কেন্দ্ৰীয় নিবন্ধনিবন্ধ

পুঁজিবাদী সমাজ আৰু ব্যক্তি (বিস্ময় দাস)

পুঁজিবাদী ব্যবস্থাৰ হাতত ধৰি নৱ্য উদাৰবাদী মুক্ত অৰ্থনীতিয়ে ভাৰতৰ জনগণৰ মন-মগজু একেবাৰে সলনি কৰি পেলালে। তাতে আকৌ এই ব্যবস্থাটোক সুৱগা চৰাইছে হিন্দুত্ববাদী ফেচিষ্ট শক্তিয়ে। ফেছিষ্ট আৰু পুঁজিপতি এটা যেন আনটোৰ পৰিপূৰক ৰূপে কাম কৰে। ইটোৱে-সিটোক ধৰা-ধৰিকৈ জীয়াই ৰাখে। পুঁজিপতিসকলে ফেচিষ্টক পুঁজিৰ যোগান ধৰে আৰু ৰাজনৈতিক ক্ষমতা দখলৰ দ্বাৰা ফেচিষ্ট শাসকে পুঁজিপতিসকলক নিয়ন্ত্ৰণহীনভাৱে শোষণ-লুণ্ঠন কৰাৰ সুবিধা উলিয়াই দিয়ে। পুঁজিপতিসকলৰ বাবে একনায়কত্ববাদী ফেছিষ্ট শাসক অতিকে প্ৰিয়। কাৰণ, ইয়াৰ বিকল্প গণতন্ত্ৰত শাসক-শোষক জনতাৰ সন্মুখত জবাবদিহি হোৱাৰ সম্ভাৱনা থাকে, যিটো একনায়কত্ববাদী শাসন কালত হোৱাৰ কথাই নাহে। সেয়ে হিটলাৰক সহায় নকৰা বিশ্বৰ বৃহৎ পুঁজিপতি কিজানি এজনো নাছিল। সদ্যহতে ভাৰততো তাৰে কিছু কিছু আভাস দেখা গৈছে।

কোনো এটা অৰ্থনৈতিক ব্যৱস্থাই, বা আনধৰণে ক’ব লাগিলে মানুহৰ মাজৰ অৰ্থনৈতিক সম্পৰ্কই মানুহৰ মন মগজুক নিয়ন্ত্ৰণ কৰে। নিয়ন্ত্ৰণ কৰে মানুহৰ চৰিত্ৰ আৰু কৰ্ম কাণ্ডক। নিয়ন্ত্ৰণ কৰে সামাজিক ব্যৱস্থা আৰু সমাজৰ চৰিত্ৰক। এনেকুৱা এটা মৌলিক তত্ত্বৰ ভিত্তিতে আমি কিছু কথা পাতিব লাগিব। কথা পাতিব লাগিব সমাজৰ; আৰু শিথিল হৈ অহা আমাৰ সামাজিক গাঠনিৰ, সমাজত বৰ্ধিত হাৰত ঘটিব ধৰা বিভিন্ন অপৰাধমূলক কাম কাজৰ, ড্ৰাগছৰ প্ৰচলন, ব্যক্তি বিশেষৰ ক্ৰমে ক্ৰমে লোপ পাই আহিব ধৰা সামাজিক চেতনাৰ বিষয়ে আৰু বৃদ্ধি হৈ আহিব ধৰা ব্যক্তিকেন্দ্ৰিক প্ৰৱণতাৰ। কথা পাতিব লাগিব গাঁৱৰ কিছুমান মৌলিক চৰিত্ৰৰ যেনে—কমি অহা সামাজিক বান্ধোন আৰু ইজনে-সিজনক সেৱা কৰাৰ মানসিকতাৰ দ্ৰুত পৰিৱৰ্তনৰ, উপভোক্তাৰ দ্ৰুত বৃদ্ধি আৰু গাঁৱৰ শ্ৰমজীৱি মানুহৰ কৃষি-কৰ্মৰ প্ৰতি বাঢ়ি অহা অনীহাৰ আৰু চহৰমুখী প্ৰৱণতাৰ বিষয়ে।

