নিবন্ধবিজ্ঞান-প্ৰযুক্তি

ৰেইচেল লুই কাৰ্ছন (কুমাৰী শুভাংগী ::  অনুবাদ : দেৱযানী বৰা)

Science is part of the reality of living: it is the what, the how and the why of everything in our experience.”

~Rachel Carson

এমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰেইচেল লুই কাৰ্ছন (Rachel Louise Carson, ১৯০৭-১৯৬৪) আছিল এগৰাকী বিশ্ববিশ্ৰুত সাগৰীয় জীৱবিজ্ঞানী। লগতে তেখেত আছিল এগৰাকী সুলেখিকা। বিবিধ আৰু বহুধাবিভক্ত ক্ষেত্ৰত তেখেতৰ বিপুল অৱদান থাকিলেও, মানৱ-জাতিৰ বাবে তেখেতৰ নাম চিৰস্মৰণীয় হৈ ৰ’ব এগৰাকী আপোচহীন প্ৰকৃতি-সংৰক্ষণবিদ আৰু আধুনিক পৰিৱেশবাদৰ মাতৃ হিচাপে। মানৱসৃষ্ট বিভিন্ন ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰ অবাধ ব্যৱহাৰক প্ৰত্যাহ্বান জনাই তেখেতে কেইবাটাও সফল গৱেষণা সম্পন্ন কৰিছিল। তেখেতৰ গৱেষণাৰ পৰা অতি স্পষ্টভাৱে ওলাই পৰিছিল তেনে ৰাসায়নিক দ্ৰব্যসমূহৰ ভয়ংকৰ ক্ষতিকাৰক দিশবোৰ। তেখেতৰ গৱেষণাৰ ফলবোৰে পৰিৱেশৰ প্ৰতি বুজন সংখ্যক সাধাৰণ মানুহৰ মনতো লাহে লাগে সচেতনতাৰ জন্ম দিছিল। ফলত জীৱন আৰু পৰিৱেশৰ প্ৰতি ভাবুকি অনা ডিডিটি আৰু অন্যান্য কীটনাশক কিছুমান নিষিদ্ধ কৰিবলৈ দেশখনৰ চৰকাৰ বাধ্য হৈ পৰিছিল। তেনে সচেতনতা বিশ্বৰ বিভিন্ন প্ৰান্তৰ দেশবোৰলৈও ক্ৰমাৎ বিয়পি পৰিছিল। ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থসমূহৰ বিৰূপ প্ৰভাৱৰ সংক্ৰান্তত ৰেইচেল কাৰ্ছন লিখি উলিওৱা বিশ্ববিখ্যাত গ্ৰন্থখনিৰ নাম হৈছে “চাইলেণ্ট স্প্ৰিং”। অতি প্ৰভাৱশালী যুগান্তকাৰী এই গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৬২ চনত। গ্ৰন্থখনে আক্ষৰিক অৰ্থত পৰিৱেশ-সচেতনতাৰ ক্ষেত্ৰত বিপ্লৱৰ সূচনা কৰিছিল। এই কিতাপখনৰ উপৰিও তেখেতৰ অন্যান্য লেখাই সমগ্ৰ বিশ্বৰেই পৰিৱেশ-আন্দোলনক আগুৱাই নিয়াত যি ভূমিকা গ্ৰহণ কৰিছিল, সি সঁচাই অতুলনীয়।

ৰেইচেল কাৰ্ছনৰ জন্ম হৈছিল পেন্সিলভেনিয়াৰ এখনি নগৰ পিট্‌চবাৰ্গত, এলেগেনী নদীৰ পাৰত অৱস্থিত পৰিয়ালটোৰ পাম এখনত। তাৰিখটো আছিল ১৯০৭ চনৰ ২৭ মে। মাক আছিল মাৰিয়া ফ্ৰেজিয়াৰ আৰু দেউতাক আছিল ৰবাৰ্ট ৱাৰ্ডেন কাৰ্ছন। ৰবাৰ্ট ৱাৰ্ডেন কাৰ্ছন আছিল বীমা কোম্পানীৰ মানুহ। পামখনত তেওঁলোকে বাস কৰিছিল দুমহলীয়া ক্লেপবৰ্ড ঘৰ এটাত; পামখন আছিল বেছ আহল-বহল। তাত আছিল ফলৰ বাগিচা—তাৰ আপেল, নাচপতি আদি গছৰে সৈতে গাহৰি, ঘোঁৰা, কুকুৰা আৰু ভেড়াবোৰ আছিল ৰেইচেলৰ শৈশৱৰ লগৰী। তিনিটা সন্তানৰ কণিষ্ঠ ৰেইচেলে শৈশৱত পথাৰ-পাহাৰত ঘূৰি বৰ ভাল পাইছিল। এই সময়ছোৱাতে মাকে তাইক উদ্ভিদৰ নাম আৰু জীৱ-জন্তুৰ মাত শিকাইছিল। এগৰাকী উৎসুক পাঠকা হিচাপে আঠ বছৰ বয়সৰ পৰাই ৰেইচেলে সততে জীৱ-জন্তুৰ সৈতে জড়িত গল্প লিখিবলৈ আৰম্ভ কৰিছিল। মনকৰিবলগীয়া কথা, দহ বছৰ বয়সতেই ৰেইচেলৰ প্ৰথমটো গল্প প্ৰকাশ হৈ ওলাইছিল।  কিতাপ পঢ়াত ৰেইচেলৰ আগ্ৰহ আছিল অতি বেছি। বিশেষকৈ সৰুকালত ছেইণ্ট নিকোলাছ মেগাজিন, বিট্ৰিক্স পটাৰ আৰু জিন ষ্ট্ৰেটন-পৰ্টাৰৰ উপন্যাসসমূহ আৰু কিশোৰকালত হাৰ্মান মেলভিল, জোচেফ কনৰাড আৰু ৰবাৰ্ট লুই ষ্টিভেনছনৰ ৰচনাসমূহ ৰেইচেলৰ বৰ প্ৰিয় আছিল। উল্লেখযোগ্য যে  ৰেইচেলৰ প্ৰথম প্ৰকাশিত গল্পসমূহ এই নিকোলাছ মেগাজিনেই কঢ়িয়াই লৈ ফুৰিছিল। প্ৰাকৃতিক জগতখন, বিশেষকৈ সাগৰখনেই আছিল প্ৰকৃততে ৰেইচেলৰ সাহিত্য সাধনাৰ মূল উৎস।

