নিবন্ধবিবিধ চিন্তা

পুঁজিবাদৰ অবসান কেতিয়া?   (মূল: মাইক গেমবেল ; ভাবানুবাদ : প্ৰদীপ শইকীয়া)

বহুলোকে এই কথা নুবুজে যে লগ্নিপুঁজি লেনিনে আৱিষ্কাৰ কৰা নাছিল, আৱিষ্কাৰ কৰিছিল মাৰ্ক্সে। এই আৱিষ্কাৰক ভিত্তি কৰি লেনিনে লিখি উলিয়াইছিল তেওঁৰ বিখ্যাত গ্ৰন্থ ‘সাম্ৰাজ্যবাদ: পুঁজিবাদৰ সৰ্বোচ্চ পৰ্যায়’। পুঁজিবাদক সৰ্বোচ্চ পৰ্যায়লৈ লৈ যোৱাৰ বুনিয়াদ গঢ়ি আহিছে বেংকে, একেবাৰে সেই আৰম্ভণিৰ দিনৰে পৰা। মাৰ্ক্সৰ কেপিটেল গ্ৰন্থৰ প্ৰথম খণ্ডৰ পৰা এই উক্তি দাঙি ধৰিলোঁ:

জাতীয় ঋণৰ লগতে আন্তৰ্জাতিক ক্ৰেডিট পদ্ধতিৰো উন্মেষ ঘটিছিল। এই পদ্ধতিৰে এইখিনি মানুহে বা সেইখিনি মানুহে প্ৰাথমিক সঞ্চয়ৰ এক উৎস গোপন কৰিছিল। ভেনিচৰ চৌৰ্য বৃত্তিত লিপ্ত খলনায়কহঁতে হলেণ্ডৰ পুঁজি-সম্পদৰ গোপন উৎস গঢ়ি তুলিছিল। অধঃপতনে যোৱা ভেনিচে হলেণ্ডক বিশাল পৰিমাণৰ ধন ধাৰলৈ দিছিল। ইংলেণ্ডৰ ক্ষেত্ৰতো সেয়ে হৈছিল। ১৮ শতিকাৰ আৰম্ভণিতে দাচ নিৰ্মাণ-শিল্পৰ পতন ঘটিবলৈ ধৰে। বাণিজ্য আৰু শিল্পত হলেণ্ডৰ প্ৰভাৱ কমি যায়। ১৭০১-১৭৭৬ চনৰ সময়চোৱাত হলেণ্ড ঋণ ব্যৱসায়ত ‌জ‌ড়িত হয়। সেই সময়তে হলেণ্ডে নিজৰ প্ৰতিদ্বন্দ্বী যুক্তৰাজ্যক (ইংলেণ্ড) প্ৰচুৰ ঋণ দিছিল। আজি সেই একেই ঘটনাৰ পুনৰাবৃত্তি ঘটিছে ইংলেণ্ড আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাজত। আজি যি বিশাল পৰিমাণৰ পুঁজি আমেৰিকাৰ হাতলৈ গৈছে সেইখিনিৰ জন্মৰ প্ৰমাণপত্ৰ নাই যদিও অতীতত সেইখিনি ইংলেণ্ডৰেই আছিল। সেই পুঁজিও শিশুৰ ৰক্তেৰে ৰঞ্জিত” (পৃ: ৭০৭, প্ৰগতি প্ৰকাশন মস্কো)।

মই মাৰ্ক্সৰ এই উক্তি কিয় উদ্ধৃত কৰিলোঁ বা মাৰ্ক্সৰ উক্ত কথা আজি কিমান প্ৰাসংগিক? কথাখিনিৰ প্ৰয়োজনীয়তা এইখিনিতে যে আজি ইউক্ৰেইন আৰু টাইৱানক লৈ বিশ্বত উদ্ভৱ হোৱা পৰিস্থিতি বুজাত সহায়ক হ’ব।

দাচসকলক কিয় ভেনিচ বেংকৰ ধনৰ প্ৰয়োজন হৈছিল?

