স্বৰাজোত্তৰ ভাৰতত শ্ৰেণীৰ বিকাশ আৰু ৰাজহুৱা খণ্ডৰ উপাখ্যান (ইন্দ্ৰজিৎ বৰা)
বিশ বছৰ মানৰ আগতে চাৰিদিনৰ ৰেলযাত্ৰা এটাৰ শেষ ৰেলগাড়ীখন লৈছিলোঁ নিউ জলপাইগুৰিৰ পৰা। নাম আছিল গুৱাহাটী অভিমুখী অবধ আচাম এক্সপ্ৰেছ। ভিতৰৰ ভীৰটোলৈ চাই সেয়া যেন ট্ৰেনৰ ডবা নহয়, গুৱাহাটীৰ চিটিবাচহে। নাক কোঁচ খাই যোৱা দুৰ্গন্ধময় তেনে যাত্ৰাবোৰে কিন্তু স্বৰাজোত্তৰ ভাৰতত এক নব্য সামন্তীয় আমোলা শ্ৰেণীক অফুৰন্ত শক্তি প্ৰদান কৰি আহিছে। এই শ্ৰেণীটোৰ পৰিধি বিস্তৃত, উৰ্ধতম সীমা যেনেকৈ ক্ষমতাৰ শীৰ্ষবিন্দু তেনেকৈ ভেটিও ভীষণ মজবুত। ৰাজহুৱা সেৱাৰ ক্ষেত্ৰবোৰ আত্মসাৎ কৰি পেলোৱা এই শক্তিৱন্তৰ সন্মুখত হয়তো কিছুমান অসহায় অন্তৰাত্মা কঁপি উঠে, পিছে নাকটো কোঁচ খাই যোৱাৰ দৰে জৈৱিক প্ৰতিক্ৰিয়াতেই সকলো সমাপ্ত হয়। কাৰণ “মিশ্ৰ অৰ্থনীতি” যদি স্বৰাজোত্তৰ ভাৰতৰ ৰাজনৈতিক ঐতিহ্য, তেন্তে ই নিশ্চয় পুঁজিৰ উৎস কিম্বা সামন্তীয় পিপাসা বাহাল ৰখাৰ সুৰক্ষা কবচ৷
স্বৰাজোত্তৰ ভাৰতত নেহৰুৰ বিৰাট আকাশচুম্বী পৰিকল্পনাৰ পাণ্ডুলিপিৰ মাজত ৰাজনৈতিক সিন্ধান্তই কি পৰিভাষা লৈছিল? এতিয়াও ৰাজনৈতিক সিদ্ধান্ত মানেই সচৰাচৰ মনলৈ আহে নিৰ্বাচনকেন্দ্ৰিক জনপ্ৰিয় এখন অবাস্তৱ ছবি। তেনেকৈ ইয়াৰ ঐতিহাসিক স্তুতিৰ মাজত নিৰ্মাণ হ’ল বিভিন্ন আদৰ্শবাদ। স্বৰাজোত্তৰ ভাৰতৰ বিশেষকৈ আমোলাতান্ত্ৰিক ৰাষ্ট্ৰ-সৰ্বস্ব ব্যৱস্থাৰ ধাৰাবাহিক প্ৰাদুৰ্ভাৱৰ এখন দস্তাবেজ হ’ল গুৰুচৰণ দাসৰ জনপ্ৰিয় কিতাপ India Unbound। তাৰ পাছতেই লেখকে লিখিছিল The White Elephant। লাইচেন্স কোটাৰাজৰ কাঠঘৰত সোমাই এজন সঞ্চালক হিচাপে ভাৰতত এটা বহুজাতিক কোম্পানীৰ বজাৰ সম্প্ৰসাৰণৰ বাবে স্বৰাজোত্তৰ ভাৰতৰ আমোলাতান্ত্ৰিক পৰম্পৰাৰ সৈতে লিপ্ত হ’ব লগা মল্লযুঁজৰ ছবিখন ভালকৈ ফুটাই তোলা হৈছে কিতাপ দুখনৰ মাজেৰে। ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানবিলাক কেনেকৈ খীৰতী গাই হিচাবে ব্যৱহৃত হৈ আহিছিল তাৰো বিশ্লেষণ আছে৷
কোনো গণতান্ত্ৰিক ৰাষ্ট্ৰই যেনেকৈ দেশৰ গৰিষ্ঠসংখ্যক জনগণৰ অৰ্থনৈতিক অনিশ্চয়তাক আওকাণ কৰি নোৱাৰে, তেনেকৈ সমকালীন আৰ্থ-সামাজিক গাঁথনিৰ মাজতেই ঐতিহাসিক বিকল্প বিচৰাৰ ক্ষেত্ৰতো ৰাষ্ট্ৰৰ অন্তৰ্নিহিত সীমাবদ্ধতা আছে। কাৰণ ৰাষ্ট্ৰব্যৱস্থাই আৰ্থ-সামাজিক গাঁথনিৰ মাজত সম্পৃক্ত হৈ থকা শ্ৰেণীগত সংঘাতবিলাকৰ মধ্যস্থতা কৰি আহিছে। এইক্ষেত্ৰত গাঁও-চহৰৰ শ্ৰমিক শ্ৰেণীৰ মৌলিক সংগ্ৰামখনেই প্ৰাথমিক। দ্বিতীয়তে বিভিন্ন শাসক শ্ৰেণীবিলাকৰ মাজত প্ৰধানকৈ বিভিন্ন খণ্ডৰ উদ্যোগিক পুঁজিৰ লগত জৰিত শ্ৰেণীবিলাকৰ মাজত আৰু উদ্যোগিক আৰু কৃষিভিত্তিক পুঁজিপতিসকলৰ মাজৰ সংঘাত। অন্যহাতেদি শাসক শ্ৰেণী আৰু তাৰ ক্ষুদ্ৰ উৎপাদনকাৰী বৃহৎ জন-গাঁথনিৰ মাজৰ সংঘাত। প্ৰকৃততে দ্বিতীয়বিধ সংঘাতেহে ৰাজনৈতিক স্থিৰতা হিচাবে প্ৰকাশ পোৱা শ্ৰেণীগত ভাৰসাম্যতাৰ প্ৰধান নিৰ্ণায়ক ভূমিকা লৈ আহিছে। সংগঠিত শ্ৰমিক অথবা চহাৰ আসন্ন সংগ্ৰামৰ দৰে প্ৰত্যাহ্বানে শাসকগোষ্ঠীৰ ভিতৰতে থকা শক্তি সমীকৰণ পৰিৱৰ্তিত কৰি থাকে। তেনেদৰে প্ৰাক-পুঁজিবাদী শক্তিবিলাকৰ উপস্থিতিয়ে এক সংযুক্ত ৰাজনীতিৰ পটভূমি ৰচনা কৰে। ৰাষ্ট্ৰব্যৱস্থাই বিভিন্ন ৰাজনৈতিক কাৰ্যসূচীৰে বৃহৎ পুঁজিপতি, আঞ্চলিক পুঁজিপতি, ভূসম্পত্তিশালী আৰু ধনী কৃষকৰ মাজত সন্মিলনৰ সৃষ্টি কৰে যাতে দেশৰ শ্ৰমজীৱিসকলৰ সাম্ভাব্য প্ৰত্যাহ্বানৰ সৈতে মকামিলা কৰিব পৰা যায়।