ৰেইচেলে দশম শ্ৰেণীলৈকে ঘৰৰ কাষৰ স্প্ৰিংডেলৰ সৰু স্কুলখনত পঢ়িছিল, তাৰ পিছত পেন্সিলভেনিয়াৰেই পাৰ্নাছাছত হাইস্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল। তেখেতে চৌৰাল্লিশজনীয়া ছাত্ৰ-ছাত্ৰীৰ ভিতৰত শীৰ্ষস্থান দখল কৰি স্নাতক ডিগ্ৰী লাভ কৰিছিল ১৯২৫ চনত। ১৯২৮ চনত ৰেইচেল কাৰ্ছনে ঘৰ এৰি পেন্সিলভেনিয়া কলেজ ফৰ উইমেনলৈ (বৰ্তমান চাথাম বিশ্ববিদ্যালয়) যায়। বিষয় নিৰ্বাচন কৰিলে ইংৰাজী ভাষা-সাহিত্য। সেই সময়চোৱাত ৰেইচেলে কাৰ্ছনে তেখেতৰ বিভিন্ন লিখা নানান আলোচনীত প্ৰকাশ কৰিছিল। আনহাতে ৰেইচেলৰ মাতৃয়ে জীয়েকৰ টিউচনৰ বাবে আপেল, কুকুৰা আদি বিক্ৰী কৰি আৰ্থিকভাৱে সহায় আগ বঢ়াইছিল। কলেজৰ বন্ধুসকলৰ মাজত ৰেইচেল ‘ৰে’ নামেৰে পৰিচিত হৈ পৰিছিল। কলেজৰ ডেকাবোৰৰ প্ৰতি ৰেইচেলে কোনো ৰোমাণ্টিক আগ্ৰহ প্ৰদৰ্শন কৰা নাছিল।

ছাত্ৰাৱস্থাৰ পৰাই জীৱবিজ্ঞানৰ এগৰাকী অধ্যাপিকা মেৰী স্কট স্কিংকাৰৰ (Mary Scott Skinker) সৈতে ৰেইচেলৰ এটা গভীৰ আত্মিক সমন্ধ গঢ় লৈ উঠিছিল। তেখেত আছিল কাৰ্ছনৰ জীৱবিজ্ঞানৰ শিক্ষয়িত্ৰী। কাৰ্ছনৰ মেজৰ ইংৰাজীৰ পৰা জীৱবিজ্ঞানলৈ সলনি কৰাত  স্কিংকাৰৰ প্ৰভাৱ আছিল অতি বেছি। এগৰাকী ইংৰাজী শিক্ষয়িত্ৰী হোৱাৰ পৰিৱৰ্তে প্ৰকৃতি-অধ্যয়নৰ বাবে কাৰ্ছনক অহৰহ প্ৰেৰণা যোগাইছিল মেৰী স্কিংকাৰে। পিছৰ জীৱনতো কাৰ্ছনে আৰ্থিক সমস্যাকে আদি কৰি অন্যান্য প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেই তেখেতে সহায় আৰু পৰামৰ্শ আগ বঢ়াইছিল। আমি মনত ৰাখিব লাগিব যে জীৱনৰ সেই গুৰুত্ত্বপূৰ্ণ সময়চোৱাত মেৰী স্কিংকাৰ নথকাহেতেন ৰেইচেল কাৰ্ছনক আজি কোনেও পৃথিৱীখন সলনি কৰা এগৰাকী যুগন্ধৰ ব্যক্তি হিচাপে নেদেখিলেহেতেন।

