো লিমাৰিকৰ চৰ্চা অব্যাহত ৰাখিছিল৷ তাৰে কিছু সংখ্যক ইতিমধ্যে পুথি আকাৰে প্ৰকাশ পাইছে৷
মহেন্দ্ৰ বৰাৰ সমসাময়িকভাৱে সুকবি নৱকান্ত বৰুৱায়ো ভালেমান লিমাৰিক লিখি থৈ গৈছে৷ এই দুই বিশিষ্ট কবিৰ পদাংক অনুসৰণ কৰি পৰৱৰ্তী সময়ত কেইবাগৰাকী অসমীয়া কবিয়ে লিমাৰিকৰ চৰ্চা কৰা দেখা গৈছে৷ সেইসকলৰ ভিতৰত ত্ৰিলোচন কাকতি, প্ৰৱীণ শইকীয়া, সত্যেন্দ্ৰ বৰদলৈ, কণপাই গাংগুলী, হেমেন ডেকা আদিৰ নাম উল্লেখযোগ্য৷
প্ৰবীণ শইকীয়াৰ সম্পাদনাত প্ৰকাশিত অসমীয়া লিমাৰিক চয়ন (১৯৯৮, প্ৰকাশক— বাণী প্ৰকাশ), ত্ৰিলোচন কাকতিৰ লিমাৰিক আৰু লিমাৰিক (২০০৩, প্ৰকাশক— অন্তৰীপ), সত্যেন্দ্ৰ বৰদলৈৰ বহুব্ৰীহি (২০১৬, প্ৰকাশক—বিহপুৰীয়া মহাবিদ্যালয় প্ৰকাশন গোট) এইবিধ পদ্যৰ কেইখনমান উৎকৃষ্ট সংকলন৷
অসমীয়া লিমাৰিক সাহিত্যৰ জগতখনলৈ বিশেষ বৰঙণি যোগোৱা এগৰাকী কবি হৈছে ত্ৰিলোচন কাকতি৷ এইগৰাকী লিমাৰিক স্ৰষ্টাৰ লিমাৰিক আৰু লিমাৰিক শীৰ্ষক সংকলনটিত সৰ্বমুঠ ১২৬টা লিমাৰিক সন্নিৱিষ্ট হৈছে৷ ইয়াৰে শেষৰ ফালৰ ছয়টা লিমাৰিকক বিশিষ্ট চিত্ৰকৰ উৎপল বৰাৰ অৰ্থৱহ কাৰ্টুনৰ সংযোজনে এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে৷
ত্ৰিলোচন কাকতিৰ পোছাকী নাম কৃষ্ণকান্ত পাটোৱাৰী৷ সদ্য প্ৰয়াত পাটোৱাৰী ডাঙৰীয়াক লৈ ৰচনা কৰা তলৰ লিমাৰিকটোৱে তেখেতৰ চাল-চলন, ব্যক্তিত্ব আদিৰ বিষয়ে ধাৰণা কৰাত পাঠকক কিছু সহায় কৰিব—
“পৰিধানে ধূতি চোলা নাই দাঢ়ি মোচ
কান্ধে লৈ মোনাখন দিয়ে লম্বা খোজ
পাটোৱাৰী কৃষ্ণকান্ত
দেখাই শুনাই শিষ্ট শান্ত
সুযোগ পালেই মাৰি যায় লিমাৰিকৰ খোঁচ৷”
(খগেশ সেন ডেকা)
লিমাৰিকৰ বৈশিষ্ট্যৰ প্ৰসংগত ইতিপূৰ্বে এইজনা ৰচকৰ এটি লিমাৰিক উদাহৰণ হিচাপে উল্লেখ কৰা হৈছে৷ খুহুতীয়া বা সাধাৰণ হাস্যৰস (Humour) সম্বলিত লিমাৰিকবোৰৰ উপৰি তেখেতে ভালেমান ব্যংগাত্মক (Satirical) লিমাৰিকো লিখি থৈ গৈছে৷ তেখেতৰ চৰকাৰী আঁচনিক লৈ লিখা তেনে ব্যংগাত্মক লিমাৰিক এটি তলত উল্লেখ কৰা হ’ল—