প্ৰসংগক্ৰমে শ্ৰেণীৰ বিকাশ আৰু তাৰ লাগে লগে সমাজ গাঁথনিৰ গতিশীলতা উত্তৰ-ঔপনিৱেশিক সমাজ আৰু ৰাষ্ট্ৰৰ বিশেষত্ব। স্বৰাজোত্তৰ ভাৰতত নীতি আৰু আঁচনিবোৰ- ভূমি সংস্কাৰক ভূমিহীনৰ মাজলৈকে লৈ যোৱা, মাটিৰ ম্যাদীকৰণ সুনিশ্চিত কৰা অথবা থলুৱা পুঁজিৰ বিকাশ সাধন কৰা— তৃণমূল পৰ্যায়লৈকে সম্প্ৰসাৰিত কৰাৰ দিশত অহা তাৎকালিক প্ৰত্যাহ্বানবোৰ তেনে এটা পটভূমিতেই বিশ্লেষণ কৰিব পাৰি৷ সামন্তীয় সমাজ গাঁথনিৰ অৱশেষ আৰু প্ৰশাসনত শিপাই থকা নব্য সামন্তীয় ঔপনিৱেশিক আমোলাতান্ত্ৰিক পৰম্পৰা তেনে এক গতিশীলতাৰেই নিদৰ্শন, যি দেশৰ কল্যানকামী নীতি আৰু আঁচনিবিলাকৰ বাস্তৱ ৰূপায়নলৈ সদায় প্ৰত্যাহ্বান জনাই আহিছে৷ এই প্ৰশ্নবোৰ লৈ কৰা তৃণমূল পৰ্যায়ৰ জাগৰণবোৰ নিৰ্বাচনী ৰাজনীতিয়ে কৌশলগতভাৱে আওকাণ কৰি আহিল৷ কাৰণ সমাজ গাঁথনিটোলৈ পৰিৱৰ্তন আৰু তৃণমূল পৰ্যায়ৰ সংগঠনৰ প্ৰশ্নবোৰ শক্তিৱন্ত আৰু মুষ্টিমেয় আৰ্থ-সামাজিক শক্তিবোৰে কৌশলগতভাৱে ৰাজনৈতিক প্ৰশ্নৰ পৰা আঁতৰাই ৰাখিছিল৷
উত্তৰ-ঔপনিৱেশিক পৃথিৱীত শ্ৰেণীৰ সংজ্ঞা বিচাৰি হাবাথুৰি খাব লগা হোৱাটো স্বাভাৱিক কথা । কাৰণ শ্ৰেণী পৃষ্ঠীয় বস্তু নহয়। ই একেবাৰে মৌলিক সামাজিক ভেটি আৰু এক সম্পূৰ্ণ স্বতন্ত্ৰ সত্তা। সমাজৰ পৃষ্ঠীয় পৰিচিতিবিলাকৰ দৰে ই কাৰো আৱৰণ নহয় আৰু সেয়ে ই সহজে দৃষ্টিগোচৰো নহয়। প্ৰতিজন ব্যক্তিৰেই সচেতন বস্তুনিষ্ঠ মনটোৱে যেতিয়া সমাজত নিজৰ নিৰাপত্তা বিচাৰে, সেয়েই হ’ল শ্ৰেনী চেতনা। ই ধৰ্ম, বৰ্ণ, জনগোষ্ঠী আদিৰ চেতনা নহয়। এই বস্তুনিষ্ঠ মনটো দক্ষ শ্বেয়াৰ বজাৰৰ অৱধাৰনাটোত ধৰি লোৱা বাস্তৱধৰ্মী বিনিয়োগকাৰীসকলৰ দৰে। পিছে এই বস্তুগত মনটোক পৃষ্ঠীয় পৰিচিতিবিলাকে নিচাসক্ত কৰিবলৈ চেষ্টা কৰি থাকে। এই নিচাসক্তি পুঁজিপতি আৰু মেহনতীৰ ক্ষেত্ৰত একেবাৰে সীমিত। কাৰণ এই বস্তুনিষ্ঠ মনটোৱেই হ’ল পুঁজিপতিৰ প্ৰতিপত্তি আৰু মেহনতীৰ বাৰে এটা নিৰ্বাহক জীৱন। এই দুয়োটা শীৰ্ষবিন্দুত শ্ৰেণীৰ স্বতন্ত্ৰ বৈশিষ্ট্য বিদ্যমান। যদিও এই দুই শীৰ্ষবিন্দু ইতিহাসৰ বিভিন্ন স্তৰত স্পষ্টকৈ দেখা নাযাব পাৰে। ইয়াৰ অন্তৰালত থকা বিৱৰ্তিত জনসমষ্টিবিলাক হ’ল বিভিন্ন স্তৰৰ মধ্যবিত্ত আৰু তেওঁলোকৰ ক্ষেত্ৰত স্তৰ অনুপাতে এই নিচাসক্তিৰ মাত্ৰ ভিন্ন। পুঁজিপতিৰ প্ৰতিপত্তি অথবা মেহনতীৰ নিৰ্বাহক জীৱনটোৰ দৰে তেওঁলোকৰ বস্তুনিষ্ঠ মনটোৱে নিজৰ মাজত কোনো এক নিৰ্দিষ্ট সবল অস্তিত্ব বিচাৰি নাপায়। গতিকে, এই বিৱৰ্তিত জনসমষ্টিবোৰে শ্ৰেণী চৰিত্ৰ আয়ত্ত কৰিব নোৱৰালৈকে পৃষ্ঠীয় পৰিচিতিৰ পোচাক পিন্ধি থাকিব লগা হয় আৰু ই উত্তৰ ঔপনিৱেশিক পৃথিৱীৰ এক প্ৰধান বৈশিষ্ট্য। এই পোচাক পৰিধান কৰি প্ৰকৃততে এই বিৱৰ্তিত জনসমষ্টিবিলাকে নিজৰ শ্ৰেণীগত বৈশিষ্ট্যকেই প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰে।
ৰাষ্ট্ৰ নামৰ আকাংক্ষিত সমাজখন সমকালীন শ্ৰেণীবিভক্ত সমাজখনৰেই প্ৰতিফলন । গতিকে শ্ৰেণীহীন ৰাষ্ট্ৰ থাকিব নোৱাৰে। আকৌ শ্ৰেণী মানেই অসমতা আৰু বৈষম্য। গতিকে শ্ৰেণী সমতা বুলিও কোনো ধাৰণা নাই। তেন্তে গণতান্ত্ৰিক ৰাষ্ট্ৰৰ উদ্দেশ্য কি সমতা স্থাপন হ’ব পাৰে? বাকী থকিলগৈ পৃষ্ঠীয় পৰিচিতিবিলাকৰ সমতা যেনে বৰ্ণ সমতা, জনগোষ্ঠীয় সমতা, ধৰ্মীয় সমতা ইত্যাদি ইত্যাদি। এইখিনিতে এটা কথা মন কৰিবলগীয়া যে, ৰাষ্ট্ৰৰ এই পৃষ্ঠীয় সমতাৰ প্ৰচেষ্টাবিলাকৰ ফলাফল শ্ৰেণীবিভক্ত সমাজৰ গাঁথনিটোৰ মাজত বিলীন হৈ গৈছে। গোষ্ঠীগত স্বায়ত্ব শাসনে সমকালিক গাঁথনিটোৰ আৰ্হিত এক মুষ্টিমেয়কৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বৰ্ণ সমতা মানেও হ’ল বৰ্ণ ভিত্তিক মুষ্টিমেয়কৰণ। অৰ্থাৎ সকলো বৰ্ণৰে মুষ্টিমেয় থকাটোৱেই বৰ্ণ সমতা। গতিকে শ্ৰেণী বিভক্ত গাঁথনিটোৰ মাজত কৰা যিকোনো পৃষ্ঠীয় সমতাৰ প্ৰচেষ্টাৰ সীমাবদ্ধতা আছে।
তেনেকৈ বিকাশ আৰু উন্নয়নৰ সংঘাত এক ঐতিহাসিক বাস্তৱ৷ বিকাশ অৰ্থনীতিৰ আৰু উন্নয়ন মানুহৰ৷ তাৰ ওপৰত বিকাশ-উন্নয়নৰ সচৰাচৰ দ্বৈত্যবাদী বাগধাৰাৰ পৰা ধৰ্ম-জনগোষ্ঠী-বৰ্ণৰে উন্মাদিত প্ৰতিক্ৰিয়াশীললৈকে বহুতৰপীয়া উপৰিসৌধ৷ একেবাৰে মেচিন লেঙ্গুৱেজৰ পৰা উচ্চস্তৰীয় লেঙ্গুৱেজলৈকে৷ এই বিভিন্ন উপৰিসৌধীয় তৰপবিলাকৰ সৃষ্টিৰ প্ৰক্ৰিয়াটো এই সংঘাত আৰু তাৰ সঞ্চালনে নিৰ্ণয় কৰে৷ এই সংঘাতত বিকাশ গাঁথনিগতভাৱে শক্তিশালী আৰু স্বতঃস্ফূৰ্ত ৷ কাৰণ পুঁজিৰ উন্মুক্ত জমা প্ৰক্ৰিয়াই হ’ল এই বিকাশ যি উন্নয়নৰ আকাৰ আৰু আকৃতি নিৰ্ণয় কৰে৷ তেনেদৰে সৃষ্টি হয় এক সহজলভ্য বাগধাৰাৰ—বিকাশ মানেই এক চিৰন্তন উন্মুক্ত পৃথিৱী আৰু উন্নয়ন তাৰ পৰা মানুহৰ কাৰণে নিগৰি অহা এমুঠিমান অনুদান৷ এয়া এখন উন্মুক্ত পৃথিৱীৰ উন্মাদনা৷ এই উন্মাদনাই নিৰূপন কৰিছে উন্নয়নৰো পৰিভাষা আৰু ৰাষ্ট্ৰৰ দ্বন্দ্বাত্মক ভূমিকা৷ সমাজৰ সামগ্ৰিক উন্নয়নৰ দাবীবোৰ বিভিন্ন ৰাজনৈতিক পৰিভাষালৈ ৰূপান্তৰ কৰি পৰম্পৰাগত বিৱৰ্তমান আৰ্থ-সামাজিক শ্ৰেণীবোৰ হৈ পৰে উন্নয়নৰ ত্ৰাণকৰ্তা৷ এয়া উন্মুক্ত জমা প্ৰক্ৰিয়াই বিৱৰ্তমান শ্ৰেণীবোৰৰ সৈতে সম্পাদিত কৰা সুৰক্ষা চুক্তিৰ বাদে একো নহয়৷
পুঁজিৰ উন্মুক্ত জমা প্ৰক্ৰিয়াৰ সংকোচন আৰু উন্নয়নৰ ত্ৰানকৰ্তাসকলৰ সামন্তীয় কৰৰ বোজাই মানৱ সমাজৰ পৰা উন্নয়নৰ ধাৰণাই নাইকীয়া কৰি পেলাইছে৷ উন্মুক্ত জমা প্ৰক্ৰিয়াৰ গাণিতিক পৰিভাষা হিচাবে বিকাশৰ হাৰ বৰ্তি থকালৈকে উন্নয়ন মানুহৰ আশা৷ সামন্তীয় কৰ-কাতলেৰে ত্ৰানকৰ্তাসকলৰো দ্ৰুত বিকাশ হয়৷ যেতিয়া উন্মুক্ত জমা প্ৰক্ৰিয়াৰ স্বাভাৱিক সংকোচনে অনতিপলমে প্ৰক্ৰিয়াটোলৈকে সংকট লৈ আনে, তেতিয়া মানুহৰ আশা বৰ্তাই ৰখাটো ত্ৰানকৰ্তাসকলৰ পক্ষে অসম্ভৱ হৈ পৰে৷ ধৰ্ম-জনগোষ্ঠী-বৰ্ণৰ দৰে পৰিচিতিৰ ৰাজনীতিৰ উপযোগিতা বৃদ্ধি হয়৷ অৱশ্যে উন্নয়নৰ ভুৱা আশাও সমানেই পৰিচিতিৰ ৰাজনীতিৰ দৰেই এক নিচাসক্তি৷ উন্নয়নৰ কোনো অৱতাৰী মেজিকেল ফৰ্মূলা নাই৷ উন্মুক্ত জমা প্ৰক্ৰিয়াৰ সংকোচন আৰু উন্নয়নৰ ত্ৰাণকৰ্তাসকলৰ প্ৰভূত্ব আৰু সামন্তীয় কৰৰ বোজাৰ পৰা পৰিত্ৰাণ পোৱাৰ কিবা উপায় আছেনে?
সম্প্ৰতি ভাৰতবৰ্ষৰ দৰে উত্তৰ-ঔপনিৱেশিক ৰাষ্ট্ৰবিলাকত জনপ্ৰিয়তাৰ শিখৰত বিৰাজমান হৈ থকা বিকাশৰ পৰিভাষাই হ’ল নব্য উদাৰতাবাদৰ জয়গান। বিকাশৰ এই জনপ্ৰিয় পৰিভাষা হ’ল এনেধৰণৰ। ক্ষুদ্ৰ, নিম্ন উৎপাদনশীল আৰু কৃষিৰ দৰে জনাকীৰ্ণ পৰম্পৰাগত খণ্ডৰ পৰা শ্ৰমিকসকলৰ অধিক উৎপাদনশীল আধুনিক পুঁজিবাদী খণ্ডলৈ প্ৰব্ৰজন এনে বিকাশৰ এক অপৰিহাৰ্য প্ৰক্ৰিয়া। এনে প্ৰব্ৰজনৰ বাবে অনিয়ন্ত্ৰিত পুঁজিবাদী বিকাশ হ’ব পূৰ্বচৰ্ত আৰু পুঁজিৰ জমা প্ৰক্ৰিয়াৰ বাটত দেখা দিয়া সকলো প্ৰতিবন্ধকতা নিঃশেষ কৰিলেহে সেয়া সম্ভৱ হ’ব। গতিকে পুঁজিবাদী বিকাশত কল-কাৰখানাৰ বাবে ক্ষুদ্ৰ কৃষকৰ কৃষিভূমিৰ আবণ্টনৰ দৰে ক্ষুদ্ৰ উৎপাদন খণ্ড স্থানচ্যুত হোৱাটো নিশ্চিত। কিন্তু তাক এক অন্তৰ্ৱৰ্তীকালীন সমস্যা হিচাবে নাকচ কৰা হৈছে কাৰণ সময়ৰ লগে লগে ক্ষুদ্ৰ উৎপাদন খণ্ডৰ পৰা অপসাৰিত শ্ৰমিকসকলে আধুনিক পুঁজিবাদী ক্ষেত্ৰত সম্পূৰ্ণকৈ কৰ্ম সংস্থাপন পাব। সেয়ে ক্ষুদ্ৰ উৎপাদনৰ সুৰক্ষাৰ নামত পুঁজিবাদী বিকাশক বাধা দিয়াটো অধঃপতনৰ লক্ষণ, যিটো কেৱল নিৰ্বাচনী ৰাজনীতিৰ এক কম্পালচন মাত্ৰ আৰু এক পপুলিষ্ট বস্তু।
উকিউক্ত বাগধাৰাটো মূলতঃ পশ্চিম ইউৰোপীয় দেশবিলাকত দেখা পোৱা পুঁজিবাদী বিকাশৰ তেনে এক ক্ৰমণিকাৰে যুক্তিযুক্ত কৰিবলৈ চেষ্টা কৰা হয়। কাৰণ এই প্ৰক্ৰিয়াত ক্ষুদ্ৰ উৎপাদনৰ পৰা অপসাৰিত শ্ৰমিকসকল এক যান্ত্ৰণকাতৰ সময়ৰ অন্তত পুঁজিবাদী খণ্ডত সংস্থাপিত হৈছিল। গতিকে ভাৰতবৰ্ষৰ দৰে উত্তৰ-ঔপনিৱেশিক দেশত তেনে অভিজ্ঞতাৰ পুনৰাবৃত্তি হোৱা উচিত। আকৌ জনাকীৰ্ণ আৰু পৰম্পৰাগত ক্ষুদ্ৰ উৎপাদন ক্ষেত্ৰৰ মজুৰি একেবাৰে নিৰ্বাহক স্তৰৰ আৰু ই ক্ষেত্ৰটোৰ গড় জনমুৰি আয়তকৈ অধিক হোৱাটো অসম্ভৱ। কিন্তু পুঁজিবাদী বিকাশত যিহেতু বনুৱাৰ উৎপাদনশীলতা বেছি, সেয়ে অধিক মুনাফাই অধিক বিনিয়োগৰ সৃষ্টি কৰিব যি অপসাৰিত শ্ৰমিকক সংস্থাপিত কৰিব পাৰিব। গতিকে নিবনুৱা আৰু দৰিদ্ৰতাৰ উত্তৰ অবাধ পুঁজিবাদী বিকাশৰ মাজতহে আছে।
