কেন্দ্ৰীয় নিবন্ধ

পুৰণি অসমৰ আৰ্থ-সামাজিক ব্যৱস্থা-(টুনুজ্যোতি গগৈ)

অসমত সুদীৰ্ঘ ছশ বছৰ ৰাজত্ব কৰা টাই-আহোমসকলৰ মাজত বুৰঞ্জী লিখাৰ প্ৰথা প্ৰচলিত আছিল বাবে বুৰঞ্জীসমূহে কেৱল আহোম ৰজাসকলৰ শাসনকাৰ্যৰে সম্ভেদ নিদিয়ে; আহোম যুগৰ অসমৰ সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক দিশৰো কিছু সম্ভেদ দিয়ে। আহোম যুগৰ পূৰ্বে কোনো লিখিত বুৰঞ্জী নথকাত সেই সময়ছোৱাৰ সামাজিক-সাংস্কৃতিক-ৰাজনৈতিক-অৰ্থনৈতিক অৱস্থাৰ সমল সন্ধান কৰিবলৈ হ’লে লোকগীত, বিহু নাম, সাধু, ডাকৰ বচন, ফকৰা যোজনা, শিলালিপি, তাম্ৰফলি আদিৰ কাষ চাপিবলগীয়া হয়। মহাকবি বণভট্টৰ হৰ্ষ চৰিতত কামৰূপৰ ৰজা ভাস্কৰ বৰ্মা(৫৯৪-৬৫০)ৰ বিষয়ে উল্লেখ পোৱা যায়। হৰ্ষ বৰ্ধন (৬০৬-৬৪৬)ৰ শাসন কালত চীন পৰিব্ৰাজক তথা বৌদ্ধভিক্ষু হিউৱেন চাং ভাস্কৰ বৰ্মাৰ আমন্ত্ৰণ ক্ৰমে কামৰূপলৈ কিছুদিনৰ বাবে আহিছিল আৰু তেওঁ কামৰূপ সম্পৰ্কে এক টোকা লিখি থৈ গৈছিল।

পৰিব্ৰাজক হিউয়েন চাঙৰ বিৱৰণে প্ৰাচীন অসমৰ বহু আৰ্থ-সামাজিক দিশেই ভাস্বৰিত কৰি তোলে। তেওঁ লিখিছিল—‘পুণ্ড্ৰৱৰ্ধন এৰি পূব দিশলৈ গমন কৰিলোঁ। প্ৰায় ৯০০ লি পথ অতিক্ৰম কৰাৰ পাছত এখন নদী পাৰ হৈ ‘কিআ-মো-লু-পো’ বা কামৰূপ ৰাজ্যত উপস্থিত হ’লোঁ। (আচলতে তেওঁ মগধৰ পৰাহে কামৰূপলৈ আহিছিল—দাসগুপ্ত)। এই ৰাজ্যখনৰ আয়তন দহ হাজাৰ লি-ৰ ওচৰা-উচৰি। ৰাজধানীৰ পৰিধি প্ৰায় ত্ৰিশ লি (প্ৰায় এদিনৰ বাট)। ইয়াৰ ভূমিভাগ কিছু দ; কিন্তু জীপাল আৰু উৰ্বৰা। ইয়াত নিয়মিতভাৱে খেতি-বাতি কৰা হয়। ইয়াত কঁঠাল আৰু নাৰিকলৰ খেতি হয়। সেই দুবিধ ফলৰ গছ ইয়াত প্ৰচুৰ পৰিমাণে পোৱা গ’লেও, সেই ফলবোৰক বিশেষ মূল্য বা মৰ্যাদা দিয়া নহয়। নদী বা পাৰ বন্ধা সৰোবৰৰপৰা খাল খান্দি বোৱাই নিয়া পানীৰে চহৰবোৰ ঘেৰি ৰখা হৈছে। ইয়াৰ জলবায়ু নাতিশীতোষ্ণ; জাৰ বা জহ কোনোটোৱেই বেছি অনুভূত নহয়। মানুহবোৰৰ চাল-চলন ধীৰ-গম্ভীৰ, সৎ প্ৰকৃতিৰ। এওঁলোকৰ চেহেৰা সৰু ফুটীয়া, চুটি-চাপৰ। গাৰ ৰং হালধীয়া। এওঁলোকৰ ভাষা মধ্য ভাৰতৰ ভাষাতকৈ অলপ লৰ। (টোকাটোত উল্লেখ হোৱা মধ্য ভাৰত মানে তেতিয়াৰ মগধ অঞ্চল)। স্বভাৱৰ দিশত এওঁলোক গোঁৱাৰ, একাচেকা, বন্য ধৰণৰ। জ্ঞান-চৰ্চাৰ প্ৰতি এওঁলোক অতিশয় আগ্ৰহী।’