“স্বৰ্ণধেনু যোজনাৰ বৰ্ণসংকৰ গাই
দুখীয়াৰ কল্পতৰু দুগ্ধৰাণী তাই
যোগাই দানা-পানী
ওহাৰ টানি টানি
গৃহস্থই কোনো মতে আধা সেৰ পায়৷”
সত্যেন্দ্ৰ বৰদলৈৰ বহুব্ৰীহি-ত মুঠ ১০০টা লিমাৰিক আছে৷ সংকলনটিৰ “সূচনা” শীৰ্ষক ভূমিকাডোখৰ লিখি দিছে লিমাৰিকৰ বিশিষ্ট সাধক প্ৰবীণ শইকীয়াই৷
অসমীয়া লিমাৰিকৰ জগতলৈ দুটাকৈ সংকলনেৰে বিশেষ বৰঙণি যোগোৱা ৰচকগৰাকী হৈছে—হেমেন ডেকা৷ এইগৰাকী কবিৰ পঞ্চপদী আৰু ধুঁৱলী-কুঁৱলী শীৰ্ষক সংকলন দুটিত যথাক্ৰমে ২৬৪ আৰু ২৭২টা লিমাৰিক সংকলিত হৈছে৷ বৰ্তমান পৰ্যন্ত প্ৰায় ৮০০ৰ ওচৰা-উচৰি লিমাৰিক ৰচনাৰে সংখ্যাৰ দিশত সকলোতকৈ আগত থকা হেমেন ডেকাৰ এটি লিমাৰিক তলত উদ্ধৃত কৰা হ’ল—
“ৰজাই যি ভাল পায় কৰিবই সেই কাম৷
ৰাইজৰ মতামতৰ আছেনে কিবা দাম?
ক্ষমতাৰ বলত বলীয়ান,
স্তাৱকৰ দলহে মহীয়ান;
খাব নোপোৱাই তাৰ মাহাত্ম্য কি বুজি পাম!”
যোৱাটো শতিকাৰ আশীৰ দশকত ব্যংগাত্মক (Satirical) লিমাৰিক ৰচনা কৰি বিশেষ জনপ্ৰিয়তা অৰ্জন কৰা এগৰাকী বিশিষ্ট অসমীয়া কবি হৈছে কণপাই গাংগুলি৷ এইজনা কবিয়ে তৎকালীনভাৱে ঢেকীয়াজুলিৰ পৰা প্ৰকাশিত পাৰ্থিৱ নামৰ কাব্যালোচনীখনত প্ৰায় নিয়মিতভাৱে লিমাৰিক ৰচনা কৰিছিল৷ কণপাই গাংগুলিৰ প্ৰকৃত নাম আছিল হীৰেন হাজৰিকা৷ অতিকে দুখৰ বিষয়, এইজনা প্ৰচুৰ সম্ভাৱনাপূৰ্ণ ব্যংগধৰ্মী লিমাৰিক স্ৰষ্টাৰ এক মটৰ দুৰ্ঘটনাত অকাল বিয়োগ ঘটে৷ তলত অসম আন্দোলনক কেন্দ্ৰ কৰি কবিগৰাকীয়ে ৰচনা কৰা তেনে এটি ব্যংগাত্মক লিমাৰিক উল্লেখ হ’ল—
“জমিছিল দিনবোৰ কৰিছিলোঁ হাল্লা
হ’ম বুলি স্বাৱলম্বী ললোঁ দগা-পাল্লা
একাৱন্নত দৃঢ়তাৰে গঢ়ি ল’লোঁ কিল্লা
বিৰোধীক লপা থপা আৰু গালি গাল্লা
কিনো হ’ল দৰদাম মস্ত এটা গোল্লা৷”
এসময়ত একনিষ্ঠভাৱে লিমাৰিক চৰ্চাত আত্মনিয়োগ কৰা প্ৰয়াত লেখকগৰাকীৰ লিমাৰিকবোৰ একত্ৰ ৰূপত প্ৰকাশ পালে এইবিধ অসমীয়া পদ্যৰ ভঁড়াল অধিক টনকিয়াল হ’ব বুলি আশা কৰিব পাৰি৷