বন্দৰ আৰু জাহাজ নিৰ্মাণ, তাক কেন্দ্ৰ কৰি চাৰিওদিশে শিল্প-উদ্যোগ স্থাপন কৰিবলৈ দাচসকলক বিশাল অংকৰ ধনৰ দৰকাৰ হৈছিল। আমেৰিকাৰ গৃহযুদ্ধৰ পূৰ্বে ইংলেণ্ডৰ অৰ্থনীতি আছিল আটাইতকৈ শক্তিশালী সাম্ৰাজ্যবাদী অৰ্থনীতি। আমেৰিকাৰ পৰা ইংলেণ্ডলৈ কৃষিজাত বয়-বস্তুহে আমদানি কৰা হৈছিল, বিশেষকৈ ইংলেণ্ডৰ মানচেষ্টাৰৰ বস্ত্ৰ উদ্যোগলৈ আমেৰিকাৰ পৰা কপাহ অনা হৈছিল। ১৭৭৬ চনৰ বিপ্লৱৰ পিছত বৃটেইনৰ পুঁজিপতিবিলাকে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বন্দৰ, ৰাস্তাঘাট, ৰে’লপথ, জাহাজ আদিৰ নিৰ্মাণত ধন বিনিয়োগ কৰিছিল। উদ্দেশ্য আছিল আমেৰিকাৰ কৃষিপণ্য বৃটেইনলৈ পৰিবহন কৰাৰ প্ৰক্ৰিয়াটো তৰাণ্বিত কৰা। এইটো কৰিবলৈ যাওঁতে আমেৰিকাৰ উত্তৰাঞ্চলত শিল্প-উদ্যোগ গঢ়াৰ শক্তিশালী আন্ত:গাঁথনি প্ৰস্তুত হৈ যায়। কিন্তু ১৮৭৩  চনত বৃটেইনত শিল্পৰ বুনিয়াদত ভাঙোন ধৰে।

ৱালষ্ট্ৰীটকেন্দ্ৰিক পুঁজিপতি পৰজীৱিবিলাকে মাৰ্কিন যুক্তৰাষ্ট্ৰত নিজৰ উদ্যোগ বন্ধ কৰি চীনত শিল্প-উদ্যোগ গঢ়াত পুঁজিৰ যোগান ধৰে। কেইবাদশক আগতে মাৰ্কিন চৰকাৰে উক্ত পুঁজিপতিবোৰক বিদেশলৈ উদ্যোগ স্থানান্তৰিত কৰিবলৈ উদ্গণি দি আইন পাছ কৰিছিল। মাৰ্কিন পুঁজিপতি আৰু সিহঁতৰ ইউৰোপীয়ান সহযোগীবোৰে সেই কাম কিয় কৰিলে? তেনে কৰাৰ মূল উদ্দেশ্য আছিল মুনাফা, মুনাফা—কেবল মুনাফা—অৰ্থাৎ মুনাফাৰ পৰ্বত গঢ়ি তোলা। ৱালষ্ট্ৰীটৰ পুঁজিপতিহঁতে চীনত উদ্যোগ স্থাপন কৰাটোক মুনাফাৰ পাহাৰ গঢ়াৰ সোণালী সুযোগ হিচাপে গণ্য কৰিছিল। কিয়নো, চীনত সিহঁতে যিমান মুনাফা অৰ্জন কৰিব, সেয়া নিজ দেশতকৈ বহুগুণে বেছি। এই কাম কৰিবলৈ যাওঁতে আমেৰিকাৰ পুঁজিপতিবোৰে নিজ দেশতো শিল্পত উচ্চ প্ৰযুক্তিৰ বিপ্লৱ ঘটাই শক্তিশালী শ্ৰমিক আন্দোলনক নিশকতীয়া কৰিবলৈ সুবিধা পালে। আমেৰিকাত বন্ধ হৈ গ’ল লোৰ কাৰখানা আৰু যান-বাহনৰ শিল্প-উদ্যোগৰ এক বিৰাট অংশ। এইক্ষেত্ৰখনেই আছিল আমেৰিকাৰ শ্ৰমিক আন্দোলনৰ মেৰুদণ্ড।

চীনৰ উত্থানত বৰঙণি যোগোৱা আমেৰিকাৰ সেই পৰজীৱী পুঁজিপতিহঁতেই চীনৰ প্ৰগতি আৰু ৰাছিয়াৰ শক্তিত আজি হতভম্ব।

লেনিনে কৈছিল, “পুঁজিপতিয়ে আমাক সেই ৰছীডালো বিক্ৰী কৰিব যিদাল ব্যৱহাৰ কৰি আমি পুঁজিপতিক ফাঁচি দিম”।