য়ি যি হওক, পুৰণি অসমৰ জনসাধাৰণৰ বাবে কৃষিয়েই আছিল প্ৰধান জীৱিকাৰ উপায় আৰু ধানেই আছিল কৃষিৰ প্ৰধান শস্য। অসমৰ থলুৱা আৰু প্ৰাচীন জনগোষ্ঠীসমূহ ঝুমখেতিত অভ্যস্ত হ’লেও দশম শতিকাৰ আগে আগে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ঠায়ে ঠায়ে নাঙলেৰে হাল বাই কৰা শালি খেতিয়ে প্ৰসাৰ লাভ কৰিছিল। ব্ৰহ্মপুত্ৰ উপত্যকাত শালি খেতিয়ে প্ৰসাৰ লাভ কৰাৰ আন এক অৰ্থ হ’ল, উপত্যকাটোত আৰ্য সংস্কৃতিয়েও প্ৰসাৰ লাভ কৰিছিল আৰু তাৰ লগে লগে পৰৱৰ্তী সময়ত অসমীয়া বুলি পৰিচিত হোৱা প্ৰাকৃত ভাষাটো বিকশিত হৈছিল। নক’লেও হয় যে আৰ্য সংস্কৃতি উন্নত উৎপাদন প্ৰক্ৰিয়াৰ অধিকাৰী আছিল বাবে আৰ্যসকলৰ ভাষা-সংস্কৃতিৰ প্ৰতি তুলনামূলকভাৱে অনুন্নত উৎপাদন প্ৰক্ৰিয়াৰ অধিকাৰী থলুৱা জনগোষ্ঠীসমূহ আকৰ্ষিত হৈছিল।

পুৰণি অসমৰ জনসাধাৰণে নানা প্ৰকাৰৰ লাহি, বৰা, জহা আদি ধানৰ খেতিও কৰিছিল। খেতি কৰিবলৈ কাঠৰ নাঙলত লোৰ ফাল লগাইছিল। ফাল হিচাবে গঁড়ৰ দাঁত আৰু খৰ্গও ব্যৱহাৰ কৰা হৈছিল। সাধাৰণতে বলদ গৰুৱেহে হাল টানিছিল। বহু খেতিয়কে হাল টানিবলৈ ম’হো ব্যৱহাৰ কৰিছিল। প্ৰাচীন কালত সম্ভৱতঃ কঠীয়া পাৰি ধানৰ খেতি কৰা নহৈছিল। প্ৰচুৰ পৰিমাণে সাৰুৱা আৰু অনাবাদী খেতিৰ মাটি আছিল বাবে ধান, মাহ আদি খেতি সিঁচি দিয়া পদ্ধতিত কৰা হৈছিল। ধান খেতি বছৰত এবাৰহে কৰা হৈছিল। খেতি মাটিবোৰ খুবেই সাৰুৱা আছিল বাবে এবাৰ খেতি কৰিলেই পৰিয়ালৰ লোকে বছৰটোলৈ খাবলৈ জুৰিছিল। প্ৰাচীন অসমৰ ৰজাসকলে মাটি দান কৰা দানপত্ৰত উল্লেখ থকা ‘সজলস্থ’, ‘জল’, ‘গৰ্ত’ আদি শব্দবোৰে প্ৰমাণ কৰে যে অসমত দূৰ অতীতৰপৰাই খেতি পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছিল। পুৰণি অসমত মাটি আছিল ৰাজ-সম্পদ। জনসাধাৰণে পোনেই মাটি-বাৰী আৰু গৰুহাল যোগাৰ কৰাৰ পাছত খেতি-বাতি কৰি পৰিয়াল পোহপাল দিয়াৰ কথা ভাবিছিল। মাটি ভোগ কৰাৰ বিনিময়ত প্ৰজাই ৰজাঘৰক নিৰ্দিষ্ট কৰ দিব লগা হৈছিল। অৱশ্যে, ৰজাঘৰীয়া পৰিয়াল, ৰাজ কৰ্মচাৰী, পুৰোহিত আদিয়ে কৰ দিব নালাগিছিল। এনে মাটি তেওঁলোকে আনক খেতি কৰিবলৈ দিছিল আৰু উৎপাদিত শস্যৰ এটা ভাগ তেওঁলোকে পাইছিল। উল্লেখ্য যে সাধাৰণ প্ৰজাক ৰজাঘৰে ভোগ কৰিবলৈ দিয়া মাটিৰ পৰিমাণ ধানৰ মাত্ৰাত স্থিৰ কৰা হৈছিল। এদোণ (প্ৰায় চাৰি কিলোগ্ৰাম) ধানৰ বীজ প্ৰায় এবিঘা মাটিত সিঁচিব পৰা গৈছিল। মাটি-বাৰী যোগাৰ হোৱাৰ পাছত গৰুহাল যোগাৰ কৰিব নোৱাৰিলে কোৰ মাৰি হ’লেও খেতি কৰিছিল। বহুতে পাম পাতিও খেতি কৰিছিল।