অতি সম্প্ৰতি ছপা মাধ্যমৰ উপৰি ডিজিটেল মাধ্যমেৰেও কেইবাজনো কবিয়ে লিমাৰিকৰ চৰ্চা কৰি থকা দেখা গৈছে৷ সেইসকলৰ ভিতৰত প্ৰাণজিৎ বৰুৱাৰ নাম পোনতেই উল্লেখযোগ্য৷ বৰুৱাই নিজৰ ব্লগত ইতিমধ্যে আঢ়ৈকুৰিৰো অধিক লিমাৰিক ৰচনা কৰিছে৷
এইবোৰৰ উপৰি, নিজৰ সময়-ৰেখা, অনলাইন আলোচনী— ‘মুক্ত চিন্তা’, ‘ফটাঢোল’ আদিতো কোনো কোনোৱে লিমাৰিকৰ চৰ্চা অব্যাহত ৰাখিছে৷ এইবোৰ লিমাৰিকৰ গুণগত মান সম্বন্ধে আলোচনা হ’বলৈ এতিয়াও বাকী৷
এইখিনিতে ভাৰতী বৰুৱা আৰু প্ৰয়াত চৈয়দ আহমেদ শ্বাহ, শ্যামাপ্ৰসাদ শৰ্মা, ভাৰত চন্দ্ৰ দত্ত আদি কেইগৰাকীমান লিমাৰিক ৰচোঁতাৰ অনলাইন যোগে উপলব্ধ মন চুই যোৱা দুটিমান লিমাৰিক উল্লেখ কৰাৰ লোভ সামৰিব নোৱাৰিলোঁ—
(১)
“যদুপতি উকীলৰ কফ পিত্ত বাত
মহৰীক চিঞৰিলে—কবিৰাজ মাত
এজনেই কবিৰাজ
ভৱানী ভৰদ্বাজ
তেওঁৰ আকৌ অথন্তৰ খৰ খহু গাত৷”
(ভাৰতী বৰুৱা)
(২)
“গানতে মগন আমি নেচাওঁ লগন
দিন ৰাতি শুনো গান খাইছোঁ ঠগন
ভাঙিলে কঁকাল
বুদ্ধিত কঙাল
সমুদায় পাহৰিলোঁ “মানৰ ভগন”৷”
(চৈয়দ আহমেদ শ্বাহ)
(৩)
“আমাৰ চহৰখন অতি বিনন্দীয়া
অ’ত ত’ত আছে বহু সেতু “উৰণীয়া”
“উৰণীয়া” মৌ দেখি
মনো “উৰণীয়া” সখী
সেতু নো কেনেকে বাৰু হয় “উৰণীয়া”।”
(শ্যামাপ্ৰসাদ শৰ্মা)
(৪)
“যুগৰ হ’ল কিবাকিবি পৰিবৰ্তন
মেকুৰীয়েও কৰে মবাইল দৰ্শন
মবাইলত শিশুৰ হাত
মেকুৰীয়ে লগায় মাত
চিনেমা চাব হিৰো অজয় দেৱগণ।”
(ভাৰত চন্দ্ৰ দত্ত)
চিৰ কৌতূহলী মানুহে প্ৰতিটো ক্ষেত্ৰতে বিচাৰে অভিনৱত্ব৷ অন্যথা মানুহৰ উৰ্বৰ মস্তিষ্ক ক্ষান্ত নহয়৷ মানুহৰ এই অন্তহীন বৌদ্ধিক জয়যাত্ৰাত অহৰহ নিত্য নতুন পৰীক্ষা-নিৰীক্ষা চলিবই লাগিছে৷ সম্ভৱতঃ মানৱ জাতি নিশ্ছিন্ন নোহোৱা পৰ্যন্ত সি অব্যাহত থাকিব৷ ইয়াৰ অৱশ্যম্ভাৱী পৰিণতিকল্পে অন্যান্য জাগতিক উপাদানৰ দৰে সাহিত্যৰ গতি-প্ৰকৃতিৰ বা আন কথাত অন্তৰংগ-বহিৰংগ ৰূপৰ পৰিৱৰ্তন ঘটিয়েই আছে৷ সাহিত্যৰ এক বিশেষ অংগ হিচাপে লিমাৰিকো তাৰ ব্যতিক্ৰম নহয়, হ’ব নোৱাৰে৷
