পুৰুষতন্ত্ৰ আৰু নিৰ্যাতিত পুৰুষৰ যন্ত্ৰণাৰ স্বৰূপ-(বীথিকা হাজৰিকা)
নাৰীবাদী কৰ্মকাণ্ডক সমালোচনা কৰাৰ ক্ষেত্ৰত বা আন সময়তো সততে এটা অভিযোগ উত্থাপিত হোৱা দেখা যায় যে নাৰী নিৰ্যাতনৰ কথা যিমান চৰ্চিত হয় পুৰুষ নিৰ্যাতনৰ কথা সেইদৰে কেতিয়াও নহয়। কিমান পুৰুষ নীৰৱে-নিৰলে নিৰ্যাতিত হৈ আছে তাৰ হিচাপ হেনো কোনেও নাৰাখে। নাৰীৰ সুৰক্ষাৰ বাবে আইন-কানুনো হ’ল। কিন্তু নাৰীৰ হাতত নিৰ্যাতিত পুৰুষৰ সুৰক্ষাৰ বাবে কোনো আইন নাই। কথাটো নস্যাৎ কৰিবও নোৱাৰি। কিছু পুৰুষ নাৰীৰ দ্বাৰা নিৰ্যাতিত হোৱা কথাটো মাজে সময়ে পোহৰলৈ আহে। অৱশ্যে এনেদৰেও শুনা যায় যে ঘৰত নিৰ্যাতিত হোৱা পুৰুষসকলৰ বহুতেই আকৌ সামাজিকভাৱে প্ৰতিপত্তিশালী।
অৰ্থনৈতিক, ৰাজনৈতিক বা সামাজিক ক্ষেত্ৰত যি ব্যৱস্থাই পুৰুষক নাৰীতকৈ শ্ৰেষ্ঠ প্ৰতিপন্ন কৰে সেই ব্যৱস্থাই পুৰুষতন্ত্ৰ। অৰ্থাৎ যি খন সমাজত সকলো ধৰণৰ ক্ষমতা পুৰুষৰ দ্বাৰা নিয়ন্ত্ৰিত হয় সেইখনেই পুৰুষতান্ত্ৰিক সমাজ। এতিয়া প্ৰশ্ন জাগিব পাৰে— যদি ক্ষমতা পুৰুষৰ দ্বাৰাই নিয়ন্ত্ৰিত হয়, পুৰুষ কেনেকৈ নিৰ্যাতিত হ’ব পাৰে?
সকলোৱে জনা এটা কথা হ’ল এয়ে যে পুৰুষতন্ত্ৰত নাৰীৰ ভূমিকা যি দৰে নিৰ্দিষ্ট কৰি থোৱা আছে সতী, মাতৃ, ধাত্ৰী, মহিমাময়ী, মমতাময়ী আদি ৰূপত, সেইদৰে পুৰুষৰ ভূমিকাও নিৰূপিত হৈছে হৰ্তা-কৰ্তা-বিধাতা আৰু ত্ৰাণকৰ্তাৰ ৰূপত। এই দুই লিংগৰ বাহিৰত তৃতীয় লিংগৰ ভূমিকাও নিৰ্দিষ্ট কৰি থৈছে পুৰুষতন্ত্ৰই। মাতৃত্ব আৰু পিতৃত্বৰ দোহাই দি নাৰী আৰু পুৰুষৰ বাবে সমাজে আৰোপ কৰা উক্ত আন পাৰ্থক্যবোৰেই হৈছে লিংগ বৈষম্য। সম্পদৰ উত্তৰাধিকাৰৰ প্ৰশ্নত পৰিয়ালৰ ধাৰণাটো সৃষ্টি হোৱাৰ লগে লগেই লৈঙ্গিক বৈষম্যৰ ধাৰণাটোও বিকশিত হ’বলৈ আৰম্ভ কৰে। (এই বিষয়টো আগৰ এটা লেখাত আলোচনা হৈছিল বাবে পুনৰ আলোচনাৰ পৰা বিৰত থকা হল।) নাৰী আৰু পুৰুষৰ ওপৰত আৰোপিত এই ভূমিকাৰ অলপ ইফাল-সিফাল হ’লেই সমাজত হৈ চৈ লাগি যায়। গুৰুত্বপূৰ্ণ কথাটো হ’ল পুৰুষেও আৰোপিত ভূমিকা পালন কৰি বহুক্ষেত্ৰত বিধ্বস্ত হৈ পৰা দেখা যায়।
বৰ্তমানৰ পৰিৱৰ্তিত পৰিস্থিতিত সৰু সৰু দুই এটা কথা লক্ষ্য কৰা যাওক। ধৰি লওক আপুনি মধ্যবিত্ত বা নিম্ন মধ্যবিত্ত পৰিয়ালৰ এজন পুৰুষ আৰু পুৰুষতান্ত্ৰিক সমাজে আপোনাৰ বাবে নিৰ্ধাৰণ কৰি দিয়া হৰ্তা-কৰ্তা-বিধাতা আৰু ত্ৰাণকৰ্তাৰ ভূমিকা আপুনি আপোনাৰ পৰিয়ালৰ স্বাৰ্থত আখৰে আখৰে পালন কৰি থকাৰ পক্ষত। আপুনি যিহেতু পৰিয়ালৰ পোহপালৰ দায়িত্ব ল’ব লাগিব যিকোনো প্ৰকাৰে চাকৰি এটা নাইবা সৰুকৈ হ’লেও ব্যৱসায় এটা কৰিব লাগিব। আপোনাৰ গৃহিণীৰ চাকৰি নাই। অথবা আপুনি তেখেতে ঘৰৰ বাহিৰলৈ গৈ উপাৰ্জন কৰাটো নিবিচাৰে। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আপুনি কৰিব লগা কামবোৰৰ যদি এখন তালিকা বনোৱা যায় দেখা পাব কৰ্মক্ষেত্ৰলৈ যাবলৈ সাজু হোৱাৰ পৰা আৰম্ভ কৰি ঘৰলৈ ঘূৰি অহাৰ সময়খিনিৰ আগে-পাছেও আপুনি আন বহু কাম কৰে। কোমলাঙ্গী পত্নীৰ সুখৰ বাবে আপুনি নিজৰ পছন্দৰ ভাতসাজ নিজে ৰান্ধি খাই যায়। কাৰণ পুৰুষতান্ত্ৰিক সমাজে নাৰীক দিয়া সুবিধাবোৰৰ বিষয়ে জ্ঞাত আপোনাৰ পত্নীয়ে এতিয়া ছ’চিয়েল মেডিয়াৰ কৃপাত ‘কেয়াৰিং হাজবেণ্ড’ৰ ধাৰণাটোও ৰপ্ত কৰিছে। তাৰ মাজতে আপুনিও আলসুৱা পত্নীৰ আব্দাৰ ৰাখিবলৈকে হওক বা পত্নীৰ দীঘল নখ আৰু কোমল ছালৰ সুৰক্ষাৰ বাবেই হওক ঘৰুৱা কামত হাত দিব লগাত পৰে। পত্নীৰ পৰা নাইবা সমাজৰ পৰাও কেয়াৰিং হাজবেণ্ডৰ মৰ্যাদা আপুনি তেতিয়াহে পাব। আপোনাৰ সৰুকৈ সংসাৰখনত এটা বা দুটা সন্তান আছে। দুয়োটাকে দুখন বেলেগ বেলেগ স্কুলত পঢ়াইছে। সিহঁতক ভাগে ভাগে স্কুললৈ আৰু টিউচনলৈ অনা-নিয়া আদি কামবোৰ আপুনিয়েই কৰিব লগা হয়। কাৰণ আত্মনিৰ্ভৰশীল হ’বলৈ আপুনি সিহঁতক শিকোৱা নাই। ল’ৰাটো সৰু হৈ আছে আৰু ছোৱালীজনী ডাঙৰ হৈ আহিছে যদিও অকলে ক’লৈকো যাব নোৱাৰে। ছোৱালী মানুহক ইমান কষ্ট কৰিবলৈ দিবও নোৱাৰি। অকলশৰে কৰবালৈ যাওঁতে কেনেবাকৈ কিবা অঘটন ঘটিলে কাললৈ বুলি দাগ ৰৈ যাব। বিয়া বাৰুৰ বাবে অক্ষত হৈ থাকিব লাগিব। পঢ়ি-শুনি চাকৰি এটা পাওক নাপাওক তাইৰ বোজাটো বহন কৰিব পৰাকৈ ভাল ল’ৰা এটা পাব লাগিব। মাকৰ লগত পঠাব পাৰে যদিও নপঠায়। কাৰণ স্কুলত থ’বলৈ যোৱাৰ নামত ওলাই গৈ ক’ত কি কৰি থাকে কি ঠিক! ওপৰঞ্চি খৰচৰ বাহহে হ’ব। নতুন নতুন কাপোৰ-কানিৰ ফৰমাইছ আহিব। এইবোৰ দুশ্চিন্তাৰ পৰা ৰেহাই পাবলৈ আপুনি এইখিনি কাম নিজে