‌১৯২৮ চনৰ জানুৱাৰী মাহত ৰেইচেলে মেজৰৰ বিষয় ইংৰাজীৰ পৰিৱৰ্তে জীৱবিজ্ঞানলৈ সলনি কৰে আৰু স্কিংকাৰৰ লগত গ্ৰীষ্মকালীন গৱেষণা প্ৰকল্প এটি সম্পাদন কৰে। সেইবাৰেই ৰেইচেলে প্ৰথমবাৰৰ বাবে সাগৰ চাবলৈ পাইছিল, যি সাগৰৰ পৃথিৱীখনৰ কথাই সোমাই আছিল তেওঁৰ দ্বাৰা ৰচিত বিভিন্ন গ্ৰন্থবিলাকৰ মাজত। দিনত ৰেইচেলে ঘণ্টাৰ পিছত ঘণ্টা ধৰি সাগৰৰ পাৰত ঘূৰি ফুৰিছিল, সাগৰৰ নতুন পৃথিৱীখনত হেৰাই গৈছিল আৰু মন্ত্ৰমুগ্ধ হৈ পৰিছিল তাত থকা প্ৰতিটো জীৱৰ বৈচিত্ৰ্যময় কৰ্মকাণ্ড নিবি‌ড়ভাৱে প্ৰত্যক্ষ কৰি। অন্যহাতে, ৰাতি তেওঁ ডকৰ পৰা জুমি জুমি চাইছিল চন্দ্ৰৰ পোহৰত জিলিকি উঠা নানান জীৱৰ বিচিত্ৰ কাৰ্য-কালাপ। এইবোৰৰ সমান্তৰালকৈ ৰেইচেলে নানান আলোচনী আৰু সাহিত্য পৰিপূৰিকাত লিখামেলাৰ মাজেদি অৰিহণা যোগাই থাকিল। ১৯২৮ চনত জনছ হপকিন্স বিশ্ববিদ্যালয়ত স্নাতক ডিগ্ৰী লাভ কৰিবলৈ ভৰ্ত্তি হ’লেও, আৰ্থিক অসুবিধাৰ বাবে তেখেতে পেন্সিলভেনিয়া কলেজ ফৰ উইমেনতেই থাকি যাবলৈ বাধ্য হয়। উল্লেখ কৰিব পাৰি যে সেই সময়তেই বিশ্বপুঁজিবাদ গভীৰ সংকটত নিমজ্জিত হোৱাৰ উপক্ৰম হৈছিল, ধনতান্ত্ৰিক ব্যৱস্থাটোৰ দোষ-দুৰ্বলতা অতি প্ৰকট ৰূপত ওলাই পৰিছিল। সি যিয়েই নহওক, উক্ত শিক্ষানুষ্ঠানৰ পৰাই ১৯২৯ চনত ৰেইচেলে স্নাতক ডিগ্ৰী লাভ কৰে। সামুদ্ৰিক জীৱবিজ্ঞানৰ লেবৰেটৰীত এটা গ্ৰীষ্মকালীন পাঠ্যক্ৰম গ্ৰহণ কৰাৰ পিছত—১৯২৯ চনৰ ষ্টক মাৰ্কেট পতন আৰু বিশ্বজোৰা ঐতিহাসিক প্ৰচণ্ড আৰ্থিক মহামন্দাৰ  মাজতে—জনছ হপকিন্সত প্ৰাণীবিজ্ঞান আৰু জেনেটিক্সৰ অধ্যয়ন অব্যাহত ৰাখে ৰেইচেলে। স্নাতক পৰ্যায়ৰ প্ৰথম বৰ্ষ অতিক্ৰম কৰাৰ পিছত কাৰ্ছন এগৰাকী অংশকালীন ছাত্ৰী হৈ পৰে আৰু টিউচনৰ বাবে ধন উপাৰ্জন কৰিবলৈ ৰেমণ্ড পাৰ্লৰ পৰীক্ষাগাৰত সহায়কৰ পদ যোগ দিয়ে। ইয়াতে তেখেতে নিগনি আৰু ড্ৰ’ছফিলাৰ বিষয়ে গৱেষণাত নিমজ্জিত হ’বলগীয়া হয়। পিট ভাইপাৰ আৰু কাছৰ বিষয়ে কিছু গৱেষণা সম্পাদন কৰাৰ পিছত তেওঁ মাছৰ প্ৰনেফ্ৰ’ছ-ৰ (pronephros) বিকাশৰ বিষয়ে এখনি গৱেষণাপত্ৰ সম্পূৰ্ণ কৰে। ১৯৩২ চনৰ জুন মাহত তেওঁ লাভ কৰে প্ৰাণীবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী। ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ ইচ্ছা আছিল যদিও ১৯৩৪ চনত  দেশজোৰা অৰ্থনৈতিক মহামন্দৰ সময়ছোৱাত পৰিয়াল পোহপালৰ দায়িত্ব কাৰ্ছনৰ ওপৰতেই আহি পৰে। ইয়াৰ বাবে জনছ হপকিন্স এৰি পূৰ্ণকালীন শিক্ষকৰ পদ বিচাৰিবলৈ তেওঁ বাধ্য হয়। তেনেতে—১৯৩৫ চনত—তেখেতৰ পিতৃৰ আকস্মিকভাৱে মৃত্যু হয়। ফলত তেওঁলোকৰ জটিল আৰ্থিক অৱস্থা আৰু বেয়া হৈ পৰে আৰু কাৰ্ছনে তেওঁৰ বৃদ্ধ মাতৃৰ যত্নত মনোনিৱেশ কৰিবলগীয়া হয়। স্নাতক জীৱবিজ্ঞানৰ গুৰু মেৰী স্কট স্কিংকাৰৰ উপদেশমৰ্মে তেওঁ “ইউ.এছ ব্যুৰো অৱ ফিচাৰিজ”-ত এক অস্থায়ী পদত সোমায়। তেতিয়াই তেওঁ কৰ্মসূত্ৰে “ৰোমাঞ্চ আণ্ডাৰ দ্য ৱাটাৰ্ছ” শীৰ্ষক এলানি ধাৰাবাহিক নিবন্ধ ৰেডিঅ’ত সাপ্তাহিক সম্প্ৰচাৰৰ বাবে লিখিবলগীয়া হয়। সাত মিনিটৰ ৫২টা ধাৰাবাহিকৰ কাৰ্যসূচীটোত জলজ জীৱৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল আৰু ইয়াৰ উদ্দেশ্য আছিল মাছৰ জীৱবিজ্ঞান আৰু ব্যুৰোৰ কামৰ প্ৰতি জনসাধাৰণৰ আগ্ৰহ জগাই তোলা। তাৰ লগতে কাৰ্ছনে সাগৰীয় জীৱৰ সংক্ৰান্তত গৱেষণাৰ ভিত্তিত ধাৰাবাহিকভাৱে প্ৰবন্ধ লিখি স্থানীয় বাতৰি কাকত আৰু আলোচনীত প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে। আমেৰিকাৰ মীন ব্যুৰোত কাৰ্ছনৰ প্ৰধান দায়িত্ব আছিল মাছৰ সংখ্যাৰ ক্ষেত্ৰভিত্তিক তথ্য বিশ্লেষণ আৰু প্ৰতিবেদন প্ৰস্তুত কৰা আৰু জনসাধাৰণৰ বাবে প্ৰচাৰপত্ৰ আদি ৰচনা কৰা। সাগৰীয় জীৱবিজ্ঞানীসকলৰ সৈতে হোৱা গৱেষণা আৰু পৰামৰ্শক আৰম্ভণিৰ বিন্দু হিচাপে ব্যৱহাৰ কৰি তেওঁ “দ্য বাল্টিমোৰ ছান” আৰু অন্যান্য বাতৰি কাকতৰ বাবেও অবিৰতভাৱে প্ৰবন্ধ লিখিছিল। কিন্তু ১৯৩৭ চনৰ জানুৱাৰী মাহত জ্যেষ্ঠ ভগ্নীৰ মৃত্যুৰ পিছত তেওঁৰ পাৰিবাৰিক দায়িত্ব আৰু অধিক বৃদ্ধি পায় আৰু কাৰ্ছন হৈ পৰে মাক আৰু দুগৰাকী ভতিজীৰ একমাত্ৰ আৰ্থিক অবলম্বন।