কিন্তু এইটো অতি সহজেই স্পষ্ট হৈ পৰে যে এয়া প্ৰকৃততে এক অৰ্থনৈতিক ভ্ৰমহে মাত্ৰ। অনিয়ন্ত্ৰিত পুঁজিবাদী বিকাশত বনুৱাৰ উৎপাদনশীলতা বৃদ্ধি এক নিৰন্তৰ প্ৰক্ৰিয়া। গতিকে এক বিশেষ উৎপাদন বৃদ্ধিৰ হাৰ সাপেক্ষে নিয়োগ সৃষ্টিৰ ক্ষমতা হ্ৰাস হৈ গৈ থকাটো অৱশ্যম্ভাৱী। তেনেস্থলত অপসাৰিত বনুৱাৰ সংস্থাপন দূৰৰ কথা, উৎপাদনশীলতাই অন্তৰ্নিহিতভাৱে সৃষ্টি কৰা নিবনুৱাসকলৰ সংস্থাপনেই অসম্ভৱ হৈ পৰে। পশ্চিম ইউৰোপীয় দেশবিলাককৈ চালে দেখা যায় যে প্ৰকৃততে ক্ষুদ্ৰ উৎপাদনৰ পৰা অপসাৰিত শ্ৰমিকসকল সম্পূৰ্ণকৈ নিজৰ দেশৰ পুঁজিবাদী ক্ষেত্ৰত সংস্থাপিত হোৱা নাছিল। বৃহৎ সংখ্যক বনুৱা পশ্চিম ইউৰোপৰ উপনিৱেশবিলাকলৈ ৰপ্তানি হৈছিল আৰু সেই উপনিৱেশবিলাকত কম উৎপাদনশীল হিচাবে নিয়োজিত হৈছিল। একাংশ অপসাৰিত শ্ৰমিক আমেৰিকা, কানাডা, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ দৰে দেশবিলাকলৈ প্ৰব্ৰজন কৰি তাত কৃষক হিচাবেই জীৱন আৰম্ভ কৰিছিল। তেনেকৈয়ে পশ্চিম ইউৰোপীয় দেশবিলাকত অধিক উৎপাদনশীলতাৰ মাজতো নিবনুৱা সমস্যা আৰু দৰিদ্ৰতাক নিয়ন্ত্ৰণত ৰখাটো সম্ভৱ হৈছিল। গতিকে সেয়া পুঁজিবাদী বিকাশৰ অন্তৰ্নিহিত ফলশ্ৰুতি নাছিল, ব্যাপক প্ৰব্ৰজনৰ কাৰণেহে সম্ভৱ হৈছিল। সাম্প্ৰতিক পৃথিৱীত তেনে ব্যাপক প্ৰব্ৰজন এক অসম্ভৱ কথা, য’ত নেকি প্ৰব্ৰজনৰ ইতিহাস খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপক হৈ পৰিছে।
গতিকে, অধিক উৎপাদনশীলতাৰ দ্বাৰা সৃষ্টি হোৱা বৰ্ধিত নিবনুৱা পুঁজিবাদী বিকাশৰ এক অন্তৰ্নিহিত প্ৰক্ৰিয়া। পুঁজিবাদী বিকাশে নিজৰ পৰিসৰৰ ভিতৰত অপসাৰিত শ্ৰমিকসকলক সংস্থাপিত কৰিব নোৱাৰে। বৰঞ্চ নিবনুৱা সৃষ্টিৰ দ্বাৰাহে পুঁজিবাদী বিকাশ সম্ভৱ হয়। এইটো স্পষ্ট হৈ পৰে যে ক্ষুদ্ৰ উৎপাদন আৰু তাৰ লগত জৰিত বনুৱাৰ অপসাৰণৰ যোগেদি কৰা উদ্যোগীকৰণ কেতিয়াও বহনক্ষম নহয়। আজি যদি সঁচালৈয়ে থলুৱা অৰ্থনীতিক সুৰক্ষিত কৰি আত্মনিৰ্ভৰশীল কৰি তুলিব বিচাৰোঁ সেয়া ক্ষুদ্ৰ উৎপাদন ক্ষেত্ৰবোৰ উন্নিত কৰাৰ যোগেদিহে সম্ভৱ হ’ব।
তেনেকৈ এইটো স্পষ্ট যে ৰাজহুৱা খণ্ডৰ ব্যক্তিগতকৰণ আচলতে অৰ্থনীতিটোৰ কাৰণে কোনো নতুন বিনিয়োগ নহয়। বৰঞ্চ এয়া হ’ল ব্যক্তিগত পুঁজিৰ আগ্ৰাসন আৰু ৰাজহুৱা পুঁজিৰ ব্যাপক সংকোচন। অৰ্থনৈতিক সংকটৰ সময়ত পুনৰুজ্জীৱনৰ বাবে যেনেকৈ আমাক এক চাহিদাকেন্দ্ৰিক সম্প্ৰসাৰণ নীতি লাগে, তেনেকৈ ৰাজহুৱা পুঁজিৰ সংকোচন তাৰ সম্পূৰ্ণ উলোটা প্ৰক্ৰিয়া। চাহিদাকেন্দ্ৰিক সম্প্ৰসাৰণৰ অবিহনে ব্যক্তিগত পুঁজিৰ বিনিয়োগৰ প্ৰভাৱ তেনেই খন্তেকীয়া। অৰ্থনীতিৰ পুনৰুজ্জীৱনৰ মূল উদ্দেশ্য আৰু আধাৰ যদি জনগণ হয়, তেন্তে চাহিদা-কেন্দ্ৰিক হস্তক্ষেপহে দীৰ্ঘকালীন হ’ব। কাৰণ জনগণৰ সাম্ভাব্য মজুৰিখিনি যদি কেৱল মুনাফা বৃদ্ধিৰ বাবে ব্যৱহৃত হয়, ই মন্দাৱস্থাকহে দীৰ্ঘস্থায়ী কৰে।
উত্তৰ-ঔপনিৱেশিক ৰাষ্ট্ৰৰ গাঁথনিগত কেৰোণবোৰ এতিয়া ব্যক্তিগতকৰণৰ বাবে আশীৰ্বাদ হৈ পৰিছে। এই গাঁথনিগত বিশেষত্বই ৰাষ্ট্ৰব্যৱস্থাটোক এনেদৰে পক্ষাঘাতগ্ৰস্ত কৰি পেলালে যেন ব্যক্তিগতকৰণেহে নব্য বিনিয়োগৰ দৰে মুক্তিৰ সন্ধান দিব পাৰে। এক কথাত ক’বলৈ গ’লে চাহিদা-কেন্দ্ৰিক হস্তক্ষেপক এই গাঁথনিগত কেৰোণৰ পৰা মুক্ত কৰিব নোৱৰালৈকে এই ভ্ৰম বৰ্তি থাকিব আৰু ব্যক্তিগতকৰণে নতুন নতুন সপোন ৰচনা কৰি থাকিব।
এইখিনিতে দুটা জনপ্ৰিয় বাগধাৰা এই ভ্ৰমৰ মূল যুক্তিবাদ হিচবে ব্যৱহাৰ কৰা হয়। এটা হ’ল ৰাজনৈতিক বাধ্যবাধকতা অৰ্থাৎ পলিটিকেল কম্পালচন। এইটো স্পষ্ট যে শক্তিৱন্ত আৰু তাৰ পদক্ৰমনিকাৰ একচেটিয়া স্বাৰ্থ অক্ষুন্ন ৰাখিবলৈ নিৰ্বাচনী গনিতৰ নামত যিকণ ন্যূন্যতম প্ৰদৰ্শনীৰ আয়োজন কৰিব লগা হয় তাকেই ৰাজনৈতিক বাধ্যবাধকতা বুলি কোৱা হয়। এই ধাৰনাটো পোনপটিয়াকৈ নিৰ্বাচনী ৰাজনীতিৰ লগত জড়িত। কোনো উচ্চ ভাৱমূৰ্তিসম্পন্ন ৰাজনৈতিক দলে একচেটিয়া স্বাৰ্থৰ হকে সিদ্ধান্ত লোৱাৰ পাছতো নিৰ্বাচনী গণিত অক্ষুন্ন ৰখা অথবা ধাৰাবাহিকভাৱে তেনে সিদ্ধান্ত লৈ সৰ্বশেষত একেই স্বাৰ্থৰ বাবে নিজৰ নিৰ্বাচনী গণিতকো জলাঞ্জলি দিবলৈ ভ্ৰূক্ষেপ নকৰা স্থিতিটোক নিৰ্বাচনী ৰাজনীতিৰ উৰ্ধত বুলি কোৱা হয়। ইয়াৰ পটভূমিটো এনেধৰণৰ। প্ৰতিষ্ঠান বিৰোধিতাক দলগত বিৰোধিতালৈ অৱনমিত কৰা অৰ্থাৎ দলগত বিৰোধিতাতেই সকলো সমাপ্ত কৰাটো হ’ল এক তাৎক্ষণিক নিৰাময়ৰ চেষ্টা। প্ৰকৃততে প্ৰতিষ্ঠান মানে কোনো নিৰ্বাচনী দল নহয়। সেয়ে ৰাষ্ট্ৰৰ বাবে দলগত বিৰোধিতাতকৈ ৰাষ্ট্ৰযন্ত্ৰৰ বিৰোধিতা বেছি প্ৰত্যাহ্বানজনক।
দ্বিতীয়তে এইটো প্ৰায়ে শুনা যায় যে ভাৰতবৰ্ষত গণতন্ত্ৰ ভীষণ বেছি আৰু সেয়ে সংস্কাৰ প্ৰায় অসম্ভৱ কথা৷ এনে আত্মিক যুক্তিবাদৰ ঐতিহাসিক পটভূমি কি? প্ৰকৃততে গণতন্ত্ৰ বেছি হোৱাটো কোন দেশৰ নাগৰিকৰ বাবে দুখৰ বিষয় হ’ব পাৰে বাৰু? এই সংস্কাৰ নামৰ প্ৰক্ৰিয়াটো জানো সৰগৰ পৰা নামি অহা একো একোটা অৱতাৰ৷ গণতান্ত্ৰিক দেশতো ‘সংস্কাৰ কাৰ বাবে’ জাতীয় প্ৰশ্নবোৰ কিয় গুৰুত্বপূৰ্ণ? কোনো প্ৰভাৱশালীয়ে বিচৰা সংস্কাৰ গোটেই দেশৰ জনগণ বাদ, অন্য শক্তৱন্ত শ্ৰেণীয়েও গ্ৰহন নকৰিব পাৰে৷ এইটো স্পষ্ট যে নিৰ্বাচনী ৰাজনীতিত শক্তিৱন্ত আৰু মেহনতীৰ মাজত চুক্তি হোৱাৰ কোনো সম্ভাৱনা নাথাকে। গতিকে প্ৰভাৱশালী শ্ৰেণীবিলাকৰ মাজৰ চুক্তি সম্পাদনতেই যদি গণতন্ত্ৰ ভীষণ যেন লাগে, দেশৰ গৰিষ্ঠসংখ্যক জনগন অৰ্থাৎ প্ৰকৃততে ক্ষমতাৰ কোনোদিন অংশীদাৰ হ’ব নোৱাৰাসকলৰ বাবে ৰিফৰ্ম কেনেকৈ সম্ভৱ হ’ব? গতিকে স্পষ্ট কথাটো হ’ল যে কোনো সংস্কাৰৰ বাটত যদি গণতন্ত্ৰ প্ৰত্যাহ্বান হিচাবে ঠিয় দিয়ে তেন্তে হয়তো তেনে সংস্কাৰ জনগনৰ গণতান্ত্ৰিক স্বাৰ্থৰ পৰিপন্থী, নহ’লেবা গণতন্ত্ৰৰ ধাৰণাতেই সমস্যা আছে৷
এইখিনিতে এটা খুব লাভৱান বিনিয়োগৰ পৰা অহা মুনাফা-জমাপুঁজি কোনো কোম্পানীয়ে এক আধিপত্যশীল প্ৰভাৱ সৃষ্টি নকৰাকৈ কিমান বছৰ টিকি থাকিব পাৰিব? টিকি থকাটো প্ৰায় অসম্ভৱ। এইখিনিতে এটা কোম্পানীৰ দৰে ক্ষুদ্ৰসত্তাই নিজৰ বহনীয়তাৰ বাবে নিজকে উন্নিত কৰি থাকে। কিন্তু তাৎকালিকভাৱে এই উন্নিতকৰণ প্ৰধানতঃ উৎপাদিত সামগ্ৰীৰ বজাৰৰ সংকোচনৰ সৈতে মোকাবিলা কৰিবলৈ অথবা সেই উৎপাদিত খণ্ডত ব্ৰেণ্ডিঙেৰে নতুন বজাৰ সৃষ্টি কৰালৈকেহে সীমিত। এক মুক্ত পৰিৱেশত নতুন বিনিয়োগ ক্ষেত্ৰলৈ ব্যৱসায় সম্প্ৰসাৰণৰ সম্পূৰ্ণ কৰ্তৃত্ব এটা কোম্পানীৰ দৰে ক্ষুদ্ৰসত্তাৰ থাকিব নোৱাৰে। গতিকে প্ৰতিটো কোম্পানীয়েই যেতিয়া ব্যাপক জমাপুঁজিৰ সৃষ্টি কৰে, তেতিয়া তেনে সম্পত্তিয়ে সামন্তীয় সম্পৰ্কৰ দৰে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিব লগা হয় আৰু তাৰ ফলশ্ৰুতি হিচাবেহে অন্য এক লাভৱান বিনিয়োগ সম্ভৱ হৈ উঠে। নিশ্চিতভাৱে আধুনিক ৰাষ্ট্ৰযন্ত্ৰটো ব্যৱহাৰ কৰাৰ যোগেদি এই প্ৰভাৱ বিস্তাৰ কৰে।
পশ্চিম ইউৰোপত পুঁজিবাদী বিকাশ সামন্ত প্ৰভূসকলৰ সমান্তৰালকৈ হৈছিল। কাৰণ পুঁজিবাদ হ’ল এক দক্ষতাতন্ত্ৰ আৰু সেয়ে তেতিয়াৰ সামন্তীয় ৰাষ্ট্ৰৰ কোনো পৃষ্ঠপোষকতাৰ প্ৰয়োজনীয়তা ইয়াত নাছিল। বৰঞ্চ তেনে পৃষ্ঠপোষকতাৰ বিৰুদ্ধেহে পুঁজিবাদৰ বিকাশ হৈছিল। কিন্তু সাম্প্ৰতিক সময়ত ব্যাপক জমাপুঁজিয়ে সৃষ্টি কৰা সামন্তীয় প্ৰৱণতাই তাৰ সমান্তৰালকৈ কোনো বৈকল্পিক বিনিয়োগকাৰীৰ সৃষ্টি কৰিব নোৱাৰে। কাৰণ আধুনিক ৰাষ্ট্ৰৰ পৰিসীমাৰ ভিতৰত এই সামন্তীয় প্ৰৱণতা গণতান্ত্ৰিকভাৱেই সুৰক্ষিত।
ঐতিহাসিকভাৱে ৰাজহুৱা খণ্ডৰ পুঁজি ৰাষ্ট্ৰৰ শাসনব্যৱস্থাৰ মাধ্যমেৰে আৰ্থ-সামাজিক শক্তিবিলাকৰ ন্যস্তস্বাৰ্থৰ বাবে ব্যৱহৃত হৈ আহিছে৷ এয়ে আছিল স্বৰাজোত্তৰ ভাৰতৰ বিকাশৰ পৰিকল্পনাৰ উদ্দেশ্য আৰু পৰিনাতি৷ ৰাজহুৱা খণ্ডই যি চাৰিত্ৰিক বৈশিষ্ট্য লাভ কৰিলে সেয়া প্ৰথম অৱস্থাত আৰ্থ-সামাজিক শক্তিবিলাকৰ স্বাৰ্থতেই অটুট থাকিল৷ শেষলৈ ৰাজহুৱা খণ্ডৰ এই স্বভাৱবোৰ বিভিন্ন সময়ত তথাকথিত ’বাধ্যতামূলক’ সংস্কাৰৰ সপক্ষে ব্যৱহাৰ কৰা হৈ আহিছে ৷