প্ৰাক শংকৰী বা শংকৰী যুগৰ সাহিত্য, তাম্ৰফলি, ফকৰা যোজনা, কথা গুৰু চৰিত আদিত উল্লেখ থকা অসমৰ অন্যান্য শস্যসমূহ হ’ল— লাও, কোমোৰা, বেঙেনা, কুঁহিয়াৰ, নাৰিকল, কন্টাফল (কঁঠাল), আম, জাম্বু, শ্ৰীফল, কল, ডুম্বৰী (ডিমৰু), বেতস, তাম্বুল, মধুৰী, বগৰী, উৰহী, তেঁতেলী, ঔ টেঙা আদি। প্ৰাচীন অসমত আলু, পটল, কবি, ঘেঁহু আদিৰ খেতি নহৈছিল। বুৰঞ্জীসমূহতো মাছ ধৰাৰ বিভিন্ন সঁজুলি (খোকা, ডিঙৰা, জাল আদি)ৰ লগতে কচু, ঢেকীয়া, লাই, মেটেকা, ভেঁট, মেৱা ফল, নাৰিকল, বৰালি আদি বিভিন্ন শাক-পাচলি তথা ফল-মূল; বৰালি, চেঙা, ৰৌ, চিতল আদি মাছ; পহু, পাঠা, গাহৰি, হাঁহ, কুকুৰা, পাৰ আদি জীৱ-জন্তুৰ বিষয়ে উল্লেখ আছে। বুৰঞ্জীত দাইলৰ বিষয়ে উল্লেখ থাকিলেও কি জাতৰ দাইলৰ খেতি কিমান পৰিমাণৰ কৰা হৈছিল, তাৰ উল্লেখ পোৱা নাযায়। সম্ভৱতঃ খেচাৰি দাইলৰ খেতি শালি ধানৰ লগতে কৰিছিল। অসমত পূৰ্বৰে পৰা আদৰ পোৱা মাটি মাহ প্ৰচুৰ পৰিমাণে উৎপন্ন হৈছিল। মচলা হিচাবে ব্যৱহাৰ কৰিবলৈ আদা, তেজপাত, হালধি, জালুক, জীৰা, পিপলি, কৰ্পূৰ, সৰিয়হ আদিৰ খেতি কৰা হৈছিল। অসমত ৰঙা, বগাকে ধৰি নানা বৰণৰ কুঁহিয়াৰৰ খেতি হৈছিল আৰু কুঁহিয়াৰৰ গুৰ অতি স্বাদযুক্ত আছিল।

পুৰণি কালৰপৰাই অসমত গৰু-ম’হ পালন কৰা হৈছিল। হাল টানিবৰ বাবে গৰু আৰু ম’হ পোহাৰ বিপৰীতে গাখীৰৰ বাবে গাই পোহা হৈছিল। বহু লোকে ছাগলীও পুহিছিল। গৰু-ম’হক ঘাঁহ খাবলৈ গাঁৱৰ কাষৰ চৰণীয়া পথাৰত মেলি দিয়া হৈছিল। ঘৰত ধান খেৰ, শাক-পাচলি, সৰিয়হৰ খলিহৈ আদি গৰু-ম’হক খাবলৈ দিছিল। অৱস্থাপন্ন পৰিয়ালৰ লোকে হাতী পুহিছিল। ঘৰচীয়া হাতী যাতায়ত, গধুৰ বস্তু কঢ়িওৱা, কাঠ টনা আদি কামত ব্যৱহাৰ কৰা হৈছিল। কল গছ, গছৰ পাত আদি হাতীৰ প্ৰধান খাদ্য আছিল। মূলতঃ মাংস আৰু কণী খাবৰ বাবে অসমৰ মানুহে হাঁহ, কুকুৰা আৰু পাৰ পুহিছিল। অৱশ্যে, সাধাৰণ লোকে খুব কমেই ঘোঁৰা পুহিছিল আৰু ঘোঁৰাৰ ব্যৱহাৰো কম আছিল।