অতীতত লিমাৰিক আছিল সাধাৰণভাৱে বিমল হাস্যৰসৰ উৎস৷ কিন্তু পৰৱৰ্তী সময়ত এইবিধ পদ্যৰ চৰিত্ৰৰ কিছু পৰিৱৰ্তন ঘটা দেখা গৈছে৷ এতিয়াৰ লিমাৰিকবোৰত হাস্যৰসৰ লগে লগে ব্যক্তি অথবা ঠাই বিশেষৰ পৰা আৰম্ভ কৰি দৰ্শনৰ গভীৰ তত্ত্বলৈকে প্ৰায় সকলো বিষয়ৰে চাতুৰ্যপূৰ্ণ প্ৰক্ষেপণ ঘটিছে৷ তাৰ লগে লগে সলনি হৈছে পদ্যবিধৰ আৱয়বিক ৰূপ৷
সনাতনপন্থী ৰচকসকলে লিমাৰিকৰ ৰচনা-ৰীতিত বা তাৰ অংগসজ্জাত এডোৱাৰ্ড লীয়েৰৰ ব্যাকৰণকে মানি চলা দেখা যায়; যেনে—প্ৰথম, দ্বিতীয় আৰু পঞ্চম চৰণৰ অন্ত্যমিল; তৃতীয় আৰু চতুৰ্থ চৰণৰ অন্ত্যমিল৷ বাকী তিনিটাৰ তুলনাত তৃতীয় আৰু চতুৰ্থ শাৰীৰ চুটি ৰূপ ইত্যাদি৷ কিন্তু অতি সম্প্ৰতি নিয়ম ভঙাৰ নিয়ম মানোতাসকল পূৰ্ব নিৰ্ধাৰিত কোনো এক নিৰ্দিষ্ট ৰূপৰ (Form) গণ্ডীত লিমাৰিকক আবদ্ধ ৰাখিবলৈ ইচ্ছুক নহয়৷ তেওঁলোকে এইবিধ পদ্যৰ প্ৰাচীন ৰূপ ভাঙি-ছিঙি-মোহাৰি তাক নতুন ৰূপত সজাই-পৰাই তোলাৰ চেষ্টা কৰিছে৷ বাংলা সাহিত্যৰ নিম্নোক্ত লিমাৰিকটোলৈ লক্ষ্য কৰিলে কথাষাৰ অধিক স্পষ্ট হ’ব—
“বনলতা বক্সী
ক্লাছ দিয়ে প্ৰক্সী
ইনি উনি দুজনায়
চলে যান সিনেমায়
মেট্ৰো বা ৰক্সী৷”
(অমিতাভ চৌধুৰী)
সাম্প্ৰতিক সময়ত ৰচিত লিমাৰিকবোৰতো এনে ব্যাকৰণদুষ্ট প্ৰয়োগ তেনেই সুলভ৷ বিশেষকৈ প্ৰথিতযশা কবি নৱকান্ত বৰুৱাই শেহতীয়াভাৱে লিখি থৈ যোৱা কেইটামান লিমাৰিকত কেতবোৰ নতুন বৈশিষ্ট্যৰ সংযোজন লক্ষ্য কৰা যায়৷ কবি বৰুৱাৰ নিম্নোক্ত লিমাৰিক দুটিয়ে তাৰ প্ৰমাণ দাঙি ধৰিব৷
(১)
“ভাগৱতী শ্ৰীৰাধিকামোহন
ওখই পাখই অতি শোভন
তৰুণ কালত ব্যায়াম বীৰ
জীৱন ৰণত যুধিষ্ঠিৰ
সম্পাদকীয় মেজত বহিও জ্ঞানৰ দুগ্ধ কৰে দোহন৷”
(২)
“হাজৰিকীয়া তিলক
যেয়ে যিমান গিলক
তেওঁ নিগিলে টোপ অথবা পিলক
খোজত গুৰি কৰি যায়
বলে নোৱৰাশিলক৷”
নক’লেও চলে, উল্লিখিত দুয়োটা উদাহৰণতে লিমাৰিকৰ প্ৰচলিত বিধি-ব্যৱস্থা সম্পূৰ্ণ উলংঘা কৰা হৈছে৷ প্ৰথমটোৰ বিন্যাস-ৰীতিত—বিশেষকৈ অন্ত্যমিলৰ ক্ষেত্ৰত পুৰণি ককখখক ৰূপকে ব্যৱহাৰ কৰা হৈছে৷ কিন্তু, দ্বিতীয়টো এই ক্ষেত্ৰত সমূলি ব্যতিক্ৰম৷ দেখাত এই লিমাৰিকটো পাঁচশৰীয়া যেন লাগিলেও, প্ৰকৃততে ইয়াত চাৰিটা চৰণহে আছে৷ মাত্ৰ শেষৰ চৰণটো ভাঙি আৱয়বিক দিশত পাঁচটা চৰণযুক্ত যেনকৈ দেখুওৱা হৈছে৷ ইয়াৰ ছন্দৰ বন্ধন হৈছে কককক, যিটো প্ৰচলিত বিধিৰ সম্পূৰ্ণ ব্যতিক্ৰম৷