কৰিবলৈ বাধ্য। সেয়ে সময়ৰ টিকনিত ধৰি উৰি ফুৰিব লাগে আপুনি। দুয়োটিকে স্কুলত চিজিল লগাই থৈ আহি আপুনি এইবাৰ নিজ কৰ্মস্থলীলৈ যোৱাৰ পাল। নাকে-কাণে ভাত কেইটা গুঁজি কৰ্মস্থলী পায়গৈ মানে আপোনাৰ আধাঘণ্টা পলম। আজিকালি যিহে দিনকাল পৰিছে কোনে ক’ত কেনেকৈ পকেটত কেমেৰা লৈ ৰৈ থাকে কি ঠিক! ওপৰৱালাৰ গালিৰ উপৰিও চাডেন ভিজিটবোৰ আছেই! স্কুল হ’লেতো কথাই নাই গাৰ্জেনেও সুদাই নেৰে। কৰ্মস্থলীত আকৌ কৰ্তব্য পালনৰ মাজতে আপোনাৰ ল’ৰা-ছোৱালীহাললৈ চেৰেং-চেৰেংকৈ মনত পৰি থাকে। সিহঁতক সময়মতে আনিবগৈ লাগিব। ছুটীৰ সময় হ’ল কি নহ’ল উৰি গ’ল নহয় টোপা-কাঁড়টো যোৱাদি। দুইটাকে দুখন স্কুলৰ পৰা গোটাই-পিতাই আনি ঘৰ আহি পায়হিহে, হ’ল নহয় টিউচনলৈ যাবৰ। ল’ৰাটোক এভাগে ছোৱালীজনীক আনভাগে থৈ ঘৰ পায়হি। ইফালে আপোনাৰ পত্নী ৰৈ আছে সাজি-কাচি। বিউটি পাৰ্লাৰলৈ নিব লাগে। আপোনাৰ পত্নীৰ সাজোন-কাচোন দেখিলে কাৰো ক’বলৈ সাধ্য নাই যে তেওঁ ইমান পৰনিৰ্ভৰশীল। অৱশ্যে তেওঁৰনো কি দোষ, তেনেকৈয়ে ডাঙৰ-দীঘল হৈছে। সংস্কাৰী ঘৰৰ ছোৱালী। মাক-বাপেকৰ অনুমতি অবিহনে ঘৰৰ বাহিৰত খোজ এটাও নেপেলাইছিল। আপোনাৰো প্ৰথমে গৰ্ব হৈছিল তেওঁৰ তেনে আচৰণত। সেয়ে আবদাৰবোৰ মানি চলিছিল। এতিয়া আবদাৰৰ প্ৰকোপ ইমানেই বাঢ়ি গ’ল যে তেওঁৰ মাজত আপুনি স্বাৰ্থপৰতাৰ বাদে আন একো দেখা নাপায়। কেতিয়াবা আপুনি কিবা এটা আপত্তি কৰিবলৈ বিচাৰিলেও তেওঁ হুলস্থুল লগায়। ওচৰ-চুবুৰীয়াই গম পোৱাতকৈ সহি থকাই ভাল বুলি আপুনি মনে মনে থাকে। পিছে ভিতৰি ক্ৰমে মৰহি আহে। পৰিশ্ৰমৰ অভাৱত হোৱা ৰোগে বাহপাতে আপোনাৰ পত্নীৰ শৰীৰত। আপুনিনো ক’ত সাৰিব! ষ্ট্ৰেচৰ প্ৰকোপত হোৱা ৰোগবোৰে আপোনাৰ দেহতো বসতি কৰেহি। এতিয়া বেমাৰে-আজাৰে টানি আছে সংসাৰৰ বোজা। ভাল পিতৃ আৰু ভাল পতি হোৱাৰ চাপত আপুনি ভাল মানুহ হোৱাৰ পৰা বিৰত থাকিব লগাত পৰে। অফিচত কৰা দুৰ্নীতিৰ টকা কেইটা নহ’লে আপোনাৰ এতিয়া এখোজো নচলে। পুত্ৰ সন্তানৰ সম্পদৰ অধিকাৰ সুৰক্ষিত কৰা আৰু জাকজমকতাৰে কন্যাসন্তানৰ বিয়াখন পতাৰ স্বাৰ্থত আপুনি কেনেকৈ অধ:পতিত হৈ পৰে নিজেও গম নাপায়। সমাজত মধ্যবিত্তীয় ষ্টেটাছ মেইনটেইন কৰি চলাৰ প্ৰশ্নটোও কম প্ৰশ্ন নহয়!