অসমৰ মানুহে নিতৌ গুৰ খাইছিল। চেনি খাবলৈ শিকাৰ পাছত বাট মাছৰ লগত চেনি দি ৰান্ধি খাই তৃপ্তি পোৱাৰ বিষয়ে কথা গুৰু চৰিতত উল্লেখ আছে। শংকৰদেৱে পাঁচখন ব্যঞ্জনেৰে আহাৰ গ্ৰহণ কৰিছিল। সাধাৰণ ভকতে কেতিয়াবা কোনো ব্যঞ্জন নোহোৱাকৈ কেৱল লোণ বা খাৰলি ব্যৱহাৰ কৰি ভাত খাইছিল। উৎসৱ-পাৰ্বণ আদিত গাখীৰৰ পৰা তৈয়াৰী মিঠাই ব্যৱহাৰ কৰিছিল। অৱশ্যে, সাধাৰণ লোকৰ বাবে এনে খাদ্যসামগ্ৰী সুলভ নাছিল। বৈষ্ণৱ ভকতসকলক চিৰা, দৈ, কল, মিঠে, মধু আদি খুৱাইছিল। অসমত হিন্দু ধৰ্মৰ জাত-পাতৰ বিচাৰ আৰম্ভ হোৱাৰ লগে লগে এচামৰ মাজত খোৱা-বোৱাত বাচ-বিচাৰ থাকিলেও জনজাতীয় সমাজখনত তেনে বাচ-বিচাৰ নাছিল। জনজাতীয় লোকসকলে খেতিৰ পৰা উৎপন্ন হোৱা খাদ্যৰ লগতে অৰণ্যৰ আলু-কচু, শাক-পাত সংগ্ৰহ কৰি ভক্ষণ কৰিছিল। তেওঁলোকৰ বাবে চাউলৰ পৰা তৈয়াৰী কৰা পানীয় আৰু মাংস অতি প্ৰিয় আছিল।

ষোড়শ শতিকাত ৰচিত যোগিনীতন্ত্ৰৰপৰা জানিব পাৰি যে অসমৰ মানুহে হাঁহ, পাৰ, কাছ, হৰিণা, মতা ছাগলী আৰু বনৰীয়া গাহৰিৰ মাংস ভক্ষণ কৰিছিল। গঁড়ৰ মাংস খোৱাটো পুণ্যৰ কাম বুলি ভৱা হৈছিল। অৱশ্যে, বাকলি নথকা, বোকাত পোত গৈ থকা আৰু সৰ্প আকৃতিৰ কুঁচিয়া, বামী, তোৰা আদি মাছ তথাকথিত উচ্চবৰ্ণৰ লোকসকলে ভক্ষণ নকৰিছিল। মাছ ধৰিবৰ বাবে সাধাৰণতে জাল, চেপা, জাকৈ, পল, জুলুকি আদি সঁজুলি ব্যৱহাৰ কৰা হৈছিল। বাঁহৰ লাঠি বা টুকুৰাত লো গাঁথি লৈ ডাঙৰ আকাৰৰ মাছ খুঁচি-বিন্ধি ধৰা হৈছিল। অধিক পৰিমাণৰ মাছৰ চাহিদা পূৰণ কৰিবলৈ হ’লে মাছ থকা নদী, নলা, বিল আদিত বিষাক্ত উদ্ভিদৰ ৰস ঢালি দি জঠৰ হৈ পৰা মাছ ধৰা হৈছিল।

পুৰণি অসমৰ জনসাধাৰণে ৰং-ৰহইচৰ বাবে অৰণ্যত প্ৰায়ে চিকাৰ কৰিছিল। চিকাৰৰ জৰিয়তে কৰায়ত্ত কৰা হৰিণা, গাহৰি, ম’হ, কুকুৰা আদিয়ে মাংসৰ অভাৱ পূৰণ কৰিব পাৰিছিল। হৰিণা, গাহৰি আদি জাল পাতি ধৰা হৈছিল। চিকাৰ অভিযানত সাধাৰণতে যাঠি, জোং, ধনু-কাঁড় আদি ব্যৱহাৰ কৰা হৈছিল। ঘৰচীয়া হাতীৰ সহায়ত বনৰীয়া হাতী ফান্দ পেলাই ধৰা হৈছিল আৰু সিহঁতক প্ৰশিক্ষণ দি ৰজা বা আন চহকী লোকক বিক্ৰী কৰা হৈছিল। পুৰণি  সাহিত্য বা বুৰঞ্জীত গঁড় চিকাৰৰ বিৱৰণ পোৱা নগ’লেও গঁড়ৰ খৰ্গৰ চাহিদা আছিল। খৰ্গত বিভিন্ন ৰোগ আৰু দৈৱ অশান্তি-অসূয়াৰ প্ৰতিষেধক গুণ থকা বুলি এক অন্ধবিশ্বাস প্ৰচলিত হৈ অহা হেতু অভিজাত লোকসকলে খৰ্গ সংগ্ৰহ কৰিছিল।