একেদৰে ত্ৰিলোচন কাকতিৰ কেইটিমান লিমাৰিকতো ছন্দৰ ক্ষেত্ৰত প্ৰচলিত নিয়মৰ উলংঘন লক্ষ্য কৰা যায়৷ প্ৰাচ্যতত্ত্ববিদ মহেশ্বৰ নেওগক লৈ ৰচনা কৰা তলৰ লিমাৰিকটোৱে তাৰ সাক্ষ্য বহন কৰে—
“ডক্টৰ নেওগ মহেশ্বৰ
সকলো ছাত্ৰৰ প্ৰফেছৰ
ভাষা সাহিত্য সংগীত
সবাতে তেওঁ পণ্ডিত
ত্ৰিলোচনে নাম দিলোঁ মিষ্টাৰ জ্ঞানেশ্বৰ৷”
ওপৰত উল্লেখ কৰা নৱকান্ত বৰুৱাৰ প্ৰথমটো লিমাৰিকৰ দৰে ত্ৰিলোচন কাকতিৰ এই লিমাৰিকটোৰো প্ৰথম চাৰিটা চৰণ পঞ্চম চৰণটোতকৈ চুটি আৰু অক্ষৰ সংখ্যাও প্ৰায় সমান সমান৷ আনহাতে, পঞ্চম চৰণটো বাকী চাৰিটাৰ তুলনাত যথেষ্ট দীঘল আৰু অক্ষৰৰ সংখ্যাও প্ৰায় দুগুণ৷ অৱশ্যে নতুন ৰীতি-নীতিৰ এনে সম্পৰীক্ষাই লিমাৰিক নামৰ পদ্যবিধৰ বিশেষ কিবা ক্ষতি সাধন কৰিব বুলি ধাৰণা নহয়৷
আগতেই উল্লেখ কৰি অহা হৈছে যে, লিমাৰিকৰ প্ৰধান উপজীৱ্য হৈছে তাৰ অন্তৰালত নিহিত হৈ থকা বিমল হাস্যৰস৷ কিন্তু সময়ৰ বিৱৰ্তনত এই বৈশিষ্ট্যও প্ৰায় লুপ্ত হৈ আহিছে৷ নিৰ্দোষ বা বিমল হাস্যৰস (Humour) যেতিয়া শব্দাদিৰ চাতুৰ্যপূৰ্ণ প্ৰয়োগৰ জৰিয়তে বিবৃত হয়, তেতিয়া তাক বুদ্ধিনিষ্ঠ হাস্যৰস (Wit) বোলা হয়৷ প্ৰকৃততে আজিৰ লিমাৰিক বহু পৰিমাণে বুদ্ধিনিষ্ঠ হাস্যৰসেৰে পৰিসিক্ত বুলিব পাৰি৷
এইখিনিতে আন এটা কথা উল্লেখ কৰা সমীচীন হ’ব৷ সাহিত্যত বুদ্ধিনিষ্ঠ হাস্যৰস যেতিয়া ব্যক্তি-চৰিত্ৰৰ সংশোধন, সমাজ-সংস্কাৰ আদিৰ অস্ত্ৰৰূপে ব্যৱহাৰ হয়, তেতিয়া সি নাম পায় ব্যংগ (Satire)৷ সূক্ষ্মভাৱে বিচাৰ কৰি চালে দেখা যায়, আজিৰ সৰহভাগ লিমাৰিক আচলতে ব্যংগ সাহিত্যৰ অন্তৰ্ভুক্ত হোৱাৰহে যোগ্য৷ বৰ্তমান সময়ত সমাজৰ কোঁহে কোঁহে সোমাই পৰা দুৰ্নীতি, ভ্ৰষ্টাচাৰ, শোষণ-বঞ্চনা ইত্যাদি বিষয়ক লৈ ভালেমান লিমাৰিক ৰচনা কৰা হৈছে৷ তাৰ লগে লগে অৱধাৰিতভাৱে এইবিধ লঘু পদ্যৰ ছন্দসজ্জা তথা আংগিকৰো বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলিছে৷ তলত তেনে কেইটিমান লিমাৰিকৰ উদাহৰণ দাঙি ধৰা হ’ল—