১৯৩৭ চনৰ জুলাই মাহত “আটলাণ্টিক মান্থলী”-এ মীন ব্যুৰোৰ বাবে কাৰ্ছনে পূৰ্বতে ৰচনা কৰা “দ্য ৱৰ্ল্ড অৱ ৱাটাৰ্ছ”-ৰ সংশোধিত সংস্কৰণ প্ৰকাশৰ বাবে গ্ৰহণ কৰে। “আণ্ডাৰছি” নামেৰে প্ৰকাশিত এই ৰচনাখন আছিল সাগৰৰ তলৰ যাত্ৰাৰ এক প্ৰাঞ্জল ব্যাখ্যান। পিছলৈ এই গ্ৰন্থখনৰ প্ৰকাশ কাৰ্ছনৰ লেখক-জীৱনৰ এক তাৎপৰ্যপূৰ্ণ ঘটনা হিচাপে পৰিগণিত হৈছিল। “আণ্ডাৰছি”-খন পঢ়ি আপ্লুত হৈ প্ৰকাশন সংস্থা ‘চাইমন এণ্ড শ্বুষ্টাৰ’এ কাৰ্ছনৰ সৈতে যোগাযোগ কৰি তেওঁক কিতাপখন অধিক সম্প্ৰসাৰিত কৰিবলৈ পৰামৰ্শ দিয়ে। কেইবাবছৰৰ কষ্টৰ ফলত প্ৰকাশ হোৱা “আণ্ডাৰ দ্য ছি উইণ্ড” (১৯৪১) কিতাপখনে বিক্ৰী বেয়া হোৱাৰ সত্বেও উৎকৃষ্ট সমালোচনা লাভ কৰিবলৈ সমৰ্থ হয়। ইয়াৰ মাজতে কাৰ্ছনৰ জনপ্ৰিয় প্ৰবন্ধ লিখাৰ ধাৰাবাহিকতাও অব্যাহত আছিল। তেওঁৰ তেনে প্ৰবন্ধসমূহ বিশেষকৈ ছান মেগাজিন, নেচাৰ আৰু কলিয়াৰত প্ৰকাশ পাইছিল। ১৯৪৫ চনত কাৰ্ছনে ব্যুৰো (তেতিয়ালৈ আমেৰিকাৰ মৎস্য আৰু বন্যপ্ৰাণী সেৱা নামেৰে নামাংকিত হৈছিল) এৰি যোৱাৰ চেষ্টা কৰে। কিন্তু সেইসময়ত—মানহাটান প্ৰকল্পত অনেক অৰ্থ ব্যয় কৰি পৰমাণু বোমা নিৰ্মাণ কৰাৰ পৰিণতিত—বিজ্ঞানৰ শিতানত নিৰ্ধাৰণ কৰা বেছিভাগ ধন কাৰিকৰী ক্ষেত্ৰতহে কেন্দ্ৰীভূত কৰা হৈছিল। তাৰ বাবে প্ৰকৃতিবিদসকলৰ বাবে চাকৰি তেনেই কমি গৈছিল। ১৯৪৫ চনৰ মাজভাগত কাৰ্ছনে প্ৰথমবাৰৰ বাবে ডিডিটি বিষয়টোৰ সন্মুখীন হয়, যি ডিডিটি ইতিমধ্যে এক বৈপ্লৱিক নতুন কীটনাশক হিচাপে পৰিগণিত হৈছিল; যাক প্ৰশংসা কৰা হৈছিল “কীট বোমা” বুলি, হিৰোচিমা আৰু নাগাছাকিৰ সেই নৰসংহাৰী পাৰমাণৱিক বোমা বিস্ফোৰণৰ পিছত। তেতিয়া—তেনে প্ৰাৰম্ভিক উৎসাহী প্ৰশংসাৰ সময়ত—ডিডিটি-এ পৰিৱেশৰ ওপৰত পেলাবপৰা প্ৰভাৱৰ পৰীক্ষা আৰম্ভ হৈছিলহে মাত্ৰ। উল্লেখযোগ্য যে সেই সময়তেই কাৰ্ছনৰ বহু লেখাত ডিডিটিৰ নেতিবাচক দিশটোৱে কেন্দ্ৰীয় স্থান দখল কৰিছিল। অথচ সেইটো দিশক বহুতৰ দৰেই কাকত-আলোচনীৰ সম্পাদকসকলে অনাকৰ্ষণীয় বুলিহে বিবেচনা কৰিছিল।