এই পুঁজিপতি পৰজীৱিবোৰে চোভিয়েট ইউনিয়নৰ পতন ঘটাইছিল। তাৰ পাছত কিন্তু সাম্ৰাজ্যবাদীহঁতে ৰাছিয়াক প্ৰতিদ্বন্দ্বী পুঁজিবাদী ৰাষ্ট্ৰৰূপত মানিবলৈ অস্বীকাৰ কৰিলে। আনকি ৰাছিয়াক মাৰ্কিন সাম্ৰাজ্যবাদীৰ অধীন ৰাষ্ট্ৰ হিচাপেও স্বীকাৰ কৰা নহ’ল (যিদৰে বৃটেইন, জাপান, জাৰ্মানী, ফ্ৰান্স আমেৰিকাৰ দাস ৰাষ্ট্ৰ হিচাপে আছে)। ৱালষ্ট্ৰীটৰ ৰঘুমলাহঁতে ৰাছিয়াক এখন নব্য উপনিৱেশ হিচাপেহে গঢ়ি ল’ব খুজিছিল। সিহঁতৰ চকু পৰিছিল ৰাছিয়াৰ সুবিশাল প্ৰাকৃতিক সম্পদৰ ওপৰত আৰু সেই সম্পদ কেনেকৈ লুণ্ঠন কৰি নি:শেষ কৰিব পাৰি তাৰেই চিন্তাত মগ্ন আছিল। ৰক্তপিপাসু সেই চিকাৰীবোৰৰ বাবে ৰাছিয়াৰ প্ৰাকৃতিক সম্পদ হৈছে মুনাফাৰ সোণালী ভাণ্ডাৰ। মাৰ্কিন সাম্ৰাজ্যবাদীহঁতে ৰাছিয়াক ইউৰোপৰ পুঁজিপতিৰ লগত, বিশেষকৈ জাৰ্মানীৰ লগত মিতিৰ পাতিবলৈ নিদিলে। আমেৰিকাই ভয় খাইছিল জানোচা সেইটো হ’বলৈ দিলে ৰাছিয়া-জাৰ্মানী যুটি, মাৰ্কিন সাম্ৰাজ্যবাদৰ সমান্তৰাল প্ৰতিদ্বন্দ্বী হৈ উঠে! ইউৰোপৰ ব্যৱসায়-বাণিজ্যৰ পৰা বঞ্চিত হৈ ৰাছিয়াই অন্যত্ৰ বজাৰ আৰু সহযোগীৰ সন্ধান কৰিবলৈ ধৰে যাতে চোভিয়েট ইউনিয়নৰ পৰা উত্তৰাধিকাৰ সূত্ৰে লাভ কৰা বৃহৎ বৃহৎ শিল্প উদ্যোগবোৰ সুচাৰুৰূপে চলাই যাব পাৰে।

যেতিয়া মাৰ্কিন সাম্ৰাজ্যবাদে নেতৃত্ব দিয়া নেটোৱে (NATO) ৰাছিয়াক ইউক্ৰেইনত সামৰিক হস্তক্ষেপ কৰিবলৈ বাধ্য কৰালে তেতিয়া আমেৰিকাই ভাবিছিল যে তেওঁলোকে আৰোপ কৰা কঠোৰ অৰ্থনৈতিক প্ৰতিবন্ধকতাৰ ফলত ৰাছিয়াৰ অৰ্থনীতি চুৰমাৰ হৈ যাব। প্ৰক্সি যুদ্ধৰ (আমেৰিকাৰ হৈ ইউক্ৰেইনে কৰা যুদ্ধ) পূৰ্বেই আমেৰিকাই জানিছিল যে যুদ্ধখনত ৰাছিয়া জয়ী হ’ব। ৰাছিয়া যে জয়ী হ’ব— সেইটোক লৈ মাৰ্কিন যুদ্ধবাজহঁতৰ কোনো মূৰৰ কামোৰণি নাই। প্ৰকৃততে ইউক্ৰেইনৰ যুদ্ধত আমেৰিকাৰ লক্ষ্য ইউক্ৰেইন নহয়, লক্ষ্য ৰাছিয়া, ৰাছিয়াহে আমেৰিকাৰ বাবে আচল সাম্ভাব্য উপহাৰ। আমেৰিকান পৰজীৱিবোৰ পতিয়ন গৈছিল যে সিহঁতে নিয়ন্ত্ৰণ কৰা পুঁজিবাদী বজাৰখনে ৰাছিয়াৰ অৰ্থনীতিক চাৰিওফালৰ পৰা চেপি ধৰিব, ইউক্ৰেইন যুদ্ধৰ ব্যয়ৰ বোজাই ৰাছিয়াৰ অৰ্থনীতি সংকটৰ গৰাহলৈ ঠেলি দিব আৰু ৰাছিয়াৰ চৰকাৰৰ পৰিৱৰ্তন ঘটিব। কিন্তু মাৰ্কিন সাম্ৰাজ্যবাদৰ পৰিকল্পনা সফল হোৱাৰ পৰিৱৰ্তে পথচ্যুৎ হৈ পৰিল।

এই পথচ্যুতিৰ কাৰণনো কি?