পুঁজিবাদী বিকাশত ৰাষ্ট্ৰৰ কৰ্তৃত্ব সীমাৱদ্ধ হৈ আহে। কাৰণ ৰাষ্ট্ৰৰ প্ৰযুক্তিগত আৰু অৰ্থনৈতিক নীতি-আইন ব্যৱসায়িক প্ৰতিষ্ঠানৰ মুনাফাৰ বাবে অত্যাৱশ্যকীয় “Economics of Scale”ৰ বিৰুদ্ধ হৈ পৰে। তেতিয়া অৰ্থনৈতিক সংস্কাৰ আৰু বিকাশৰ বাগধাৰা ৰাজনীতিৰ পূৰ্বচৰ্ত হৈ পৰে। এইখিনিতে “Economics of Scale”ৰ বিৰুদ্ধ বুলি কওঁতে এটা কথা মন কৰিবলগীয়া যে উৎপাদন প্ৰক্ৰিয়াৰ প্ৰযুক্তিগত অনিবাৰ্যতা আৰু ৰাষ্ট্ৰই আৰোপ কৰা নীতি-নিৰ্দেশনাৰ মাজত ৰৈ যোৱা ব্যৱধানে ৰাষ্ট্ৰৰ সীমাবদ্ধতাকেই প্ৰতিপন্ন কৰে। এই সীমাবদ্ধতাক এফালে যেনেকৈ নব্য সামন্তীয় আমোলাতন্ত্ৰই ভালকৈয়ে ব্যৱহাৰ কৰি আহিছে, তেনেকৈ নব্য উদাৰবাদৰ বাবেও ই ৰাষ্ট্ৰ ব্যৱস্থাৰ অনিবাৰ্য সংস্কাৰৰ এক উপযুক্ত আহিলা হৈ পৰিছে। এইটো নিশ্চিত যে উৎপাদন অব্যাহত থাকিব লাগিব। কিন্তু উৎপাদন প্ৰক্ৰিয়াক কেৱল আদিম জমা প্ৰক্ৰিয়ালৈ ৰূপান্তৰ কৰাৰ ফলাফল সহজেই বোধগম্য।
স্বৰাজোত্তৰ ভাৰতত ৰাজহুৱা খণ্ডৰ ভূমিকাৰ ওপৰত এতিয়ালৈকে সম্ভৱতঃ অলেখ প্ৰবন্ধ-নিবন্ধ, পাঠ্যপুথিৰ পাঠ অথবা গৱেষণা পত্ৰ লিখা হৈছে। এই বিষয়টোৰ ওপৰত আলোকপাতৰো এক নিজস্ব ইতিহাস আছে। অৰ্থাৎ স্বৰাজোত্তৰ ভাৰতৰ কোন সময়ত এই আলোচনা কৰা হৈছে, সি ৰাজহুৱা খণ্ডৰ ঐতিহাসিক ভূমিকাৰ বিশ্লেষণো নিৰ্ণয় কৰি আহিছে। গতিকে এটা কথা স্পষ্ট যে ৰাজহুৱা খণ্ডৰ ঐতিহাসিক ভূমিকাৰ বৰ্ণনা সেই সময়ৰ আৰ্থ-সামাজিক সমীকৰণৰ চূড়ান্ত চুক্তি আৰু তাৰ তাৎকালিক প্ৰশাসনিক প্ৰয়োজনীয়তাই নিৰ্ণয় কৰে। নব্বৈ দশকৰ পাছত ৰাজহুৱা খণ্ডৰ ঐতিহাসিক ভূমিকাৰ ওপৰত দেখা পোৱা যুক্তিবাদ নব্য-উদাৰতাবাদৰ নিৰ্দেশনামা “ৰাজকোষীয় বিচক্ষণতা”ৰ ওপৰত প্ৰতিষ্ঠিত। ৰাজকোষীয় বিচক্ষণতাৰ বাবে ৰাজহুৱা খণ্ডৰ ভূমিকা হ্ৰাস কৰাটো পূৰ্বচৰ্ত। গতিকে, ৰাজহুৱা খণ্ডক এক অৱতাৰ হিচাবে প্ৰতিষ্ঠা কৰি এখন সুন্দৰ উপাখ্যান ৰচনা কৰা হ’ল। বৰ্ণনা কৰা হ’ল যে উদ্যোগীকৰণৰ কাম আৰম্ভ হ’লেই সম্পূৰ্ণ উত্তৰদায়িত্ব যোগ্যজনক অৰ্পণ কৰাৰ পাছত এক অনিবাৰ্য মৃত্যুক সাবটি ল’বৰ বাবেহে যেন তাৰ আবিৰ্ভাৱ হৈছিল।
এই উপাখ্যানখন ৰচনা কৰা আজি তিনি দশকতকৈ বেছি হৈ যোৱাৰ পাছতো ইয়াৰ প্ৰাসঙ্গিকতা অটুট আছে। এই উপাখ্যানৰ প্ৰণেতাসকলৰ জীৱনচক্ৰ কিন্তু মহৰ্ষি বাল্মীকিৰ দৰে। উত্তৰ-ঔপনিৱেশিক ভাৰতৰ পৰম্পৰাগত আৰ্থ-সামাজিক শ্ৰেণীবিলাকৰ ৰাজনৈতিক নেতৃত্বত এক লেহেমীয়া পুঁজিবাদী বিকাশৰ ধাৰাৰ সৃষ্টি হয়। ৰাজহুৱা খণ্ডৰ নেপথ্যত পৃষ্ঠপোষকতা কৰি থকা সেই আৰ্থ-সামাজিক শ্ৰেণীবিলাক আচলতে শ্ৰেণী নাছিল, তেওঁলোক আছিল বিৱৰ্তিত জনসমষ্টিহে। নব্বৈৰ দশক আৰম্ভ হোৱাৰ বহু আগতেই তেওঁলোক বিৱৰ্তিত হৈ দস্যু ৰত্নাকৰৰ পৰা মহৰ্ষি বাল্মীকি হ’ল। লগে লগেই ৰাজহুৱা খণ্ডৰ অৱতাৰৰো যৱনিকা পেলাই তাৰ উপাখ্যান ৰচনা কৰা হ’ল।
তেনেদৰে পাঠ্যক্ৰমৰ পৰীক্ষাই হওঁক বা অন্য প্ৰতিযোগিতামূলক পৰীক্ষাই হওঁক সত্তৰৰ দশকলৈকে পৰীক্ষাৰ্থীয়ে যিখন ৰচনা লিখি আহিছিল, নব্বৈৰ দশকৰ লগে লগে লিখিবলৈ লোৱা ৰচনাত ৰাজহুৱা খণ্ডৰ ভূমিকা সম্পূৰ্ণ সলনি হৈ গ’ল। নব্বৈৰ দশকৰ লগে লগে এনেদৰে এখন ৰচনা প্ৰস্তুত কৰা হ’ল যেন ৰাষ্ট্ৰই ৰাজহুৱা খণ্ডৰ ক্ষেত্ৰত অতি বলিষ্ঠ নীতি গ্ৰহণ কৰিছে। আৰু, ৰাজহুৱা খণ্ডৰ ভূমিকা এতিয়া লাহে লাহে কমি আহিছে। এতিয়া মূল প্ৰশ্নটো হ’ল এয়া ৰাষ্ট্ৰৰ নীতি-পৰিকল্পনা নে নব্বৈৰ দশকৰ প্ৰাৰম্ভৰে পৰা সূচনা হোৱা বাধ্যবাধকতা। আচলতে এয়া বাধ্যবাধকতাহে, যাক ৰাষ্ট্ৰৰ বলিষ্ঠ নীতি-পৰিকল্পনা বুলি ৰচনা লিখিবলৈ আৰম্ভ কৰা হৈছে।
ৰাজহুৱা খণ্ডৰ বিত্তীয় অৱস্থা শোচনীয় হোৱাৰ অন্তৰালত কি কি কাৰক জৰিত হৈ আছে? সম্প্ৰতি, ইয়াৰ আটাইতকৈ সহজ উত্তৰটোৱেই হ’ল ক্ষেত্ৰবিশেষৰ বজাৰ আৰু প্ৰতিযোগিতা। প্ৰথম কথা ইয়াৰ প্ৰভাৱ কেৱল ৰাজহুৱা খণ্ডৰ ওপৰতে নপৰে। দেশৰ কোম্পেনী আইনৰ অধীনত থকা যিকোনো প্ৰতিষ্ঠানৰ যদি এক স্বতন্ত্ৰ সঞ্চালন ক্ষমতা থাকে, তেন্তে উৎপাদন প্ৰক্ৰিয়া অব্যাহত ৰাখিব নোৱাৰাৰ কোনো কাৰণ নাথাকে। যদি বিকল্প উদ্ভাৱনৰ যোগেদি ক্ষেত্ৰবিশেষৰ উৎপাদনৰ চহিদা হ্ৰাস হোৱাৰ ফলত অৰ্থনৈতিক সংকোচন হৈছে, সেয়াহে প্ৰকৃত সংকোচন। অন্যথা প্ৰতিযোগিতাৰ বাবে যদি কোনো উদ্যোগ বন্ধ হৈছে সেয়া প্ৰকৃততে অৰ্থনীতিৰ বিকাশ নহয়। সেয়া হ’ল অৰ্থনৈতিক সংকোচনহে। এই সংকোচনত ইচ্ছাকৃতভাৱে কেৱল ৰাজহুৱা খণ্ড বলি হোৱা মানেই সেই একেটা ক্ষেত্ৰতেই বৃহৎ উৎপাদনেৰে কোনোবা ব্যক্তিগত প্ৰতিষ্ঠানৰ বনুৱাৰ উৎপাদনশীলতাই নিশ্চয় আকাশ চুইছেগৈ।