সি যিয়েই নহওঁক, ১৯৪৫ চনত “মাছ আৰু বন্যপ্ৰাণী সেৱা” প্ৰতিষ্ঠানত কাৰ্ছনে পদোন্নতি লাভ কৰে। ১৯৪৯ চনত তেখেতে প্ৰকাশনৰ মুখ্য সম্পাদক হয়গৈ। কাৰ্ছনৰ এই পদটোৱে বিভিন্ন ক্ষেত্ৰভিত্তিক কামত আগতকৈ অধিক সুযোগ দিছিল আৰু লেখাৰ প্ৰকল্প বাছনি কৰাৰ ক্ষেত্ৰত স্বাধীনতা প্ৰদান কৰিছিল; অৱশ্যে ইয়াৰ বাবে ক্ৰমান্বয়ে বিৰক্তিকৰ প্ৰশাসনিক দায়িত্বৰ সৈতেও তেখেত জড়িত হৈ পৰিবলগীয়া হৈছিল। তাৰ মাজতেই, ১৯৪৮ চনলৈকে কাৰ্ছনে নিজৰ দ্বিতীয়খন কিতাপৰ বাবে কাম কৰি থকাৰ সময়তে অংশকালীনৰ পৰিৱৰ্ত্তে পূৰ্ণকালীনভাৱে লিখিবলৈ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেই বছৰতে তেওঁ সাহিত্যিক এজেণ্ট মেৰী ৰডেলৰ সৈতে কাম আৰম্ভ কৰিছিল আৰু সময়ত দুয়োৰে মাজত এক ঘনিষ্ঠ স্থায়ী পেছাদাৰী সম্পৰ্ক গঢ়ি উঠিছিল। ইফালে অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছে সমুদ্ৰৰ জীৱন ইতিহাসৰ বাবে কাৰ্ছনৰ কিতাপৰ প্ৰস্তাৱৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছিল। ১৯৫০ চনৰ আৰম্ভণিতে সেই প্ৰস্তাবিত কিতাপখনৰ পাণ্ডুলিপি কাৰ্ছলে সম্পূৰ্ণ কৰি পেলাইছিল। ১৯৫১ চনত “দ্য ছি এৰাউণ্ড আছ” নামেৰে অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছে গ্ৰন্থখন প্ৰকাশ কৰে। “ছি এৰাউণ্ড আছ” গ্ৰন্থখন ৮৬ সপ্তাহ ধৰি নিউয়ৰ্ক টাইমছৰ বেষ্ট চেলাৰ তালিকাত আছিল। ১৯৫২ চনত অকাল্পনিক লেখাৰ বাবে কাৰ্ছনে নেচনেল বুক এৱাৰ্ড আৰু জন বাৰ’ছ মেডেল লাভ কৰে আৰু ইয়াৰ ফলস্বৰূপে তেখেতৰ দুটা সন্মানীয় ডক্টৰেট ডিগ্ৰীও প্ৰদান কৰা হয়। কাৰ্ছনে এই কিতাপৰ আধাৰত নিৰ্মিত এখন তথ্যচিত্ৰৰ বাবেও অনুজ্ঞাপত্ৰ লাভ কৰে। “দ্য ছি এৰাউণ্ড আছ”-ৰ সফলতাৰ ফলত “আণ্ডাৰ দ্য ছি উইণ্ড” পুনৰ প্ৰকাশ পায় আৰু এইখনো অন্য এখন বেষ্টচেলাৰ হিচাপে পৰিগণিত হৈ পৰে। সফলতাৰ লগে লগে তেওঁলৈ আৰ্থিক নিৰাপত্তাও আহিল আৰু সেয়েহে ১৯৫২ চনত কাৰ্ছনে পূৰ্ণকালীনভাৱে  লেখাত মনোনিৱেশ কৰিবলৈ নিজৰ চাকৰি এৰি দিয়ে। ১৯৫৩ চনৰ আৰম্ভণিতে কাৰ্ছনে আটলাণ্টিক পাৰৰ পৰিৱেশ আৰু জীৱৰ বিষয়ে গৱেষণা আৰম্ভ কৰে। ১৯৫৫ চনত কাৰ্ছনে সাগৰীয় ত্ৰিলজী “দ্য এজ অৱ দ্য ছি”-ৰ তৃতীয় খণ্ড সম্পূৰ্ণ কৰে। এই গ্ৰন্থখনত পূব সাগৰীয় উপকূলীয় পৰিৱেশতন্ত্ৰৰ জীৱনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছিল।