আমি বহুতে নিশ্চয় অনুভৱ কৰোঁ যে এটা সময় আছিল, যেতিয়া দৰকাৰ হয় টকা ধাৰলৈ পোৱা গৈছিল, কিন্তু সুদবিহীন আছিল। সুদ আছিল অনৈতিক। যদিও টকা ধাৰলৈ দিব পৰা লোকৰ সংখ্য আছিল নগণ্য, কিন্তু যিসকল আছিল তেওঁলোকৰ মানসিকতা আজিৰ সামৰ্থবানসকলৰ সৈতে নিমিলে। এতিয়া এশ টকা বিচাৰিলে পাব, সেয়া বিনা সুদৰ ধাৰ নহ’ব, এটকা হ’লেও সুদ দিব লাগিব, পৰিয়ালৰ বুলিও ৰেহাই নেপাব। এটা সময় আছিল গাঁও হওক বা চহৰ—মৃতকৰ সৎকাৰ বা বিবাহ আদিত অংশগ্ৰহণ কৰাতো আছিল সামাজিক দায়িত্ব। দিনে দিনে সেয়া যেন হেৰাই যাব ধৰিছে। এক নিৰ্দিষ্ট দিনৰ অন্তত সম্পৰ্কীয় লোকৰ ঘৰলৈ গৈ খা-খবৰ লোৱাটো এটা নিয়ম আছিল, দায়িত্ববোধৰ ভিতৰত পৰিছিল। এতিয়া সময় টুটি আহিছে ইজনে সিজনৰ খবৰ কৰিবলৈ। মানুহবোৰৰ কিমান ব্যস্ততা ভাবিব নোৱাৰি। কৃষি-কৰ্ম গাঁৱলীয়া লোকৰ প্ৰধান জীৱিকা আছিল, জীৱন চৰ্যাৰ মূল সৌধ। শ্ৰম আৰু কৃষি পথাৰ আছিল সাংস্কৃতিক কৰ্মকাণ্ডৰ ক্ষেত্ৰ, মানুহবোৰ আছিল সৰল, জটিলতাবিহীন মনৰ আৰু জীৱনমুখী। থলুৱাভাৱেই গাঁৱৰ অৰ্থনীতি গঢ়ি উঠিছিল। উৎপাদিত সকলো আছিল স্বাস্থ্যসন্মত আৰু পৰিৱেশ অনুকূল। সোৱাদ আছিল সুকীয়া। এতিয়া সকলো সলনি হৈ গ’ল। কৃষক এতিয়া শ্ৰমিক হ’বলৈ বাধ্য হ’ল, অলপ সামৰ্থবান হ’লেই মানুহবোৰে গাঁৱৰ সেউজীয়া পৰিৱেশ এৰি চহৰৰ কৃত্ৰিম জাকজমকতা বেছি ভাল পোৱা হ’ল। মানুহৰ সোঁত ববলৈ ধৰিলে চহৰ-নগৰবোৰলৈ। মানুহবোৰ টকাসৰ্বস্ব মানসিক বেমাৰী হ’বলৈ ধৰিলে। টকা মুখ্য হৈ পৰিল। এনে মানসিকতা আহিল যে টকা হ’লে সকলো কিনিব পাৰি। শ বছৰ জীয়াই থাকিব পাৰি! তাৰ সুযোগতে বৃহৎ পুঁজিপতিসকলে শ্ৰম শোষণৰ বাট কাটিলে। টকাৰ আমদানি ঘটিল। টকাই