(১)
“কাৰ্যবাহী অভিযন্তা অভিমন্যু ৰায়
অতি দক্ষ কৰ্মচাৰী নিমাখিত প্ৰায়
বিশাল বপু টপা মূৰ
কামত নকৰে হুৰমূৰ
হাতেৰে নোচোৱে ভেঁটী যদি কমিচন পায়৷”
(ত্ৰিলোচন কাকতি)
(২)
“পেটত লৈ দেশীবিধ সোমৰসৰ পানী
ৰসেশ্বৰৰ মুখে ফুটে অমৃতৰ বাণী
দিনে পোহৰে যেন তেন
ৰাতি হ’লে ৰজা যেন
বেধুম গালি নলাটোক কিয় নিলি টানি৷”
(খগেশ সেন ডেকা)
(৩)
“চুলিত নতুন ভাঁজ দুচকুত লেন্স
ঠিক খোজ কঢ়া নাই কিবা যেন ডেন্স
নাম তাইৰ মনালিচা
ৰং ঘঁহে গহালিচা
ল’ৰাই নোজোকালে কয় হোৱাট ননচেন্স৷”
(প্ৰবীণ শইকীয়া)
(৪)
“লাচিতৰ হেংদান আমিয়ে ৰাখিম
অসমীয়াৰ সন্মান আমিয়ে ৰাখিম
ৰিটায়াৰ হৈ গ’লে
দাড়ি চুলি পকি গ’লে
বিলাতীৰ বিপনীৰে ফুলনি পাতিম৷”
(সত্যেন্দ্ৰ বৰদলৈ)
ওপৰত উল্লেখ কৰা এই পাঁচশৰীয়া ব্যংগাত্মক পদ্যকেইটাক লিমাৰিক বোলা হ’ব নে নাই, সেয়া এক মৌলিক প্ৰশ্ন৷ শুচিবায়ুগ্ৰস্ত এচাম সমালোচকৰ মতে, এইবোৰ আন কিবা হ’লেও লিমাৰিক নহয়৷ কিন্তু, Epigrammatic আৰু Indecent প্ৰয়োগ যদি লিমাৰিকৰ লক্ষণ হ’ব পাৰে, তেন্তে সি ব্যংগভাবাত্মক হোৱাত বাধা ক’ত? পৰিৱৰ্তিত সামাজিক পৰিস্থিতিত সমাজ-জীৱনৰ মংগলৰ বাবে লিমাৰিক সাধাৰণ হাস্যৰসাত্মক স্তৰৰ পৰা ব্যংগাত্মক স্তৰলৈ ৰূপান্তৰিত হোৱাত নিশ্চয়কৈ কাৰো আপত্তি নাথাকিব, যদিহে সি নিতান্ত স্থূল প্ৰকৃতিৰ নহৈ ৰুচিসম্পন্ন আৰু কলাত্মক ৰূপত উপস্থাপিত হয়৷ আন কথাত এইবিধ পদ্যই পোনতে সাহিত্য হোৱাৰ প্ৰাথমিক চৰ্ত নিশ্চিতভাৱে পূৰণ কৰিব লাগিব৷
বুদ্ধিনিষ্ঠ হাস্যৰস আৰু সুচতুৰ বৰ্ণনা কৌশলৰ সুসংহত প্ৰয়োগৰ জৰিয়তে একালৰ মানুহৰ অৱসৰ বিনোদনৰ আহিলা হিচাপে সৃষ্টি হোৱা লিমাৰিক এতিয়া বেবেৰিবাং (Nonsense) স্তৰৰ পৰা অৰ্থবিশিষ্ট (Meaningful) ৰূপলৈ উন্নীত হৈছে৷ সংযত আৰু সংহত চিন্তাই ইয়াক অধিক কৰি তুলিব বুলি নিশ্চয়কৈ আশা কৰিব পাৰি৷