আমেৰিকাৰ অহংকাৰী পৰজীৱীবোৰে এটা কথা বুজাত ব্যৰ্থ হ’ল যে প্ৰকৃত অৰ্থনীতিয়েহে যুদ্ধৰ পৰিণতি নিৰ্ণয় কৰে, মুনাফাই যুদ্ধৰ পৰিণতি নিৰ্ধাৰণ কৰিব নোৱাৰে। এই পুঁজিবাদী ৰঘুমলাহঁতৰ কাগজী ধনৰ ওচৰত বিক্ৰী হৈ যোৱা নিজ নিজ দেশৰ ৰাজনীতিকবোৰে বুজিয়েই পোৱা নাছিল যে বাস্তৱ শিল্পক্ষেত্ৰৰ মজবুত বুনিয়াদেহে যুদ্ধৰ ফলাফল নিৰ্ণয় কৰে।

এই পুঁজিবাদী পৰজীৱীবোৰে বিশ্বাস কৰিছিল যে সিহঁতৰ বেংকৰ জমাধনে সকলো নিৰ্ধাৰণ কৰে। কিন্তু শিল্প-উদ্যোগ হৈছে অৰ্থনৈতিক শক্তিৰ নিৰ্যাস যিটো ৰাছিয়া আৰু চীনতহে বিদ্যমান। চীনৰ শিল্প-উদ্যোগৰ ক্ষেত্ৰভূমি আজিৰ তাৰিখত আমেৰিকাৰ ক্ষেত্ৰতকৈ দুগুণ বেছি বৃহৎ। মাৰ্কিন সাম্ৰাজ্যবাদে ৰাছিয়াক নিজৰ অধীন কৰিবলৈ অস্বীকাৰ কৰিছিল বাবেই ৰাছিয়াৰ বৃহৎ বৃহৎ উদ্যোগক আমেৰিকাৰ অৰ্থনৈতিক অৱৰোধে বিপৰ্যস্ত কৰিব নোৱাৰিলে। মাৰ্কিন নেতৃত্বাধীন সাম্ৰাজ্যবাদীহঁতে ইউক্ৰেইন যুদ্ধত প্ৰমাণ পালে ৰাছিয়াৰ অৰ্থনীতি কিমান শক্তিশালী।

মাৰ্কিন সাম্ৰাজ্যবাদীৰ হাতত দীৰ্ঘদিন ধৰি নিপীড়িত হৈ থকা জাতিসমূহৰ ৰাজনীতিকসকল আজি বেইজিং আৰু মস্কোমুখী হৈছে। আমেৰিকাৰ নেতৃত্বাধীন দেশে বেইজিং আৰু মস্কোমুখী ৰাজনীতিকসকলক বাধা দি ৰাখিব পৰা নাই। বিশ্ব আজি চিৰদিনৰ বাবে সলনি হৈছে।

এই অৱস্থাই এইটো বুজায় নে কি যে বিশ্বৰ শ্ৰমিকসকলে পুঁজিবাদৰ বিৰুদ্ধে জয় সাব্যস্ত কৰিছে? নাই,এইটো এতিয়াও হৈ উঠা নাই।

মাৰ্কিন সাম্ৰাজ্যবাদীয়ে নেতৃত্ব দিয়া বিশ্বৰ অবনতি আৰু পতনে শ্ৰেণীসংগ্ৰামৰ পৰৱৰ্তী স্তৰৰ সূচনা কৰিছে। পুঁজিবাদক কবৰ দিবৰ বাবে দেশে দেশে কমিউনিষ্ট পাৰ্টিসমূহে পুনৰ জনম লভিছে। পুঁজিবাদৰ অৱসানক সম্ভৱ কৰিবলৈ আন্তৰ্জাতিক কমিউনিষ্ট পাৰ্টিৰ গঠন অনিবাৰ্য।

কমিউনিজম দীৰ্ঘজীৱী হওক, কমৰেড।

Leave a Reply

Your email address will not be published. Required fields are marked *