ৰাদাৰফ’ৰ্ড আৰু কাপিৎজা-(পূৰৱী দেৱী)
“লৰ্ড ৰাদাৰফ’ৰ্ডৰ মৃত্যুত বিজ্ঞানজগতত কাম কৰা সকলো লোকেই মৰ্মাহত হৈছে। কিন্তু তেখেতৰ শিষ্যবৃন্দ বিশেষ দুঃখিত। বিজ্ঞানৰ বিকাশত মাথো এজন ব্যক্তিৰ এনে গভীৰ প্ৰভাৱ বিচাৰি পাবলৈ টান। মই এনে এখন দেশৰ নাম বিচাৰি উলিয়াব নোৱাৰো যিখন দেশৰ পৰা কোনো নহয় কোনো সময়ত ৰাদাৰফ’ৰ্ডৰ লগত কাম কৰিবলৈ ডেকা গৱেষণাকাৰী অহা নাছিল। মই কেমব্ৰিজত থকা সময়ত কেভেণ্ডিছ গৱেষণাগাৰত কাম কৰিবলৈ মাথো গ্ৰেট বৃটেইন বা ব্ৰিটিছ সাম্ৰাজ্যৰ অধীন দেশৰ পৰা নহয়, এনেকি, আমেৰিকা, চিলি, চীন, চেকোশ্লোভেকিয়া, ডেনমাৰ্ক, ফ্ৰান্স, হলেণ্ড, জাৰ্মানী, ভাৰতবৰ্ষ, ইটালী, জাপান, নৰৱে, পোলেণ্ড, চ’ভিয়েত ইউনিয়ন, চুইজাৰলেণ্ড আৰু আন দেশৰ লোক গৱেষণা কৰিবলৈ আহিছিল। এওঁলোকৰ সৰহ সংখ্যক বৰ্তমান বিভিন্ন বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ। কেইজন মান বৰ্তমান আন্তৰ্জাতিক খ্যাতি সম্পন্ন লোক। এই সকলো দেশতে বিজ্ঞানৰ বাহকে ৰাদাৰফ’ৰ্ডৰ মৃত্যুত ফাৰাডেৰ পিচত এজন মহান পদাৰ্থবিদৰ অভাৱ অনুভৱ কৰি মাথো নহয়, এজন সুশিক্ষক আৰু বন্ধুৰ অভাৱ অনুভৱ কৰি মৰ্মাহত হৈছে বুলি মই নিশ্চিত”– কাপিৎজা।
পদাৰ্থ আৰু ৰসায়ন বিজ্ঞানৰ অ, আ, ক, খ ৰ লগত চিনাকিহোৱা মাত্ৰকে বিজ্ঞানৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ লগত পৰিচিত হৈ পৰে এই কেইজন ব্যক্তিৰ – ডেমক্ৰিটাছ, ডেল্টন, জে, জে, থমছন আৰু আৰ্নেষ্ট ৰাদাৰফ’ৰ্ড। ন’বেল বঁটা বিজয়ী ৰাদাৰফ’ৰ্ড বিশ্ব-বিখ্যাত। সেই অনুপাতে কাপিৎজা অল্পখ্যাত।
পিটাৰ কাপিৎজাৰ (Piotr LeonidovichKapitza) জন্ম হয় ১৮৯৪ চনত, ৰাছিয়াৰ চেইন্ট পিটাৰ্চবাৰ্গৰ ওচৰৰ Kronstadtনামৰ এখন সৰু চহৰত। ঊনৈশ শতিকা ৰাছিয়াৰ ৰাজনৈতিক বিপ্লৱ, চিন্তা বিপ্লৱ, নাৰী জাগৰণ আৰু নৱ জাগৰণৰ যুগ। ইউৰোপীয় বিজ্ঞানৰ প্ৰৱেশে এই দেশত সৃষ্টি কৰিছিল এচাম শিক্ষিত মধ্যবিত্ত। বিজ্ঞান