আগতকৈ বেছি কথা ক’বলৈ ধৰিলে। টকাৰ মোহত মানুহবোৰৰ মাজত নিকৃষ্ট প্ৰতিযোগিতা চলিবলৈ ধৰিলে। সমাজখনৰ দ্ৰুত পৰিৱৰ্তন ঘটিল আৰু মানুহবোৰে সামাজিক দায়িত্ববোধ আৰু নৈতিকতা প্ৰায় হেৰুৱাই পেলালে। আগৰ যি এটা সামাজিক বান্ধোন আছিল আমাৰ সমাজখনত সেয়া শিথিল হৈ পৰিল আৰু বিপৰীতে টকানিৰ্ভৰ ব্যৱসায়ীক দৃষ্টিভঙ্গীৰে কৃত্ৰিম কিছুমান চৰিত্ৰ মানুহবোৰৰ মাজত গঢ় ল’বলৈ আৰম্ভ কৰিলে, ই ক্ৰমে ক্ৰমে ইখন সমাজৰ পৰা এইখন সমাজলৈ বিয়পিবলৈ ধৰিলে আৰু গভীৰ হ’বলৈ আৰম্ভ কৰিলে। এসময়ৰ জীৱনমুখী গাঁৱৰ সাংস্কৃতিক-সামাজিক সম্পদসমূহ ব্যৱসায়ীক পণ্যলৈ ৰূপান্তৰিত হ’ল। গাঁৱৰ বিহু গোৱা পাহুৱাল ডেকাজনৰ বিহুৰ সুৰটো চহৰৰ কোনো আধুনিক ষ্টুডিঅ’ত বাণীবদ্ধ হৈ ডেকাজনৰেই দ্ৰয়িং ৰুমত গ্ৰামোফোনত বাজিবলৈ আৰম্ভ কৰিলে। তাকে আৰামী চকীত বহি শুনি শুনি পুঁজিবাদী ব্যৱস্থাটোৱে সি ক’ব নোৱাৰাকৈ সলনি কৰি পেলোৱা তাৰ পেটুৱা দেহাটোৰে বেমাৰী হৈ পৰিল। এদিন মাটি বিক্ৰী কৰি কোনো ডাঙৰ ব্যৱসায়ীয়ে স্থাপন কৰা হাস্পতালত চিকিৎসা কৰি জীৱনৰ শেষচোৱা সময় অতিবাহিত কৰিবলৈ ধৰিলে। আৰু এনেকৈয়ে আমাৰ সমাজখন খুব সন্তৰ্পণে আমি কোনেও গম নোপোৱাকৈ মোট সলাই থাকিল। লগে লগে সলনি হৈ থাকিল আমাৰ মানসিকতাৰ। আমি বেছি ব্যক্তিকেন্দ্ৰিক হৈ পৰিলোঁ, আমি আমাৰ ব্যৱহাৰত মাত-কথাত কৃত্ৰিম হৈ পৰিলোঁ। মন খুলি কাকো মনৰ কথা ক’ব নোৱাৰা হ’লোঁ, আনকি জীৱন সংগীগৰাকীকো। প্ৰবঞ্চনা জীৱনৰ অংগ হৈ পৰিল। মনবোৰ জটিল হৈ আহিবলৈ ধৰিলে। লগে লগে এনেকুৱা ব্যস্ততা বঢ়িবলৈ ধৰিলে যে আমি জীৱনটোক এবাৰৰ বাবে হ’লেও ক’ৰবাত থমকি ৰৈ ঘূৰি চাবলৈ আহৰি নোপোৱা হ’লোঁ—ইত্যাদি ইত্যাদি।