বাঁহ গছৰ গাজৰপৰা খৰিচা আৰু কল গছৰপৰা লোণ (কলাখাৰ) প্ৰস্তুত কৰা হৈছিল। নগা পাহাৰ আৰু কাৰ্বি পাহাৰৰ নামনি অঞ্চলত লোণৰ পুঙৰ পানী উতলাই চপৰা লোণ আহৰণ কৰা হৈছিল। অৰণ্যত সহজতে পোৱা বাঁহ-বেত আৰু গছ পাতৰপৰা পেৰা, মুড়া, বিচনি, জাপি আদি তৈয়াৰ কৰা হৈছিল। অসমৰ মানুহে টিঙিৰি তুলাৰ পৰা জুই উলিয়াইছিল। সৰিয়হৰপৰা উৎপাদিত মিঠাতেল খোৱা আৰু মাটিৰ চাকি জ্বলোৱাত ব্যৱহাৰ কৰিছিল। ৰাতি নাহৰ গুটি জ্বলায়ো পোহৰৰ ব্যৱস্থা কৰা হৈছিল। বুৰঞ্জীত ধঁপাতৰ উল্লেখ পোৱা যায়। অসমীয়া লোকে সাধাৰণতে কুঁহিয়াৰৰ লালীৰ সৈতে মিহলাই মলা ধঁপাত খাইছিল। প্ৰাচীন অসমত সোণ, লো, চূণ আদি খনিজ সম্পদ বিভিন্ন উৎসৰপৰা আহৰণ কৰা হৈছিল। মেগেস্থেনিচৰ বিৱৰণতো ভাৰতৰ পূব প্ৰান্তত সোণ পোৱা গৈছিল বুলি উল্লেখ আছে। তেজপুৰৰ দান লিপিত উল্লেখ আছে যে লৌহিত্য নদীয়ে কৈলাসৰপৰা সোণ কঢ়িয়াই আনিছিল। বিভিন্ন প্ৰাচীন গ্ৰন্থ আৰু বুৰঞ্জীত  সোৱণশিৰি নদীত সোণ পোৱাৰ কথা উল্লেখ পোৱা যায়।

পুৰণি অসমৰ প্ৰধান শিল্প আছিল বস্ত্ৰশিল্প আৰু বয়নশিল্প। লিখিত বুৰঞ্জীৰ বহু পূৰ্বৰপৰাই অসমত এৰী আৰু মুগা বস্ত্ৰৰ প্ৰচলন আছিল বুলি জনা যায়। খ্ৰীঃ পূঃ তৃতীয় শতিকাত ৰচিত কৌটিল্যৰ অৰ্থশাস্ত্ৰত অসম ‘কোশকৰণ ভূমি’ বা পলু পোহা দেশ বুলি উল্লেখ আছে। গ্ৰীক পৰ্যটকেও অসমত বহুমূলীয়া মুগা কাপোৰ বোৱাৰ কথা লিপিবদ্ধ কৰি থৈ গৈছে। কামৰূপৰ ৰজা ভাস্কৰবৰ্মাই হৰ্ষবৰ্ধনলৈ পঠিওৱা সামগ্ৰীসমূহৰ ভিতৰত ৰেচম কাপোৰৰ ছাতি, গামোছা, কপাহী পিন্ধা কাপোৰ আদিও আছিল। গুৰু চৰিত কথাত শংকৰদেৱে তাঁতীৰ হতুৱাই নিজৰ তত্ত্বাৱধানত বৃন্দাৱনী কাপোৰ বোওৱাৰ কথা উল্লেখ আছে।

পুৰণি অসমত বসবাস কৰা প্ৰত্যেক মানুহৰ ঘৰতে অন্ততঃ এখনকৈ তাঁতশাল আছিল। প্ৰতিগৰাকী প্ৰাপ্তবয়স্ক মহিলাই তাঁতশালত কাপোৰ ব’ব, সূতা কাটিব আৰু ফুল তুলিব জানিছিল। বোৱা-কটা নজনা ছোৱালীক থুপুৰী বোলা হৈছিল আৰু তেওঁলোকক কোনেও বিয়া নকৰাইছিল। সেই সময়ত সম্ভৱতঃ কঁকালত বান্ধি লোৱা তাঁতত ঠেক পুতলৰ কাপোৰহে বোৱা হৈছিল। মাকো ওলোৱাৰ পাছতহে কাপোৰৰ পুতল বাঢ়িল। কালিকা পুৰাণ আৰু হৰ্ষচৰিতত প্ৰাচীন অসমৰ মানুহে কপাহৰ কাপোৰ ব্যৱহাৰ কৰাৰ বিষয়ে উল্লেখ আছে। অসমৰ হাবি-বননিত যথেষ্ট পৰিমাণৰ কপাহ উৎপন্ন হৈছিল। মানুহে নিজৰ ঘৰতো দুজোপামান কপাহ গছ ৰুই লৈছিল। মুগা পোহাৰ প্ৰথা মূলতঃ মংগোলীয় জনগোষ্ঠীসমূহৰ মাজত প্ৰচলিত হৈ থাকিলেও অন্য সম্প্ৰদায়ৰ লোকেও এৰী পলু পুহিছিল। মুগা পোহাটো অতি কষ্টসাধ্য কাম আছিল। মুগা পলুবোৰক চোম গছৰ ওপৰত পাত খাবলৈ মেলি দিয়া হৈছিল আৰু চৰাইৰ আক্ৰমণৰপৰা পলুবোৰ ৰক্ষা কৰিবলৈ ৰখীয়াৰ প্ৰয়োজন হৈছিল।