১৯৫৩ চনৰ গ্ৰীষ্মকালত চাউথপ’ৰ্ট দ্বীপত কাৰ্ছনে ড’ৰথী এম ফ্ৰীমেনক লগ পায়। বিখ্যাত লেখিকাগৰাকী ওচৰ-চুবুৰীয়া হ’ব বুলি শুনি ফ্ৰীমেনে সেই অঞ্চললৈ আদৰণি জনাই কাৰ্ছনলৈ পত্ৰ লিখিছিল। এইয়াই আছিল ফ্ৰীমেনৰ সৈতে কাৰ্ছনৰ সমগ্ৰ জীৱন টিকি থাকিব পৰা এক নিষ্ঠাবান বন্ধুত্বৰ আৰম্ভণি। তেওঁলোকৰ এই সম্পৰ্ক মূলতঃ চিঠিৰ জৰিয়তে আৰু একেলগে কটোৱা গ্ৰীষ্মকালীন দিনকেইটাৰ সান্নিধ্যৰ উমেৰে আগবাঢ়িছিল। তদুপৰি প্ৰকৃতি আছিল দুয়োৰে উমৈহতীয়া লক্ষ্য যিয়ে সহায় কৰিছিল এই সম্পৰ্কক অধিক গাঢ় কৰি তুলিবলৈ। ১২ বছৰৰ ভিতৰত তেওঁলোকে প্ৰায় ৯০০খন চিঠিৰ আদান-প্ৰদান কৰিছিল। ইয়াৰে বহুতো চিঠি  ১৯৯৫ চনত বিকন প্ৰেছৰ দ্বাৰা প্ৰকাশিত “অলৱেজ ৰেইচেল” নামৰ কিতাপখনত প্ৰকাশ পাইছিল।

১৯৫৭ চনৰ আৰম্ভণিতে তৃতীয়বাৰৰ বাবে কাৰ্ছনৰ পাৰিবাৰিক ট্ৰেজেডী সংঘটিত হয় যেতিয়া ১৯৪০ চনৰ পৰা নিজে তুলি-তালি ডাঙৰ কৰা  ভতিজী এগৰাকীৰ ৩১ বছৰ বয়সতে মৃত্যু হয়; তেওঁ এৰি থৈ যায় ৫ বছৰীয়া কণমানি পুত্ৰ ৰ’জাৰ ক্ৰীষ্টিক। কাৰ্ছনে ৰ’জাৰক দত্তক লোৱাৰ লগতে নিজৰ বৃদ্ধ মাকৰো দায়িত্ব গ্ৰহণ কৰে। কাৰ্ছনে ৰ’জাৰৰ যত্ন ল’বলৈ মেৰিলেণ্ডৰ ছিলভাৰ স্প্ৰিঙলৈ গুচি যায়। সেই নতুন পৰিৱেশত ১৯৫৭ চনৰ বেছিভাগ সময় পৰিৱেশৰ প্ৰতি অহা ভাবুকিৰ বিষয়ে অধ্যয়ন কৰি কটায় কাৰ্ছনে। ১৯৫৭ চনৰ শেষৰ ফালে কাৰ্ছনে আমেৰিকাৰ কৃষি বিভাগে ফায়াৰ এণ্ট নিৰ্মূল কৰাৰ পৰিকল্পনাৰ বাবে উত্থাপন কৰা ব্যাপক কীটনাশকৰ ব্যৱহাৰৰ প্ৰস্তাৱসমূহ বিশ্লেষণ কৰিছিল অতি মনোযোগেৰে। ক্ল’ৰিনেটেড হাইড্ৰ’কাৰ্বন আৰু অৰ্গেন’ফছফেটৰ সৈতে জড়িত অন্যান্য স্প্ৰে’ কাৰ্যসূচীও সেইসময়ত বৃদ্ধি পাইছিল। কাৰ্ছনে কিন্তু অতি বেছি গুৰুত্ব দিছিল অতিমাত্ৰা কীটনাশক ব্যৱহাৰৰ বিপদৰ দিশটোত।

কাৰ্ছনৰ আটাইতকৈ প্ৰভাৱশালী গ্ৰন্থ “চাইলেণ্ট স্প্ৰিং” ১৯৬২ চনৰ ২৭ ছেপ্টেম্বৰত হাউটন মিফলিনে প্ৰকাশ কৰিছিল। কীটনাশকৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে বিস্তাৰিত বৰ্ণনা থকা এই কিতাপখনক পৰিৱেশ আন্দোলনৰ পথিকৃৎ হিচাপে বহুতেই আখ্যা দিয়ে। যদিও চাইলেণ্ট স্প্ৰিঙক ৰাসায়নিক কোম্পানীসমূহে তীব্ৰ বিৰোধিতা কৰিছিল, তথাপিও ৰাষ্ট্ৰীয় কীটনাশক নীতিয়ে ইয়াৰ সপক্ষত থিয় দিছিল, যাৰ ফলত ডিডিটি আৰু অন্যান্য কীটনাশকসমূহৰ ওপৰত দেশজুৰি নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। ইয়াৰ উপৰিও তৃণমূল পৰ্যায়ৰ পৰিৱেশ আন্দোলনৰ প্ৰেৰণা যোগাৱা এই গ্ৰন্থৰ ফলতে আমেৰিকাৰ পৰিৱেশ সুৰক্ষা সংস্থাৰ সৃষ্টি হৈছিল। কাৰ্ছনক মৰণোত্তৰভাৱে ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰে ৰাষ্ট্ৰপতিৰ পদক প্ৰদান কৰে। কাৰ্ছন ডিডিটিৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰা প্ৰথম বা একমাত্ৰ ব্যক্তি নাছিল যদিও তেওঁৰ “বৈজ্ঞানিক জ্ঞান আৰু কাব্যিক লেখা”-ৰ সংমিশ্ৰণ বিস্তৃত দৰ্শকৰ মাজলৈ গৈছিল আৰু সি ডিডিটি-বিৰোধী আন্দোলন কেন্দ্ৰীভূত কৰাত সহায় কৰিছিল। ১৯৯৪ চনত উপ-ৰাষ্ট্ৰপতি আল গোৰে লিখা প্ৰস্তাৱনাৰে “চাইলেণ্ট স্প্ৰিং”-ৰ আৰু এটা সংস্কৰণ প্ৰকাশ পায়। ২০১২ চনত আধুনিক পৰিৱেশ আন্দোলনৰ বিকাশত লোৱা ভূমিকাৰ বাবে আমেৰিকান কেমিকেল ছ’চাইটিয়ে “চাইলেণ্ট স্প্ৰিং”-ক “ৰাষ্ট্ৰীয় ঐতিহাসিক ৰাসায়নিক লেণ্ডমাৰ্ক” হিচাপে ঘোষণা কৰে।