ওপৰৰ আলোচনাখিনিৰ পৰা ধৰিব পাৰি যে যিধৰণে অৰ্থনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তন ঘটিছে, ঠিক তেনেধৰণে পৰিৱৰ্তন হৈছে সমাজ আৰু মানুহৰ মানসিকতাৰ। আৰু এইবোৰ পৰিৱৰ্তন হৈছে একমাত্ৰ পুঁজিবাদী, নব্য উদাৰবাদী বজাৰ সৰ্বস্ব অৰ্থনৈতিক ব্যবস্থাৰ আমদানিৰ জৰিয়তে।

পুঁজিবাদী ব্যৱস্থাই অকল সমাজখনক, নিভাজ সামাজিক-সাংস্কৃতিক চৰিত্ৰক আৰু পৰিয়াল আৰু শেষত মানুহবোৰকে অকল আঘাত কৰাত ক্ষান্ত নেথাকি পৰিকল্পিতভাৱে ৰাষ্ট্ৰক্ষমতা দখলৰ মাজেৰে ঠগ-প্ৰবঞ্চনা দুৰ্নীতি কৰি সাধাৰণ জনতাক লুণ্ঠন কৰি আগবাঢ়ি থাকিল।

চতুৰতাৰে কৰা ঠগ-প্ৰবঞ্চনা আৰু শোষণ কৰা কাৰ্যক “ৰাষ্ট্ৰ যন্ত্ৰৰে” আইনসংগত কৰি লৈ নিৰ্মাণ কৰা ব্যবস্থাটোৰ নামেই হৈছে পুঁজিবাদ। উদাহৰণ দিব পাৰি, আদানি-আম্বানিক কিছুমান আলংকাৰিক নামেৰে চতুৰতাৰে জনসাধাৰণৰ টকাৰে ঋণ দি ঋণ মাফ কৰি দিয়া ব্যবস্থাটোৰ নামেই হৈছে পুঁজিবাদ। ই আচলতে এক প্ৰকাৰৰ চিষ্টেমেটিক শোষণ।

পুঁজিবাদ নিজে এটি এনেকুৱা ব্যৱস্থা যি ব্যৱস্থাত শাসন-শোষণ কৰাৰ নিমিত্তে অৰ্থনৈতিকভাৱে সমাজখনক শ্ৰেণীৰে বিভক্ত কৰি লয়। আৰ্থ-সামাজিকভাৱে পুঁজিবাদী ব্যবস্থাত জন্ম লোৱা শ্ৰেণীভিত্তিক সমাজখনৰ বিষয়ে আলোচনা নকৰিলে পুঁজিবাদী ব্যবস্থাটোৰ বিষয়ে আৰু তাৰ ফলাফলসমূহৰ বিষয়ে কৰা আলোচনা অসম্পূৰ্ণ হৈ থাকিব। আমি এই শ্ৰেণীসমূহৰ বিষয়েও ইয়াত অতি চমুকৈ আলোচনা কৰাতো যুগুত হ’ব।

পুঁজিবাদী ব্যৱস্থাই মূলতঃ জন্ম দিয়া দুটা মূল শ্ৰেণী—বুৰ্জোৱা আৰু সাধাৰণ জনতা, ইয়াৰ মাজৰ এচাম থাকে পেটি বুৰ্জোৱা (petit bourgeois) বা মধ্যবিত্ত শ্ৰেণী। শ্ৰেণীগতভাৱে বুৰ্জোৱা বা পুঁজিপতি শ্ৰেণীটো পুঁজিবাদী ৰাষ্ট্ৰ এখনৰ ব্যৱস্থাটোৰ নিয়ন্ত্ৰক, তেওঁলোকে তেওঁলোকৰ সুবিধা মতে গোটেই ব্যৱস্থাটো গঢ়ি তোলে। মধ্যবিত্ত শ্ৰেণীটো বহু পৰিমাণে পুঁজিপতি শ্ৰেণীটোৰ নিকট, পুঁজিবাদী ব্যবস্থাটোৰ সমৰ্থক আৰু স্থিতাৱস্থাৰো সমৰ্থক। এওঁলোক শ্ৰেণীগতভাৱে পুঁজিবাদী ব্যৱস্থাটোৰ ইটো-সিটো শোষণ সাধনৰ পৰা চিটিকি পৰা ধন-সম্পত্তিৰ পিছত দৌৰি ফুৰা এটি টিপিকেল শ্ৰেণীৰ লোক। কেম্ব্ৰিজ অভিধান মতে পেটি বুৰ্জোৱাৰ সূত্ৰ হ’ল, “…..belonging to the lower middle social class, or having the characteristics that are considered typical of this class, such as thinking money and possessions are more important than other things, and not trusting new or different ideas”। এওঁলোকৰ আশা-আকাংক্ষাও বেছি, সেয়ে সুবিধাবাদী। ব্যৱস্থাটোৰ পৰা চিটিকি পৰা সা-সুবিধাবোৰৰ আশাত বা কেতিয়াবা সুযোগ বুজি ব্যৱস্থাটোৱে শিকাই বুজাই তোলা দুৰ্নীতিৰে তেওঁলোকৰ আশাক বাস্তৱ ৰূপ দিয়াৰ প্ৰচেষ্টা অব্যাহত থাকে। পিছে এওঁলোক তীব্ৰ অন্তৰ্দ্বন্দ্বৰে ভৰা। এওঁলোকক এখন নিকা নৈতিক সমাজ লাগে, কিন্তু নিজে অনৈতিক হৈ থাকে। দুৰ্নীতি মুক্ত সমাজ এখন লাগে, কিন্তু নিজক ধন লাগে—দুৰ্নীতি কৰি হ’লেও। এনেকুৱা বহু অন্তৰ্দ্বন্দ্বৰে জীৱন চলি থাকে, কিন্তু সমাজৰ মৌলিক পৰিৱৰ্তন যেন এওঁলোকৰ কাম্য নহয়।