আৰু যান্ত্ৰিক কৌশলৰ বিকাশৰ অবিহনে ৰাছিয়াৰ উন্নতি অসম্ভৱ বুলি বিশ্বাস কৰা এইচাম লোকে বিজ্ঞান চৰ্চা কৰিছিল, নাৰী শিক্ষাৰ প্ৰসাৰ ঘটাইছিল আৰু ৰাজতন্ত্ৰৰ স্থানত ৰাছিয়াত গণতন্ত্ৰ স্থাপনৰ সপোন দেখিছিল। কাপিৎজাৰ ককা-দেউতাকে (General IeronimIvanovichStebnitski) তেখেতৰ মাতৃক (Olga) কলা বিষয়ত আৰু মাহীয়েকক (Alexandra) অংক আৰু বিজ্ঞান বিষয়ত শিক্ষিত কৰি তুলিছিল। কাপিৎজাৰ জীৱনত এই দুগৰাকী নাৰীৰ প্ৰভাৱ স্পষ্ট। তেখেতৰ পিতৃ (Leonid PetrovichKapitza) আছিল বিজ্ঞান শিক্ষাৰে শিক্ষিত সামৰিক অভিযন্তা।
লৰালি কালৰে পৰা কাপিৎজাৰ ভাষাৰ ওপৰত দখল আছিল সামান্য। কোনো এটা ভাষা তেখেতে শুদ্ধকৈ উচ্চাৰণ কৰিব পৰা নাছিল আৰু লিখনিত আছিল বানানৰ অসংখ্য ভুল। সেই যুগৰ উচ্চ শিক্ষাৰ হকে অত্যাৱশ্যক লেটিন আৰু গ্ৰীক ভাষা তেখেতে আয়ত্ব কৰিব নোৱাৰিলে। কিন্তু মাহীয়েকে মন কৰে যে অংকৰ ওপৰত তেওঁৰ স্বাভাৱিক দখল আছে আৰু তেওঁৰ অনুসন্ধিৎসু মন বিজ্ঞান শিক্ষাৰ উপযুক্ত। মাহীয়েকৰ চেষ্টাতে তেখেত অংক আৰু বিজ্ঞান বিষয়ত পাৰ্গত হৈ পৰে। লেটিন আৰু গ্ৰীকৰ পৰা বঞ্চিত কাপিৎজাৰ বিশ্ব-বিদ্যালয়ত প্ৰৱেশৰ সৌভাগ্য নহল। চেইন্ট পিটাৰ্চবাৰ্গ পলিটেকনিকৰ পৰা তেখেতে ডিগ্ৰী লাভ কৰে।
অৱশ্যে সেই যুগৰ ৰাছিয়াৰ সকলো ছাত্ৰ-ছাত্ৰীৰ শিক্ষা জীৱনত বহু ধৰণৰ ব্যাঘাত ঘটে। প্ৰথমে প্ৰথম মহা যুদ্ধত প্ৰতিজন স্বাস্থ্যৱান ডেকায়ে কোনো নহয় কোনো ধৰণে যুদ্ধত যোগ দিব লগাত পৰে। কাপিৎজা আছিল আহত ব্যক্তিৰ যান চালক। প্ৰায় লগে লগে আৰম্ভ হয় ৰাছিয়াৰ বিপ্লৱ আৰু সকলো উচ্চ শিক্ষাৰ কেন্দ্ৰ বন্ধ কৰি দিয়া হয়। ফল স্বৰূপে ডিগ্ৰী লাভৰ বাবে ১৯১৮ চন পৰ্যন্ত কাপিৎজা অপেক্ষা কৰিব লগাত পৰে। যুদ্ধ আৰু বিপ্লৱে ৰাছিয়ালৈ কঢ়িয়াই আনে অৰ্থনৈতিক মন্দাকাল, মহামাৰী আৰু দুৰ্ভিক্ষ। তথাপি শিক্ষা বিস্তাৰৰ হকে ব্যক্তিগত প্ৰচেষ্টা থমকি নৰয়। উৎসাহী বৃদ্ধ পদাৰ্থবিদ আব্ৰাহম জ’ফৰ নেতৃত্বত “Physico-technical” নামৰ এটা নতুন প্ৰতিষ্ঠান গঢ়ি উঠে আৰু এচাম উৎসাহী যুৱকে তেখেতৰ তলত কাম কৰিবলৈ ধৰে। ইয়াৰ মাজত কাপিৎজা ও আছিল। খাদ্য , ইন্ধন, অৰ্থ আৰু আহিলা পাতিৰ অভাৱত কোনো ৰকমে ছেগা-চোৰোকা কৈ কাম-কাজ আগবাঢ়ে।
ইতিমধ্যে কাপিৎজা বিবাহ পাশত আৱদ্ধ হৈ এটা পুত্ৰ সন্তানৰ পিতৃ হয়। ইয়াৰ পিচত তেখেতৰ জীৱনলৈ ইটোৰ পিচত সিটো দুৰ্যোগ নামিবলৈ ধৰে। একে সময়তে পিতৃ, পত্নী আৰু পুত্ৰক হেৰুৱাই কাপিৎজাৰ মন আৰু শৰীৰ তেনেই ভাগি পৰিছিল। বৃদ্ধ আব্ৰাহম আছিল তেখেতৰ বিপদৰ বন্ধু। আব্ৰাহমৰ আপ্ৰাণ চেষ্টাতে “Soviet Academy of Sciences” নামৰ প্ৰতিষ্ঠানে বিপ্লৱৰ পিচত ইউৰোপীয় দেশৰ লগত পুনৰ বিজ্ঞান সম্বন্ধীয় আলাপ আলোচনা কৰিব পৰা সম্বন্ধ গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কাপিৎজাৰ প্ৰখৰ বুদ্ধিমত্তা আৰু সৃজনীশীল প্ৰতিভাই আব্ৰাহমক মুগ্ধ কৰিছিল। ব্যক্তিগত জীৱনৰ শোক দুঃখ পাহৰিবলৈ সুবিধা হ’ব বুলিয়েই আব্ৰাহমে কাপিৎজাক সংগী ৰূপে লৈ ইউৰোপ ভ্ৰমণ কৰিবলৈ সিদ্ধান্ত লয়। সমাজ বাদী ৰাছিয়াৰ প্ৰতি ইউৰোপৰ সৰহ ভাগ দেশেই বিৰূপ মত পোষণ কৰা হেতুকে এই কাম সহজ নাছিল। তথাপি প্ৰথমে জাৰ্মানীলৈ আহি কিছু আহিলা-পাতি সংগ্ৰহ কৰিবলৈ তেওঁলোক সমৰ্থ হয়। বহু ৰাজনৈতিক বাধা-নিষেধ অতিক্ৰমৰ পিচত তেওঁলোকে ইংলেণ্ডৰ কেইখন মান গৱেষণাগাৰ দৰ্শন কৰিবলৈ অনুমতি লাভ কৰাত অৱশেষত কেভেণ্ডিছত আহি উপস্থিত হয় আৰু ৰাদাৰফ’ৰ্ডৰলগত দেখা কৰে। এইখিনিতেই কাপিৎজাৰ জীৱনৰ মোৰ সলনি হয়। ৰাদাৰফ’ৰ্ডৰ লগত কিছুদিন কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰাত প্ৰথমে তেখেতে গৱেষণাগাৰত ইতিমধ্যে ত্ৰিশজন ছাত্ৰ আছে আৰু স্থানৰ অভাৱ বুলি অজুহাত দেখুৱাই কাপিৎজাক নিৰুৎসাহ কৰিছিল। কাপিৎজাই সুধিছিল – “আপুনি কৰা পৰীক্ষাবোৰত সাধাৰণতে ভুলৰ শতাংশ (Percentage of error) কিমান ? এই প্ৰশ্নত