পুৰণি অসমত উৎকৃষ্ট লা প্ৰস্তুত কৰা হৈছিল। অসমৰ লা এচিয়াৰ ভিতৰতে সৰ্বোৎকৃষ্ট আছিল।  কাঠৰ মূৰ্তি, সিংহাসন, বৰপেৰা, পীৰা আদিত ছবি আঁকিবলৈ লা লগোৱা হৈছিল। কাপোৰত ৰং দিবলৈয়ো লা ব্যৱহাৰ কৰা হৈছিল। উল্লেখ্য যে অসমৰ অৰণ্যত পোৱা বিভিন্ন গছ-লতাৰ শিপা, ছাল আদিৰপৰা ৰং প্ৰস্তুত কৰা হৈছিল। শদিয়াৰ ওচৰত অৱস্থিত তাম্ৰ মন্দিৰৰ ভগ্নাৱশেষে পুৰণি অসমত তামৰ কাম-কাজ জনা কাৰিকৰ থকাৰ কথাই প্ৰমাণ কৰে। আমবাৰী খননত উদ্ধাৰ হোৱা স্মৃতিচিহ্নসমূহৰপৰা বুজিব পাৰি যে সপ্তম শতিকাৰ আগতেই অসমত নিৰ্মিত মন্দিৰ, শিলৰ মূৰ্তিসমূহৰ কাৰুকাৰ্য চকুত লগা আছিল।

ধোবা, নাপিত, যোগী, কুমাৰ, চমাৰ, মাছমৰীয়া, তেলী, কাপোৰ সিয়া দৰ্জী আদি বৃত্তিয়াল লোকসকল অসমত পূৰ্বৰ পৰাই আছিল। শিলালিপিসমূহত কুম্ভকাৰ (কুমাৰ), তন্তুবায় (বোৱনী), নৌকি (নাৱৰীয়া), দণ্ডি (নাৱৰ বঠা মৰা লোক), আদি বৃত্তিৰ উল্লেখ পোৱা যায়। অসমৰ অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক দিশত অতীজৰপৰা গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াই অহা অন্য এবিধ শিল্প হ’ল— মৃৎ শিল্প। পুৰণি অসমত ৰজা, ডা-ডাঙৰীয়া আদি অৱস্থাপন্ন পৰিয়ালৰ লোকে ৰূপ, তাম, কাঁহ, পিতল আদি ধাতুৰে নিৰ্মিত বাচন-বৰ্তন ব্যৱহাৰ কৰিলেও সাধাৰণ পৰিয়ালৰ লোকে খোৱা-বোৱা কৰিবলৈ মাটিৰ বাচন, কলপাত আদি ব্যৱহাৰ কৰিছিল। তেজপুৰ আৰু আমবাৰী খননত ভালেমান মাটিৰ বাচন উদ্ধাৰ হৈছিল। যুদ্ধত ব্যৱহৃত অস্ত্ৰ-শস্ত্ৰ, লোহাৰ বৰ্ম আদি স্থানীয় কাৰিকৰেই প্ৰস্তুত কৰিছিল।