কাজেই পুঁজিবাদী দুষ্ট ব্যবস্থাৰ মাজত জীয়াই থকা এইসকল মধ্যবিত্ত সাধাৰণ লোকসকলৰ মানসিকতা সততে দুষ্টতাৰে ভৰা হোৱাৰে কথা। ইয়াৰ পৰা আঁতৰি থকাটো ইমান সহজ কথা নহয়, ইয়াৰ বাবে দৰকাৰ হয় এটি সংগ্ৰামী মনৰ আৰু এনেকুৱা এটি সংগ্ৰামী মনৰ অধিকাৰী হ’বলৈ লাগে অহৰহ সাধনা আৰু বৌদ্ধিক কচৰতৰ, যিটো নিৰান্নবৈ শতাংশ লোকৰ বাবে সম্ভৱ নহয়।

পুঁজিবাদী ব্যৱস্থাৰ শেষৰ আৰু একেবাৰে তলৰ বৃহৎ শ্ৰেণীটো হৈছে শ্ৰমিক কৃষক শ্ৰেণী বা প্ৰ’লেটাৰীয়েত শ্ৰেণী। এই শ্ৰেণীটোৱে শ্ৰেণীগতভাৱে বৈপ্লৱিক চেতনাৰ ভৰা। এই চেতনা সদায়ে এওঁলোকৰ ভিতৰত সুপ্ত অৱস্থাত থাকে। এওঁলোক শোষিত আৰু আটাইতকৈ বঞ্চিত, আৰ্থিকভাৱে আৰু সামাজিকভাৱেও। এওঁলোক পৰিৱৰ্তন পিয়াসী, কিন্তু পুঁজিবাদী ব্যৱস্থাটোক উফৰাই পেলাবলৈ এওঁলোকক সংঘবদ্ধ কৰাৰ সমান টান কাম এই পৃথিৱীত যেন আন একোৱেই নাই। এওঁলোকক জাতি-ধৰ্মৰ নামত বিভক্ত কৰি ৰখা হয়, পুঁজিবাদী ৰাষ্ট্ৰব্যৱস্থাই এওঁলোকক সততে ভয় ভীতিৰে দমন কৰি ৰাখে। এওঁলোকৰ বাবে আইন সদায়ে কঠোৰ। জেলসমূহ এওঁলোকৰ বাবেই নিৰ্মিত। এওঁলোকক বাধ্য কৰোৱা হয় অপৰাধ কৰিবলৈ, বিভিন্নধৰণে মানসিকভাৱে চলোৱা হয় অত্যাচাৰ। আৰু এইবোৰ কৰা হয় যাতে এওঁলোক ঐক্যবদ্ধ হ’ব নোৱাৰে, যাতে এওঁলোক মানসিকভাৱে দুৰ্বল হৈ থাকে। যাতে পুঁজিবাদী ব্যবস্থাটোৰ পৰিৱৰ্তন কৰিব নোৱাৰে। সেয়া যে অকল কোনো এখন দেশৰ পুঁজিপতিসকলেই কৰে এনে নহয়, এয়া আন্তৰ্জাতিকভাৱে আৰু খুব পৰিকল্পিতভাৱে প্ৰচুৰ ধনৰ বিনিময়ত কৰা হয়।