আচৰিত হৈ ৰাদাৰফ’ৰ্ডে দুই বা তিনি শতাংশ বুলি উত্তৰ দিয়াত কাপিৎজাই কৈছিল – “ত্ৰিশ জনৰ স্থানত একত্ৰিশ জন হলে আৰু এজনক কোনেও লক্ষ্য নকৰিব। যিহেতু ই ভুলৰ শতাংশৰ ভিতৰত পৰে”। উত্তৰ শুনি হতবাক হৈ ৰাদাৰফ’ৰ্ডে মাথো কেইমাহ মানৰ কাৰণে কাপিৎজাক ছাত্ৰ ভৰ্তি কৰে। এবছৰৰ পিচত তেওঁক কিয় ছাত্ৰ হিচাপে ল’ব খোজা নাছিল প্ৰশ্ন কৰাত ৰাদাৰফ’ৰ্ডে উত্তৰ দিছিল – “I can’t think why, but I’m very glad that I did”. কাপিৎজাৰাদাৰফ’ৰ্ডৰ তোলনীয়া পুত্ৰ স্বৰূপ হৈ পৰিছিল আৰু তেওঁলোকৰ মাজৰ সম্বন্ধ ইমানেই মধুৰ আছিল যে কাপিৎজাই তেখেতক ঘঁৰিয়াল বুলি জোকাইছিল। তেখেতে কৈছিল যে ৰাছিয়াত ঘঁৰিয়াল পৰিয়ালৰ পিতৃৰ প্ৰতীক আৰু ইয়াৰ ডিঙি বৰ ঠৰঙা হোৱা হেতুকে ই মাথো আগুৱাই হে যাব পাৰে, ঘুৰিব নোৱাৰে, সাক্ষাৎ বিজ্ঞান, সাক্ষাৎ ৰাদাৰফ’ৰ্ড।
এইবাৰ ৰাদাৰফ’ৰ্ডৰ বিষয়ে দুশাৰী মান আলোচনা কৰা যাওক। লৰ্ড আৰ্নেষ্ট ৰাদাৰফ’ৰ্ড আছিল নিউজিলেণ্ড বাসী এজন খেতিয়কৰ পুত্ৰ। জলপানিৰ অবিহনে উচ্চ শিক্ষাৰ হকে বিশ্ব-বিদ্যালয়ত প্ৰৱেশ কৰা তেওঁৰ বাবে আছিল অসম্ভৱ। মাতৃয়ে জলপানি লাভ কৰাৰ চিঠি আনি হাতত দিয়াৰ সময়ত ৰাদাৰফ’ৰ্ডে পথাৰত আলু খান্দি আছিল । চিঠি পঢ়ি তেখেতে কৈছিল – “এইটো মই খন্দা শেষ আলু”। সেইদিন ধৰি মৃত্যু পৰ্যন্ত তেখেত বিজ্ঞান জগতৰ পৰা কেতিয়াও উভতি নাহিল। প্ৰকৃতাৰ্থত ঘঁৰিয়াল। প্ৰথমতে কেমব্ৰিজৰ ট্ৰিনিটি কলেজত জে, জে, থমছনৰ লগত গৱেষণা কৰা ৰাদাৰফ’ৰ্ডে তেজষ্ক্ৰিয় পৰমাণুৰ পৰা নিৰ্গত আলফা আৰু বিটা ৰশ্মিৰ ধৰ্ম বিশ্লেষণ কৰে, পদাৰ্থৰ তেজষ্ক্ৰিয়তাৰব্যাখ্যা দিয়ে। ১৯১১-১২ চনত প্ৰথমে পৰমাণুৰ গঠনৰ পৰীক্ষামূলক ব্যাখ্যা আগবঢ়াই আৰু ১৯১৯ চনত আলফা কণিকাৰ সহায়েৰে প্ৰথম নিউক্লীয় বিক্ৰিয়া ঘটাই পদাৰ্থ বিজ্ঞানত এক নতুন গৱেষণাৰ বাট মুকলি কৰে।