উল্লেখযোগ্য যে ১৯৪০ চনৰ মাজভাগৰ পৰাই কাৰ্ছনে কৃত্ৰিম কীটনাশকৰ ব্যৱহাৰৰ প্ৰতি চিন্তিত হৈ পৰিছিল, যিবিলাকৰ বহুতকে দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰে পৰা বিজ্ঞানৰ সামৰিক পুঁজিৰ জৰিয়তে বিকশিত কৰা হৈছিল। কিন্তু ১৯৫৭ চনত আমেৰিকাৰ ফেডাৰেল চৰকাৰে জিপ্সি মথ (বৰ্তমান স্পঞ্জী মথ বুলি কোৱা হয়) নিৰ্মূল কাৰ্যসূচীয়ে কাৰ্ছনক নিজৰ গৱেষণা আৰু পৰৱৰ্তী কিতাপখন কীটনাশক আৰু পৰিৱেশৰ বিষৰ বিষয়ে নিয়োজিত কৰিবলৈ প্ৰেৰণা দিয়ে। ১৯৬০ চনলৈকে কাৰ্ছনৰ হাতত অলেখ গৱেষণামূলক তথ্য গোট খাইছিল আছিল আৰু সেইসমূহৰ ভিত্তিত তেখেতৰ লেখাৰ কাম দ্ৰুতগতিত আগ বাঢ়িছিল। তাৰ লগে লগে তেখেতে কীটনাশকৰ সংস্পৰ্শ আৰু তৎজনিত মানুহৰ ৰোগ আৰু পৰিৱেশৰ ক্ষতিৰ শ শ ঘটনাৰ ব্যক্তিগত অনুসন্ধান সম্পন্ন কৰিছিল। কিন্তু জানুৱাৰী মাহত ডুৱেডেনাল আলচাৰৰ পিছত কেইবাটাও সংক্ৰমণৰ ফলত তেওঁ কেইবাসপ্তাহ ধৰি বিচনাত পৰি থাকিল, যাৰ ফলত “চাইলেণ্ট স্প্ৰিং”-ৰ কাম ব্যাহত হৈ পৰে। মাৰ্চ মাহত সুস্থ হৈ অহাৰ লগে লগে যেতিয়া তেওঁ কিতাপখনৰ কেন্সাৰৰ বিষয়ে দুটি অধ্যায়ৰ খচৰা সম্পূৰ্ণ কৰি আছিল, তেতিয়া তেওঁৰ বাঁও স্তনত চিষ্টৰ উপস্থিতি ধৰা পৰে। ইয়াৰে এটাত আনকি মেষ্টেক্টমীৰ প্ৰয়োজনো হৈছিল। পিছে ডাক্তৰে এই পদ্ধতিক সতৰ্কতামূলক বুলি অভিহিত কৰি আৰু কোনো চিকিৎসাৰ পৰামৰ্শ নিদিলে। কিন্তু ডিচেম্বৰৰ ভিতৰত কাৰ্ছনে আৱিষ্কাৰ কৰিলে যে টিউমাৰটো মাৰাত্মক হোৱাৰ লগতে কেন্সাৰৰ মেটাষ্টেজ হৈ গৈছে ইতিমধ্যেই। আনহাতে “দ্য ছি এৰাউণ্ড আছ”-ৰ নতুন সংস্কৰণৰ পুনৰীক্ষণৰ কাম হাতত আছিল কাৰ্ছনৰ। কিন্তু অধিক স্বাস্থ্যজনিত সমস্যাই পুথিখনিৰ চূড়ান্ত সংশোধনীৰ কাম লেহেমীয়া কৰি পেলায়। কিতাপখন লিখি থাকোঁতে কাৰ্ছনে নিজৰ ৰোগটো লুকুৱাই ৰাখিছিল যাতে কীটনাশক কোম্পানীবোৰে তেওঁৰ এই ৰোগক তেওঁৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব নোৱাৰে। তেওঁ চিন্তিত আছিল যে যদি কোম্পানীবোৰে এই কথা জানে তেন্তে সিহঁতে ইয়াক কিতাপখন অবিশ্বাস্য আৰু পক্ষপাতপূৰ্ণ দেখুৱাবলৈ নিশ্চয় ব্যৱহাৰ কৰিব। কাৰ্ছন আৰু প্ৰকাশৰ সৈতে জড়িত ব্যক্তিসকলে “চাইলেণ্ট স্প্ৰিং”-ৰ  তীব্ৰ সমালোচনাৰ আশা কৰিছিল। বিশেষকৈ মানহানিৰ গোচৰ তৰাৰ সম্ভাৱনাক লৈ তেওঁলোক চিন্তিত হৈ পৰিছিল। কাৰ্ছনেও সেইসময়ত তেওঁৰ বিয়পি পৰা কেন্সাৰৰ বিৰুদ্ধে যুঁজিবলৈ ৰেডিঅ’থেৰাপী কৰি আছিল। সেয়ে প্ৰত্যাশিত আক্ৰমণৰ প্ৰস্তুতিৰ বাবে কাৰ্ছন আৰু তেওঁৰ এজেণ্টে কিতাপখন মুক্তিৰ পূৰ্বে যিমান পাৰি সিমান বিশিষ্ট সমৰ্থকক গোট খুৱাবলৈ চেষ্টা কৰিছিল।