এই সন্ধিক্ষণত আপুনি নাৰীবাদ ভালদৰে বুজি নোপোৱাৰ ফলত নাৰীবাদীৰ ৰূপত নিজ জীয়াৰী আৰু পত্নীক দেখা পায় আৰু ভয়ত শিয়ৰি উঠে। নাৰীবাদীৰ প্ৰতি তীব্ৰ ঘৃণা ওপজে আপোনাৰ। প্ৰকৃত নাৰীবাদীয়ে আপোনাৰ এই দুখকষ্টখিনি যে ভগাই ল’লেহেঁতেন, আপুনি মানুহ হিচাপে জীয়াই থকাৰ সুযোগটো পালেহেঁতেন আৰু এনেদৰে নিৰ্যাতিত হোৱাৰ পৰা ৰক্ষা পৰিলহেঁতেন সেয়া আপোনাৰ বোধৰ অতীত। কিয়নো সচেতনভাৱে কোনোবাই প্ৰচাৰ কৰা নাৰীবাদৰ বিকৃত ব্যাখ্যাহে আপুনি শুনিছে।
পুৰুষতন্ত্ৰৰ মজা লৈ নিজৰ পুৰুষজনৰ সুখ-দুখৰ প্ৰতি উদাসীন তেনে স্বাৰ্থপৰ নাৰী ঘৰত বনকৰা নাৰী গৰাকীৰ সুখ-দুখৰ প্ৰতিও উদাসীন হোৱাটো তেনেই স্বাভাৱিক। আনকি সমপৰ্যায়ৰ আন নাৰীৰ প্ৰতিও একেই দৃষ্টিভংগী পোষণ কৰা দেখা যায়। ‘ফলত নাৰীয়েই নাৰীৰ শত্ৰু’ এই বাগধাৰাটো নিৰ্বিঘ্নে চলি থাকে। পুৰুষতন্ত্ৰই দিয়া এনে কেতবোৰ সুবিধাৰ বাবেই বহু নাৰীয়ে পুৰুষতন্ত্ৰৰ বিৰোধিতা নকৰে। বৰং পুৰুষতন্ত্ৰই প্ৰদান কৰা সতী, দেৱী, অৱলা আদি বিমূৰ্ত অভিধাৰে বিভূষিত হ’বলৈ পাই সুখত বিভোৰ হৈ থাকে।
মাজে মধ্যে চৰ্চালৈ অহা আন এটা বিষয় হৈছে কামাতুৰা নাৰীৰ হাতত লাঞ্চিত হোৱা পুৰুষৰ যন্ত্ৰণা। সন্তান জন্ম দিয়াত অক্ষম কিছু পুৰুষে বা সমকামী কিছু পুৰুষে পুৰুষতান্ত্ৰিক সমাজখনে নিৰ্দিষ্ট কৰি দিয়া ভূমিকা পালন কৰিব নোৱাৰে বুলি জানিও লোকলজ্জাৰ ভয়ত বিবাহ কৰা দেখা যায়। স্বাভাৱিকতেই তেনে পুৰুষে নাৰী সংগীগৰাকীক যৌনতৃপ্তি প্ৰদান কৰিব নোৱাৰে। দুই এক ব্যতিক্ৰমৰ বাদে নাৰী পুৰুষৰ যৌন তৃপ্তিৰ কথাটো স্বাভাৱিক পৰিঘটনা। পিছে পুৰুষতান্ত্ৰিক সমাজে নাৰীৰ যৌন তৃপ্তি বা পছন্দক মান্যতা নিদিয়ে। পুৰুষতন্ত্ৰত স্বামী-স্ত্ৰীৰ যৌনতা কেৱল সন্তান উৎপাদনৰ প্ৰক্ৰিয়া। ভাৰতীয় ব্ৰাক্ষণ্যবাদী পুৰুষতন্ত্ৰত মনুস্মৃতিৰ আধাৰত নাৰী-পুৰুষৰ যৌনতাক বিচাৰ কৰা হয়। এই প্ৰক্ৰিয়াত পুৰুষে নিজ পছন্দৰ ভিত্তিত তৃপ্তি লভাৰ ক্ষেত্ৰত কোনো বাধা নাই। পিছে নাৰীৰ কোনো পছন্দৰ কথা ৰজিব নোৱাৰে। সন্তান উৎপাদনত ব্যৰ্থ পুৰুষে নিজৰ অক্ষমতাক ঢাকি ৰাখিবলৈ বিবাহ কৰোৱা নাৰী গৰাকীক তৃপ্ত কৰিব নোৱাৰে। বিবাহক পৱিত্ৰ জ্ঞান কৰা তেনে নাৰীয়ে সময়ত যেতিয়া কথাটো জানিব পাৰে তেতিয়া তেওঁৰ হাতত মুক্তিৰ কোনো পথ নাথাকে। বন্দীত্বই মানৱীয় কাৰণতে তেওঁক বিদ্ৰোহী কৰি তোলে। সেই বিদ্ৰোহ প্ৰকাশিত হয় স্বামীৰ ওপৰত কৰা শাৰিৰীক বা মানসিক অত্যাচাৰৰ যোগেদি।লোকলজ্জাৰ ভয়ত পুৰুষগৰাকীয়ে বিবাহবিচ্ছেদ কৰিবলৈয়ো সাহস নকৰে। কাৰণ তেনে কৰিলে তেওঁৰ অক্ষমতাৰ কথা পোহৰলৈ অহাৰ ভয় থাকি যায়। সৰুতে দেখা মনত আছে, বিয়া কৰাই অনাৰ পাছত কইনা ফুলশয্যাৰ নিশাৰ পাছতেই মাকৰ ঘৰলৈ ঘূৰি যাবলৈ উদ্যত হৈছিল। তেতিয়া বুজি পোৱা নাছিলোঁ। কইনাজনীক নিলাজ বুলি ককৰ্থনা কৰা শুনিছিলোঁ মানুহবোৰে। পাছত ভালদৰে গম পাইছিলোঁ। কাৰণটো আছিল দৰাৰ যৌন অক্ষমতা। পিছে ঘূৰি যাবলৈ ওলোৱা কইনাজনীক মাকৰ ঘৰৰ মানুহে বুজাই বঢ়াই ক্ষান্ত কৰাইছিল। থাকি যোৱাৰ পাছত নাৰীগৰাকীয়ে শহুৰৰ ঘৰৰ মানুহৰ উপৰিও সমাজৰ মানুহৰ পৰাও গঞ্জনা খাব লগা হৈছিল। পুৰুষজনো হৈছিল সামাজিক লাঞ্চনাৰ বলি। ফলস্বৰূপে চিনাকী ঠাইখন এৰি দুয়ো গুচি যাব লগা হৈছিল আন ঠাইলৈ। কেনেবাকৈ বিবাহ বিচ্ছেদ হোৱা হ’লে পুৰুষ গৰাকীয়ে তৎক্ষণাৎ আন এগৰাকী নাৰীক ফাঁকি দি বিয়া পাতিলেহেঁতেন। কাৰণ,জানি আচৰিত হ’ব সেই বিশেষ পুৰুষজনে পত্নী ৰোগাক্ৰান্ত হৈ মৃত্যু হোৱাৰ পাছত আন এগৰাকীক আকৌ বিয়া কৰাই আনিলে।
সন্তান কামনাৰে বাউলী হোৱা আন এগৰাকী নাৰীৰ পতিয়ে আকৌ নিজৰ অক্ষমতাক ঢাকিবলৈ চিকিৎসা নকৰায় আৰু ওলোটাই পত্নীকহে সন্তান ধাৰণৰ ক্ষমতা নথকা বুলি প্ৰতিপন্ন কৰিব বিচাৰে। কথাটো কেনেবাকৈ ধৰা পৰে। পুৰুষ গৰাকীয়ে বিভিন্ন অজুহাতেৰে পত্নীক ঘৰৰ বাহিৰ হোৱাৰ পৰা বিৰত কৰি ৰাখে আৰু নিজে বীৰদৰ্পে সামাজিক কাম-কাজত আগভাগ লৈ ফুৰে। এইক্ষেত্ৰত নাৰীগৰাকী যদি কেনেবাকৈ অক্ষম আৰু পুৰুষগৰাকী সক্ষম হ’লহেঁতেন কথাটো সম্পূৰ্ণ ওলোটা হোৱাৰ সম্ভাৱনাই অধিক হ’লহেঁতেন। পৰিণতি হ’লহেঁতেন বিবাহ বিচ্ছেদ, দ্বিতীয় বিবাহ বা পৰকীয়া সম্পৰ্ক। (ইয়াতে কৈ থোৱা ভাল যে পৰকীয়া সম্পৰ্কৰ আন কাৰণো থাকিব পাৰে।) ইয়াত মানৱতাৰ কোনো প্ৰশ্নই নাখাটিলহেঁতেন।