মাথো বিজ্ঞানী ৰূপে নহয়, তেখেতৰ চৰিত্ৰৰ আন এক দিশৰ বাবেহে তেখেত আমাৰ এজন শ্ৰদ্ধাভাজন ব্যক্তি। ৰাদাৰফ’ৰ্ড আছিল এক আদৰ্শ শিক্ষক। ছাত্ৰই যেনেকৈ তেখেতক ভয় কৰিছিল, তেনেকৈ ভাল পাইছিল, শ্ৰদ্ধা-ভক্তিকৰিছিল। ছাত্ৰক আপোন কৰি ল’ব পৰা ক্ষমতা ৰাদাৰফ’ৰ্ডৰ আছিল। ধৰ্ম, ভাষা, জাতি, ৰাজনীতি, কূটনীতিৰ প্ৰাচীৰ ভাঙি বহু দেশৰ ছাত্ৰক নিজ গৱেষণাগাৰত সমবেত কৰিব পৰা ক্ষমতাৰো তেখেত আছিল অধিকাৰী। এটা উদাহৰণ উল্লেখযোগ্য। ১৯১১-১৪ চনলৈকে হোৱা বিশ্ব-যুদ্ধত গৱেষণাগাৰৰ কাম-কাজ প্ৰায় স্থগিত ৰাখিব লগা হৈছিল। ৰাদাৰফ’ৰ্ডৰ ছাত্ৰ মাৰ্চডেনে যুঁজ দিছিল ইংলেণ্ড আৰু গেইগাৰে জাৰ্মানীৰ পক্ষে। সম্ভাৱনাপূৰ্ণ ছাত্ৰ মছলে’ অকালতে যুদ্ধত নিহত হৈছিল। ৰাদাৰফ’ৰ্ড মৰ্মাহত হৈছিল, এই সকল আছিল তেখেতৰ প্ৰিয় ছাত্ৰ। বিজ্ঞান আৰু বিজ্ঞানী সমগ্ৰ বিশ্বৰ সম্পত্তি– ইয়েই আছিল ৰাদাৰফ’ৰ্ডৰ মূলমন্ত্ৰ।
সেয়েহে মাথো কেই মাহ মানৰ কাৰণে কাম কৰিবলৈ অহা কাপিৎজা১৯২৩ চনত PhD ডিগ্ৰী লাভ কৰা, ইয়াৰ পিচত মেক্সৱেল জলপানি আৰু প্ৰায় ওঠৰ মাহৰ পিচত চুম্বক ক্ষেত্ৰৰ গৱেষণাৰ মূৰব্বী নিযুক্ত হোৱা একো আচৰিত নহয়। কিছু দিনৰ পিচতেই কাপিৎজা “Fellow of Trinity College” আৰু ১৯২৯ চনত “Fellow of Royal Society” নিৰ্বাচিত হয়।
কেভেণ্ডিচত কাপিৎজাই অত্যন্ত শক্তিশালী চুম্বক ক্ষেত্ৰৰ প্ৰভাৱত আলফা কণিকাৰ গতিপথৰ আলোকচিত্ৰ তুলি আলফা কণিকাৰ ধৰ্মৰ ওপৰত গৱেষণা কৰিছিল। ইয়াৰ হকে আৱশ্যক হৈছিল অতি শক্তিশালী চুম্বক। প্ৰথমতে এনে চুম্বক নিৰ্মাণ কৰা আছিল সমস্যা। দ্বিতীয়তে কুণ্ডলীৰ মাজেৰে অতি শক্তিশালী বিদুৎপ্ৰবাহ কৰিলে কুণ্ডলীৰ ৰোধ বাঢ়ি যায় আৰু উষ্ণতা বৃদ্ধি হৈ সমস্যাৰ সৃষ্টি কৰে। এই সমস্যা সমাধান কৰিবলৈ গৈ কাপিৎজাই এক নতুন যান্ত্ৰিক কৌশল উদ্ভাৱন কৰে। অতি কম সময়ৰ বাবে (১ চেকেণ্ডৰ ১/৫০ ভাগ সময়) বিদুৎ প্ৰবাহ চালিত কৰি প্ৰবাহ বন্ধ কৰি তেখেতে লক্ষ্য কৰে যে সেই কম সময়ৰ ভিতৰত সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰ তেখেতৰ পৰীক্ষাত ব্যৱহাৰ কৰিব পৰা যায়। বৰ্তমান বহু যান্ত্ৰিক কৌশলত ইয়াক প্ৰয়োগ কৰা হয়।