এইখিনিতে আমি যাক বনুৱাৰ উৎপাদনশীলতা বুলি কওঁ সেয়া প্ৰকৃততে এক প্ৰযুক্তি-বিত্তীয় ৰাশি যিটো প্ৰযুক্তিৰ ব্যৱহাৰ আৰু পুঁজিৰ প্ৰাবল্যতাৰ ওপৰত নিৰ্ভৰ কৰে। বনুৱাৰ উৎপাদনশীলতা হিচাবে প্ৰকাশ কৰা হয় যদিও ই প্ৰকৃততে বনুৱাৰ নহয়, উৎপাদন প্ৰক্ৰিয়া অৰ্থাৎ পুঁজিৰ বিনিয়োগৰহে নিৰ্ণায়ক ৰাশি। কাৰণ উৎপাদনৰ হাৰক বনুৱাৰ সংখ্যাৰে বিভক্ত কৰিলেই ওলাই পৰে সেই উৎপাদন এককৰ উৎপাদনশীলতা। উদাহৰণস্বৰূপে বৃহৎ উৎপাদনৰ ক্ষেত্ৰত বনুৱাৰ উৎপাদনশীলতা ক্ষুদ্ৰ উৎপাদনতকৈ বেছি হয়। উৎপাদনৰ এককৰ সমান ক্ষুদ্ৰ দৃষ্টিকোণে সমগ্ৰ সামাজিক পৰিস্থিতিতন্ত্ৰটো প্ৰতিফলিত নকৰে। মজুৰি আৰু মুনাফাৰ মাজত হোৱা ভাগ-বতৰাৰ এই সমীকৰণে নিৰ্ণয় কৰা দক্ষতাতন্ত্ৰ কোনো সামগ্ৰিক চিন্তাধাৰাৰ ওপৰত প্ৰতিষ্ঠিত নিশ্চয় নহয়। গতিকে বনুৱাৰ উৎপাদনশীলতা উৎপাদন প্ৰক্ৰিয়াটোৰ সঞ্চালনৰ ওপৰত নিৰ্ভৰশীল। ই বনুৱাৰ স্বভাৱজাত আচৰণ নহয়।
এটা অসংলগ্ন যুক্তি হ’ল দেশৰ নব্বৈ শতাংশতকৈও অধিক বনুৱা অসংগঠিত খণ্ডত আছে। তেওঁলোকৰ শ্ৰমৰ অধিকাৰ আৰু সংগঠিত কৰি জীৱনৰ নিৰাপত্তাৰ প্ৰশ্নবোৰ যে ৰাজহুৱা খণ্ডৰ বিলুপ্তি হ’লেহে সম্ভৱ হ’ব সেয়া অলীক সপোন মাথো। কাৰণ আচলতে কথাটো ওলোটাহে। ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত ৰাজহুৱা আৰু সংগঠিত ব্যক্তিগত খণ্ডত কৰ্মৰত লোকৰ বিভাজন তথ্য ২০১১-১২ বৰ্ষলৈকেহে উপলব্ধ। পৰিসাংখ্যিকভাৱে অনুমানিক তথ্য মতে ২০১৮ চনত ভাৰতীয় জনসংখ্যাৰ মাত্ৰ ৫০ শতাংশ লোকে শ্ৰমিক শক্তিত অংশগ্ৰহণ কৰিছিল, যাৰ ১৯ শতাংশ সংগঠিত খণ্ডত আৰু বাকী ৮১ শতাংশ অসংগঠিত খণ্ডত নিযুক্ত আছিল। এই ৮১ শতাংশ অসংগঠিত খণ্ডৰ লগত জৰিত লোক কৃষি (৪১%), উদ্যোগ (২৬%) আৰু সেৱাখণ্ডৰ (৩৩%) মাজত বিভাজিত হৈ আছে। এই অসংগঠিত খণ্ডটোৰ আকাৰ ক্ৰমান্বয়ে হ্ৰাস হৈ আহিছে (২০০৫ চনত ৮৬ শতাংশ আছিল)। কিন্তু সংগঠিত খণ্ডৰ আকাৰ যদিও বৃদ্ধি হৈছে, তাৰ ভিতৰত অসংগঠিত শ্ৰমিকৰ অংশ (ঠিকা/নৈমিত্তিক শ্ৰমিক হিচাপে) বৃদ্ধি হৈ আহিছে। সেয়ে প্ৰকৃততে অসংগঠিত শ্ৰমিকৰ আকাৰ মুঠ শ্ৰমিকৰ প্ৰায় ৯২ শতাংশ। বাকী ৮ শতাংশ সংগঠিত শ্ৰমিকৰ ভিতৰত ৫ শতাংশ ৰাজহুৱা খণ্ডত আৰু বাকী ৩ শতাংশ সংগঠিত ব্যক্তিগত খণ্ডত নিযুক্ত। সংগঠিত খণ্ডত নিযুক্ত শ্ৰমিকৰ আকাৰ বৃদ্ধি পাইছে (২০০৫ চনত ১৪ শতাংশ আছিল), কিন্তু প্ৰায় ১৯% সংগঠিত খণ্ডত নিযুক্ত শ্ৰমিকৰ ৫৮ শতাংশই অসংগঠিত শ্ৰমিক। গতিকে ব্যক্তিগতকৰণ হ’ল এক অসংগঠিতকৰণ আৰু নিয়োগ সংকোচন প্ৰক্ৰিয়া, কাৰণ যোৱা দশকৰ পৰ্যবেক্ষণ মতে এই সংকোচন অসংগঠিত খণ্ডৰ মাজত দেখা গৈছে আৰু তাৰ লগে লগে সংগঠিত খণ্ডত নিযুক্ত অসংগঠিত শ্ৰমিকহে বৃদ্ধি পাইছে। গতিকে দৰিদ্ৰ কৃষকৰ নামত ধনী কৃষকে কৰা অন্দোলনৰ প্ৰত্যুত্তৰ হিচাবে সেই একে দৰিদ্ৰ কৃষকৰ নামত যোগান শৃংখলটোৰ একচেটিয়া ক্ষমতাৰ পৃষ্ঠপোষকতা কৰা আৰু অসংগঠিত বনুৱাৰ দোহাই দি ৰাজহুৱা খণ্ডৰ বিলুপ্তিৰ পৰিকল্পনা কৰা একে কথা।
যদিও মুনাফাৰ অংশ হিচাবে প্ৰতিষ্ঠানিক আয়কৰ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ প্ৰায় একে, প্ৰায়ে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানক আগ্ৰিম আদায় হিচাবে অতিৰিক্ত আয়কৰ দিবলৈ কোৱা হয়। আমি জানো যে কোনো প্ৰতিষ্ঠানত সংখ্যাগৰিষ্ঠ অংশীদাৰিত্ব যাৰ আছে, তেওঁৱেই তাৰ প্ৰতিষ্ঠাপক, যাৰ ওচৰত সম্পূৰ্ণ সঞ্চালন ক্ষমতা থাকে। কোনো প্ৰতিষ্ঠানক ৰাজহুৱা খণ্ডৰ বুলি ক’বলৈ হ’লে সেই প্ৰতিষ্ঠানত সংখ্যাগৰিষ্ঠ অংশীদাৰিত্ব ৰাষ্ট্ৰৰ থাকিব লাগিব। তাৰ বাদে বাকী অংশীদাৰিত্ব ক্ষুদ্ৰ ক্ষুদ্ৰকৈ বিভক্ত। মনকৰিবলগীয়া যে এফ আই আইকে ধৰি বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানবিলাকে প্ৰতিষ্ঠানৰ অংশীদাৰিত্ব বিভিন্ন বিনিয়োগৰ নিধি অথবা ইনষ্ট্ৰ’মেণ্টৰ যোগেদিহে লয় আৰু তেওঁলোকৰ কোনো সঞ্চালন ক্ষমতা