পুৰণি অসমৰ জনসাধাৰণে খেতি-বাতি কৰাৰ উপৰি বেহা-বেপাৰো কৰিছিল। সাধাৰণতে কৃষিজাত উদ্বৃত্ত দ্ৰব্য আৰু বনজাত দ্ৰব্যৰ আদান-প্ৰদান স্থানীয়ভাৱে হৈছিল। কৃষিজাত আৰু বনজাত সম্পদৰপৰা বহুতো দ্ৰব্য উৎপাদনৰ থল থাকিলেও পৰ্যাপ্ত পৰিমাণৰ চাহিদা নথকাত আৰু সময়মতে যোগান ধৰাৰ অসুবিধা থকাত উদ্বৃত্ত দ্ৰব্য বেছি পৰিমাণে উৎপাদন কৰা নহৈছিল। অৱশ্যে, সাউদ আৰু মুদৈসকলে অসমত উৎপাদিত সোণ, ৰূপ, তাম, লোহা, পাট কাপোৰ, হাতী দাঁত, ডাব কটাৰী, লোণ, জালুক, ৰঙাপতীয়া, জাপি আদিৰ বেপাৰ কৰিছিল। কাষৰীয়া ৰাজ্যসমূহৰ সৈতে, বিশেষকৈ বংগৰ সৈতে অসমৰ বেহা-বেপাৰৰ ক্ষীণ সম্পৰ্ক আছিল। তৎকালীন সম্ভ্ৰান্ত শ্ৰেণীৰ ভোগৰ সামগ্ৰী আমদানি কৰিবৰ বাবেই বেপাৰ চলিছিল। আমদানীকৃত সামগ্ৰীবোৰ সাধাৰণ লোকে ব্যৱহাৰ কৰিব পৰা সামগ্ৰী নাছিল। অসমৰপৰা মূলতঃ তেজপাত, জালুক, কপাহ, দেৱদাৰু, আদা, দালচেনি, মিঠাতেল আদি কৃষিজাত আৰু বনজাত দ্ৰব্য ৰপ্তানি হৈছিল। শিল্পজাত দ্ৰব্যৰ পৰিমাণ তেনেই নগণ্য আছিল। আচলতে হস্তশিল্পৰ বিকাশ তেতিয়া চালুকীয়া পৰ্যায়তেই আছিল। বেহা-বেপাৰ বৈষ্ণৱ ভক্তসকলেও কৰিছিল। নাৰায়ণ দাস আতাই পাণ আৰু ছাগলী বেপাৰ কৰাৰ বিষয়ে কথা গুৰু চৰিতত উল্লেখ আছে।

সাউদ আৰু মুদৈসকলে সাধাৰণতে হাতী বা দোলাত উঠি ফুৰিছিল। দুৰণি বটীয়া বাট অতিক্ৰম কৰিবলৈ নৈসমূহৰ জলপথেদি নাও ব্যৱহাৰ কৰা হৈছিল। অসমৰ ভিতৰতে বিক্ৰীযোগ্য দ্ৰব্য কঢ়িয়াবলৈ নাও, হাতী, ঘোঁৰা, গৰু-ম’হৰ গাড়ী আদি ব্যৱহাৰ কৰা হৈছিল। খোজ কাঢ়ি যাব পৰা কেঁচা আলি সকলো ঠাইতে আছিল। ওচৰৰ হাট-বজাৰলৈ মানুহে ভাৰেৰে বস্তু কঢ়িয়াই নিছিল। উল্লেখ্য যে বৃহৎ আকাৰৰ কাঠৰ খণ্ডবোৰ ফোঁপোলা কৰি নাও সজা হৈছিল। কাঠৰ সৰু খণ্ডবোৰ ফোঁপোলা কৰি আৰু দুই মূৰত চামৰা লগাই ঢোল নিৰ্মাণ কৰা হৈছিল।

অসমৰ হাবি-বননিত প্ৰচুৰ পৰিমাণে উৎপন্ন হোৱা বাঁহ, কাঠ, খেৰ, বেত আদিৰ সহায়ত জনসাধাৰণে স্বাস্থ্যসন্মত ঘৰ সাজিছিল। ঘৰ সাজিবলৈ সাধাৰণতে শাল, চাম, নাহৰ, চন্দন, উৰিয়াম, বনচোম, হলখ, গন্ধসৰৈ, খকন, তিতাচপা, পমা, পাৰলি, কৰৈ, হোলোং, শিঙৰি, শিলিখা, কঠাল, শিমলু আদি গছৰ কাঠ ব্যৱহাৰ কৰিছিল। ঘৰ সজা কামত ব্যৱহৃত বাঁহৰ ভিতৰত ভলুকা, মোকাল, কাক, জাতি, কোটোহা, বজাল, বেটী, বিজুলী আদি বাঁহ অন্যতম আছিল। অসমত সাধাৰণতে জাতি বেত আৰু লেজাৰি বেত সৰহকৈ পোৱা যায়। এই বেত গছবোৰৰ গাজ আৰু গুটি খোৱা হয়। বেতৰ গাজ নখ চুকীয়া আৰু অৰ্শ ৰোগতো ব্যৱহাৰ কৰা হয়। সাধাৰণ লোকৰ ঘৰবোৰ সৰু হ’লেও অৱস্থাপন্ন লোকসকলে আহল-বহল কোঠা আৰু দুৱাৰ-খিৰিকী থকা ঘৰ সাজিছিল। অৱস্থাপন্ন লোকসকলে থকা ঘৰৰ বাহিৰেও মানুহ বহিবৰ বাবে চ’ৰা ঘৰ, ভাত ৰান্ধিবৰ বাবে ৰান্ধনি ঘৰ, গৰু বান্ধিবৰ বাবে গোহালি ঘৰ আদি সাজিছিল। একে ঘৰতে দুই-তিনিটা পৰিয়াল থাকিব পৰাকৈ বেলেগ বেলেগ কোঠাৰ ব্যৱস্থা আছিল। (আগলৈ)