এই পৰীক্ষা কৰিবলৈ ধৰি কাপিৎজাই লক্ষ্য কৰে যে পৰিবাহী ত ৰোধ পৰিবৰ্তনৰ হাৰ চুম্বক ক্ষেত্ৰৰ বৰ্গৰ সমানুপাতিক। কিন্তু এখন “Critical field”ৰ পিচত (ধাতুৱে প্ৰতি এই “Critical field”বেলেগ) এই পৰিবৰ্তন হয় ৰৈখিক। এই ফলাফলে তেখেতক নতুন দৃষ্টিৰে ধাতুৰ তাপ আৰু বিদুৎ পৰিবাহিতা লক্ষ্য কৰিবলৈ অনুপ্ৰাণিত কৰে। অত্যন্ত নিম্ন উষ্ণতাত ধাতুৰ পৰিবাহিতা অতি সৰল। কাৰণ অণুৰ চলনৰ হকে উদ্ভৱ হোৱা জটিলতা কম। সেয়েহে কাপিৎজাই নিম্ন উষ্ণতা সৃষ্টি কৰিবলৈ প্ৰথমে জুলীয়া বায়ু, তাৰ পিচত জুলীয়া হাইড্ৰোজেন আৰু অৱশেষত জুলীয়া হিলিয়াম প্ৰস্তুত কৰা পদ্ধতি উদ্ভাৱন কৰে। কাপিৎজাৰ পদ্ধতি বহু যান্ত্ৰিক কৌশলৰ বৰ্তমান অপৰিহাৰ্য অংগ।
এনেবোৰ কামৰ গুৰুত্ব উপলব্ধি কৰি ৰাদাৰফ’ৰ্ডে কাপিৎজাৰ গৱেষণাৰ হকে “Department of Scientific and Industrial Research” ৰ পৰা আৰ্থিক সাহাৰ্যৰ বাবে আবেদন কৰাত একো ফল নধৰে। কিন্তু “Council of Royal Society” য়ে আৰ্থিক সাহাৰ্য দিয়াৰ উপৰি “Messel” প্ৰফেচাৰ পদত নিযুক্তি দিয়ে। তদুপৰি মাথো কাপিৎজাৰ কাম কাজৰ সুবিধাৰ্থে ৰাদাৰফ’ৰ্ডৰ উদ্যোগত মন্দ গৱেষণাগাৰ সাজিবলৈ “Royal Society” য়ে অৰ্থ সাহাৰ্য আগবঢ়ায়।
অৱশ্যে ৰাজনীতিৰ মেৰপাকত কাপিৎজাৰ জীৱনৰ পট পৰিবৰ্তন হয়। দেশপ্ৰেমিক কাপিৎজা প্ৰতি বছৰে ৰাছিয়ালৈ গৈছিল। নিজ দেশৰ বিভিন্ন শিক্ষা অনুষ্ঠানত তেওঁ ভাষণ দিছিল, মাতৃ আৰু বন্ধু বান্ধৱৰ লগত আমোদ উপভোগ কৰিছিল। ১৯৩৪ চনত দেশলৈ গৈ ইংলেণ্ডলৈ উভতি যোৱাৰ অনুমতি তেখেতক প্ৰদান কৰা নহ’ল। ৰাছিয়া আৰু ইংলেণ্ডৰ মাজৰ কূটনৈতিক সম্বন্ধ জটিল হৈ পৰায়েই আছিল ইয়াৰ প্ৰধান কাৰণ। কাপিৎজাৰ অবিহনে মন্দ গৱেষণাগাৰ হৈ পৰে অচল। হতাশ হৈ ৰাদাৰফ’ৰ্ডে “The Times” কাকতলৈ লিখা এখন চিঠিৰ দুশাৰী মান আমি উদ্ধৃতি দিছোঁ –