নথাকে। প্ৰতিষ্ঠানৰ সঞ্চালনৰ প্ৰসঙ্গত এটা প্ৰতিষ্ঠানৰ ডিভিডেণ্ট বিতৰণৰ সিদ্ধান্ত অতি গুৰুত্বপূৰ্ণ কিন্তু কুটিল সিদ্ধান্ত। তাৰ বিপৰীতে ৰাজহুৱা খণ্ডৰ এই সিদ্ধান্তই ৰাজকোষলৈ এক বৃহৎ ৰাশি আগবঢ়াই আহিছে। অন্যথা সম্পত্তি গঢ়িলে যে তেনেকৈ সম্পত্তিৰ বিতৰণো হ’ব তাৰ গ্যাৰাণ্টি নাই। ৰুগ্ন প্ৰতিষ্ঠানত বিনিয়োগ কৰাৰ পাছত প্ৰতিষ্ঠানটো পুনৰুজ্জীৱিত নকৰি একেবাৰে বন্ধ কৰিও বিনিয়োগকাৰী প্ৰতিষ্ঠানে নিজৰ বজাৰৰ অংশীদাৰিত্ব বৃদ্ধি কৰাৰ উদাহৰণো আছে। গতিকে ৰাজহুৱা খণ্ডৰ বিলুপ্তি মানে প্ৰকৃততে বিনিয়োগ নহয়, সংকোচনহে।
যিকোনো ৰাষ্ট্ৰৰ নীতি-পৰিকল্পনাৰ বাবে মৌলিক প্ৰয়োজনীয়তা হ’ল ৰাষ্ট্ৰৰ কৰ্তৃত্ব। এইটো আশা কৰা যায় যে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ এই কৰ্তৃত্ব মানেই দেশৰ জনগণৰ কৰ্তৃত্ব। গতিকে, গণতান্ত্ৰিক ৰাষ্ট্ৰত দেশৰ জনগণৰ কল্যাণ আৰু উন্নয়নৰ স্বাৰ্থত প্ৰয়োজনীয় নীতি-পৰিকল্পনাৰ বাবে বহুতো নিয়ন্ত্ৰক ৰাশি প্ৰকৃততে ৰাষ্ট্ৰৰ কৰ্তৃত্বত থাকিব লাগিব। কিন্তু যেতিয়া ৰাষ্ট্ৰৰ এই কৰ্তৃত্বৰ সংকোচনকেই “অনিবাৰ্য” অৰ্থনৈতিক সংস্কাৰ বুলি কোৱা হয়, তেতিয়া ৰাষ্ট্ৰই নীতি-পৰিকল্পনা লোৱাটো সম্ভৱ হ’বনে? তেনে এটা পটভূমিতেই আমি ৰাজহুৱা খণ্ডৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ নীতি-পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিব লাগিব।
অৱশ্যে, স্বৰাজোত্তৰ ভাৰতত ৰাষ্ট্ৰৰ সম্পূৰ্ণ কৰ্তৃত্ব থকা বুলি ধাৰণা কৰাৰ সময়তো যে ৰাষ্ট্ৰ, জনগণৰ কৰ্তৃত্বৰ পূৰ্ণ প্ৰতিফলন আছিল তেনে নহয়। নহ’লে স্বৰাজোত্তৰ ভাৰতত ৰাজহুৱা খণ্ডৰ এই শোচনীয় অৱস্থা নহ’লহেতেন। কাৰণ ৰাষ্ট্ৰৰ কৰ্তৃত্বৰ মাজতেই আৰু বিকাশৰ পৰিকল্পনাৰ আঁৰে আঁৰে বিৱৰ্তিত আৰ্থ-সামাজিক শক্তিবিলাকৰ ন্যস্তস্বাৰ্থৰ নিশ্চয় বলি হৈ আহিছে এই ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানবিলাকেই৷ মনকৰিবলগীয়া যে আশীৰ দশকৰ পৰাই জনমানসত ৰাজহুৱা খণ্ডৰ যি চাৰিত্ৰিক বৈশিষ্ট্য অংকন কৰা হ’ল সেয়া পাছলৈ নব্য-উদাৰতাবাদৰ আশীৰ্বাদত অটুট ৰখা হ’ল৷ তেতিয়াৰ পৰাই এই বৈশিষ্ট্যৰ বিভিন্ন মাত্ৰা বিভিন্ন সময়ত ‘বাধ্যতামূলক’ সংস্কাৰৰ বাবে ব্যৱহাৰ কৰা হৈ আহিছে৷ এয়া হ’ল তেতিয়াৰ অসংগঠিত স্বাৰ্থৰ পৰা এতিয়াৰ সংগঠিত স্বাৰ্থলৈ বিৱৰ্তন।
নব্য-উদাৰতাবাদৰ মূল অভিপ্ৰায় হ’ল আন্তঃৰাষ্ট্ৰীয় বিত্তীয় পুঁজিৰ বাবে মুনাফাতন্ত্ৰৰ সম্প্ৰসাৰণ। এই সম্প্ৰসাৰণৰ একেবাৰেই সহজ পথটো হ’ল ৰাজহুৱা পুঁজিৰ নিলাম আৰু ইতিমধ্যে বিকশিত হৈ থকা বজাৰ দখল। ইয়াৰ বাবে এটা নতুন হেজিমনিৰ নিৰ্মাণ অনিবাৰ্য হৈ পৰে। প্ৰথমেই ৰাজহুৱা খণ্ডৰ এখন জনপ্ৰিয় ছবি লোৱা হয়, য’ত দুৰাৱস্থা আৰু অকৰ্মন্য কৰ্মচাৰী ৰাজহুৱা খণ্ডৰ এক অন্তৰ্নিহিত বৈশিষ্ট্য হিচাবে জনমানসত প্ৰতীয়মান হৈ আছে। দ্বিতীয়তে, এক ঐতিহাসিক ক্ৰমণিকা নিৰ্মাণৰ বাবে ৰাজহুৱা খণ্ডৰ এই দুৰৱস্থাৰ কাৰক হিচাবে ইয়াৰ সামাজিক দায়বদ্ধতাৰ সম্পৰ্ক স্থাপন। স্বৰাজোত্তৰ ভাৰতৰ এই সামাজিক দায়বদ্ধতাক এক নমস্য অৱতাৰী ৰূপ হিচাবে প্ৰতিষ্ঠা কৰা হৈছে, যাৰ এক অনিবাৰ্য সমাপ্তি থাকে। লগে লগে এই নমস্যৰূপী সামাজিক দায়বদ্ধতাই দুটা ক্ৰমিক হেজিমনিৰ মাজত ঐতিহাসিক সংযোগ স্থাপন কৰিছে। আশীৰ দশকলৈকে সামাজিক দায়বদ্ধতাও প্ৰকৃততে অন্য এক সমসাময়িক হেজিমনি নিৰ্মাণৰ বাবেই ব্যৱহৃত হৈছিল। এই হেজিমনিটো আৰ্থ-সামাজিক বাস্তৱতালৈ ৰূপান্তৰ হোৱাৰ আগতেই সমাপ্তি অনিবাৰ্য হৈ পৰিছে।
ঐতিহাসিক ধাৰাবাহিকতা ৰক্ষা কৰি সমাজৰ শক্তিমান শ্ৰেণীয়ে সময় সাপেক্ষে বিভিন্ন হেজিমনি নিৰ্মাণ কৰি আহিছে। নব্য-উদাৰতাবাদৰ এই হেজিমনি নিৰ্মাণৰ মূল সামাজিক আধাৰ হ’ল মধ্যযুগীয়া পৰিচিতিকেন্দ্ৰিক নিচাসক্তি, যি ৰাজনৈতিক আদৰ্শবাদো নিৰ্মাণ কৰিছে। ৰাষ্ট্ৰ, ৰাষ্ট্ৰব্যৱস্থা আৰু ৰাজকোষীয় সংস্কাৰৰ লগে লগে ৰাষ্ট্ৰৰ পৰিকল্পনা সম্পূৰ্ণকৈ নব্য উদাৰতাবাদৰ শৰণাপন্ন হৈছে।