পাদটীকা :

১. এই লেখাত বুৰঞ্জী শব্দটো ইতিহাস শব্দৰ সমাৰ্থক হিচাবে ব্যৱহাৰ কৰা হৈছে। অৰ্থাৎ কেৱল আহোম যুগত ৰচিত অতীতৰ বিৱৰণ সম্বলিত গ্ৰন্থসমূহকে বুৰঞ্জী বুলি বুজাব খোজা নাই, অন্য সময়ত ৰচিত ইতিহাস বিষয়ক গ্ৰন্থসমূহকো বুৰঞ্জী শব্দৰ আওতাত ৰখা হৈছে।

২. প্ৰেমময় দাসগুপ্ত (১৯৮৮)ৰ ‘বিদেশীদেৰ চোখে ভাৰতবৰ্ষ’ গ্ৰন্থলানিৰ ‘হিউয়েন সাঙেৰ দেখা ভাৰত’ খণ্ডটোৰ অন্তৰ্গত ‘কিআ-মো-লু-পো” বা কামৰূপৰ বিৱৰণ। অনুবাদ : খগেশ সেন ডেকা। https://www.translatorsassam.com/2020/06/blog-post_77.html

৩. ঝুমখেতি পদ্ধতি উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতিসকলৰ মাজত প্ৰচলন আছিল। কৃষকসকলে প্ৰথমতে পাহাৰীয়া নামনি অঞ্চলৰ হাবি-বন কাটি চাফা কৰিছিল আৰু পাছত শুকান গছ-পাত-বন পুৰি পেলাইছিল। তাৰ পাছত মুকলি মাটিত জোঙা শিল, বাঁহ, কাঠ আদিৰে সৰু সৰু গাঁত খান্দি নানা তৰহৰ শস্যৰ বীজ ৰোপণ কৰিছিল। তিনি-চাৰি বছৰৰ পাছত মাটিৰ উৰ্বৰা শক্তি শেষ হোৱাৰ লগে লগে কৃষকসকলে সেই ঠাই ত্যাগ কৰি নতুন মাটিৰ সন্ধানত অন্য ঠাইলৈ গৈছিল। তেওঁলোকে আগতে খেতি কৰা ঠাইলৈ ২০-২২ বছৰৰ পাছত পুনৰ ঘূৰি আহিছিল। কিয়নো, সেই ঠাই ২০-২২ বছৰত গছ-বনেৰে আৱৰি ধৰিছিল।

৪. গগৈ, টুনুজ্যোতি :  ইয়াণ্ডাবু সন্ধিৰ পৰৱৰ্তী অসমৰ অৰ্থনৈতিক অৱস্থা, ১৮২৬ : ইয়াণ্ডাবু সন্ধিৰপৰা ‘কা’ বিৰোধী আন্দোলনলৈ; জে এছ পাব্লিকেশ্বন্‌ছ, দ্বিতীয় প্ৰকাশ, ২০২১, পৃ.-২৫৪

৫. গোস্বামী, ড০ প্ৰভাত চন্দ্ৰ :  প্ৰাচীন অসমৰ অৰ্থনৈতিক বুৰঞ্জীৰ চমু আভাস (আৰম্ভণিৰ পৰা ১২২৮ খৃষ্টাব্দলৈ), অসমীয়া সাহিত্যৰ বুৰঞ্জী (প্ৰথম খণ্ড), সম্পা. বিশ্বেশ্বৰ হাজৰিকা, আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা, অসম; দ্বিতীয় প্ৰকাশ, ২০১৬, পৃ.-৫৯

৬. গোস্বামী, ড০ প্ৰভাত চন্দ্ৰ : পূৰ্ব উল্লিখিত প্ৰবন্ধ, পৃ.-৬৬

৭. সাধাৰণ সম্পাদকৰ কথা, অসমীয়া সাহিত্যৰ বুৰঞ্জী (প্ৰথম খণ্ড); সম্পা.- বিশ্বেশ্বৰ হাজৰিকা  আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা, অসম; দ্বিতীয় প্ৰকাশ, ২০১৬, পৃ.-০.১৬

৮. গোস্বামী, ড০ প্ৰভাত চন্দ্ৰ : পূৰ্ব উল্লিখিত প্ৰবন্ধ, পৃ.-৬৭

৯.  গোস্বামী, ড০ প্ৰভাত চন্দ্ৰ : পূৰ্ব উল্লিখিত প্ৰবন্ধ, পৃ.-৫৮

Leave a Reply

Your email address will not be published. Required fields are marked *