“While no one disputes that the Soviet authorities have a legal claim upon Kapitza’s services, their sudden action in commandeering them without previous warning has profoundly disturbed the University and scientific world. …… Science is international and every scientist hopes that it will remain so …… ৰাছিয়াৰ চৰকাৰে কাপিৎজাক গৱেষণা অব্যাহত ৰাখিবলৈ সকলো ধৰণে সহায় কৰিব বুলি আশা প্ৰকাশ কৰি তেখেতে লিখিছিল – “Men of scientific originality and imagination like Professor Kapitza require an atmosphere of complete mental tranquility in which to do their creative work”
কিছু দিনৰ পিচত কাপিৎজাই নিজ দেশত মন্দ গৱেষণাগাৰৰ দৰে গৱেষণাগাৰ গঢ়ি তুলিবলৈ সক্ষম হয়। উপযুক্ত আহিলা পাতিৰ অভাৱত গৱেষণা সম্ভৱ নহয় বুলি চৰকাৰক পতিয়ন নিয়াবলৈ সমৰ্থ হোৱাত ৰাছিয়াই ইংলেণ্ডৰ লগত যোগাযোগ কৰে আৰু ৰাদাৰফ’ৰ্ডে কাপিৎজাক সকলো ধৰণে সহায় কৰে। মন্দ গৱেষণাগাৰৰ সকলো আহিলা-পাতি ৰাছিয়ালৈ পঠিয়াই দিয়া হয়।অলপ দিনৰ ভিতৰতে কাপিৎজাই জুলীয়া হিলিয়ামৰ “Super fluidity” আৱিষ্কাৰ কৰি আন্তৰ্জাতিক খ্যাতি অৰ্জন কৰে।
১৯৩০ চনৰ পিচৰে পৰা ৰাছিয়াৰ বিজ্ঞানীয়ে বহু ধৰণৰ স্বাধীনতা হেৰুৱাইছিল। বিদেশৰ লগত যোগাযোগ তেওঁলোকৰ নাছিলেই বুলিব পাৰি। কাপিৎজা আছিল ব্যতিক্ৰম। চৰকাৰী নিৰ্যাতনৰ পৰা বহু সহকৰ্মীক ৰক্ষা কৰিবলৈ তেওঁ সমৰ্থ হৈছিল। উদাহৰণ স্বৰূপে সহকৰ্মী Lev Davidovitch Landau ক জাৰ্মানীৰ গুপ্তচৰৰ অভিযোগ আনি বন্দী কৰা হৈছিল। সম্ভৱত বন্দীশালত তেখেত মৃত্যুৰ মুখত পৰিলহেঁতেন। তেখেতক মুক্তি নিদিলে কামৰ পৰা বৰ্খাস্ত দিব বুলি ভাবুকি দি কাপিৎজাই তেখেতক ৰক্ষা কৰে।