উপাৰ্জন কৰাত অক্ষম পুৰুষ সকলো সামাজিক ভাৱে খোজেপতি অপদস্থ হোৱা দেখা যায়। সামাজিক ভাৱে লঘূ-লাঞ্চনা লাভ কৰা পুৰুষে হীনমন্যতাত ভুগি ঘৰৰ নাৰী গৰাকীৰ ওপৰতো মানসিক নিৰ্যাতন চলোৱা দেখা যায়। তেনে ক্ষেত্ৰত উপাৰ্জনকাৰী নাৰীগৰাকীৰ প্ৰতিক্ৰিয়াক পুৰুষৰ ওপৰত নাৰীৰ অত্যাচাৰ বুলিয়ে গণ্য কৰা হয়। এনে অভিজ্ঞতাও হৈছে যে নাৰী-পুৰুষ দুয়োগৰাকী উপাৰ্জনক্ষম। দুয়োগৰাকী বিবাহৰ উপযুক্ত। একে শিক্ষাগত অৰ্হতা। বিবাহৰ কথাবাৰ্তা আগবাঢ়িছে। হঠাৎ শুনা গ’ল, হ’ব লগা বিয়াখন ভাগিছে। কাৰণ ছোৱালীয়ে ল’ৰাতকৈ বহুত বেছি দৰমহা পায়। চাকৰি কৰা ছোৱালী লাগে, কিন্তু ল’ৰাতকৈ বেছি দৰমহা পালে নচলিব। কাৰণ একেটাই – পুৰুষতন্ত্ৰ। এনে এখন সমাজত যি কাৰণতে নহওক কিয় পুৰুষ সংগী যদি নিবনুৱা আৰু নাৰী গৰাকী উপাৰ্জনক্ষম হয় পুৰুষগৰাকীয়ে ঘৰে বাহিৰে কি ধৰণে নিৰ্যাতিত হ’ব লগা হয়, সেয়া সহজেই অনুমেয়।
মানৱীয়তাৰ বিকৃতি ঘটোৱা, লিংগ নিৰ্বিশেষে সকলো মানুহ আক্ৰান্ত হ’ব লগা হোৱা এনে এটা ব্যৱস্থা ভাঙি পৰিলে মানুহৰ কল্যাণ সাধন নহ’বনে? তেন্তে কাৰ স্বাৰ্থত বৰ্তাই ৰখা হৈছে মানুহক মানুহ হৈ জীয়াই থাকিবলৈ নিদিয়া এই পুৰুষতন্ত্ৰ? এই প্ৰশ্নটোৰ লগত সংপৃক্ত হৈ আছে নাৰী-পুৰুষ উভয়ৰে কমফৰ্ট জ’নৰ কথাটো। সেয়েহে পুৰুষতন্ত্ৰৰ দৰে বিকৃত ব্যৱস্থা এটা ভাঙি পেলোৱাৰ কথা আহিলেই অধিক সংখ্যক নাৰী-পুৰুষেই হাহাকাৰ কৰি উঠে। শ্ৰেণী,বৰ্ণ,ধৰ্ম,জাতি,লিংগ ভিত্তিক ক্ষমতাৰ বিন্যাসৰ কথাটোও ইয়াত সংপৃক্ত হৈ আছে। সংপৃক্ত হৈ আছে বলীয়ে দুৰ্বলীক কৰা শোষণৰ স্বৰূপটো। এই শোষণ আৰু ক্ষমতা বিন্যাসৰ বিষয়টোৰ ওপৰতো বহলকৈ আলোচনা কৰাৰ থল আছে।
প্ৰবন্ধটোৰ জৰিয়তে ওপৰত বৰ্ণনা কৰা ঘটনাবোৰক নতুন দৃষ্টিভংগীৰে চোৱা হৈছে। এনে ক্ৰিয়াকলাপে সমাজত নাৰী আৰু পুৰুষৰ মাজত এখন শীতল যুদ্ধ চলাই আহিছে। লিখনিটো পঢ়ি বৰ ভাল পালোঁ।