স্তন কেন্সাৰ আৰু চিকিৎসা পদ্ধতিৰ পৰা দুৰ্বল হৈ পৰা কাৰ্ছন ১৯৬৪ চনৰ জানুৱাৰী মাহত শ্বাস-প্ৰশ্বাসজনিত ভাইৰাছৰ দ্বাৰা অসুস্থ হৈ পৰে। ফেব্ৰুৱাৰী মাহত চিকিৎসকে বিকিৰণৰ চিকিৎসাৰ ফলত কাৰ্ছনৰ ভয়াবহ ৰক্তহীনতা হোৱা বুলি গম পায় আৰু মাৰ্চ মাহত যকৃতৰ ওচৰলৈকে কেন্সাৰ বিয়পি পৰাৰ কথা ধৰা পৰে। ১৯৬৪ চনৰ ১৪ এপ্ৰিলত ৫৬ বছৰ বয়সত মেৰিলেণ্ডৰ ছিলভাৰ স্প্ৰিঙত থকা নিজৰ ঘৰত হাৰ্ট এটেকত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।

কাৰ্ছনৰ অকাল মৃত্যুৱে পৰিৱেশ আন্দোলনত তেওঁৰ মৰ্যদাক আৰু অধিক শক্তিশালী কৰি তুলিলে। ষাঠিৰ দশকত দেশজুৰি বিয়পি পৰা বিপ্লৱী আৱেগৰ সৈতে তেওঁৰ বহু ধাৰণা অত্যন্ত সামঞ্জস্যপূৰ্ণ বুলি প্ৰমাণিত হ’ল। বিশেষকৈ “চাইলেণ্ট স্প্ৰিং”-ক যুদ্ধোত্তৰ পুঁজিবাদী সমাজখনৰ তীব্ৰ সমালোচনা হিচাপে গণ্য কৰিব পাৰি। অৰ্থনৈতিক বৃদ্ধি, পুঁজিবাদ, ভোগবাদ—এইবোৰ আছিল “আমেৰিকান জীৱনশৈলী”-ক গঢ় দিয়া মূল কেন্দ্ৰীয় নীতি।  “চাইলেণ্ট স্প্ৰিং” আছিল তেনে জীৱনশৈলীৰ প্ৰতিমুখী।

প্ৰদূষণ, কীটনাশকৰ ব্যৱহাৰ আৰু জীৱজগতত নিৰ্গত কৰা আৱৰ্জনাৰে আমি আমাৰ পৃথিৱীখন সলনি কৰি পেলাইছোঁ। মানুহ হিচাপে আমি আমাৰ গ্ৰহটোক বসবাসৰ উপযোগী সুন্দৰ ঠাই হিচাপে গঢ়ি তুলিবলৈ গ্ৰহটোৰ প্ৰতি আমাৰ ব্যৱহাৰ সলনি কৰিব লাগিব। ৰাইচেল কাৰ্ছনে এই কথা হৃদয়ংগম কৰিছিল। মাথো সেয়াই নহয়, তেখেতে নিজৰ জীৱনটো পৰিৱেশৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে আৰু পৰিৱেশ সংৰক্ষণৰ এক সক্ৰিয় কৰ্মী হিচাপে উচৰ্গা কৰিছিল। স্কুলত মেজৰ বাছনিৰ পৰা আৰম্ভ কৰি ইউ.এছ ব্যুৰো অৱ ফিচাৰিজে নিযুক্তি দিয়া দ্বিতীয়গৰাকী মহিলা হোৱালৈকে লেখিকা, জীৱবিজ্ঞানী আৰু পৰিৱেশবিদ হিচাপে তেওঁৰ এই জীৱন আশ্চৰ্যকৰ। ৰেইচেল কাৰ্ছনে প্ৰকৃতিৰ বাবে যুঁজিছিল আৰু প্ৰতিজন ব্যক্তিয়ে পৰিৱেশৰ ওপৰত কেনে প্ৰভাৱ পেলায় সেই বিষয়ে বিশ্ববাসীৰ মনত সচেতনতাৰ সৃষ্টি কৰিছিল। মহিলা বিজ্ঞানীৰ পথ প্ৰশস্ত কৰা এইগৰাকী অগ্ৰণী পৰিৱেশবিদে বহু যুগলৈ সমগ্ৰ বিশ্বৰ পৰিৱেশকৰ্মীসকলক অনুপ্ৰাণিত কৰি যাব।

তথ্য সংগ্ৰহ:

Leave a Reply

Your email address will not be published. Required fields are marked *