১৯৩৯ চনৰ পিচৰে পৰা কাপিৎজাক সমস্যায়ে জুমুৰি দি ধৰে। বেৰিয়াই আণৱিক বোমা প্ৰস্তুত কৰিবলৈ প্ৰতিষ্ঠা কৰা গৱেষণাগাৰত কাম কৰিবলৈ কাপিৎজা সন্মত নোহোৱাৰ বাবে তেখেতক অধিকৰ্তা পদৰ পৰা বৰ্খাস্ত কৰা হয়। ষ্টেলিনৰ মৃত্যু পৰ্যন্ত কাপিৎজা গৃহ বন্দী হৈ আছিল। নিজ গৃহতে বিদ্যায়তনিক কাম কাজ তেখেতে অক্ষুন্ন ৰাখিছিল। ষ্টেলিনৰ একনায়কত্ব বাদী ৰাষ্ট্ৰ শক্তিৰ ওচৰত কাপিৎজা কেতিয়াও সেও মনা নাছিল। মানৱৰ হিত সাধিবলৈ বিজ্ঞান চৰ্চা, ই আছিল কাপিৎজাৰ অভিমত।
বিজ্ঞান কোনো এখন দেশ বা কোনো এটা জাতিৰ একচেটিয়া সম্পত্তি নহয়। যুগে যুগে হাজাৰ হাজাৰ লোকে কৰা পৰ্যবেক্ষণ, পৰীক্ষা , অক্লান্ত চেষ্টা , পৰিশ্ৰম আৰু বৌদ্ধিক চিন্তাৰ ভিত্তিত হে আধুনিক বিজ্ঞানৰ সৌধ গঢ়ি তুলিব পৰা গৈছে। বিশ্বৰ প্ৰতিজন বিজ্ঞানীয়ে কৰা কামে প্ৰকৃততে বিশ্বৰ প্ৰতিজন নাগৰিকৰ জীৱন কোনো নহয় কোনো প্ৰকাৰে স্পৰ্শ কৰে। সেয়েহে সহযোগিতা বিজ্ঞানীৰ কাম্য। সচেতন বিজ্ঞানীয়ে দেশ, ভাষা, জাতি, ৰাজনীতি, কূটনীতিৰ বাধাৰ প্ৰাচীৰ ভাঙিব পাৰে আৰু বহু ক্ষেত্ৰত ভাঙে। দুৰ্ভাগ্য বশতঃ এনে বিজ্ঞানীৰ সংখ্যা তাকৰ। ইতিহাসে উদঙাই দিয়ে যে এনে সহায় সহযোগিতাৰ অবিহনে বিজ্ঞানে “লাহে-ধীৰে প্ৰগতি” অনাৰ বিপৰীতে আনে যুদ্ধ, সন্ত্ৰাশ আৰু অভাৱনীয় সমস্যা। আজি এশ বছৰৰ আগতে এই সত্য উপলব্ধি কৰা ৰাদাৰফ’ৰ্ডৰ আৰু কাপিৎজাৰ বন্ধুত্ব আৰু সহযোগিতাই আমাক অনুপ্ৰাণিত কৰে । সুখৰ বিষয়, এই মহামাৰীৰ দিনত আন্তৰ্জাতিক সহযোগিতাৰ গুৰুত্ব বহু লোকে উপলব্ধি কৰিছে। অন্ততঃ পলম হলেও ৰাষ্ট্ৰ সংঘই কৈছে – “No one is safe if every one is not safe”. প্ৰতিজন সচেতন মানৱ প্ৰেমী বিজ্ঞানীয়ে আশা কৰিব – এই বাক্য শাৰী চিৰস্থায়ী হওক।
সহায় লোৱা হৈছে–
- Ivor B.N. Evans, “Man of Power”,
- T E. Allibone, “Rutherford, the father of nuclear energy”
- Joan James, “Remarkable Physicists”
- Wikipedia, Google search, “Pyotr Kapitsa”
- তথ্য পাতিৰ যোগান ধৰি কৰা সহায়ৰ বাবে ডঃ পৰমানন্দ মহন্তৰ ওচৰত আমি কৃতজ্ঞ।