পিছে এই ব্যবস্থা সকলো সময়তে সদায় একে নেথাকে। ইয়াৰ পৰিৱৰ্তন অৱশ্যম্ভাৱী, কাৰণ পৰিৱৰ্তন এক চিৰন্তন সত্য, বিজ্ঞানসন্মত কথা। এই মহাজগতত একো বস্তুৱেই চিৰকাল একে নেথাকে। সকলোৰে পৰিৱৰ্তন অনিবাৰ্য। কাজেই সকলোৰে ভৱিষ্যত থাকে।

পুঁজিবাদৰ ভৱিষ্যত কি, ইয়াৰ কোনো ব্যাখ্যা পুঁজিবাদে দিবলৈ অপাৰগ। যদি পুঁজিবাদৰ কোনো ভৱিষ্যত নাই, ই চিৰকাল একেই থাকে বুলি ক’ব খোজে, তেতিয়া হ’লে ই চূ‌ড়ান্ত ফাঁকিবাজি আৰু অবৈজ্ঞানিক কথা। আৰু যদি সেয়াই হয় তেনেহ’লে সমাজ-অৰ্থনীতি আৰু ইয়াক লৈ জীয়াই থকা মনুষ্যবোৰ আজি পুঁজিবাদী ব্যৱস্থাত যি অৱস্থাত আছে তাৰো কোনো পৰিৱৰ্তন নহ’ব। পুঁজিবাদীসকল আৰু তাৰ সমৰ্থক আৰু শেষত পুঁজিবাদী সমাজ এখন নীতিগতভাৱেই অবৈজ্ঞানিক চিন্তাৰে ভৰা পয়ালগা সমাজ। সেয়ে ইয়াৰ প্ৰতিগৰাকী নাগৰিকৰে চিন্তা বেছি ধাৰ্মিক আৰু পশ্চাদপদ। এই সমাজৰ লোকৰ ভৱিষ্যততকৈ অতীতৰ প্ৰতি প্ৰীতি বেছি আৰু সেয়ে মনবোৰ অবৈজ্ঞানিক চিন্তাৰে ভাৰাক্ৰান্ত।

পুঁজিবাদী ব্যৱস্থা এটা হয়তো কেতিয়াবা ক্রনি পুঁজিবাদৰ ৰূপত আৰু কেতিয়াবা সাম্ৰাজ্যবাদৰ দৰে মাৰাত্মক ৰূপত আত্মপ্ৰকাশ কৰে। এই অৱস্থাত সাধাৰণ শ্ৰমিক-কৃষকৰ দৰে প্ৰলেটাৰীয়েত শ্ৰেণীটোৰ দুৰ্দশাৰ মাত্ৰা বাঢ়ে।

গতিকে আমি বুজিব পাৰোঁ যে পুঁজিবাদী ব্যৱস্থা এটা চিৰস্থাযী ব্যবস্থা কেতিয়াও নহয়। ইয়াৰো পৰিৱৰ্তন হোৱাটো এটা স্বাভাৱিক আৰু বৈজ্ঞানিক সত্য। কিন্তু পুঁজিবাদৰ ভৱিষ্যতৰ নতুন ৰূপ কি হ’ব? কেনেকৈ হ’ব? স্বাভাৱিক প্ৰক্ৰিয়াৰ দ্বাৰা হ’ব নে মানুহেই পৰিৱৰ্তন কৰি ল’ব? যিহেতু প্ৰলেটিৰিয়েত শ্ৰেণীটো চৰিত্ৰগতভাৱেই প্ৰগতিশীল বা পৰিৱৰ্তনমুখী, গতিকে এওঁলোকৰ ভূমিকা কি হ’ব? ইয়াৰ ব্যাখ্যা পৃথিৱীৰ সৰ্বকালৰ শ্ৰেষ্ঠ সমাজ-বিজ্ঞানী আৰু দাৰ্শনিক কাৰ্ল মাৰ্ক্সে দি থৈ গৈছে। তেওঁ কৈছে “Philosophers have only interpreted the world, in various ways; the point, however, is to change it”।

Leave a Reply

Your email address will not be published. Required fields are marked *